প্ৰথম অধ্যায়
তাহানি এক ৰজাৰ দিনত এহালি বুঢ়া-বুঢ়ী আছিল। দুয়ো গাঁৱৰ এমূৰত সৰু পজা এটিতে টুক্ টুক্ টাক্ টাককৈ কোনোমতে খাই বৈ থাকে; খেতি-বাতি বিশেষ একো নাই; কেৱল ঘৰৰ আগৰ এচমকামান মাটিতে শাকটো-পাচলিটো আৰ্জি তাকেই বেচি কিনি কোনোমতে পেটে ভাতে খাই সাস্ত সমস্তকৈ দিন কটায়। ঘৰখনিৰ ভিতৰত বুঢ়া আৰু বুঢ়ী, তেওঁ বিলাকৰ আগলৈ চাবলৈকো নাই, পাছলৈ চাবলৈকো নাই।
এইবাৰ বুঢ়াই কৰবাৰ পৰা ভাল মূলাৰ গুটি আনি বৈ গোবৰ-মাটি ছাই-মাকতি সাৰ-জাবৰ আদি দি নিকাই খুচৰি লহ-পহ কৰে বাল মূলা এডৰা কৰিছে; দেখিলেই এনেহে লাগে, যেন মূলাডৰাই “মোক খা” “মোক খা”কৈ হাত বাউলি দি মাতিব লাগিছে।
কোন কোৱা-চিলাই বতৰা কলেগৈ ক’ব নোৱাৰোঁ, স্বৰ্গত বাতৰি ওলালগৈ, যে অমুক ঠাইত অমুক বুঢ়াৰ শাকনি বাৰীত এনে এডৰা ‘মোক খা,’মোক খা’ কৰা মূলা হৈছে। লাহে লাহে এই কথাৰ পম বাঢ়ি গৈ ইন্দ্ৰৰ কাণ পালেগৈ। কথাটো লুভীয়া ইন্দ্ৰ বাহাদুৰৰ পেটত ‘কেতিয়া মূলাৰ ওচৰ পাওঁ’ এই কথাই ধান বানিবলৈ লাগি গ’ল।
দ্বিতীয় অধ্যায়
ৰাতিপুৱাই কাউৰী-কুকুৰ নৌ উঠোতেই ফটা-কঁথা নিহালিৰ মায়ামোহ এৰি বুঢ়াৰ শাকনি সোমোৱা অভ্যাস। দিনততো দিঠকত মূলাখোচৰা আছেই, ৰাতিও সমাজিকত বুঢ়াৰ মূলা-খোচৰাৰ ক্ৰুটী নাই; আন কি, টোপনীত গাৰু খুদখহুত কেনেবাকৈ হাত পৰি খজুৱালেও বুঢ়াৰ মূলা-খোচৰা যেনহে লাগে। এদিন ৰাতিপুৱা দোকমোকালিতে শাকনিৰ পৰা বুঢ়াই ৰিঙিয়াই মাতিবলৈ ধৰিলে, “বুঢ়ী ঔ বুঢ়ী!”
বুঢ়ীঃ “ঔ!”
বুঢ়াঃ “চাহিচোন বেগাই আহ!”
বুঢ়ীঃ “ৰাতি এডোখৰ থাকোতেই নো কি হ’ল ঐ! মই জাৰত এতিয়াই নোৱাৰোঁ উঠিব।”
বুঢ়াঃ “মোৰ মূৰখাতী বুঢ়ী, আহচোন চাই যাহি।”
বুঢ়ীঃ “মোৰ মূৰখোৱা বুঢ়া, মই নোৱাৰোঁ যাব, কি হ’ল ক?”
বুঢ়াঃ “বোলো, মূলাকণ কঠীয়া মাৰিলে।”
বুঢ়ীঃ “কি হ’ল? কোনে ? গৈছো।”
এই বুলি নিহালি কঁথা তুলি তলিচা যি আছিল সোপাকে গাত মেৰাই লৈ বুঢ়ী শাকনি পালেগৈ।
তৃতীয় অধ্যায়
বুঢ়াঃ “ই কথাই কথা নহয়, সি মূলা খাই লতা পাইছে যেতিয়া আজিও আহি ওলাবহি। আজি ৰাতি খাপ দি তাক ধৰিবই লাগিব, কি বোল বুঢ়ী? মই অমুকা বুঢ়া হওঁ যদি তাক গৰু-বন্ধা পঘাৰে বান্ধি ঢেকি-ঠোৰা লগাম।”
বুঢ়ীঃ “মই হবলা আমুকী বুঢ়ী হওঁ যদি মাকতিয়েকে তাক বুঢ়ী বাঢ়নী নলগাম?”
এইদৰে বুঢ়া-বুঢ়ীয়ে পাঙি-পাতি দীঘল দিনটো কোনো মতে নিয়াই ৰাতি খাই-বৈ উঠি খাপ দি আছে। ফেঁচাই কুৰুলিয়ালে, গ’ল,মূলাচোৰ নাহিল। হঁয়কলিয়ে মাতিলেঃ “হঁয়কলি, হঁয়কলি, অতকবোৰ ধান চাউল কি কৈলি?” হঁয়কলিয়নীয়ে উত্তৰ দিলেঃ “পোৱে খালে, জীয়ে খালে ঠোক্ ঠোক্, থাক্ থাক্”, গ’ল মূলাচোৰ নাহিল; গাঁৱৰ সিমূৰে ফেৰুৱাই “ফেউ ফেউ” কৰিলে, গ’ল, মূলাচোৰ নাহিল; কুকুৰে ওচৰতে ভৌ অ-অ-অউ হো-‘ কৈ আকাল লংঘা কুলক্ষণীয়া চিয়ঁৰ লগালে, গ’ল, মূলাচোৰ নাহিল। মূলা নাইকিয়া মানুহে শোৱাপাটীত পৰি এলুটি দুলুটিকৈ তিনি চাৰি বাৰ লুটি-বাগৰ দি টোপনিটো সলাই লৈ আকৌ শুলে, তেও নাহিল মূলাচোৰ নাহিল।” বুঢ়াই নিৰাশ হৈ বেজাৰ মনেৰে বুঢ়ীক মাত লগালে, “বুঢ়ী কি কৱ! চোৰ দেখোন নাহিল।” বুঢ়ীয়ে কিংকৰ্তব্যবিমূঢ় হৈ কি উত্তৰ দিব, এই কথা ভাবোঁতেই মূলাচোৰ ইন্দ্ৰই গাত ঔ বীজ আৰু তেল জেপজেপিয়াকৈ ঘহি, তেল কলীয়া আঠু মূৰীয়া চুৰিয়া পিন্ধি, আৰু এৰীয়া কাপোৰ গাঁত মাৰি,বুঢ়া মানুহ এটাৰ বেশ ধৰি শাকনি সোমাই কচ্ কচ্ কৰে মূলা খাবলৈ লাগি গ’ল। সহস্ৰলোচন মূলাত ইমান মজি গৈছিল যে তেওঁৰ সহস্ৰ চকুৰ আগতো, হাতত গৰুৰ পঘা, ঢেকীঠোৰা, আৰু বুঢ়ী বাঢ়নী লৈ দুৱাৰ চুকত লুকাই থকা বুঢ়া বুঢ়ী, নপৰিল।
চতুৰ্থ অধ্যায়
ইন্দ্ৰঃ “হে ককাই, মোক আৰু নিকিলাবা ঔ, এয়ে আঁতিছে। মই এধামৰা হ’লো; তুমিও বুঢ়া মানুহ, ময়ো বুঢ়া মানুহ, অলপ মুখলৈ চোৱাঁ ঔ এই বাৰৰপৰা মই আৰু এনে কাম নকৰোঔ! মোক এৰি দিয়া ঔ! হে বৌ! বাঢ়নী খোচত মোৰ চকু ফুটিবলগীয়া হ’ল, মোক ইমানতে এৰাঔ! বান্ধ মোকোলাই দিয়া, মই দুটি ভৰিত ধৰি চুলি চিঙি কাতৰ কৰি মাতিছোঁঔ! হে বধে চুব আৰু নেমাৰিবাঔ!”
বুঢ়াঃ “তোৰ মুখেদি মই মূলা এটাইকেইটা উলিয়াইহে এৰিম! মোৰ গুৰুক দিয়া নাই,গোঁসাইক দিয়া নাই, ভকতক দিয়া নাই, মহাজনক দিয়া নাই, সন্ত-সাধুক দিয়া নাই; তই কটা মোৰ মূলা আগেয়ে চুৰকৈ খালি।”
বুঢ়ীঃ “মোৰ এইটোৰ বাঢ়নী ভাগি ঢুকাল, আৰু এটা আছে সেইটো আনোগৈ ৰ।”
ইন্দ্ৰঃ “ককাই তোমাক যিহকে লাগে তাকে দিম, মোক এৰি দিয়া।”
বুঢ়াঃ “যিহকে লাগে তাকে দিবি? ওঁ বাৰু অ’। কটা ছাল-ছিগা ভিকহু, তই যিহকে লাগে তাকে দিব নেলাগে, মোৰ ঘৰতে গোলাম হৈ থাকি খেতি-বাতি কৰি দিম বুলি সৈ কাঢ়।”
ইন্দ্ৰঃ “ককাই মই সেইটোৰ বাহিৰে যিহকে কোৱা তাকে কৰিবলৈ গাত লৈছোঁ, সেইটোহে নোৱাৰোঁ। তোমাৰ আগত আৰু কি মিছা কথা কম, মই ইন্দ্ৰ, বেশছন কৰি আহি তোমাৰ মূলা খাইছিলোঁ।”
বুঢ়াঃ “তই ইন্দ্ৰ যদি ভালেই হ’ল, মইও তোকেইহে বিচাৰি ফুৰিছিলো; বুঢ়াৰ হাতত চেঙেলি পৰিছ। জনমৰ পৰা আমাৰ দুখতে কাল গৈছে, তেও তই চকু মেলি নেচা? বুঢ়ী,সিটোৰ বাঢ়নী আনগৈ, যা বাঘেখাঁতী কৰিছ কি? বেগাই য়া। ইয়াৰ চকু কেটাৰ একে বেলিয়েই চাই-থনীয়া শৰাধ কৰি থওঁ।”
ইন্দ্ৰঃ “মই তিনি শইত খাই কৈছোঁ, ককাই তোমাক যিহকে লাগে তাকে দিম, মোক একো নকৰিবা।”
বুঢ়াঃ “বাৰু ৰ তেন্তে, আমি বুঢ়া-বুঢ়ী দুয়ো আলচ কৰি কি লাগে কওঁ।”
এইবুলি পঘাৰ বান্ধটো ঘৰৰ খুটাত ভালকৈ আঁটি দি বুঢ়া-বুঢ়ী অলপ আঁতৰ হৈ ইন্দ্ৰই নুশুনাকৈ আলচ কৰিবলৈ লাগি গ’ল।
পঞ্চম অধ্যায়
ইফালে স্বৰ্গত শেহ ৰাতি টোপনী ভাগি শচীয়ে কাষৰত খেপিয়াই ইন্দ্ৰক নেপাই কান্দি-কাটি মহা হুলস্থুল লগাই দিলে। কি কৰিব নিৰুপায়, ঘৰৰ কোনেও ধৰি শচীক ৰাখিব নোৱাৰে, পানীত পৰি মৰিবলৈ যায়; আৰু গোটেইজনী বাউলী হৈ, গিৰীয়েকৰ স্বভাৱচৰিত্ৰ সোপাকে আগৰ পৰা গুৰিলৈকে উকটি, নানা সুমিষ্ট ভাষাৰে গালি-শপনি পাৰি তলমাটি ওপৰ লগাই দিলে। চন্দ্ৰ-সূৰ্য্য বায়ু-বৰুণ আদি কৰি ত্ৰিদশকোটি দেৱতা আৰু ঘৰৰ চাকৰ-নাকৰ লগুৱা-লিকচৌ বিলাকে দিহাদিহি ইন্দ্ৰক বিচাৰি চলাথ লগাইছে, কিন্তু সকলোৱে ওপৰে ওপৰেহে ফুৰিচে, ঘাই কথাৰ সম্ভেদ কোনেও পোৱা নাই। ইন্দ্ৰ-জোন কেনি বৈ গ’ল, তাৰ উৱাদিহ ধৰিব নোৱাৰি যেয়ে যেনিয়ে পাই তেনিয়েই ভেটা দি ফুৰিছে। ত’ত যে ইফাল আহি বুঢ়াৰ ঢেকী-থোৰাৰ মাৰত চেপেটা লাগি ত্ৰাহি-মধুসুদন দেখিব লাগিছে, এই কথা কাৰো সমাজিকতো নাই।
ষষ্ঠ অধ্যায়
বুঢ়াঃ “এটা বৰ-ঘৰ, এটা মাৰল-ঘৰ, এটা চৰা-ঘৰ, এটা বুলনি-ঘৰ, এটা গোহালি-ঘৰ, এযোৰ ভঁড়াল (এটি গুটি, এটা গছী), ঢেকীশাল, তাঁত-শাল, নাম-ঘৰ; তাৰ পাছত এগোহালি গৰু, এখুটি ম’হ; তাৰ পাছত ৰাম-বুলিয়া মোৰ কাপোৰ-কানি; তাৰ পাছত কিবা বোলেনে তোৰ ৰিহা-মেখেলা, অলঙ্কাৰ-পাতি; ইয়াকে কোৱা যাওক; কি বোল বুঢ়ী?”
বুঢ়ীঃ “কি বোলো, মোৰ মূৰ খোৱা, তোৰ মূৰ বোলো। আগেয়ে মোৰ অলঙ্কাৰ-পাতি, তাৰ পাছতহে তোৰ ঘৰ-দুৱাৰ হাতী-মাখি।”
বুঢ়াঃ “আগেয়ে ঘৰ-দুৱাৰ নহ’লে তোৰ মূৰ অলঙ্কাৰ পাতি ক’ত থবি বুঢ়ী ঘুগুলী?”
বুঢ়ীঃ “বুঢ়া ঘুগুলা, তোৰ মূৰ অলঙ্কাৰ পাতি মোৰ গাত থাকিব। ঘৰ-দুৱাৰ, গৰু, ম’হ জুইয়ে পুৰিলে, মৰি থাকিল, আজৰি হ’ল, মোৰ অলঙ্কাৰ সদায় থাকিব। বুঢ়া ঘুগুলা সোলা!”
বুঢ়াঃ “মোৰ মূৰ খাঁতী বুঢ়ী ঘুগুলী সুলী! তই মৰিলে তোৰ অলঙ্কাৰ তোৰ মূৰ ক’ত থাকিব?”
বুঢ়ীঃ “মোৰ মূৰ খোৱা বুঢ়া ঘুগুলা হতচিৰি হোৱা, মই মৰিলে মোৰ মূৰটো তয়ে খাবি। বুঢ়া ঘুগুলা, মোৰ মূৰটোলৈ, তোৰ বৰ হেঁপাহ হৈছে, ৰ তাকে তোক দিওঁ।”
এই বুলি বুঢ়ীয়ে ফোঁ ফোঁ কৰে লৰ মাৰি আহি “বুঢ়াক মোৰ মূৰটো লাগে, তাকে দিয়া” বুলি ইন্দ্ৰক কৈ হাতৰ বান্ধটো মেলি দিলে। বুঢ়া ভেবা লাগি চাই থাকোঁতেই গ’ল; ইন্দ্ৰই বান্ধৰ পৰা মুকলি হৈয়েই বুঢ়ীৰ কথামতেই তত্ক্ষণাত বজ্ৰেৰে কোব মাৰি বুঢ়ীৰ মূৰটো কাটি বুঢ়াৰ আগত পেলাই দি মায়া হৈ গুচি গ’ল। কাণ্ডখন দেখি বুঢ়া বিমূৰ্চ্ছিত হৈ মাটিত পৰিল।