বিহু ৰচনা-bihu essay in assamese

বিহু ৰচনা-bihu essay in assamese

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “বিহু ৰচনা-bihu essay in assamese” ৰচনা খনৰ জৰিয়তে বিহুৰ আৰম্ভণি, পৰম্পৰা তথা অসমীয়াৰ জনজীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, অসমৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা:

অসমত এনে কিছুমান উৎসৱ আছে, যিবোৰ পূৰ্বতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছিল আৰু পাছলৈ ঘাইকৈ আনন্দ উৎসৱলৈ পৰিণত হ’ল। কৃষিভিত্তিক এনে আনন্দ উৎসৱৰ ভিতৰত বিহু প্রধান। এই উৎসৱৰ লগত অসমৰ উজনি-নামনি, পৰ্বত-ভৈয়াম সকলো অঞ্চলৰ ধৰ্ম, বর্ণ নির্বিশেষে সকলো লোকৰ সম্বন্ধ নিবিড় আৰু ব্যাপক। সেয়েহে অসমৰ জাতীয় উৎসৱ বা প্রধান উৎসৱ বুলিলে বিহুকেই পোনতে বুজোৱা হয়।

বিহু ৰচনা-bihu essay in assamese

কৃষি উৎসৱ বিহু:

অসমৰ বিহু উৎসৱ তিনিটা। ব’হাগ বিহু বা ৰঙালী বিহু (এপ্রিল মাহৰ মাজভাগত হয়), কাতি বিহু বা কঙালী বিহু (অক্টোবৰ মাহৰ মাজভাগত হয়) আৰু মাঘ বিহু বা ভোগালী বিহু (জানুৱাৰী মাহৰ মাজভাগত হয়)। ব’হাগ বিহু খেতিৰ আৰম্ভণিৰ সময়ত, কাতি বিহু খেতিৰ বাঢ়নী বতৰত আৰু মাঘ বিহু খেতি চপোৱাৰ শেষত হয়। অসমীয়াৰ ব’হাগ বিহু খেতিৰ আৰম্ভণিৰ আৰু মাঘ বিহু সামৰণিৰ উৎসৱ। ব’হাগত পোৱাৰ আশা আৰু মাঘত পোৱাৰ, পাই সামৰাৰ আনন্দ।

বিহু ৰচনা-bihu essay in assamese

বিহু ৰচনা-bihu essay in assamese

অসমৰ বিহু তিনিটা পূৰ্বতে বিহু নামেৰে জনাজাত হোৱা নাছিল। পুৰণি কালত ব’হাগ, কাতি আৰু মাঘ মাহত, অর্থাৎ তিনিটা বিশেষ ঋতুত খেতি কৰা বাবে খেতিয়কসকলে সূর্য, অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ অৰ্থে পূজা কৰিছিল। লাহে লাহে ধর্মীয় বিশ্বাসবোৰ নোহোৱা হ’ল আৰু আনন্দ-উৎসৱ প্রধান হৈ পৰিল। আহোম স্বৰ্গদেউসকলৰ দিনতেই বিহুৱে বৰ্তমানৰ অৱস্থা আৰু ৰূপ পায়।

বসন্তৰ ৰং সনা ৰঙালী বিহু:

ব’হাগ বিহু চ’ত মাহৰ শেষ দিনাৰ (সংক্রান্তি) পৰা আৰম্ভ হয়। সেইদিনটো হিন্দু দিন-পঞ্জীৰো শেষ দিন। আগেয়ে ব’হাগ বিহু সাতদিন ধৰি পালন কৰা হৈছিল। প্রত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছিল- গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু আৰু চেৰা বিহু। এই সাতটা বিহুক সাতবিহু বোলা হৈছিল। কোনো কোনো অঞ্চলত গোটেই ব’হাগ মাহজুৰি বিহুৰ ৰং-ৰহইচ চলে যদিও প্রথম ছদিন আৰু শেষৰ দিনটোৰ বাহিৰে বাকী দিনবোৰৰ কোনো নির্দিষ্ট নাম ৰখা নহয়। সাতদিনকৈ বা এমাহকৈ পালন কৰা উভয়বিধ বিহুৰেই শেষৰ দিনটোৰ নাম চেৰা বিহু।

বসন্ত কালত পালন কৰা হয় বাবে ব’হাগ বিহু আৰু ইয়াৰ সমগোত্রীয় সমূহ উৎসৱক বসন্ত উৎসৱ নামেৰে সামূহিকভাৱে সামৰা হয়। বসন্ত কালত এই অঞ্চলত দেখিবলৈ পোৱাৰ দৰে ফুলে-পাতে জাতিষ্কাৰ ৰূপ, কুলি-সখিয়তী আদি চৰাইৰ সুমধুৰ সুৰ ভাৰতৰ আন কোনো ঠাইতে দেখিবলৈ পোৱা নাযায়। প্রকৃতিৰ এই মনোমোহা ৰূপত মুগ্ধ হৈ এই অঞ্চলৰ লোকে উলহ-মালহেৰে বসন্ত উৎসৱ পালন কৰে। আগতে অৱশ্যে কোনো নিৰ্ধাৰিত দিনত বিহু আদিৰ দৰে বসন্ত উৎসৱ পালন কৰা হোৱা নাছিল।

চ’তৰ বিহু বুলিও খ্যাত ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। সেইদিনা পুৱাই দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুক পথাৰলৈ খেদি নি নৈ, বিল বা পুখুৰীৰ পাৰত গা ধুৱায় আৰু লাও, বেঙেনা আদি গৰুৰ গাত ছটিয়াই দিয়া হয়। লাও-বেঙেনা আদি ছটিয়াবলৈ এডাল পাতল ফলা মিহি বাঁহৰ সঁজুলিৰ সহায় লোৱা হয়। দেখিবলৈ এডাল ত্ৰিশূলৰ দৰে এই বাঁহৰ সঁজুলিডালৰ নাম ‘চাট’। জনবিশ্বাসমতে সদাশিৱৰ সন্তুষ্টিৰ বাবে চাটডালৰ আকাৰ ত্ৰিশূলৰ দৰে কৰা হয়।

লাও, বেঙেনাৰ উপৰি চাটডালত কেটুৰী, হালধি, থেকেৰা, কেৰেলা আদি চকলিয়াই গাঁথি দিয়া হয়। চাটৰ পৰা লাও, বেঙেনা আদি গৰুৰ গালৈ ছটিয়াওঁতে গোৱা হয়, ‘দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত (কোনো কোনোৱে ‘গৰু কোবাওঁ জাত জাত’ বুলি গায়); মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। লাও, বেঙেনা ছটিওৱা চাটডাল আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় বুলি বিশ্বাস। গধূলি গৰু ঘৰলৈ ঘূৰি আহোতে বিহুৱান হিচাপে গৰুক নতুন পঘা দিয়া হয় আৰু গৰুৰ অপায়-অমংগল নহ’বৰ বাবে গোহালিত জাগ বা ধোঁৱা দিয়া হয়।

গৰু অসমীয়াৰ খেতিৰ প্ৰধান অৱলম্বন আৰু ই উৰ্বৰতাৰ প্ৰতীক বুলিও ধর্মমত প্রচলিত। সেয়ে বছৰেকৰ বিহুৰ প্ৰথম দিনটোৱেই গো-সংবৰ্ধনৰ বাবে উৎসর্গীকৃত। গৰু বিহুৰ দিনাই গধুলি হাতত জেতুকা লোৱাটো অসমৰ জীয়ৰী-বোৱাৰীৰ এক অপৰিহাৰ্য আৰু ফূর্তিৰ প্রথা। জেতুকা পাত, পাণ, থেকেৰা আদিৰ সৈতে পটাত খুন্দি ৰং উলিয়াই দুহাতৰ তলুৱাত ঘঁহা হয়। জেতুকা পাতবোৰ ডাঙৰ হাতীখুজীয়া বাটি এটাত তিয়াই, খচি খচি ধুই পটাত পিহি ৰং উলিওৱা হয়।

জেতুকাৰ ৰং বেছি ঘন হ’বলৈ আৰু দিন যাবলৈ লগত পাণ আৰু কেহেৰাজৰ পাত মিহলাই মিহিকৈ পিহি হাতৰ তলুৱাত প্ৰলেপ দি, কলপাত জুইত সেকি লেৰেলাই হাতত বান্ধি লোৱা হয়। জেতুকাৰ ৰঙে ছালৰ অসুখ আদি প্ৰতিৰোধ কৰে বুলি বিশ্বাস কৰাৰ লগতে এই ৰঙে হাতৰ লগতে জীয়ৰী, গাভৰুৰ মনো ৰঙিয়াল কৰি তোলে। গৰু বিহুৰ দিনা ৰাতি নেওৰা তলত বহি মচুৰ মাহ, আমৰ মল, কঁঠালৰ মুচি, নিমপাত, নিমখ আদি একেলগে পিহি তৈয়াৰ কৰা ‘মহৌষধি’ খালে বছৰটোলৈ বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়।

গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ বিনিময় হয়। এনে উপহাৰকে বিহুৱান বোলা হয়। বিহুৱান বুলিলে সাধাৰণতে গামোচাকে বুজোৱা হয় যদিও বিহু তথা নতুন বছৰ উপলক্ষে দিয়া প্রায় সকলো উপহাৰকে বিহুৱানৰ লগত সাঙুৰি ল’ব পাৰি। আমাৰ সমাজত এই বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে।

গৰু বিহু আৰু মানুহ বিহু, দুয়োদিনেই মাহ-হালধিৰে গা ধোৱাৰ উপৰি চিৰা-আখৈ আৰু পিঠা-পনাৰে জুতি লগাই জলপান খোৱা হয়। ৰঙালী বিহুৰ সময়ত অসমৰ কোনো কোনো অঞ্চলৰ ৰাইজ লগ লাগি মাছ ধৰিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱাৰ নিয়ম আজিও আছে। মানুহ বিহুৰ দিনা পুৰণি বিবাদ আৰু মনোমালিন্য মিট-মাট কৰা হয়, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ ঘৰলৈ গৈ বিহুৰ সম্ভাষণ জনোৱা হয় আৰু জা-জলপানেৰে অভ্যৰ্থনা কৰা হয়, ব্ৰাহ্মাণ-সজ্জন, দুখীয়া-দৰিদ্ৰক দান-দক্ষিণা দিয়া হয়, বয়োজ্যেষ্ঠসকলক সন্মান দৰ্শোৱা হয় আৰু ভদ্রতাসূচক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আশা, আনন্দ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জনাই নতুন বছৰক আদৰণি জনোৱা হয়।

বিহু ৰচনা-bihu essay in assamese

নৃত্যৰ আনন্দত মুখৰিত বহাগ:

ৰঙালী বিহু বিবিধ অনুষ্ঠানৰ ভিতৰত এটা লেখৰ উৎসৱ হ’ল হুঁচৰি। হুঁচৰি হ’ল আনন্দৰ গীত। বয়সিয়াল লোকৰ নেতৃত্বত ডেকা আৰু ল’ৰাৰ দল গৈ ঘৰে ঘৰে বিহুগীত গায় আৰু নাচে। বছৰৰ বিহুত হুঁচৰি গোৱা ৰাইজক তামোল-পাণ এটাৰে হলেও মান ধৰি আশীর্বাদ লোৱাটো ৰঙালী বিহুৰ এক পৱিত্ৰ পৰম্পৰা।

হুঁচৰি গোৱা ৰাইজক ওলাই আহি গৃহস্থই মাত নলগালে, সেইঘৰ মানুহৰ ওপৰত, হুঁচৰিৰ অব্যৰ্থ শাওপাত লাগে বুলি জনবিশ্বাস প্ৰচলিত। হুঁচৰিৰ উপৰি আন এটা এনে অনুষ্ঠান হ’ল বিহু নাচ। এই নাচ সাধাৰণতে ডেকা-গাভৰুৱে নাচে। বিহু নাচ বিহুগীতৰ মধুৰ সুৰত শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায়। হুঁচৰি আৰু বিহু নাচৰ পয়োভৰ নামনি অসমতকৈ উজনি অসমতহে বেছি। হুঁচৰি, বিহু নাচ আদিৰ উপৰি পূৰ্বতে বিহুৰ আচল ৰং-ৰহইচ হৈছিল বিহুৰ দিনত হোৱা নানানবিধৰ খেল-ধেমালিবোৰত।

এইবোৰৰ ভিতৰত শেন খেল বা শেন মেলা, ম’হ যুঁজ, মল্ল যুঁজ বা মাল যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ আৰু কণী যুঁজেই আছিল প্রধান। আহোম স্বৰ্গদেউসকলৰ দিনত এই খেল-ধেমালিবোৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা আৰু আদৰ-সাদৰ পাবলৈ আৰম্ভ কৰিছিল। সেই সময়ত এনে ৰং-ধেমালিৰ ঘাই ঠাই আছিল শিৱসাগৰৰ ৰংঘৰ বাকৰি। তাহানি ৰংঘৰৰ বাকৰিত বিহুৰ দিনত যি ৰং-ধেমালি হৈছিল, সি প্রাচীন গ্ৰীচৰ অলিম্পিয়াত হোৱা অলিম্পিকৰ দৰে জাতীয় উৎসৱত পৰিণত হৈছিল। সেৰেঙাকৈ হ’লেও অসমৰ কোনো কোনো ঠাইত এইবোৰ খেল-ধেমালিৰ কিছুমানৰ প্রচলন আজিও আছে।

বিহু ৰচনা-bihu essay in assamese

বিহু ৰচনা-bihu essay in assamese

অসমৰ বেছিভাগ ঠাইতে তিনিদিন আৰু কোনো কোনো ঠাইত সাতদিন বা এমাহ পৰ্যন্ত উদ্যাপিত হোৱা ৰঙালী বিহুৰ শেষৰ দিনটোৰ নাম চেৰা বিহু। চেৰা বিহুৰ পাছত সাধাৰণতে সাত বা এঘাৰ দিনৰ দিনা বিহু উৰুওৱা বা বিহু সামৰা বা বিহু থোৱাৰ নিয়ম।

ভোগালী কঙালীৰ মিলন এই বিহু:

অসমীয়া মানুহে আহাৰ-শাওণমহীয়া ধানৰ খেতি কৰে আৰু আহিনৰ শেষত সেই ধাননিয়ে সোণোৱালী বৰণ লয়। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল খেতিয়কে পথাৰৰ লখিমীক আদৰিবলৈ সাজু হয় আৰু আহিন কাতিৰ সংক্ৰান্তিৰ দিনা খেতি-বাতিৰ মংগলৰ কাৰণে পথাৰ-ভঁৰাল আৰু তুলসী তলত চাকি জ্বলাই বিবিধ বিধি-বিধান পালন কৰে। এয়ে কাতি বিহু।

বিহু ৰচনা-bihu essay in assamese

বিহু ৰচনা-bihu essay in assamese

কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁৰাল প্রায় শূন্য হৈ থাকে বাবে এই বিহুত বিশেষ ৰং-ৰহইচ কৰা নহয়। অভাৱ-অনাটনৰ সময়ত হোৱা বাবে এই বিহুৰ আন এটা নাম কঙালী বিহু। ভঁৰাল আৰু তুলসীৰ তলত চাকি জ্বলোৱাৰ উপৰি, এই বিহুত এডাল দীঘল বাঁহৰ মূৰত চাকি এটা লগায়ো জ্বলোৱা হয়। ‘আকাশবন্তি’ নামেৰে জনাজাত এই চাকিৰ পোহৰে মৃতজনক সিপুৰীলৈ যোৱাৰ বাট দেখুৱাই দিয়ে বুলি লোকবিশ্বাস প্রচলিত।

মাঘ বিহু অসমীয়াৰ খেতি চপোৱাৰ উৎসৱ। এই সময়ত সাধাৰণতে পথাৰৰ শস্য চপোৱা শেষ হয় আৰু অভাৱ-অনাটনো নাথাকে। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুৰ প্ৰথম দিনটোক ‘উৰুকা’ বোলা হয়। সেইদিনা অসমৰ ৰাইজে নদীৰ পাৰত বা আন মুকলি ঠাইত খেৰ-নৰাৰে অস্থায়ী ছাউনি (ভেলাঘৰ) পাতি ৰাজহুৱাকৈ ভোজ-ভাত খাই উৰুকা পালন কৰে। উৰুকাৰ পাছদিনা কাহিলি পুৱাতে গা-পা ধুই মেজি জ্বলাই মাঘ বিহুৰ শুভাৰম্ভ কৰা হয়।

বিহু ৰচনা-bihu essay in assamese

বিহু ৰচনা-bihu essay in assamese

সকলো ৰাইজ মেজিৰ চাৰিওকাষে সমবেত হয় আৰু পানী হিলৈ, বাহ হিলৈ আদি ফুটোৱা হয়। নিজৰ মনোকামনা পূৰণৰ অৰ্থে কোনো কোনোৱে অগ্নিত নানা সামগ্রীও উছৰ্গা কৰে। মাঘ বিহুৰ দিনা নানান বিধৰ পিঠা-পনাৰে জা-জলপান খোৱা হয়, জ্যেষ্ঠজনক সেৱা আৰু কনিষ্ঠজনক মৰম-শুভেচ্ছা জনোৱা হয়। ম’হ যুঁজ, কণী যুঁজ, কুস্তি, দৌৰ, জাঁপ আদি বিবিধ খেলা-ধূলাও মাঘ বিহুৰ একো একোটি আমোদজনক অনুষ্ঠান। বিহুৰ পিঠা-পনাৰ লগতে মিঠা আলু বা ৰঙা আলু, কাঠ আলু আদিও মাঘ বিহুতে খোৱা হয়। এই সময়ত খেতিয়কৰ ভঁৰাল ন-শস্যৰে পৰিপূৰ্ণ হৈ থাকে বাবে মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়।

সামৰণি:

বিহু অসমীয়া জাতিৰ এটি অমূল্য সম্পদ। এই বিহুৰ পৰাই অসমীয়া লোক সাহিত্যৰ অন্যতম সম্পদ বিহুনামবোৰৰ উৎপত্তি হৈছে। বিহুনাম বা বিহুগীতবোৰত অসমৰ অপৰূপ প্রকৃতি ছবি, অসমীয়াৰ জীৱনৰ কল্পনা, উপলব্ধি আৰু হৃদয়ৰ বতৰা তথা অসমৰ সমগ্র সংস্কৃতি, ৰং আৰু সুৰভি সঞ্চিত হৈ আছে। সেইদৰে বিহু নৃত্যৰ ছেৱত ৰূপায়িত হৈছে আদিম বিশ্বাসৰ ৰূপ আৰু জীৱনৰ ছন্দ। লগতে বিহুৰ ৰীতি-নীতিত যুগ যুগ ধৰি অসমৰ মাটিত প্রৱাহিত হোৱা জীৱন মন্দাকিনীৰ সংগম ঘটিছে। কিন্তু বর্তমানে বিহু নগৰমুখী হোৱা বাবে বিহু উৎসৱৰ বহু নিয়ম আৰু ৰং-ৰহইচ কমি আহিছে। বিহুৰ পিঠা-পনাও নগৰীয়া কেক, বিস্কুট, লুচি আদিৰ লগত প্রতিযোগিতাৰ সন্মুখীন হবলগীয়া হৈছে।

বিহুত মান্যজনক সেৱা-সৎকাৰ কৰা, হাতেবোৱা বিহুৱান দিয়া, ঢেঁকীত জলপান খুন্দা আদি নিয়মবোৰো লাহে লাহে নোহোৱা হৈ আহিছে। বিহুনাচ, হুচৰি মুকলি পথাৰ আৰু গৃহস্থৰ চোতালৰ পৰা আহি মঞ্চত উঠিছেহি। ফলত পূৰ্বৰ বিহুৰ প্রতি থকা মানুহৰ মনোভাব সলনি হৈছে আৰু এতিয়াও হৈ আছে। যি বিহু এসময়ত অসমীয়া ৰাইজৰ প্ৰাণৰ আপোন উৎসৱ আছিল, পৰিৱৰ্তিত সময় আৰু ব্যক্তিকেন্দ্রিক চহৰমুখী সভ্যতাৰ পৰশত তাৰ ৰেহ-ৰূপৰ ভালেখিনি পৰিৱৰ্তন ঘটিছে আৰু লগে লগে বিহুৰ স্বকীয় মাধুর্যও বহু মোলান পৰিছে।

(আশা কৰোঁ আপুনি “বিহু ৰচনা-bihu essay in assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “বিহু ৰচনা-bihu essay in assamese” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top