সম্রাট আকবৰে দৰবাৰত ৰাজ্যৰ সকলােবােৰ বিবাদ মীমাংসা কৰাটো সম্ভৱ নাছিল। সেইবাৰে ঠায়ে ঠায়ে সম্রাটে কিছুমান সৎ মানুহক বিচাৰ কৰাৰ কাৰণে নিয়ােগ কৰিছিল। এই লােকসকলক কাজী বােলা হৈছিল। কিন্তু দিল্লীত নিয়োগ কৰা কাজীজন বৰ অসৎ আছিল। এইজন কাজীয়ে হােজা জনসাধাৰণক ঠগাইছিল।
এবাৰ এজন বুঢ়া মানুহে বৃদ্ধ বয়সত হজ কৰাৰ মনস্থ কৰিলে। বুঢ়াৰ কোনো পৰিয়াল নাছিল। গােটেই জীৱনত সঞ্চয় কৰিছিল দুই হাজাৰ মুদ্রা। তাৰে হজত যােৱা খৰচ পৰিব এক হাজাৰ মুদ্রা। বাকী এক হাজাৰ মুদ্ৰা লগত লৈ গলে চুৰি হােৱাৰ ভয়ত এটা মােনাত ভৰাই এই দিল্লীৰ কাজীজনৰ ওচৰত থৈ গ’ল আৰু ক’লে যে হজৰ পৰা উভটি আহি মুদ্ৰাৰ মােনাটো ওভটাই নিব।
কাজীয়ে মােনাটো ৰাখিলে। বুঢ়া হজলৈ গ’ল। হজ কৰি তিনিমাহৰ মূৰত বুঢ়া ঘূৰি আহিল। ঘৰ পােৱাৰ দুদিন পিছনে কাজীজনৰ ওচৰলৈ গৈ বুঢ়াই মােহৰৰ মােনাটো বিচাৰিলে।
বুঢ়াৰ কথা শুনি আচৰিত হােৱা যেন দেখুৱাই কাজীয়ে কলে– “আপুনি কি কথা কৈছে? মুদ্ৰাৰ মােনা মােক থবলৈ দিলে। কেতিয়া? আপুনি মিছা কথা কৈছে। আপুনি হজক কেতিয়া গৈছিল, সেই কথাও মই নাজানো।”
কাজীয়ে মিছা মতা শুনি বুঢ়া বিপদত পৰিল। হজত যােৱাৰ আগতে মুদ্ৰাৰ মােনাটো যে কাজীৰ তাত থৈ গৈছিল, সেইকথা বাৰে বাৰে মনত পেলাই দিয়াতাে কাজীয়ে অস্বীকাৰ কৰিলে। অৱশেষত কাজীয়ে বুঢ়াক বহুত গালি গালাজ পাৰি কলে– “আপােনাৰ মুদ্ৰাৰ মােনাৰ কথা মই একো নাজানাে। মুদ্ৰাৰ মােনা বিচাৰি মােৰ ঘৰলৈ আৰু কোনাে দিন নাহিব। এতিয়া আপুনি যাব পাৰে।”
বুঢ়াই তেতিয়া কি কৰিব? খালি হাতেৰে কাজীৰ ঘৰৰ পৰা ওলাই পােনে পােনে গৈ আকবৰৰ দৰবাৰত গােচৰ দিলে। দৰবাৰত বুঢ়াৰ সকলাে কথা শুনি আকবৰে বিচাৰৰ ভাৰ দিলে বীৰবলক। বীৰবলে বুজিলে যে কাজীয়ে মুদ্ৰাৰ মােনাটো হজম কৰাৰ মতলব কৰিছে। কিন্তু অসুবিধা হ’ল বুঢ়াই মােনাটো থৈ যােৱাৰ সময়ত কোনাে সাক্ষী নাছিল। তথাপি বুঢ়াৰ ধন বুঢ়াক ঘূৰাই দিবই লাগিব। চতুৰ বীৰবলে তেতিয়া বুঢ়াক এটা বুদ্ধি দিলে আৰু সেইমতে কাম কৰিবলৈ কলে।
পিছদিনা বীৰবলৰ কথামতে বুঢ়াই গৈ কাজীৰ সদৰ দুৱাৰৰ ওচৰত মনে মনে লুকাই থাকিল। এইদৰে লুকাই থকাৰ কিছুসময়ৰ পিছত বুঢ়াই ঘোঁৰাৰ খুৰাৰ শব্দ শুনি বীৰবল অহা বুলি বুজি পালে। ইতিমধ্যে কেবাজনাে অনুচৰেৰে সৈতে ঘোঁৰাত উঠি বীৰবল আহি তাত উপস্থিত হ’ল। ঘোঁৰাৰ খুৰাৰ শব্দ শুনি কাজী সদৰ দুৱাৰলৈ আহিল। সদৰ দুৱাৰ খােল খালে। কাজীয়ে বীৰবলক ঘোঁৰাত উঠি অহা দেখিলে। তদুপৰি সদৰ দুৱাৰৰ ওচৰতে সেই বুঢ়া মানুহজনকো দেখিলে। বীৰবলে ঘোঁৰাৰ পিঠিৰ পৰা নামি কাজীৰ লগত কোনাে কথা নকৈ বুঢ়া মানুহজনক বাৰে বাৰে চেলাম কৰিবলৈ ধৰিলে। বুঢ়াৰ খবৰ বাতৰি লৈ বৰ বিনয়েৰে বীৰবলে সুধিলে- “আপুনি হজৰ পৰা কেতিয়া আহিল? বাদছাহ আকবৰে সদায় আপােনাৰ খবৰ লৈ আছে। বাদছাহে আপােনাক চেলাম জনাইছে। তেওঁ আপােনাক দেখা কৰিব খুজিছে। দয়া কৰি কাইলৈ এবাৰ দৰবাৰত গলে খুব ভাল হ’ব। বাদছাহে আপােনাৰ কথা প্রায়ে কয়। আপােনাৰ দৰে মহান লােক হেনাে আৰু ক’তাে নাই। খােজ কাঢ়ি দৰবাৰলৈ অহাত অসুবিধা হলে বাদছাহে পাল্কী পঠাই দিব। নহলে বাদছাহে নিজেই গৈ আপােনাক ঘৰত লগ ধৰিব।”
সেইদৰে কৈ বীৰবলে পুনৰ বুঢ়া মানুহজনক চেলাম জনাই কাজীৰ লগত কোনাে কথা নাপাতি ঘোঁৰাত উঠি গুচি গ’ল।
চকুৰ আগতে বুঢ়া মানুহজনক বীৰবলে সন্মান জনােৱা দেখি আৰু আকবৰ বাদছাহেও বুঢ়াক লগ কৰিব বুলি বীৰবলে কোৱা কথা, শুনি কাজী আচৰিত হ’ল। ভাবিলে, বুঢ়া তেন্তে এলাপেচা মানুহ নহয়। বুঢ়াই যদি সম্রাটক কাজীৰ বিৰুদ্ধে লগায় তেন্তে বিপদ হ’ব। সেইদৰে ভাবি কাজীয়ে বুঢ়াক বৰ আদৰ সাদৰ কৰি ভিতৰলৈ মাতি লৈ গ’ল। বহুত কিবা কিবি খাবলৈ দিলে। শেষত মুদ্ৰাৰ মােনাটো আনি বুঢ়াৰ হাতত তুলি দি ক’লে– “সিদিনা মই পাহৰি যােৱা কাৰণে এই মােনাটো মােৰ তাত থৈ যােৱা নাছিল বুলি কৈছিলাে। কিন্তু আপুনি যােৱাৰ পিছতহে মােৰ সকলাে কথা মনত পৰিছিল। আপােনাৰ মুদ্রা আপুনি লৈ যাওঁক। সিদিনাৰ ব্যৱহাৰৰ কাৰণে আপুনি মােক মাফ কৰিব।”
বুঢ়াই মুদ্ৰাৰ মােনাটো পাই অতি সুখী হ’ল। কাজীৰ পৰা বিদায় লৈ বীৰবলক গৈ সকলাে কথা ক’লে। বুঢ়াই মুদ্ৰাৰ মােনাটো ঘূৰাই পােৱাত বীৰবলাে আনন্দিত হ’ল।