মাদাৰ টেৰেছা-mother teresa essay in assamese

মাদাৰ টেৰেছা-mother teresa essay in assamese

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “মাদাৰ টেৰেছা-mother teresa essay in assamese” ৰচনা খনৰ জৰিয়তেবিংশ শতাব্দীৰ দৰদী, মমতাময়ী, নির্মল হৃদয়া মাতৃ-মাদাৰ টেৰেছাৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, মাদাৰ টেৰেছাৰ জীৱনৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

ধৰাৰ বুকুত যেতিয়াই মানৱীয়তা ধাৰাশায়ী হয় অথবা মানবীয় অনুভূতিৰ বোৱঁতী ধাৰাত জাঁজৰি পৰাৰ উপক্রম হয় ঠিক তেতিয়াই ধৰাৰ কোনোবা প্ৰান্তত জন্ম লয় একো একোজন নিষ্কলুষ মানৱীয় সত্তাৰ অধিকাৰী মহামানৱে। মানুহৰ মনুষ্যত্ব পূর্ণ প্রস্ফুটিত ৰূপত প্ৰকাশ কৰিবলৈকে যেন ধৰিত্ৰীৰ বুকুলৈ যুগে যুগে আগমন হয় মহামানৱৰ। মাদাৰ টেৰেছা বিংশ শতাব্দীৰ দৰদী, মমতাময়ী, নির্মল হৃদয়া মাতৃ-মাদাৰ টেৰেছা।

মাদাৰ টেৰেছা-mother teresa essay in assamese

জন্ম আৰু শিক্ষা:

যুগোশ্লাভিয়াৰ স্কপিয়েৰৰ এটি আলবেনিয়ান পৰিয়ালত জন্ম হৈছিল এগনেছ নামৰ এটি কন্যা সন্তানৰ। সম্পূর্ণ নাম এগনেছ গোনচা বজাচিউ (Agnes Gonxha Bojaxhiu)। দেউতাক বৃত্তিত এজন দোকানী আছিল। ধর্মপ্রাণা মাকৰ প্ৰভাৱত শৈশৱতে এগনেছৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ উঠে। শৈশৱতে এগনেছে আর্ত-আক্রান্তজনৰ সেৱাত প্ৰবৃত্ত হোৱাৰ প্রেৰণা লাভ কৰে। কিশোৰী এগনেছে স্কুলত পঢ়ি থাকোতেই ধর্মযাজিকা হোৱাৰ সিদ্ধান্ত লয় আৰু সেয়ে ‘মভেলিটী’ৰ সদস্য পদ গ্রহণ কৰে। এনে সময়তে যুগোশ্লাভিয়াৰ জেছুইটসকলৰ এটি দলৰ সৈতে এগনেছৰ যোগাযোগ হয় আৰু সেই দলটোৰ সৈতে তেওঁ কলকাতালৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰেই পূর্ব প্রস্তুতি হিচাপে এগনেছে ১৯২৮ চনত আয়াৰলেণ্ডৰ ‘ব্লেছদ ভার্জিন মেৰি’ শিক্ষায়তনত যোগদান কৰে।

১৯২৯ চনত ১৮ বছৰীয়া এগনেছে কলকাতাস্থ ল’ৰেটো এটালিৰ ছেণ্ট মেৰিজ স্কুলত ভূগোলৰ শিক্ষয়িত্ৰী হিচাপে যোগ দিয়ে। এগনেছৰ শিক্ষয়িত্ৰী জীৱন আৰম্ভ হ’ল। ল’ৰেটোৰ এই স্কুলখন আছিল কলকাতাৰ মতিঝিল বস্তিৰ সমীপৱৰ্তী এটা অট্টালিকাত। সেয়ে মতিঝিলৰ প্রাত্যাহিক জীৱন-যাত্রা এগনেছৰ অতিকে চিনাকি হৈ পৰিল। প্ৰথমতে শিক্ষয়িত্ৰী আৰু পাছলৈ অধ্যক্ষা হোৱা এগনেছে ল’ৰেটোত অতিবাহিত কৰা কুৰিটা বছৰে মতিঝিলৰ দুখ-দৈন্যৰে ভৰা জীৱন প্রত্যক্ষ কৰি এক অস্বস্তিকৰ মানসিকতাত ভুগিছিল।

মাদাৰ টেৰেছা-mother teresa essay in assamese

অসহায় বিননিয়ে হাত বাউলি মাতে:

দ্বিতীয় মহাসমৰৰ সময়ৰ পৰা তেওঁৰ মানসিক পৰিৱৰ্তন আৰম্ভ হয়। এফালে জাপানী বোমাৰু বিমানৰ কলকাতা আক্রমণ আৰু আনফালে যুদ্ধৰ আচিলা লৈ সৃষ্টি কৰা কৃত্রিম দুর্ভিক্ষত পৰি জীয়াতু ভোগা লক্ষ লক্ষ মানুহৰ অসহায় বিননিয়ে তেওঁক ব্যতিব্যস্ত কৰি তুলিলে। কলকাতাৰ পদ পথবোৰত তেতিয়া মৃত্যুৰ মিছিল। এগনেছৰ দৰদী হিয়া উদভ্ৰান্ত হৈ পৰিছিল। সুযোগ পালেই তেওঁ ঔষধৰ বাকচ লৈ ঢাপলি মেলিছিল বস্তিবাসীৰ কাষলৈ।

অৱশেষত ১৯৪৬ চনত কলকাতাৰ পৰা দাৰ্জিলিং অভিমুখে কৰা এক ৰে’ল ভ্রমণত তেওঁ ‘ঈশ্বৰৰ আহ্বান’ অনুভৱ কৰে। তেওঁ সিদ্ধান্ত কৰিলে ল’ৰেটোৰ নিশ্চিন্ত জীৱন পৰিহাৰ কৰি আৰ্তজনৰ সেৱাত জীৱন উছৰ্গা কৰিব। কলকাতালৈ উভতি আহিয়েই এইবাৰ তেওঁ বস্তিবাসীৰ সেৱাত নিজকে নিয়োজিত কৰাৰ ইচ্ছা ব্যক্ত কৰি উৰ্দ্ধতন কর্তৃপক্ষৰ ওচৰত ধর্মীয় আশ্রমৰ বাহিৰত থাকি এককভাৱে সেৱা আগবঢ়োৱাৰ অনুমতি বিচাৰিলে। শিক্ষয়িত্ৰী এগনেছে ৰোমৰ উর্ধতন কর্তৃপক্ষৰ পৰা অৱশেষত অনুমোদন লাভ কৰিলে যদিও ইয়াৰ বাবে তেওঁ সুদীৰ্ঘ চাৰি বছৰ কাল অতিবাহিত কৰিবলগীয়া হৈছিল। অৱশ্যে কর্তৃপক্ষৰ অনুমোদন লাভ কৰালৈ ৰৈ নাথাকি ইতিমধ্যে তেওঁ বস্তিবাসীৰ সেৱাত আত্মনিয়োগ কৰিছিল।

১৯৪৮ চনৰ আঠ আগষ্টত তেওঁ ল’ৰেটোৰ পৰা অব্যাহতি লয়। ল’ৰেটোৰ নির্ধাৰিত পোছাক আঁতৰাই থৈ তেওঁ বাছি ল’লে নীলা পাৰি দিয়া ডাঠ বগা শাৰী। প্ৰভু যীশুৰ সোঁৱৰণত বাওঁ কান্ধত আঁৰি ল’লে এটি সৰু ক্ৰছ। ইয়াৰ মাজতে পাটনাৰ ‘আমেৰিকান মেডিকেল মিছনেৰী ছিষ্টাৰ্ছ’ প্রতিষ্ঠানত নাৰ্ছিঙৰ এটি তিনিমহীয়া প্রশিক্ষণো গ্ৰহণ কৰি তেওঁ নিজকে সাজু কৰি ল’লে। এইবাৰ তেওঁৰ আৱাসস্থল হ’ল – ‘লিটল ছিষ্টাৰ্ছ অব্ দি পুৱৰ’ প্রতিষ্ঠান গৃহত।

মাদাৰ টেৰেছা-mother teresa essay in assamese

মাদাৰ টেৰেছা-mother teresa essay in assamese

১৯৫০ চনত মহামান্য পোপ দ্বাদশ পিউছে তেওঁক ‘মিছনেৰীজ অৱ চেৰিটি’ স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। এগনেছে নতুন উদ্যমেৰে চেৰিটি স্থাপনৰ কামত উঠি পৰি লাগিল। সেই উদ্দেশ্যে তেওঁৰ অনুৰোধ মৰ্মে কলকাতাৰ কর্তৃপক্ষই কালিঘাট মন্দিৰৰ ওচৰত প্ৰদান কৰা মাটিত এগনেছে ‘নির্মল হৃদয়’ স্থাপন কৰিলে। এইবাৰ এগনেছে তেওঁৰ নাম সলনি কৰি উনবিংশ শতিকাৰ ফৰাচী সতী, শিশু যীশু খ্রীষ্ট হিচাপে পৰিচিত টেৰেছাৰ নামানুসাৰে নাম ল’লে টেৰেছা – মাদাৰ টেৰেছা।

১৯৪৯ চনত তেওঁৰ কাৰ্যত সহযোগিতা কৰিবলৈ আগবাঢ়ি অহা সুভাষিনী দাস বৰ্তমানৰ ‘ছিষ্টাৰ এগনেছ’ প্ৰমুখ্যে দহগৰাকী সহযোগীক সাৰথি কৰি হাতত মাথো পাঁচোটা টকাৰ সম্বল লৈ আৰম্ভ কৰা ‘মিছনেৰীজ অৱ চেৰিটিজ’ ক্রমে ক্রমে বিশ্ব বৰেণ্য প্রতিষ্ঠানলৈ পৰ্যবসিত হৈ উঠিল। ১৯৬৫ চনত এই প্ৰতিষ্ঠানক ‘ৰোমৰ যাজক অধিকাৰীক’ প্রতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।

মাত্র পাঁচোটা টকা আৰু দহ গৰাকী সহযোগীক লৈ আৰম্ভ কৰা যাত্ৰাৰেই আৰম্ভ হ’ল মাদাৰ টেৰেছাৰ যাত্রা। আর্ত-দীন-হীনজনৰ সেৱাত নিমগ্ন হ’ল মাদাৰ। এবাৰ তেওঁক প্রশ্ন সোধা হৈছিল, ‘এটা শিশুৰ এঘন্টাৰ পাছত মৃত্যু হব বুলি নিশ্চিত হোৱাৰ পাছতো তাৰ লগত লাগি থকা সময় নষ্ট কৰাৰ কিবা অর্থ আছেনে?’ মাদাৰে উত্তৰ দিছিল ‘এনে প্রশ্নৰ কোনো অর্থ মই বুজি নাপাওঁ। যিটো শিশুৰ হয়তো এক মিনিট পাছতেই মৃত্যু হব, তাকো মই নিঃসংগ, অৱহেলিতভাৱে পৰি থাকিবলৈ দিব নোৱাৰোঁ। আৰু নোৱাৰোঁ বাবেই পৰিত্যক্ত শিশুৰ আশ্ৰয় হিচাপে ‘মাদাৰ হাউছ’ৰ কাষতে গঢ়ি তুলিছো ‘শিশুভৱন’। মুমূৰ্ষ মানুহৰ সেৱা কেন্দ্র কালিঘাটৰ ‘নির্মল হৃদয়’।

ছিটাগড়, আচানচোল, দিল্লীত কুষ্ঠ ৰোগীৰ বাবে কুষ্ঠাশ্রম। ৰাঁচী, ঝান্সি, মুম্বাই, ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, যুগোশ্লাভিয়া, ৰাছিয়াত সেৱা কেন্দ্র। সমীক্ষা অনুসৰি ১০০ খনতকৈয়ো বেছি দেশত ৪৬৮ টা সেৱা কেন্দ্ৰত ৫ লাখ পৰিয়ালক ভৰণ-পোষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। বস্তি অঞ্চলৰ ২০,০০০ শিশুক ১২৪ খন বিদ্যালয়ত শিক্ষা প্রদান, ৯০ হাজাৰ কুষ্ঠ ৰোগীৰ সেৱা, ৬ টা এইডছ নিৰাময় কেন্দ্র প্রায় ৬৬১ জন ৰোগীৰ চিকিৎসাৰ ব্যৱস্থাত ব্ৰতী হৈছে মাদাৰৰ প্রতিষ্ঠান।

মমতাৰ আন নাম মাদাৰ টেৰেছা:

মাদাৰৰ অন্তৰ মাতৃ-হৃদয়ৰ চিৰন্তন মমতাৰে জীপাল। সকলো সন্তানৰ প্রতি তেওঁৰ একেই চেনেহ। সেয়া কোনোবা ৰাজকুমাৰেই হওক বা দৰিদ্ৰ ভিক্ষাৰীয়েই হওক অথবা কোনোবা পক্ষাঘাত আক্ৰান্ত ৰোগীয়েই হওক। তেওঁ সকলোকে বুকুৰ চেনেহৰে সাবটি ল’বই। ঐশ্বর্যশালীজনক প্ৰশংসা আৰু নিঃস্বজনক পুতৌ কৰাৰ মানসিকতা মাদাৰৰ নাছিল। বৰং দৰিদ্ৰজনক তেওঁ ক্ষুধাৰ জ্বালা হাঁহিমুখে সহিব পৰা শক্তিৰে শক্তিমান বুলি প্রশংসাহে কৰিছিল। দীন-দুখীজনৰ সেৱাৰ পৰা লাভ কৰা অভিজ্ঞতাৰে তেওঁ এটা কথা উপলব্ধি কৰিছিল যে সংসাৰৰ সমস্ত দুখৰ স’তে যুঁজি জীৱনপাত কৰাসকলৰ পৰা আনসকলে বহু কথা শিকিবলগীয়া আছে। ‘মই তেওঁলোকৰ দাৰিদ্ৰক স্পর্শ কৰাৰ পথ তৈয়াৰ কৰি দিছোঁ’ – এয়াই আছিল মাদাৰৰ মন্তব্য।

পৰমেশ্বৰৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু মানুহৰ প্ৰতি থকা দুৰ্বাৰ চেনেহৰ বাবেই মাদাৰ অক্লান্তভাৱে দৌৰিছিল পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ। দেশ নামধাৰী ভৌগোলিক পৰিসীমা নেওচি তেওঁ ধাৱিত হৈছিল দুর্দর্মনীয় গতিৰে দুর্ভিক্ষপীড়িত ইথিওপিয়াৰ পৰা ৰণক্লান্ত বেইৰুটলৈ, ভূমিকম্পৰ বিপর্যস্ত আর্মেনিয়াৰ পৰা শ্ৰীলংকালৈ। ইৰাকৰ যুদ্ধ বন্ধ কৰিবৰ বাবে মাদাৰে আৱেদন জনাইছিল জর্জ বুশ্ব আৰু ছাদ্দাম হুছেইনক। ১৯৯২ চনৰ সাম্প্রদায়িক সংঘৰ্ষৰ পৰিসমাপ্তি বিচাৰি কলকাতাৰ ৰাষ্টাই-ঘাটে উদ্বাউল হৈ ঘূৰি ফুৰিছিল আশীৰোৰ্ধ মাদাৰ। মমতাময়ী মাদাৰক দেখি পহৰাৰত বন্দুকধাৰী সৈনিকসকলে বন্দুক নমাই চালাম দিছিল, সংঘৰ্ষত লিপ্ত হোৱাসকলে তৰ্ধৰণি হেৰুৱাই মুখ লুকুৱাইছিল।

মাদাৰৰ কৰ্মস্থলী কলকাতালৈ যিয়েই আহিছিল ধর্ম-বর্ণ-নির্বিশেষে মাদাৰৰ কাষলৈ ঢপলিয়াই গৈছিল। সেয়া লাগিলে বিশ্ববিজয়ী মহম্মদ আলীয়েই হওক বা বিতর্কিত লেখক ডমিনিক লাপিয়াৰেই হওক, জিন নোলোব্রিজদা বা য়াছেৰ আৰাফট, যুৱৰাজ চার্লছ অথবা ৰাজকুমাৰী ডায়েনাই হওক সকলোৱে এবাৰ তেওঁক দেখা কৰি গৈছিলেই। মাদাৰৰ সৈতে ফোনেৰে বাৰ্তালাপ কৰিছিল প্ৰেছিডেন্ট ৰেগানে।

মাদাৰক সসন্মানে আমন্ত্রণ জনাইছিল পাকিস্তানৰ ৰাষ্ট্রপতি জিয়াউল হকে। ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গর্বাচেভলৈ মাদাৰে প্ৰায়েই চিঠি লিখিছিল। মাদাৰৰ বাবে ৰোমৰ পোপৰ দুৱাৰ সদায় খোলা আছিল। ছুইডেন আৰু ভাৰতত মাদাৰৰ ছবি সম্বলিত ডাক টিকট প্ৰকাশ হৈছিল। বিশ্ববিশ্রুত আলোচনী ‘গুদ হাউছ কিপিঙে’ চলোৱা সমীক্ষাত বিশ্বৰ শ্ৰদ্ধাৰ শীৰ্ষস্থানত উপবিষ্ট হৈছিল মাদাৰ তিনি বছৰৰ বাবে। ৰাষ্ট্ৰ সংঘৰ চল্লিশতম বার্ষিকী অনুষ্ঠানত মাদাৰৰ জীৱন ভিত্তিক কথাছবি প্ৰদৰ্শন কৰা হৈছিল।

মাদাৰৰ জীৱনৰ আধাৰত দেশে-বিদেশে বহু গ্রন্থ ৰচিত হৈছে। ১৯৬২ চনত তেওঁক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হয়। ১৯৬২ চনত পদ্মশ্ৰী সন্মান লাভ কৰা মাদাৰে একে বছৰতে ফিলিপাইন চৰকাৰৰ ‘মেগছেছে বঁটা’ও লাভ কৰে। ১৯৭১ চনত ভেটিকান চিটিত ‘পোন জন-২৩’ শান্তি বটা, ১৯৭২ চনত ‘ছোভিয়েট দেশ শান্তি বঁটা’, ১৯৭৪ চনত চেইট ফ্রান্সিছ পুৰস্কাৰ, ১৯৭৯ চনত শান্তিৰ নোবেল বঁটা, ১৯৮০ চনত ভাৰতৰ সর্বোচ্চ সন্মান ভাৰত ৰত্ন, ১৯৮৩ চনত ইংলেণ্ডৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অব মেৰিট’ আৰু কেমব্রিজ আৰু অক্সফোর্ড বিশ্ববিদ্যালয়ে ‘ডক্টৰ’ সন্মানেৰে মাদাৰক বিভূষিত কৰে।

সামৰনি:

শৰীৰ ভাগি পৰিছিল কেইবছৰমান আগতেই। তথাপি শয্যা ত্যাগ কৰি কৰ্মক্ষেত্ৰলৈ ওলাই আহিছিল। মাজে মাজে শয্যাশায়ী হৈ নাছিংহোমত বঞ্চিবলগীয়া হৈছিল যদিও আকৌ ঘূৰি আহিছিল। আকৌ ‘মাদাৰ হাউছ’ৰ মাতৃৰ চেনেহী পৰশেৰে উদ্বুদ্ধ  হৈ পৰিছিল। কিন্তু ১৯৯৭ চনৰ পাচ ছেপ্টেম্বৰৰ নিশা ন বাজি ত্ৰিশ মিনিটত মাদাৰে কোৱা সেই বাক্যষাৰ ‘আই কাণ্ট ব্রিড এনি ম’ৰ’.. ‘মই আৰু উশাহ ল’ব নোৱাৰোঁ’ বোলা বাক্যষাৰেই মাদাৰৰ শেষ বাক্য হৈ নিসৃত হ’ল। শতিকাৰ সৱাতোকৈ মমতাময়ী মাতৃগৰাকীয়ে অন্তিম শয়নত নিদ্ৰামগ্ন হ’ল।

(আশা কৰোঁ আপুনি “মাদাৰ টেৰেছা-mother teresa essay in assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “মাদাৰ টেৰেছা-mother teresa essay in assamese” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top