আৰম্ভণি:
বিমুদ্রাকৰণ হ’ল মুদ্রাকৰণৰ বিপৰীত। মুদ্রাকৰণে কোনো ছপা নোট বা মোহৰক বিশেষ মূল্য প্ৰদান কৰি তাক মুদ্ৰাৰ মর্যাদা প্ৰদান কৰে। মুদ্রাকৰণ নহ’লে সেই ছপা কাগজৰ কোনো মূল্য নাই। আনহাতে বিমুদ্রাকৰণে ইতিমধ্যে মুদ্ৰাৰ মৰ্যাদাৰে মূল্যৱান হৈ উঠা কাগজৰ নোট বা মুদ্রাক পুনৰ মূল্যহীন কৰি তাক অদৰকাৰী বা পেলনীয়া সামগ্ৰীত পৰিণত কৰে। মুদ্রাকৰণ বা বিমুদ্রাকৰণ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে ইয়াত অনুমোদন জনোৱাটো এক প্রাথমিক চৰ্ত।
সাম্প্রতিক বিমুদ্রাকৰণ:
অতি সাম্প্রতিক বিমুদ্রাকৰণকে ধৰি ভাৰতত এতিয়ালৈকে তিনিবাৰ বিমুদ্রাকৰণ হৈছে। ইয়াৰ আগতে ভাৰত চৰকাৰে ১৯৪৬ আৰু ১৯৭৮ চনত দুবাৰ বিমুদ্রাকৰণ কৰিছিল। দুয়ো ক্ষেত্ৰতে ইয়াৰ মূল লক্ষ্য আছিল— আনুষ্ঠানিক অর্থনৈতিক পদ্ধতিৰ বাহিৰত ক’লা টকা জমা কৰি কৰ ফাঁকি দিব খোজাসকলক শলঠেকত পেলাই ক’লা ধনৰ প্রচলন বন্ধ কৰা। দুয়োবাৰতে কিছু সাময়িক সফলতা লাভ কৰা গলেও এয়া দীর্ঘস্থায়ী নহ’ল। ২০১৬ চনৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নতুন বিমুদ্রাকৰণৰ সূচনা কৰে। সেইদিনা ৰাতি আঠ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিমুদ্রাকৰণৰ কথা ঘোষণা কৰি কয় যে মাজৰাতি বাৰ বজাৰ লগে লগে মহাত্মা গান্ধী ছিৰিজৰ ৫০০ টকীয়া আৰু ১,০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ হ’ব। এই ঘোষণাৰ লগে লগে দেশৰ সকলো এ টি এমত এনে নোট নিজৰ একাউণ্টত জমা দিবলৈ অভূতপূর্ব ভিৰ হয়; পাছে মাত্ৰ কেইঘন্টামানহে সময় পোৱাত নিচেই কমসংখ্যক লোকেহে এই কাম কৰিব পাৰিলে। চৰকাৰীভাৱে দাবী কৰামতে, এই বিমুদ্রাকৰণে ভাৰতত চলি থকা ‘ছায়া অর্থনীতি’ বন্ধ কৰিব, জাল নোটৰ প্ৰচলন বন্ধ হ’ব, ক’লা ধন জমাকাৰীসকলৰ হাতত থকা এনে নোটসমূহ মূল্যহীন কাগজত পৰিণত হ’ব আৰু সন্ত্রাসবাদী সংগঠনসমূহলৈ ধনৰ যোগান বন্ধ হ’ব। মোডীৰ ঘোষণাৰ পাছত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ গভৰ্ণৰ উৰজিত পেটেল আৰু ভাৰত চৰকাৰৰ ‘ইকনমিক এফেয়াৰ্ছ’ৰ ছেক্ৰেটাৰী শক্তিকান্ত দাসে এখন প্রেছ মেল অনুষ্ঠিত কৰি ক’লে— মূলতঃ জাল নোটৰ প্ৰচলন বন্ধ কৰি সন্ত্ৰাসবাদ ৰোধ কৰাৰ উদ্দেশ্যত এই কাম কৰা হৈছে আৰু জনসাধাৰণৰ সুবিধাৰ বাবে পেট্ৰ’ল পাম্প চৰকাৰী চিকিৎসালয়, ফাৰ্মাচী আদিত এনে নোট চলি থাকিব। ৰাইজে যাতে সমস্যাত নপৰে, তাৰ বাবে নির্দিষ্ট সময়সীমাৰ ভিতৰত আচল নোটসমূহ নতুন পাঁচশটকীয়া, দুহেজাৰ টকীয়া আৰু পুৰণি এশ বা দহবিশটকীয়া নোটেৰে সলনি কৰাৰ সুবিধা দিয়া যাব।
বিমুদ্রাকৰণৰ পূর্ব পৰিকল্পনা:
ধাৰণা কৰামতে ঘোষণা কৰাৰ ছমাহৰ পৰা দহ মাহৰ আগতেই বিমুদ্রাকৰণৰ পৰিকল্পনা কৰা হৈছিল। এই কথা অতি গোপনে ৰখা হৈছিল আৰু সেই সময়ত মাত্ৰ দহজনমান ব্যক্তিয়েহে ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ জানিছিল। এই কামৰ বিভিন্ন পর্যায়সমূহ কি হব, তাৰ আচনি মে’ মাহৰ প্ৰথমভাগৰ পৰা প্ৰস্তুত কৰা হৈছিল। মোডীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ সন্ধিয়াহে কেবিনেটক এই বিষয়ে জনাইছিল আৰু কেবিনেটৰ অনুমোদনৰ পাছত ততাতৈয়াকৈ মোডীয়ে জাতিক উদ্দেশ্যি এই কথা ঘোষণা কৰিছিল।
পৰিকল্পনা গোপনে ৰখা হলেও কিছু খবৰ প্ৰচাৰ মাধ্যমে আগতীয়াকৈ পাইছিল আৰু এই সন্দৰ্ভত দুই-এখন বাতৰি কাকতত বাতৰিও প্ৰকাশ হৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে আগতে এনে বিমুদ্রাকৰণৰ বিৰুদ্ধে মত প্রকাশ কৰা বাবে সেই কথা বহুতে বিশ্বাস কৰা নাছিল। পাছত ওলোৱা বাতৰিমতে আম্বানী পৰিয়ালকে ধৰি মুষ্টিমেয় কিছু ব্যৱসায়ীয়ে এই খবৰ বিশ্বস্ত সূত্রে আগতেই পাইছিল আৰু আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল।
বিমুদ্রাকৰণৰ পাছৰ পৰিস্থিতি:
বিমুদ্রাকৰণৰ ঘোষণাৰ পাছত ভাৰতত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সিদ্ধান্তৰ পাছৰ পৰ্যায়ত হোৱা নগদ ধনৰ নাটনিয়ে ভাৰতত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল আৰু ভাৰতত গুৰুতৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সম্ভাৱনাও সৃষ্টি কৰিছিল। পিছদিনাই, অর্থাৎ ৯ নৱেম্বৰত বি এছ ই ছেনছে আৰু নিফটি ফিফটি ষ্টক ৬ শতাংশ হ্রাস পায়। চৰকাৰে পুৰণি তথা অচল নোট সলনি কৰাটো এনেধৰণে নিৰ্ধাৰণ কৰি দিছিল-
৮ ৰ পৰা ১৩ নৱেম্বৰলৈ প্ৰতিজন লোকৰ ক্ষেত্ৰত ৪,০০০ টকাকৈ।
১৪ৰ পৰা ১৭ নৱেম্বৰলৈকে প্ৰতিজন লোকৰ ক্ষেত্ৰত ৪,৫০০ টকা।
১৮ নৱেম্বৰৰ পৰা প্ৰতিজন লোকৰ ক্ষেত্ৰত ২,০০০ টকা
আনহাতে, এ টি এমত প্রতিদিনে সর্বোচ্চ ২,০০০ টকা আৰু প্রতি সপ্তাহত মুঠ ৪,০০০ টকা উলিয়াব পৰা গৈছিল। বেংকৰ একাউণ্টৰ পৰা চেকযোগে প্রতিদিনে ১০০০০ টকা আৰু প্রতি সপ্তাহত ২০০০০ টকা উলিয়াব পৰা গৈছিল। বিবাহৰ বাবে উলিয়াব পৰা ধনৰ পৰিমাণ আছিল ২,৫০,০০০ টকা। পাছত অৱশ্যে এই আটাইবোৰৰে সীমা বঢ়োৱা হৈছিল।
নগদ ধনৰ বাবে দীর্ঘ সময় শাৰীত থিয় হৈ কেইবাজনো লোকৰ মৃত্যু হৈছিল। চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে বিভিন্ন ঠাইত বিক্ষোভ প্রদর্শন কৰা হৈছিল। দেশৰ জি ডি পি কমি আহিছিল আৰু ঔদ্যোগিক উৎপাদনো কমি আহিছিল।
প্রতিক্রিয়া:
২০১২ চনতে ‘চেণ্ট্ৰেল ব’ৰ্ড অব ডাইৰেক্ট টেক্সেছে’ বিমুদ্রাকৰণৰ বিৰুদ্ধে মত পোষণ কৰি কৈছিল যে ক’লা ধনৰ বিৰুদ্ধে যুজাৰ উপযুক্ত ৰাস্তা বিমুদ্রাকৰণ নহয়। আয়কৰ বিভাগে চলোৱা অনুসন্ধানৰ পৰাও জনা গৈছিল যে হিচাপ-বহির্ভুত বিশাল সম্পত্তিৰ গৰাকীসকলে সাধাৰণতে তেওঁলোকৰ সম্পদৰ ৬ শতাংশ বা তাতকৈও কম ধনহে নগদ টকা হিচাপত ৰাখে। গতিকে বিমুদ্রাকৰণ কৰিলেও তেওঁলোকৰ বিশেষ সমস্যা নহয়। তৎসত্ত্বেও চৰকাৰে বিমুদ্রাকৰণৰ পথ গ্রহণ কৰা বাবে বহুতে চৰকাৰক সমালোচনা কৰিছিল। তাৰ ভিতৰত অন্যতম আছিল নোবেল বঁটা বিজয়ী অর্থনীতিবিদ অমর্ত্য সেন।
প্ৰথম অৱস্থাত কিছু বেংকাৰ আৰু আন্তর্জাতিক বিশ্লেষকে মোডী চৰকাৰৰ এই বিমুদ্রাকৰণ নীতি প্রশংসা কৰিছিল। পাছে পাছত তেওঁলোকে ক’লে যে ইয়াৰ পৰিকল্পনা সমুচিত নহ’ল।
সামৰণি:
২০১৭ চনৰ আগষ্টৰ এক হিচাপত দেখা গ’ল যে নিষিদ্ধ ঘোষিত নোটৰ ৯৯ শতাংশই পুনৰ বেংকত জমা হৈছে। অর্থাৎ কেৱল ১৪০০০ কোটি নোটহে বাহিৰত থাকিল। কিন্তু চৰকাৰে আশা কৰিছিল যে অন্ততঃ ৩ নিযুত নিযুত (অর্থাৎ, ৩,০০,০০০ লাখ কোটি) টকা কেতিয়াও ঘূৰি নাহিব, কাৰণ সেয়া হ’ব ক’লা টকা। ইয়াৰ পৰা গম পোৱা গ’ল যে ক’লা ধনৰ ওপৰত বিমুদ্রাকৰণে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। আনহাতে সন্ত্রাসবাদী সংগঠনসমূহ দুৰ্বল হৈ পৰাও দেখা নগ’ল। তদুপৰি নতুন পাঁচশ আৰু দুহেজাৰটকীয়া নোটৰো জাল নোট ওলাল। আনহাতে নতুন পাঁচশ আৰু দুহেজাৰ টকীয়া নোট ছপাওতেও বহুত ধন খৰচ হৈ গ’ল। গতিকে কিছু লোকৰ মনত এই ভাবে দেখা দিছে যে বিমুদ্রাকৰণে হয়তো আকাংক্ষিত প্রভাব পেলাব পৰা নাই। কিন্তু এইক্ষেত্ৰত এক স্থিৰ সিদ্ধান্তত উপনীত হোৱাৰ সময় এতিয়াও হোৱা নাই। কাৰণ আন বহুতো ক্ষেত্ৰৰ ফলাফল বিশ্লেষণ হ’বলৈ এতিয়াও বাকী।