আন এবাৰ বুঢ়াক ঠগিবলৈ চেষ্টা কৰাৰ দৰে কাজীজনে এগৰাকী বুঢ়ীকো একে ধৰণেৰে ঠগিব খুজিছিল। এইবাৰো হজলৈ যাবলৈ ওলাই বুঢ়ী এগৰাকীয়ে সঞ্চিত ধনৰ পৰা বাট খৰচৰ বাবদ লগা মােহৰখিনি বেলেগে ৰাখি বাকীবােৰ এটা মােনাত ভৰাই কাজীৰ ওচৰলৈ গৈ মােনাটো থব খুজিলে। তেতিয়া কাজীয়ে ক’লে– “মই টকা-পইচাৰ লেঠা লবলৈ টান পাওঁ। কিন্তু তুমি অনুৰােধ কৰিছা যেতিয়া মই ৰাখিছাে বাৰু। কিন্তু তুমি হজৰ পৰা আহিয়ে মােনাটো নিবলৈ নাপাহৰিবা।
কাজীৰ কথাত সন্তুষ্ট হৈ বুঢ়ী আনন্দমনেৰে হজ কৰিবলৈ গ’ল। বহুদিনৰ মূৰত বুঢ়ী ঘূৰি আহি কাজীৰ ঘৰত উপস্থিত হ’ল আৰু কাজীক মােনাখন খুজিলে। তেতিয়া কাজীয়ে মােনাখন আনি বুঢ়ীৰ হাতত তুলি দিলে। মােনাখন কাজীৰ তাত ৰখা সময়ত বুঢ়ীয়ে মােনাটোত মােহৰ মাৰি দিছিল। ঘূৰাই দিয়াৰ সময়ত সেয়ে কাজীয়ে বুঢ়ীক মােহৰটো ঠিকে আছেনে নাই চাই লবলৈ ক’লে। মােহৰটো একেদৰে থকা দেখি বুঢ়ীয়ে ভিতৰৰ ধনখিনিও ঠিকে আছে বুলি নিশ্চিত হৈ কাজীক ধন্যবাদ জনাই গুচি গ’ল।
কিন্তু ঘৰত মােনাখন খুলি চাই বুঢ়ী অবাক হ’ল। মুদ্ৰাৰ সলনি মােনাখনত বুঢ়ীয়ে পালে কিছুমান মুদ্ৰাৰ দৰে আকৃতিৰ শিল। লগে লগে বুঢ়ী কাজীৰ ঘৰলৈ গ’ল আৰু মােনাৰ মুদ্ৰাবােৰ কেনেকৈ শিল হ’ল জানিব বিচাৰিলে। তেতিয়া কাজীয়ে গহীনাই ক’লে– “তােমাৰ মােনাত কি আছিল, মই একো নাজানাে। তুমি মােহৰ মাৰি দিছিলা, সেই মােহৰ একেদৰেই আছিল যেতিয়া ভিতৰৰ বস্তুও একেদৰে থাকিব। মই তােমাৰ মােনাৰ মােহৰ খােলা নাই। সেই বিষয়ে তুমিও নিশ্চিত।”
বুঢ়ী বিমােৰত পৰিল। মােহৰ মােনাটোত একেদৰেই মৰা আছিল। অথচ মােনাটোত মদ্রা বুঢ়ীয়ে নিজে ভৰাইছিল। সেই মুদ্রাবােৰ শিল হ’ল কেনেকৈ? ভাবি ভাবি বুঢ়ী আচৰিত হ’ল।
অৱশেষত বিবুদ্ধিত পৰি বুঢ়ীয়ে সম্রাট আকবৰৰ দৰবাৰলৈ গৈ সকলো ঘটনা বিবৰি ক’লে। সম্রাটে তেতিয়া সেই বিচাৰৰ ভাৰ দিলে বীৰবলক। বীৰবলে মুদ্ৰাৰ মােনাটো চাব খুজিলে। বুঢ়ীয়ে মােনাটো দেখুৱাত বীৰবলে মােনাটো পৰীক্ষা কৰি বুজিলে যে কাজীজনে মােনাখন কাটি মুদ্রাবােৰ উলিয়াই শিল ভৰাই পুনৰ আগৰ দৰে চিনি নােপােৱাকৈ চিলাই কৰি থৈছে। এই কামটো কৰিছে কোনােবা দক্ষ দর্জীয়ে।
তাৰপিছত ইয়াৰ এটা সুবিচাৰ কৰিব বুলি কৈ বীৰবলে বুঢ়ীক বিদায় দিলে। বুঢ়ী যােৱাৰ পিছত বীৰবলে আকবৰক এটা বুদ্ধি দিলে। বীৰবলৰ বুদ্ধিমতে পিছদিনা ৰাতিপুৱা আকবৰে নিজৰ বিচনা চাদৰখন অকনমান ফালি থৈ দিলে। কিন্তু নিশা শুবলৈ গৈ সম্রাট আচৰিত হ’ল। বিচনা চাদৰখন ইমান সুন্দৰকৈ চিলােৱা আছিল, ই যে ফাটিছিল ধৰিবই নােৱাৰি। সেই কথা বীৰবলক জনােৱাত বীৰবলৰ পৰামর্শমতে সম্রাটে সেই দায়িত্বত থকা সৈন্যজনক মাতি আনি ইমান। সুন্দৰকৈ কাপােৰখন কোনে চিলালে তাক জানিব বিচাৰিলে।
সৈন্যজনে উত্তৰ দিলে– “জাহাপনা, কাপােৰখন ফাটি যােৱাৰ শাস্তিৰ ভয়ত মই সকলােতকৈ বুদ্ধিমান আৰু দক্ষ দর্জীজনৰ হতুৱাই চিলালোঁ৷”
আকবৰে সৈন্যজনক পিছদিনা দৰবাৰলৈ সেই নিপুন দর্জীজনক লৈ আহিবলৈ হুকুম দিলে।
পিছদিনা দৰবাৰত দৰ্জীজন উপস্থিত হােৱাত আকবৰে সুধিলে–“মােৰ বিচনা চাদৰখন চিলােৱাৰ আগতে তােমাক এনে কাম কোনে কৰিব দিছিল ?”
দর্জীজনে উত্তৰ দিলে- “কাজী চাহাবে জাহাপনা, মই তেওঁক এটা শিল থকা মােনা চিলাই দিছিলাে।” তাৰপাছত বীৰবলৰ পৰামর্শমতে কাজীজনক দৰবালৈ মাতি অনা হ’ল। দর্জীজনক দেখিয়ে কাজী ভয়ত কঁপিবলৈ ধৰিলে। সি তেতিয়া সকলাে দোষ স্বীকাৰ কৰিলে আৰু বুঢ়ীৰ সকলাে মুদ্রা ঘূৰাই দিলে।
বুঢ়ীয়ে সম্রাটক ধন্যবাদ জনাই গুচি গ’ল।