ভকতীয়া ব্যাকৰণ

তাহানি লৰাকালিতে বোপায়ে মোক পঢ়াশালিত পঢ়িবলৈ দিছিল৷ মই এবছৰৰ ভিতৰত প্ৰথম ভাগ শেষ কৰি দ্বিতীয় ভাগ লৈ ভাবিছিলোঁ যে, এইখন কিতাপ শেষ হলেই মোৰ পঢ়াশলীয়া জীৱন শেষ হব৷ কিন্তু দ্বিতীয় ভাগ শেষ হওঁ হওঁ হলত আৰ তাৰ মুখে শুনিবলৈ পালো, বোলে দ্বিতীয় ভাগৰ পাচত আকৌ তৃতীয় ভাগ এখন আছে৷ আৰু হেনো তেতিয়া তাৰ লগে লগে কিবা ব্যাকৰণো পঢ়িৰ লাগিব৷ বিয়াকৰ্ণৰ নাম মই ইয়াৰ আগেয়েও শুনিছিলোঁ৷ সেই কিতাপখন মানুহে বৰ টান বুলি কৈছিল৷ মোৰ পক্ষে দ্বিতীয় ভাগেই বৰ টান৷ ফলা পঢ়োঁতে ওজাদেৱে কেইডাল এছাৰি মোৰ পিঠিত চিঙিছে তাৰ লেখ-জোখ নাই, তেও এতিয়াও মাজে মাজে খোকোজা লাগেহে৷ ব্যাকৰ্ণৰ নাম শুনি ভয়ত মোৰ বুকু কঁপি আছিল; আৰু ভাবিছিলোঁ যে ব্যাকৰ্ণ শিকোঁতে পিঠিৰ ছাল এডুখৰিও থাকিবৰ নহয়৷ কিন্তু ঈশ্বৰৰ এনে মহিমা যে, মোৰো দ্বিতীয় ভাগ শেষ হল, আৰু ইফালে বোপায়েও জহনীত পৰি ৰাম বুলিলে৷ আয়ে বৰকৈ কান্দিছিল কিন্তু মই হলে বোপাই মৰাত ৰক্ষা পৰা যেন পাইছিলোঁ৷ সি যেইবা নহওক বোপাই ঢুকুৱাৰ পাচত মই পঢ়াশালি এৰি হালত ধৰিলোঁ৷ ক্ৰমে বিয়া বাৰু কৰাই গৃহস্থালি কৰি আছোঁ, ল’ৰা ছোৱালীও চাৰি পাঁচুটি হৈছে৷ 

 কোৱঁৰগাঁৱৰ শইকীয়াচুকত মোৰ মোমাইৰ ঘৰ৷ মই এবাৰ মোমাইৰ ঘৰলৈ গৈ তাত এমাহমান আছিলো৷ মোমাইৰ পদূ- লিৰ আগতে এটি পঢ়াশালি আছে৷ এদিন দেখিলো, পঢ়াশালি চাবলৈ এজন বাবু আহিছিল৷ তেওঁ পঢ়াশালিৰ ওজাজনক বৰকৈ ডবিয়ালে, কিয় ডবিয়ালে মই তাৰ একো বুজ নাপালোঁ৷ বাবুজন কিছুমান পৰৰ পাচত ঘোঁৰাত উঠি গুচি গল আৰু পঢ়া- শালিও ছুটি হল৷ মই এটা ল’ৰাক লগ ধৰি ওজাদেৱক কিয় ডবিয়ালে বুলি সুধিলোঁ৷ দি উত্তৰত কলে যে বাবুজন ইনিচ্‌ – পেক্টৰ তেওঁবিলাকক ব্যাকৰ্ণৰ কথা সুধিছিল, ল’ৰাবিলাকে একো কব নোৱাৰিলে৷ সেই দেখি লৰা বিলাকক ব্যাকৰ্ণ ভালকৈ শিকোৱা নাই বুলি ডবিয়াইছিল৷ ৷ ব্যাকৰণৰ নাম শুনি মোৰ পুৰণি কথা মনত পৰিল, আৰু ল’ৰাটোক সুধিলোঁ “বপা, ব্যাকৰ্ণ বস্তুটো কি? ” সি কলে বোলে ব্যাকৰণ এখন পুথিৰ নাম তাক পঢ়িলে ভাষাৰ তত্ত্ব পোৱা যায় কোনটো কথা কেনেকৈ কব লাগে তাক জানিব পাৰি৷ আৰু ইয়াত বাজেও বহুত কথা শিকিব পাৰি৷ সি আৰু কলে যে, পুথিখন হলে বৰ টান, সকলোৱে তাক বুজিব নোৱাৰে৷ পাচদিনা দেখিলোঁ, ওজা দেৱে হাতত এছাৰি লৈ পঢ়াশালিত পঢ়াবলৈ লাগিছে, আৰু মাজে মাজে একোটা ল’ৰাক ধৰি আনি সেই এছাৰিৰে পাৰেমানে মৰিয়াইছে, ল’ৰাই ডেডাউৰি পাৰি গোটেইখন পঢ়াশালিত খলকনি লাগাইছে৷ মোৰ ব্যাকৰ্ণ পঢ়িব লগীয়া নহল, নাইবা মোৰো কুমলীয়া পিঠিত এই দৰে এছাৰি জাৰিলে হেঁতেন৷ মোৰ মনত এই দৰে ভয় লাগিছিল যদিও, ব্যাকৰ্ণৰ তত্ত্ব লবলৈ মোৰ বৰ মন গৈছিল৷ এই ঘটনাৰ এবছৰ মানৰ পাচত এদিন মই ৰুকুনী গাৱলৈ মহ কিনিবলৈ গৈছিলোঁ৷ মোৰ হাল খন, তাৰে এটা মহ চবকা লাগি মৰিল৷ আৰু এটা মহ নহলে নচলে দেখি পুৱাই দুটামান খাই ওলাই গৈছিলোঁ, আৰু দিনৰে দিনটো মহ বিচাৰি ফুৰিছিলো, কিন্তু মহ হলে পোৱা নগল৷ ঘূৰি ঘৰলৈ আহিবৰ সময়ত বাটতে ৰাতি হ’ল৷ সেই দেখি তাতে এঘৰ মানুহৰ ঘৰত আলহী চাপিলোঁ৷ মই যোৱাৰ আগেয়ে আৰু এজন মানুহ মোৰ দৰে আলহী চাপিছিল৷ গিৰিহঁতে দুইকো এটা মুকলি ঘৰত বহা দিলে৷ খাবলৈ সিধাপাতিও দিব খুজিছিল৷ কিন্তু আমি আৰু তাত ভাত ৰান্ধি খাবলৈ মান্তি নহলোঁ, লগতে অলপ যি ই-সি আছিল, তাকে খাই শুই থাকিলোঁ৷ মাঘৰ মাহ, ৰাতি জাৰ, ফুৰি ফুৰি মোৰ বৰ ভাগৰ লাগিছিল, সেই দেখি পৰিলতে টোপনি আহিল৷ পাচত পুৱতী নিশা যে সাৰ পাওঁ, জাৰত গা একেবাৰে ঠেৰেঙ্গা লাগিছে৷ মই উঠি বহিলোঁ, আৰু সিজন মানুহক মাত লগালোঁ৷ তেৱোঁ জাৰত থাকিব নোৱাৰি কোচমোচ খাই আছে৷ মই মাতিলত তেওঁ একেঁচাবে উঠিল৷ গিৰিহঁতে পাৰি শুবলৈ আমাক বহুত ধানখেৰ দিছিল, তাৰে জুই ধৰি পুৱাবৰ মনেৰে জুই বিচাৰো যে সাঁজতে ধৰা জুইৰ ফিৰিঙ্গতি দুই চাইটা ছাইৰ মাজত আছিল, তাৰেই অহো পুৰুষাৰ্থ কৰি জুই ধৰিলোঁ৷ জুইৰ ওচৰত বছি তামোল-ছালি খাই কথা বতৰা হৈ দুয়োজন বহি আছোঁ৷ কথাৰ মাজত সিজন মানুহে হাঁহি মাৰি এটা ফকৰা গালে, —

লেহেতীয়াই বুজে কিবা যুবতীৰ কোল৷
বৰলাই পায় কিবা ব্যাকৰ্ণৰ মোল৷ 

 এই কথা শুনি মোৰ মনৰ পুৰণি খু-দুৱনি দুনাই উক দিলে৷ মই তেওঁক সুধিলো, “ককাই৷ তুমি যে ফকৰাটো মাতিলা, তাৰনো অৰ্থ কি? ব্যাকৰ্ণনো কিহক বোলে? ” মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ কলে যে, ব্যাকৰ্ণ কি তেওঁ আগেয়ে নাজানিছিল, পাচত এজন ভকতে হেনো এটা পদ গাই তাৰ অৰ্থ বুজাই দিছিল৷ এই বুলি পদটো মোক গাই শুনালে৷ যিবিলাক লোকে ব্যাকৰণ নাজানে, তেওঁলোকৰ নিমিত্তে পদটো ইয়াতে তুলি দিয়া হল৷ 

“শুনা শুনা শুনা শিশু শুনা পুতি মন৷
থিৰ মনে শুনা কাক বোলে ব্যাকৰণ॥
ব্যা শব্দৰ অৰ্থ বিয়া, কৰাই কৰণ৷
বিয়া কৰালেই শিক্ষা হয় ব্যাকৰণ৷ ৷
পণ্ডিতে উচ্চাৰে ব্যা অপণ্ডিতে বিয়া৷
আচলতে ভেদাভেদ একো নাইকিয়া॥
ব্যাকৰ্ণৰ আদিতে বৰ্ণ বগা নে কলীয়া৷
ওৰণি গুচালে দেখি নিকা নে মলীয়া॥
স্বৰবৰ্ণ নাক মুখ চুলি আৰু কাণ৷
ভৰি হাত ব্যঞ্জন বৰ্ণ মান অভিমান৷ ৷
বৰ্ণ আধ্যা পাৰ হলে সন্ধিত পৰিবা৷
প্ৰথমে তেতিয়া দিশ ধুঁৱলি দেখিবা৷ ৷ 

স্বৰ সন্ধি বৰ টান স্বজন পালন৷
গৃহস্থালি ৰক্ষা আৰু ধন উপাৰ্জ্জন॥
যদি সুকলমে স্বৰসন্ধি পাৰ হলা৷
তেনে হলে, বাৰ পাঁচ ‘দাওঁ’ মাৰি দিলা॥
তেহেলৈ ভাৱনা নাই ব্যঞ্জনৰ ফালে৷
খাহি-পহু হাহ-পাৰ গিলা হালে হালে॥
সন্ধিৰ সিফালে আছে আধ্যা কাৰকৰ৷
জীৱনৰ কেন্দ্ৰ আৰু তত্ত্ব সংসাৰৰ৷
যদি ভক্তিযোগ কৰি শিকা সেই খিনি৷
তেনেহলে সংসাৰত হবা ধনী মানী॥
নাইবা বিভক্তি লাগি মিলাব আপালি৷
লাং লাং থাং থাং হব গৃহস্থালি৷
তেতিয়া কৰিবা কৰ্ম্ম কৰ্ত্তা নাম ধৰি৷
খাস্তাং কনিবা ঘৰ অপকৰ্ম্ম কৰি॥
হয় অধিকৰণেৰে হবা আঢ্যৱন্ত৷
কিম্বা অপাদান কৰি হবা সৰ্ববস্বান্ত॥
কাৰকৰ ভিতৰত সম্বন্ধটো টান৷
জোঁৱাই বিচাৰি লোকে হেৰুৱাই মান৷ ৷
বিয়ৈ বিয়নী দুয়ো হৈ কৰণীয়া৷
সৰ্বস্ব নিদিলে জীক নকৰায় বিয়া৷
শেষত অপাত্ৰ ধৰে সুপাত্ৰ নেপাই৷
কৰে কন্যা সম্প্ৰদান কৰি হাঁয় হাঁয়॥

ইয়াতকৈও আৰু টান আছে ব্যাকৰ্ণত৷
ধাতু নামে এটি আধ্যা ৰাখিবা মনত৷
সকলোৰে ধাতু বুজি চলা বৰ টান৷
গণে গণে জনে জনে ৰপ হয় সমান॥
অহিভত কেওঁ কৰে তদ্ধিত প্ৰত্যয়৷
হিত কৃতে নিন্দা কৰে এনে বিপৰ্য্যয়॥
কিন্তু অন্ত হলে আয়ু মৰণ কালত৷
তদ্ধিত অকৃত লোকে নেৰাখে মনত॥
পাহৰে অকৃত কৃত চুবুৰীয়া জনে৷
সমাস মিলনে মিলি কান্দে শোক মনে৷ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top