মূল্যবৃদ্ধি-Essay in Assamese

মূল্যবৃদ্ধি

ভূমিকা:

সাম্প্রতিক সময়ত সন্ত্রাসবাদ আৰু প্ৰদূষণৰ লগতে পৃথিৱীক জুৰুলা কৰা এক সমস্যা হ’ল মূল্যবৃদ্ধি। আমাৰ দেশত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ক্ৰমাৎ আকাশচুম্বী হব ধৰিছে যিটো উদ্বেগজনক। বয়-বস্তুৰ মূল্য বৃদ্ধিৰ লগে লগে যদি মানুহৰ  ক্রয় ক্ষমতা বৃদ্ধি পায় তেন্তে কোনো সমস্যা নহয়। কিন্তু ক্রয় ক্ষমতা সীমাৱদ্ধ হৈ থকা অৱস্থাত দ্রব্যমূল্য বৃদ্ধিৰ ফলত জনজীৱন আজি বিপর্যস্ত। দেশ স্বাধীন হোৱা তিনি কুৰি বছৰ পাৰ হৈ যোৱাৰ পাছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই।

মূল্যবৃদ্ধিৰ প্রভাৱ:

ক্রয় ক্ষমতা আৰু দ্ৰব্য মূল্যৰ মাজত সামঞ্জস্য নাথাকিলে মানুহৰ জীৱনত আৰম্ভ হয় অভাৱ-অনাটন আৰু দুখ-কষ্ট। দ্রব্যমূল্য বৃদ্ধিৰ আঘাত পৰে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ওপৰত। উচ্চ আয়সম্পন্ন বা ধনী লোকৰ ওপৰত দ্রব্যমূল্য বৃদ্ধিৰ প্ৰভাৱ কমকৈ পৰে, কাৰণ তেওঁলোকৰ ক্রয় ক্ষমতা সীমিত নহয়। আনহাতে সাধাৰণ মানুহৰ ক্রয়ক্ষমতা সীমিত হোৱা বাবে মূল্য বৃদ্ধিত তেওঁলোকৰ জীৱন দুর্বিষহ হৈ উঠে। ভাৰতত এক শ্ৰেণীৰ লোকৰ হাতত বৈধ-অবৈধ অলেখ টকা থকাৰ বিপৰীতে এক শ্ৰেণীৰ লোক দৰিদ্ৰ সীমাৰ তলত বাস কৰে। ব্যক্তিগত প্রতিষ্ঠান, সৰু কল-কাৰখানা আদিত যিসকলে কাম কৰে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ হাৰ অতি কম, বেতন বৃদ্ধিৰ কোনো সুনির্দিষ্ট নীতিও নাই। ফলত অসন্তোষ, বিক্ষোভ, ধর্মঘট আদি দেখা যায়। জীয়াই থকাৰ সংগ্ৰামত মানুহে আদৰ্শবোধ, মূল্যবোধ বিসর্জন দিছে, অপৰাধ প্রৱণতা বাঢ়িছে। আমাৰ দেশত যিকোনো কাৰণত দ্রব্যমূল্য বৃদ্ধি ঘটিলে আৰু নকমে।

মূল্যবৃদ্ধি

মূল্যবৃদ্ধিৰ কাৰণ:

আমাৰ দেশত ক্রমাগত মূল্য বৃদ্ধিৰ পাছত আছে নানা কাৰণ। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ উপৰিও আছে বাংলাদেশীৰ অনুপ্ৰৱেশ। চাহিদাৰ তুলনাত এতিয়াও উৎপাদনৰ হাৰ পর্যাপ্ত হৈ উঠা নাই। নিবনুৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে। ইয়াৰ উপৰিও প্রতিবছৰৰ ঘাটি বাজেটে সৃষ্টি কৰিছে মুদ্রাস্ফীতিৰ। বহু সময়ত চোৰাং কাৰবাৰী আৰু মজুতকাৰীয়ে বজাৰত দ্ৰব্যৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰে। পেট্রোল, ডিজেলৰ সঘন মূল্যবৃদ্ধিয়ে দ্রব্যমূল্য বৃদ্ধিত অৰিহণা যোগায়।

প্ৰতিকাৰ:

মূল্য বৃদ্ধিৰ ফলত সৱাতোকৈ বেছি ক্ষতিগ্রস্ত হয় সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ জনসাধাৰণ। তাৰ বাবেই সুপৰিকল্পিতভাৱে ইয়াৰ প্ৰতিৰোধ অতি জৰুৰী। দ্রব্যমূল্য বৃদ্ধিৰ প্ৰতিৰোধৰ বাবে চৰকাৰে সময়ে সময়ে কিছুমান ব্যৱস্থা লোৱা পৰিলক্ষিত হয়। যেনেঃ ক’লা টকা উদ্ধাৰ, মুদ্ৰাস্ফীতি ৰোধৰ বাবে বয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰি দিয়া আদি কিন্তু মূল্যবৃদ্ধি ৰোধৰ বাবে আৰু কিছুমান ব্যাপক ব্যৱস্থাৰ প্রয়োজন, যেনেঃ উৎপাদন বৃদ্ধি, জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰা, সাধাৰণ মানুহৰ ওপৰত কৰৰ বোজা হ্রাস, অতিৰিক্ত নোট ছপা কৰা বন্ধ আদি। ইয়াৰ উপৰিও গ্রাহকসকল অসাধু ব্যৱসায়ীৰ বিৰূদ্ধে সংগৱদ্ধ হব লাগিব।

মূল্যবৃদ্ধি

সামৰণি:

মানুহৰ ক্রয়ক্ষমতা আৰু মূল্যস্তৰৰ মাজত যি বিৰাট ব্যৱধান সৃষ্টি হৈছে সেই দূৰত্ব কমাব নোৱাৰিলে দাৰিদ্ৰ্য আৰু দুখকষ্টৰ অভিশাপৰ পৰা মানুহৰ মুক্তি নাই। দ্রব্যমূল্য বৃদ্ধিয়ে নানা সমস্যাৰো সৃষ্টি কৰে। সুসংগৱদ্ধ, সুস্থিৰ সমাজ এখন গঢ়ি তুলিবলৈ দ্ৰব্যমূল্য বৃদ্ধি ৰোধ কৰাটো অতি জৰুৰী কথা।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top