Table of Contents
নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কামেং সীমান্তৰ সাধুৰ পৰা “বাৰাবা আৰু টানিবা” নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।
বাৰাবা আৰু টানিবাৰ পৰিচয়
এখন গাঁৱত দুজন মানুহ আছিল। তাৰে এজন আছিল জাতিত বাংনি আৰু আনজন আছিল আপাটানি। বাংনি মানুহজনৰ নাম আছিল বাৰাবা আৰু আপাটানিজনৰ নাম আছিল টানিবা। বাবা আছিল ওখ-পাখ, ধুনীয়া আৰু শক্তিশালী, কিন্তু তাৰ বুদ্ধি-বৃত্তি সিমান নাছিল। কিন্তু টানি শাৰীৰিকভাৱে দুর্বল হলেও বৰ বুদ্ধিমান আৰু ঈর্ষা-পৰায়ণ লােক আছিল। বাৰাবাৰ সুখ-শান্তি সি মুঠেই সহ্য কৰিব নােৱাৰিছিল আৰু পৰাপক্ষত কেনেকৈ তাক ঠগ-প্ৰৱঞ্চনা কৰি নিজৰ তলত ৰাখিব পাৰি, তাৰে চিন্তাত সি দিন কটাইছিল। সৰল বাৰবাই হলে টানিক অতিশয় ভাল পাইছিল, বিশ্বাস কৰিছিল আৰু বিপদে-আপদে সহায় কৰিছিল।
এদিন টানিবা হাবিলৈ গ’ল। তাত সি এটা ফান্দ পাতিলে। ফালত বহুতাে শহাপহু পৰিল। পিছদিনা টানিবাই গৈ সেইবােৰ লৈ আহিল। তাকে দেখি বাৰাবাই সুধিলে- ‘একেলগে ইমান শহাপহু মাৰিব পৰা ফান্দ তই কেনেকৈ পাতিছিলি, মােকো শিকাই দে।’
‘বৰ সহজ কথা। মই এটা ডাঙৰ গাহৰি মাৰি তাৰ মাংসবােৰ টুকুৰা টুকুৰকৈ কাটি ফান্দৰ কাঠত ওলমাই ৰাখিছিলাে। তাকে খাবলৈ আহি শহাপহুবােৰ ফান্দত পৰি ৰ’ল।’ টানিবাই বাৰাবাক ফাঁকি দিলে।
টানিবাৰ চলনা
সৰল বাৰাবাই টানিবাৰ কথামতে ঘৰৰ ডাঙৰ গাহৰি এটা হাবিলৈ নি বধ কৰিলে আৰু তাৰ মাংসবােৰ ডােখৰ-ডােখৰলৈ কাটি ফান্দ এখন পাতি তাত ওলমাই থৈ ঘৰলৈ উভতি আহিল। টানিবাই ইমান সময়ে আলেঙে আলেঙে ছেগ চাই আছিল। বাৰাবা উভতি আহিলত ছেগ বুজি টানিবাই গৈ ফান্দৰ পৰা মাংসবােৰ চুৰ কৰি লৈ আহিল। গাহৰি মাংসৰ গােন্ধ আৰু টানিবাৰ গাৰ গোন্ধত শহাপহু বাৰাবাৰ ফান্দৰ কাষ চাপিব নােৱাৰিলে। বাৰাবাই পিছদিনা গৈ ফান্দ চালে, কিন্তু তাত সি এটা সৰু নিগনিৰ বাহিৰে একো নাপালে। তাকে সি মােনাত ভৰাই ঘৰলৈ উভতি আহিল। টানিবাই হাবিত লুকাই থাকি সকলাে লক্ষ্য কৰি আছিল। বাৰাবাৰ নিগনিটো দেখি তাতেই তাৰ হিংসা উপজিল। নিগনিটো হাত কৰিবৰ বাবে সি এটা সৰু চৰাই হৈ বাৰাবাৰ অজানিতে মােনাৰ ভিতৰত সােমাই থাকিল।
বাৰাবাই ঘৰলৈ গৈ মােনাটো খুলিলে। চৰাইৰূপী টানিবাই ঠোটত নিগনিটো লৈ মােনাৰ পৰা ওলাই আহিল আৰু ডাঙৰজনী ঘৈণীয়েকৰ কান্ধত পৰিলগৈ। চৰাইটো দেখি বাৰাবাৰ টিঙিচকৈ খং উঠি আহিল। সি তাৰ দাখন খাপৰ পৰা উলিয়াই , চৰাইজনীৰ গাত ঘাপ দিলে। কিন্তু চৰাইজনী তৎক্ষণাতে ভুৰুংকৈ উৰি গ’ল আৰু ঘৈণীয়েকৰ ডিঙি দুছেও হৈ মাটিত বাগৰি পৰিল। ঘৈণীয়েকক তেনেদৰে মাৰিলত বাৰাবা বৰ দুঃখিত হ’ল। ভৱিষ্যতলৈ টানিবাৰ কথা নুশুনিবলৈ সি মনতে থিৰাং কৰিলে। কিন্তু চৰাইটো যে টানিবা আছিল, তাক হ’লে সি গমেই নাপালে। অলপ পিছত টানিবা বাৰাবাৰ ঘৰলৈ আহিল আৰু বাৰাবাৰ দুখত মিছাতে দুখ কৰি দেখুৱালে। তাকে বাৰাবাই সঁচা বুলি ধৰি টানিবাৰ প্রতি কৃতজ্ঞ হৈ উঠিল। নিজৰ প্ৰতিজ্ঞা এৰি বাৰাবাই টানিবাক পুনৰ বন্ধুৰূপে গ্রহণ কৰিলে।
এদিনাখন টানিবা আৰু বাৰাবা চিকাৰ কৰিবলৈ গ’ল। দিনটো ঘূৰি ফুৰি তেওঁলােকে চিকাৰ নাপালে। ভোক আৰু পিয়াহত কাতৰ হৈ দুয়াে ঘৰলৈ উভতি আহিল। আহি থাকোতে বাটতে ৰাতি হ’ল আৰু ঘন অন্ধকাৰে সিহঁতৰ বাট ভেটি ধৰিলে। কিছুদূৰ আন্ধাৰত খেপিয়াই খেপিয়াই আহি থকাৰ পিছত সিহঁতে এটা ঘৰত ঢিমিক-ঢামাককৈ জুই জ্বলি থকা দেখিবলৈ পালে। তাকে দেখি বাৰাবাই কলে- ‘সেইটো নিশ্চয় মােৰ ঘৰ হ’ব!’ কিন্তু টানিবাই ক’লে— নহয়, সেইটো টেবে নামৰ এটা দৈত্যৰ ঘৰ। আমাৰ ঘৰ পাবলৈ এতিয়াও বহুত দূৰ আছে। কিন্তু আমি যােৱা বাটটোতে টেৱেঁৰ ঘৰটো, তাক ভাঙি পেলাইহে আমি বাট উলিয়াব পাৰিম।
‘কিন্তু যােৱাৰ সময়ত আমি টেৱেঁৰ ঘৰ পােৱা নাছিলাে, এতিয়া কেনেকৈ আহিল?’ বাৰাবাই আচৰিত হৈ সুধিলে।
আমাক পুৱা চিকাৰত ওলােৱা দেখি সি আমাক মাৰিবৰ বাবে ফান্দ এটা পাতি আমাৰ বাবে বাট চাই আছে। এই ঘৰটোৰ ভিতৰত সােমালেই আমাৰ মৰণ, গতিকে আমি পিছফালৰ পৰা তাক ভাঙি যাম। টানিবাৰ কথাত বাৰাবা পতিয়ন গল। সি পিছফালৰ পৰা ঘৰটো ভাঙিবলৈ আৰম্ভ কৰিলে। টানিবাই বাৰাবাৰ কাম চাই বহি থাকিল। যেতিয়া ঘৰটো আধা ভঙা হ’ল, তেতিয়া টানিবাই চিঞৰি চিঞৰি বাৰাবাক গালি পাৰিবলৈ ধৰিলে— মূর্খ, এইটো তোৰ ঘৰ বুলি তই নাজান নেকি? ভাঙিছ কিয়?
বাৰাবাই টানিবাৰ গালি শুনি থমকি ৰ’ল। তাৰ পিছত সি ক’লে— তয়েই দেখােন মােক ভাঙিবলৈ লগাইছিলি? বাৰু, ঘৰটো মােৰ হয় নে নহয় চাওঁ।’
এইবুলি সি ঘৰৰ সন্মুখলৈ আহি চাই দেখিলে, ল’ৰা-ছােৱালীকেইটাৰ সৈতে সৰু ঘৈণীয়েক ভয়ত কপি কঁপি আগফালে বহি আছে। তাৰ টানিবাৰ ওপৰত বৰ খং উঠিল। দাখন লৈ সি টানিবাক খেদি গ’ল। কিন্তু আন্ধাৰৰ মাজত টানিবা নেদেখা হােৱাত সি একো কৰিব নােৱাৰি ঘৰলৈ উভতি আহিল।
তাৰ পিছত বহুদিন দুয়াে দুয়ােৰে পৰা আঁতৰে আঁতৰে থাকিল। গাত গা ঘঁহাই বাট পাৰ হ’বৰ সময়তাে কোনােৱে কাকো মাত-বােল নকৰা হ’ল। বহুদিন তেনেদৰে পাৰ হােৱাৰ পিছত বাৰাবাৰ মনটো অলপ কুমলি আহিল। তেনেদৰে কোনেও কাকো মাত-বােল নকৰাকৈ থাকিবলৈ তাৰ মন নােযােৱা হ’ল। এদিন সি টানিবাৰ ঘৰলৈ গ’ল। তাৰ এনে ব্যৱহাৰৰ কাৰণে সি টানিবাক ক্ষমা খুজিলে। টানিবাই নিজৰ গাত যেন অকণাে দোষ নাই তেনে ভাবেৰে ক’লে— তােক ক্ষমা কৰিছে বাৰু। কিন্তু আগলৈ আৰু এনে কাম নকৰিবি।
বাৰাবাই দুনাই তেনে নকৰোঁ বুলি প্রতিজ্ঞা কৰিলে। দুয়াে বন্ধুৰ মিলন হ’ল। এদিন বাৰাবাই টানিবাক কলে— বহু দিন আমি একেলগে চিকাৰ কৰিবলৈ যােৱা নাই, গতিকে ব’লা আজি অমি দুয়াে একেলগে চিকাৰলৈ যাওঁ। বাৰাবাৰ কথামতে ধেনু-কাঁড় লৈ সিহঁত হাবিলৈ গ’ল। অলপ পিছতেই সিহঁতে দুটা হৰিণা দেখা পালে। টানিবাই বাৰাবাক ক’লে মই আগতে হৰিণাটো মাৰিম, কাৰণ তােতকৈ মােৰ লক্ষ্য বেছি ভাল। সেইবুলি সি তাৰ এডাল এডালকৈ সকলো কাঁড় হৰিণা দুটালৈ লক্ষ্য কৰি এৰিলে। কিন্তু সকলাে কাড়েই তাৰ লক্ষ্যভ্রষ্ট হৈ গ’ল। তাৰ পিছত বাৰাবাই দুডাল কাড়েৰেই দুয়ােটা হৰিণা বধ কৰিলে। বাৰাবাৰ এই কামৰ বাবে টানিবাৰ বৰ ঈর্ষা উপজিল। সি মনে মনে বাৰাবাৰ ওপৰত পােটক তুলিবৰ কাৰণে উপায় চিন্তিলে।
দুয়াে বন্ধুৱে এটা এটাকৈ হৰিণা দুটা লৈ ঘৰলৈ উভতি আহিল। ঘৰ আহি পােৱাত বাৰাবাক তাৰ সৰু ঘৈণীয়েকে তপত ভাত আৰু লাউপানী খাবলৈ দিলে। কিন্তু টানিবাৰ ঘৈণীয়েক আছিল এলেহুৱা। নিজে লাউপানী খাই বহি থাকোতে পাহৰি তাই গিৰিয়েকৰ বাবে ভাত-পানী ৰান্ধি থােৱা নাছিল। টানিবাৰ বাৰাবাৰ প্ৰতি মনৰ ঈর্ষা দুগুণে জ্বলি উঠিল। সি গৈ বাৰাবাক ক’লে— এই তিৰােতা আৰু লৰা-ছােৱালীবােৰক মিছাতে পুহি ৰাখি একো লাভ নাই। আমি গােটেই দিন কাম কৰি মৰো, সিহঁতে কেৱল ঘৰত বহি বহি কটাব। গতিকে সিহঁতক মাৰি পেলালে আমাৰ সুখ হ’ব। বাৰাবা প্ৰথমতে মান্তি নহ’ল। টানিবাই তেতিয়া ঘৰলৈ গৈ ল’ৰা তিৰােতাক লুকুৱাই থ’লে আৰু কুকুৰ এটা কাটি তাৰ তেজ মজিয়াত ছটিয়াই থৈ বাৰাবাক মাতি দেখুৱাই ক’লে— চা, মই মােৰ ল’ৰা-তিৰােতাক কাটি পেলালাে, এতিয়া মই সুখী।
বাৰাবাই সুধিলে- ‘সিহঁতৰ শবােৰ ক’ত?‘
‘হাবিত পেলাই দিলাে। টানিবাই উত্তৰ দিলে।’
বাৰাবা উভতি গ’ল। টানিবাৰ কথামতে সিও নিজৰ ল’ৰা-তিৰােতাক কাটি পেলাই দিলে।
বাৰাবাৰ ওপৰত এনেদৰে প্ৰতিশােধ লৈ টানিবা এতিয়া সুখী হ’ল আৰু নিজৰ ল’ৰা-তিৰােতাৰে সৈতে সুখেৰ দিন নিয়াবলৈ ধৰিলে। বহুদিনৰ মূৰতহে বাৰাবাই আচল কথাটো গম পালে। তাৰ বৰ খং উঠিল। সি টানিবাৰ ঘৰলৈ গৈ ক’লে— “তােৰ কথামতে মই মােৰ ল’ৰা-তিৰােতাক মাৰি পেলালাে। কিন্তু তই মােক ঠগিলি। এতিয়া মােৰ ল’ৰা-তিৰােতাক উলিয়াই দে, অথবা তােৰ তিৰােতা বা ছােৱালীকে মােক দে। নহ’লে তােক মই শুদাই নেৰো।
টানিবাই প্রমাদ গণিলে। ল’ৰা-তিৰােতাক বাৰাবাৰ হাতৰ পৰা কেনেকৈ ৰক্ষা কৰিব পৰা যায়, তাৰ সি এটা বুদ্ধি উলিয়ালে। টানিবাই ৰুদ্ৰমুর্তি ধৰি থকা বাৰাবাক হাঁহি মুখেৰে কলে- ‘মােৰ যি আছে সকলাে আমাৰ দুটাৰ উমৈহতীয়া বস্তু। মােৰ যেনেদৰে তােৰ ওপৰত অধিকাৰ আছে, ঠিক তেনেদৰে তােৰে তাৰ ওপৰত সম্পূর্ণ অধিকাৰ আছে। কিন্তু লৰা-তিৰােতাক সুখত ৰখাটো আমাৰ কৰ্তব্য। আমি ল’ৰা-তিৰােতাক লগত লৈ সৌ সিজা সমভূমিলৈ যাম আৰু একেলগে থাকিম। তাৰ আগতে আমি দুয়াে গৈ সেই ঠাইডােখৰ চাফ কৰি তাত খেতি কৰি আৰু ঘৰ সাজি আহিম।
টানিবাৰ মিঠা কথাত মূৰ্খ বাৰাবা পুনৰ পতিয়ন গ’ল। সি টানিবাৰ সৈতে আহি সিজা নামৰ এখন ডাঙৰ সমভূমি পালে। দুয়াে মিলি সিজা সমভূমিৰ হাবি কাটি চাফা কৰিলে, তাত ঘৰ সাজিলে আৰু ধান সিচিলে। কামবােৰ সমাধা হ’লত টানিবাই ক’লে মই এতিয়া ল’ৰা-তিৰােতাক লৈ আহাে, তই চিকাৰ কৰি পহু আনি থবি। টানিবা ঘৰ পালেগৈ। সি ঘৈণীয়েক আৰু ছােৱালী কেইজনীৰ নাক, কাণ আদি বিন্ধা কৰিলে আৰু তাত বাঁহৰ চুঙাৰে সজা অলংকাৰ পিন্ধালে, মুখত ক’লা ৰঙেৰে আঁকবাক কৰিলে আৰু তেনেদৰে কুৎসিত কৰি লৈ নতুন ঘৰলৈ গ’ল। টানিবাৰ ঘৈণীয়েক আৰু জীয়েককেইজনীৰ কুৎসিত ৰূপ দেখি বাৰাবাই ভয় খালে। টানিবাই বাৰাবাক ক’লে— ‘মােৰ তিৰােতা আৰু জীকেইজনী যখিনী হৈ গ’ল। ৰাতি সিহঁতে আমাৰ তেজ শুহিব। গতিকে ৰাতি হােৱাৰ আগতে আমি পলাওঁ বলা।
টানিবাৰ ল’ৰা-তিৰােতাক সেই ঘৰত এৰি বাৰাবা আৰু টানিবা পাহাৰৰ ফালে পলাবলৈ ধৰিলে। ভালেখিনি দূৰ আগবাঢ়ি যােৱাৰ পিছত টানিবাই বেমাৰৰ ভাও জুৰিলে। বাৰাবাই টানিবাক পিঠিত বােকোচা কৰি লৈ আগবাঢ়িল। এসময়ত বাৰাবাৰ বৰ ভাগৰ লাগিল। তাকে দেখি টানিবাই ক’লে— ‘তই আৰু মােক বােকোচা কৰি নিব নালাগে। মােৰ মৃত্যুৰ সময় কাষ চাপি আহিছে। মােক ইয়াত এৰি থৈ তই যাগৈ। কিন্তু সিজা সমভূমিৰ ফালে তই কেতিয়াও নাযাবি। গলেই তােক যখিনীকেইজনীয়ে ধৰি তেজ শুহিব।।
বাৰাবাই টানিবাক তাতে এৰি গুচি গ’ল। বাৰাবা গুচি যােৱাৰ পিছত টানিবা ল’ৰা-তিৰােতাৰ কাষলৈ উভতি আহিল আৰু সেই সমভূমিত খেতি বাতি কৰি ধন-জনেৰে ঘৰ পৰিপূৰ্ণ কৰি সুখেৰে থাকিল।
সিফালে বাৰাবাই গৈ গৈ দূৰৰ বাংনি গাঁও এখনত সােমাল। সেই গাঁৱত সি থাকিবলৈ ল’লে। কিছুদিনৰ পিছত সেই গাঁৱৰে ছােৱালী এজনী বিয়া কৰাবলৈ সি সক্ষম হ’ল। এদিন সি চিকাৰ কৰিবলৈ আহােতে পাহাৰৰ ওপৰৰ পৰা টানিবাৰ ঘৰত ধোঁৱা ওলাই থকা দেখিবলৈ পালে। বাৰাবাই লগৰবিলাকক ক’লে— ‘সৌখন ঘৰত যখিনী কেইজনমান থাকে। বল, যখিনীবােৰ মাৰি আহাে।
লগৰ চিকাৰীবিলাকক লৈ বাৰাবাই টানিবাৰ ঘৰ আগুৰি ধৰিলে। টানিবা বাহিৰ ওলাই আহিল আৰু বাৰাবাক দেখি আনন্দ পােৱাৰ ভাও জুৰি ক’লে, ‘মই তােৰ বাবে বাট চাই আছিলাে, এতিয়া তই আহিলি যেতিয়া ভালেই হ’ল। আহ, আমি একেলগে থাকে।’
বাৰাবাৰ প্ৰতিশোধ
বাৰাবা কিন্তু এইবাৰ টানিবাৰ মিঠা কথাত ভােল নগ’ল। সি টানিবাৰ পৰা ধান, চাউল, মেথােন, কাপােৰ আদি দাবী কৰিলে। যদি নিদিয়ে, তেন্তে তাৰ জীৱনৰ ভয় দেখুৱালে। টানিবাই উপায় নাপাই বাৰাবাক ধান, চাউল, মেথােন, কাপােৰ আদি দি বিদায় দিব লগা হ’ল।
সেই তেতিয়াৰ পৰা বাৰাবাই প্রত্যেক বছৰে আহি টানিবাৰ পৰা ধান, চাউল, মেথােন, গাহৰি, কাপােৰ আদি বস্তু লৈ যায়। সেই নিয়ম সৌসিদিনালৈকে প্ৰচলিত হৈ আছিল। সেই যে টানিবাই নিজৰ তিৰােতা আৰু জীয়েককেইজনীৰ নাক কাণ বিন্ধা কৰি মুখত আঁকবাক কৰিলে। তাৰ পিছৰ পৰাই বাৰাবাৰ বংশধৰ বা বাংনিসকলৰ ভয়ত আপাটানি তিৰােতাবিলাকে নাক আৰু কাণ বিন্ধাই মুখত নীলা ৰঙেৰে আঁকধাঁক কৰিব লগাত পৰিল।
(আশা কৰোঁ আপুনি “বাৰাবা আৰু টানিবা-কামেং সীমান্তৰ সাধু” সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “বাৰাবা আৰু টানিবা-কামেং সীমান্তৰ সাধু” সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)