মােৰ জীৱনৰ লক্ষ্য || aim in life essay in assamese

জীৱনৰ লক্ষ্য, aim in life essay in assamese

ভূমিকা

লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে। বতাহে যেনিয়েই টানি নিয়ে তেনিয়েই গতি কৰে। কিন্তু অপৰূপ জীৱন যিহেতু এবাৰেই পােৱা যায়, সেয়ে ইয়াক সাফল্যমণ্ডিত কৰি তুলিবলৈ চেষ্টা কৰাটো মানুহৰ কৰ্তব্য। শিক্ষা জীৱনৰ আৰম্ভণিতে পােৱা এই শিক্ষাৰে ময়াে নিজৰ জীৱন সজাবলৈ মন থিৰ কৰিছোঁ। মই মােৰ জীৱনৰ লক্ষ্য ঠিক কৰিছোঁ – মই সাংবাদিক হ’ম।

মােৰ জীৱনৰ লক্ষ্যৰ সংজ্ঞা

লক্ষ্য যিয়েই নহ’ওক, সেই দিশত আগবঢ়াৰ প্ৰস্তুতি নিজৰ মাজত কৰি ল’ব পাৰিলে বহুখিনি সুবিধা হয়। সাম্প্ৰতিক পৃথিৱীত জীয়াই থাকিবলৈ আন বৃত্তিৰ কথা নাভাবি মই কেৱল সাংবাদিকতাকহে আগস্থান দিছোঁ। কাৰণ সাংবাদিকৰ কলমত বহুত শক্তি আছে বুলি মই বিশ্বাস কৰোঁ। সাংবাদিকৰ কলমৰ শক্তিৰে সমাজৰ অশুভ শক্তিক পৰাস্ত কৰিব পাৰি বুলি মই ভাবাে।

জীৱনৰ লক্ষ্য, aim in life essay in assamese

মােৰ জীৱনৰ লক্ষ্য || aim in life essay in assamese

সংবাদ সেৱা যিয়েই কৰে তেৱেই সাংবাদিক। বৃত্তি হিচাপেও বৰ্তমান সাংবাদিকতাই আকৰ্ষণীয় ৰূপ গ্ৰহণ কৰিছে। সংবাদপত্ৰ হ’ল সমাজৰ দাপােণ স্বৰূপ। দেশ-বিদেশৰ ঘটনাপ্ৰবাহ সংবাদপত্ৰত প্ৰতিফলিত হয়। বৃত্তি হিচাপে সাংবাদিকতা বৰ্তমান কেৱল সংবাদপত্ৰ নিৰ্ভৰ নহয়, নানান মাধ্যমৰ জৰিয়তে এই বৃত্তিত প্ৰচুৰ সম্ভাৱনা আছে। টেলিভিছন, social media আদিৰ দৰে ইলেকট্ৰনিক মাধ্যমৰ বিশাল জগতখনলৈ সাংবাদিকতাৰ ক্ষেত্ৰ সম্প্ৰসাৰিত হৈছে।

মােৰ লক্ষ্যৰ প্ৰসাৰিত ক্ষেত্ৰ

যিকোনাে লক্ষ্য প্ৰাপ্তিৰ বাবেই মানুহক প্ৰচুৰ ধৈৰ্যৰ প্ৰযােজন। ময়াে সেয়ে মােৰ লক্ষ্যত উপনীত হ’বৰ বাবে পৰিশ্ৰম আৰু প্ৰয়োজনীয় অধ্যয়ন এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। যিহেতু সাংবাদিকতা এক সেৱামূলক বৃত্তি, গতিকে ইয়াত অৰ্থোপাৰ্জনতকৈ সমাজৰ বাবে কিবা এটা ভাল কাম কৰি যাব পৰাটোহে মই লক্ষ্য হিচাপে লৈছাে।

আজিৰ পৰা কিছু বছৰৰ আগলৈকে বৃত্তি হিচাপে সাংবাদিকতাক উচ্চ স্থান দিয়া হােৱা নাছিল। আন ক’তাে একো ব্যৱস্থা কৰিব নােৱাৰিহে ‘দুদিনমান কৰি চাওঁচোন’ বুলি মানুহ এই বৃত্তিলৈ আহিছিল। কিন্তু বৰ্তমান সময় সলনি হৈছে। এচাম অতি নিষ্ঠাবান আৰু কৰ্মী সাংবাদিকৰ বাবেই আজি সাংবাদিকতা হৈ পৰিছে এক সন্মানীয় বৃত্তি।

সাম্প্ৰতিক সময়ত সাংবাদিকতাই পৰিগ্ৰহ কৰিছে মানুহৰ মানসিক চাহিদা পূৰণ আৰু জীৱিকাৰ আকৰ্ষণীয় উপায়। সাংবাদিকতাৰ জ্ঞান আৰু অৰ্হতা থকা ব্যক্তিৰ বাবে বিভিন্ন চৰকাৰী-বেচৰকাৰী সংবাদ সংস্থা অথবা বিভিন্ন জনসংযােগ বিভাগত নিযুক্তি লাভৰ সম্ভাৱনা আছে। সেইদৰে মুক্ত সাংবাদিকৰূপে (Freelance Journalist) বিভিন্ন টেলিভিছন চেনেল অথবা সংবাদপত্ৰ প্ৰতিষ্ঠানৰ লগত পােনপটীয়াকৈ জড়িত নােহােৱাকৈও এক সচ্ছল বাট মােকলাই ল’ব পাৰি।

জীৱনৰ লক্ষ্য, aim in life essay in assamese

মােৰ জীৱনৰ লক্ষ্য || aim in life essay in assamese

অৰ্হতাপ্ৰাপ্ত দক্ষ সাংবাদিকে নিজাববীয়াকৈ নিউজ এজেন্সী বা সংবাদ সংস্থা গঠন কৰি তাৰ সহায়ত স্বনিয়ােজনেৰে এক সচ্ছল জীৱন যাপন কৰিব পাৰে। এইখিনিৰ উপৰি বিভিন্ন সংবাদপত্ৰত নিয়মীয়া নিযুক্তিৰ সুবিধাতাে আছেই। সংবাদপত্ৰৰ সংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে এই সুযােগ-সুবিধা আৰু সম্ভাৱনাৰ পৰিসৰৰ ক্ৰমাৎ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আহিছে।

সাংবাদিকতাত অৰ্হতা থকা ব্যক্তিয়ে বিভিন্ন সংবাদপত্ৰৰ ষ্টাফ ৰিপৰ্টাৰ, উপ-সম্পাদক, বাতৰি যােগনিয়াৰ, বাৰ্তা সম্পাদক, আৰ্হি পাঠক আদি বহুকেইটা পদত সহজেই নিযুক্তি লাভ কৰিব পাৰে। একেদৰে বিভিন্ন ইলেকট্ৰনিক মাধ্যমৰ বিভিন্ন পদবীতো সাংবাদিকতাৰ জ্ঞান থকা ব্যক্তিয়ে অগ্ৰাধিকাৰ লাভ কৰে। এই সকলাে সুবিধাৰ উপৰি মােৰ আগ্ৰহৰ বাবেই এই বৃত্তি বাছি লম বুলি সিদ্ধান্ত ল’লোঁ।

লক্ষ্যত উপনীত হােৱাৰ প্ৰস্তুতি

‘যতে ইচ্ছা ত’তে বাট’, Where there is a will, there is a way এনে ইচ্ছাশক্তিৰ বলতে আজি আমি ষ্টিফেন হকিন্স, আব্দুল কালামৰ দৰে মহান বিজ্ঞানীৰ নাম স্মৰণ কৰো। যিসকলে জীৱনৰ বাটত আহি পৰা প্ৰতিটো সংঘাত আৰু সমস্যাকে নিজৰ প্ৰবল ইচ্ছাশক্তিৰে জয় কৰিছে। যাৰ বাবে বিজ্ঞান মাথোঁ জীৱিকাৰ উপায় হৈ থকা নাই, হৈছে মানৱ কল্যাণৰ বাবে ব্যৱহৃত মহামন্ত্ৰ।

জীৱনৰ সংকটক তেওঁলােকে সাহসেৰে পাৰ হৈ আহিব পাৰিছে। ইচ্ছাশক্তি অবিহনে কোনাে কাম সম্ভৱ নহয়। খাই-বৈ থাকিব পৰা আৰামদায়ক চাকৰিৰ পৰিৱৰ্তে সাংবাদিকতাৰ দৰে পৰিশ্ৰমৰ বৃত্তি নিৰ্বাচন কৰাটোকো মই ইচ্ছাশক্তিৰ কাম বুলি ভাবাে। মােৰ ধাৰণা, আন বৃত্তিৰ তুলনাত সাংবাদিকতাৰ বিশাল ক্ষেত্ৰখনত প্ৰৱেশ কৰি প্ৰতিষ্ঠা লাভ কৰিবলৈ হ’লে মােৰ সকলাে বিষয়তে সম্যক জ্ঞান থাকিব লাগিব। যি মােৰ মানসিক দিগন্তত প্ৰসাৰিত হােৱাত সহায় কৰিব।

লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰয়ােজন

সাংবাদিক হ’বৰ বাবে মই প্ৰখৰ চিন্তা, তীক্ষ দৃষ্টি আৰু বিশ্লেষণী ক্ষমতাৰ অধিকাৰী হ’ব লাগিব। ইয়াৰ বাবে এতিয়াই মই বিভিন্ন বিষয়ৰ কিতাপ পঢ়াৰ চেষ্টা কৰিছাে, সমুখত দেখা যিকোনাে ঘটনাকে মন দি চাই তাৰ পৰা কি শিকিব পাৰি তাৰ চেষ্টা কৰিছোঁ। জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে সুবিধা পালে কথা বতৰা পতাৰ চেষ্টা কৰোঁ। এইসকলােৰে উপৰি মােক প্ৰয়ােজন হ’ব প্ৰখৰ চিন্তা শক্তি, তীক্ষ্ণ দৃষ্টি আৰু বিশ্লেষণী ক্ষমতা। এইখিনি অৰ্জনৰ বাবে মােক প্ৰয়ােজন হ’ব প্ৰচুৰ অধ্যয়নৰ। পাঠ্যপুথি অধ্যয়নৰ পিছত আজৰি সময়ত মই সাংবাদিক, সংবাদ আৰু ইয়াৰ কৰ্ম-প্ৰক্ৰিয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম।

মােৰ মনৰ পৰা এপলকৰ বাবেও লক্ষ্যৰ কথা আঁতৰিবলৈ নিদিওঁ। সাহস আৰু প্ৰতিকূল পৰিৱেশত কাম কৰাৰ মানসিকতা এজন দক্ষ আৰু প্ৰতিষ্ঠিত সাংবাদিকৰ আৱশ্যকীয় গুণ। এইখিনি আহৰণ কৰিবলৈও এতিয়াৰ পৰাই মই প্ৰস্তুত হ’ব লাগিব। বিজ্ঞান, ৰাজনীতি, অৰ্থনীতি, সমাজ, সাহিত্য, ক্ৰীড়া এই সকলাে লৈয়ে আধুনিক বৃত্তিধাৰী সাংবাদিক। গতিকে এনেবােৰ বিষয়ৰ পুংখানুপুংখ নহ’লেও অন্ততঃ সম্যক জ্ঞানখিনি আহৰণ কৰিবলৈ চেষ্টা কৰিম। সাহস, নিষ্ঠা, সততা আৰু ধৈৰ্যৰে আগবাঢিলে সাংবাদিকতাৰ এই বিশাল ক্ষেত্ৰখনত সফলতা আহিবই।

সামৰণি (aim in life essay in assamese)

এখন দেশৰ গণতন্ত্ৰ ৰক্ষাত সাংবাদিকসকলৰ কৰ্তব্যই সৰ্বাধিক। তেওঁলােক একাধাৰে স্ৰষ্টা আৰু দ্ৰষ্টা। তেওঁলোক পথ-প্ৰদৰ্শক। গণতন্ত্ৰত সাংবাদিকৰ ভূমিকা হ’ল সুস্থভাৱে পৰিচালিত কৰা। এইক্ষেত্ৰত সাংবাদিকৰ কৰণীয় হ’ল প্ৰকৃত সত্যক শুদ্ধ আৰু সম্পূৰ্ণকৈ ৰাইজৰ সন্মুখত দাঙি ধৰা। প্ৰকৃত সাংবাদিকে কোনাে দল বা পক্ষৰ পােষকতা নকৰে। তেওঁলােক সৰ্বদা নিৰপেক্ষ। সেইদৰে গণতন্ত্ৰত সাংবাদিকৰ আন এটা ভূমিকা হ’ল ব্যক্তি স্বাৰ্থৰ বিৰােধিতা কৰা। ব্যক্তি স্বাৰ্থক প্ৰশ্ৰয় দিয়াৰ পৰিৱৰ্তে তেওঁলােকে সমাজ আৰু জনগণৰ হকে কাম কৰি যায়।

সমাজত সংবাদপত্ৰৰ ভূমিকা সুদূৰপ্ৰসাৰী হ’ব পাৰে তাক অনুভৱ কৰিব পাৰি এইচ জি ৱেলছৰ উক্তিৰ পৰা। সে হ’ল ‘বুৰঞ্জী প্ৰসিদ্ধ ৰোম সাম্ৰাজ্য টিকি থাকিব নােৱৰাৰ এটা কাৰণ সেই সময়ত ৰােম সাম্ৰাজ্যত কোনাে সংবাদপত্ৰ নাছিল। দূৰ দূৰণিত সিঁচৰতি হৈ থকা প্ৰজাবৰ্গৰ মতিগতি কেন্দ্ৰই জানিবলৈ কোনাে উপায় নাছিল। ’

বৰ্তমান যে সাংবাদিকতা অতি সন্মানীয় পৰ্যায়ৰ বৃত্তি, তাত সন্দেহ নাই। মানৱ সেৱাক জীৱিকা হিচাপে একমাত্ৰ বৃত্তি বুলি গণ্য কৰি মই ইয়াক মােৰ লক্ষ্য কৰি ল’লোঁ।

(আশা কৰোঁ আপুনি  “মােৰ জীৱনৰ লক্ষ্য || aim in life essay in assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “মােৰ জীৱনৰ লক্ষ্য || aim in life essay in assamese” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top