পৃথিৱীৰ ভিতৰতে মহাভাৰতৰ এখন জাকত-জিলিকা গ্রন্থ। ই সৰ্ববিদ্যা সমন্বিত এখন অতি বৃহৎ গ্রন্থ। একেধাৰে ই কাব্য, ধর্মশাস্ত্র, ইতিহাস, দর্শন আৰু ৰাজনীতি, সমাজনীতি, নীতিশাস্ত্র বিষয়ক এখন গ্রন্থ। ইয়াক ‘পঞ্চম বেদ’ বােলা হয়। এই গ্রন্থই নিজেই নিজৰ পৰিচয় দিয়ে—ইয়াত যি কথা আছে, তাক আন ঠাইতাে পাব পাৰি; কিন্তু ইয়াৰ যি কথা নাই, তাক আন ঠাইতাে পাবলৈ নাই।
ই পৃথিৱীৰ ভিতৰতে দীঘল কাব্য; এক লাখ শ্লোকৰ সৈতে ওঠৰ পৰ্ব্বত ই সমাপ্ত। বেদব্যাস কৃষ্ণ দ্বৈপায়ণ মহাভাৰতৰ ৰচক। ব্যাসদেৱে নিজেই ব্ৰহ্মাৰ আগত কৈছিল– তেওঁ এনেকুৱা এখন শাস্ত্ৰ ৰচনা কৰিব, য’ত নেকি বেদৰ তত্ত্ব, উপনিষদৰ ব্যাখ্যা, ইতিহাস-পুৰাণৰ বিকাশ, ভূত, ভৱিষ্যৎ আৰু বর্তমান কালৰ স্বৰূপ নির্ণয়, বিবিধ ধর্ম, বর্ণ আৰু আশ্ৰমৰ লক্ষণ, ন্যায় শিক্ষা, দান ধর্ম, চিকিৎসাদিৰ বিৱৰণ, পবিত্র তীর্থ, দেশ, নদী, পর্বত, নগৰ আদিৰ বিৱৰণ তেওঁ বৰ্ণনা কৰিব। মেঘ যেনেকৈ সকলােতে উপজীব্য, এই অক্ষয় ভাৰত বৃক্ষও উত্তৰ কালত সকলাে কবি কুলৰেই উপজীব্য হ’ব।
বদৰিকাশ্ৰমত থাকি ব্যাসে তিনি বছৰৰ ভিতৰত মহাভাৰত ৰচনা কৰে। মহাভাৰতৰ ৰচনা প্রসংগত উল্লেখযোগ্য কথা এই যে ব্যাসদেৱে পােনতে ইয়াক মনতে ৰচনা কৰে। ইয়াক লেখনীৰে প্ৰকাশ কৰিবৰ উদ্দেশ্যে ব্ৰহ্মাৰ নিদের্শ মতে গণেশক তেওঁ অনুৰােধ কৰে। এই উদ্দেশ্যে গণপতিয়ে লেখনি লয়। অৱশ্যে তেওঁ এটা চৰ্ত্তও উল্লেখ কৰে। চৰ্তটো এই যে মহর্ষিয়ে অবিৰামভাবে শ্লোকবিলাক কৈ যাব লাগিব যাতে গণেশে লিখাৰ কাৰণে ৰৈ থাকিব নালাগে। মহর্ষি ব্যাসদেৱে মান্তি হয় অন্য এটা চৰ্ত্তত। সেইটো চৰ্ত্ত হৈছে— উচ্চাৰিত সকলাে শ্লোকৰ অৰ্থ ভালকৈ বুজি লৈহে তেওঁ লিখিব লাগিব। সেয়েহে, ব্যাসদেৱে মাজে মাজে তাৎপর্যপূর্ণ কঠিন শ্লোকবােৰ উলিয়াই দিয়ে। গণপতিয়ে তাৰ অর্থ উলিয়াবলৈ চিন্তা কৰিবলগীয়া হয়। তেতিয়া তেওঁৰ লিখা কাম বন্ধ হয়। সেই সুযোগতে ব্যাসদেৱে অন্যটো শ্লোক প্রস্তুত কৰি লয়। এই ধৰণে বিৰাট মহাকাব্যখন ৰচনা সমাপ্ত হয়।
যুধিষ্ঠিৰ, ভীম, অর্জুন, নকুল আৰু সহদেৱ– হস্তিনাপুৰৰ ৰজা পাণ্ডুৰ এই পাঁচ পুত্ৰক পাণ্ডৱ বােলে। দুৰ্য্যোধন, দুঃশাসন আদি ধৃতৰাষ্ট্রৰ এশ পুতেকক কৌৰৱ বােলে। অধর্মী আৰু হিংসাকুৰীয়া কৌৰৱসকলে ধার্মিক আৰু নিৰীহ পাণ্ডৱসকলক নানান অন্যায়-অত্যাচাৰ কৰে। কৌৰৱৰ অন্যায় চক্ৰান্তত পৰি নিৰীহ পাণ্ডৱসকলে বাৰ বছৰ বনবাস আৰু এবছৰ অজ্ঞাত বাস খাতিব লগাত পৰে। ইমানবােৰ অন্যায়-অত্যাচাৰ সহ্য কৰিও শেষত পাণ্ডৱসকলে তেওঁলােকৰ ৰাজ্যৰ ন্যায় ভাগ কৌৰৱক দাবী কৰি নাপালে। এই কাৰণত কৌৰব-পাণ্ডৱৰ মাজত কুৰুক্ষেত্র নামে ঠাইত বহুদিন ধৰি ভীষণ যুদ্ধ হয়। এই যুদ্ধত ভাৰতৰ ৰজা-মহাৰজাসকলে এটা নহয় এটা পক্ষত যােগ দিছিল। শ্রীকৃষ্ণ আছিল পাণ্ডৱ পক্ষত। তেওঁ আছিল অৰ্জুনৰ সখা আৰু ৰথৰ সাৰথি। শেষত ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় হয়। গতিকে পাণ্ডবৰ জয় হয়। ইয়াৰ পিছত ধৰ্মৰাজ যুধিষ্ঠিৰ ৰাজপাটত বহে। কিন্তু ৰাজ্যৰ জ্ঞাতি-বন্ধুহীন হােৱা কাৰণে আৰু শ্রীকৃষ্ণয়াে ইতিমধ্যে দেহ এৰা কাৰণে যুধিষ্ঠিৰ বেছিদিন ৰাজপাটত নাথাকিল। তেওঁ নাতিয়েক পৰীক্ষিতক সিংহাসনত বহুৱায় আৰু গােটেইকেইজন ভায়েক আৰু দ্রৌপদীৰ সৈতে হিমালয় পর্বতৰ ওপৰেদি স্বৰ্গলৈ বুলি বাট লয়। শেষত যুধিষ্ঠিৰ মাত্র সোশৰীৰে স্বৰ্গলৈ যাব পাৰে, বাকীকেইজন তাৰ পৰা বঞ্চিত হয়। মহাভাৰতৰ কাহিনীৰ এয়ে সাৰকথা। ইয়াৰ উপৰিও নানান ৰাজবংশৰ বিৱৰণ, ৰজা মহাৰজাৰ আখ্যান, অলৌকিক কাহিনী তাত সন্নিৱিষ্ট কৰা আছে।
আমাৰ অসমৰ পৰা বীৰ ভগদত্তইও কুৰুক্ষেত্র – যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। মহাভাৰতত বর্ণিত আছে যে তেওঁৰ জীয়ৰী ভানুমতীক কৌৰৱৰ ডাঙৰজন দুর্যোধনলৈ বিয়া দিছিল। যুদ্ধত বীৰ ভগদত্তক বধ কৰা বৰ কঠিন কাৰ্য আছিল। পিছত তেওঁক কৌশলেৰে বধ কৰা হয়। বীৰ ভগদত্তই ভানুমতীক দুর্যোধনলৈ বিয়া দিবৰ সময়ত সেই স্মৃতি ৰক্ষাৰ অর্থে হেনো আজিৰ গুৱাহাটীৰ সন্দিকৈ কলেজৰ সন্মুখৰ ‘দীঘলীপুখুৰী’ খন্দাইছিল। কুৰুক্ষেত্র যুদ্ধৰ সময়ত যুদ্ধৰ সকলাে ঘটনাৰ দৃশ্য ঘৰতে থাকি চাবলৈ অন্ধ ধৃতৰাষ্ট্ৰক দিব্য চক্ষু দান কৰিব বিচাৰিছিল ব্যাসদেৱে। কিন্তু সেই চক্ষু ল’বলৈ ধৃতৰাষ্ট্র অমান্তি হৈছিল। তেতিয়া ব্যাসদেৱে ধৃতৰাষ্ট্রৰ পৰামৰ্শৰূপে সঞ্জয়ক দান কৰে আৰু যুদ্ধৰ সকলাে বা-বাতৰি সঞ্জয়ে ধৃতৰাষ্ট্ৰক দি যায়। যুদ্ধত দুর্যোধনক বধ কৰা কোনাে এজন বীৰৰ বাবে সম্ভৱ নহ’লহেঁতেন। কিন্তু প্রভু শ্ৰীকৃষ্ণৰ কৌশলী চৰিত্ৰৰ বাবে সকলাে সম্ভৱ হৈছিল। মাতৃ গান্ধাৰী নিজৰ সতীত্ব আৰু স্বামী ভক্তিৰ প্রমাণ হিচাপে সদায় চকুত এখন কলা বস্ত্র বান্ধি ৰাখিছিল। তেওঁ স্বামীৰ দৰে অন্ধ হৈ নিজৰ স্বামীভক্তিৰ পৰিচয় দিছিল। তেওঁ এদিন পুত্র দুর্যোধনক কৈছিল – “মই তােমাৰ শৈশৱৰ নাঙঠ ৰূপটো চাব বিচাৰোঁ। চাবা যাতে তুমি দেহত এখনাে বস্ত্ৰ নাৰাখা। প্রভু শ্রীকৃষ্ণই পূর্বতে অনুমান কৰিছিল যে যদি মাতৃ গান্ধাৰীৰ দিব্যদৃষ্টি দুর্যোধনৰ সৰ্বশৰীৰত পৰে। তেতিয়া তেওঁ হ’ব বজ্র কঠিন। তেতিয়া অধর্মী, দুৰাচাৰি, অহংকাৰী দুর্যোধনক বধ কৰাটো অসম্ভৱ হ’ব। সেই কাৰণে স্নানৰ পৰা বিবস্ত্র হৈ দুর্যোধন মাতৃৰ ওচৰলৈ আহি থকা অৱস্থাত প্রভু শ্রীকৃষ্ণই লগ ধৰি তেওঁৰ মনৰ মাজত লজ্জাবােধৰ সৃষ্টি কৰে। তেতিয়া দুর্যোধনে নিজৰ লজ্জা ঢাকি লয়। অৱশেষত সেইটোৱে দুর্যোধনৰ বাবে কাল হয় আৰু ভীমৰ হাতত নিপাত যায়। অন্যথা দুর্যোধনক বধ কৰাটো ভীমৰ বাবে অতি কঠিন আছিল। এই ধৰণৰ অনেক কাহিনীৰ মৌৰসেৰে মহাভাৰত পূর্ণ।