ভূত নে ভ্ৰম | assamese horror story

ভূত নে ভ্ৰম | assamese horror story

ভূত নে ভ্ৰম- assamese horror story

হোষ্টেলত আজি মোৰ প্ৰথম দিন। অহ্ মোৰ পৰিচয় দিয়াই হোৱা নাই। মোৰ নাম বিউতি; বিউতি কলিতা। মই বি.এ. পঢ়াৰ বাবে চহৰলৈ আহিছোঁ আৰু হোষ্টেলৰ বাসিন্দা হৈছোঁ। মোৰ ৰুমত আৰু এজনী ছোৱালী থাকিব। ছোৱালীজনীৰ নাম গৰিমা। প্ৰথম দেখিয়ে ভাৱ হৈছে তাই কিছু অহংকাৰী। অৱশ্যে তাই যিহেতু ধনী ঘৰৰ ছোৱালী সেয়ে অলপ অহং ভাৱ থাকিবই। আচলতে তাই বহুত নামী দামী সামগ্ৰীৰে পলকতে ৰুমতো সজাই পেলাইছে আৰু সেয়ে তাই যে ধনী ঘৰৰ ছোৱালী সেয়া মই মনতে অনুমান কৰি ল’লো।

তাই আহি পোৱাৰ পিছতে আমাৰ মাজত সাধাৰণভাৱে পৰিছয় বিনিময় হৈছিল যদিও তাইক মাত দি অযথা তাইক ব্যতিব্যস্ত কৰিবলৈ মন নগ’ল।তাইৰ আগত নিজকে মোৰ অলপ আচহুৱা যেন অনুভৱ হৈছিল কিয়নো মই খুব সাধাৰভাৱে আছিলোঁ। মোৰ এডমিছনো স্কলাৰশ্বিপৰ জৰিয়তেহে হৈছে।

ভূত নে ভ্ৰম | assamese horror story

ভূত নে ভ্ৰম | assamese horror story

এতিয়া সময় নিশা প্ৰায় ১১ বাজিল। মই বিছনাতে ইলুটি-সিলুটি কৰি আছোঁ। গৰিমাৰ ফালে চালোঁ তাই হেডফোনত ইংৰাজী গান শুনি আছে। আচলতে তাই কিছুসময়ৰ মূৰে মূৰে ইংৰাজী শব্দবোৰত সুৰ ঢলাৰ যি চেষ্টা কৰি আছে তাৰ পৰাই মই তাই তেনে গান শুনি থকা বুলি অনুমান কৰিলোঁ।

বিছনাত এনে পৰি থাকিলোঁ যদিও কিবা এক অজান ভয়ে মনটোক আগুৰি ধৰিলে। আচলতে এয়াই মোৰ ঘৰৰ পৰা দূৰৈৰ হোষ্টেলত থকাৰ প্ৰথম অভিজ্ঞতা সেয়ে হয়তো মোৰ নিজকে অসহজ বোধ হৈছিল। মনটো অলপ ভাল লাগক বুলিয়ে মই এনেই কিতাপ এখন মেলি ল’লো যদিও মই গমেই নাপালোঁ কেতিয়া টোপনিত লাল-কাল দিলোঁ।

মই গভীৰ টোপনি; হঠাত্ খুব জোৰে কাঁচৰ কিবা সামগ্ৰী পকাত পৰি ভঙাৰ শব্দ শুনিলোঁ আৰু মই খপজপাই উঠি গৰিমাৰ ফালে চাই দেখো তাইও গভীৰ টোপনিত লালকাল। মই সেয়ে এয়া ভ্ৰম বুলি ভাবি আকৌ শুবলৈ যত্ন কৰিলোঁ যদিও কেইটিমান মুহুৰ্তৰ পিছতে আকৌ একেটাই শব্দ শুনিবলৈ পালোঁ। মই পুনৰ গৰিমালৈ চালোঁ। তাই এতিয়াও শুইয়ে আছে। কিন্তু মোক পিছ দি শুই থকাৰ বাবে তাইৰ মুখখন দেখা নাপালোঁ।

ভূত নে ভ্ৰম | assamese horror story

ভূত নে ভ্ৰম | assamese horror story

অলপ সময় চিন্তা কৰি মই বুজিলোঁ; তাই আচলতে মোক ভয় খুৱাবলৈ কে এইবোৰ কৰি আছে। সেয়ে মই তাইক ক’লো-“গৰিমা মই জানো! তুমি মোক ভয় খুৱাবলৈ চেষ্টা কৰি আছা!” কিন্তু গৰিমাৰ পৰা কোনো সঁহাৰি নাপালোঁ। তাৰ বিপৰীতে সাৰ সুৰ নোহোৱাকৈ বিছনাত একেদৰেই পৰি থাকিল।

মই বুজিলোঁ মোক ভয় খুৱাবলৈয়ে তাই এইবোৰ নাটক কৰি আছে। মই মোৰ লগৰ আন হোষ্টেলৰ বান্ধৱীৰ মুখে এনেধৰণৰ ধেমালি আৰু ভয় খুৱাবলৈ কৰা কাৰ্যবোৰৰ কথা আগতে শুনিছোঁ। মই সেয়ে মনে মনে চিন্তা কৰিলোঁ যে- এই সকলোবোৰ শব্দক উপেক্ষা কৰি মই শুই যোৱাৰ ভাও ধৰোঁ আৰু গৰিমাই একো কৰিব নোৱাৰিলোঁ বুলি ভাবি শান্ত হ’লেই মই উঠি বহিম আৰু হাঁহিম।

এনেদৰে ভাবি মই দুচকু মুদি শুবলৈ যত্ন কৰিলোঁ। প্ৰায় ১০ মিনিটমান পাৰ হ’ল। তেনেতে আকৌ কিবা এটা পৰি ভঙাৰ শব্দ হ’ল মই মোৰ মগজুক উপেক্ষা কৰি দুচকু মেলি গৰিমাৰ ফালে চাই দেখো যে তাই লৰচৰ নোহোৱাকৈ সেই একে স্থিতিতে এতিয়াও শুই আছে।

মোৰ যেন ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ উঠিল আৰু মোৰ মনে কৈ উঠিল এয়া যেন গৰিমাৰ কাম নহয়। মই লগে লগে খপজপাই উঠিলোঁ আৰু কিনো ভাঙিছে সেয়া চাবলৈ কাঁচৰ ভঙা টুকুৰা বিছৰাত লাগিলোঁ। ৰুমৰ ভিতৰত ক’তো একো নেদেখি মই বাহিৰলৈ আহি সকলোপিনে চলাথ কৰিলোঁ যদিও ক’তো একো বিছাৰি নাপালোঁ। মই এনেধৰণে নাৰ্ভাছ আৰু ভয়ত আছিলোঁ যে মোৰ এনে লাগিল যেন শব্দবোৰ আচলতে বাথৰুমৰ ফালৰ পৰাহে আহিছিল। মই বাথৰুমৰ ওচৰলৈ অহাত সেই শব্দ ক্ৰমে তীব্ৰ হোৱা যেন পালোঁ। বাথৰুমত সোমোৱাৰ লগে লগে এনে লাগিল মই যেন নৰকত হে ভৰি দিলোঁ! যিফালেই ভৰি দিওঁ সেইফালেই তেজ; কিচিম কিচিম গোন্ধ।

ভূত নে ভ্ৰম | assamese horror story

মই প্ৰায় লগে লগে আৰু ভয়তে গৰিমাক মাতিলোঁ তাই নুঠা দেখি দৌৰী গৈ তাইক ওফৰাই দিয়াৰ লগে লগে তাই মুখ দেখি মই শিয়ৰি উঠিলোঁ আৰু প্ৰায় পিছুৱাই গৈ বেৰখনত খুন্দা খালোঁ। লাহে লাহে মোৰ ফালে দুচকু মেলি চাই থকা গৰিমাৰ ফালে চাই দেখিলোঁ গোটেই মুখখনেই তেজেৰে ভৰা, অ’ত ত’ত ঘাঁৰ দাগ আৰু তাই আচলতে জীৱিত নহয় মৃত হে। ভয়তে এনে লাগিল মোৰ হৃদযন্ত্ৰ যেন বন্ধ হে হৈ পৰিব। আৰু মই যেন ঠাইতে ঢলি পৰিম কিন্তু পিছমুহুৰ্ততে মোৰ নিজক বচোৱাৰ হাৱিয়াস জাগি উঠিল আৰু মই বাহিৰৰ ফালে প্ৰাণপনে দৌৰিবলৈ ধৰিলোঁ।

ভয়তে মই উশাহক উশাহে লগ নোপোৱা হলোঁ আৰু ভাগতৰে মই ফোপাবলৈ ধৰিলোঁ অলপ ৰৈ দিয়াৰ লগে লগে মই দেখিলোঁ যে কোনোবা এজন আদহীয়া লোকে ডাঙৰ চুৰি এখন হাতত লৈ ঘূৰি আছে। মই কি হৈ একো এটা ভাবিবই পৰা নাই। কিন্তু মই দেখিলোঁ মানুহজনে মোক অনুসৰণ কৰিবলৈ ধৰিছে আৰু তাৰ আচৰণবোৰ ক্ৰমে পশুৰ দৰে হৈ আহিছে। সি মোক লক্ষ্য কৰি দুৱাৰ আক্ৰমণ কৰিলে যদিও মোৰ দেহত কোনোধৰণৰ আঘাত নহ’ল মাত্ৰ হাতখনৰ কিছু অংশত পালোঁ। ভয়তে মই দুচকু মুদি থিয় হৈ ৰ’লো। কিন্তু এটা মৰণকাতৰ শব্দত মই দুচকু মেলি দেখিলোঁ মানুহজন চাদৰ ওপৰৰ পৰা তললৈ বাগৰি পৰিল আৰু মৰি থাকিল; আৰু লগে লগে মোৰ চকুৰ আগৰ সকলো দৃশ্যই সলনি হৈ গ’ল। মোৰো দুচকু লাহে লাহে মুদ খাই আহিল।

মোৰ এনে লাগিল অস্পষ্ট ভাৱে গৰিমাই মোক যেন দূ্ৰৈৰ পৰা মাতি আছে। আৰু কোনোবাই গাত হেঁচুকি মাত দি আছে। মই লগে লগে দুচকু মেলি সাৰ পাই উঠিলোঁ আৰু নিজকে বিছনাত পালোঁ। ৰুমৰ ভিতৰত গৰিমাই গা ধুই আহি কলেজ যাবলৈ ৰেডি হৈ আছে আৰু মোক কৈ আছে ১০ মিনিট আছে ৯ বাজিবলৈ ৯.৩০ ৰ পৰা ক্লাছ সোনকালে ৰেডি হোৱা। মই আশ্চৰ্য্যৰে তাইৰ ফালে কিছুসময় চালোঁ আৰু পিছ মুহুৰ্ততে তাইক জোৰে সাৱটি ধৰি আৰু আগনিশাৰ সকলোবোৰ কথা বিৱৰি ক’লো।

ভূত নে ভ্ৰম | assamese horror story

তাই শান্ত হৈ শুনি থাকিল যদিও পিছত খুব হাঁহিলে আৰু এয়া সপোনহে আছিল বুলি ক’লে। মইয়ো তাইৰ কথাতে সন্মতি দি এয়া মোৰ মনৰ ভ্ৰম বুলি ভাবি ল’লো। কিন্তু যেতিয়া উঠিবলৈ লওঁতে মইই মোৰ হাতখন দেখিলোঁ মই শিয়ৰি উঠিলোঁ। মোৰ হাতত শুকান গোট মৰা তেজৰ চেকুৰা আৰু কটা ঘাঁ চিন দেখিলোঁ তেতিয়াই মই অনুভৱ কৰিলোঁ এয়া মোৰ একো মনৰ ভ্ৰম নহয় সকলোবোৰই সঁচাই আছিল আৰু মই লগে লগে সিদ্ধান্ত ল’লো আজিয়ে মোৰ হোষ্টেলৰ প্ৰথম আৰু শেষ দিন।

(আশা কৰোঁ আপুনি “ভূত নে ভ্ৰম | assamese horror story” টো ভাল পাইছে। যদি আপুনি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top