বান্দৰ আৰু শিয়াল

(১)

বান্দৰ শিয়ালে সখি বন্ধাই আলিৰ কাষত আছে।

বিয়াৰ গাখীৰ কলৰ ভাৰী দেখা পালে পাছে॥

বান্দৰে বোলে, “শিয়াল সখি! বুধি এটা কৰি।

খাব লাগিল গাখীৰ-কল কৰি লৰালৰি৷৷”

শিয়ালে কলে, “জোপাৰ মাজত লুকাওঁ সাজু হোৱা।

ওচৰ পালেই বুলিম ‘হোৱা’ তুমি বুলিবা ‘খোৱা’॥

গাখীৰ গুড়ৰ ভাৰ পেলাই ভয়ত মাৰিব লৰ।

হাবিত বহি সুখে খাম ৰং হব বৰ।”

যেনে আলচ, তেনে কাম, তেনে ফল হ’ল।

গাখীৰ-গুড় কঢ়িয়াই দুয়ো হাবিৰ মাজলৈ গ’ল॥

বান্দৰে পাঙিলে শিয়ালক সি দি এটা ফাঁকি।

অকলৈ সোপাকে খাব একোকে নাৰাখি।

বান্দৰে বোলে, “শিয়াল সখি! ভাবিছা নে নাই?

উভতি আহি সিহঁতে যদি আমাক ইয়াত পায়!

মাৰিকিলাই কাঢ়ি নিব এই বস্তুবোৰ।

তাৰ আগতে গছত তোলোঁ এয়ে মত মোৰ॥

মোৰ ভাগ গছত খাম, তোমাৰ পেলাই দিম।

নিৰাপদে দুয়ো খাই তৃপিতি লভিম॥”

“বেছ কৈছা বান্দৰ সখি, তেনেকুৱা কৰোঁ।

দাঙি দিওঁ বস্তুবোৰ হোৱা সখি ধৰা॥”

এই বুলি শিয়ালে বস্তু বান্দৰক দিলে।

সোপাকে বান্দৰে নি গছত তুলিলে॥

তুলি অঁতাই ডালত বহি টিমক বান্দৰে।

দুই হাতে মুখত সুমায় কপকপ কৰে॥

কল খাই বাকলিটো, গুড় খাই টেকেলি।

তললৈ পেলাই দিয়ে “ধৰা সখি” বুলি॥

কুঁহিয়াৰ খাই চোবা আৰু গাখীৰ খাই কলহ।

“খোৱা” বুলি শিয়ালক সি দিয়ে ওগাইৰহ॥

শিয়ালে দেখিলে বান্দৰৰ সি ফাঁকিত পৰিল।

খং-বেজাৰ মনত বান্ধি ঘৰলৈ লৰিল॥

(২)

ভালেদিনৰ মূৰত এদিন বান্দৰে দেখিলে।

বেজকচুডৰা এঠাইত ৰখিছে শিয়ালে॥

হাঁহি হাঁহি ওচৰ চাপিল সখি-শিয়ালৰ।

‘কি ৰখিছা সখি’ বুলি সুধিলে বান্দৰ॥

“কুঁহিয়াৰ এইডৰা ৰখিছোঁ ৰজাৰ।”

শিয়ালে উত্তৰ দিলে শুনা কথাষাৰ।

“সখি একামোৰ খাওঁ দিয়া অনুমতি।”

বান্দৰে খুজিলে কৰি বৰকৈ কাকূতি॥

“নোৱাৰোঁ খাবলৈ দিব লাগিব জগৰ।”

শিয়ালে বান্দৰক ক’লে “গুচি যোৱা ঘৰ৷”

বান্দৰে নেৰিব দেখি অন্তত শিয়ালে।

মনে মনে এডাল মাথোন খাবলৈ ক’লে।

হেপাঁহত কচু ভাঙি বান্দৰে চোবায়।

খজুৱতিত খকুৱাৰ মুখ উখহি যায়॥

“সখি মৰিলোঁ, সখি মৰিলোঁ” চিঞৰে বান্দৰ।

“কেনে সেকা পাইছ” বুলি শিয়ালে দিলে লৰ॥

(৩)

টেকেলীয়া কোদো এবাহ শিয়ালে ৰখিছে।

কি কৰিছা সখি বুলি বান্দৰে সুধিছে।।

“ৰজাই এইটো ঢোলৰ মোক পাতিছে ৰখীয়া।”

শুনি বান্দৰ উত্ৰাৱল ৰঙত নাচে হিয়া॥ ‘

“বজাবলৈ এচাপৰ দিয়া মোক সখি।”

“নোৱাৰোঁ ৰজাই মোক কাটি পেলাব দেখি॥”

“দিয়াঁ দিয়াঁ দহোকুৰি এচাপৰ বাওঁ।”

বুলি বান্দৰে শিয়ালক কৰে কাওবাও॥

দেখি শিয়ালে ‘বোৱা’ বুলি কোৱা মাত্ৰকত।

মাৰিলে কোদোৰ বহত সি পটাপট॥

বেঢ়ি ধৰি কোদোৱে তাক কামুৰি কামুৰি।

কৈলে ভীম্বাকাৰ গাল, মুখ, হাত, ভৰি॥

“সখি মৈলোঁ, সখি মৈলোঁ” চিঞৰে বান্দৰ।

“গাখীৰ খাই টেকেলি দিয়াৰ তুলি ললো হোৰ॥”

বলি শিয়াল গুচি গ’ল বান্দৰক এৰি।

বান্দৰে গগণ ফালে চিঞৰি চিঞৰি॥

(8)

এদিন আকৌ যেনে হ’ল কওঁ শুনা কথা।

ৰখি আছে শিয়াল সখি পাটনাদ এটা॥

মকৰা জালেৰে ছতা পাটনাদৰ মুখ।

দূৰৰ পৰা দেখি বান্দৰে পালে মহাসুখ॥

কি কৰিছা সখি বুলি বান্দৰে সুধিলে।

“ৰজাৰ দোলা ৰখোঁ” বুলি শিয়ালটোৱে কলে॥

“উঠিবলৈ দিয়াঁ মোকো মৰমৰ সখি।

সঁচাকৈয়ে মোৰ বৰ মন গৈছে দেখি॥”

‘শিয়ালে’ ‘নোৱাৰোঁ মোক ৰজাই দণ্ডিব।’

বান্দৰে ডঢ়াই ক’লে “কোনেনো দেখিব?”

এই বুলি কুতুৰি বান্দৰে শিয়ালক।

নাদত জাপ মাৰি পৰি মৰিল থিতেকতে॥

বিশ্বাসঘাতকৰ জানা এনে ফল হয়।

সদ্যে লাভ, পিছে কিন্তু নিশ্চয় প্রলয়॥

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top