বৃক্ষৰােপণ কার্যসূচী

ভূমিকা
সভ্যতা আগবঢ়াৰ লগে লগে যন্ত্রসভ্যতাৰ আশীর্বাদৰ সমান্তৰালভাৱে মানুহে তাৰ অভিশাপাে বহন কৰিবলগীয়া হৈছে। ভগৱানে যি অৰণ্য-পর্বত-সাগৰেৰে আৱৰা পৃথিৱী মানুহৰ বাবে গঢ়ি তুলিছিল, ব্যৱহাৰিক প্রয়ােজনৰ তাগিদাত মানুহে তাক আকৌ নতুনকৈ গঢ়ি তুলিছে। আধুনিক সভ্যতাই এফালে যিদৰে মানুহৰ জয় ঘােষণা কৰিছে, আনফালে তেনেদৰে মানুহৰ সর্বনাশাে মাতি আনিছে। তৰু বৃক্ষহীন যান্ত্রিক জীৱন আজি অস্বাস্থ্য আৰু নানান ব্যাধিৰ প্ৰকোপত জৰ্জৰিত। সেয়ে বিশ্বজুৰি আজি মানুহে বৃক্ষ ৰােপণৰ প্রতি সচেতন হৈছে।
আধুনিক সভ্যতাৰ বিজয় গৌৰৱ বহন কৰি গঢ়ি উঠিছে কল-কাৰখানা অধ্যুষিত নগৰসমূহ। দৈনিক যাতায়াতৰ বাবে ব্যৱহাৰ হৈছে অসংখ্য যন্ত্রচালিত যানবাহন। মানুহৰ বসতিস্থল নির্মাণৰ নামত নির্বিচাৰে চলিছে অৰণ্যহনন। একো একোখন চহৰ যেন হৈ পৰিছে তৰুবৃক্ষৰ স্পর্শহীন পাষাণপুৰী। ইয়াৰেই পৰিণতিত সভ্যতাগৰ্বী মানুহৰ জীৱন জটিল ব্যাধাৰে আজি ভাৰাক্ৰান্ত হৈ পৰিছে।
নগৰীয়া জীৱনত ক্ৰমশঃ গছ বনৰ পৰিমাণ কমি অহাত মানুহৰ প্ৰাণৰ অস্তিত্ব আজি বিপন্ন। পৃথিৱীৰ প্ৰতিখন দেশতে বিজ্ঞানীৰ মতঃ পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে গছ-লতাৰ পৰিৱেশ আৰু প্রাকৃতিক ভাৰসাম্য ওভতাই আনিব লাগিব। সেয়ে বৃক্ষৰােপণ কার্যসূচী আধুনিক মানুহৰ জীৱনৰ এক প্ৰাণৱন্ত উৎসৱ।
বৃক্ষ মানৱ জীৱনৰ মূল্যবান সম্পদ
পৰিসংখ্যাৰ পৰা দেখা গৈছে যে এজোপা গছ যদি ৫০ বছৰ বাচি থাকে, তেন্তে তাৰ পৰা ৫০ লাখ টকা সমপৰিমাণৰ প্রাণদাযী অক্সিজেন পােৱা যায়। গছ-গছনিৰ অভাবৰ ফলত বৰষুণতাে তাৰতম্য ঘটে। গছ অতি মূল্যবান বনজ সম্পদ। সেয়ে গছ যদি ধ্বংস কৰা হয়, তেন্তে তাৰ সমপৰিমাণৰ বৃক্ষৰােপণ আমাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতেই অপৰিহার্য। প্রাকৃতিক পৰিৱেশৰ সমতা ৰক্ষা কৰিবলৈ দেশৰ মুঠ ভূখণ্ডৰ অন্ততঃ ৩০ ভাগ বনভূমি থাকিব লাগে। ভাৰতৰ বন নীতি অনুসৰি দেশখনৰ সমতলত ৩৩ ভাগ আৰু পার্বত্য অঞ্চলত ৬৩ ভাগ বনভূমি থকা আৱশ্যক।
প্রাচীন ভাৰতৰ আশ্ৰম বা তপােবনৰ বাসিন্দাসকলে গছ-গছনিৰ গুৰুত্ব উপলব্ধি কৰিছিল। ঋষি-মুনিসকলৰ সাধনাৰ ক্ষেত্র, আশ্রম আদি সেযে তেওঁলােকে স্থাপন কৰিছিল প্রকৃতিৰ উদাৰ উন্মুক্ত পৰিৱেশৰ মাজত। সুখৰ কথা, সম্প্রতি আধুনিক ভাৰততে বৃক্ষসম্পদৰ গুৰুত্ব সম্বন্ধে সচেতনতাই দেখা দিছে।
১৯৫০ চনত প্রথম চৰকাৰী উদ্যোগত বন মহােৎসৱ অনুষ্ঠিত হয়। ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে চৰকাৰী উদ্যোগত দেশৰ সর্বত্রে বৃক্ষৰােপণ কাৰ্যসূচী পালন কৰি অহা হৈছে। জনসাধাৰণ আৰু বিভিন্ন বেচৰকাৰী প্রতিষ্ঠানক এই কাৰ্যসূচীৰ অধীনত গছৰ পুলি প্রদান কৰা হয়। অৱশ্যে প্রযােজনৰ তুলনাত এই বিতৰণ নিচেই সামান্য। চহৰ নগৰৰ পৌৰসভাসমূহ আৰু শিল্পসংস্থাসমূহে এই দিশত উদ্যোগ ললে বৃক্ষৰােপণ কার্যসূচী অধিক ফলপ্রসু হব বুলি আশা কৰিব পাৰি। আমাৰ দেশৰ অধিকাংশ চহৰতেই আজি সেউজ উন্মুক্ত প্রান্তৰৰ অভাৱ। কিন্তু বিদেশত নগৰ পৰিকল্পনাৰ সময়তে উদ্যান আৰু প্ৰান্তৰৰ বাবে যথেষ্ট ব্যৱস্থা ৰখা হয়। সেয়ে মানুহক বাচি থাকিবলৈ হ’লে মানুহৰ আদিম জীৱনৰ প্রতিবেশী তৰু-লতাক জীয়াই ৰাখিব লাগিব, প্রতিপালন কৰিব লাগিব।
সামৰণি
জনৈক কবিয়ে যথার্থভাৱেই কৈ গৈছে, ‘গাঁও ঈশ্বৰৰ সৃষ্টি, চহৰ মানুহৰ ৰচনা’। দেখা গৈছে য’তেই মানুহে সৃষ্টিৰ ওপৰত হস্তক্ষেপ কৰিছে ত’তেই প্রকৃতিয়ে লৈছে নির্মম প্রতিশােধ, সেয়ে জীৱনক সুস্থ আৰু সুন্দৰভাৱে উপভােগ কৰিবলৈ হ’লে বৃক্ষৰ শ্যামল স্নিন্ধ আশীর্বাদ ধাৰাত অৱগাহন কৰিবই লাগিব। কেবল কাব্যিক বিলাশ নহয়, নিতান্ত বাস্তৱ প্রয়ােজনতেই এইটো কৰা অনিবার্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top