ব্রহ্মদত্ত নামৰ এজন কিশােৰ তাৰ মাকৰ সৈতে এখন গাঁৱত বাস কৰিছিল। কিশােৰজন মাকৰ একান্ত বাধ্য আছিল। ক’ৰবাত গলেও মাকৰ আশীর্বাদ নােলােৱাকৈ লৰচৰ নকৰিছিল। সেই কাৰণে মাকেও ব্রহ্মদত্তক কিবা এটা দিহে বিদায় দিছিল। এবাৰ ব্ৰহ্মদত্তই কিবা এটা কাৰণত ওচৰৰ গাঁও এখনলৈ যাবলগীয়া হ’ল। সেইদিনা ব্ৰহ্মদত্তই মাকৰ পৰা বিদায় ল’বলৈ যাওতে মাকে একো নথকা বাবে মােনাত এটা কেঁকোৰাকে ভৰাই দি পঠিয়ালে। ব্ৰহ্মদত্তই মাকৰ পৰা বিদায় লৈ গাঁওখনলৈ খােজ ল’লে। কিছুদূৰ যােৱাৰ পিছত ব্রহ্মদত্তৰ ভাগৰ লাগিল। সি অলপ সময় জিৰণি লও বুলি এজোপা গছৰ তলতে বহি ল’লে। এনেতে ব্রহ্মদত্তৰ টোপনি আহিল। ঠিক সেই সময়তে গছৰ খােৰােঙৰ পৰা এহাল বিষাক্ত সাপ ওলাই আহিল। ব্রহ্মদত্তই সাৰ পাই দেখে সন্মুখত এডাল বিষাক্ত ফেটী সাপ। সাপডাল লাহে লাহে গৈ গৈ তাৰ মােনাখনত সােমাল। মােনাখনত সােমাওতে মােনাৰ ভিতৰত থকা কেকোৰাটোৱে সাপডালক যােৰেৰে চেপি ধৰি উশাহ ল’ব নােৱাৰা কৰি ক্ষন্তেকৰ ভিতৰতে মাৰি পেলালে। মাকে দি পঠিওৱা সামান্য কেকোঁৰাটোৰ বাবে সেইদিনা ব্ৰহ্মদত্তৰ প্ৰাণ বাচিল।