মনুষ্য জীৱনৰ লক্ষ্য

       সংসাৰখন কেৱল এটা জীৱৰ সোঁত। এই সোঁত অনাদি কালৰ পৰা বৈ আছে, আৰু অনন্ত কাললৈ বৈ থাকিব। ইয়াত জীৱবিলাক জাকে জাকে, চামে চামে আহি আছে গৈ আছে, পশু, পক্ষী, গছ, লতা সকলো এচাম মৰিছে, এচাম ওলাইছে। নদীৰ পানী যেনেকৈ লেথাৰি ধৰি আহি আছে গৈ আছে, আৰু সেই দেখি পানীৰ এটা সোঁত পৰিছে, সেই দৰে জীৱবিলাকো লেথাৰি ধৰি, মাজত শূন্য নোহোৱাকৈ আহি আছে গৈ আছে, আৰু সেই দেখি জীৱৰ এটা সোঁত পৰিছে। এই সোঁতটোক সাধাৰণ কথাত মানুহে সংসাৰ বোলে। জীৱৰ জাতি অনুসৰি সংসাৰ সোঁতক ভাগ কৰিব পাৰি। পশু, পক্ষী, পোক, পৰুৱা আদি অমাত প্ৰাণীবিলাক এচাম মৰি এচাম ওলাইছে, এইদৰে চামে চামে আহি গৈ থকাত সিহঁতৰ এটা অখণ্ড সোঁত পৰিছে, সেই সোঁতটোক পশু জাতিৰ সুঁতি বা পশুসুঁতি বুলিব পাৰি। এইদৰে গছ, লতা, তৃণ আদি গজন জীৱবিলাকো মাজত শূন্য নপৰাকৈ এচাম মৰি এচাম আহিছে, আৰু এইদৰে আহি গৈ থকাত সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে, এই সোঁতটোক গজন সুঁতি বা উদ্ভিদ সুঁতি বুলিব পাৰি। এই দুই সুঁতিৰ মাজে সংসাৰত আৰু এক সুঁতি আছে। পশু, পক্ষী, গছ-গছনিৰ নিচিনা মানুহো সংসাৰত লানী পাতি চামে চামে আহি আছে গৈ আছে, আৰু এইদৰে আহি গৈ থকাৰ নিমিত্তে সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে, এই সোঁতটোক মনুষ্য সুঁতি বুলিব পাৰি। সংসাৰ সোঁত এই তিনটা ভিন ভিন সুঁতিৰ সমষ্টি মাথোন। সংসাৰ সোঁতক তিনি ভাগ নকৰি মুঠতে দুভাগ কৰিবও পৰা যায়। পৃথিৱীতে মুঠতে দুই শ্ৰেণীৰ জীৱ আছে; এক শ্ৰেণীৰ জীৱবিলাক লৰি চৰি ফুৰিব পাৰে যেনে, মনুষ্য, পশু, পক্ষী, পোক, পৰুৱা ইত্যাদি, সি শ্ৰেণীৰ বিলাকে নোৱাৰে যেনে গছ, লতা, তৃণ ইত্যাদি। লৰি চৰি ফুৰিব পৰা জীৱবিলাকক সাধাৰণ কথাত ভ্ৰমণ জীৱ আৰু নোৱাৰা বিলাকক গজন জীৱ বোলে। এতেকে সংসাৰ সোঁতটোক মুঠতে দুটা সুঁতিত ভগাব পৰা যায়,এটা ভ্ৰমণ সুঁতি আৰু এটা গজন সুঁতি, এই দুই সুঁতি গোট খাই বিৰাট সংসাৰসোঁত হৈছে।

 ভ্ৰমণ সুঁতি আৰু গজন সুঁতি চিৰকাল বৈ আছে, কিন্তু কিয় বৈ আছে, তাকে কোনেও এই পৰিমিত ছিদাংকৈ ক’ব পৰা নাই, আৰু সেই কথা আমাৰ আলোচনাৰ বিষয়ো নহয়। নানা জীৱৰ নানা সুঁতি আদিৰ পৰা আজিলৈকে চলি আছে, আৰু আগলৈকো চলি থাকিব, তাক কোনেও বাধিব নোৱাৰে। বনৰ পশু, আকাশৰ পক্ষী বা পানীৰ মাছ একোৱে নোপজোঁ বুলি নুপজি, বা নমৰোঁ বুলি নমৰি থাকিব পৰা নাই। সকলোৱে নিয়তিৰ দণ্ডিত জনম লৈ, নিয়তিৰ ডঁৰিয়লিত আয়ুস ভুগি অন্তত অনিচ্ছাতো সংসাৰ এৰি যাব লাগিছে। মানুহো এই অখণ্ডনীয় নিয়তিৰ অধীন, তাৰ দণ্ডিত সিহঁতেও সংসাৰত জনম ধৰি, নানা সুখ দুখ ভোগ কৰি অৱশেষত প্ৰাণ এৰিছে, নহওঁ বুলি নহৈ, বা নযাওঁ বুলি নগৈ থাকিব পৰা নাই। এতেকে দেখা যায় যে অলপ হওক, সৰহ হওক, কিছুমান দিন সংসাৰত বাস কৰাটো মানুহৰ পক্ষে অখণ্ডনীয় বাসনা। এতিয়া আলোচনাৰ কথা এই যে সংসাৰত থকা কালখিনি মানুহে কি কৰি কটোৱা উচিত।

 গজন জীৱ সম্বন্ধে জগত গৰাকীয়ে এটা নিয়ম বান্ধি দিছে, সেই নিয়ম অনুসৰি সিহঁতে সংসাৰত জীৱন কটায়। ভ্ৰমণ জীৱৰ ভিতৰতো পশু জাতি সম্বন্ধে নিয়ম বন্ধা আছে, পশুবোৰেও সেই নিয়ম অনুসৰি আহাৰ কৰে, সেই নিয়ম অনুসৰি টোপনি যায়, আৰু সন্তান উৎপাদন কৰি জীৱন কটায়। কিন্তু মনুষ্য সম্বন্ধে কোনো বন্ধা নিয়ম নাই। মনুষ্য জীৱন গজন বা পশুৰ নিচিনা নহয়, মনুষ্য বহুত বিষয়ত স্বাধীন। সিহঁতে নিজ বুদ্ধিৰে ভাল বেয়া,যুগুত অযুগুত, সুচল অসুচল বিবেচনা কৰি চলিব পাৰে। জগত স্ৰজোঁতা জনে মানুহক সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ কৰি স্ৰজন কৰিছে, মানুহক তেওঁ জ্ঞান দিছে, আন প্ৰাণীক দিয়া নাই। জ্ঞান মানুহৰ সুকীয়া বিভূতি, ই পশু জীৱনত দুৰ্ল্লভ; দৰাচল পক্ষত চাবলৈ গ’লে জ্ঞানৰ নিমিত্তেহে মানুহ মানুহ নাম পাইছে, আন সকলো বিষয়তে পশু আৰু মানুহ একে। পশুবোৰেও খায়, শোৱে আৰু সন্তান জন্মাই সংসাৰৰ পশু সুঁতি অটুট ৰাখে। মানুহেও সেইদৰে খায়,শোৱে, আৰু সন্তান জন্মাই সংসাৰৰ মনুষ্য সুঁতি অটুট ৰাখে। এতেকে দেখা যায় যে জ্ঞান যেন আপুৰুগীয়া বিভূতীৰ গৰাকী যে মানুহ, সিহঁতে কেৱল আহাৰ কৰি, নিদ্ৰা গৈ, আৰু সন্তান উৎপাদন কৰি সংসাৰত জীৱন কটোৱা উচিত নহয়; সেইদৰে জীৱন কটালে মানুহ আৰু পশুৰ ভিতৰত কোনো ভেদাভেদ নাথাকে। মানুহে জ্ঞানৰ কৰ্ম্ম কৰিলেহে মানুহ নামৰ গৰাকী হ’ব পাৰে।

 জ্ঞানৰ কৰ্ম্ম কি? এই প্ৰশ্নৰ উত্তৰ ঠাৱৰাবলৈ আমি নতুনকৈ আন্দোলন আলোচনা কৰিব নালাগে, ইয়াৰ উত্তৰ আগৰ পৰা থিৰাং হৈ আছে। মানুহ উৎপত্তি হবৰ আজি অনেক যুগ হ’ল, ইয়াৰ ভিতৰত অনেক আৰু বুদ্ধিমন্ত মানুহে উপজি সংসাৰত বাস কৰি, মৰি গৈছে। সেই জ্ঞানীবিলাকে সংসাৰ বাস সম্বন্ধে বহুত আলোচনা কৰি এটা স্থিৰ সিদ্ধান্ত কৰি থৈছে। পাচত যিবিলাক জ্ঞানীৰ জন্ম হৈছিল, তেওঁলোকেও সেই সিদ্ধান্ত কৰি থৈছে। পাচত যিবিলাক জ্ঞানীৰ জন্ম হৈছিল, তেওঁলোকেও সেই সিদ্ধান্ত যুক্তিসঙ্গত দেখি, সেইদৰে চলি জীৱন কটাইছিল। আমিও সেই সিদ্ধান্ত মতে চলিলেই সংসাৰত সুখে সুকলমে জীৱন কটাব পাৰিম, ইয়াৰ কোনো সন্দেহ নাই।

 আগৰ জ্ঞানীবিলাকৰ ভিতৰত দুই শ্ৰেণীৰ মানুহ আছিল। এই দুই শ্ৰেণীৰ মানুহে দুই ৰকমে সিদ্ধান্ত কৰি গৈছে। কিন্তু সিদ্ধান্ত দুৰকম হলেও, সিহঁতৰ মূল একোটা মাথোন। দুয়ো শ্ৰেণীৰ পণ্ডিতে কয় যে, মানুহে সংসাৰত থকা দিন কেইটা সদায় উধাবলৈ চেষ্টা কৰি কটোৱা উচিত, পশু জাতিৰ নিচিনা কেৱল খাই শুই কটোৱা উচিত নহয়। এই খিনিলৈকে দুয়ো শ্ৰেণী পণ্ডিতৰ মিল। কিন্তু কোন বিষয়ত উধাবলৈ চেষ্টা কৰা উচিত, এই কথাত তেওঁলোকৰ মিল নাই, এই সম্বন্ধে ভিন ভিন পণ্ডিতে কয় যে সংসাৰখন কেৱল ভুৱা, তাৰ বিভূতি বৈভৱ কেৱল ফাঁকি, সংসাৰৰ প্ৰাণীবিলাক পানীৰ বুৰবুৰণিৰ নিচিনা খন্তেকীয়া, এই আছে এই নাই। এতেকে খন্তেকীয়া জীৱনত মিছা বিভূতি বৈভূৱৰ নিমিত্তে হাবাথুৰি খাই ফুৰাৰ কোনো কাৰণ নাই, কেৱল পৰকালৰ অনন্ত জীৱনৰ উদ্‌গতিৰ নিমিত্তে দেহেকেহে চেষ্টা কৰি জীৱন কটোৱা উচিত। এই মত সাৰোগত কৰি, বহুত মানুহে সংসাৰৰ সুখ সম্পদ এৰি দি কোনোৱে বৈৰাগী হৈ দিহিঙ্গে দিপাঙ্গে ফুৰিছে, কোনোৱে সন্ন্যাসী হৈ জটা-বাকলি পিন্ধি কেৱল ঈশ্বৰ চিন্তাত দিন কটাইছে। দ্বিতীয় শ্ৰেণীৰ পণ্ডিতবিলাকে এই মত ষোল কলায় সমৰ্থন নকৰে। তেওঁলোকে কয় যে সংসাৰ বা সংসাৰৰ সুখ সম্পদ ভুৱা নহয়, তাত সাৰুৱা বস্তু আছে। সংসাৰত থকা কালখিনি সুখেৰে কটাবলৈ ঈশ্বৰে দয়া কৰি মানুহক সুখৰ আয়োজন কৰি দিছে; তাক পৰিহাৰ কৰি সন্ন্যাসী বা বৈৰাগী হ’লে আদৰক নেওচন দিয়া হয়, আৰু ঈশ্বৰৰ ইচ্ছা অৱজ্ঞা কৰা হয়। সংসাৰত যেতিয়া থাকিবই লাগিব সুখ কৰি থকাই ভাল। এতেকে ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি চালনা কৰি, সংসাৰৰ বিভূতি বৈভৱ গোটাই লৈ, নিজৰ আৰু আনৰ সুখ সম্পদ বঢ়াবলৈ, আৰু সৰ্ব্বসাধাৰণ জগতবাসীক বৰ্ত্তমান অৱস্থাৰ পৰা উচ্চ অৱস্থাত তুলিবলৈ চেষ্টা কৰি জীৱন কটোৱা উচিত। সংসাৰত এই সিদ্ধান্ত মতে চলা মানুহৰ সংখ্যা সৰহ আৰু আজি পৰিমিতি জগতৰ যি উদ্‌গতি হৈছে সিও এইবিলাক মানুহৰ পুৰুষাৰ্থত হে হৈছে। এতেকে আমিও এই সিদ্ধান্ত মতেই চলা উচিত।

       ওপৰত কোৱা কথাৰ পৰা জনা যায় যে, সংসাৰত উদ্‌গতি কৰাই মানুহৰ জীৱনৰ সঙ্কল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্‌গতিৰ ওৰ, আৰু জ্ঞান বুদ্ধিৰ শেষ কৰ্ম্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙ্গা পায়, তেতিয়ালৈকে উদ্‌গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সঙ্গতি লাগি উঠাৰ পাচত সিহঁতৰ জীৱন পশুজীৱনৰ নিচিনা কেৱল শয়ন ভোজনৰ আবৰ্ত্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱা হেঁতেন, আমি বৰ্ত্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁ হেঁতেন। যথাৰ্থ পক্ষত মনুষ্য জাতিৰ উদ্‌গতিৰ কোনো নিৰ্দ্ধাৰ্য্য সীমা নাই। আদিৰ পৰা আজিলৈকে মানুহে উদ্‌গতিৰ পথ ধৰি চলি আছে, তেও তাৰ ওৰ পৰা নাই, আৰু আগলৈ যে কেতিয়াবা পাব তাৰো আগন্তুক দেখা নাযায়। আগৰ দিনৰ মানুহে যিমানখিনি বিদ্যাৰে পণ্ডিত বোলাইছিল, বা যিমান খিনি ধনেৰে ধনী বোলাইছিল, এতিয়াৰ দিনত সেই বিদ্যাৰে পণ্ডিত বা সেই ধনেৰে ধনী বোলাব নোৱাৰে। এতিয়াৰ এজন ধনীয়ে আগৰ শ জন ধনীক কিনিব পাৰে, এতিয়াৰ পণ্ডিতে আগৰ পণ্ডিতক এশ বছৰ শিকাব পাৰে। ইয়াৰ পৰা দেখা যায় যে আগৰ দিনৰ মানুহতকৈ আজিকালিৰ মানহে বহুত গুণে বেচি উদ্‌গতি কৰিছে। এই উদ্‌গতি সোঁতে সৱশেষত মনুষ্য জাতিক নি ক’ত তুলি দিয়ে, কোনে ক’ব পাৰে? এতেকে অন্ন জলতে যত্ন চেষ্টা শেষ নকৰি সকলোৱে জীৱনৰ অন্তলৈকে উদ্‌গতিৰ অনন্ত পথত চলি থকা উচিত। যদি কোনো কাৰণে উদ্‌গতিৰ ওখ আসন লাভ কৰাত বিঘাত মিলে, তেওঁ তাত লাগি থকা বাবে সংসাৰৰ অনুষ্টুপীয়া সুখ সম্পদৰ নাটনি নহয়। নীতি বচন আছে যে লাগি থাকিলে মাগি নাখায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top