আকবৰৰ ৰাজ্যত এজন অতি সৎ ব্যক্তি আছিল। মানুহজন কিন্তু দুখীয়া আছিল। তথাপি কেতিয়াও মিছা কথা নকয় বুলি সকলােৱে জানিছিল।
এদিন এই সৎ ব্যক্তিজনৰ ওচৰলৈ এজন অসৎ ব্যক্তি আহি | ক’লে– “আপুনি এটা গােচৰৰ সাক্ষী দিব লাগিব।” “কিন্তু মই গােচৰৰ বিষয়ে সাক্ষী কেনেকৈ দিম? মই সেই বিষয়ে একোকে নাজানাে।” – মানুহজনে উত্তৰ দিলে। | “সেই বিষয়ে জনাৰ একো দৰকাৰ নাই। মই যি ধৰণে শিকাই দিম সেইদৰে ক’লেই হ’ব। আপুনি কোৱা কথা বিচাৰকে সঁচা বুলি ভাবে।” মানুহজনে অসৎ ব্যক্তিজনৰ উদ্দেশ্য বুজি পাই ক’লে – “তাৰমানে মই মিছা সাক্ষী দিব লাগিব। এই কাম মই কৰিব নােৱাৰে। মই মােৰ প্ৰাণ গলেও মিছা কথা নকওঁ।”
মানুহজনক বহুত অনুৰােধ কৰি আনকি ভয় দেখুৱাইও অসৎ ব্যক্তিজনে সৈমান কৰিব নােৱাৰিলে। হাজাৰ মােহৰ দিয়াৰ লােভ দেখুৱাটো সৎ ব্যক্তিজন মিছা সাক্ষী দিবলৈ ৰাজী নহ’ল। ফলত বিচাৰত অসৎ ব্যক্তিজন হাৰিল। বিচাৰত হাৰি মানুহজনৰ সৎmব্যক্তিজনৰ ওপৰত অত্যন্ত খং উঠিল। সি এই অপমানৰ পােতক | তুলিবলৈ উপায় চিন্তা কৰিব ধৰিলে।
আকবৰৰ দৰবাৰৰ লগত এই অসৎ ব্যক্তিজনৰ যােগাযােগ আছিল। সি আকবৰক জনালে যে মানুহজন অতি অসৎ। মানুহজনে আৰু কেবাজনাে ব্যক্তিক একে কথাকে আকবৰক কবলৈ নিয়ােগ কৰিলে। কেবাজনাে মানুহে মানুহজনক অসৎ বুলি কোৱাত আকবৰ সিহঁতৰ কথাত পতিয়ন গ’ল আৰু মানুহজনক বন্দী কৰি দৰবাৰত হাজিৰ কৰিবলৈ হুকুম জাৰি কৰিলে।
এই সকলাে ঘটনা বীৰবলে আগতীয়াকৈ জানিব পাৰি দৰবাৰত সিদিনা এক বিশেষ কৌশল অৱলম্বন কৰিলে। দৰবাৰ আৰম্ভ হােৱাৰ আগতে আকবৰক চেলাম জনাই বীৰবলে ক’লে -“জাহাপনা, ইমান দিনে বিচাৰত মই যি ৰায় দিছাে তাকেই আপুনি মানি লৈছে। কোনােদিনে মােৰ সিদ্ধান্তত আপুনি অমত হােৱা নাই। কিন্তু মাজে মাজে আপুনি অন্য মানুহৰ আগত এবাৰ হলেও বিচাৰত মােৰ মতৰ বিপৰীতে ৰায় দিব বুলি কোৱা শুনাে। যদি সেই কথা সঁচা হয়, তেন্তে আজিৰ বিচাৰৰ ৰায় মই প্রথমে দিম। আপুনি মােৰ ৰায়ৰ বিপৰীত ৰায় দিব।”
বীৰবলৰ আওপকীয়া কথা মুঠেই বুজি নাপাই আকবৰে সন্মতি জনাই ক’লে – “বীৰবলে ঠিক কথাই কৈছে। মই সদায় বীৰবলৰ ৰায় মানি লও। আজি কিন্তু বীৰবলে যি ৰায় দিব তাৰ ওলােটা ৰায় মই দিম। মই বীৰবলৰ ৰায়ৰ লগত একমত নহও।”
দৰবাৰ আৰম্ভ হল। বন্দী কৰি অনা সৎ মানুহজনৰ বিৰুদ্ধে গােচৰ চলিল। আকবৰে ক’লে – “এই মানুহজন অসৎ বুলি মােৰ পৰিচিত কেবাজনাে লােকে কৈছে। মানুহজনে হেনাে বহুত বেয়া কাম কৰে। মিছা কথা কয়। লােকক ঠগায়। কিন্তু আচৰিত কথা হ,ল মানুহজনৰ কুকৰ্মৰ কোনাে সাক্ষী নাই।” তেতিয়া বীৰবলে ক’লে– “জাহাপনা, সাক্ষী নাথাকিলেও এনে অসৎ ব্যক্তিয়ে কঠোৰ দণ্ড পােৱা উচিত।”
তৎক্ষণাত আকবৰে ৰায় দিলে— “মই এই মানুহজনক এতিয়াই মুক্তি দিলাে। মানুহজন কোনাে শাস্তি পােৱাৰ যােগ্য নহয়। বীৰবল, তােমাৰ ৰায়ৰ বিপৰীতে মই ৰায় দিলাে।” আকবৰৰ ৰায় শুনি বীৰবলে হাঁহিলে। সেইদিনাৰ দৰবাৰ তাতেই সমাপ্তি হল।
পিছদিনা বীৰবলে আকবৰক সকলাে ঘটনা বিবৰি কৈ ক’লে যে মানুহজন প্ৰকৃততে সাধু প্রকৃতিৰ। আকবৰৰ পৰিচিত লােকসকলহে অসাধু। সিহঁতে মিছা অভিযােগ দিছে। সাধু মানুহজনৰ শাস্তি হােৱাটো নিবিচৰাৰ কাৰণেই বীৰবলে এই বুদ্ধি কৰিব লগা হ’ল। আকবৰে বীৰবলৰ বুদ্ধিৰ প্রশংসা কৰিলে আৰু অসাধু লোককেইজনক শাস্তি দিলে।