খ্ৰীষ্টপূৰ্ব ১৪৯৮ চনৰ ১৭ মে’ত একাংশ নাৱিকে সাগৰীয় পথেৰে বৰ্তমানৰ কেৰালা ৰাজ্যৰ কালিকট উপকূলত ভৰি দিছিল, আৰু তাৰ পিছতেই যেন আমাৰ দেশ ভাৰতৰ ভাগ্য সলনি হবলৈ ধৰিলে আৰু ইয়াৰ কাহিনী বেলেগ ধৰণে লিখিবলৈ আৰম্ভ কৰা হ’ল। বন্ধুসকল, এই দিনটোতে ইউৰোপীয় নাৱিক তথা অভিযাত্ৰী ভাস্কো দা গামাই ভাৰত আৱিষ্কাৰ কৰিছিল। এতিয়া বহুতে হয়তো ভাবিছে যে ভাৰতৰ ইতিহাস তো হাজাৰ হাজাৰ বছৰ পুৰণি। যুগ যুগ ধৰি জনপদ, মৌৰ্য সাম্ৰাজ্য, গুপ্ত সাম্ৰাজ্য আৰু দিল্লী চুলতানৰ অধীনত থকা ৰজাই ইয়াত শাসন কৰিছিল, তেন্তে ১৪৯৮ খ্ৰীষ্টাব্দত কোনেৱে কেনেকৈ ভাৰত আৱিষ্কাৰ কৰিব পাৰে।
Table of Contents
গতিকে আপোনালোকক জনাও যে, যুগ যুগ ধৰি ভাৰতলৈ অহা আলেকজেণ্ডাৰ, মংগোল আদি সকলো বিদেশী আক্ৰমণকাৰী, সদায় ভাৰতক পশ্চিম এছিয়াৰ সৈতে সংযোগ কৰা বিখ্যাত পথ Khyber Pass ৰ মাজেৰে আহিছিল। কিন্তু ১৪৯৮ চনৰ ১৭ মে’ত ভাস্কো দা গামাই ভাৰতৰ কেৰেলা ৰাজ্যৰ কালিকটলৈ ইউৰোপৰ পৰা সাগৰীয় পথ আৱিষ্কাৰ কৰে, যিটো প্ৰকৃততে ভাৰতৰ আৱিষ্কাৰ বুলি গণ্য কৰা হয়।
প্ৰাচীন ভাৰতৰ ব্যৱসায়
সেই সময়ত ভাৰত কৃষিজাত সামগ্ৰী বিশেষকৈ জালুক, ইলাচি, ডালচেনি আদি মছলাৰ বাবে বিখ্যাত আছিল। যাৰ বাবে ভাৰতৰ সৈতে বাণিজ্য কৰাৰ বাবে ইউৰোপীয় আৰু আৰব দেশসমূহ প্ৰতিযোগিতাত নামি পৰিছিল। কিন্তু একে সময়তে এছিয়াৰ প্ৰধান দেশ যেনে ভাৰত, চীন, ম্যানমাৰ আদিৰ সৈতে বাণিজ্য কেৱল স্থলপথেৰেহে হৈছিল, আৰু সেই পথটো কেৱল মুছলমান শাসক আৰু ব্যৱসায়ীসকলেহে ব্যৱহাৰ কৰিছিল। মুছলমান শাসকসকলে ইউৰোপীয়সকলক এই পথৰে ব্যৱসায় কৰিবলৈ অনুমতি দিয়া নাছিল। কিন্তু যেতিয়া ইউৰোপীয়সকলে ভাৰতলৈ অহাৰ কথা আৰু ইয়াত থকা ধন-সম্পত্তিৰ কথা শুনিলে, তেতিয়া তেওঁলোক ভাৰতলৈ আহিবলৈ আৰু অধিক আগ্ৰহী হৈ পৰিল।
সেয়েহে বাণিজ্যিক পথৰ সমস্যা সমাধানৰ বাবে ইউৰোপৰ বহু দেশে ইউৰোপ আৰু ভাৰতৰ মাজত সাগৰীয় পথ বিচাৰি উলিওৱাৰ চেষ্টা আৰম্ভ কৰিলে। কিন্তু বহু বছৰৰ চেষ্টাৰ পাছতো কোনেও সফল হ’ব নোৱাৰিলে। কাৰণ সেই সময়ত ইউৰোপত সাগৰীয় যাত্ৰাক লৈ বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচলিত হৈ আছিল, উদাহৰণস্বৰূপে বহুতে বিশ্বাস কৰিছিল যে নাও এখন বেছি দূৰলৈ সাগৰৰ মাজলৈ লৈ গ’লে নাওখন সাগৰৰ এটা কোণত গৈ পৰি যাব। সেয়েহে কিছুমান নাবিকে সাগৰত বৰ বেছি দূৰলৈ যাত্ৰা কৰা নাছিল। কিন্তু তাৰ পিছত ১৯৬০ চনত পৰ্টুগালৰ Sines চহৰত জন্মগ্ৰহণ কৰা ভাস্কো দা গামাই ভাৰতলৈ অহা সাগৰীয় পথ বিচাৰি ইউৰোপৰ সৈতে বাণিজ্যৰ নতুন যুগ আৰম্ভ কৰিলে আৰু ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম চিৰদিনৰ বাবে পঞ্জীয়ন কৰিলে।
ভাৰত আৱিষ্কাৰৰ যাত্ৰা কেনেকৈ আৰম্ভ হ’ল?
বন্ধুসকল, ভাস্কো দা গামাৰ জন্ম হৈছিল ১৯৬০ চনৰ আশে-পাশে পৰ্তুগালৰ চাইনেছ চহৰত। তেওঁৰ পিতৃ Estevao da Gama ও আছিল এজন ভাল নাবিক আৰু সামুদ্ৰিক অভিযাত্ৰী। ভাস্কো দা গামাৰ সম্পূৰ্ণ শৈশৱ পিতৃৰ সৈতে এজন নাবিক আৰু ভ্ৰমণৰ পৰিৱেশত অতিবাহিত হয়। তাৰ পিছত ১৪৮০ চনত ভাস্কো দা গামাই পিতৃক অনুসৰণ কৰি পৰ্তুগীজ নৌসেনাত যোগদান কৰে। ইয়াতেই তেওঁ জাহাজ চলোৱাৰ উন্নত কৌশল আৰু দীঘলীয়া সাগৰীয় যাত্ৰা কৰিবলৈ শিকিছিল।
সেই সময়ত পৰ্তুগালৰ ৰজা হেনৰী, যাক হেনৰী দ্য নেভিগেটৰ বুলিও কোৱা হৈছিল, উত্তৰ আৰু পশ্চিম আফ্ৰিকাত বহুতো সফল যাত্ৰা আৰু আৱিষ্কাৰৰ বাবে আৰ্থিক সহায় আৰু পৃষ্ঠপোষকতা আগবঢ়াইছিল। যাৰ বাবে বহুতো নাবিকে অহৰহ নতুন নতুন দ্বীপ বিচাৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত ১৪৮৭ চনত পৰ্তুগালৰ এজন বিখ্যাত অভিযাত্ৰী Bartolomeu Dias এ আফ্ৰিকাৰ দক্ষিণ প্ৰান্তলৈ যাত্ৰা কৰি ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ ইটোৱে সিটোৰ লগত সংযুক্ত বুলি আৱিষ্কাৰ কৰে। ইয়াৰ পিছত ভাস্কো দা গামাই সাগৰীয় যাত্ৰাৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰে তেওঁ জানিছিল যে যদি ভাৰত আৰু আটলাণ্টিক মহাসাগৰ আফ্ৰিকাৰ ভূখণ্ডৰ শেষ অংশ সংযোগ হয় তেন্তে তেওঁ আফ্ৰিকাৰ সুদূৰ দক্ষিণ কোণত থকা Cape of Good Hope ৰ মাজেৰে ভাৰতলৈ যোৱাৰ উপায় বিচাৰি পাব পাৰে।
ভাৰতলৈ যাত্ৰা
ইয়াৰ পিছত ১৪৯৭ চনৰ ৮ জুলাইত ভাস্কো দা গামাই পৰ্তুগালৰ লিছবন চহৰৰ পৰা চাৰিখন জাহাজ আৰু ১১৭০ জনীয়া দল এটা লৈ যাত্ৰা আৰম্ভ কৰে। তেওঁ নিজেই ২০০ টন ওজনৰ São Gabriel নামৰ জাহাজত উঠি São Rafael নামৰ জাহাজখনৰ নেতৃত্ব তেওঁৰ সৰু ভায়েক Paulo ৰ হাতত অৰ্পণ কৰে। তাৰ পিছত কেইদিনমানৰ পাছত তেওঁৰ দলটো বৰ্তমানৰ মৰক্কোৰ ওচৰত অৱস্থিত কেনেৰী দ্বীপপুঞ্জৰ মাজেৰে পাৰ হৈ Cape Verde দ্বীপপুঞ্জত উপস্থিত হৈ ৩ আগষ্টলৈকে তাতেই থাকে।
São Gabriel নামৰ জাহাজ
এইখিনিতে আপোনালোকক জনাও যে তেওঁলোকে জাহাজত শিলৰ খুঁটা লগত লৈ আহিছিল, যিবোৰ তেওঁলোকে নিজৰ পথ চিহ্নিত কৰিবলৈ বিভিন্ন গুৰুত্বপূৰ্ণ ষ্টপেজত স্থাপন কৰিছিল যাতে তেওঁলোকে উভতি অহাৰ পথ চিনিব পাৰে। ভাস্কো দা গামাই গিনি উপসাগৰৰ প্ৰবল সাগৰীয় সোঁতৰ পৰা হাত সাৰিবলৈ আটলাণ্টিক মহাসাগৰত বৃত্তাকাৰে দীঘলীয়াকৈ এপাক ঘূৰিলে আৰু তাৰ পিছত Cape of Good Hope যাত্ৰাৰ বাবে পূব দিশলৈ এপাক ঘূৰিলে। ভাৰতৰ আৱিষ্কাৰত এইটোৱেই আছিল তেওঁৰ প্ৰথম বৃহৎ সফলতা।
তাৰ পিছত ৭ নৱেম্বৰত তেওঁৰ দলটো আজিৰ দক্ষিণ আফ্ৰিকাত অৱস্থিত Saint Helena Bay ত উপস্থিত হয়। সেই সময়ত চেণ্ট হেলেনা বে’ৰ বতৰ অতি বেয়া আছিল। অতি প্ৰচণ্ড বতাহ আৰু সাগৰৰ ঢৌৰ ফলত ভাস্কো দা গামাৰ দলটোৱে ২২ নৱেম্বৰলৈকে আৰু আগবাঢ়িব পৰা নাছিল। কিন্তু তথাপি কেইদিনমানৰ পাছত যেতিয়া বতৰ ভাল হ’ল, তেতিয়া তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে আৰু কেপ অৱ গুড হোপ পালেগৈ। তাত উপস্থিত হোৱাৰ পিছত তেওঁ সেই ঠাইখন ভালদৰে পৰিদৰ্শন কৰিলে।
বন্ধুসকল, আপোনালোকক জনাও যে যেতিয়া ভাস্কো দা গামাই কেপ অফ গুড হোপত উপস্থিত হয়, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে ভাৰতলৈ যোৱাৰ পথ বিচাৰি পোৱাৰ তেওঁৰ সপোন বাস্তৱত পৰিণত হ’ব পাৰে আৰু তাৰ পিছত সেই পথটো চিহ্নিত কৰিবলৈ আগৰ দৰেই তাত এটা শিলৰ খুঁটা স্থাপন কৰা হ’ল। ইয়াৰ পিছত তেওঁ আগৰ যাত্ৰাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে।
৮ ডিচেম্বৰত তেওঁলোকে কেপ অৱ গুড হোপৰ পৰা যাত্ৰা আৰম্ভ কৰিলে আৰু বৰদিন অহাৰ আগতেই দক্ষিণ আফ্ৰিকাৰ নাটাল উপকূলত উপস্থিত হয়। ভিতৰে-বাহিৰে বিভিন্ন নদী পাৰ হৈ ভাস্কো দা গামাৰ দলটো লাহে লাহে মোজাম্বিকৰ ফালে যাবলৈ ধৰিলে। ইয়াৰ মাজতে তেওঁলোকে এমাহমান ক’ৰবাত থাকি জাহাজৰ মেৰামতিৰ কাম কৰিলে। তাৰ পিছত ১৪৯৮ চনৰ ২ মাৰ্চত ভাস্কো দা গামাৰ দলটো মোজাম্বিক দ্বীপত উপস্থিত হয়।
যেতিয়া ভাস্কো দা গামাই নিজৰ দলৰ সৈতে মোজাম্বিকৰ ভূমিত অৱতৰণ কৰিলে আৰু তাত থকা বাসিন্দাসকলক লগ পালে, তেতিয়া তাৰ বাসিন্দাবোৰে ভাবিলে যে এই পৰ্তুগীজ লোকসকলো তেওঁলোকৰ দৰেই মুছলমান। সেইবাবেই সেই মানুহবোৰে তেওঁলোকক বহুত সহায় কৰিলে।
ভাস্কো দা গামাৰ মোজাম্বিকত লংগৰ পেলোৱাটো অতি উপযোগী বুলি প্ৰমাণিত হ’ল। তাতে তেওঁ সাগৰৰ পাৰত বন্দৰত সোণ, ৰূপ আৰু মছলাৰে ভৰা চাৰি-পাঁচখন জাহাজ দেখা পালে আৰু তেওঁ তাত ভাৰতৰ বন্দৰলৈ মাজে মাজে অহা স্থানীয় লোককো লগ পালে। ইয়াৰ ফলত ভাস্কো দা গামাই সম্পূৰ্ণ আত্মবিশ্বাস লাভ কৰিলে যে তেওঁ সঠিক দিশত আগবাঢ়িছে। তেওঁ সেই দিশটো বুজিবলৈও বহুত সহায় লাভ কৰিলে যলৈকে তেওঁ আগবাঢ়িব লগা আছিল।
তাৰ পিছত ১৪৯৮ চনৰ ৭ এপ্ৰিলত তেওঁৰ দলটো মোম্বাছাত প্ৰৱেশ কৰি যাত্ৰাৰ আন এটা গুৰুত্বপূৰ্ণ ষ্টপ মালিণ্ডিত লংগৰ পেলালে। মালিন্দিত ভাস্কো দা গামাই ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ কালিকটলৈ যোৱা পথটো জনা গুজৰাটী নাৱিক কাঞ্জি মালামক লগ পায়। সেই গুজৰাটী নাৱিকজনৰ গুৰুত্ব বুজি ভাস্কো দা গামাই তেওঁক পথ প্ৰদৰ্শক হিচাপে নিজৰ দলত লৈ ল’লে। তাৰ পিছত পৰৱৰ্তী ২০ দিন ভাৰত মহাসাগৰত অবিৰতভাৱে জাহাজ চলোৱাৰ পিছত ভাস্কো দা গামাই ক্ৰমান্বয়ে ভাৰতৰ ঘাট আৰু পৰ্বতবোৰ দেখিবলৈ আৰম্ভ কৰিলে।
ইয়াৰ পাছত ১৪৯৮ চনৰ ১৭ মে’ত ভাস্কো দা গামা ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত কালিকট বন্দৰত উপস্থিত হয়। ভাস্কো দা গামাক কালিকটৰ স্থানীয় ৰাজবিষয়াসকলে ভালদৰে স্বাগত কৰিলে। তেওঁ ইয়াত প্ৰায় ৩ মাহ থাকি ভাৰতৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰি কৰিলে।
বন্ধুসকল, ইয়াত ৩ মাহ থকাৰ পিছত ভাস্কো দা গামাই ২ বছৰতকৈ অধিক সময় ভ্ৰমণ কৰি ১৮ ছেপ্টেম্বৰত পৰ্তুগাললৈ উভতি আহিল। এই সময়ছোৱাত তেওঁ ৩৮৬০০ কিলোমিটাৰ যাত্ৰা কৰিছিল আৰু এই দীঘলীয়া সাহসী যাত্ৰাত তেওঁৰ মুঠ ১৭০জন সংগী আছিল, তাৰ ভিতৰত ১১৬ জনৰ যাত্ৰাৰ সময়ত মৃত্যু হৈছিল।
ভাস্কো দা গামাৰ এই সাফল্যত পৰ্তুগালৰ ৰজা অতি সুখী হৈছিল আৰু ১৫০২ চনত তেওঁক পুনৰ দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণলৈ পঠিয়াইছিল। ইতিহাসবিদসকলে বিশ্বাস কৰে যে ভাস্কো দা গামাই যেতিয়া বিভিন্ন ধৰণৰ ভাৰতীয় মছলা আৰু ৰেচম লৈ নিজৰ দেশ পৰ্তুগাললৈ উভতি আহিছিল, তেতিয়া তেওঁ কেৱল মছলা বিক্ৰী কৰিয়েই যাত্ৰাত খৰচ হোৱা ধনতকৈ চাৰিগুণ বেছি ধন উপাৰ্জন কৰিছিল।
ভাস্কো দা গামাৰ মৃত্যু
ভাস্কো দা গামাৰ তৃতীয়বাৰৰ বাবে ভাৰতলৈ অহাৰ সময়ত ১৫২৪ চনত কালিকটত মৃত্যু হয় আৰু বহু ইতিহাসবিদে তেওঁৰ মৃত্যু মেলেৰিয়াৰ ফলত হোৱা বুলি বিশ্বাস কৰে। যেতিয়া ভাস্কো দা গামাই ইউৰোপ আৰু ভাৰতৰ মাজৰ সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিল, তেতিয়া সমগ্ৰ ইউৰোপতে ভাস্কো দা গামাৰ নাম অতি বিখ্যাত হৈ পৰিছিল আৰু তেওঁৰ সাহসী যাত্ৰাৰ বিষয়ে সকলো দেশতে চৰ্চা হ’বলৈ আৰম্ভ কৰিছিল।
লাহে লাহে আন দেশবোৰেও এই আৱিষ্কৃত পথেৰে ভাৰতলৈ নিজৰ অভিযানসমূহ পঠিয়াবলৈ আৰম্ভ কৰিলে। যাৰ ফলত পৰ্তুগীজৰ পিছত ডাচ, ডেনমাৰ্ক, ব্ৰিটিছ আৰু ফৰাচীসকলো ভাৰতলৈ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত পৰৱৰ্তী দশকত ভাৰতত যি হ’ল সেয়া আমি ভালদৰেই জানো যে ভাৰত কেনেকৈ এই ইউৰোপীয় দেশসমূহৰ উপনিবেশত পৰিণত হ’ল।
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)