মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

মানুহৰ জন্ম

মানুহৰ জন্মকাহিনী

আজিৰ পৰা বহুদিন আগতে পৃথিৱীত কোনাে মানুহ-দুনুহ নাছিল। সেই সময়ত মানুহ বুলিব পৰা একমাত্র প্রাণী আছিল আৱা। তাৰ গােটই দেহা ভালুকৰ দৰে দীঘল দীঘল নােমেৰে ভৰা আছিল। দেখিবলৈও সি আছিল বৰ কুৎসিত। এখন হাবিৰ মাজত জুপুৰি ঘৰ এটা সাজি সি অকলশৰে বাস কৰিছিল। হাবিৰ জীৱ-জন্তু খাই সি জীৱন নির্বাহ কৰিছিল।

মানুহৰ জন্ম

মানুহৰ জন্মকাহিনী

সেই সময়ত সূর্য দেৱতাৰ জুচাম নামৰ এজনী ধুনীয়া জীয়েক আছিল। তাই গাভৰু হ’লত দেউতাকে তাইক বিয়া দিয়াৰ কথা ভাবিলে। বহু বিচাৰ-খােচাৰ কৰিও পৃথিৱীত আৱাৰ বাহিৰে কোনাে মানুহ নােপােৱাত সুর্যই জীয়েকক আৱালৈ বিয়া দিলে। পতিৰ ঘৰলৈ যাত্ৰা কৰাৰ আগতে সূর্যই জুচামক কুকুৰাৰ পাখি এটা আৰু গাহৰিৰ নােম কেইডালমান দিলে। তাই সেইবােৰ বস্তু লৈ অকলে আৱাৰ ঘৰলৈ গুচি আহিল আৰু সুখেৰে দিনবােৰ কটাবলৈ ধৰিলে। সময়ত জুচামে এহাল যঁজা সন্তান জন্ম দিলে। তাৰে এটা সন্তান ল’ৰা আৰু এজনী ছােৱালী। সিহঁতে ল’ৰাটোৰ নাম চিবজী-চাও আৰু ছােৱালীজনীৰ নাম চিবজীম চাম ৰাখিলে।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

চিবজী-চাও আৰু চিবজীম-চাম লৰ মাৰি ফুৰিব পৰা হােৱাত এদিন সিহঁত দুয়াে একেলগে বেমাৰত পৰিল। আৱাই মুগা নামৰ এজন পুৰােহিতৰ কাষলৈ গৈ সন্তান দুটিৰ বেমাৰ ভাল কৰাৰ উপায় সুধিলে। মুগাই আৱাক এইবুলি উপায় দিলে—পােহনীয়া কুকুৰা আৰু গাহৰি মাৰি পূজা কৰিলে তােৰ সন্তান দুটাই আৰোগ্য লাভ কৰিব।

কথাটো শুনি আৱা বৰ চিন্তিত হৈ পৰিল। কাৰণ তাৰ ঘৰত কোনাে পােহনীয়া কুকুৰা আৰু গাহৰি নাছিল। অন্য ঘৰৰ পৰা আনিবলৈও সেই সময়ত তাৰ বাহিৰে পৃথিৱীত দ্বিতীয় ব্যক্তি নাছিল। চিন্তাত সি ভাত-পানী এৰিলে। জুচামৰ চকুত কথাটো ধৰা পৰিলত তাই গিৰিয়েকক চিন্তাৰ কাৰণ সুধিলে। আৱাই উত্তৰ দিলে— মুগা পুৰােহিতে ঘৰচীয়া কুকুৰা আৰু গাহৰি মাৰি পূজা কৰিবলৈ কৈছে; নহ’লে ল’ৰা-ছােৱালীহালৰ ভাল নহয়। কিন্তু মােৰ কোনাে পােহনীয়া কুকুৰা আৰু গাহৰি নাই, কেনেকৈ ইহঁত দুটাক ভাল কৰা যায়?

মানুহৰ জন্ম

মানুহৰ জন্মকাহিনী

জুচামে গিৰিয়েকক নির্ভয় দি ক’লে— তাৰ বাবে আপুনি অকণাে চিন্তা কৰিব নালাগে। মাথােন মােক এটা কুকুৰাৰ সজা আৰু গাহৰিৰ গড়াল সাজি দিয়ক। মই সকলাে কৰি দিম।

আৱাই ঘৈণীয়েকৰ কথা শুনি বৰ ৰং পালে। সি তেতিয়াই হাবিলৈ গৈ বাঁহ আৰু কাঠ কাটি আনিলে। তাৰে সি সজা এটা সাজি জুচামৰ হাতত দিলে আৰু ঘৰৰ কাষত গড়াল এটা বান্ধি দিলে। জুচামে দেউতাকৰ ঘৰৰ পৰা অনা কুকুৰাৰ পাখি নােম দুডাল ছিঙি সজাৰ ভিতৰলৈ ফুৱাই দিলে। নােম দুডাল গৈ সজাৰ ভিতৰত সােমােৱাৰ লগে লগে তাৰ ভিতৰত দুটা কুকুৰাৰ সৃষ্টি হ’ল। তাৰ পিছত জুচাম গড়ালৰ কাষলৈ গ’ল আৰু গাহৰি নােম দুডাল ফুৱাই গড়ালৰ ভিতৰত পেলাই দিলে আৰু তাৰ পৰা লগে লগে এহাল গাহৰিৰ সৃষ্টি হল।

মানুহৰ জন্ম

মানুহৰ জন্মকাহিনী

কিন্তু জন্মাৰ লগে লগে কুকুৰা আৰু গাহৰিবােৰ কান্দিবলৈ আৰম্ভ কৰিলে। জুচামে সিহঁতক নিজৰ স্তন পান কৰাই শান্ত কৰাবলৈ চেষ্টা কৰিলে, কিন্তু সিহঁতে তাইৰ স্তন পান কৰিবলৈ মান্তি নহ’ল। তেতিয়া জুচামে সিহঁতক সুধিলে ‘তহঁতে মােৰ স্তন পান নকৰ যদি কান্দিছ কেলেই? কুকুৰা আৰু গাহৰিবােৰে ক’লে—“আমাৰ বৰ ভােক লাগিছে। সেই কাৰণে আমি কান্দিছোঁ।

জুচামে কলে—‘মােৰ স্তনৰ গাখীৰৰ বাহিৰে তহঁতক খুৱাবলৈ মােৰ একো নাই। তােক লাগিছে যদি ইয়াকে নাখাৱ কিয়?

সিহঁতে উত্তৰ দিলে- “আমাৰ যিয়েই নহওক লাগে, আমি কেতিয়াও আপােনাৰ স্তনৰ গাখীৰ নাখাওঁ। কাৰণ আমাক বধ কৰি পূজাত আগবঢ়াবলৈ সৃষ্টি কৰা হৈছে। আপােনাৰ স্তন পান কৰিলে আপােনাৰ আমাৰ প্ৰতি মাতৃস্নেহ উপজিব। তেতিয়া আমাক বধ কৰাটো আপােনাৰ পক্ষে সম্ভব নহ’ব।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

জুচামে উত্তৰ দিলে- ‘তেন্তে মই তহঁতক একো দিব নােৱাৰাে। তহঁতে মাটিত খুচৰি যি পাৱ তাকে খাবি।

জুচামে সজা আৰু গড়ালৰ দুৱাৰ খুলি দিলে। কুকুৰা আৰু গাহৰিবােৰ বাহিৰলৈ ওলাই আহিল আৰু মাটি খুঁচৰি আহাৰ বিচাৰি খাই পুনৰ নিজৰ নিজৰ ঠাইত সােমাল। ৰাতি কুকুৰাই একেলগে বহুতাে কণী পাৰিলে আৰু পুৱাৰ লগে লগে তাৰ পৰা কুকুৰাৰ পােৱালি জাগি উঠিল। সেইদৰে সেই ৰাতিয়েই গাহৰিটোৱেও কেইবাটাও পােৱালি জন্ম দিলে। আৱাই তাৰে পৰা এটা কুকুৰা আৰু এটা গাহৰি বধ কৰি চিবজী-চাও আৰু চিবজী-চামৰ মংগলৰ কাৰণে পূজা দিলে। পূজা দিয়াৰ পিছত ল’ৰা-ছােৱালী দুটাই আৰােগ্য লাভ কৰিলে।

সেইদৰে আৱা আৰু জুচামৰ ঘৰত কুকুৰা আৰু গাহৰিয়ে পােহনীয়া জন্তু ৰূপে জন্ম ললে। কুকুৰা আৰু গাহৰিৰে সিহঁতৰ ঘৰখন নদন-বদন হ’ল। কিন্তু সিহঁতৰ ঘৰত তেতিয়াও শস্যৰ বীজ নাছিল। গতিকে জুচামে খেতি কৰিবলৈ ইচ্ছা কৰিলেও কৰিব পৰা নাছিল। এদিন জুচামে গিৰিয়েকক ক’লে—আমাৰ সকলাে হ’ল, কিন্তু খেতি কৰি ভাত খাবলৈ এতিয়াও নাপালাে। কিমান দিন আৰু মাংস, হাবিৰ আলু-কচু খাই থাকিম? আপুনি দেউতাৰ ঘৰলৈ যাওক। দেউতাৰ ভঁৰালত বহু শস্য আছে। দেউতাৰ পৰা অলপ শস্যৰ বীজ খুজি আনক।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

আৱাই ক’লে—মই দেউতাৰ ঘৰলৈ যাম কেনেকৈ? মই যে দেউতাৰ ঘৰলৈ যােৱা বাট নাজানাে।

মই আপােনাক বাট দেখুৱাই দিম। এইবুলি তাই গিৰিয়েকক লগত লৈ সূর্য দেৱতাৰ ঘৰলৈ যােৱা বাটত খােজ ল’লে। বহুদূৰ আগবাঢ়ি অহাৰ পিছত তাই কলে—এইটোৱেই দেউতাৰ ঘৰলৈ যােৱা বাট। মই আৰু ইয়াৰ পৰা আগ নাবাঢ়ো। ঘৰত ল’ৰা-ছােৱালী দুটা এৰি আহিছোঁ। ইয়াৰ পৰা আপুনি অকলে যাওক কিছু যােৱাৰ পিছত আপুনি দুটা বাট দেখিবলৈ পাব। তাৰে সোঁফালৰটোৱেদি আপুনি যাব, বাওঁফালৰ বাটেদি গ’লে আপােনাৰ বিপদ হ’ব।

গিৰিয়েকক যাবলৈ দি জুচাম ঘৰলৈ উভতি আহিল। আৱাই কিছু আগবাঢ়ি গৈ দুটা বাট পালে। ঘৈণীয়েকে শিকাই দিয়া কথামতে সি সোফালটোৱেদি খােজ ল’লে। কিন্তু কিছুদূৰ আগবাঢ়ি যােৱাৰ পিছত সি বাটত কাইট আৰু শিল ভৰি থকা দেখিবলৈ পালে। আৰাই ভাবিলে- জুচামে মােক বাট দেখুৱাই দিওঁতে ভুল কৰিলে। আচলতে তাইৰ বাওঁফালৰ বাটটো লবলৈ কৈছিল বােধহয়। এইবুলি ভাবি সি ঘূৰি আহি আকৌ বাঁওফালৰ বাটটো ল’লে।

বহুদূৰ একো বাধা-বিঘিনি নােহােৱাকৈ সি আগুৱাই গ’ল। আহি আহি সি এটা ডাঙৰ গুহা পালেহি। সেই হাত মিথি-চিতজিন নামৰ এজন দৈত্যই একুৰা জুই জ্বলাই লৈ বহি আছিল। সি আবাক দেখি জ্বলি থকা কাঠ এটুকুৰা গালৈ চাই দলিয়াই দিলে। জুই লাগি আৰাৰ দেহা পুৰি গ’ল আৰু লগে লগে সি এটা কুকুৰলৈ ৰূপান্তৰিত হৈ গ’ল। কুকুৰৰূপী আৱাই অৱশেষত উপায় নাপাই ঘৰলৈ উভতি আহিল। ঘৰত পােনে পােনে গৈ সােমােৱা উচিত নহয় বুলি ভাবি সি ঠেং দুটা আগলৈ মেলি দুৱাৰমুখত শুই পৰিল। চিবজী-চাও আৰু চিবজীম-চাম বাহিৰলৈ খেলিবলৈ ওলাই আহিল।

সিহঁতে দুৱাৰমুখত জন্তু এটা শুই থকা দেখি ভয়তে মাকৰ ওচৰলৈ আহিল। কুকুৰটো দেখিয়েই গিৰিয়েক আৱা বুলি তাই চিনি পালে। লগতে গিৰিয়েকৰ মূৰ্খামিৰ কাৰণেই যে কুকুৰলৈ ৰূপান্তৰিত হ’ব লগা হ’ল, সেই কথাও তাই নুবুজাকৈ নাথাকিল। তাই ল’ৰা-ছােৱালীহালক কাষলৈ মাতি আনি ক’লে— এই কুকুৰটোক তহঁতে ভয় নকৰিবি, মৰমহে কৰিবি। কাৰণ সি হ’ল তহঁতৰ দেউতাৰ।

মাকৰ কথা শুনি সিহঁতে কলে—“এইটো কেনেকৈ সম্ভৱ হ’ব পাৰে? আমাৰ দেউতা আছিল আমাৰ দৰে কথা কব পৰা মানুহ আৰু ই হৈছে এটা অমাত জন্তু।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

জুচামে কলে- ‘বিশ্বস নকৰ যদি হাতত থু অলপ লৈ তাক চেলেকিবলৈ দে। যদি ই চেলেকি খায়, তেন্তে বুজিবি ই তহঁতৰ দেউতাৰ বুলি আৰু যদি চেলেকি নাখায়, তেন্তে তহঁতৰ দেউতাৰ নহয়।’

মাকৰ কথামতে চিবজী-চাও আৰু চিবজীম-চামে হাতত থু অলপ লৈ কুকুৰটোৰ সন্মুখত পাতি দিলে। কুকুৰটোৱে কাষ চাপি আহি চিবজী-চাম আৰু চিবজীম-চামৰ হাত দুখন চেলেকিলৈ ধৰিলে। মাকে তেতিয়া ক’লে— ‘চা, ইয়েই তহঁতৰ দেউতাৰ হয় নে নহয়?
হয়, কিন্তু দেউতা কুকুৰলৈ সলনি হৈ গ’ল কেনেকৈ?’—সিহঁতে সুধিলে।

জুচামে তেতিয়া ক’লে- তহঁতৰ দেউতাৰক মই মােৰ দেউতাৰ কাষলৈ শস্যৰ বীজ খুজি আনিবলৈ পঠাইছিলাে। কিন্তু তহঁতৰ দেউতাৰাই ভুল বাট ধৰি গ’ল। বাটত মিথি-চিতজিন দৈত্যই দেউতাৰক পালে আৰু সি তেওঁক এনে অৱস্থা কৰি এৰি দিলে। এতিয়া দেউতাৰক কেনেকৈ আকৌ মানুহ কৰাে তাকেই চিন্তা কৰিছোঁ।

জুচামে কুকুৰটোক ভাত-পানী দি ঘৰত ৰাখিলে। মনে মনে তাই তাক পুনৰ মানুহ কৰাৰ কথা ভাবিবলৈ ধৰিলে। এদিন তাই লৰা-ছােৱালীহালক কুকুৰৰ ভাৰ দি থৈ দেউতাকৰ কাষলৈ গ’ল আৰু সকলাে কথা ভাঙি-পাতি কৈ উপায় সুধিলে। সূর্য দেৱতাই জীয়েকক মেথােনৰ শিং এটা দি কলে- এইটো নি ইয়াৰ পৰা মেথােন সৃষ্টি কৰিবি আৰু তাৰে এটা কাটি পূজা দিবি। তেতিয়াহে তােৰ গিৰিয়েৰাই পুনৰ মানুহৰ ৰূপ ল’ব।’

তাই শিংটো লৈ ঘৰলৈ উভতি আহিল। তাই বৰ কষ্ট কৰি এডাল পঘা বটিলে আৰু এটা খুটা পুতি তাত পঘাৰ এটা মূৰ বান্ধি তাৰ কাষত শিংটো ফুৱাই দিলে। তৎক্ষণাৎ এহাল মতা-মাইকী মেথােনৰ সৃষ্টি হ’ল। কিন্তু সৃষ্টি হৈয়েই সিহঁত ইমান শক্তিশালী হ’ল যে জুচামে সিহঁতক ধৰি পঘাৰে বান্ধি ৰাখিব নােৱাৰিলে। তাই বহু চেষ্টা কৰিও মেথােন হাল ধৰিব নােৱাৰিলে। ফলত গিৰিয়েকৰ কাৰণে পূজাও দিব পৰা নগ’ল। গতিকে আৱা কুকুৰ হৈয়েই থাকিব লগাত পৰিল।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

গিৰিয়েকক মানুহলৈ ৰূপান্তৰিত কৰিব নােৱৰাত জুচাম মহা চিন্তাত পৰিল। ইফালে ঘৰত গিৰিয়েকে বিচাৰি দি থৈ যােৱা মাছ-মাংসও শেষ হ’ল। তিৰােতা হৈ চিকাৰ কৰাৰ কথা তাই ভাবিবই নােৱাৰে। অৱশেষত তাই দেউতাকৰ পৰা শস্যৰ বীজ আনি খেতি কৰি ল’ৰা-ছােৱালীহালক পােহপাল দিয়াৰ কথা ভাবিলে। ল’ৰা-ছােৱালী দুটিক কুকুৰৰ দায়িত্বত থৈ ৰাতি তাই দেউতাকৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে।

চিবজী-চাও আৰু চীবজীম-চামক অকলশৰীয়া হৈ থকা দেখি হাবিৰ ‘ফু’ (অশৰীৰ আত্মা, ভূত) সকলে সিহঁতক মাৰি খাবৰ বাবে কাষ চাপি আহিল। সিহঁতক অহা দেখি কুকুৰটোৱে ভুকিবলৈ আৰম্ভ কৰিলে। কুকুৰৰ ভয়ত সিহঁত ওচৰ চাপিব নােৱৰা হ’ল। পুৱা শুই উঠি মাকক দেখা নাপাই সিহঁতে কান্দিবলৈ ধৰিলে। বহুপৰ বাট চোৱাৰ পিছত যেতিয়া মাক উভতি নাহিল, তেতিয়া সিহঁতে মাকক বিচাৰি যাবলৈ ওলাল। সিহঁতে মাকৰ খােজৰ চিন চাই চাই যাবলৈ ধৰিলে।

কুকুৰটোৱে আগে আগে সিহঁতক বাট দেখুৱাই লৈ গ’ল। আগৰবাৰ আহােতে যিমানখিনি বাটলৈকে সি আহিছিল, সিমানখিনিলৈকে আহি কুকুৰটো ৰৈ গ’ল। কুকুৰটো ৰৈ যােৱা দেখি চিবজী-চাম আৰু চিবজীম-চাম জিৰাবৰ বাবে মাটিত বহি পৰিল আৰু লগে লগে গভীৰ টোপনিত লালকাল হৈ পৰিল। সিহঁতক শুই পৰা দেখি কুকুৰটোৱে ভাবিলে সিহঁতে শুই থকা সময়ত মই গৈ শুদ্ধ পথটো বিচাৰি উলিয়াই আহো। এইবুলি ভাবি সি তাৰ পৰা আঁতৰি গ’ল।

ল’ৰা-ছােৱালী দুটি অকলশৰীয়া অৱস্থাত শুই থকা দেখি চল পাই হাবিৰ ফুবিলাক পুনৰ কাষি চাপি আহিল। সিহঁতৰ চিঞৰ বাখৰত চিবজী-চাও আৰু চিবজীম-চাম সাৰ পালে। কুকুৰটো কাষত দেখা নাপাই ভয়ত দুয়াে পলাবলৈ ধৰিলে। সিহঁতৰ পিছে পিছে ফুবােৰে খেদি আহিবলৈ ধৰিলে। এইদৰে দৌৰি গৈ থাকোতে বাটত সিহঁতে ভালুক এটা লগ পালে। সিহঁতক দেখি ভালুকটোৱে সুধিলে— তহঁত কিয় এনেদৰে দৌৰিছ? হাবিৰ ফুবােৰে আমাৰ মাৰিবলৈ খেদি আহিছে। সিহঁতে ভয়ে ভয়ে উত্তৰ দিলে।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

‘তহঁতে ভয় খাব নালাগে। মই তহঁতক ৰক্ষা কৰিম। এইবুলি কৈ ভালুকে সিহঁতক লৈ এজোপা ওখ গছত উঠিল। প্ৰথমতে সি চিবজী-চাও আৰু চিবজীম-চামক দুটা ডালত বহিবলৈ দি গছৰ ওপৰত এখন চাং সাজিলে। তাৰ পিছত দুয়ােটা ল’ৰা-ছােৱালীক সেই চাঙত বহাই থৈ নিজে তললৈ নামি গ’ল। তাৰ পিছত সি গছৰ বাকলিবােৰ এৰুৱাই চিকচিকীয়া আৰু পিছল কৰি দিলে, যাতে ফুবােৰে গছত উঠিব নােৱাৰে। তাৰ নিজৰ কামখিনি সমাধা কৰি চিবজী-চাও আৰু চিবজীম-চামক নির্ভয় দি ভালুক তাৰ পৰা আঁতৰি গ’ল।

ভালুকটো গুচি যােৱাৰ লগে লগে হাবিৰ ফুবোৰ কাষ চাপি আহিল। সিহঁতে গছত উঠিবলৈ চেষ্টা কৰিলে, কিন্তু পিছল গা-গছৰ কাৰণে নােৱাৰিলে। গতিকে সিহঁতে দাঁতেৰে কামুৰি গছজোপা বগাবলৈ সাজু হ’ল। তাকে দেখি চিবজী-চাও আৰু চিবজীম-চামে গছজোপাক প্রার্থনা কৰিবলৈ ধৰিলে—যেতিয়া তুমি বাগৰি পৰিবা, অনুগ্ৰহ কৰি ভৈয়ামৰ ফালে যেন বাগৰি পৰা। পাহাৰৰ ফালে বাগৰি পৰি আমাক যেন বিপদত নেপেলােৱা।

কিন্তু ফুবােৰে গছজোপাক আদেশ দিয়াৰ সুৰত ক’লে—তই পাহাৰৰ ফালে বাগৰি পৰিবি, নহলে তােক আমি সুদাই নেৰোঁ।

গছজোপাই চিবজী-চামৰ প্রার্থনা শুনিলে। সি লাহেকৈ ভৈয়ামৰ ফালে বাগৰি পৰিল। চিবজী-চাও আৰু চিবজীম-চামক কোনাে ধৰণৰ আঘাত নিদিলে। মাটিত পৰি যােৱাৰ পিছত গছজোপাই সিহঁতক কলে—তহঁত সৌ পথাৰত গৈ থিয় দি থাকিবি। তালৈ শগুন এটা আহিব। সি তহঁতক মাৰৰ কাষলৈ লৈ যাব। এতিয়া আৰু তহঁতক ফুবােৰে একো কবি নােৱৰে।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

গছৰ কথামতে সিহঁত মুকলি পথাৰৰ ফালে আগুৱাই গ’ল। সিফালে ফুবােৰে ভৈয়ামত সােমাব নােৱাৰি খঙত চিঞৰ বাখৰ কৰি থাকিল। মুকলি পথাৰলৈ আহি চিবজী-চাও আৰু চিবজীম-চামে শগুণৰ বাবে বাট চাবলৈ ধৰিলে। কিছুপৰৰ মূৰকত শগুণ আহি সিহঁতৰ কাষত পৰিল। সিহঁতক দুখ মনেৰে বহি থকা দেখি শগুণে সুধিলে— তহঁত কলৈ যাবলৈ আহিছ? কিয় বাৰু এনেদৰে দুখ মনেৰে ইয়াত বহি আছ? মই কিবা সহায় কৰিব পাৰােনে?

শগুণৰ প্রশ্ন শুনি চিবজী-চামে সিহঁতৰ দুখৰ কথাবােৰ তাক ভাঙি-পাতি কলে। শুনি শগুণে ক’লে মই পৃথিৱীত মৰা শ বিচাৰি ফুৰো আৰু তাৰ তেজবােৰ নি সূর্য দেৱতাক দিওঁগৈ। মই তহঁতক কেনেকৈ সহায় কৰিম?”

চিবজী-চাও আৰু চিবজীম-চামে উৎসাহিত হৈ ক’লে—“আমি সূর্য দেৱতাৰ কাষলৈ যাবলৈ আহিছোঁ, কিন্তু কেনেকৈ যাব লাগে আমি নাজানাে। আপুনি অনুগ্ৰহ কৰি আমাক লৈ যাবনে?’

শগুণে ক’লে—তহঁত দুটা মােৰ বাবে বৰ গধুৰ হবি, গতিকে মই দুয়ােকে একেলগে কঢ়িয়াই নিব নােৱাৰো। তহঁতৰ যিকোনাে এটাই মােৰ পিঠিত বহ, মই সূৰ্যৰ ঘৰত থৈ আহি আকৌ আনটোক লৈ যামহি।

শগুণৰ পিঠিত চিবজীম-চাম উঠিল। খন্তেকতে চিবজী-চাওক হাবিত অকলশৰে এৰি থৈ চিবজীম-চামৰ সতে শগুণ আকাশলৈ উৰি গৈ নেদেখা হ’ল। শগুণ উভতি আহিব বুলি বহু সময় চিবজী-চাও হাবিৰ মাজত বহি থাকিল। কিন্তু বহুপৰলৈ শগুণ উভতি নহা দেখি চিবজী-চাওৰ ভয় লাগিল আৰু তাৰ পৰা আঁতৰি গৈ হাবিত অনাই বনাই ফুৰিবলৈ ধৰিলে।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

তেনেদৰে অনাই বনাই ঘূৰি ফুৰোঁতে চিবজী-চাৱে কুকুৰটো পুনৰ লগ পালে। কুকুৰটোৱে তাক পাই আনন্দতে তাৰ হাত-ভৰি চেলেকি দিলে আৰু ঘৰৰো বাট দেখুৱাই লৈ গ’ল। ঘৰ পাই কুকুৰটো আৰু চিবজী-চাও একেলগে থাকিবলৈ ল’লে। চিবজী-চাও ডাঙৰ নােহােৱালৈকে কুকুৰটোৱে তাৰ অভিভাৱক হৈ থাকিল। সময়ত চিবজী-চাও ডাঙৰ হ’ল। কুকুৰটোৱে তাক কুকুৰা, গাহৰি, মেথােন আদি পুহিবলৈ আৰু চিকাৰ কৰা, মাছ মৰা আদি কাম কৰিবলৈ শিকালে।

ইফালে চিবজীম-চামক পাই মাক জুচামে বৰ আনন্দ পালে। সূর্য দেশৰ ৰং-আনন্দৰ মাজত মাক-জীয়েক দুয়াে আৱা আৰু চিবজী-চাওৰ কথা সমুলি পাহৰি পেলালে। জুচামে জীয়েকক বিভিন্ন ধৰণৰ খেতি কৰিবলৈ শিকালে, ভাত-আঞ্জা ৰান্ধিবলৈ শিকালে আৰু লগতে শিকালে কাপােৰ বােৱা, সুতা কটা, কাপােৰ চিলােৱা আদি নানাধৰণৰ হাতৰ কাম।

কালক্ৰমত চিবজীম-চাম এজনী ধুনীয়া গাভৰু হৈ উঠিল। এদিন তাই খেতিত চৰাই ৰখি থাকোতে চৰাই এটাই গােৱা তাই শুনিবলৈ পালে-

চিবজীম-চাম গাভৰু হ’ল,
চিবজীম-চাম গাভৰু হ’ল।
সূর্য দেশত আহি
তাই হ’ল অহংকাৰী,
চিবজী-চাৱক গ’ল পাহৰি।
চিবজীম-চাম গাভৰু হ’ল,
চিবজীম-চাম গাভৰু হ’ল।

গীতটো শুনিয়েই তাইৰ লগে লগে ককায়েকলৈ মনত পৰিল। তাই তেতিয়াই খেতি এৰি গুচি আহিল আৰু ঘৰত মাকক সকলাে কথা বিৱৰি ক’লে। জুচামে কথাটো শুনি ক’লে- ‘তই পৃথিৱীলৈ যা, মই তােক সকলাে শস্যৰ বীজ, সকলাে ৰঙৰ সূতা আনি দিম। তাৰে তই খাবলৈ খেতি কৰিবি আৰু পিন্ধিবলৈ কাপােৰ ববি। চিবজী-চাও এতিয়া ডাঙৰ হ’ল। সি তােক এতিয়া চিনি নাপায়। তােক দেখি সি বিয়া কৰাব খুজিব, তই আপত্তি নকৰিবি।

মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু

মাকৰ পৰা শস্যৰ বীজ, সূতাৰ টুকুৰা আদি লৈ চিবজীম-চাম পৃথিৱীৰ ঘৰলৈ উভতি আহিল। সেই সময়ত চিবজী-চাও চিকাৰ কৰিবলৈ ওলাই গৈছিল। গতিকে শুদা ঘৰত সােমাই তাই জুই ধৰিলে, ঘৰ সাৰি-মুচি চাফা কৰিলে, তাৰ পিছত ভাত-আঞ্জা ৰান্ধি থৈ চিবজী-চাৱলৈ বাট চাই থাকিল। চিবজী-চাও গধুলি চিকাৰৰ পৰা উভতি আহি দেখিলে, ঘৰত এজনী ধুনীয়া গাভৰু ছােৱালী বহি আছে। তাই আহিয়েই চিবজী-চাৱক লাউপানী খাবলৈ দিলে। তাৰ পিছত তাই তাক ভাত খুৱালে। চিবজী-চাৱে সেইবােৰ খাই বৰ তৃপ্তি পালে। সি তাইৰ পৰিচয় সুধিলে। কিন্তু তাই নিজৰ পৰিচয় লুকাই ক’লে—মই দূৰ দেশৰ পৰা আপােনাক বিচাৰি আহিছে। আপােনাৰ বাহিৰে এই পৃথিৱীত মােক বিয়া কৰাব পৰা মানুহ দ্বিতীয় এজন নাই।

সেইদিনাৰ পৰা চিবজী-চাও আৰু চিবজীম-চামে পতি-পত্নীৰূপে থাকিবলৈ ল’লে। চিবজীম-চামেই পৃথিৱীত প্রথম খেতি কৰিবলৈ আৰু কাপােৰ ববলৈ শিকাই থৈ গ’ল। চিবজী-চাও আৰু চিবজীম-চামৰ সন্তান-সন্ততিয়েই বর্তমান পৃথিৱীৰ মানুহ বুলি আঁকা জনজাতিৰ মানুহে ভাবে।

(আশা কৰোঁ আপুনি  “মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “মানুহৰ জন্মকাহিনী-কামেং সীমান্তৰ সাধু” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top