নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “ভবেন্দ্ৰ নাথ শইকীয়া-Bhabendra Nath Saikia” ৰচনা খনৰ জৰিয়তে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ অসমীয়া জাতিৰ ওপৰত অপৰিসীম অৱদানৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।
পৰিচয়:
অসমীয়া সমাজ জীৱনলৈ যিসকল ব্যক্তিয়ে সাহিত্য-সংস্কৃতি, চলচ্চিত্র, জাতীয় জীৱনৰ সকলো দিশতে বহুমুখী প্রতিভাৰে বিশাল অৱদান আগবঢ়াই জাতিটোৰ সম্পদৰ ভঁৰাল চহকী কৰি থৈ গৈছে সেই সকলৰ ভিতৰত অন্যতম ডঃ ভবেন্দ্ৰ নাথ শইকীয়া। দেশপ্রেম, অধ্যৱসায়, কর্তব্যনিষ্ঠা, সততা আৰু পৰিকল্পিত অক্লান্ত শ্ৰমেৰে অসমীয়া জাতীয় জীৱনলৈ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান অপৰিসীম।
ভবেন্দ্ৰ নাথ শইকীয়া -Bhabendra Nath Saikia
ডঃ ভবেন্দ্ৰ নাথ শইকীয়া কেৱল এজন অধ্যাপক, গল্পকাৰ বা ঔপন্যাসিকেই নহয়, বা এজন শিশু সাহিত্যিক, নাট্যকাৰ, নিবন্ধকাৰ বা চলচ্চিত্ৰকাৰেই নহয়, ডঃ শইকীয়া এগৰাকী বিশাল মহীৰূপ স্বৰূপ ব্যক্তি। এক বিশাল অনুষ্ঠান। ডঃ শইকীয়া আছিল বহুমুখী প্ৰতিভাসম্পন্ন এটি বর্ণময়, বিৰল সৃজনশীল ব্যক্তিত্ব। গল্প, উপন্যাস, নাটক, চলচ্চিত্র, শিশু সাহিত্য, আলোচনী সম্পাদনা আদি অসমীয়া সাহিত্য-সংস্কৃতিৰ যতেই হাত দিছিল তাতেই অসামান্য প্ৰতিভাৰ বুৎপত্তি আৰু কৃতিত্বৰ স্বাক্ষৰ থৈ গৈছে।
শৈশৱ আৰু শিক্ষা জীৱন:
এইজনা যুগজয়ী আদর্শ পুৰুষৰ জন্ম ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজদাৰীপট্টিৰ এক দুখীয়া সংস্কৃতিৱান পৰিয়ালত। নগাঁৱতে স্কুলীয়া শিক্ষা লাভ কৰি ১৯৪৮ চনত নগাঁও গবর্নমেন্ট হাইস্কুলৰ পৰা তিনিটা বিষয়ত লেটাৰ আৰু ষ্টাৰ মাৰ্কসহ প্রথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান বিভাগত ইন্টাৰমিডিয়েট পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে দ্বিতীয় বিভাগত।
কৰ্মজীৱন:
স্নাতকোত্তৰ হৈয়ে ১৯৫৬ চনৰ পৰা ১৯৫৭ চনলৈ তেওঁ শিৱসাগৰ মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ প্রবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলে ১৯৫৭ চনৰ পৰা ১৯৫৮ চনলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞান বিভাগত ডেমষ্ট্ৰেটৰ হিচাপে কাৰ্যনিবাহ কৰি ১৯৫৮ চনত ইংলেণ্ডলৈ গৱেষণাৰ বাবে যাত্রা কৰে। লণ্ডন বিশ্ববিদ্যলয়ৰ পৰা ‘The Structure Aggregation and metting of metal and other Ailms condened from Vapour’ শীর্ষক বিষয়ত ডক্টৰেট লাভ কৰি ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞান বিভাগৰ প্ৰৱক্তাৰূপে যোগদান কৰে।
পৰৱৰ্তীকালত বিভাগটোৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি বিশ্ববিদ্যালয়খনৰ আঞ্চলিক ভাষাত পাঠ্যপুথি প্রস্তুতি সমন্বয় সমিতিৰ সচিব হিচাপেও কাৰ্যনিবাহ কৰে ১৯৭৯ চনলৈ। ১৯৭৮-৮১ চনলৈকে ৰে’লসেৱা আয়োগ, গুৱাহাটীৰ অধ্যক্ষ হিচাপে কাৰ্যনিবাহ কৰে। ডঃ শইকীয়াই কাৰ্যনিবাহ কৰা প্ৰতিটো পদতে সততা আৰু দক্ষতাৰে নিজৰ সমাজকেন্দ্রিক চিন্তাৰে পৰিৱৰ্তন আনিবলৈ অহৰহ চেষ্টা চলাই এক নজিৰবিহীন আদৰ্শ থৈ গৈছে। পাঠ্যপুথি প্রস্তুতি সমিতিৰ সচিব হিচাপে তেওঁৰ দুটা অৱদান অসমীয়া জাতিলৈ অমৰ দানৰূপে চিৰকাল বিবেচিত হ’ব। প্ৰথমটো, বানান সম্পর্কে এটা নীতি আৰু বিদেশী শব্দ অসমীয়া ভাষাত লিখাৰ এক বিধিসন্মত নীতি। দ্বিতীয়, অসমীয়া বৈজ্ঞানিক পৰিভাষা।
বিবাহ:
১৯৬৫ চনত উত্তৰ লখিমপূৰৰ প্ৰীতি শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জীৱনৰ কৰ্মব্যৱস্ততাৰ মাজতো ডঃ শইকীয়া দুটি কন্যাসন্তানৰ পিতৃ আৰু এজন স্বামী হিচাপে সকলো সাংসাৰিক কৰ্মতে অতি সফল ব্যক্তি।
সৃষ্টিশীল জীৱনৰ পাতনি আৰু সাহিত্যকৃতি সমাজ দায়বদ্ধতাৰে ব্যস্ততাপূৰ্ণ আৰু দায়িত্বপূর্ণ পদবীত থাকিও তেওঁ সমাজ আৰু সংস্কৃতিৰ বাবে বিভিন্ন দিশত নিজৰ সৃষ্টি আৰু কৰ্মৰে যি অৱদান আগবঢ়ালে সেয়া অসমীয়া সমাজত অতি বিৰল। প্ৰৱেশিকা পৰীক্ষা দি উঠিয়েই তেওঁ লিখি উলিয়াইছিল ‘আতংকৰ শেষত’ নামৰ এখন ডিটেক্টিভ উপন্যাস। ছাত্ৰাৱস্থাত তেওঁ সামাজিক কাম কাজৰ উপৰিও গল্পকাৰ হিচাপে পৰিচিতি লাভ কৰিছিল। পঞ্চাশৰ দশকতে তেওঁ গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। পাছত সত্তৰ দশকলৈ তেওঁৰ পৰিচিত হৈ পৰিছিল নাটক, অনাতাঁৰ নাটক, উপন্যাস, চলচ্চিত্ৰ আৰু সাংবাদিকতাৰ সাজেৰে।
‘আতংকৰ শেষত’, ‘অন্তৰীপ’ আৰু ‘ৰম্যভূমি’ ডঃ শইকীয়াৰ জনপ্ৰিয় আৰু সাহিত্যিক সামাজিক মূল্যবোধ থকা উপন্যাস। ইয়াৰে অন্তৰীপ নামৰ উপন্যাসখন তেওঁ ‘অগ্নিস্নান’ নামেৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৬৩ চনত তেওঁৰ প্ৰথমখন গল্পসংকলন ‘প্ৰহৰী’ প্রকাশ পায়। এইখনকে ধৰি ভবেন্দ্ৰ নাথ শইকীয়াৰ মুঠ ১২ খন গল্প সংকলন প্রকাশ পায়। তাৰ ভিতৰত ‘গহ্বৰ’, ‘সেন্দুৰ’, ‘শৃংখল’, ‘তৰংগ’, ‘এই বন্দৰৰ আবেলি’, ‘সান্ধ্যভ্রমণ’ আদি উল্লেখনীয়।
শিশু সাহিত্যিক হিচাপেও ডঃ শইকীয়াৰ অৱদান উল্লেখনীয়। সঁফুৰা আলোচনীখনৰ সম্পাদনাৰ জৰিয়তে তেওঁ এক নতুন শিশু সাহিত্যৰ জোৱাৰ আনিবলৈ সক্ষম হৈছিল। ‘মৰমৰ দেউতা’ তেওঁৰ একমাত্ৰ শিশু উপন্যাস। ‘শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট মহাদুষ্ট’ শিশু গল্প সংকলন। পদ্যৰ ধেমালি একমাত্র কবিতাপুথি। ‘জীৱন বৃত্ত’ তেওঁৰ আত্মজীৱনী।
চলচ্চিত্ৰ পৰিচালক হিচাপে ডঃ শইকীয়া:
চলচ্চিত্ৰ পৰিচালক হিচাপে ডঃ শইকীয়াৰ প্ৰতিটো কৰ্মই অতি মূল্যৱান। ১৯৭৭ চনত তেওঁৰ প্ৰথমখন চলচ্চিত্র ‘সন্ধ্যাৰাগ’ নিজৰেই গল্প ‘বাণপ্ৰস্থ’ৰ অৱলম্বনত নিৰ্মাণ কৰি উলিয়ায়। নিজৰ কাহিনী আৰু চিত্ৰনাট্য সংলাপেৰে জীৱন কালত নিৰ্মাণ কৰা মুঠ ৮ খন ছবিৰ সাতখন অসমীয়া আৰু এখন হিন্দী ছবি পৰিচালনা কৰে। ছবিকেইখন হ’ল, ‘সন্ধ্যাৰাগ’, ‘অনিৰ্বাণ, ‘অগ্নিস্নান, ‘কোলাহল’, ‘সাৰথি, ‘আৱৰ্ত্তন’, ‘ইতিহাস’ আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’।
সাতোখন অসমীয়া ছবিয়েই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ চলচ্চিত্ৰৰ বিষয়ে সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই কৈছে, ‘এটা নিটোল কাহিনীৰ চিত্ৰৰূপ দিবলৈ তেওঁ যিটো উৎকৃষ্ট কৌশল বুলি ভাবিছিল, সেইটো নিজস্ব কৌশলেৰেই চলচ্চিত্র নির্মাণ কৰিছিল। সেয়েহে তাত আছিল মৌলিকত্ব আৰু আপোন ব্যক্তিত্বৰ প্ৰতিফলন’।
নাট্যকাৰ/নাট পৰিচালক:
নাটক, একাংকিকা, অনাতাঁৰ নাট আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ আৰু পৰিচালক হিচাপেও ডঃ শইকীয়াৰ অসমীয়া সমাজ জীৱনলৈ অৰিহণা উল্লেখযোগ্য। চলচ্চিত্ৰ আৰু অনাতাঁৰ তথা ভ্ৰাম্যমাণ মঞ্চাভিনয়ৰ ক্ষেত্ৰত তেওঁ সদায়েই আপোচবিহীন আছিল। ভ্ৰাম্যমাণ মঞ্চৰ বাবে ‘ৰামধেনু, ‘নীলকণ্ঠ’, ‘সমুদ্রমন্থন, ‘শতাব্দী’ আদি জনপ্রিয় আৰু উচ্চ মূল্যবোধৰ ২৬ খন নাটক ৰচনা আৰু পৰিচালনা কৰি যায়।
আলোচনী সম্পাদক হিচাপে:
আলোচনী সম্পাদনাৰ ক্ষেত্ৰতো তেওঁ অতি সফল আৰু অগতানুগতিক ধাৰা সৃষ্টি কৰি গৈছে অসমীয়া সমাজ জীৱনৰ বাবে। পষেকীয়া আলোচনী ‘প্রান্তিক’ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদকৰূপে শইকীয়াই ১৯৮১ চনৰ পৰা মৃত্যুৰ সময়লৈকে এক শ্ৰেণীৰ ৰুচিশীল আৰু জ্ঞানপিপাসু পাঠক সৃষ্টি কৰিলে। বহু বছৰ শিশু আলোচনী ‘সফুৰা’ৰ সম্পাদক হিচাপে অসমীয়া শিশু সাহিত্য চৰ্চাৰ ধাৰাটোকে নব্য মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছিল ডঃ শইকীয়া।
সামাজিক কৰ্ম আৰু সন্মান লাভ:
ছাত্রাবস্থাৰ পৰা জীৱনৰ শেষলৈকে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াই সমাজৰ সুদূৰপ্ৰসাৰী হিতকৰ অসংখ্য কামত নিয়োজিত হৈ আহিছিল। তাৰ ভিতৰত সংগীত নাটক একাডেমীৰ সদস্য, সাহিত্য অকাডেমীৰ সদস্য, ইউনেস্কোৰ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ সদস্য, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি আদি উল্লেখযোগ্য।
তেওঁৰ চলচ্চিত্রসমূহ দেশবিদেশৰ ভালেমান মহোৎসৱৰ উচ্চপৰ্যায়ৰ উপৰি ৰাষ্ট্ৰীয় মন্মানৰ অধিকাৰী। ‘শৃংখল’ গল্প সংকলনৰ বাবে ১৯৭৬ চনত সাহিত্য অকাডেমী বটা লাভ কৰে। ২০০১ চনত তেওঁ পদ্মশ্ৰী সন্মানেৰে বিভূষিত হয়। ডঃ শইকীয়াৰ জীৱনৰ অন্য এক কৃতিত্ব হ’ল শিশুসকলৰ কল্যাণৰ বাবে তেওঁ নিজা ঘৰৰ ভেটিত প্রতিষ্ঠা কৰি থৈ যোৱা ‘ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস’ৰ উদ্যোগত ‘আৰোহণ’।
সামৰণি:
এইজনা যুগপুৰুষৰ ২০০৩ চনৰ ১৩ আগষ্টত গুৱাহাটীত পৰলোক ঘটে। ডঃ শইকীয়াক প্ৰকৃততে এগৰাকী কৰ্মযোগী বুলি আখ্যা দিয়াহে উচিত। যেতিয়া চিকিৎসকে তেওঁক তেওঁৰ অসুখৰ বিষয়ে ১৯৯৭ চনত জনাইছিল, তেতিয়া চিকিৎসকক সুধিছিল, ‘মই বাৰু তিনি বছৰ বাচি থাকিমনে?… এতিয়া যিখিনি কামৰ কথা ভাবিছো সেইখিনি কৰিবলৈ তিনি বছৰমান লাগিব।’ এইষাৰ কথাই প্ৰমাণ কৰে কৰ্মৰ প্ৰতি কিমান গভীৰ আত্মপ্রত্যাশা মনিষীগৰাকীৰ। আজি আমাৰ সমাজত ডঃ শইকীয়াৰ দৰেই মানুহৰ অতি প্রয়োজন।
(আশা কৰোঁ আপুনি “ভবেন্দ্ৰ নাথ শইকীয়া-Bhabendra Nath Saikia” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “ভবেন্দ্ৰ নাথ শইকীয়া-Bhabendra Nath Saikia” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)