লাহৰী

লাহৰী

লাহৰী-প্ৰথম আধ্যা- পামপুৰ

অসমত “মানৰ দিন” এটা বৰ আপদীয়া যুগান্ত। অসমীয়াৰ মনত আজিকালি তাৰ বিবৃতি সাধুকথাৰ নিচিনা হে হৈছে। সেই আপদৰ কথা নজনা বা নুশুনা মানুহ এতিয়া নাই বুলিলেও বঢ়াই কোৱা নহয়। আজিও সেই দুৰ্দ্দান্ত মান-জাতিৰ আসুৰিক অত্যাচাৰৰ কথা শুনিলে চকু-লো টুকিব লগীয়া হয়। আগৰদিনীয়া বুঢ়া মানুহৰ মুখে সেই অত্যাচাৰত হোৱা অসমীয়া মানুহৰ দুখ-দুৰ্গতিৰ কথা শুনিলে, আজিও ল’ৰা-ছোৱালী ভয়ত অস্থিৰ হয়।

সেই সময়ত সদৌ মানুহৰ ওপৰত এটা দৈবিক অভিশাপ পৰিছিল বুলিব পাৰি। কিয়নো, সেই বিপদ যে অকল অসমত হে ঘটিছিল এনে নহয়, আন-আন দেশ-প্ৰদেশতো একে সময়তে একে প্ৰকাৰৰ উৎপাতে তোলপাৰ লগাইছিল। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া ঘাই-মন্ত্ৰী থাকোঁতেই প্ৰথমবাৰ মানে অসম আক্ৰমণ কৰেহি। মান-সেনাৰ লগত ৰণ দিবলৈ অসমীয়া সেনা পঠিয়াই, ইফালে বুঢ়াগোহাঞি ডাঙৰীয়া আকস্মিক-মৃত্যুৰ মুখত পৰিল। বুঢ়াগোহাঞি ডাঙৰীয়াৰ মৃত্যুৰ পাচত, তেওঁৰ সুযোগ্য পুত্ৰ ৰুচিনাথ গোহাঞিদেৱে দেউতাকৰ বিষয়-বাব ললে।

পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু বদনচন্দ্ৰ বা “মান অনা-বৰফুকন” দুইৰো ভিতৰত আগৰেপৰা ঘৰুৱা কথাত মনান্তৰ আছিল। তদুপৰি, পূৰ্ণানন্দ ডাঙৰীয়াৰ মৃত্যুৰ পাচত, স্বাৰ্থ সিদ্ধিৰ কাৰণে,চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱো প্ৰকাশ্যে বৰফুকনৰ ফলীয়া হল। ইয়াতে বৰফুকনে কঁকালত বেচি বল পাই, পুৰণি শত্ৰুতাৰ প্ৰতিশোধ দিবৰ অভিপ্ৰায়ে গোপনে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বিপক্ষে ষড়যন্ত্ৰ কৰে। পিচে, সেই কথাৰ সম্ভেদ্ পাই ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া তেওঁৰ ফলীয়া গুণচাৰেক বৰুৱা,ফুকন আদি বিষয়াৰে সৈতে গোপনে গুৱাহাটীৰ ফালে ভটীয়াই গল।

তাৰ পাচত, বৰফুকনে তেওঁবিলাকক ৰংপুৰত নাপাই, তেওঁবিলাকৰ ঘৰ-বাৰী, আত্মীয়-কুটুম্বাদিৰ ওপৰতে খং সাৰিবলৈ ধৰিলে; কিন্তু সদৌশেহত ৰাজমাও দেউতাৰ ষড়যন্ত্ৰত বদনচন্দ্ৰয়ো অকালতে মানৱলীলা সামৰিব লগাত পৰিল। বৰফুকনৰ মৃত্যুৰ পাচত, ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আকৌ ৰংপুৰলৈ উলটি আহিল। কিন্তু, তেওঁৰ লগত যোৱা অন্যান্য বিষয়াসকলে আৰু উলটিবলৈ মন নেমেলিলে; সিবিলাকে গুৱাহাটীতে কিছুকাল থাকি,একেবাৰে ভবিষ্যত-বিপদৰ হাত সাৰিবৰ মনেৰে,ঠাইতে ব্ৰহ্মপুত্ৰ পাৰ হৈ, উত্তৰপাৰে ন-কৈ মাটি ভাঙ্গি, “পামপুৰ” নামেৰে এখনি গাওঁ পাতি তাতে বসতি কৰি থাকিল।

সেই বিষয়াসকল ভাগি আহোঁতে লগত তেওঁবিলাকে বেটী-বন্দী, লগুৱা-লিগিৰী,পাইক-লিক্‌চৌ আদিও লৈ আহিছিল। সেই বেটী,বন্দী,পাইক আদিৰ দ্বাৰাই পামপুৰত খেতি-পথাৰ কৰাই বিষয়াসকলে মহাসুখেৰে প্ৰৱৰ্ত্তি দিন নিয়াবলৈ ধৰিলে। সেই বিষয়াসকলৰ মাজত কীৰ্ত্তিনাথ বুঢ়াগোহাঞি নামেৰে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বংশৰ এজনা বিষয়া আছিল। তেওঁ উজনিত থাকেঁতে ডেকাফুকনৰ বিষয়-বাব পাইছিল;গতিকে, তেওঁ এজন প্ৰতাপী লোক আছিল। তদুপৰি, নিজৰ স্বভাৱ-চৰিত্ৰৰ গুণত ৰাইজৰ মাজত তেওঁ এজন বৰ আদৰণীয় আৰু পূজনীয় পুৰুষ আছিল। তেওঁৰ ভাৰ্য্যাও এগৰাকী অতি সুন্দৰী, সাদৰী আৰু গুণৱতী তিৰোতা আছিল।

পুৰুষৰ সমাজত তেওঁৰ স্বামী যেনে, তিৰোতাৰ সমাজত তেৱোঁ তেনে এগৰাকী আদৰুৱা আৰু পূজনীয়া ৰমণী আছিল। স্বামী ভাৰ্য্যা দুইৰো মাজত দাম্পত্য প্ৰেম এনে গভীৰ আছিল যে, সিবিলাকৰ ভিতৰত কোনো আসূয়া-অশান্তিৰ কথা হে নালাগে, কেতিয়াও কোনো কথাত অমিল ভাব দেখা নগৈছিল। আৰু, গৃহস্থী কৰ্ম্মত দুয়ো এনে উদ্যোগী আছিল যে, পামপুৰৰ নতুন ঘৰবাৰী বছেৰেকৰ ভিতৰতে সিবিলাকে ৰংপুৰৰ আগৰ ঘৰ-বাৰীৰ দৰে চকুত লগা কৰি তুলিলে। উজনিত থাকোঁতেও কীৰ্ত্তিনাথ গোহাঞিফুকন এজন বৰ চহকী মানুহ আছিল।

কিন্তু,সততে দেখিবলৈ পোৱা যায় যে, যাৰ খাবলৈ-পিন্ধিবলৈ সৰহ, তাৰ খাওঁতা-পিন্ধোতা তাকৰ; যাৰ খাবলৈ-পিন্ধিবলৈ তাকৰ, তাৰ আকৌ খাওঁতা-পিন্ধোতা সৰহ! তাৰ প্ৰমাণ কীৰ্ত্তিনাথ গোহাঞি-ফুকনৰ গাতে ভালকৈ ফলিয়ায়; তেওঁ যদিও বৰ চহকী লোক আছিল আৰু জনা-বুজা গুণৱতী ভাৰ্য্যাৰ সংসৰ্গত বৰ সুখীয়া আছিল, তথাপি তেওঁৰ আন্তৰিক আক্ষেপ-বেজাৰৰ সীমা নাছিল। কাৰণ তেওঁৰ বয়স গুৱাহাটীলৈ ভটীয়াই আহিবৰ সময়ত দুকুৰি বছৰৰ ওপৰ হৈছিল। প্ৰায় আদহীয়া হ’ব লগা হল, সিমান দিনলৈকে তেওঁ নিজৰ সন্তান বুলিবলৈ লৰা- ছোৱালীৰ মুখ নেদেখিলে!

উজনিত থাকোঁতে কত কি যে পূজা সেৱা, যাগ-যজ্ঞাদি কৰালে, তথাপি তেওঁৰ সেই কামনা পূৰ্ণ নহল। তেওঁৰ গুণৱতী ভাৰ্য্যাই, বংশৰ নাম ৰক্ষাৰ্থে তেওঁক আৰু এগৰাকী ভাৰ্য্যা বিয়া কৰাবলৈ সততে অনুৰোধও কৰিছিল,কিন্তু কীৰ্ত্তিনাথ গোহাঞিয়ে এগৰাকী ভাৰ্য্যাৰ বৰ্ত্তমানে দ্বিতীয়া ভাৰ্য্যা গ্ৰহণ কৰাৰ কু-ফললৈ গমি চাই,তেনে অবিবেচনা কাম কৰিবলৈ আগ নাবাঢ়িলে। আন্তৰিক সিমান বেজাৰ বুলিও, তেওঁৰ বাহ্যিক ভাব-গতি, চলন-ফুৰণ ইত্যাদিলৈ চাই কোনেও কব নোৱাৰিছিল , তেওঁৰ অন্তৰত কিবা অশান্তিয়ে ঠাই পাইছিল।

পিচে, গুৱাহাটীলৈ অহাৰ বছৰচাৰেকৰ পাচতে, এজন সাধক সন্ন্যাসীৰে সৈতে তেওঁৰ দেখা-সাক্ষাৎ হয়। সন্ন্যাসীজনৰ ভাব-গতি দেখি তেওঁলৈ গোহাঞিদেৱৰ বৰ ভক্তি হল। তাৰ পাচত, তেওঁৰে সৈতে অনেক কথা-বাৰ্ত্তা পাতোঁতে কথা-প্ৰসঙ্গত কীৰ্ত্তিনাথ গোহাঞিৰ অন্তৰৰ কথা বাজ হৈ পৰিল। সেই বাবে সন্ন্যাসী জনে তেওঁক পুতৌ কৰি এটি ঔষধ দিলে। সেই ঔষধ আনি ভাৰ্য্যাক সেৱন কৰোৱাৰ মাহচাৰেকৰ পাচতে তাৰ গুণ ধৰিলে; কীৰ্ত্তিনাথ গোহাঞিৰ বহু দিনৰ আশা পূৰণ হবৰ আগন্তুক মিলিলে। তাৰ পাচত, যথাসময়ত তেওঁৰ জ্ঞানৱতী আৰু গুণৱতী ভাৰ্য্যাৰপৰা এটি সুন্দৰী আৰু সুলক্ষণা কন্যা লাভ হল; কীৰ্ত্তিনাথ গোহাঞি-ফুকন আৰু তেওঁৰ মৰমৰ ভাৰ্য্যাৰ অন্তৰত আনন্দৰ সীমা নাথাকিল।

সেই ছোৱালীটি ছমহীয়ামান চালুকীয়া হোৱালৈকে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া গুৱাহাটীতে আছিল। সেই ছমাহতে ছোৱালীটি বৰ মোহলগা আৰু চকুতলগা হৈ উঠিল। বুঢ়াগোহাঞি ডাঙৰীয়াই মৰমতে নিজৰ বঙহৰ সেই ছোৱালীটিক “লাহৰী” বুলি মাতিছিল। পাচলৈকো ছোৱালীটিৰ সেই আদৰুৱা নামেই নাম হল। বুঢ়াগোহাঞি ডাঙৰীয়া আকৌ উজনিলৈ যোৱাৰ ছমাহমানৰ পাচত ছোৱালীটি খোজ কাঢ়িব পৰা হল।

মৰমিয়াল পিতৃ-মাতৃৰ আদৰ পাই, চালুকীয়া “লাহৰী” পাহোৱাল লুহুৰপুদুৰটি হৈ বাঢ়িবলৈ ধৰিলে। কীৰ্তিনাথ গোহাঞি-ফুকন আৰু তেওঁৰ প্ৰিয়তমা ভাৰ্য্যাই বহুত দিনৰ আশাৰ ফল লাহৰীক পাই আগৰ আক্ষেপ-সন্তাপ সকলো পাহৰিলে। ইতিপূৰ্ব্বতে কৈ অহা হৈছে যে,কীৰ্ত্তিনাথ গোহাঞিফুকন আৰু তেওঁৰ গুণৱতী ভাৰ্য্যা দুয়ো বৰ উদ্যোগী স্বামী-ভাৰ্য্যা আছিল। পামপুৰত লাহৰী ৰূপে-গুণে বাঢ়ি অহাৰ দৰেই,সিবিলাকৰ সেই গুণো বাঢিবলৈ ধৰিলে। তেওঁবিলাককে দেখি-শুনি আন-আন বিষয়া সকলো নিজ নিজ পৰিশ্ৰমৰ বলত অতি অলপ দিনৰ ভিতৰতে টনকিয়াল হৈ উঠিল।

বিষয়াসকলে পতা পামপুৰত আন আন মানুহো দুঘৰ-চাৰিঘৰকৈ আহি বহিবলৈ ধৰাত, লাহে লাহে গাৱঁৰ সীমা চাৰিওফালে বৰ বহল হৈ উঠিল। এই ন-কৈ আহি বসতি কৰা মানুহবিলাক বিষয়াসকলৰ পাইক স্বৰূপ হল। এই দৰে, বিষয়াসকল ৰংপুৰত থাকোতে যেনে সুখত আৰু সুচলত আছিল, পামপুৰত তাতোকৈ অধিক সুখত আৰু সুচলত হে থাকিব পৰা হল। মুঠতে,কবলৈ গলে,বিষয়াসকলৰ পক্ষে এই পামপুৰ এখন মহাসুখৰ ঠাই,আৰু আন-আন ইতৰ মানুহৰ পক্ষে ই শান্তিধাম যেন হৈ উঠিল। কীৰ্ত্তিনাথ গোহাঞিৰ সদ্‌গুণৰ চিনাকি আগেয়েই অলপ দিয়া হৈছে; তেওঁ নিজ গুণৰ বলতে ৰংপুৰত থকাৰ দৰে, এই পামপুৰতো সকলোৰে মাজত গণ্য, মান্য আৰু পূজনীয় লোক হৈ উঠিছিল।

এইখিনিতে আমি ছেগ বুজি আৰু আন এজন বিষয়াৰ বিষয়েও উনুকিয়াই থওঁ। পামপুৰীয়া বিষয়াসকলৰ মাজত শূলধৰ বৰগোহাঞি নামেৰে এজন গণ্য-মান্য লোক আছিল। তেওঁ বৰ হোজা স্বভাৱৰ মানুহ আছিল। ‘বৰগোহাঞি’ তেওঁৰ ৰাজঘৰীয়া খিতাপ নহয়, বংশীয়া উপাধি হে। তেওঁৰ বিশেষ কোন বিষয়-বাব নাছিল; বৰগোহাঞি ডাঙৰীয়াৰ ভতিজাক বুলি হে তেওঁকো বৰগোহাঞি খিতাপেৰেই মতা যায়।

তেওঁ কোনো এজন লাগতিয়াল বিষয়া নাছিল যদিও, পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ বৰ আদৰৰ মানুহ আছিল। গতিকে, তেওঁ কোনো বিষয়-বাব নোপোৱাকৈয়ে বৰ ধনী,মানী আৰু প্ৰতাপী লোক আছিল। তেওঁৰ গৃহিণী গৰাকী কিন্তু বৰ চলাহী তিৰোতা আছিল।

তেওঁৰ হোজা গুণ আৰু গৃহিণীৰ চতুৰালিৰ বলতে বৰগোহাঞিদেৱ আগেয়েও ধনী আছিল, এতিয়াও অলপ দিনৰ ভিতৰতে কীৰ্ত্তিনাথ বুঢ়াগোহাঞিদেৱৰ সমানে ধনী হৈ উঠিল। শূলধন বৰগোহাঞিৰ ধনবৰ গোহাঞিদেৱ নামেৰে একেটি মাথোন পুতেক আছিল; পামপুৰলৈ প্ৰথমে অহা বছৰতে ধনবৰৰ বয়স আঁঠ বছৰত সোমাইছিল। দেউতাক যেনে হোজা, পুতেক তদ্বিপৰীতে তেনে ধূৰ্ত আৰু তীখামখৰা লৰা আছিল;সদৌ কথাতে ধনবৰে পিতৃৰ বিপৰীত স্বভাৱৰ মানুহ হৈ উঠাৰ চিনাকি দিছিল।

এদিন ছেগ বুজি ধনবৰৰ মাক লাহৰীৰ মাকৰ ঘৰলৈ আহি কথা-বাৰ্ত্তা পাতি আছে, এনেতে লাহৰীক ওমলাই লৈ ফুৰা বুঢ়ী বান্দী ‘চাকুলী বাই’ ওলালহি। বুঢ়ীয়ে ৰংকৈ সুধিলে, “এ, আই, আপোনাসকলে নো কি ‘বিয়নী মেল’ পাতিছে?” ধনবৰৰ মাকে ৰং-মনেৰে এই বুলি উত্তৰ কাটিলে, “এৰা, ভাল তোৰ মুখত ওলাইছে, সেইটি সমন্ধ মিলিলে ভালেই; মোৰো একেটি লৰা, এখেতৰো একেটি ছোৱালী।”

লাহৰীৰ মাকে মাজতে মাত লগালে, “নানিব সেইবোৰ কথা মনলৈ এখোন; বোলে, ‘সাধি সাধি সাধনীক পালোঁ, সাধনীক দিবলৈ ঠাই নাপালো’; তাই বা কেতিয়া কাৰ লৰা, কাৰ ছোৱালী হয়গৈ কি ঠিক, বিধিৰ লিখন কোনে জানে?” এনেতে, চাকুলী বাইৰ কোলাৰপৰা নামি, মাকৰ ডিঙিত সাবটি ধৰি, লাহৰীয়ে থুন‌্থুনাই কলে, “ইঃ, আমি হলে ধনবৰৰ লগত নোমলোঁ, সি বৰ দুষ্ট, বৰ বেয়া।” ধনবৰৰ মাকে মাত লগালে, “কিনো দুষ্টালি কৰিলে সি?” লাহৰীয়ে উত্তৰ দিলে, “সিদিনা সি ভাকুচীক চুলি-জোকৰা দিছিল; আৰু মোৰ দৰা-কন্যাযোৰ হাতৰপৰা কাঢ়ি নি সি বকৰানিত পেলাই দিছিল।” শুনি, দুই মাক আৰু চাকুলী বায়ে কিৰিলি মাৰি হাঁহিবলৈ ধৰিলে।

*********************

লাহৰী

দ্বিতীয় আধ্যা- ৰংপুৰ

বদন বৰফুকনৰ মৃত্যুৰ পাচত, ৰাজমাও-দেউতাই ৰুচিনাখ বুঢ়াগোহাঞি ডাঙৰীয়াক ৰংপুৰলৈ মাতি পঠিয়ালে। কিন্তু, বুঢ়াগোহাঞি ডাঙৰীয়া বৰ সন্দিহান লোক। ৰুচিনাথ ডাঙৰীয়াৰ জনা আছিল যে, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে তেওঁৰ দেউতাক ৺পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বিপক্ষে মান অনাত বৰফুকনক পেটে পেটে টিপ্ দিছিল।

গতিকে, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে তেওঁৰ প্ৰতিও যে শত্ৰুতা আচৰণ কৰিব পাৰে, সেই কথা তেওঁ আশঙ্কা কৰিছিল। কিন্তু, সেই বুলি ৰুচিনাথ বুঢ়াগোহাঞি চাঙৰীয়া আওকণীয়া হৈ বহি নাছিল। তেওঁ তলে তলে সৈন্য-সামন্ত গোটাই লৈ, আকৌ উজাবলৈ কাৰবাৰ কৰিলে। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক ভাঙ্গি, ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ বংশৰ পুৰন্দৰসিংহ গোহাঞিদেৱক ৰজা পাতিবলৈ তেওঁ মনে মনে ঠিক কৰিলে।

সেই সময়ত পুৰন্দৰ সিংহ গোহাঞিদেৱ দেউতাকৰে সৈতে চি‌ল্‌মাৰিত আছিলগৈ। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱৰ দেউতাক ব্ৰজনাথ গোহাঞিদেৱলৈ নিজৰ মনৰ কথা ভাঙ্গি পত্ৰ লিখিলে। ব্ৰজনাথ গোহাঞিদেৱে পুতেক পুৰন্দৰসিংহ গোহাঞিদেৱক লগত লৈ যথাসময়ত গোপনে গুৱাহাটী পালেহি। তাৰ পাচত, ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াই সৈন্য-সামন্ত লগত লৈ আকৌ ৰংপুৰ নগৰলৈ যাত্ৰা কৰিলে।

সেই কথাৰ সম্ভেদ্ পাই,চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে লুকু ডেকাফুকন নামেৰে এজন বিষয়াক ৰাজ্য-ভাৰ গতাই দি পলাত ফাট্ মাৰিলে। লুকু ডেকাফুকনৰ লগত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ চুৰ্‌চুৰীয়াকৈ এখন ৰণ লাগিল।ৰণত ডেকাফুকন পৰিল;বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱক যুৱৰাজ পাতিলে।

ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া যদিও মৰমিয়াল লোক আছিল, তথাপি চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱ তেওঁৰ দেউতাক পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াই পতা ৰজা বুলি হে তেওঁৰ বিশেষ অনিষ্ট কৰিবলৈ তেওঁ কাৰবাৰ নকৰিলে;কিন্তু বদনচন্দ্ৰ বৰফুকনৰ শত্ৰুতা আৰু অত্যাচাৰৰ কথা তেওঁ পাহৰিব নোৱাৰিলে। বৰফুকনে যেনেকৈ তেওঁক নাপাই তেওঁৰ ঘৰ-বাৰী, বয়-বস্তু আৰু আত্মীয়-কুটুম্বাদিৰ ওপৰতে খং সাৰিলে,সেই দৰে বুঢ়াগোহাঞি ডাঙৰীয়ায়ো ঘৰ-দুৱাৰ ভাঙ্গি বয়-বস্তু লুট্‌পাট্‌ কৰি নগুৰনাস্তি কৰিলে। তদুপৰি, বদনচন্দ্ৰৰ পৰিয়াল আৰু আত্মীয়-কুটুম্বাদিক নানা তৰহৰ উগ্ৰ দণ্ড দি বিষম অত্যাচাৰ কৰিবলৈ ধৰিলে। সেই অত্যাচাৰৰ প্ৰকোপত বৰফুকনৰ ফলীয়া আৰু তেওঁৰ সম্পৰ্কীয় মানুহ যেয়ে যিফালে পাৰিলে সেইফালেই ফিৰিঙ্গতি ভগা দি ভাগিবলৈ ধৰিলে।

সেই অত্যাচাৰৰ সময়ত থাওকৰু মৰাণ-বুঢ়াগোহাঞি ডাঙৰীয়াৰ দ্বিতীয় পুত্ৰ, চাওফ্ৰংডাম বুঢ়াগোহাঞি ডাঙৰীয়াৰ কনিষ্ঠ সহোদৰ,কুন্‌কাই গোহাঞি- বৰুৱাৰ ফৈদৰ শান্তিৰাম গোহাঞি-বৰুৱা নামেৰে এজনা বিষয়া আছিল; তেওঁ তেতিয়া মৰাণ-গোহাঞি বৰুৱাৰ বিষয়-বাব পাইছিল। তেওঁ বৰফুকনৰে সৈতে জীয়াৰী-সম্বন্ধৰ সম্বন্ধীয়া আছিল;গতিকে তেওঁৰ ওপৰতো বুঢ়াগোহাঞি ডাঙৰীয়াৰ ভায়েক মৰঙ্গিখোৱা গোহাঞিৰ কোপ-দৃষ্টি অতি তীব্ৰ ভাৱে পৰিল।

কিন্তু, যদিও বৰফুকনৰ সম্বন্ধীয়া মানুহ,তথাপি তেওঁ বৰফুকনৰ অত্যাচাৰাদিৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল;বৰঞ্চ,তেওঁ বৰফুকনক এনেবিলাক অন্যায় কাৰ্য্যৰপৰা ক্ষান্ত হবলৈ বৰকৈ অনুৰোধ হে কৰিছিল। তেওঁৰ নাম যেনে, তেওঁৰ স্বভাৱ চৰিত্ৰও তেনে আছিল। শান্তিৰাম গোহাঞি-বৰুৱা এনে শান্ত স্বভাৱৰ লোক আছিল যে,সেই উৎপাত্, আৰু অত্যাচাৰৰ সময়ত তেওঁক এজন শান্তিৰ আধাৰ যেনকৈ হে মানুহে মানিছিল।

তেওঁৰ ভাৰ্য্যাও সেই দৰেই এগৰাকী বৰ গুণৱতী আৰু জ্ঞানৱতী তিৰোতা আছিল; সিবিলাকৰ সন্তান বুলিবলৈ একেটি মাথোন পুতেক আছিল। পুতেকটি সেই অত্যাচাৰৰ সময়ত সাতবছৰীয়া হৈছিল; তেওঁৰ নাম কমলনাথ গোহাঞিবৰুৱা। তেওঁ সৰুৰেপৰা দেখিবলৈ এনে সুন্দৰ আৰু বেথা-লগা আছিল যে, সাতবছৰীয়াটি- লৈকে আইতাক, দেউতাক আৰু ওচৰ-চুবুৰীয়া সকলোৰে মনত তেওঁ কোলাৰ ছমহীয়া চালুকীয়া লৰা যেন হে আছিল।

যাৰ ঘৰলৈকে যায়, তাতে ইটোৱে-সিটোৱে কোলাত লওঁতেই কমল গোহাঞিদেৱে মাটিত নামিবলৈকে নাপায়। বাটত বা মানুহৰ ঘৰৰ আগেদি কেতিয়াৰ লগুৱাৰ হাতত ধৰি ধেমালিত ডেও দি ফুৰা কমলক দেখিলে,যেয়ে যতে থাকে সেয়ে তৰেপৰা ঠৰ্ লাগি চাই থাকে। আন কি,’কমল মইনা’লৈ চাওঁতে সূতা-কটা বুঢ়ীৰ হাতৰপৰাও সূতা সৰি পৰে! এনে পূৰ্ণিমাৰ জোন যেন সুন্দৰ লৰাৰ পিতৃ-মাতৃ যে কিমান সুখীয়া আছিল,তাক অনুমানত হে ভালকৈ বুজিব পাৰি।

সৃষ্টিকৰ্ত্তাই যাক যেন সুন্দৰ কৰি স্ৰজন কৰে, তাক তেনে সজগুণেৰেও অলঙ্কৃত কৰে। সততে দেখিবলৈ পোৱা যায় যে, দেৱতুল্য মানুহৰ গুণো দেৱযোগ্য হয়। কমলনাথ গোহাঞি বৰুৱাদেৱৰ লৰাকালত তেওঁৰ সদ্‌গুণৰ চিনাকিলৈ আৰু স্বভাৱ-চৰিত্ৰাদিলৈ চাই, তেওঁক শান্তিময় শান্তিৰাম গোহাঞি- বৰুৱাৰ সুযোগ্য সন্তান বুলি সকলোৱে মানিছিল। কমল গোহাঞিদেৱ যদিও সৰুৰেপৰা সকলোৰে আদৰ পাই অতি আলসুৱা হৈ উঠিছিল, তথাপি তেতিয়াৰেপৰা তেওঁক পুৰুষৰ কামত বৰ অনুৰাগী দেখা গৈছিল। বিশেষকৈ, লিখা-পঢ়াত তেওঁৰ বৰ ধাউতি আছিল।

আঁঠবছৰীয়াটিতে তেওঁ কেইবাটাও কিতাপ লুটিয়াইছিল। আমি কমল গোহাঞিদেৱৰ কথা সম্প্ৰতি ইমানতে এৰি, এই ছেগতে আকৌ ৰুচিনাখ বুঢ়াগোহাঞি ভাঙৰীয়া আৰু তেওঁৰ ভায়েক মৰঙ্গিখোৱা গোহাঞিৰ অত্যাচাৰৰ বিষয়ে আৰু অলপ বহলাই উনুকিয়াওঁ।

দিনে দিনে বৰফুকনৰ সম্বন্ধীয়া মানুহৰ ওপৰত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু মৰঙ্গিখোৱা গোহাঞিৰ অত্যাচাৰ ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। বুঢ়াগোহাঞি ডাঙৰীয়া বিবেচক লোক আছিল; তেওঁ নিজৰ একে বংশমূলৰপৰা উদ্ভৱ হোৱা শান্তিময় শান্তিৰাম গোহাঞি-বৰুৱাৰ ওপৰত নিজে একো অত্যাচাৰ কৰা নাছিল। কিন্তু,মৰঙ্গিখোৱা গোহাঞিৰ কোপ-দৃষ্টি সৰু-বৰ, ভাল-বেয়া, নিলগীয়া-সম্বন্ধীয়া সকলোৰে ওপৰত সমভাৱে পৰিছিল; কেতিয়াবা সৰু বা শান্তৰ ওপৰত তেওঁৰ অত্যাচাৰ একোব চৰা হে দেখা গৈছিল।

গতিকে,শান্তিৰাম গোহাঞিবৰুৱাৰ ওপৰতো তেওঁৰ উগ্ৰ দৃষ্টি পৰে। পাচলৈ মৰঙ্গিখোৱা গোহাঞিৰ আসুৰিক উপদ্ৰৱ ইমান অসহ্য হৈ উঠিল যে,শান্তিময় শান্তিৰাম গোহাঞি-বৰুৱায়ো তাত হাৰ মানিব লগাত পৰিল। সদৌশেহত,তেওঁ নিৰুপায় হৈ,অন্যান্য চুবুৰীয়া আৰু কুটুম্বাদিৰ দৰে, ঘৰ-বাৰী এৰি গুৱাহাটীলৈ ভটীয়াই যাবলৈ ঠিক কৰিলে। কিন্তু,ঘৰ-বাৰী এৰিব লগাত পৰিল বুলিও, তেওঁ অন্যৰ দৰে পলাই ফিৰিঙ্গতি ওফৰাদি ওফৰা মানুহ নাছিল।

কমল তেতিয়া নিচেই লৰা; ভগনীয়া মানুহৰ দুখ-কষ্ট সহিব পৰা নৌ হয়। শান্তিৰাম গোহাঞি-বৰুৱাই সেই কোমল কমল আৰু মৰমৰ ভাৰ্য্যাই দুখ পায় বুলিয়েই নাৱেৰে ভটীয়াবলৈ স্থিৰ কৰিলে। সেই সময়ত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু মৰঙ্গিখোৱা গোহাঞিৰ প্ৰতাপ অতি প্ৰৱল আছিল বুলিও, শান্তিৰাম গোহাঞি- বৰুৱাই ইচ্ছা কৰা মাত্ৰে দুখীয়া চুবুৰীয়া প্ৰজাই মৰণত শৰণ দি নাৱৰীয়াই সৈতে নাও আনি গোহাঞি বৰুৱাৰ ঘাটত বান্ধিলেহি।

শান্তিৰাম গোহাঞি- বৰুৱা দেশ এৰি বিদেশলৈ যাবলৈ ওলাইছে বুলি শুনা মাত্ৰকে সুখী-দুখী সকলোৱে শক্তি অনুসৰি যেয়ে যি পাৰিলে হাতত লৈ গোহাঞি-বৰুৱাদেৱক সাক্ষাৎ কৰিবলৈ আহি চৰাঘৰ ভৰি পৰিল। সিফালে, ভিতৰত ওচৰ- চুবুৰীয়াসকলে কমলক কোলাত লৈ কন্দা-কটা লগাইছে; আৰু কমলৰ আইতাকক সাক্ষাৎ কৰিবলৈ অহা তিৰোতা ভিতৰত বুলনি ভৰি পৰিছেহি।

আজি শান্তিৰাম গোহাঞি-বৰুৱাৰ চুবুৰীয়া দুখীয়া প্ৰজাসকলে সদ্‌গুণৰ পূজাত বিয়ামোহ দি পৰিছে! আজি এই দুখীয়া প্ৰজাসকলে ৰাইজৰ ৰাজহুৱা বস্তু শান্তিক হেৰুৱাব লগাত পৰিছে! এতিয়াৰ অসমত যেই এটা আপুৰুগীয়া দৃশ্য, পুৰণি অসমতো সি এটা সততে নেদেখা বিৰল দৃশ্য। বাহিৰৰ চৰাত গোহাঞি-বৰুৱাক চাৰিওফালে বেৰি লৈ সকলো বেজাৰত জঁয় পৰিছে। ভিতৰত কোলাকুলি, আন্দোলা-আন্দুলিৰে তোলপাৰ লাগিছে।

ইফালে বস্তু বন্ধাই বস্তু বান্ধিছে; নাৱত ভৰা দিয়াই ভৰা দিছেগৈ। কিন্তু, কিনো দিছে,কিনো ৰান্ধিছে, গোহাঞিবৰুৱা-বৰুৱানীৰ একো খবৰ নাই। কমল নিচেই সৰু যদিও, বৰ তীক্ষ্ণ বুদ্ধিৰ লৰা আছিল; তেওঁৰ দেউতাক, আইতাক আৰু তেওঁৰ নিজৰ লগত সেই মানুহবিলাকৰ কি সমন্ধ আৰু সিবিলাকনো কিয় এনে ব্যাকুল, সেইটো তেওঁ বেচকৈ বুজিব পাৰিছিল। ওচৰ-চুবুৰীয়াসকলক কান্দিবৰ দেখি কমলেও উচুপি উচুপি কান্দি ফুৰিছিল।

কিন্তু, যি চুবুৰীয়া কমলৰ মৰমতে মৰি যায়, তেনে চুবুৰীয়াই তো সেই কমলৰ কোমল প্ৰাণত ব্যথা দিবলৈ ভাল নাপায়! আৰু, মিছাতে কন্দা-কটা লগাই তেওঁবিলাকৰ বেজাৰ বঢ়োৱাৰ সকাম নাই ভাবি, লৰালৰিকৈ সকলোৱে লাগিভাগি গোহাঞি-বৰুৱাক লৰা-তিৰোতাৰে সৈতে নি নাৱত তুলি দিলেগৈ। অলপ পৰৰ পাচতে নাও মেলি দিয়া হল। আগ বঢ়াই থবলৈ যোৱা সকলোটিয়ে চকুৰে দেখালৈকে কাঠ পুতলাশাৰীৰ দৰে একে ঠৰে চাই আছিল; তাৰ পাচত পৰস্পৰে চকু-চোৱাচুই কৰি বুজাবুজি হল যে, আজি হে তেওঁবিলাকৰ শান্তিধাৰ যেন ৰংপুৰ চহৰ অশান্তিৰ থল যেন অৱস্থাত এৰি শান্তিয়ে চিৰকাললৈ বিদায় ললে!

ভটীয়নি পানী পাই নাৱৰীয়াই হেলাৰঙ্গে কোবাকুবিকৈ নাও বাবলৈ ধৰিলে। দুডাঁৰমান বেলি থাকোঁতেই দিখৌমুখেদি নাও বৰ-নৈ ওলালগৈ। ঘৰৰপৰা ওলাবৰ সময়ত উগুল-থুগুল লগাত কাৰো ভাত-পানী খোৱা ভাল নহল; কোমল কমলে ভোক-ভোককৈ আইতাকৰ ওচৰত কান্দিবলৈ ধৰিলে। গতিকে, সেই দিনা বহুত ভটীয়াই যোৱা নহল; বৰ-নৈ ওলায়েই লাহেকৈ সিপাৰলৈ খেও দি বৰ বালি এটাৰ কাষত নাও বন্ধ হল।

সকলোৱে পাৰলৈ উঠি দিহাদিহি ভাত খোৱাৰ কাৰবাৰ কৰিবলৈ ধৰিলে। কমলে নৈৰ তেনেকুৱা ফট্‌ফটীয়া বালি আগেয়ে কেতিয়াও দেখা নাছিল। লগুৱা লগত দি, দেউতাকে আগত থাকি সদায় দিখৌ নৈৰ পানীত সাঁতৰিবলৈ শিকাইছিল বুলিও, বৰ-নৈৰ বাহিৰে এনে বালি কত দেখা পাব? আজি বৰ-নৈৰ বালি পাই কমলৰ আনন্দৰ সীমা নাথাকিল। পাৰলৈ উঠা মাত্ৰকে কমলে জঁপিয়াবলৈ ধৰিলে। যিমানেই হওক, তেও লৰা; ঘৰৰপৰা ওলাওঁতে ওচৰ-চুবুৰীয়া সকলোকে কান্দিব দেখি কান্দিছিল হয়, কিন্তু বৰনৈৰ বালিত নমা মাত্ৰকে কমলে সকলো পাহৰিলে। আন কি, বাটতে লগা ভোকো কেনিবা গল! ভাত খাবলৈ বিচাৰক ছাৰি মাকে মাতিও নোপোৱা হে হল।

সন্ধিয়া লাগোঁ-লাগোঁতেই সকলোৰে খোৱা-লোৱা শেষ হল; আকৌ সকলোটি নাৱত উঠিলগৈ। অলপ পৰ জিৰাই-শঁতাই ৰাতি এডাঁৰমান হওঁতেই, আকৌ নাও মেলি দিয়া হল। তাৰ পাচত, দিনে-ৰাতিয়ে নাও মাৰি, নাৱৰীয়াই দুদিনতে চাৰি দিনৰ সমানে নাও ভটীয়ালে; গুৱাহাটীলৈ আৰু দুদিনমান হে থাকিলগৈ। তৃতীয় দিন তিনি ডাঁৰমান বেলি থাকোঁতেই, আবেলিতে গোহাঞি-বৰুৱাই নাও বন্ধাই ভাত-পানী খোৱাৰ দিহা কৰালে।

আজি কিন্তু বালি দেখি কমলৰ মনত আন দিনাৰ দৰে ৰং নালাগিল; আজি হঠাতে তেওঁৰ মনটি কেনেবা লগাত আমন্‌জিমন্‌কৈ কমল আইতাকৰ ওচৰতে বহি থাকিল। একো-একোবাৰ মাথোন কমলে দেউতাকৰ ওচৰলৈ গৈ তেওঁৰ মুখলৈ চাই থাকি মন মাৰি আকৌ আইতাকৰ গুৰিলৈ আহে। দেউতাকে বা আইতাকে কমলৰ ভাব-গতিলৈ সিমান মন কৰা নাছিল। আজি কমলৰ বালি খেলা আইতাক আৰু দেউতাকৰ ওচৰলৈ অহা-যোৱা কৰোঁতেই পাৰ হল;-কিয়,কব নোৱাৰি।

ভাত-পানী খাই উঠি দুখনমান তামোল থোৱাৰ সময় জিৰাই গোহাঞি-বৰুৱাৰ আজ্ঞামতে নাৱৰীয়াহঁতে আকৌ নাও মেলি দিলে। গোহাঞিবৰুৱা ঘৰৰপৰা ওলাওঁতেই কৃষ্ণপক্ষৰ শেহছোৱা;আজি অমাবস্যা ৰাতি। কিন্তু,বতৰ ফৰকাল আছিল; আকাশৰ তৰা এটিও বাকী নথকাকৈ ওলাইছিল। নাৱৰীয়াবিলাকে নাম-গান গাই,নাও মাৰিবলৈ ধৰিলে। এই দৰে নাও এপৰমান ৰাতি গল৷ আন দিনা হলে কমলৰ শুবৰ সময় হলহি। ঠিক আৰু এখনমান তামোল খাবৰ পৰ নাও চলিছে, এনেতে গিৰ্‌গিৰণি শব্দ শুনা গল। তাৰ অলপ পাচতে সেই আন্ধাৰ ৰাতিক ঘোপ্‌মৰা আন্ধাৰ কৰি ডাৱৰে ছাতি ধৰিলে, আকাশৰ তৰা এটিও নেদেখা হল।

চাওঁতে চাওঁতে ঢেৰেকনি-ধুমুহাত বৰ-নৈৰ পানীয়ে টল্‌বলাবলৈ ধৰিলে। চাৰিওফালে নাৱৰীয়াবিলাকে ধৰ্-ধৰ্ মাৰ্-মাৰ্ কৰি কোঢ়াল লগাই উঠিলে। কমলে ভয় পাই এবাৰ আইতাকৰ আৰু এবাৰ দেউতাকৰ মুখলৈ চাই তেওঁবিলাককো বিতত্ হোৱা দেখি চিয়ঁৰিবলৈ ধৰিলে। কোবাকুবিকৈ পাৰৰ ফালে নাও মৰা হৈছে হয়,কিন্তু প্ৰতি মুহূৰ্ত্ততে নাও বুৰে বুৰে হৈছে। এই দৰে আৰু অলপ পৰ যাওঁতেই বৰ ডাঙৰ ঢৌ এটাই আছাৰ খুৱাই নাও খন চাঁতকৰে আঁতৰাই নি থিয় কৰি পেলালে। চাৰিওফালে ‘ধৰঔ’‘মাৰঔ’‘কমলঔ’ ইত্যাদি শব্দ উঠি নিমিষিতে আকৌ মাৰ গল!-ক্ষন্তেকতে কোন্ কলৈ গল, তাৰ একো চিন্ নোহোৱাত পৰিল!!

*********************

তৃতীয় আধ্যা- চালুকীয়া লাহৰী

আমাৰ পাঠকসকলে মৰমৰ কমলক হেৰুৱাই বোধ কৰোঁ শোকত বিমোৰ হৈছে। সেই কাৰণে, আমি তেওঁবিলাকক বেগাবগিকৈ নভগনীয়া বিষয়াসকলৰ দুখপাহৰোৱা সুখৰ ঠাই পামপুৰলৈ লৈ যাওঁ। আমি পামপুৰ এৰি গৈ ৰংপুৰ নগৰত থকা আঠ মাহত সোমালহি। সেই অলপ দিনৰ ভিতৰতে পামপুৰৰ এনে পৰিবৰ্ত্তন ঘটিল যে, এতিয়া সেই গাওঁখনি বিতোপন ন-পাম যেন লাগিছে। উদ্যোগী কীৰ্ত্তিনাথ গোহাঞি সোৰোপা হৈ বহি থকা মানুহ নহয়; আমি আগবাৰ দেখোঁতে তেওঁৰ ঘৰ-বাৰী ন-ভগনীয়া মানুহৰ দৰে হে আছিল।

এতিয়া তেওঁ চাৰিওফালে ঢাপ মৰাই পদূলি বন্ধাই নিজাপি মানুহৰদৰে বাৰী পাতিলে। বাৰীৰ ভিতৰত যে কিমান উন্নতি হল, সেইবোৰ ভাঙ্গি কবলৈ গলে বহুত। তেওঁৰ বাৰীখনো সামান্য বহল নাছিল, প্ৰায় এপুৰা মাটি। বাৰীৰ পিচফালে তেওঁ এটা পুখুৰী খনালে। পুখুৰীৰ চাৰিওপাৰে এনলকৈ বহলাই গোলাপ, মালতী, তগৰ, জাতি, জুই খৰিকাজাঁই ইত্যাদি নানা তৰহৰ ভাল ভাল ফুল আৰু দেখিবলৈ ধুনীয়া সৰু সৰু গছ-গছনিৰে সৈতে তেওঁ এখনি চাৰিপৰীয়া ফুলনি পাতিলে।

ফুলনিৰ মাজেদি তিনি হাত বহলকৈ পুখুৰীৰ চাৰিওপাৰ মেৰাই জুৰত ফুৰিবলৈ এটি অতি সুন্দৰ বাট। সেই বাটৰ দুই দাঁতিৰ ঠায়ে ঠায়ে আৰু পুখুৰীৰ চাৰি চুকে লতা, ফুল, পাণৰ মাহী আদি ৰঙা, হালধীয়া, সেউজীয়া দেখিবলৈ ভাল সৰু সৰু গছৰ একোটি জোপা। সেই জোপাৰ ভিতৰত গছ-গছনি একো নাই;মাথোন দুটিমান মানুহ থিয় হব পৰা একোডোখৰ দুবৰিবনেৰে ছাতি খোৱা ঠাই সেই ৰঙ্গা,বগা,হালধীয়া ধুনীয়া ধুনীয়া গছেৰে বেৰি থোৱা হৈছে। আৰু, প্ৰতি দহ হাতৰ অন্তৰত একোজুপিকৈ সেই বাটৰ দুকাষে দুশাৰী সুমথিৰা টেঙ্গা।

পুখুৰীৰ পাৰলৈ অলপ নিলগৰপৰা চাই পঠিয়ালে এটি বৰ সুন্দৰ উদ্যানৰ ছবি৷ তাতে আকৌ নানা তৰহৰ ফুলবোৰ ফুলি জক্‌মকাব লাগিছে। ৰঙা ৰঙা সুম্‌থিৰা টেঙ্গা ডাল ভৰি ভৰি লাগি ফুলৰ ওপৰে তিৰ্‌বিৰাব লাগিছে। এই পুখুৰীৰ পাৰত ফুলনিৰ মাজে মাজে ফুৰাৰ কথাকে নকওঁ, তালৈ নিলগৰপৰা চাই থাকিলেও হিয়া জুৰায়;বহুত দুখে-ভাগৰে অহা মানুহে ভোক-পিয়াহ সকলো পাহৰি যায়। তাতে এতিয়া আবেলি-বেলিকা। পছিম ফালৰপৰা সেন্দুৰীয়া ৰ’দ পৰি সেই শোভাৰ জেউতি আৰু মনমোহাকৈ চৰাইছে!

তাৰ পাচত, এবাৰ পদূলিলৈ ওলাওঁ। পদূলিৰ বিষয়ে বহলাই নকলেও হব। পিচফালৰ পুখুৰীৰ বিতোপন শোভা চায়ে আগফালৰ পদুলিৰ শোভাও অনুমান কৰিব পাৰি। পদুলিৰ দুকাষে দুখনি দুহাতমান বহল দীঘলী ফুলনি। বাট-চৰাৰ দুকাষে দুজুপি বকুল ফুল। পদূলিমূৰত থিয় হোৱা মাত্ৰকে আমোল্‌মোল গোন্ধত মুগ্ধ হোৱা যায়। বাট-চৰাৰ সমুখতে ৰাজবাটৰ সিপাৰে এটি সৰু পঢ়াশালি। তাতে বিষয়াসকলৰ আৰু আন মানুহৰ লৰা-ছোৱালীয়ে পঢ়েহি। এই পঢ়াশালিটি কীৰ্ত্তিনাথ গোহাঞিদেৱে বহু যত্নেৰে স্থাপন কৰে। তেওঁ নিজে গুৱাহাটীলৈ গৈ এখন ভাল শিক্ষিত পণ্ডিত আনি এই পঢ়াশালিৰ অধ্যাপক পাতে। আৰু, তেওঁৰ উৎসাহতে আন-আন বিষয়াসকলেও যোগ দি পঢ়াশালিটিৰ অৱস্থা বৰ টনকিয়াল কৰি ৰাখিছিল।

পাঠকসকলে,বোধ কৰোঁ,তেওঁবিলাকৰ চেনেহী লাহৰীৰ কথা আকৌ শুনিবলৈ আশা পালি আছে। আমি সিবাৰ লাহৰীক দুবছৰীয়াটি হওঁতেই এৰি আহিছিলোঁ। তেতিয়াই পাঠকে ৰূপহী লাহৰীৰ ৰূপ-গুণৰ বিষয়ে অলপ আভাস পাইছিল। এতিয়া সেই ৰূপ আৰু গুণৰ বিষয়ে অলপ বহলাই কোৱা যাওক। দিনক-দিনে লাহৰীৰ গঢ়-গতি সকলো ভালৰ ফালে ঢাল লয়। সদায় দেখি থকা পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰিয়াই সিমান গম্ ধৰিব পৰা নাই যদিও,আমি বহুত দিনৰ মূৰত দেখি সেই ৰূপ-গুণৰ লক্ষণ ভালকৈ ধৰিব পাৰিছোঁ।।

লাহৰীৰ বয়স যদিও এতিয়া চাৰি বছৰত সোমাইছে মাথোন, নেদেখা মানুহে দেখিলে তেওঁক পোনেই পাঁচ-ছবছৰীয়া ছোৱালী হে বুলিব। বয়সৰ লগে লগে লাহৰীৰ ৰূপ-গুণৰ জেউতি চতুৰ্গুণে চৰি আহিবলৈ ধৰিলে। ছমহীয়াটীতে বুঢ়াগোহাঞি ডাঙৰীয়াই লাহৰীক ৰূপ-গুণৰ বাবেই “লাহৰী” নাম দিছিল। এতিয়া তেওঁৰ বয়স চাৰি বছৰত পৰিলহি;গতিকে এতিয়া সেই সৰু কালৰ ৰূপৰ জেউতি কিমান চৰিছে,তাক সহজে অনুমান কৰিব পাৰি।

মুঠতে, কবলৈ গলে, সাধাৰণ মানুহৰ ঘৰত এনে ৰূপৰ জেউতি দেখিবলৈ পোৱা টান। নিৰলে বহি থাকিলে, লাহৰিক ধুনীয়া মমৰ পুতলা এটি বুলি ভ্ৰম হয়। স্বভাৱ চৰিত্ৰাদিৰ সম্বন্ধেও একে কথাই;এনে এটি মনমোহা মমৰ পুতলা যেন সুন্দৰ মূৰ্ত্তিত যে পৃথিবীৰ নাৰী জাতিৰ সকলো গুণে থানিকা পাতিব, সেইটো স্বাভাৱিক কথা। তদুপৰি, সৃষ্টিকৰ্ত্তাই বহু পুৰুষাৰ্থ কৰি জগতৰ ভাল ভাল বস্তুৰ সাৰ অংশ আনি অতি যতনেৰে সৃষ্টি কৰা এনে এটি সুন্দৰ মূৰ্ত্তিত যে দোষ কিবা চেকা থাকিব পাৰে তেনে ভাবে মনত ঠাইকে নাপায়। বিশেষ, লৰা-ছোৱালীৰ স্বভাৱ-চৰিত্ৰ সততে মাক বাপেকৰ চাবেৰেই হয়।

লাহৰীৰ আইতাক-দেউতাকৰ স্বভাৱ-চৰিত্ৰ, গুণাগুণৰ কথা আগতে উনুকিয়াই অহা হৈছে। এতেকে, তেনে মাক-বাপেকৰ জীয়েক যে চৰিত্ৰৱতী হব,সি একো আচৰিত কথা নহয়। লাহৰীৰ সেই সৰু কালৰেপৰা তিৰোতাৰ ঘৰুৱা কাম শিকিবলৈ বৰ ধাউতি; ঘৰত কাম কৰিবলৈ বেটী-বন্দী থাকোতেও, লাহৰীয়ে নিজৰ লাগতিয়াল কাম কৰিব লগীয়া হলে,পৰাখিনিত আপুনি কৰি লয়।

লাহৰীৰ আইতাকো আন তিৰোতাৰ দৰে, এনে আলসুৱা চিকুণ পুতলাক কাম কৰিবলৈ নিদি বুকুৰ মাজত সুমাই লৈ থকা বিধৰ গৃহিণী নহয়। তেওঁ লাহৰীক কোনো কাম কৰা দেখিলে বেয়া নাপায়; বৰঞ্চ কাম চাই কাম কৰিবলৈ উদগনি হে দিয়ে। আইতাকে তাঁত বওঁতে বা ফুল বাছোঁতে লাহৰীয়ে তেওঁৰ এপাশে তাঁতৰ পাটত বহি একাণপতীয়াকৈ চাই থাকে। কেতিয়াবা মাক কিবা কামত উঠি গলেই,তেওঁ ঘূৰি আহেমানে, ছেগ বুজি, লাহৰীয়ে তাঁত ববলৈ ধৰে। এদিন লাহৰীৰ আইতাকে অসমীয়া কেঁচা পাটৰ সূতাৰ চেলেং কাপোৰ এখনত ফুল বাছি আছিল।

এনেতে, সিফালে বুলনিত বেটী ছোৱালী দুজনীয়ে দন্দ্ পাতি চুলীয়া-চুলিকৈ কোঢ়াল লগাই তুলিলে। মাকে তাঁতৰ পাট এৰি বেগাবেগিকৈ বেটী ছোৱালীহঁতৰ দন্দ্ ভাঙ্গিবলৈ ধৰিলেগৈ। বাহিৰত যি য’তে আছিল দন্দ্ চাবলৈ সিহঁতো চাপিলহি। কিন্তু, লাহৰীৰ মন সি টানিব নোৱাৰিলে;লাহৰীয়ে ঠাইতে, ছেগ বুজি,মাকে যতে এৰি থৈ গৈছিল, তৰে পৰা ফুল বাছিবলৈ ধৰিলে। মাক ঘূৰি আহেমানে আধা-বছা কাঠীটো লাহৰীয়ে শেষ কৰিব লগীয়া কৰিছে, এনেতে মাক আহি দেখেহি, সূতা ছিঙ্গি ডাল-ডাল কৰিলে। তেনেকুৱা কেঁচা পাটৰ সূতাৰ তাঁত বোৱা কেনে টান কাম শিপিনীসকলে হে ভালকৈ বুজে।

মাকৰ খং উঠাত, তেওঁ লাহৰীক অলপ টান কথা শুনালে। কিন্তু সেইবাবে লাহৰীয়ে তলৰ জিভা ওপৰ নকৰিলে; অলপ পৰ আমন্‌জিমন্‌কৈ বহি থাকি,মাকে সূতা যোৰাই থাকোঁতেই লাহৰীয়ে লাহেকৈ উঠি তেওঁৰ জিৰণিৰ ঠাই পুখুৰী-পাৰৰ ফুলনিত সোমালেগৈ। তাৰ পাচত,মাকে সেই ছিগা সূতা যোৰাই উঠি চায় দেখোন, তেওঁ এৰি থৈ যোৱাৰেপৰা লাহৰীয়ে যিখিনি ফুল বাছিলে,তাত কেনা এটাও লগা নাই।

লাহৰী কেনে চোকা বুদ্ধিৰ ছোৱালী, তেতিয়া হে তেওঁ বুজি উঠিলে। পিচে, তেতিয়াই তেওঁ তাৰে তাঁত তাতে এৰি, পুখুৰীৰ পাৰৰপৰা লাহৰীক কোলাতকৈ আনি বুকুত সুমাই লৈ মৰম কৰিবলৈ ধৰিলে৷ তেতিয়া হে লাহৰীৰ বৰকৈ বেজাৰ লাগিল;আৰু ফেঁকুৰি ফেঁকুৰি কান্দি, লাহৰীয়ে মাকৰ মুখলৈ চাই এই বুলি কবলৈ ধৰিলে, “আইতা,আজিৰপৰা মই তাঁতৰ ওচৰলৈ নাযাওঁ দেই”। মাকেও, বেজাৰে-আনন্দে খুন্দা মাৰি ধৰাত, কি কব কি নকব একো ঠিক কৰিব নোৱাৰি কান্দি পেলালে।

সেই সময়ত লাহৰীৰ আইতাকৰ অন্তৰত নো কি ভাব খেলাইছিল আৰু তেওঁ নো কি কথা কব খুজিছিল, সি অনুভৱত বুজিবলগীয়া কথা। পিচে, মাকে তেতিয়াই আহিনী আৰু কেতেকী বুঢ়ীক মাতি আনি লাহৰীয়ে ববলৈ বুলি চাৰিখনমান গামোছা লগাবলৈ দিহা দি, লাহৰীৰে সৈতে তেওঁ আকৌ তাঁতৰ পাটত বহিলগৈ।

লাহৰীৰ অকল ঘৰুৱা কামলৈক যে ইমান ধাউতি হৈছিল এনে নহয়; লিখা-পঢ়াতো তেওঁ বৰ মন দিছিল। দেউতাকৰ ওচৰত থাকিলে,লাহৰীয়ে সৰহ ভাগ লিখা-পঢ়াৰ হে কথা পাতে। সেই ছবছৰীয়াটিতে লাহৰী অলপ অচৰপ পুথি পঢ়িব পৰা হৈছিল। গধুলি হলে লাহৰীয়ে সদায় দেউতাকৰ লগত ঘোষা পুথিৰ ৰাগ জোৰে৷ দেউতাকৰ মানত লাহৰী এপাহী অতি যতনৰ আৰু আদৰৰ ফুল;গাৱঁৰ বিষয়াসকল আৰু আন-আন চুবুৰীয়া মানুহ সকলৰ মানতো লাহৰী এপাহী “লাহৰী ফুল”। দেউতাকক দেখা কৰিবলৈ যেতিয়াই যেয়ে আহিল লাগে, পোনেই পদূলি-মূৰৰেপৰা লাহৰী আইদেউক চিয়ঁৰি আহে।

বাস্তৱতে,লাহৰী সঁচাসঁচি ফুল নহলেও,ফুলৰ ধাইমাক আছিল। পুখুৰী-পাৰৰ ফুলনিৰ ফুলে লাহৰী বাৰীত সোমালেহে ভালকৈ ফুলি উঠে। অহঃ, লাহৰীয়ে যেতিয়া আবেলিবেলিকা অকলশৰে ফুলনিত সোমাই ইপাহী-সিপাহীকৈ ফুলৰ গোন্ধ লৈ ফুলনিৰ মাজে মাজে ফুৰে, তেতিয়া যে ফুলনিৰ কেনে বিতোপন শোভা ধৰে! একে ঠৰে চাই থাকিলে এনে হে লাগে, যেন কোনোবা দেৱকন্যা হে পৃখিৰীলৈ নামি আহি সেই দৰে ইপাহী-সিপাহীকৈ ফুলবিলাক চুমি চুমি ফুৰিছেহি। কেতিয়াবা গছৰ পাতৰ আৰত গা-টি আৰ হৈ থাকোঁতে লাহৰীয়ে হালি গৈ যেতিয়া ফুলৰ গোন্ধ লয়, তেতিয়া নিলগৰপৰা চাই পঠিয়ালে ফুল ইপাহেই নে সিপাহেই ঠিক কৰাই টান হৈ পৰে।

আমি ওপৰত কোৱা সম্বন্ধ যদি সঁচা নহয়, তেন্তে লাহৰীৰ নো ফুলৰ লগত প্ৰকৃত কি সম্বন্ধ, আমি এতিয়াও ঠিৰাংকৈ কব নোৱাৰিছোঁ এথোন। লাহৰী যেতিয়া ফুলনিলৈ সোমায়, তেতিয়া তেওঁ পুখুৰীৰ চাৰিওপাৰৰ প্ৰত্যেক জুপি ফুলৰ ওচৰলৈ গৈ, প্ৰত্যেক জুপি ফুলৰে এপাহীকৈ ফুল আৰু এটিকৈ কলি তুলি আনি, এটি ধুনীয়া জোপাৰ মাজত দুবৰিবনৰ ওপৰত বহি তেওঁ নানা আৰ্হিৰে মালা গাঁথি, দুধাৰমান তেওঁ আপুনি পিন্ধে, বাকী কেইধাৰ সৰু সৰু গছৰ ডালত আৰি থৈ অলপ আঁতৰৰপৰা চাই থাকেগৈ। নিতৌ সন্ধিয়া নলগালৈকে লাহৰীয়ে এই দৰেই ফুলনিত সোমাই ফুলকুৱঁৰী হৈ থাকেগৈ।

কিন্তু, পাঠক! লাহৰীয়ে এই দৰে জোপাৰ মাজত সোমাই মালা পিন্ধি অলপ আঁতৰি গছত আৰি থোৱা ফুললৈ একে ঠৰে চাই থকা দেখিলে-ফুলকুৱঁৰীতকৈও আৰু কাৰোবালৈ মনত পৰে,—নিলগৰপৰা চাই পঠিয়ালে এনে হে বোধ হয়, যেন ৰাধিকাই হে কুঞ্জলতাৰ মাজত শ্ৰীকৃষ্ণক ধ্যান কৰি পৱিত্ৰ প্ৰেমৰ ভাৱত ভোল গৈ ৰৈছে! পাঠকসকলে ইয়াতে মনৰ হাবিয়াস পলুৱাই এই মোহিনী মূৰ্ত্তিকে চাই থাওক; আমি আকৌ সিবিলাকৰ মৰমৰ হেৰোৱা ধন বিচাৰি যাওঁ।

*********************

চতুৰ্থ আধ্যা- কমল কলৈ গল!

দৰাচলতে, পৃথিবীৰ ওপৰত স্থাৱৰ বুলিবলৈ একোৱেই নাই। চাৰিওফালে চকু ফুৰাই চালে,চকুৰে দেখালৈকে যিহকে কি নেদেখোঁ,সকলো আজি আছে, কালি নাই। দোৰ্ঘোৰ অৰণ্য আৰু হাতী সোমাব নোৱাৰা গেজেপনি হাবি সময়ত সুন্দৰ নগৰ হৈছে। আৰু তেনেকুৱা কিমান সুন্দৰ নগৰ গুচি দোৰ্ঘোৰ অৰণ্য আৰু গেজেপনি হাবি হৈ বনৰীয়া জন্তুৰ থকা ঠাই হৈছে, তাৰ সীমা-সংখ্যা নাই। মানুহৰ অৱস্থাও ঠিক তেনেকুৱাই। কথাতে কয় বোলে,“বাঁহৰ এফাল,মানুহৰ একাল”।

আজি যাক সঙ্গতিপন্ন অৰ্থ, ধন-সোণৰ দৌলতৰ গৰাকী দেখিছোঁ, কাইলৈ হয়তো সেইজনক বাটৰ মগনীয়া দেখিম। আজি যাক দুখীয়া-নিচলা দেথি ঘিণ্ কৰি বাটত দেখিলেও গুচ্-গুচ্ কৰিছোঁ, কাইলৈ হয়তো সেইটো মানুহৰ ধন-সম্পত্তি দেখি দহজনে তাৰ ওচৰত হাত পাতিব লগাত পৰিব। ইয়াৰ প্ৰমাণ শান্তিৰাম গোহাঞি-বৰুৱাতে পোৱা যায়। যি শান্তিৰাম গোহাঞিবৰুৱাৰ সুখ-শান্তি,ধন-সম্পত্তি আৰু গৌৰৱ-ক্ষমতাৰ সীমা নাছিল, সেই শান্তিৰাম গোহাঞি-বৰুৱা জাতি-বিষয়াৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি,মৰমৰ ভাৰ্য্যা আৰু প্ৰাণৰ প্ৰাণ একেটি পুতেকে সৈতে ৰংপুৰ এৰি গুৱাহাটীলৈ ভটীয়াই পলাব লগীয়া হল!

শান্তিৰাম গোহাঞি-বৰুৱা আৰু তেওঁৰ ভাৰ্য্যা কোন্ কলৈ গল, সিবিলাকৰ কি হল, এতিয়ালৈকে আমি তাৰ একো সম্ভেদ্ পোৱা নাই এখোন; সিবিলাকক সেই সম্ভেদ্ নোপোৱাতে এৰি, কমল কলৈ গল তাৰ সম্ভেদ্ লোৱা যাওক। সেই দিনা বৰনৈৰ ঢৌৱে নাও যেতিয়াই থিয় কৰি পেলালে, নাৱৰ মানুহ আটাইবিলাক গিৰ্‌গিৰ্‌কৰে পানীলৈ সৰি পৰিল৷ কমল পৰি যাওঁতেই নৈৰ তলি পাইছিলগৈ; আৰু কেইমিনিটমানৰ পাছত উপঙি উঠি তেওঁ পোনেই ভোগৰাম লগুৱাক হাতত পালে৷ ভোগৰামক পায়েই কক্‌বক্‌কৈ কমলে তাৰ গাত ধৰিলেগৈ। সিও কমলক পাই নিজৰ জীৱনৰ বিপদলৈ কটাহি নকৰি,এহাতে কমলক দাঙ্গি ধৰি ইহাতেৰে সাতুৰিবলৈ ধৰিলে।

কিন্তু, বৰনৈৰ সোঁতত সি সেইদৰে কিমানপৰ সাতুৰিব!তাতে পচোৱা বতাহত পানীয়ে থৌকিবাথৌকৈ লগাইছে। পিছে, তিনি নলমান পানী এই দৰে সাঁতৰি যাওঁতেই এটা বৰ ঢৌৱে দুইটাকে এজোপা উটি অহা গছৰ গাত পেলালেনি। গছৰ ওচৰ পাই কমলে থাপ্ মাৰি ডাল এটাত ধৰি তাতে ৰল। কিন্তু, ভোগৰামে ধৰিবলৈ নৌ পাওঁতেই ঢৌৱে তাক জাঁজৰিৰ তলত সুমুৱালেনি। সেই মুহূৰ্ত্তৰপৰা ভোগৰাম কলৈ গল, তাৰ কি হল, কমলে একো কব নোৱাৰে। গছজোপা শুকান আছিল; গতিকে পানীৰ ওপৰেদি ভালখিনিমান ওলাই গৈছিল। কমলে লাহেকৈ আন এটা ডালত ভৰি দি, গছতে ওলমি কিছুমান দূৰ গৈ পেৰেঙ্গনি লগা ডাঙৰ ডাল এটাত ভালকৈ বহি ললেগৈ।

তাৰ পাচত, গছ উটি গৈ আছে, কমলো সাগৰৰ বৰফেনৰ ওপৰত টিপচী এটিৰ দৰে গছৰ ডালত বহি উটি গৈয়ে আছে! চাওঁতে চাওঁতে অমাবস্যাৰ আন্ধাৰ ৰাতিয়ে গৰাহ মাৰি ধৰি কমলক আমাৰ চকুৰে নেদেখা কৰিলে। ইফালে বৰনৈৰ পানীৰ ধুম্‌ধুমনিত ৰক্ষা নাই! কমলে অকলে অকলে গছৰ ডালত বহি আন্ধাৰ নিশাৰ বুকুত সোমাই বৰনৈৰ মাজে মাজে কলৈ গৈছেগৈ! হাঁয়, কমলে যে মাকৰ বুকুৰপৰা কলৈকো ওলাৰ নোখোজে; সন্ধ্যা লাগিলেই কমলৰ মাকে যে কমলক দুৱাৰদলিৰ বাজ হব নিদিয়ে। আজি হে কমলৰ মনত কি বিৰাগ ভাব আহিল! আজি নো কমলৰ আইতাকে এনে আন্ধাৰ নিশা কমলক কেনেকৈ এৰি দিছে! এনে ঘোপ্‌মৰা আন্ধাৰত কমলে নৈৰ পাৰ দেখক ছাৰি, নিজৰ গাকে দেখা নাই।

সময়ৰ এনে ভয়ঙ্কৰ মূৰ্ত্তি দেখি কমলৰ নো ভয় লগা নাই নে? কমলে দেখোন আজি ইমানতো কেৰেপকে কৰা নাই। আজি দেখোন কমল আগতকৈয়ো শান্ত আৰু গহীন। গছৰ পেৰেঙ্গেনিত বহি বৰনৈৰ শীতল বতাহ লৈ কমল ভোল গৈছে নে কি?—নহয়, আজি কমলৰ মানত সংসাৰ একেবাৰে অসাৰ! কমল আমাৰ চকুত সৰু আৰু আলসুৱা যদিও, কমলৰ জ্ঞানটি বুঢ়া। আজি আৰু কমলৰ ভয় নাই; আজিৰপৰা আৰু কমলে সাংসাৰিক ভয় বা বেজাৰ পাই নাকান্দে। হাঁয়,কান্দিব কাৰ ওচৰত! কমলে এই কুমলীয়া বয়সতে সংসাৰৰ অনেক দেখিলে,অনেক শুনিলে।

বিশেষ, আজিৰ বিপদে কমলক বিপদৰ বাকীখিনিৰো শিকনি দিছে! এই মুহূৰ্ত্ততে যদি আকৌ গছে সৈতে কমল ডুবি যায়,তেও কমলৰ একো আপত্তি নাই, বেজাৰ নাই; বৰঞ্চ,মহাসুখে এই দুখময় সংসাৰৰপৰা তেওঁ একেবাৰে ইহজনমৰ নিমিত্তে বিদায় লব। কিন্তু, এটি কথা;কমলে ভাবিছে, জানোবা তেওঁৰ দেউতাক আৰু আইতাক তেওঁৰ দৰেই জীয়াই আছে। সেই একেটা ভাবে, সেই একেটা আশাই কমলক তেনে ইচ্ছাৰপৰা আঁতৰাই আনিছে। কমলৰ আৰু সেই সময়ত আন একো চিন্তা নাছিল।

দেউতাক আৰু আইতাকৰ জীৱনৰ সম্বন্ধে অলপ সম্ভেদ্ পোৱা হলেই কমল নিশ্চিন্ত হলহেঁতেন। কিন্তু, এতিয়া আৰু কমলৰ অন্তৰত একো কথা নাই। বৰনৈৰ ইচ্ছা,যলৈকে নিবৰ মন যায়,যিহকে ঘটাব খোজ,তলৈকে নিয়ক, তাকে ঘটাওক,কমলৰ তাত একো আপত্তি নাই। কিন্তু,আমি কওঁ,আমি ব্ৰহ্মপুত্ৰ নদৰ ওচৰত প্ৰাৰ্থনা কৰোঁ,কমলক যেন ৰাতিপুৱালৈকে বাকী সময়ৰ নিমিত্তে তেওঁৰ বুকুতে ৰাখে। এনে ভয়ঙ্কৰ ৰাতি কমলক যেন কোনো হাবি-বননিত বনৰীয়া জন্তুৰ মাজত পেলাই নিদিয়ে নি। দুৰ্ভগীয়া কমলৰ প্ৰাণত আপদ ইমানেই জুৰিছে; আৰু সহ্য নহয়।

কমলে এই দৰে মাজে মাজে উটি ভালেমান ভটীয়ালে। ৰাতিও শেহ নিশা পালেগৈ; আৰু এপৰ ৰাতি মাথোন বাকী আছে। এনেতে,উত্তৰ পাৰে সোমাই যোৱা পাক এটা ঘূঁৰোতেই,পানীৰ বৰ কোবাল ধাৰ এটাত পৰি গছজোপা চাঁতকৰে দাঁতিত লাগিলগৈ। কি বিপদ! এইখন যে দোৰ্ঘোৰ অৰণ্য। ইয়াত বাঘ, ভালুক, গঁড়, ম’হ, হাতী আদি বনৰীয়া জন্তু থাকে। এতিয়া কমলৰ কি গতি হ’ব! গছজোপা থমকা খাই ৰোৱাৰ গম পায়ে কমলে জানিলে যে,গছ ভাহি পাৰত লাগিলহি। সৰ্ব্বনাশ! কমল যে এতিয়া পাৰলৈ উঠি আহে।

এতিয়া কি উপায়? কিন্তু,আমি হে ভয় কৰিছোঁ, কমলৰতো সেইবোৰ একো খবৰেই নাই; কমলৰ মানত নৈৰ মাজ যেনে,পাৰো তেনে। পাৰলৈ উঠি কমলে ইফালে সিফালে যাবলৈ বিচাৰি দেখে,দেখোন এখন অটব্য হাবি;কেনিও যাবৰ সন্ধি নাই। তাতে ৰাতিৰ কথা, ভয়ঙ্কৰ হাবি আৰু ভয়ঙ্কৰ হৈ পৰিছে! অলপমান পৰ ইফাল-সিফাল কৰোঁতেই কমলে ‘হাঁওহাঁও’ কৰা বাঘৰ গোঁজৰণি শুনিলে। ভালুক, গঁড়, ম’হ, হাতী ইত্যাদিৰ দুম্‌দুমনিত হাবি তোলপাৰ হৈছে, মাটি কঁপি উঠিছে! কমলক এতিয়া হে ভয়শূলে চাৰিওফালৰপৰা বিন্ধিবলৈ ধৰিলেহি।

কোন মূহূৰ্ত্তত কিহে ধৰেহি ঠিক নাই। একো-একোবাৰ ধৰিলেহি ধৰিলেহি যেন ভাবি কোমল কমল সেই ফালেই মাটিত পৰি চেপেটা হৈছে। একো-একোবাৰ পগলাৰ দৰে ইফালে-সিফালে লৰি ফুৰি চাটিফুটি কৰিছে! হাঁয়, যিমানেই হওক, কমল নিচেই কুমলীয়া লৰা; কোনো দিন ঘৰৰপৰা বাহিৰ নোহাৱা লৰা। আৰু, এনে বিপদত কোমল কমলে হে নালাগে,কোনে নো ধৈৰ্য্য ধৰি থাকিব পাৰে! কমলে লাহেকৈ আকৌ যি গছে আনি এনে বিপদৰ মুখত পেলালেহি,সেই গছতে উঠি আগৰ দৰে একে ঠাইতে বহি ললেগৈ।

এতিয়া কমলৰ ইচ্ছা কি?— কমলৰ ইচ্ছা, যেন আকৌ আগৰ দৰে বৰ-নৈৰ বুকুত সোমাই উপস্থিত বিপদৰ হাত সাৰে। ইচ্ছাময়ৰো ইচ্ছা হল, সঁচাকৈয়ে গছ আকৌ উটি যাবলৈ ধৰিলে। এই বাৰ কিন্তু দাঁতিয়ে দাঁতিয়ে হে। এই দৰে উটি যাওঁতে যাওঁতে অলপ পোহৰ পোহৰ যেন দেখা গল। অলপ পাচতে ভালকৈয়ে ৰাতি পুৱালত, কমলে চাৰিওফালে চাই দেখিলে, দেখোন এজন মানুহে এখন সৰু নাৱৰ টিঙ্গত বহি দক্ষিণ পাৰৰপৰা তেওঁৰ গাৰ ফাললৈ নাও এৰি দিছে। নাও আহি ওচৰ পাওঁ-পাওঁ হওঁতেই, কমলে উদ্ধাৰৰ ছেগ বুজি চিঁয়ৰি চিয়ঁৰি নাৱৰ সেই মানুহটিক নিজৰ বিপদৰ কথা জনালে। মানুহটিয়েও অনতিপলমে নাও চপাই আনি, কমলক নাৱলৈ তুলি ললেহি।

*********************

পঞ্চম আধ্যা- অময়া প্ৰেমৰ আভাস

কমলক উদ্ধাৰ কৰা যিটি মানুহৰ কথা কৈ অহা হৈছে, সেই মানুহটি আদহীয়া। মানুহটিৰ কথা-বাৰ্ত্তা, ভাব-গতি, আচৰণ আদিলৈ চাই, তেওঁ কোনোবা ভাল মানুহ বা ভাল মানুহৰ সংসৰ্গত থকা মানুহ যেন অনুমান হয়। কিন্তু, তেওঁৰ সাজ-পাৰ আদিলৈ চালে, তেওঁক কোনোবা গাঁৱৰ ভাল মানুহৰ ওচৰত থকা সাধাৰণ মানুহ যেন হে লাগে। যেই হওক, আজি কমলৰ মানত তেওঁ এজন মহৎ উপকাৰী লোক।

আজি কমলৰ মানত তেওঁ এই সংসাৰত পিতৃতুল্য পূজনীয় লোক। ইমান দিনে কমলে নিজৰ দেউতাকৰ সমান জগতৰ ভিতৰত ডাঙৰ আৰু পুজনীয় মানুহ নাই বুলি ভাবি আহিছিল; আজি তেওঁ তেওঁৰ দেউতাকৰ সমনীয়া এজন লোক দেখা পালে। বামলৈ নুঠালৈকে মানুহটিয়ে কমলক একোকে সোধা নাছিল; পাৰত উঠি কাপোৰ-কানি চেপি আকৌ পিন্ধাই দি, বননিতে দুয়ো বহি, হৈ যোৱা ঘটনা সম্বন্ধে কথা-বাৰ্ত্তা পাতিবলৈ ধৰিলে।

কমলে নিজৰ ঘৰৰ কথাৰেপৰা সেই বৰ্ত্তমান অৱস্থালৈকে, যিমানলৈকে পাৰিলে সিমানলৈকে বৰ্ণাই কৈ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। সোঁৱৰণীৰ চোকা শোক-ৰোলে আহি কমলৰ কোমল হিয়া থকা-সৰকা কৰিবলৈ ধৰিলে৷ মানুহটিয়ে কমলৰ মৰ্মান্তিক বেদনা বুজিব পাৰি, কমলক কোলাত তুলি ললে। তেওঁ সহবেদনাত কাতৰ হৈ চুমা খাওঁতে কমলৰ সৰিয়হৰ ফুল যেন গাল দুখনি তেওঁৰ চকুলোৱে ঢৌৱাই পেলালে।

হাঁয়, সেই সময়ত সেই দুটি প্ৰাণীৰ নিমাত ভাৱৰ বিননি দেখিলে বনৰ চৰাই-চিৰিকতিৰো মুখৰ টোপ্ সৰি পৰে। অহঃ এনে সামান্য পুৰুষৰ বেশ ধৰি ইজন নো কোন দয়াশীল মহাপুৰুষ? তেওঁ যদি কোনোবা ছদ্মবেশী মহাত্মা নহয়, তেন্তে সামান্য মানুহৰ অন্তৰতো এনে দয়া, এনে চেনেহ! সামান্য মানুহৰ হিয়াও ইমান কোমল, ইমান সহজে পমে! তেন্তে যি দুৰাচাৰে মানুহক উপদ্ৰৱ কৰিবলৈকে বৰমানুহ হয়, সম্পত্তিশালী হয়, যি পাষণ্ডই মৰাক মাৰি তৰিবলৈকে বিষয়া হৈ ক্ষমতা লাভ কৰে, তাৰ জীৱনত ধিক্! তাৰ জীৱন-লীলা পাশৱ ক্ৰীড়াৰ পাপত জাহ যাওক।

এই পুৰুষজন সঁচাকৈয়ে আগৰ এজন ডাঙৰ মানুহ। তেওঁ আগেয়ে চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ দেউতাকৰ দিনত এজন বৰ ডাঙৰ বিষয়া হৈ থাকোঁতে প্ৰজাক অনেক সুখ-শান্তিৰ উপায় কৰি দিছিল। সদৌশেহত, প্ৰজাৰ উপকাৰ কৰা বাবেই তেওঁ ৰজাক অপ্ৰিয় হৈ উঠে; আৰু অন্তত নিজৰ গাৰ ফালে টনাটনি দেখি, লৰা-তিৰোতা আদিৰে সৈতে উত্তৰ পাৰলৈ ভাগি আহি, তেজপুৰৰ ওচৰৰ এখন গাৱঁত বাস কৰে।

তেওঁ সেই দিনধৰি ছদ্মবেশী। তেওঁৰ লৰা-ছোৱালী যি দুটি আছিল, সিও সেই গাৱঁতে অন্ত পৰিল। সেই কাৰণে, তাৰপৰাও ভাগি এতিয়া আমাৰ ন-ভগনীয়া বিষয়াসকলে পতা পামপুৰতে আছেহি। পামপুৰলৈ আহিও তেওঁ বিষয়াসকলক নিজৰ আচল পৰিচয় নিদিলে। কিন্তু, বিষয়াসকলে তেওঁক আন ইতৰ মানুহৰ দৰে ব্যৱহাৰ নকৰিছিল। ঘৰত তেওঁৰ গৃহিণীৰ বাহিৰে আৰু কেওঁ নাই। তেওঁৰ নাম কৃষ্ণৰাম বৰগোহাঞি। কোনো বিশেষ কাৰণত তেওঁ দিনচাৰেক গুৱাহাটীত আছিলগৈ; আজি ঘৰলৈ উলটি পাৰ হওঁতে কমলক উদ্ধাৰ কৰিবলৈ পালে। তাৰ পাচত, অনেক কথা-বাৰ্ত্তা সুধি, কমলক লগত লৈ, তেওঁ ঘৰৰ ফালে খোজ ললে; এখনমান তামোল খাবৰ পৰত দুয়ো ঘৰ পালেহি।

কৃষ্ণৰাম গোহাঞিৰ ঘৰত তোলনীয়া পুত্ৰ হৈ বছৰদিন কমলে কটালে। এতিয়া কমলৰ বয়স ন-বছৰত সোমালেহি। ইমান দিনে কমলে দেউতাক আৰু আইতাকলৈ পাহৰিলে নে? ⸺অহঃ, যি কমলে মৰমৰ দেউতাক আৰু আইতাকৰ আশাতে প্ৰাণ ধৰি বৰনৈৰ মাজত গা এৰি দিছিল, সেই কমলে বছৰদিয়েক হে নালাগে, জীয়াই থাকেমানে সিবিলাকক পাহৰিব পাৰে নে? কৃষ্ণৰাম বৰগোহাঞি আৰু তেওঁৰ গৃহিণীৰ যত্ন আৰু মৰমে মাজে মাজে পাহৰাই ৰাখে যদিও, তেওঁবিলাকৰ ওচৰৰপৰা আঁতৰ হলেই, কমলক সোঁৱৰণীৰ শোকে হেঁচি ধৰেহি,তেওঁ সংসাৰ একেবাৰে আন্ধাৰ দেখে!

বয়সৰ লগে লগে কমলৰ বেজাৰ দিনক-দিনে বাঢ়িবলৈ ধৰিলে। পামপুৰলৈ অহা দিনচাৰেকৰ পাচতে, কৃষ্ণৰাম বৰগোহাঞিয়ে কমলক পঢ়াশালিত নাম লগাই দিলে। তেতিয়াৰেপৰা কমলে এদিনো পঢ়াশালিলৈ যোৱা খতি কৰা নাই। পঢ়াশালিলৈ যাওঁতে কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ আগে দি যাব লাগে। গতিকে, স্কুললৈ যোৱা-অহা কৰোঁতে কমলে লাহৰীক সদায় দেখে। কিন্তু, দেখে আৰু চায়, ইমানেই হে; তাত বাজে কমলৰ অন্তৰত আন একো ভাব নাই।

পঢ়াশালিত থকা সময়ত বাজে, কমলক তেওঁৰ দেউতাক আৰু আইতাকৰ চিন্তাই বিমোৰ কৰি থয়; আন কথাই তেওঁৰ মনত অলপো ঠাই নাপায়। লাহৰীয়েও কমলক সদায় দেখে। কিন্তু, পঢ়া-লৰা পঢ়িবলৈ যায়, ইমানকে মাথোন কমলৰ বিষয়ে লাহৰীৰ মনত ঠাই পায়। লাহৰী কমলৰে সৈতে অলাপ-পৰিচয়ো নাই। কাৰণ, কমলে আন লৰাৰ দৰে লাহৰীহঁতৰ পুখুৰীপাৰত ফুৰিবলৈকো নাহে। তথাপি, কেতিয়াবা কমল পঢ়াশালিলৈ যাওঁতে, বা তাৰপৰা আহোঁতে পদূলিমূৰত বা ভঁৰালৰ আগত দুইৰো দেখাদেখি হলে, মাত-বোল নহয় যদিও, দুইকো দুয়ো একেঠৰে অলপ পৰলৈ চাই নাথাকি নোৱাৰে।

এই দৰেই ভালেমান দিন পাৰ হল, তথাপি কমল আৰু লাহৰীৰ মাজত মাত-বোল নাই। কিন্তু, পাচলৈ স্বভাৱতে দুইকো দুয়ো অলপ হেঁপাহৰ চকুৰে চোৱাচুই কৰা হল; চকুৱেচকুৱে চাই থাকোঁতে দুয়ো কেতিয়াবা চঁক্ পাই উঠা যেন হল। এতিয়া লাহৰীৰ বয়স ৯ বছৰ আৰু কমলৰ বয়স ১৪ বছৰ। এনে কোমল বয়সত এই দুটি প্ৰাণীৰ অন্তৰত কিবা প্ৰণয় বা প্ৰেমৰ ভাব উপজিছিল নে? উপজিছিল যদি, সি নো কি প্ৰণয়? কেনে প্ৰেম? লাহৰীৰ সাদৰী-প্ৰেম নে, কমলৰ কোমল-প্ৰেম? প্ৰকৃতপক্ষে ই প্ৰেম হলেও, প্ৰণয় নহয়; —অময়া প্ৰেমৰ আভাস মাখোন।

এই আভাসত স্বাৰ্থৰ ছয়াটিও নাই, আছে মাথোন এটি স্বভাৱৰ মিলন-টান৷ লাহৰীক নো লাগিছে কি? তেওঁৰ কি নাই, তাতে তেওঁ কমলৰপৰা কিবা আশা কৰিব? আৰু, কমলেও আইতাক দেউতাকক হেৰুৱালে বুলিও, কৃষ্ণৰাম গোহাঞি জীয়াই থাকোঁতে তেওঁৰ কিহৰ নাটনি পৰিছে যে, লাহৰীৰপৰা কিবা পাবলৈ তেওঁ আশা কৰিব!কিন্তু,তাৰ ভিতৰতো এফেৰি স্বাৰ্থ আছে। সেই স্বাৰ্থ নো কি?—সেই স্বাৰ্থ ইটিয়ে সিটিক হেঁপাহেৰে চাবলৈ আশা কৰা নিস্পৃহ আসক্তি। সেই স্বাভাৱিক ভাব এতিয়া ইচ্ছাত পৰিণত হবলৈ ধৰিছে। সেই ইচ্ছাৰ সোঁতত গা এৰি দি, ইটিয়ে সিটিক চাই থাকিবলৈ ভাল পায় কাৰণে, দুয়ো সদায় চায় আৰু যায়। ইচ্ছাটি দিনে দিনে বলৱতী হৈ আহিল।

পাছলৈ কমল পঢ়াশালিলৈ আহিবৰ সময় হলেই লাহৰীয়ে পদূলিত বা ভঁৰালৰ আগত থিয় দি বাটলৈ চাই থাকেগৈ। কমলেও আগৰ শোক-বেজাৰ পাহৰি বাটত লাহৰীক দেখিবলৈ পোৱাৰ আশাতে পঢ়াশালিলৈ উলাহিত হৈ আহে; আৰু পঢ়াশালিৰপৰা যাওঁতেও উৰুলীকৃত হৈ সেই ঠাই পায়গৈ। কিন্তু, এতিয়াও লাহৰী-কমলৰ ভিতৰত মাত-বোল হোৱা নাই। মাতিবলৈ আন্তৰিক ইচ্ছা দুইৰো প্ৰৱল; দুইৰো প্ৰাণত ভাবৰ উগুল-থুগুল, কিন্তু মুখত কথা ফুটি নোলায়!

এই দৰে অলপ দিন যোৱাৰ পাচত, এদিন কীৰ্ত্তিনাথ গোহাঞিদেৱে আজৰি পাই পঢ়াশালি চাবৰ মন কৰিলে। পিচে, সাজ-পাৰ পিন্ধি ওলাই আহোঁতেই বাটতে পাই লাহৰীয়েও লগ ধৰিলে। বাপেক-জীয়েক দুয়ো হাতত ধৰাধৰিকৈ পঢ়াশালি সোমালগৈ। পঢ়াশালিত সোমোৱা মাত্ৰকে প্ৰথমেই লাহৰী আৰু কমলে দুয়ো এবাৰ চকু-চোৱাচুই কৰি ততালিকে আকৌ দুয়ো দুফালে চকু ঘূৰালে। এই কথা লাহৰী আৰু কমলৰ ভিতৰত হে যি জনাজনি হল, আন কেৱে তাৰ তৎ ধৰিব নোৱাৰিলে।

তাৰ পাচত, লাহৰীৰ দেউতাকে এটা-এটাকৈ লৰাবিলাকৰ পঢ়া লবলৈ ধৰিলে। সেই দৰে ছটা কি সাতোটামান লৰাৰ পঢ়া লৈ এঁতাই কমললৈ তেওঁৰ চকু পৰিল। কমললৈ চাই তেওঁ অলপমান পৰ ঠমক্ খাই ৰৈ আছিল। তাৰ পাচত, কমলক কিতাপে সৈতে ওচৰলৈ চাপি আহিবলৈ কোৱাত,কমলে ততালিকে তেওঁৰ আগত থিয় দিলেহি। দেউতাকৰ বাওঁহাতেই লাহৰীও থিয় দি আছিল। লাহৰীৰ সমুখত কমলৰ পৰীক্ষা হল। পঢ়িবলৈ কোৱা মাত্ৰকে কমলে এনে খল্‌খলাই পঢ়িবলৈ ধৰিলে যে, কীৰ্ত্তিনাথ গোহাঞিয়ে শুনি বৰ সন্তোষ পালে; আৰু পণ্ডিত, ছাতৰ সকলোৰে আগত কমলক নথৈ শলাগিবলৈ ধৰিলে।

তাৰ পাচত, কমলৰ নাম সোধাত, তেওঁৰ হৈ পণ্ডিত কৈ দিলে। তাৰ পাচে, কমলৰ ঘৰ-বাৰীৰ কথা সোধাত, হঠাত কমলৰ শলাগনিত ফুলি উঠা মুখখনি ম্লান পৰি গল। তথাপি, সেই কথা দুনাই সোধাত, কমলে কৃষ্ণৰাম গোহাঞিৰ ঘৰৰ কথাকে কৈ থলে। কীৰ্ত্তিনাথ গোহাঞিয়ে কমলৰ গঢ়-গতি, কথা-বাৰ্ত্তা সকলো গুৰিৰেপৰা মন কৰি আছিল ৷ তেওঁ কমলৰ সম্বন্ধে পাচেকৈ কৃষ্ণৰাম গােহাঞিক মাতি আনি সুধিবলৈ মনে মনে স্থিৰ কৰি, ঘৰলৈ আহিবলৈ উঠিল; আৰু আহিবৰ সময়ত কমলক ঘৰলৈ উলটি যাওঁতে,তেওঁৰ ঘৰত সােমাই যাবলৈ কৈ আহিল।

লাহৰীয়ে পঢ়াশালিত কমলৰ বিষয়ে হোৱা কথা-বাৰ্ত্তালৈ মন কৰি আছিল। ঘৰলৈ আহি আৰু সেই দিনা তেওঁ দেউতাকৰ লগ নেৰিলে। কীৰ্ত্তিনাথ গোহাঞিয়ে চ’ৰাঘৰতে লাহৰীক কোলাত লৈ বহি আছে, এনেতে কমল ওলালহি। দেউতাকতকৈ আগেয়েই কমল লাহৰীৰ চকুত পৰিল; দেখিয়েই লাহৰীয়ে লাহেকৈ কোলাৰপৰা নামি দেউতাকৰ বাওঁফালে খিয় দি ৰল। কমলক সুধিব লগীয়া কথা বিশেষ একো নাছিল; কিন্তু কীৰ্ত্তিনাথ গােহাঞিয়ে যেই-সেই লৰা-ছোৱালীৰ স্বভাৱ-চৰিত্ৰ ভাল দেখিয়েই তেওঁৰ ঘৰলৈ মাতি আনি সেই দৰে মৰম কৰে।

কমল আহি থিয় হলত,তেওঁক দুই-চাইটা মৰম-লগা কথা সুধি, কীৰ্ত্তিনাথ গােহাঞিয়ে লাহৰীক কলে, “আই, কমলক আইতাকৰ ওচৰলৈ লৈ যােৱাঁ, জলপান খাবলৈ দিয়াগৈ।” লাহৰীলৈ ইয়াতকৈ আৰু আনন্দৰ বিষয় কি হব পাৰে! লাহৰীয়ে দেউতাকৰ অনুমতি পােৱা মাত্ৰকে আগ বাঢ়ি গৈ কমলৰ হাতত ধৰি, “আঁহা কমল” বুলি ভিতৰলৈ মাতি লৈ গল। কমলে আজিলৈকে আনৰ ঘৰত কেতিয়াও একো খোৱা নাছিল। এতিয়াও নাখাওঁ বুলিবৰ, বা আন কিবা কাৰণ দেখুৱাবৰ ইচ্ছা আছিল; কিন্তু লাহৰী-লতাৰ কৰবান্ধনত তেওঁ বন্দী হল।

লাহৰীয়ে হাতত ধৰা মাত্ৰকে কমল অপোন-পাহৰা হৈ পমি যোৱা যেন হল। নাখাওঁ বুলিবলৈ তেওঁ সত নোযোৱা হল। তাৰ পাচত, ভিতৰলৈ নি আইতাকৰ ওচৰত জলপান খুৱাই, লাহৰীয়ে আকৌ কমলক হাতত ধৰি পুখুৰীৰ পাৰত ফুৰিবলৈ লৈ গল। কমলে আগেয়ে, আগৰ ঘৰত থাকোঁতেও, এনে ধুনীয়া ফুলনিপৰীয়া পুখুৰী দেখা নাছিল। আজি কীৰ্ত্তিনাথ গোহাঞিৰ পুখুৰীপাৰৰ ফুলনিত সোমাই কমলৰ মনত আনন্দে নধৰা হল। কিন্তু, অকল সেই ফুলনি দেখিয়েই কমলে মনে মনে এনে সুখ অনুভৱ কৰিছিল নে? —নহয়,আজি কমলে তেওঁৰ চেনেহৰ বস্তু, সেই ফুলনিৰ ফুলকুৱঁৰী লাহৰীৰ হাতত ধৰি ফুলনিৰ মাজে মাজে ফুৰিবলৈ পাই হে সেই সুখত আপোন-পাহৰা হৈছে ৷

তেওঁৰ মানত এই দুখৰ পৃথিবীকে সুখৰ স্বৰ্গ যেন লাগিছে। এই ভাৱে হাতত ধৰাধৰিকৈ লৰালি কথা-বাৰ্ত্তাৰে সৈতে দুয়ো পুখুৰীৰ চাৰিও পাৰে ফুৰিবলৈ ধৰিলে। এনে জক্‌মকীয়া ফুলনিত এই দুটি প্ৰাণীক এনেকৈ হাতত ধৰাধৰিকৈ ফুৰি থাকোঁতে দেখিলে, বাটৰ বাটৰুৱায়ো বাট বুলিবলৈ পাহৰি যায়! যেয়ে এবাৰ চায়, তেওঁ আৰু সতকাই চকু ঘূৰাব নোৱাৰে। এই দৰে ফুৰি থাকোঁতেই সদায় ফুৰিবলৈ অহা গাঁৱৰ আন লৰা-ছোৱালীবিলাকো আহি পুখুৰীপাৰৰ ফুলনি ভৰি পৰিল। তাৰ পাচত, লাহৰীয়ে কমলৰ হাতত ধৰি পুখুৰীৰ চাৰিও পাৰে আকৌ এবাৰ ফুৰি, প্ৰত্যেক জুপিৰে এপাহী-দুপাহীকৈ ফুল তুলি লৈ, দুয়ো পাণৰ মাহী আদিৰে বেৰি থোৱা সুন্দৰ জোপা এটিৰ মাজত বহি মালা গাঁথিবলৈ ধৰিলে।

তললৈ মূৰ কৰি দুই হাতে মালা গাঁথি থাকোঁতে লাহৰীয়ে এবাৰ দেখিলে যে, কমলে নিটাল মাৰি একেঠৰে মালা গঁথাকে চাই আছে। তেতিয়াই লাহৰীৰ মনত কি যে এটা ভাব আহিল, তেওঁ হাতৰপৰা আধা-গঁথা মালা মাটিত থৈ কমলৰ হাতখনি দুই হাতৰ মাজত লৈ মোহাৰি মোহাৰি কবলৈ ধৰিলে,“কমল! তুমি কি ভাবিছাঁ? চোৱাচোন, সৌবিলাক লৰা-ছোৱালী ইয়াত ফুৰিবলৈ সদায় আহে; তুমি হে নাহাঁ।” কমলে কি উত্তৰ দিব ! — কমল যে কমলত নাই।

লাহৰীৰ কোমল হাতৰ মাজত হাত ৰাখিবলৈ পাই কমলৰ কোমল প্ৰাণ যে পমি গৈছে! পিচে, কি কব, কি নকব, একো স্থিৰ কৰিব নোৱাৰি কাঠৰ পুতলাটিৰ দৰে একে ঠৰে তেওঁ লাহৰীৰ মুখলৈ চায়ে ৰল! তাৰ পাচত, সংজ্ঞা পোৱা দি পাই কমলে চঁক্ খাই উঠি কবলৈ ধৰিলে,“লাহৰি, মই নো কি ভাবিছোঁ, কি ক’ম? এই সময়ত কি ভাবিছিলোঁ কব নোৱাৰোঁ যদিও, আন সময়ত কি ভাবি থাকোঁ, সেই কথা কবলৈ বহুত পৰ লাগিব। আজিলৈ আৰু সেইবোৰ একো নকওঁ। লাহৰি, মই এনেই হে নহাকৈ আছিলোঁ; আজিৰপৰা বাৰু সদায় আহিম দেই।”

লাহৰী ৷—সদায় আহিবা নে কমল! সদায় আহিবাঁ দেই। তুমি পঢ়াশালিৰপৰা আহিবৰ সময় হলে, মই সদায় জলপান সজাই থম দেই।

কমল ৷—লাহৰি ৷ মোলৈ সদায় ইয়াত জলপান সজাই থৈ তুমি দুখ পাব নালাগে; মই পঢ়াশালিৰপৰা বাজে বাজে ঘৰলৈ গৈ জলপান খাই বেগতে ইয়ালৈ আহিমগৈ দেই। মোলৈ আইতাই ঘৰত জলপান সজাই থয়; ঘৰত নাখালে আকৌ আইতাই বেজাৰ কৰিব নহয়। বেয়া নাপাবাঁ দেই !

লাহৰী ৷—(মুখখনি অলপ আমোলাই) বেয়া নাপাওঁ বাৰু। তুমি সদায় আহিবা নে? সদায় আহিবাঁ দেই, কমল।”

কমল ৷—অ,লাহৰি,তুমি বেয়া পাইছাঁ? মই সদায় নাখাওঁ হে বুলিছোঁ; মাজে মাজে ইয়াতো খামহি। আৰু,মই সদায় আহিম। লাহৰি। মই পঢ়াশালিৰপৰা আহোঁতে তোমাক সদায় দেখোঁ; মনতে মাতিম মাতিম যেন লাগে। আৰু, দুদিনমান মাতিবলৈ চিপিয়াইছিলোঁ, মাতিব হে নোৱাৰিলোঁ।

লাহৰী।—(হাঁহি হাঁহি) “এৰা, মোৰো সদায় মাতিম মাতিম যেন লাগে, পিচে মাতিব হে নোৱাৰোঁ! অ, আজি পিচে মতামতি হল নহয়!” এই বুলি দুয়ো ঢেক্‌ঢেকাই হাঁহিবলৈ ধৰিলে। তাৰ পাচত, গধূলি হোৱা যেন দেখি, লাহৰীয়ে আকৌ মালা গাঁথিবলৈ ধৰিলে। তেওঁ দুধাৰ মালা গাঁথি এধাৰ আপুনি পিন্ধিলে, ইধাৰ কমলৰ কণ্ঠত পিন্ধাই দিলে।

অহঃ, কি যে মনমোহা দৃশ্য!—আজিয়েই কমলক লাহৰীয়ে মালা পিন্ধাই বৰিলে নে কি!—নহয়, আজি লাহৰীয়ে কমলৰ প্ৰাণত অময়া প্ৰেমৰ আবেগেৰে উলাহ হে লগালে! আজিৰপৰা কমল লাহৰীৰ মায়াত মেৰ খালে! আজিৰপৰা কমলে লাহৰীক পাই সকলো পাহৰিব পৰা হল ! তাৰ পাচত, দুয়ো হাতত ধৰাধৰিকৈ থিয় দিলে৷ অহঃ, কিনো মোহন যুগলমূৰ্ত্তি! গোপ-গোপিনীবিলাকে ইফালৰপৰা সিফাললৈ বিহাৰ কৰি ফুৰিছে; ৰাধা-কুঞ্জৰ মাজত ৰাধা-কৃষ্ণ !!

*********************

ষষ্ঠ আধ্যা- ধনবৰ বৰগোহাঞি

পাঠকৰ মনত থাকিব পায়, শূলধৰ বৰগোহাঞিৰ পুতেক ধনবৰ বৰগোহাঞিৰ কথা আমি আগতে অলপ উনুকিয়াই আহিছোঁ; এতিয়া আমি তেওঁৰ ৰূপ, গুণ আৰু স্বভাৱ-চৰিত্ৰৰ কথা অলপ কওঁ ৷ ধনবৰৰ বয়স এতিয়া চৈধ্য বছৰত সোমাইছেহি। লৰাটি মিঠাবৰণীয়া,— দেখিবলৈ বৰ বিষম নহয়। শকত-আৱতলৈ চাই, থোলোকা পাৰটোৰ দৰে; পোন্ধৰ-ষোলবছৰীয়া লৰা যেন দেখি। ধনবৰৰ মুখখনি চকলামুৱা, নাকটি খঁৰা আৰু দুই চকুৰ মাজত চেপেটা; সেইখিনিত নাকৰ চিন্ নাই বুলিলেই হয়।

চকু দুটি শল মাছৰ চকুৰ দৰে সৰু-সৰু আৰু ৰঙা। লেৰুৱা ওঁঠখন দু-আঙ্গুলমান বহল; সদায় তামোলৰ ৰঙেৰে ৰাঙ্গলী। আগদাঁত কেইটি উচলা আৰু তলৰ দাঁতপাৰি বেৰীয়া-গজা; মুখ জঁপালে ওঁঠ দুখনে দাঁত ঢাকিব নোৱাৰে, আগদাঁত ওলাই থাকে। বৰকৈ চেপি ধৰিলে ঢাক খায়; কিন্তু মুখখনি হে মলুৱাটিৰ দৰে হৈ পৰে।

সেই কাৰণেই, তেওঁৰ মুখৰপৰা সদায় মিচিকিয়া হাঁহি নুগুচে। কাণ দুখনি মেকুৰীৰ কাণৰ দৰে নিচেই সৰু সৰু; নিলগৰপৰা চালে, আছে নে নাই তত ধৰিবলৈকে টান। চুলিখিনি ঠিক গাহৰীৰ গল্‌ধনৰ ওপৰৰ থিয় নোমখিনি চালে চাবই নালাগে। ডিঙ্গিটি কাছৰ দৰে; কোঁচ্‌মোচ্, খাই বহি থাকিলে কানতে-মূৰ-লগা যেন দেখি, ফেঁটী সাপৰ দৰে ওপৰলৈ মূৰ তুলি ধৰিলে তেও অলপ ডিঙ্গি যেন দেখি। পেটটি কড়িৰ গুৰিৰেপৰা ধেনু-ভিৰীয়া; চুৰিয়া পিন্ধোতে ওপৰলৈ উজাই পিন্ধিলে কড়িৰ গুৰি পায়গৈ আৰু তিৰোতাই বুকুত মেখেলা পিন্ধাৰ দৰে হয়, তললৈ নমাই পিন্ধিলে আকৌ নাইৰ তলত থাকেগৈ।

গাৰ ফালে চাই নালাগে, বাদু ওলমি পৰিছে! কাপোৰ-কানি পিন্ধাৰ বিষয়েও সৰহ কব লগা নাই, তেওঁৰ গাত কেতিয়াও তিনি ডুখৰি কাপোৰতকৈ সৰহ নাথাকে। চুৰিয়াখনি পিন্ধাৰ ফালে পেটৰ ৰূপ বৰ্ণাওঁতেই বুজিব। বাকী, ⸺একানে গাৰিদিয়া চেলেং এডোখৰ; আৰু কঁকালত তামোলৰ গামোছাখনি। গামোছাখনিয়ে জানিবা আৰু এটি উপকাৰ কৰে;সেয়ে নহলে চুৰিয়া নৰয়! তাৰ পাচত, গুণৰ কথা অলপ কওঁ। তালৈকো এটা লেঠা এই যে, সেই বিষয়ে কবলৈ হলে, প্ৰথমে মানুহটি মাতে-কথায় কেনে, তাক জানিব লাগে।

কিন্তু, তেওঁৰ মুখৰপৰা দেখোন মাত-কথা শুনাই টান; কথা পাতিবলৈ ধৰিলে মানুহক মুখৰ থুইৰে বুৰাই দিয়ে। তাতে আকৌ কেঁচা ধঁপাতেৰে তামোল এমোকাৰা সদায় মুখৰপৰা নুগুচে। গতিকে, সেই ছোৱা এৰিয়েই দিব লগীয়া হল। কথা পাতিব নোৱাৰি সেই ছোৱা এৰি দিয়া গল যদিও, আন-আন গুণৰ কথাকে অলপ কোৱা যাওক। ধনবৰৰ বুদ্ধিটি জানিবা এটি ভোটা-বেজী; এইখিনিতে কথা এটি শুনিলে, সেইখিনিতে আকৌ সেইটো তেনেই পাহৰিলেগৈ।

বছেৰেকমানেও পণ্ডিতে চেকনিৰে পিঠিৰ ছাল ছিঙ্গিও ক-খ খনকে মুখত অনাব নোৱাৰিলে। তাৰ ভিতৰতে, ক-খ নৌ শিকোঁতেই, তেওঁ দহখনমান কিতাপ ফালিলে। পঢ়িব নোৱাৰি পণ্ডিতক ভুৱা দিয়া বিচক্ষণ বুদ্ধিটি চাওক, ⸺ যি কেইটা আখৰ মনত নৰয়, সেই কেইটা চিকুটি ফালি পেলাই দি, পণ্ডিতক কয় “মোৰ কিতাপতেই নাই, কেনেকৈ পঢ়িম?” পণ্ডিতৰ মাৰ খাই খাই দগা গৰুৰ দৰে মাৰলৈ আৰু কটাহি নকৰা হল।

সদায় মই বৰ, মই ধনী মানুহৰ লৰা, মোৰ দেউতাক সকলোৱে মান কৰে, এনেবোৰ গণ্ডপ্-মৰা ভাব লৈয়ে ধনবৰ গঙ্গাটোপৰ দৰে ওফন্দি ফুৰে। দয়া,ক্ষমা, নম্ৰতা এনেবোৰ গুণৰ কোনো এটিলৈকে তেওঁৰ বহল হৃদয়ৰ এচুকতো ঠাই নাই। দুখীয়া, নিচলা, মগনীয়া মানুহ দেখিলে তেওঁ উগ্ৰমূৰ্ত্তি ধৰে। ঘৰলৈ কোনো মগনীয়া-খোজনীয়া আহিলে, ধনবৰে লগুৱা লগাই তাক ততালিকে পদূলিৰ বাজ কৰাই দিয়ে। তেওঁৰ প্ৰতাপত গৰু, ছাগলী, আন কি ডালৰ চৰাই-চিৰ্‌কতিয়েও কঁপি থাকে।

ঘৰত থকাখিনিপৰত গৰু-ছাগলীয়ে বাৰীৰ চাৰিসীমাৰ ভিতৰলৈ ঠুঁটিয়াবৰ সাধ্য নাই। কেতিয়াবা কোনো গৰু বা ছাগলী বাৰীৰ ভিতৰত দেখা পালে, সেই গৰু-ছাগলীৰ আৰু সেই দিনা শৰাধ! ধনবৰ বৰমতাই হালোৱা এছাৰিৰ কোবত তাৰ পিঠি দমলা-দমল কৰে; আৰু তাৰ পাচত বান্ধি লৈ, চকুত বিহ জলকীয়া ভাঙ্গি দি, ঠেং এটামান খোৰা কৰি এৰি দিয়ে। ভদ্ৰতাৰ বিষয়ে ওপৰতে উনুকিয়া হৈছে; সদায় মইবৰ ভাবতে ওফন্দি থাকে। কোনো বুঢ়া বা বয়সীয়া মানুহে তেওঁৰ অত্যাচাৰ সহিব নোৱাৰি ভাল কথাৰে দুই-চাইটা উপদেশ দিব খুজিলে, ধনবৰে জাঁপ মাৰি ওপৰতে পৰিব খোজে।

মাক-বাপেকৰ তো কথাকে নকওঁ; ভালেই হওক বা বেয়াই হওক, তেওঁবিলাকৰ মুখ বজাবৰ সাধ্য নাই। কিন্তু, আনবিলাকক যিমানেই যি কৰক, কীৰ্ত্তিনাথ গোহাঞিক ধনবৰে এফেৰি মান কৰে; আৰু তেওঁ কিবা কথা কলে অলপ কান পাতি শুনে। আন কি, কেতিয়াবা কিবা দুষ্টালি কৰি থাকোঁতে কীৰ্ত্তিনাথ গোহাঞিয়ে দেখা পালে, ধনবৰ বোপা সেই ফালেই ঠৰ্ হয় আৰু ততালিকে তেওঁ এনে গহীন আৰু শান্ত হৈ পৰে, যেন লৰাই সেই বিষয়ে একোকে কবই নোৱাৰে; তেনেটি নম্ৰ, ধীৰ আৰু শান্ত লৰা যেন আৰু পাবলৈকে নাই।

বাস্তৱতে, ধনবৰ যেনে শকত-আৱত লৰা, দুষ্টালি কামত নেদেখিলে, মানুহে কেতিয়াও তেওঁক দুষ্ট বুলি ভাবিব নোৱাৰে। তাৰ পাচত, স্বভাৱ-চৰিত্ৰৰ বিষয়ে অলপ কবলৈ আছে। এই বিষয়ে বহলাই নকলেও, ওপৰত দিয়া চানেকি চায়ে অনুমান কৰিব পাৰি। প্ৰথমে,দিনটোৰ ভিতৰত কাৰ ক’ত হানি কৰিব, কাক মাৰিব, কাক কিলাব, কাক ডকা দিব, কাক জগৰ লগাব, কাক জোকাব এইবিলাকেই হৈছে তেওঁৰ প্ৰধান চিন্তা। দিনটোৰ ভিতৰত নো ক’ত কিমান জগৰ লগাব, কিমান চুবুৰীয়াই মাক-বাপেকৰ ওচৰত গোচৰ দিবহি, তাৰ সীমা-সংখ্যা নাই।

সকলোৱে ডাঙৰ মানুহৰ লৰা বুলি সহি থাকে। ধেমালি কৰা লৰাৰ ভিতৰতো তেওঁক কোনেও লগ দিব নোখোজে। কিন্তু লগ দিব নুখুজিলে বা হব কি?—যি কেইটাই লগ দিবলৈ আপত্তি কৰিব সিহঁতক মাৰি কিলাই খেদি দি তেওঁ বলেৰে দলত সোমাই লয়। গাঁৱৰ বোৱাৰী-জীয়াৰীয়ে ধনবৰক দেখিলে ওলাবলৈ ভয় কৰে। দেউতাকে বেয়া পায় বুলি মাথোন কোনেও একো নকয়।

এই গতিৰেই চলি সদৌশেহত ধনবৰ কিছুমান দুষ্ট মানুহৰ সঙ্গত পৰিল! ধনবৰক অলপ উচটাই হে দিব লাগে, তেওঁ একেবাৰে জাঁপ মাৰি মূধৰ ছালত উঠেগৈ। সেই দুষ্ট সঙ্গত পৰি লাহে লাহে ডেকাই ভাং-কানিতো মাজে-সময়ে ধৰা হল। দুষ্ট মানুহবোৰে নিজৰ সুবিধা লাভৰ নিমিত্তে ধনবৰক ভাং-কানি খাবলৈ বৰকৈ উচটাবলৈ ধৰিলে।

সিহঁতে কয়, “বোপা দেউতা ৷ আপোনাৰ নো কি নাইকিয়া হৈছে? ৰামদেউৰ কিৰ্‌পাত,আপোনাৰ সকলো আছে। আপোনাৰ পিতাকৰ ইমান ধন-সম্পত্তি নো কোনে খাব; এই দৰে অলপ সুখ নকৰিলে নো জীৱন ধৰাৰ সকাম কি?” এনেকুৱা উদগনি পালে ধনবৰে যেন স্বৰ্গ ঢুকি পায়। এই শলাগনি ফেৰিৰ নিমিত্তেই তেওঁ মাজে-সময়ে সিহঁতক ঘৰৰপৰা চুৰ কৰি নি দুই-চাৰি টকা যি পাৰে দিয়েগৈ। আৰু, এনেবিলাক মানুহৰে সৈতে হলে ধনবৰৰ বৰ মিল।

এই দৰেই কিছুকাল গল। এদিন সেই কানীয়া-ভকতসকলে ধনবৰক লৈ ভালকৈ কানিৰ খোলাত বহিবৰ মন কৰিলে। ধনবৰক সেই প্ৰস্তাৱ শুনোৱা মাত্ৰকে,তেওঁ ঘৰলৈ গৈ যি পাৰে দহ-বাৰ টকা আনি কানীয়া ভকতসকলক শোধালেহি। কানীয়া ভকতসকলৰ মহা আনন্দ মিলিল৷ লৰালৰিকৈ যথাসময়ত পাণৰ চাকি যুগুত কৰা হল। এজনে গৈ চকুৰ টিপতে ঘৰৰপৰা ধনবৰক মাতি আনিলে। তাৰ পাচত,পাণৰ চাকি মাজতে লৈ, চাৰিপিনে চাৰি সিদ্ধ বহি, এপাশে ধনবৰ বোপা-দেউতাক দুতৰপীয়া কঠ এটাৰ ওপৰত বহুৱাই লৈ, পাণৰ চাকি পুৰিবলৈ আৰম্ভ কৰিলে৷ টিকিৰা পোৰাৰ লগে লগে কানীয়া-সত্ৰৰ মেল আৰম্ভ হল। যথা,—

১ম,কানীয়া ।—(দীঘলকৈ টান এটা মাৰি, ভলুকা বাঁহৰ হোঁকাটো ২য়, কানীয়াৰ হাতলৈ দি, কথাত মুখৰ ধোঁৱা উৰাই) “কোৱাঁ, আল্‌পতি, কোঁৱা কোঁৱা। আজি তেও বোপা-দেউতাৰ কিৰ্‌পাত্, উকেৰে পাণ চাকি পুৰি লোৱাঁ।”

২য়,কানীয়া ।—(আঙ্গঠাডোখৰ জোকাৰি জোকাৰি) “এৰা,ৰামদেউৰ অনুগ্ৰহত কিন্তু, বোপা-দেউতাৰ মূৰৰ চুলিৰ সমান কিন্তু আয়ুষ হক।”

৩য়,কানীয়া ।—(হাত লেচাৰি লেচাৰি) “নহয় বান্ধ, তাৰ-পৰা-তাপেনে-নামেনে, বোপা-দেউতাই ভাল ছোৱালী এটা পাওক।”

৪ৰ্থ,কানীয়া ।—(৩য়, কানীয়াৰ গাত ঠেলা এটা মাৰি) “থোৱাঁ হে মিতা, তাৰ-পৰিণামে, তুমিও বৰ কথাটো, তাৰ পৰিণামে, বিচাৰি পালাগৈ! কৃষ্ণদেৱক চিন্তি, তাৰ-পৰিণামে, বোপা-দেউতাৰ নো ছোৱালীৰ,তা ৰ-পৰিণামে, কি একাল লাগিছে।”

১ম,কানীয়া ৷—(ধোঁৱা এঢোকা পেটলৈ গিলি} “মই চাওঁতে অলে, লাৱৰী আইদেউৰেই বোপা-দেউতাৰ বাল যোৰা মিলিব।”

৩য়,কানীয়া ৷— “অ’,বোপা-দেউতাক,তাৰ-পৰা-তাপেনে-নামেনে,বৰকৈ নুখুৱাবিহঁক। বোপাদেউতা, তাৰ-পৰা-তাপেনে-নামেনে, লৰা মানুহ; তাৰ-পৰা-তাপেনে-নামেনে, গাত বৰকৈ ধৰিব।”

২য়,কানীয়া ।—“এৰা, কিন্তু, ৰামদেউৰ অনুগ্ৰহত, বোপা-দেউতাই, কিন্তু, বৰকৈ খোৱা নাই।”

ধনবৰ ।—“হয়,ককাইহঁত,মই বৰকৈ খোৱা নাই। ঘৰত গৈ টলং-ভটং কৰিলে জানিব নহয়; সেই দেখি, মই গা চাই হে খাইছোঁ।”

৪ৰ্থ, কানীয়া৷—“তহঁতো, তাৰ-পৰিণামে, কিন্তু, ভাল আৰু! বোপা-দেউতাক,তাৰ-পৰিণামে, আমাৰ দুখীয়া ভেবা লৰাৰ নিচিনা, তাৰ-পৰিণামে, দেখিছ নে? কৃষ্ণদেৱক চিন্তি, বোপা-দেউতাক, তাৰ-পৰিণামে, আমি কি বুজনি দিবৰ লায়েক।”

২য়, কানীয়া ৷—(ভাল কথকি বোলাই) “নহয়, কিন্তু, কথাটো হে—”

এনেতে, শূলধৰ বৰগোহাঞিৰ প্ৰৱেশ ! তেওঁক মনে মনে কোনোবাই সম্ভেদ্ দিলেগৈ। শূলধৰ বৰগোহাঞিয়ে, সোধপোছ নাই, পোনেই সোমায়েই হাতৰ লাখুটীৰে সৈতে উধামুধাকৈ যাকে য’তে পালে, তাকে ত’তে টঙ্গনিয়াবলৈ ধৰিলে। কানীয়াহঁতে যেয়ে যেনিয়ে পাৰিলে, দুৱাৰ-বাৰ ভাঙ্গি পলাই-পত্ৰং মাৰিলে। ধনবৰ বোপা কিন্তু সবাত্‌কৈ আগ।

তাৰ পাচত, শূলধৰ বৰগোহাঞিয়ে ঘৰলৈ আহি পুতেকক ডাবি-হুঁকি দি, সেই দুষ্ট মানুহবোৰক আঁতৰ কৰাবৰ নিমিত্তে কীৰ্ত্তিনাথ গোহাঞিদেৱৰে সৈতে পৰামৰ্শ কৰিবলৈ স্থিৰ কৰিলে। ধনবৰে এই কথা শুনি দেউতাকক কাকূতি কৰি, কীৰ্ত্তিনাথ গোহাঞিক এই কথা নজনাবলৈ টানি ধৰিলেহি। তেৱোঁ মান্তি হল। গতিকে, কীৰ্ত্তিনাথ গোহাঞিয়ে ধনবৰ বোপাৰ কানী-খোলাত বহাৰ বিষয়ে একো সম্ভেদ্ নাপালে। কীৰ্ত্তিনাথ গোহাঞিয়ে ইমান দিনে ধনবৰৰ সম্বন্ধে একো বেয়া কথা শুনা নাই; মুঠতে তেওঁ ধনবৰক শান্ত আৰু বৰ সজ স্বভাৱৰ লৰা বুলি হে জানে ৷

*********************

সপ্তম আধ্যা- লাহৰী-কমল

আমি, ছেগ বুজি, আকৌ লাহৰী-কমলৰ ওচৰলৈ যাওঁ। সেই দিনা ফুলনিত লাহৰীয়ে কমলক প্ৰথম অময়া প্ৰেমৰ আবেগেৰে মোহ লগাবৰেপৰা লাহে লাহে দিনো বাঢ়ি আহিছে আৰু তাৰ লগে লগে সেই মোহ ক্ৰমাৎ ডাঠ্ হৈ আহিবলৈ ধৰিছে। লাহৰীয়ে অকল কমলক মোহ লগাই,তেওঁক নিজৰ ইচ্ছা মতে টনাঢিলোৱা কৰি ৰং চোৱা নাই, ⸺লাহৰীয়ে সেই দিনাই নিজৰ ডিঙ্গিতো সেই মোহৰ ফাঁহ লগাই কমলৰ ডিঙ্গিত আঁটি দিছে। সেই গাঁঠি ক্ৰমাৎ দৃঢ় হৈছে বুলিও, সি চোঁচনী-গাঁঠি হে; টানিলেই চোঁচা খায় আৰু এৰি দিলেই ঢিলা হৈ পৰে।

এতিয়া দুয়ো ওচৰা-উচৰি হৈ আছেমানে একো বিপদৰ আশঙ্কা নাই। কিন্তু, এটিৰ পৰা আনটিয়ে আঁতৰি যাব লগাত পৰিলে, বা কোনোবা শতুৰুৱে বলেৰে ধৰি দুইকো দুফালে আঁতৰাই নিব লাগিলে, এটিও নাবাঁচে; টেঁটু-চেপা লাগি দুইটি দুফালে হানি হব ! অহঃ শতৰুৱেই হল লাগে, এনে দুটি প্ৰাণীৰ অন্ত পেলাবলৈ নো কাৰোবাৰ সত যাব নে? কাৰ নো এনে শিলাময় হিয়া আছে যে, এনে দুটি সুন্দৰ মূৰ্ত্তিক দেখি অলপো নপমিব? যি এনে নিকৰুণ কাম কৰিবলৈ আগ বাঢ়িব, সি যে নিয়ন্তাৰ ওচৰত ঘোৰ অপৰাধত অপৰাধী হব। সৃষ্টিকৰ্তাই যে এই দুটি প্ৰাণীক স্ৰজোঁতে বহু পৰিশ্ৰম কৰিলে; আৰু বহু কষ্ট সহিলে ৷

আৰু, শতৰু হবলৈকো, লাহৰী-কমলে নো কাক কি কৰিছে? ⸺কাক নো কেতিয়া আমনি কৰিছে? লাহৰী-কমলে দেখোন কাৰো ঘৰলৈ নাযায়, কাকো এটা বঢ়া-বচন নোবোলে, কাকো বেজাৰ পোৱা কথা এটি নকয়, কাৰো লগত কন্দল নকৰে, কাৰো কেতিয়াও অহিত নিচিন্তে। বৰঞ্চ, সিবিলাকে দুখীয়াৰ দুখত পুতৌ কৰে, নিচলাৰ শোকত শোক কৰে, বেজাৰ কৰা মানুহৰ লগত বেজাৰ কৰে; আৰু পৰাখিনিত তেনে দুখ, শোক আৰু বেজাৰ গুচাবলৈ হে যত্ন কৰে।

তেন্তে নো এই পৃথিবীত লাহৰী-কমলৰ কোন্ শত্ৰু আছে? ⸺নাই, এই জগতত লাহৰী-কমলৰ শত্ৰু নাই ! কমল হেন এটি সুন্দৰ উঘা ভাঙ্গোতাও নাই আৰু সেই উঘাত মেৰ খাই থকা নিৰ্ম্মল প্ৰেমৰ লাহৰী-সূতা ছিঙ্গোতাও নাই। আমি তেন্তে লাহৰী-কমলৰ বিপদৰ ভাবনা এৰি পেলাওঁ। তেওঁবিলাকে নিজৰ ইচ্ছামতে যিমান পাৰে সিমান আগুৱাওক; তেওঁবিলাকে সেই অময়া প্ৰেমৰ মোহ যিমান পাৰে, সিমান ডাঠ্ কৰোক, তাত আমাৰ অকণো ভাবনা নাই।

 যেই-সেই কথাতে কমল বৰ থিৰ। পঢ়াশালিত নাম লগাবৰেপৰা কমলে যেনেকৈ এদিনো পঢ়াশালিলৈ যোৱা খতি কৰা নাই, লাহৰীৰ ওচৰত “সদায় আহিম” বুলি কোৱা দিনৰেপৰা লাহৰীহঁতৰ ঘৰলৈকো তেওঁ এদিনো নহাকৈ থকা নাই। লাহৰী-কমলৰ নিতৌ নতুন ভাব,নতুন কথা, নতুন উলাহ। এনে কোমল বয়সত নো লাহৰী-কমলে কেনেকৈ ইমান নতুন ভাব, নতুন কথা লৈ নিতে নিতে নতুন ভাৱে উমলিব জানিছিল, তাক সহজে বুজা টান।

তাৰ কাৰণ হৈছে, প্ৰেমে যেই-সেই মানুহৰে মন-প্ৰাণ প্ৰেম-কথা প্ৰেম-ভাবেৰে সাৰুৱা কৰি থয়। যি প্ৰকৃততে আৰু সৰল ভাৱে নিস্বাৰ্থ প্ৰেমত পৰে; সি আৰু তেনে প্ৰেম-কথা প্ৰেম-ভাব বিচাৰিবৰো আৱশ্যক নকৰে আৰু কাৰো ওচৰত তেনে কখা, তেনে ভাব শিকিবও নালাগে। অকৃত্ৰিম আৰু নিস্বাৰ্থ প্ৰেমৰ এয়ে বিশেষত্ব। যি জনে সঁচাকৈয়ে এনে অময়া-প্ৰেমত পৰে, তেওঁক প্ৰেম-দেবীয়ে জয়ে-জয়ে আদৰেৰে ইয়াকে হে বঁটা দিয়ে।

কিন্তু, যি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰেম কৰে, যি ভালপোৱা পাবৰ আশাৰে ভালপোৱা দিয়ে, যি নিজৰ উদ্দেশ্য সিদ্ধিৰ নিমিত্তে সঁচায়-মিছায় বাৰবুৰি কথা জুকিয়াই লয়, বা আনৰপৰা শিকি লয়, তেনে কৃত্ৰিম প্ৰেমিকৰ প্ৰেমালাপ সীমাবদ্ধ। তেনে প্ৰেমিকৰ হিয়া উদং, তেনে প্ৰেম দুদিনীয়া আৰু তাৰ পৰিণাম সততে শোচনীয়। তেনে প্ৰেমক কৃত্ৰিম আৰু স্বাৰ্থপৰ প্ৰেম বোলা যায়। মনৰ মিল আৰু প্ৰাণৰ মিলনে লাহৰী-কমলৰ দিনে দিনে তেনে নতুন ভাব, নতুন কথা, নতুন লাহ-বিলাহ ভাল পৰিমাণে বঢ়াবলৈ ধৰিলে।

দিন বাগৰি সপ্তাহত পৰিল, সপ্তাহ বাগৰি মাহত পৰিল, মাহ বাগৰি বছৰত পৰিল; আৰু তেনে বছৰো কেইবাটাও পাৰ হল। এতিয়াও নিতে নিতে নতুন ভাব, নতুন লাহ-বিলাহ! বছৰৰ লগে লগে আমাৰ লাহৰী-কমলৰ বয়সো বাঢ়িল; এতিয়া লাহৰীৰ বয়স পোন্ধৰ বছৰত আৰু কমলৰ বয়স কুৰি বছৰত সোমাইছেহি। আৰু, বয়সৰ লগে লগে প্ৰণয়ৰ মোহ ক্ৰমাৎ ডাঠ্ হবলৈ ধৰিছে। কথা-বাৰ্ত্তা, ভাব-গতি সকলো আগতকৈ ৰসাল আৰু সাৰুৱা হৈ আহিছে। বয়স-বাৰিষা পাই পবিত্ৰ প্ৰেম-নৈৰ মিলন সোঁতে খৰতৰ গতি ধৰিছে।

 এই দৰে সদায় পৱিত্ৰ প্ৰেম-নৈৰ নিৰ্ম্মল পানীৰ সোঁতত ভাহিবলৈ পাই লাহৰী-কমলৰ সুন্দৰ মূৰ্ত্তি দিনে দিনে দুগুণ জেউতিৰে ফুলি আহিবলৈ ধৰিলে। ইটিৰ ৰূপত সিটিয়ে, সিটিৰ ৰূপত ইটিয়ে মোহ গৈ বিভোল হবলৈ ধৰিলে। আন কি, এই দুটি প্ৰাণীক একেলগে দেখিলে, ছমহীয়া ৰোগীয়েও বিষম ৰোগৰ মৰ্ম্মান্তিক যন্ত্ৰণা পাহৰি এবাৰ মূৰ দাঙ্গি চাব খুজিব। দুইটিকে পুখুৰীপাৰৰ জোপাৰ মাজত বহি প্ৰেমালাপ কৰা দেখিলে, মহা প্ৰেমিক ডালৰ কপৌ-কপৌৱনীয়েও নিজৰ প্ৰেমক হেয় জ্ঞান কৰি ঈৰ্ষা ভাৱে চাব।

ইমান দিনে নো কত প্ৰকাৰৰ কত প্ৰেমালাপ হৈ গল, তাৰ সীমা-সংখ্যা নাই। মুঠতে, কবলৈ গলে, লাহৰী-কমলৰ অন্তৰৰ প্ৰেম-নিজৰা পৃথিবীৰ নাগফুটা নিজৰাৰ দৰে অক্ষয়। আন কি, সেইবাবে আজৰিৰ অভাৱত কমলে ইমান দিনেও লাহৰীক নিজৰ ঘৰৰ কথা আৰু বিপদৰ কাহিনীও ভালকৈ ভাঙ্গিপাতি কবলৈ ছেগ পোৱা নাই। ইয়াৰ ভিতৰতে এদিন লাহৰী-কমল দুয়ো আন দিনৰ দৰে পুখুৰী-পাৰত ফুলনিৰ মাজে মাজে ফুৰি কথা পাতি ফুৰিছে, এনেতে গাঁৱৰ আন লৰা-ছোৱালী আহি উপস্থিত।

লাহৰী-কমল পুখুৰীৰ সিপাৰে আছিল। তেওঁবিলাকে লৰা-ছোৱালীবিলাকৰ ওচৰলৈ ঘূৰি আহোঁতে পুখুৰীৰ মাজত ফুলি থকা পদুম এপাহীত লাহৰীৰ চকু পৰিল। লৰাবিলাকৰ ওচৰ চাপিলত লাহৰীয়ে ফুলপাহ আনি দিবলৈ ইটো-সিটোক খাটনি কৰিবলৈ ধৰিলে। সিহঁতৰ ভিতৰতে আমাৰ ধনবৰো আছিল। ধনবৰে তেওঁৰ গাত এনেটি কামৰ ভাৰ পৰে বুলি, ছেগ বুজি, নুশুনাৰ ভাৱ জুৰি, আঁতৰি আঁতৰি পুখুৰীৰ সিপাৰ পালেগৈ। বাকী লৰাবিলাকৰ ভিতৰত কোনোৱে “সাঁতৰিব নেজানোঁ”, কোনোৱে ‘চুৰিয়া তিতিব’, কোনোৱে ‘গধূলি পানীত তিতিলে আইয়ে খং কৰিব’ এনেবোৰ আপত্তি কৰি কোনো ফুল আনিবলৈ নোলাল।

পিচে, লাহৰীয়ে অসন্তোষ মনেৰে কমলৰ ফালে চালে। কমলে ততালিকে গাৰ চোলাটি সোলোকাই লাহৰীৰ হাতত দি, সাঁতৰ মেলি গৈ, এটি কলিৰে সৈতে ফুলপাহ ছিঙ্গি লৈ, আকৌ এহতীয়া সাঁতৰ দি পাৰ উঠিলহি; আৰু হাঁহি হাঁহি ফুলপাহ কলিটিৰে সৈতে লাহৰীৰ হাতত দিলেহি। পিচ-মূহূৰ্ততে লাহৰী-কমল আনন্দত সেই ফুলৰ দৰেই ফুলি উঠিল! কমলে আজি “কছাৰি-ৰণত” জিকি অহা হলেও ইমান আনন্দ আৰু গৌৰৱ ৱোধ নকৰিলেহেঁতেন কি জানি।

লাহৰীৰ অপাঙ্গত আনন্দাশ্ৰু চল্‌চলীয়া হৈ উঠিল! কমলৰো সেই একে আবেগতে মন-প্ৰাণ বিগলি পৰিল! কিন্তু, কমল আৰু সৰহ পৰ ৰব নোৱাৰিলে, বেগাবেগিকৈ তিতা কাপোৰ সলাবলৈ ঘৰলৈ যাব লগা হল। কমল ঘৰলৈ গল, কিন্তু তেওঁৰ চেনেহৰ চিন্, —তেওঁ পৰম উলাহেৰে পানীৰপৰা তুলি আনি দিয়া কমল-কলি-ফুল লাহৰীৰ হাততে ৰল। লাহৰীয়ে চকুৰে দেখালৈকে পিচৰপৰা কমলক একেঠৰে চাই আছিল; নেদেখা হলত, হাতৰ ফুল-কলিকে ঘনে ঘনে সুঙ্গিবলৈ ধৰিলে।

কলিটি আৰু ফুলটি তেওঁ যিমান বাৰ সুঙ্গে, সিমানবাৰ কমলৰ সৌৰভে লাহৰীৰ হিয়া আমোলমোল্ কৰে; কলিটিক যিমানবাৰ তেওঁ চুমা দিয়ে, সিমানবাৰ কমলৰ ভাবেৰে লাহৰীৰ অন্তৰ ভৰপূৰ হয়। আজি ফুলটিৰ ভাগ্য যে, কমলৰ কোমল হাতেৰে ছিঙ্গা পৰিল; নহলে লাহৰীৰ জেতুলীপকা যেন ওঁঠৰ অমিয়া পান কৰিবলৈ সি নাপালেহেঁতেন। কলিটিৰ সৌভাগ্য যে, আজি সি লাহৰীৰ হাতত কমলৰ উপহাৰ হবলৈ পালে; নহলে এই জন্মত তাৰ ইমান গৌৰৱ নাবাঢ়িলেহেঁতেন।

দেহি ঐ, লাহৰীয়ে যেন ফুলটি হাতৰপৰা নেৰিবই! পদুম কলিটি যেন লাহৰীৰ অন্তৰঙ্গ হে, —সি আঁতৰিলেই যেন বুকুৰ উত্তমাঙ্গ সৰি পৰে! সঁচাকৈয়ে, পিচদিনা আকৌ কমলৰে সৈতে মিলন নোহোৱালৈকে পদুম কলিটি লাহৰীৰ বুকুৰ ধন হৈয়ে আছিল। বুকুতে ফুলি তাৰ এপাহি সৰিলেই যেন লাহৰীৰ হিয়াৰ এচিকটা এৰাই যায়! পাহীটি লেৰেলিলে যেন লাহৰীৰ প্ৰাণটিও অন্তৰতে শুকাই যায়!

 পিচদিনা আবেলিপৰত ফুলপাহ আঁচলৰ আগত মেলি লৈ পুখুৰীপাৰত লাহৰী বহি আছে, এনেতে পিচফালৰপৰা কোনোবাই মনে-মনে লাহৰীৰ চকু দুটি মুদাই ধৰিলেহি। লাহৰী পোনেই উচাপ্ খাই উঠিছিল, পিচে পিচমুহূৰ্ততে সেই মনচোৰৰ আঙ্গুলি কিটিৰ পৰশন অনুভৱ কৰি, লাহৰীয়ে আনন্দত খল্‌খলাই হাঁহি উঠি কবলৈ ধৰিলে, “বুজিছোঁ, কমল, কমল”৷ কমলে চাঁত্‌কৰে হাত-এৰা দি সুধিলে, “কেনেকৈ বুজিলাঁ মই বুলি লাহৰী?”  লাহৰী।—এনেকৈয়ে বুজিলোঁ। আঙুলিকিটিৰ উমানতে ধৰিলোঁ। দেখা পোৱা হলে নাই, দেই।

 কমল।—উমানতে নো কেনেকৈ ধৰিলাঁ মই বুলি?

 লাহৰী।—তেনেকৈয়ে ধৰিলোঁ। তোমাৰ আঙ্গুলিকিটি চুই মই উমানতে কব পাৰোঁ নহয়, তুমি বুলি।

 কমল।—(অলপ পৰ লাহৰীৰ মুখলৈ মোহ লাগি চাই থাকি) ময়ো বুজোঁ, লাহৰি, তোমাৰ মুখখনি চায়ে তোমাৰ অন্তৰখনি বুজোঁ! পিচে, তুমিচোন কালিৰ সেই লেৰেলা ফুলপাহকে লৈ আছাঁ? নতুন এপাহ লাগে নেকি? আনি দিম নে?

 লাহৰী।—নালাগে কমল, নালাগে আনিবগৈ।

 সেই বুলি কমলৰ মুখলৈ চাওঁতেই লাহৰীৰ চকু চল্‌চলীয়া হৈ উঠিল। নিমিষতে দুগালে দুধাৰি মুকুতা-পানী ববলৈ ধৰিলে। কমলে দেখি বিতত্ হৈ সুধিলে, “কিয়, লাহৰি! কিয় কান্দিছাঁ?” লাহৰীয়ে ততালিকে উত্তৰ দিলে, “নাই কন্দা, কমল! এনেয়ে চকু-পানী ওলায় দেখোন?” কমলে আকৌ সুধিলে,“এইটো ফুল লেৰেলিছে; আন এটা আনি দিওঁ, দেই?” লাহৰীয়ে উত্তৰ দিলে, “নালাগে, কমল, আবেলি-বেলিকা তোমাক এইদৰে তিতি জুৰুলি হোৱা দেখিবলৈ মই ভাল নাপাওঁ। এই লেৰেলা ফুলটিয়েই তুমি নহালৈকে মোৰ মানত সৌ নতুনকৈ ফুলি থকা কেইটাতকৈয়ো তেজা হে আছিল। অ, কমল, তুমি নো এনেকৈ সাঁতৰিবলৈ কেতিয়া শিকিলাঁ?

  সেই প্ৰশ্ন শুনি কমলে অলপ জিকাৰ খাই উঠি লাহৰীৰ মুখৰ ফালে চাই ঠৰ্ হৈ ৰল; আৰু পিচ-মুহূৰ্ত্ততে বিষাদ ডাৱৰে কমলৰ মুখ-চন্দ্ৰ ঢাকি পেলালে! সেই মুহূৰ্ত্তৰ কাৰণে ফুলনিত লাহৰী-পোহৰ নাইকিয়া হল! তাৰ পাচত, কমলে লাহৰীক বিচূৰ্ত্তি হোৱা যেন দেখি,এটি দীঘল হুমুনিয়াহ কাঢ়ি কবলৈ ধৰিলে, “লাহৰি! এই সাঁতৰ মই আমাৰ আগৰ ঘৰতে শিকা; ইয়াকে নজনা হলে, মই সেই বৰনৈত নাও বুৰি তললৈ যোৱাৰ পৰা আকৌ ওলাব নোৱাৰিলোহেঁতেন।

আৰু লাহৰি। এই সাঁতৰ নজনাহলে, কালি তোমাক পুখুৰীৰ মাজৰপৰা পদুম ফুল-কলি আনি দি, আজি মোৰ সকলো দুখ পাহৰিব পৰা অতুল সুখৰ গৰাকী হব নোৱাৰিলোঁহেঁতেন।” এই কথা কৈয়ে কমল আকৌ হাঁহিমুৱা হল। তাৰ পাচত, লাহে লাহে কমলে হৈ-যোৱা ঘটনাৰ গুৰিৰেপৰা কবলৈ লাগিলে, লাহৰীয়ে কমলৰ মুখলৈ চাই একান্ত মনেৰে শুনিবলৈ লাগিলে। প্ৰথমে কমলৰ দেউতাক, আইতাক আৰু তেওঁৰ লৰাকালৰ কথা কৈ যাওঁতে লাহৰীয়ে আনন্দ মিচিকি মিচিকি হাঁহি আছিল।

তাৰ পাচত, বুঢ়াগোহাঞি ডাঙৰীয়াৰ অত্যাচাৰৰেপৰা কমল পামপুৰলৈ অহালৈকে, এই ডোখৰ বৰ্ণাওঁতে লাহৰীয়ে চকু-লো টুকি তত্ নাপাইছিল। বিবৃতি ওৰ পৰিলত, লাহৰীয়ে কমলৰ হাতখনি নিজৰ দুই হাতৰ মাজত সুমাই লৈ মোহাৰি মোহাৰি কবলৈ ধৰিলে, “কমল! এতিয়াৰপৰা আৰু তুমি সেইবোৰ কথা মনত পেলাই বেজাৰ নকৰিবাঁ দেই; মোৰে শপত, কমল, বেজাৰ নকৰিবাঁ দেই। কমল! তোমাক বেজাৰ কৰা দেখিলে মোৰো দেখোন বেজাৰ লাগে! কমল! মোৰ কথাত পতিয়ন যোৱাঁ, যদি, মই সঁচা কথা কৈছোঁ।”

  কমল।—“লাহৰি! তোমাৰ কথাত পতিয়ন যোৱাৰ কথা কৈছা নে? তোমাৰ কথা নপতিয়াবলৈ মই ন কৈ শিকিলে হে হব! মোৰ কথাও যদি পতিওঁৱা, লাহৰি! মই সঁচাকৈয়ে কৈছোঁ, তোমাৰে সৈতে প্ৰথম কথা-পাতিবৰ দিনৰেপৰা মই সকলো বেজাৰ পাহৰিলোঁ।” কমলৰ সেই কথাত উৰুলীকৃত হৈ দুয়ো হাঁহিবলৈ ধৰিলে। তাৰ পাচত, তাৰপৰা উঠি দুয়ো ফুলনিৰ মাজে মাজে ফুৰিবলৈ ধৰিলে। অহঃ, লাহৰী-কমল বৰ দৃঢ়ৰূপে বান্ধ খালে।

কমল-গছ পাই লাহৰী-লতাই একাঙ্গুল ফাঁক নথকাকৈ মেৰালে! এতিয়া গছ বা লতাত ধৰি আঁজুৰিলেও বান্ধ এৰুৱাবৰ সাধ্য নাই। কমল-গছ যে আন আম-কঁঠাল গছৰ দৰে টান নহয়,—নিচেই কোমল; লাহৰী-লতাই পাই হে মট্‌মটীয়াকৈ থৈছে। এই লতাডালি এৰুৱাব খোজোঁতেই কোমল পানী-গছ থুনুৰাই ভাগিব! আৰু, লতাডালিও আন লেটেকা লতাৰ দৰে নহয়; পানীত থকা লাহৰী-লতা, নিচেই কোমল কোমল কমল-গছ পাই হে লাহৰী-লতাই মেৰাবকে পাৰিছে; এৰুৱাৰ খোজোঁতেই লতা উৱঁলি যাব!

*********************

অষ্টম আধ্যা- বিয়াৰ মন্ত্ৰণা

পোন্ধৰ বছৰ পাৰ হৈ লাহৰীৰ বয়স এতিয়া ষোল বছৰত সোমালহি। লাহৰীৰ আৰু এতিয়া আগৰ দৰে গাঁৱৰ লৰা-ছোৱালীৰে সৈতে পুখুৰীপাৰৰ ফুলনিত ফুৰি উমলিবৰ দিন নাই। লাহৰীৰ আৰু এতিয়া তেওঁৰ প্ৰাণৰ প্ৰাণ মৰমৰ কমলৰে সৈতে হাতত ধৰা-ধৰিকৈ ফুলনিৰ মাজে মাজে ফুৰি নানা তৰহৰ নিতে ন-ন কথা পাতি আনন্দ উপভোগ কৰাৰ দিনো নাই। লাহৰী এতিয়া ভিতৰ-বাৰীত ফুলি থকা এপাহী গোন্ধত আমোল্‌মোল্ গোলাপ ফুল। লাহৰী এতিয়া বুলনিঘৰত আৰি থোৱা সজাৰ এটি মইনা পখী। লাহৰী এতিয়া পুখুৰীপাৰৰ ফুলনিত বিৰহিনী ৰাধিকা।

কিন্তু, আনন্দময়ী লাহৰীৰ ইমানতো অপাৰ আনন্দ! দেউতাক আৰু আইতাকে ভাল পোৱা কাম কৰাত লাহৰীৰ অকণো আপত্তি নাই। লাহৰীয়ে ভিতৰ-বাৰীত ফুলিও, যাক গোন্ধ বিলাব লাগে, তাৰেপৰা বিলাইছে। লাহৰীয়ে বুলনিঘৰত আৰি থোৱা সজাৰ মইনা চৰাই হৈয়ো, যাক মইনা-মাত শুনাব লাগে, তাৰেপৰা শুনাইছে। লাহৰীয়ে পুখুৰীপাৰৰ ফুলনিত বিৰহিনী ৰাধিকা হৈয়ো, হৃদয়-মন্দিৰত ধ্যানত প্ৰাণৰ কমল কৃষ্ণ-ধনক লগ পাইছে। লাহৰীক নো তেন্তে আৰু লাগিছে কি? লাহৰীয়ে আৰু ইয়াৰ ওপৰঞ্চি একো নিবিচাৰে। ইয়াকে পালেই লাহৰী সদায় সন্তুষ্ট।

লাহৰীয়ে, দেউতাক আৰু আইতাকৰ ইচ্ছা-বিৰোধী হলে, এই ফেৰা সুখৰপৰাও নিজকে নিজে বঞ্চিত কৰিব পাৰে। লাহৰীয়ে, দেউতাক আৰু আইতাকৰ আজ্ঞা পালে,তেওঁবিলাকক সন্তোষ দিবলৈ নিজৰ জীৱন পৰ্য্যন্ত উছৰ্গা কৰিব পাৰে। ইমান দিনে লাহৰীয়ে দেউতাক বা আইতাকৰ এটিমান কথা পেলাইছে বুলি কোনেও কব নোৱাৰে; দেউতাক বা আইতাকে যেতিয়াই যি কয়, লাহৰীয়ে সেই কাম তেতিয়াই হৰিষ্ চিতেৰে কৰে।

সৰহ কোৱাৰ সকাম নাই, কোনোবা সৰু পাঠক-পাঠিকাই যদি মাক-বাপেকৰ কথা শুনিবলৈ বা সদায় মাক-বাপেকৰ বাধ্য থাকিবলৈ শিকিব খোজে,তেন্তে তেওঁ লাহৰীৰ চলন-ফুৰণ আৰু আচাৰ-ব্যৱহাৰলৈ একাণপতীয়া হৈ চাওক। অহঃ। সেই বুলি, সেই কমল-গছৰ গাৰপৰা এই লাহৰী-লতাডালি এৰুৱাৰৰ কাৰবাৰ নকৰিবাহঁক। সেই বুলি, সেই লাহৰী-কমল দুটি সুন্দৰ উঘাত মেৰ খাই থকা দুডালি পৱিত্ৰ প্ৰেম-সূতা ছিঙ্গিবলৈ মন নেমেলিবাহঁক। তাৰপৰা যে তোমালোকৰ উদ্দেশ্য সিদ্ধি নহয়; অনাহকত সেই কোমল কমল-গছ জুপি আৰু লাহৰী-লতাডালি নাশ কৰা হব মাথোন, অবাবতে তেনে দুটি সুন্দৰ উঘা ভাঙ্গিব লগাত পৰিব৷

লাহৰী-লতা বৰ লাজকুৰীয়া; এৰুৱাওঁতে মৰ্ম্মান্তিক বেদনা পালেও তলৰ জিভা ওপৰ নকৰে, নিমাতী ভাৱেই উৱলি যাব! সেই দুগছি নিৰ্ম্মল প্ৰণয়-সূতা এগছি হৈ লাহৰী-কমল জীয়াই থাকেমানে অনন্ত; ছিঙ্গিবৰ মনেৰে মাজতে ধৰি টানি নিলে সি ওলাই গৈয়ে খাকিব। গতিকে, সূতাগছ এৰুৱাবলৈ হলে, উঘা দুটি নাভাঙ্গিলে নহব! এতেকে, এনে নিকৰুণ কাম কৰিবলৈ মন নেমেলিবাহঁক। এনে নিঠুৰ কেতিয়াও নহবাঁহঁক। কেৱে কেতিয়াও এই দুটি প্ৰাণীলৈ ঈৰ্ষা ভাৱে নাচাবাহঁক।

এই দৰেই আজি দুবছৰ পাৰ হৈ গল। ইমান দিনে লাহৰীয়ে দুখ কাক বোলে, শোক কাক বোলে, একো কব নোৱাৰিছিল। ইমান দিন লাহৰী সকলোৰে ওচৰত আলসুৱা থাকি সকলো কথাতে সুখত আছিল। আজি লাহৰীৰ সেই সুখৰ আগত বিধি-পথালি। আজি লাহৰীৰ সেই সুগম পথত কোনোবা শতুৰুৱে মনে মনে বিঘিনিৰ কাঁইট্ পুতিলেহি৷ আজি লাহৰীৰ নিৰ্ম্মল সূখ-আকাশত লাহে লাহে বিপদ-ডাৱৰে দেখা দিছেহি। লাহৰীয়ে এতিয়াও ওপৰলৈ চকু মেলি চোৱা নাই এথোন; কিন্তু, সৰহ পৰ নাই, অলপতে চাবই লাগিব, অলপতে সেই ডাৱৰৰ ঘোৰ মূৰ্তি দেখা পাব।

লৰা-ছোৱালী যিমানেই ডাঙৰ হল লাগে, মাক-বাপেকৰ মানত তথাপি কেঁচুৱা। লাহৰীৰ দেউতাক আৰু আইতাকেও সেই বয়সলৈকে লাহৰীক কথা-নজনা কেঁচুৱা ছোৱালীটি যেন ভাবি আছিল। কিন্তু, পাচলৈ সিবিলাকে দেখিলে যে, সেই দৰে সৰু-সৰু বুলি আওকণীয়াকৈ থাকিবৰ আৰু সময় নাই; কোনো এটি সজ পাত্ৰত ছোৱালীটি গতাবৰ সময় পালেহি। কীৰ্ত্তিনাথ গোহাঞিয়ে এই কথা কেইবাদিনৰেপৰা ভাবি আছিল; ভাৰ্য্যাৰে সৈতে আলচ পাতিবলৈ হে আজৰি পোৱা নাছিল।

পিচে, এদিন ৰাতি, ভাত পানী খাই লাহৰী শোৱাৰ পাচত, তেওঁ ছেগ বুজি ভাৰ্য্যাক কলে,“শুনিছা নে, আজি মই কেইবাদিনৰেপৰা তোমাক কথা এটা সোধোঁ সোধোঁকৈ সুধিবলৈ সুবিধা পোৱা নাই। লাহৰী শুলে নে? চোৱাচোন।” এই কথা কৈ তেওঁ তললৈ মূৰ কৰি আকৌ কিবা গুণিবলৈ ধৰিলে। লাহৰী শুলে নে নাই বুলি সোধোঁতেই ঘৈণীয়ে বুজি উঠিলে। তাৰ পাচত, তেওঁ লাহৰীৰ ফালে জুমি চাই, উত্তৰ দিলে, “লাহৰী নো ইমান পৰলৈ সাৰে থাকে নে? শুলে, কি কব খুজিছে কওক।”

কীৰ্তিনাথ। — “কি কব খুজিছোঁ, — বোলোঁ, এতিয়াও আওকণীয়া হৈ বহিয়ে থাকাঁ নে? ছোৱালীটি বিয়া দিয়াৰ বিষয়ে এটা উপায় কৰিব লাগিল নহয়? ষোল বছৰ হলহি। এতিয়া নিটাল মাৰি বহি থাকিলে আৰু গা নৰয়। ভাল লৰা এটি বিচাৰিব লাগিল। মই আজি তিন দিনমানৰপৰা ভাবি আছোঁ; একো স্থিৰ হে কৰিব পৰা নাই। তুমি নো কি উপায় কৰিব খোজাঁ, কোৱাচোন বাৰু।”

ঘৈণী। — “মই হে উপায় কৰিব লাগে! মই অপোনাতকৈ বহুত দেখিছোঁ, বহুত শুনিছোঁ আৰু সৰহ কথা জানোঁ নহয়? সেই কাৰণে, আপুনি একো স্থিৰ কৰিব নোৱাৰাত হবলা মই স্থিৰ কৰিব লাগে, নহয়? ময়ো আজি ভালেমান দিনৰেপৰা এই কথা মনতে পাঙ্গি আছোঁ; আপোনাক কোৱা হে নাই। তাৰ পাচত, এদিন কমল ⸺

কীৰ্তিনাথ -— “কি! কমলকে বিচাৰি পালাঁগৈ হবলা? বৰ ভাল উপায়কে কৰিলাঁ। কমলৰ আঁতি-গুৰিৰ কথা নাজানা হবলা? সেই দিন কৃষ্ণৰাম গোহাঞিক মতাই আনি নো মই কি সুধিছিলোঁ? কমল আমাৰ কোনো বিষয়াৰ ঘৰৰ লৰা নহয়; কৃষ্ণৰাম গোহাঞিৰ তোলনীয়া লৰা হে। কমল নো আচল ক’ৰ লৰা, কৃষ্ণৰাম গোহাঞিয়েও ভালকৈ কব নোৱাৰে। তেওঁ অনুমানত যিমানৰেপৰা কব পাৰে, তাৰপৰা আঁতিগুৰি একো ঠিক কৰিব নোৱাৰি। তধাপি, তেওঁ অনুমানত উজনিৰ কোনোবা বিষয়াৰ লৰা বুলি কয়।

কমলৰ ৰূপ, গুণ, স্বভাৱ-চৰিত্ৰ আদিলৈ চাই আমিও তাকে ভাবোঁ। কিন্তু, তাৰপৰা কি হব? মানুহে বুলিব কি? তদুপৰি, কমল হেনো কাঠ এভালৰ ওপৰত উঠি বৰনৈৰ মাজে মাজে উটি আহিছিল। এনে লৰাৰে সৈতে নো সম্বন্ধ ঘটাব পাৰি নে? কেৱল লোক-হাঁহিয়াত হে হব। কিনো বোলে, ‘উটি অহা লৰা।’ কমল সঁচাকৈয়ে উটি অহা লৰা। কমলৰ ৰূপ-গুণ স্বভাৱ-চৰিত্ৰ দেখি মোৰো তোমাৰ দৰেই ভাব হৈছিল। সঁচা কথা কবলৈ গলে, কমলৰ দৰে লৰাৰ শাহু-শহুৰ হবলৈ পোৱা বৰ ভাগ্যৰ কথা। মই সেই কাৰণেই কৃষ্ণৰাম গোহাঞিক মতাই আনি তলে তলে সকলো কথাৰ সম্ভেদ্ ললোঁ।

কিন্তু কি কৰিবাঁ, লোক নিন্দা সহাটো বৰ টান কথা। বিশেষতঃ, মতা মানুহৰ ৰূপ লৈ ভাবিবৰ সকাম কি? এতিয়া আমি যি কথাৰ আলচ পাতিব খুজিছোঁ, তালৈ হলে প্ৰথমে মানুহৰ আঁতিগুৰি বিচাৰিব লাগে, তাৰ পাচত তাৰ বৰ্ত্তমান অৱস্থালৈ চাব লাগে, লগতে লৰাটিৰ স্বভাৱ-চৰিত্ৰলৈকো ভালকৈ মন কৰিব লাগে। এতিয়া সৰহ কথা চোবাবৰ সকাম নাই। মোৰ মনেৰে হলে, আমাৰ শূলধৰ বৰগোহাঞিৰ পুতেকটিকে ঠিক কৰোঁ। নহলেতো আৰু নাই। আৰু নো ক’তা? আন লৰা কাকো নেদেখোঁ দেখোন। তুমি নো কেনে দেখা? লৰাটি দেখিবলৈ যেনে কি নহওক, তাৰ স্বভাৱ-চৰিত্ৰ বৰ বেয়া নহয় বুলি মোৰ বিশ্বাস।”

ঘৈণী।—“আপুনি হে বৰ ভাল উপায় কৰিলে। অ, বাছোঁতে বাছোঁতে গেলা-বৰালিত হাত পৰিলগৈ! সেই নাকটো এঠাইত, মুখখন এঠাইত,পেটুৱা ফেঁচাটোলৈ দি, মোৰ আইক জীয়া-জুইত পুৰি খাব খুজিছে নে? মই জীয়াই থাকোঁতে তেনে কথা কেতিয়াও হব নোৱাৰে। এ, হে, এনে নো ভাল স্বভাৱৰ লৰাটি বিচাৰি পালেগৈ; তেওঁৰ প্ৰতাপত গাঁৱৰ বোৱাৰী জীয়াৰী হে জানিবা ওলাব নোৱাৰে। আজি ৰাতিপুৱাও পূৰণৰ ঘৈণীয়েক তেওঁৰ গুণৰ কথা যি হয় কৈ গৈছেহি। আপুনি বাহিৰত ফুৰিও এইবোৰ কথাৰ সম্ভেদ নাপায়! ঘৰতে বুঢ়ী হলেও, মই সেই ফেঁচাটোলৈ মোৰ লাহৰীক কেতিয়াও নিদিওঁ।

আৰু, কমলৰ কথা যে কৈছিলোঁ, কমল যে অকল দেখিবলৈকে শুৱনি এনে নহয়, তেনে স্বভাৱৰ লৰা মই আজিলৈকে কতো দেখা নাই। কমলৰ আঁতিগুৰিৰ কথা যে কৈছে, সেইটো সঁচা হব পাৰে; কিন্তু, মই সিদিনা লাহৰীৰ মুখে শুনিলো, কমল বোলে মৰাণ-বুঢ়াগোহাঞি ফৈদৰ শান্তিৰাম গোহাঞি বৰুৱাৰ পুতেক। তেওঁ ৰুচিনাথ বুঢ়াগোহাঞিৰ অত্যাচাৰত ৰব নোৱাৰি নাৱেৰে ভটীয়াই আহিছিল; পিচে হেনো নাও বুৰি কোন্ কলৈ গল ঠিক নাইকিয়া হল।

এতেকে, লোকে যেই বোলক লাগে, আমিতো নিজে কমল সজ বংশৰ লৰা বুলি জানোঁ। তদুপৰি, কমলৰ প্ৰতি লাহৰীৰ কেনে ভাব হৈ উঠিছে, অপুনি একো বুজ নাপায়;মই ভালেমান দিনৰেপৰা মন কৰি আহিছোঁ। সৰুৰেপৰা দুইলৈ দুইৰো এনে আদৰ, এনে মৰম এনে চেনেহ যে, এটিৰ সলনি যেন আনটিয়ে মৰিব পাৰে। সিদিনা আপোনাৰ কথা মতেই লাহৰীক কমলৰে সৈতে কথা-বাৰ্ত্তা পাতিবলৈ হাক দিছোঁ। তাৰেপৰা ছোৱালীটিয়ে ভাত-পানী ভালকৈ খাবলৈ এৰিছে; সদায় শোক কৰি কৰি শুকাই গৈছে। এনে স্থলত কমলত বাজে আন কাৰোবাক পাত্ৰ স্থিৰ কৰিলে বৰ বিপদৰ আশঙ্কা। আমি লোকৰ—”

কীৰ্ত্তিনাথ -“স্থিৰ হোৱাঁ, অলপ দকৈ আকৌ এবাৰ ভাবি চোৱা ৷ তোমালোকে, তিৰোতা মানুহ বুলিয়েই নে কি, বাহিৰৰ গঞ্জনালৈ সিমান নাভাবাঁ। তুমি কমলৰ কথা যিবোৰ কৈছাঁ, সেইবোৰ সঁচা হবও পাৰে। কিন্তু তাক কোনে পতিয়াব? সঙ্কলোৱে মুখে মুখে কব,বোলে, সেই অমুকৰ ঘৰৰ ছোৱালীৰী নাম-গুৰি-নজনা উটি-অহা তোলনীয়া লৰা এটালৈ দিলে! তদুপৰি, গাঁৱৰ সৰু-বৰ সকলোৱে নিন্দাব। কোনো মানুহৰ সবাহ-বিয়া আদিলৈ গলেও, নাম-গুৰি নথকা লৰা বুলি পিচৰ শাৰীত হে ঠাই দিব৷ তেতিয়া নো মই কেনেকৈ সহিম? বাৰু,সেইটো মোৰ দুখ, মই সহিলোঁৱেই যেনিবা,তোমাৰ সেই আলসুৱা লাহৰীয়ে কৃষ্ণৰাম গোহাঞিৰ ঘৰত বোৱাৰী হৈ, ভূঁই-ৰোৱা, কঠীয়া-তোলা দেখি তুমি নো কেনেকৈ সহিবাঁ?

তোমাক মই বহুত কথাত জনা-বুজা গৃহিণী বুলি জানোঁ; আজিনো কিয় এনে অবুজন হৈছাঁ কব পৰা নাই। লাহৰী আৰু কমল দুইৰো প্ৰতি দুইৰো যি মৰম-চেনেহৰ কথা কৈছাঁ, তাৰপৰা আজি তোমাক মই নিচেই আজলী হে বুলিছোঁ; এনে বয়সত যাৰে-তাৰে লগত তেনে ভাব হব পাৰে। নহলেও, লৰা-ছোৱালীৰ কথামতে বাট বুলিবলৈ হলে আমাৰ মান-মৰ্য্যাদাৰ ফালে চকু মুদিব লগাত হে পৰিব।”

ঘৈণী।-“মই নো আৰু তেন্তে কি কম? আপোনাৰ যি ইচ্ছা তাকে কৰক। কিন্তু, শূলধৰ বৰগোহাঞিৰ পুতেক ধনবৰ পেটুৱালৈ লাহৰীক মোৰ এই প্ৰাণ থাকেমানে কেতিয়াও নিদিওঁ; আপুনি ধুৰুপ্ জানিব।”

কীৰ্ত্তিনাথ।—“বাৰু, একো কথা নাই, তোমাৰ কথাই কথা। পিচে,ধনবৰৰ বাহিৰে আন এটি লৰা বিচাৰি দিয়াঁ; মই হলে নাপালোঁ। আৰু লাহৰীক যদি এই পামপুৰৰপৰা বাজ কৰি ৰংপুৰ বা আন কোনো দূৰণি ঠাইলৈ দিয়াঁ, তাকে হলেও কোৱাঁ। পামপুৰ পাৰ হলেই, ভাল মানুহৰ ঘৰৰ ৰূপে-গুণে ভাল লৰা পাবলৈ বহুত দুখ কৰিব নালাগিব; ইয়াতে বহি থাকিয়েই মই তাৰ দিহা কৰিব পাৰিম।”

ঘৈণী।-“তেন্তে মোৰ আৰু কবলৈ একো নাই; আপুনি যেনে ভাল দেখে তাকে কৰক। আৰু, ময়ো আকৌ এবাৰ ভাবি-চিন্তি চাওঁ বাৰু।”

*********************

নৱম আধ্যা- বিৰহ

বছেৰেকৰ ছটা ঋতুৰ মাজত বসন্ত ঋতুৱেই সবাত্‌কৈ শুৱনি আৰু মনোহৰ। সেই কাৰণে, এই ঋতুকে ঋতুৰাজ বোলা যায়। এই ঋতু ফাগুণ মাহৰপৰা আৰম্ভ হৈ চ’ত মাহৰ সামৰণিলৈকে থাকে। সেই সময়তে প্ৰকৃতি দেবীয়ে নতুন সাজ পিন্ধি মনমোহা শোভা ধৰে। আৰু, ফাগুণ-চ’ত দুমাহ উলাহ মনেৰে নানা তৰহৰ ৰং-ধেমালি দেখুৱাই চ’তৰ শেহত পুৰণি বছৰক বিদায় দিয়াই লৈ যায় আৰু নতুন বছৰক আদৰি পঠিয়ায়গৈ। এই ঋতুত বনৰ চৰাই,পহু আৰু সকলো জীৱ-জন্তু মনৰ আনন্দত উলাহিত হৈ ফুৰে।

এই ঋতুত মানুহেও বছৰৰ দুখ-ভাগৰ সকলো পাহৰি মনৰ আনন্দত উধাও হৈ ফুৰে। আৰু, এই ঋতুত গছ-গছনিবোৰে নতুন পাত-চোত্ ধৰি সুন্দৰী স্বভাৱৰ মনমোহা শোভা আৰু মনোহৰ কৰে। এই সময়তে প্ৰকৃতিৰ ৰীতি-নীতি অনুসৰি ফুল-কুঁৱৰীয়েও নিজৰ ফুলনি সজাই জক্‌মকীয়া কৰে।— আজি সেই মনোময় ফাগুণ আৰু চ’তৰ দোমাহী। আজি সেই মনোময় বসন্ত ঋতুৰ ভৰপক্। আজি সেই বসন্ত ঋতুৰ সকলো শোভা যিমান বাঢ়িব পাৰে সিমান বাঢ়িছে। ইচ্ছাময়ৰ ইচ্ছা, প্ৰকৃতিৰ নিৰ্দ্দেশ; স্বভাৱৰ গতিক আৰু কোনে হকা-বধা কৰিব পাৰে !

গতিকে,কীৰ্ত্তিনাথ গোহাঞিৰ পুখুৰীপাৰৰ সুন্দৰ ফুলনিয়েও আজি মনোহৰ শোভা ধৰিছে। পুখুৰীৰ চাৰিও পাৰে নানা তৰহৰ ফুল ফুলি ফুলনি জক্‌মকীয়া হৈছে। জোপাৰ সৰু সৰু ধুনীয়া গছ-গছনিবোৰ নতুন কুঁহিপাত মেলি আৰু ৰঙা ৰঙা পাণৰ মাহীবোৰে কুমলীয়া পাত ধৰি সেই শোভাৰ অনুপম জেউতি চৰাইছে। মাজে মাজে সুমথিৰা টেঙ্গা একোজুপিয়ে দুটি-চাইটি ৰঙা ৰঙা সুম্‌থিৰাৰে সৈতে অতি বিতোপন শোভা ধৰিছে। তাতে, আবেলি-বেলিকা; পছিম ফালৰ ৰঙা ৰ’দ পৰি গছ, ফুল আটাইবোৰ হেঙ্গুলীয়াকৈ জক্‌মকীয়া কৰি তুলিছে।

দূৰৈৰপৰা চাই পঠিয়ালে এনে হে লাগে, যেন আন্ধাৰ-পোহৰৰ সন্মিলনত আলৌকিক নিয়মেৰে দীপান্বিতাৰ চাকি হে জলিছে! সৰহ পৰ চাই থাকি আন ফানে চকু ঘুৰালে গোটেইখন ধুঁৱলি-কুঁৱলী যেন লাগে। তদুপৰি, ৰিবৰিবীয়া মলয়া বতাহে গা-মন শাঁত কৰি নিছে। সেই অনুভৱত মন-প্ৰাণ পমি যোৱা দি গৈছে ! গোলাপ, মালতী, যুতি ইত্যাদি ফুলৰ গোন্ধ উৰি বাটৰুৱা মানুহৰো মন-প্ৰাণ শীতল কৰি তুলিছে।

পাঠক, এনে সুখৰ সময়ত এই ফুলনিৰ ফুলকুঁৱৰী আমাৰ শান্তিময়ী লাহৰীৰ ফালে চাওক। লাহৰীৰ কি হৈছে?—আজি দেখোন লাহৰীয়ে ফুলনিৰ এনে অনুপম শোভালৈকো পিঠে দিছে। আজি দেখোন এনে নিৰ্মল মলয়া বতাহতো লাহৰীৰ গাত চাটিফুটি লাগিছে। আজি দেখোন বাটৰ মানুহক মুগ্ধ কৰা ফুলৰ গোন্ধেও লাহৰীৰ ওচৰ চাপিব পৰা নাই। লাহৰীয়ে ইফালে-সিফালে হাত-ভৰি মাৰি চাটিফুটি কৰিব লাগিছে! চুলি তুলি মেলি লাহৰী বাউলীটি হৈছে।

কান্দোতে কান্দোতে পদুম ফুলৰ পাহি যেন চকুৰ পাহিয়ে কেঁহেৰাজৰ বৰণ ধৰিছে ! আজি নো আনন্দময়ী লাহৰীৰ এনে বিপৰীত দশা কিয়? আন দিন হে লাহৰীয়ে নুফুলা ফুলকো এটি চুমা দি আহেগৈ! আন দিনা যে লাহৰীয়ে ফুলনিত সোমায়েই ফুলৰ ওচৰে ওচৰে গোন্ধ বিচাৰি ফুৰে। আজি দেখোন বতাহী কটকীয়ে যাছি দিয়া গোন্ধকো লাহৰীয়ে নিলগাই পেলাইছে! আজি আৰু লাহৰীৰ মনত একোকে ভাল নালাগে; শোকে, বেজাৰে হেঁচা মাৰি ধৰি লাহৰীক তলৰপৰা ওপৰলৈ মূৰ তুলিব নোৱাৰা কৰিছে।

কেতিয়াবা অলপ মূৰ দাঙ্গি চাব খোজোঁতেই চাৰিওফালৰপৰা ফুলবোৰে গছে সৈতে হলাই আনি গাৰ ফালে হেন্দোলিয়াব দেখিলেই লাহৰীক শোকে খুন্দা মাৰি ধৰেহি, চকুৰ পানীয়ে ছাতি ধৰি একোকে নেদেখা কৰে। পাঠক! লাহৰীৰ চাটিফুটি আৰু বিষাদৰ কাৰণ কিবা বুজ পাইছে নে?—আজি লাহৰীৰ এনে কোমল প্ৰাণত বিৰহ-বতাহৰ আঘাত লাগিছে। আজি লাহৰীৰ বহুত দিনৰ আশাৰ বন্তি সেই বতাহত টিমিক্-ঢামাক্‌কৈ নুমাবলৈ ধৰিছে। সেই কাৰণে হে লাহৰীয়ে বিৰহৰ বিষম জঞ্জালত তৰণি নাপাই এনে চাটিফুটি কৰিছে। সেই দেখি হে লাহৰীয়ে জীৱন-বন্তি নুমোৱাৰ আশঙ্কাত বিমোৰ হৈছে।

 পাঠক! লাহৰীৰ পোন্ধৰ বছৰ পাৰ হৈ যাওঁতেই আগৰ দৰে আৰু বাহিৰত ওলাই ফুৰিবলৈ আইতাকে তেওঁক ভিতৰি হাক দিলে। তেতিয়াৰেপৰা পুখুৰীপাৰৰ ফুলনিত ফুৰিবলৈ গাৱঁৰ লৰা ছোৱালীবিলাকো আহিবলৈ এৰিলে। গতিকে, লাহৰীৰ মৰমৰ কমলো নহাত পৰিল। কিন্তু, সেই বাবে লাহৰীৰ একো বেজাৰ-অসন্তোষৰ কথা নাছিল। কিয়নো, লাহৰীয়ে জানিছিল যে, আইতাকে লাহৰীৰ বয়স চাই হে বাহিৰলৈ ওলাব দিয়া নাই। তাৰ পাছতো ভালেমান দিনলৈকে লাহৰীৰ একো বেজাৰ নাছিল। কিয়নো,লাহৰীয়ে যি উদ্দেশে বাহিৰলৈ ওলাব লগাত পৰে, সেই উদ্দেশ্য ঘৰৰ ভিতৰত থাকিলেও সিদ্ধি হয়।

কমলে সৰুৰেপৰা কীৰ্ত্তিনাথ গোহাঞিৰ ভিতৰলৈকে যায়, ভিতৰতে থাকেগৈ। লাহৰীৰ আইতাকেও কমলক এনে মৰম কৰিছিল যে, পাচলৈ কমলে জলপান খাবলৈ লাজ কৰক অন্ত, ভোক লাগিলেই নিজৰ মাকক খোজাদি খুজি খাবলৈ ধৰিলে। কমলেও লাহৰীৰ আইতাকক “আইতা” বুলিয়েই মাতিছিল; আৰু লাহৰীৰে সৈতে কমলে আইতাকৰ ওচৰত সততে ধেমালি কৰি থাকে। গতিকে, তেতিয়া লাহৰীৰ একো অভাৱ নাছিল।

আজি দিনচাৰেকৰপৰা মাখোন দেউতাকৰ আজ্ঞামতে লাহৰীৰ আইতাকে কমলক ভিতৰ সোমাবলৈ হাক দিছে। তেওঁ লাহৰীকো কৈ দিছে, কমলৰে সৈতে আগৰ দৰে কথাবাৰ্ত্তা নাপাতিবলৈ। পাঠক, ইয়াতকৈ নো আৰু লাহৰীক বেজাৰৰ কি ডাঙৰ কাৰণে পাব পাৰে! সেই আদেশ শুনা মাত্ৰকে লাহৰীক চাৰিওফালৰপৰা শোক, বেজাৰ আৰু বিপদৰ ভয়ঙ্কৰ মূৰ্ত্তিয়ে দেখা দিলেহি। সেই মুহূৰ্ত্তৰেপৰা আৰু দিনক দিনে লাহৰীৰ শোক, বেজাৰ আৰু বিপদ বাঢ়ি হে আহিবলৈ ধৰিছে।

যি লাহৰীয়ে কমলক সদায় চকুৰ আগতে পাবলৈ বিচাৰে, যি লাহৰীয়ে কমলক নেদেখাকৈ থাকিলে এপৰ বেলিকে এবছৰ যেন অনুভৱ কৰে, আজি ছদিন কমলক নেদেখাকৈ তেওঁ কেনেকৈ আছে! পঢ়াশালি ভাগিবৰ সময় হলেই, লাহৰীক বেজাৰে হেঁচি ধৰেহি, চকুৰ পানীয়ে বাট নেদেখা কৰে; আন উপায় নাপাই বাৰীৰ পিচফালে গৈ লাহৰীয়ে হেঁপাহ পলুৱাই কান্দি হে তৰণি পায়; তাৰ পাচত আৰু ঘৰত থাকিব নোৱাৰি পুখুৰীপাৰৰ ফুলনিত শোক-বেজাৰৰ দুৱাৰ মেলি দি একেবাৰে বাউলীটি হৈ বহি থাকেগৈ। হাঁয়, কালৰ কি বিচিত্ৰ গতি ! যি ফুলনি লাহৰীৰ সুখৰ ঠাই, সেই ফুলনি আজি এনে দুখৰ কাৰণ হৈ উঠিল; সেই ফুলনিত লাহৰী আজি এনে বাউলী হব লগাত পৰিল।

কিন্তু অকল সেয়ে নহয়, বিপদৰ উপৰি আৰু বিপদ !—লাহৰীৰ দেউতাক আৰু আইতাকে সেই দিনা বিয়াৰ মন্ত্ৰণা কৰোঁতে লাহৰী টোপনি যোৱা নাছিল; দেউতাকে নো কি কথা কয়, তাকে শুনিবৰ মনেৰে মিছাকৈয়ে তেওঁ টোপনিৰ ভাও জুৰি আছিল। লাহৰীয়ে সেই দিনাৰ ৰাতিৰ মন্ত্ৰণা সকলো শুনিলে; শুনি, লাহৰীয়ে যাচি কিল খোৱৰ দৰে আপোনা-আপুনি বিপদৰ উপৰি বিপদ চপাই ললে! আগেয়ে বিৰহ-চেপাত তৰণি নাপাই চাটিফুটিকে কৰিব পাৰিছিল, এতিয়া নিশাৰ চেঁচুক সোঁতত উটি ঠেৰেঙ্গা লাগি লাহৰী একেবাৰে জঠৰ হৈ পৰিল।

বিপদ অকলে কেতিয়াও নাহে হয়, কিন্তু সুকোমল লাহৰীৰ পক্ষে সেই নিয়ম লৰিব লাগিছিল! লাহৰীয়ে ইমান দিনলৈকে বিপদৰ ছঁয়াটোকো দেখা নাছিল। প্ৰথম বাৰ তাৰ আভাস পাওঁতেই যে লাহৰী আশঙ্কাতে একেবাৰে অস্থিৰ হৈছিল; আজি বিপদৰ উপৰি ভয়ঙ্কৰ বিপদ উপস্থিত! ইমানত নো লাহৰীয়ে কেনেকৈ স্থিৰ থাকে ! লাহৰীৰ কুমলীয়া হিয়াই যে এতিয়া ছিঁৰাল-ফটা দিব! এতিয়া নো বাৰু লাহৰীৰ সৰল হৃদয়-পটৰপৰা কমল ছবিটি এৰুৱাই অনা সস্তৱ নে? এই ছবিটি যে লাহৰীৰ নিৰ্ম্মল হিয়াত থাপনা কৰা আজি ভালেমান দিন হল।

তাতে বহুত দিন থাকি থাকি যে ছবিটিও লাহৰীৰ হিয়াত লিপিতখাই লাগি ধৰিল। এতিয়া আৰু সি লাহৰীৰ নিজৰ গাৰ অঙ্গ হোৱাদি হল। এতিয়া ছবিটি টানি এৰুৱাব খুজিলে যে লাহৰীৰ কুমলীয়া হিয়া ফাটি-ছিটি যাব। অহঃ, লাহৰীয়ে সেই ৰাতি নিজ কাণে বিপদৰ কথা শুনিবলৈ পালে! ছবিটি এৰুৱাওঁতে যে দুখ পাব আৰু লগতে হিয়া বিদৰি যাব, লাহৰীয়ে আজি সেই ভাবনাত কন্দা নাই; এৰুৱাওঁতে যে ছবিটিও ফাটি-ছিটি নাশ পাব, সেই ভয়ে হে লাহৰীক এনে বাউলী কৰি তুলিছে। সেই কাৰণে হে আজি বসন্ত ঋতুৰ ভৰপকৰ দিনা আদৰৰ ফুলনিত ফুলি থকা ফুলবোৰৰ প্ৰতিও লাহৰীৰ এনে বিৰাগ ভাব উপস্থিত !

 এই দৰে বাউলীটি হৈ কান্দি কান্দি দেখোন লাহৰী হঠাতে আকৌ সেই পোনেই টলকা মাৰি ৰল; আৰু তাৰ পাচত, কি জানো, কি কথা মনত লৈ গিৰিপ্ কৰে উঠি থিয় হল। অলপ পৰ ইফাল-সিফালকৈ চাই, তাৰ পাচত হাত দুখনি বুকুৰ উপৰ পাতি লৈ দেখোন লাহৰীয়ে মিচিকিয়া হাঁহি মাৰি লাহে লাহে খোজ লৰাবলৈ ধৰিলে। চঁক খাই লৰ ধৰাৰ দৰে তাৰপৰা লাহৰীয়ে লৰি গৈ ফুলি থকা ফুল কেইজুপিৰ কাষ চাপিলেগৈ।

তাৰ পাচত,আগৰ দৰেই প্ৰত্যেক জুপি ফুলৰে এপাহি-দুপাহিকৈ ফুলকলিয়ে সৈতে ছিঙ্গি আনি লাহৰী এটি জোপাৰ আৰত বহিলগৈ; তাতে দুধাৰি মালা গাঁথি লৈ লাহৰীয়ে এধাৰি আপুনি পিন্ধিলে;ইধাৰি দুই হাতে মানুহক পিন্ধাই দিবলৈ ধৰাদি ধৰি, ইফালে-সিফালে চাই, আতুৰ হৈ কবলৈ ধৰিলে, “কমল, কমল, মোৰ প্ৰাণেশ্বৰ কমল,-ক’তা?” এই বুলি লাহৰী আকৌ ঠৰ্ হৈ ৰ’ল।—অহঃ,লাহৰী আজি একেবাৰে উন্মাদিনী। তাৰ পাচত, লাহৰীয়ে “এইয়া মোৰ কমল, মোৰ প্ৰাণনাথ! পিন্ধাঁ, পিন্ধাঁ।” এই বুলি মালাধাৰ আপোনাৰ কণ্ঠতে আপুনি পিন্ধি ললে।

অলপ পৰ থাকি দেখোন লাহৰীয়ে আকৌ কণ্ঠৰপৰা মালাধাৰি হাতত লৈ, আগৰ দৰে মানুহক পিন্ধাবলৈ লোৱাদি লৈ বিয়াকুল হৈ আকৌ কবলৈ ধৰিলে, “কমল, কমল, তুমি মোক বধিব খুজিছাঁ ? কমল, মোৰ প্ৰাণেশ্বৰ, তুমি আকৌ আঁতৰিলা? অ, নহয় কমল, পিন্ধাঁ, পিন্ধাঁ; মোৰে শপত, কমল, পিন্ধাঁ,পিন্ধা।” এই বুলি বিতত্ হৈ থাকোঁতেই কমলে আচম্বিতে আহি মূৰ পাতি মালাধাৰি পিন্ধি ললে। বিধাতাৰ কি অলৌকিক মহিমা ! কমলৰ নাম লওঁতেই কমল উপস্থিত ! লাহৰীৰে কিবা আকৰ্ষণী গুণ নে সৰল কমলেই সৰ্ব্বজান? কিন্তু হাঁয়, কমলে যে নিশ্চিত হৈ ঘৰত বহি থাকিব পাৰিছিল, এনে নহয়।

লাহৰীৰ দৰেই কমলৰো কোমল হিয়া সেই একেটা বিৰহৰ চেপনিয়েই পেপুৱা লগাইছিল। বিৰহৰ বিষম চেপনি সহিব নোৱাৰি তেওঁ য’তে ত’তে চট্‌ফটাই ফুৰিব লগাত পৰিছিল। ভিতৰলৈ সোমাবলৈ মানা কৰি দিয়াৰ কাৰণে, কমলে কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰলৈ যাবলৈকে এৰিলে। এতিয়া কীৰ্ত্তিনাথ গোহাঞিৰ পিচবাৰীৰ ওচৰৰ বাটেদি অনাই বনাই ফুৰোঁতে লাহৰীৰ মাত শুনি একে লৰে আহি তেওঁ সেই মালাধাৰি পিন্ধি লৈছেহি। লাহৰী একেই উন্মাদিনী, তাতে কমলক দেখা পাই বাউলীটি হল! লাহৰীয়ে একে লৰে গৈ কমলৰ ডিঙ্গিত সাবটি ধৰি কবলৈ ধৰিলে, “কমল, মোৰ প্ৰাণেশ্বৰ তুমি ইমান পৰ কলৈ গৈছিলাঁ ? মই তোমালৈ বাটচাই কেতিয়াবাৰেপৰা ইয়াতে বহি আছোঁ নহয়, তুমি কলৈ গৈছিলাঁ?”

লাহৰীৰ তেনে আতুৰ অৱস্থা দেখি বিমোৰ কমল আৰু বিমোৰ হৈ পৰিল। অন্তত, কমলেও উন্মাদৰ দৰে খল্-খল্‌কৰে হাঁহিবলৈ ধৰিলে। বাতুল হলেও, মুহূৰ্ত্তলৈ মাথোন; কমলে ততালিকে আকৌ স্থিৰ হৈ কবলৈ ধৰিলে,“লাহৰি, লাহৰি, স্থিৰ হোৱাঁ। এতিয়া ব্যাকুল হলে কি হব! মোৰ বহুত কথা সুধিব লগীয়া আছে। মই আৰু ইয়াত সৰহ পৰ থাকিব নোৱাৰিম; আইতাই দেখিলে তোমাক আকৌ খং কৰিব।”

লাহৰীয়ে অলপ পৰ টলকা মাৰি থাকি কমলৰ কথা বুজিব পাৰিলে; বুজিলে, কিন্তু,তেতিয়াও ভালকৈ কথা পাতিব পৰা হোৱা নাই। তথাপি, কমল যে ফুলনিত সৰহ পৰ ৰব নোৱাৰিব, সেই কথা লাহৰীয়ে ভালকৈ বুজি উঠিলে। সেই কাৰণে, পাৰ্য্যমানে ধৈৰ্য্য ধৰি, ভগা-ভগা মাতেৰে লাহৰীয়ে কবলৈ ধৰিলে,“কমল, মোৰ প্ৰাণ, মই থিৰ হৈছোঁ, মোক নো কি কথা সুধিব খুজিছা সোধাঁ। মোৰো বহুত কথা কবলগীয়া আছে। পিচে, কমল, এই অলপ সময়ৰ ভিতৰত কিনো কম !”

 কমল।—“এৰা, এনে অৱস্থাত আমাৰ একো কোৱা নহব। বাৰু, মই এটা উপায় দিওঁ;—তুমি যদি উপায় কৰিব পাৰাঁ, তেন্তে চিঠিৰেই মোক সকলো কথা জানিবলৈ দি থাকিব পাৰিবাঁ।”

 লাহৰী।—“এৰা, হয়, ঠিক, বৰ ভাল উপায়, এই পাৰিম- ”

 কমল।— (ইফালে সিফালে চাই) “বাৰু, তেন্তে মই যাওঁ এতিয়া, লাহৰি। মোৰে শপত, তুমি এই দৰে বাউলীটি হৈ নাথাকিবাঁ দেই। নিয়তিৰ নীতি অবশ্য ফলিয়াব।

 এই কেইষাৰ কথা কৈয়ে কমল লৰালৰিকৈ আঁতৰ হল। কমলৰ শেহৰ কথাকিটি লাহৰীৰ মনত বৰকৈ লাগিল; তাকে তেওঁ টলকা মাৰি গুণিবলৈ ধৰিলে।

*********************

দশম আধ্যা- ৰত্নেশ্বৰ ৰাজখোৱা

গুৱাহাটীৰ পূবফালে এখন গাঁৱত ৰত্নেশ্বৰ ৰাজখোৱা নামেৰে এজন ডেকা-মানুহ আছিল। মানুহটিৰ বয়স ডেৰকুৰি বছৰমান হব। তেওঁৰ দেউতাকে বৰফুকনৰ তলে ৰাজখোৱাৰ বিষয়-বাব পাইছিল; ধনে-বস্তুৱে তেওঁ বৰ চহকী মানুহ আছিল। দেউতাকৰ মৃত্যুৰ পাচত, সেই ধন সম্পত্তি ককায়েক আৰু ৰত্নেশ্বৰৰ মাজত ভাগ-বঁটৰা হয়। ককায়েকজন মাহী-মাকৰ পুতেক। তেওঁৰ মাক মৰাৰ পাচত, ৰত্নেশ্বৰৰ মাক ঘাই গৃহিণী হৈছিল।

গতিকে, ৰত্নেশ্বৰৰ মাক জীয়াই থাকোঁতে ৰত্নেশ্বৰৰ ভাগ-বস্তু যে ককায়েকতকৈ সৰহ হব, তাক কোৱা বাহুল্য মাথোন। তদুপৰি, ৰত্নেশ্বৰৰ মাকে দেউতাকে নজনাকৈয়ো আৰু কিমান যে লুকাই ৰাহী কৰি থৈছিল তাৰ হিচাপ পাবলৈকে নাই। এই কথাত ককায়েকৰ বৰ বেজাৰ হল; তেওঁ ৰত্নেশ্বৰক সেই আপাহতে যিমান পাৰে খিয়াল কৰিবলৈ ধৰিলে। যাতে ৰত্নেশ্বৰৰ ধন ভাগে, সদায় তেওঁ তাৰ হে আলচ কৰা হল।

ৰত্নেশ্বৰো আগৰেপৰা বৰ খৰছী ডেকা আছিল; মাক মৰাৰ পাচৰপৰা যে তেওঁৰ হাতৰ মুকলি মুঠিয়ে বান্ধ নোলোৱাই হল। সেইদৰে আধানাৰ্জ্জিকৈ ভগন কৰি দুই-চাৰি বছৰৰ ভিতৰতে ৰত্নেশ্বৰ ফচহুটো হৈ পৰিল। তথাপি,একেবাৰে তলি উদং হোৱা নাছিল; পাচলৈ তেওঁ গা চাই ভগন কৰিবলৈ ধৰিলে। তেওঁ মানুহটি বৰ চতুৰ আৰু বুধিয়ক আছিল; দেখিবলৈকো বৰ বেয়া নহয়। মুখখনি চকলামুৱা; কিন্তু সেয়ে পকা থেকেৰা যেন ৰঙা ৷ তেতিয়ালৈকে তেওঁ বিয়া-বাৰু কৰোৱা নাই। বিয়া নকৰোৱাৰ আন কাৰণ বিশেষ একো নাছিল; কেৱল মনেবছা ছোৱালী নোপোৱাত হে তেওঁ বিয়া নকৰায়।

কত ঠাইত বিচাৰিলে, তথাপি তেওঁ মনোমত ছোৱালী নাপালে। সদৌশেহত, নিৰাশ হৈ তেওঁ বিয়াকে নকৰাওঁ বুলি অঙ্গীকাৰ কৰিলে। সেই প্ৰতিজ্ঞাতে ধৰি প্ৰায় দুমাহমান বিয়াৰ কাৰবাৰ নকৰাকৈ তেওঁ বহি আছিল। এনে সময়তে এদিন কীৰ্কিনাথ গোহাঞিৰ ঘৰৰ ওচৰৰে এজন পামপুৰীয়া মানুহ তেওঁৰ আলহী হয়গৈ। আলহী মানুহ সোধা- পোছাত ৰত্নেশ্বৰ নামজলা লোক আছিল।

এই আলহী জনকো ভালকৈ আলপৈচান ধৰোৱাত তেওঁ যথাৱত যত্ন কৰিছিল। তাতে সন্তুষ্ট হৈ, ভাত-পানী খাই উঠি আলহীয়ে ৰত্নেশ্বৰৰে সৈতে সুখৰ কথা-বাৰ্ত্তা পাতিবলৈ ধৰিলে। কথা-প্ৰসঙ্গত আলহী জনে সুধিলে, “বোপা-দেউতাই, কিনো ৰূপে-সৈতে, মানুহ অনা নাই হবলা?” ৰত্নেশ্বৰে হাঁহি মাৰি উত্তৰ দিলে, “এৰা, মই আৰু বিয়া নকৰাৱেঁই বুলিছোঁ, দেও।”

পামপুৰীয়া।—সি কি কথা! কিনো ৰূপে-সৈতে, আপোনাৰ নো কিহে নাটিছে। আপোনাৰ এনে সম্পত্তি নো, কিনো-ৰূপে-সৈতে, কোনে খায়? আপোনাৰ, কিনো ৰূপে-সৈতে, মাক নাই, দেউতাক নাই, কিনোৰূপে-সৈতে, ঘৰখন সোনকালে পতা হে ভাল।”

ৰত্নেশ্বৰ।—“আলহী ভকত! সেইবোৰ কথা কলে আৰু কি হয়? বিয়া কৰাবৰ মনেৰেই আজি বছেৰেকে ইমান কাৰবাৰ কৰিলে, তথাপি হৈ নুঠিল। এতিয়া আৰু বিয়াকে নকৰাওঁ বুলি অঙ্গীকাৰ কৰিলোঁ।”

পামপুৰীয়া।—“বোপা-দেউতাই, কিনো-ৰূপে-সৈতে, কয় কি! আপুনি কাৰবাৰ কৰিলে নো, কিনে-ৰূপে-সৈতে, কোনে ছোৱালী নিদিব? আপোনাৰ নো, কিনো-ৰূপে-সৈতে, ধনেই নাই নে বস্তুৱেই নাই নে, কিনো -ৰূপে-সৈতে, কি নাই? আৰু, আপোনাৰ নো, কিনো-ৰূপে-সৈতে, ৰূপেই নাই নে গুণেই নাই! নহয়, বোপো-দেউতা, আপনি কিনো-ৰূপে-সৈতে, ঘৰখন পাতিব হে লাগে।” ৰত্নেশ্বৰ।—“নহয়, আলহী ভকত! তুমি বুজা নাই। মই আজি বছেৰেকে ছোৱালী বিচৰাই মোৰ মনেবছা ছোৱালী নাপালোঁ!”

পামপুৰীয়া।—“অঃ, কিনো-ৰূপে-সৈতে, তাকে নকয় কিয়? বোপা- দেউতা, সেইটো কথাৰ ভাৰ, কিনো-ৰূপে সৈতে, মই ললোঁ। আমাৰ গাৱঁত, কিনো-ৰূপে-সৈতে, কীৰ্ত্তিনাথ গোহাঞিৰ লাহৰী নামেৰে, কিনো-ৰূপে-সৈতে, ছোৱালী এটি আছে, কিনো ৰূপে-সৈতে, বোপা-দেউতা, কি কম! মই ডাঠকৈ কওঁ, কিনো-ৰূপে-সৈতে, আপুনি কেতিয়াও নিদাব নোৱাৰে। আৰু, ছোৱালীটিও, কিনো-ৰূপে সৈতে, আপোনাৰ হে লায়েক!”

ৰত্নেশ্বৰ।—“এ, আলহী ভকত! তোমাৰ দৰেই কিমানে কৈছিল! পিচে, যিমান দেখিলোঁমানে, মোৰ চকুত নালাগিল।

পামপুৰীয়া।—“বাৰু, বোপা-দেউতা, কিনো-ৰূপে সৈতে, মোৰ কথাটোকে চাওক। যেতিয়া দেখিব, কিনো-ৰূপে-সৈতে, তেতিয়াহে কব, বোলে, কিনো- ৰূপে-সৈতে, সেই গেন্ধেলাটোৱে কি কৈছিল।

ৰত্নেশ্বৰ।—বাৰু, তেন্তে আলহী ভকত! তোমাৰ কথা মতেই আকৌ এবাৰ চোৱা যাব। তুমি নো ঘৰলৈ কেতিয়া উলটিবাঁ?

পামপুৰীয়া।—“মই নে বোপা দেউতা? মই, কিনো-ৰূপে-সৈতে, কাইলৈ দিনটো ইয়াতে থাকিম। পৰহিমানলৈ হে, কিনো-ৰূপে সৈতে, ঈশ্বৰৰ কিৰ্‌পাত যোৱা হব।”

ৰত্নেশ্বৰ।—এৰা, তোমাৰ লগতে যাব পাৰিলে হওঁতে বেয়া নহয়। তুমি দেখুৱাব পাৰিবা জানো?”

পামপুৰীয়া।—“হয়, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, মোৰ লগতে ওলাওক। আজিকালি হওঁতে, কিনো-ৰূপে-সৈতে, ছোৱালীটি বাহিৰলৈ নোলায়। তথাপি, কিনো-ৰূপে-সৈতে, তালৈ গৈ এটা উপায় কৰিব লাগিব।” ৰত্নেশ্বৰ।-“তেন্তে সেয়ে ঠিক হ’ল। মই মোৰ লগতে পৰহিলৈ পামপুৰলৈ যাম।”

এইবোৰ কথা-বাৰ্ত্তাৰ পাচত দুয়ো শুবলৈ গল। যথা সময়ত ৰত্নেশ্বৰে পামপুৰলৈ যাত্ৰা কৰিলে। পামপুৰত তেওঁ সেই ‘আলহী ভকত’ৰ ভকতৰ ঘৰতে আলহী হলগৈ। চাৰি-পাঁচ দিনলৈকে কাৰ্য্য সিদ্ধি হোৱা নাছিল। তাৰ পাচত, এদিন লাহৰীয়ে আগৰ দৰেই গৈ পুখুৰীৰ পাৰৰ ফুলনিত মনৰ বিষাদত গালত হাত দি, আমন্‌জিমন্‌কৈ উদাসভাৱে বহি আছে, অন্তৰৰ বিষাদে বাহিৰত সুন্দৰী লাহৰীৰ সুন্দৰ ৰূপ আৰু সুন্দৰ কৰি তুলিছে।

এনেতে, ৰত্নেশ্বৰে ‘আলহী ভকত’ৰে সৈতে গৈ চকোৱাৰ সুৰুঙায় দি লাহৰীক জুমি চাবলৈ ধৰিলে। ৰত্নেশ্বৰে দেখিয়েই বিমোহিত হৈ বিতত্‌ভাৱে পামপুৰীয়াৰ ফালে চালে। এনে মোহিনী মূৰ্ত্তি তেওঁ আগেয়ে কতো দেখা নাছিল। ৰত্নেশ্বৰে আনন্দত আশাভৰা মিচিকিয়া হাঁহি মাৰি ‘আলহী ভকত’ক কলে,“আলহী ভকত! তোমাৰ কথা ঠিক।

সঁচাকৈয়ে এনে সুন্দৰী ছোৱালী মই কতো কেতিয়াও দেখা নাই।” এই বুলি ৰত্নেশ্বৰে আকৌ জুমিবলৈ ধৰিলে। ‘আলহী ভকত’ৰো আনন্দ মিলিল; ভাবিলে যে, এই-চলতে তেওঁ টকাচাৰেক সৰকাৰ পাৰিব। ইয়াকে ভাবি তেওঁ ফুটাই কবলৈ ধৰিলে, “বোপা-দেউতা,মই কোৱা কথাত, কিনো-ৰূপে-সৈতে, কিমান মূইল্ আছে, ভাবি চাওক।” ৰত্নেশ্বৰে ঘনে ঘনে জুমি চায়; আৰু মাজে মাজে মাত লগায়, আৰু একোবাৰ ‘আলহী ভকত’ৰ কথালৈ কাণ দিয়ে। ভকতে হাঁহি হাঁহি কলে, “এতিয়াও কিনো-ৰূপে-সৈতে, চকুৰ তিৰ্‌পিতি কিন-ৰূপে-সৈতে, পূৰ হোৱা নাই নে বোপা-দেউতা? কিনো-ৰূপে-সৈতে, আহক আৰু; মানুহে দেখিলে, কিনো-ৰূপে-সৈতে, বেয়া বুলিব।”

ৰত্নেশ্বৰ৷—“এৰা, নাচাওঁ আৰু, বলাঁ আলহী-ভকত, বলাঁ।” এই বুলিও আকৌ দুবাৰ জুমি চায় ! সদৌশেহত, দুয়ো ঘৰৰ ফালে খোজ ললে। যাওঁতে যাওঁতে বাটে বাটে দুয়ো ছোৱালী খোজা-বঢ়াৰ আলচ পাতি গৈ আছে, এনেতে পামপুৰীয়াই মাত লগালে, “এতিয়া বোপা-দেউতা, কিনো-ৰূপে-সৈতে, আমাৰ ফালেও অলপ, কিনো-ৰূপে-সৈতে, চাব লাগে নহয়।”

ৰত্নেশ্বৰ ।—“অ, সঁচা, মই কেতিয়াও অগুণকাৰী নহওঁ। তুমি যেনে কাম কৰিলা, তেনে বঁটাও পাবাঁ।”

পামপুৰীয়া ।—“হয়, বোপা-দেউতা, মই কিনো ৰূপে-সৈতে, এই কেদিনতে আপোনাক, কিনো-ৰূপে-সৈতে, ভালকৈ চিনিলোঁ। এতিয়া, কিনো-ৰূপে-সৈতে, আমাৰ কাম ফেৰা সিদ্ধি হলেই হয়।

ৰত্নেশ্বৰ ৷—“এৰা, এৰা, এতিয়া আৰু বহি থকাৰ সকাম নাই। তুমি আৰু অলপ কাম কৰি দিব লাগিব দেই।”

পামপুৰীয়া ।—“ভাল, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, মই আৰু দুখীৰ দুখী অৱস্থাৰে, কিনোৰূপে-সৈতে, যি পাৰোঁ কৰি থাকিম।”

ৰত্নেশ্বৰ ৷—“একেবাৰে থোজা-বঢ়া আদি ঠিক্‌ঠাক্ কৰি হে ঘৰলৈ উলটিম্, কি বোলাঁ?”

পামপুৰীয়া।—“এৰা, কিনো-ৰূপে-সৈতে, ভাল কৈছে। পলম কৰাৰ আৰু,কিনো-ৰূপে-সৈতে, সকাম নাই; কাইলৈ বা পৰহিলৈ, কিনো-ৰূপে-সৈতে, ছোৱালী খুজিবগৈয়ে লাগে। বাৰু, কিনো-ৰূপে-সৈতে, তাৰ দিহা কৰা যাব।”

এই দৰে কথা-বাৰ্ত্তা পাতি যাওঁতে যাওঁতেই দুয়ো পামপুৰীয়াৰ ঘৰ সোমালগৈ। কিন্তু, লাহৰীৰ ৰূপত মুগ্ধ, ৰত্নেশ্বৰৰ মন কীৰ্ত্তিনাথ গোহাঞিৰ লাহৰী-ফুলনিতে বন্দী হৈ ৰৈ গল। তাৰ পাচত, ৰত্নেশ্বৰে কল্পনা-চকুৰে লাহৰীৰ ৰূপ-লাৱণ্যৰ জেউতি চৰাই চাই চাই, মনে-পতা সংসাৰ-সাগৰত ওপঙিবলৈ ধৰিলে।

*********************

একাদশ আধ্যা- খোজাবঢ়া

ৰাতি ভাত-পানী খাই উঠি ৰত্নেশ্বৰ শুবলৈ গল। কিন্তু, তিনিখনমান তামোল খাবৰ পৰলৈকে তেওঁ মনেপতা নতুন সংসাৰত দুখৰ ঘৰ সাজি চাওঁতে চাওঁতে চকু জাপ নোযোৱা হল। তেওঁ মনৰ কথা ব্যক্ত কৰি হৃদয় শাঁত কৰিবৰ উদ্দেশ্যে উঠি আহি পামপুৰীয়াক মাতিলে। তেৱোঁ শুইছিলগৈ মাখোন; ৰত্নেশ্বৰৰ মাত শুনি তেওঁ উঠি আহিল। তাৰ পাচত, দুপৰমান ৰাতিলৈকে দুয়ো বহি বিয়াৰ বিষয়ে নানা তৰহৰ আলচ পাতিবলৈ ধৰিলে।

পাচলৈ পামপুৰীয়াৰ টোপনি অহাত, কথা পাতি থাকোঁতেই তেওঁ জপৰ্-জপৰ্ টোপনিয়াবলৈ ধৰিলে। সদৌশেহত, অসহনি পাই পামপুৰীয়াই কলে, “বোপা-দেউতা, কিনে-ৰূপে-সৈতে, মই শোওঁগৈ হে এতিয়া, যি কথা পাতিব লাগে, কিনো-ৰূপে-সৈতে, কাইলৈ দিনটো আছে।” এই বুলিয়েই পামপুৰীয়া ভিতৰলৈ সোমাই গল। ৰত্নেশ্বৰ অপ্ৰস্তুত হৈ উঠি আহি আকৌ শোৱাপাটীত পৰিল।

কিন্তু, তেওঁৰ চকুত টোপনি নাই। আকাশত চাং পতা কখাৰ টোপোলা মেলি লৈ তেওঁ তাৰ কাম সামৰিব নোৱাৰাত পৰিল। বিয়া নো কেনেকৈ হব, বিয়ালৈ কাক কাক কি নিয়মেৰে নিমন্ত্ৰণ কৰিব, তাৰ পাচত বিয়া হৈ গলে লাহৰীক কেনে সুখেৰে ৰাখিবলৈ ইত্যাদি সুখৰ কল্পনাত ভোল গৈ শেহৰাতিলৈকৈ ৰত্নেশ্বৰৰ টোপনি নাই; পুৱঁতী নিশা মুঠেই চিল্‌মিলকৈ এঘুমটি আহিছিল। মানুহক সুখৰ বা দুখৰ চিন্তাই পালে সকলোৰে এনে গতি! তাতে, ৰত্নেশ্বৰক লাহৰীৰ মোহিনী মূৰ্ত্তিয়ে একেবাৰে বিমোহিত কৰি থৈছে।

পিচদিনা শুই উঠিয়েই ৰত্নেশ্বৰে আকৌ পামপুৰীয়াৰে সৈতে মন্ত্ৰণাত বহিল। ৰত্নেশ্বৰে নো ৰাতিৰপৰা দিনৰ দুপৰলৈকে কিমান কথা পাতিলে তাৰ অন্ত নাই। তথাপি, কথাৰ অন্তু নপৰে;আজি ৰত্নেশ্বৰ কথাৰ সাগৰ। কিন্তু, কথা সেই একেবুৰিয়েই। তাকে পাগুলি থাকিয়েই ৰত্নেশ্বৰৰ মনত সুখ-শান্তিয়ে নধৰা হৈছে। পামপুৰীয়াৰ শুনোতে শুনোতে আমনি লগাত পৰিল। সেই একে কথাকে পাতি থাকিবলৈ পালেই ৰত্নেশ্বৰ আনন্দত ফুলি থাকে; কথাৰ অন্ত পৰিলেই উগুল-খুগুল ভাবত তেওঁ অস্থিৰ হৈ পৰে। তেতিয়া এটা মূহূৰ্ত্তই যেন নাযায়-নুপুৱায় তেওঁৰ মানত এনে হে লাগে।

দুখে-সুখে যেনে-তেনেকৈ সেই দিনটো গল, আকৌ ৰাতি আহিল। সেই ৰাতি পামপুৰীয়াই কথা শুনাৰ ভয়ত গধুলিতে জ্বৰ বুলি শুই থাকিলগৈ। ৰত্নেশ্বৰ ভাত ৰান্ধিবলৈ বহিল। কিন্তু, কিনো ৰান্ধিছে, কিনো বাঢ়িছে, তেওঁৰ গাত বিশেষ গম্ নাই। চৰুত তেল দি ইফালে কিবা ভাবোঁতে তালৈ পাহৰিলেই; যেতিয়া তেলত জুই উঠি ভম্‌ভম‌্কৈ জ্বলিবলৈ ধৰিলে, তেওঁৰ গাত হুঁচ্ আহিছে। লৰালৰিকৈ বাটী এটাৰে সৈতে ঢাকোন দি জানিবা কোনোমতে ঘৰত জুই নলগাকৈ ৰাখিলে। তাৰ পাচত, আৰু আঞ্জা ৰান্ধিবলৈ কাৰবাৰ কৰা নহল; শুদাই-নিকাই দুগৰাহমান খাওঁ বুলি তেওঁ খাবলৈ বহিল।

স্বৰূপাৰ্থত, আজি ৰত্নেশ্বৰৰ মানত বাৰখন আঞ্জাৰে খোৱাও যেনে, লোণ চেলেকি শুদা ভাত খোৱাও তেনে। এই দৰে ভাত খাবলৈ ধৰি এগৰাহ বা দুগৰাহ মাৰিয়েই সেই পোনেই তেওঁ আকৌ টলকা মাৰি ৰয়; একোবাৰ ওপৰলৈ চাই থাকোতে ভাত বিচাৰি মাটিতে খেপিয়াবলৈ ধৰে ! এই দৰে খাওঁতে খাওঁতে ৰত্নেশ্বৰে ভাত অন্ত কৰি আকৌ কাঁহী চেলেকিবলৈ ধৰিলে। তাৰ পাচত, মুখ নোধোৱাকৈয়ে ভাবৰ পাকত ঘূৰি ৰত্নেশ্বৰ আহি শোৱা ঠাই পালেহি। তেতিয়া হে আকৌ মনত কৰি তেওঁ মুখ ধুই আহিছেগৈ।

ভাত খোৱা হল; কিন্তু মুহুদি আৰু নহল; সেইভাগেই ৰত্নেশ্বৰ শোৱা পাটীত পৰিলগৈ। এই ৰাতিও তেওঁৰ কেনেকৈ গল, তাক সহজে অনুমান কৰিব পাৰি। আগ-ৰাতিও টোপনি নাই, সেই ৰাতিও টোপনিয়ে ৰত্নেশ্বৰৰ ওচৰ চাপিব নোৱাৰিলে। পিচদিনা ৰাতিপুৱাই ছোৱালী খুজিবলৈ যাবলৈ খৰ্‌ধৰ্‌ লগাই, ৰত্নেশ্বৰ পামপুৰীয়াৰে সৈতে আকৌ মন্ত্ৰণাত বহিল।

ৰত্নেশ্বৰ।—“আলহী ভকত! এই বেলাই ছোৱালী খুজিবলৈ যোৱাহক, কি বোলাঁ?”

পামপুৰীয়া।—“নহয়, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, ভাত-পানী খাই গলে হে ভাল।”

ৰত্নেশ্বৰ।—“নহয়, আলহী ভকত! সেইবোৰ ফাংফুং নকৰিবা আৰু, বুজিছা নে। মই এই বেলাতে যাবলৈকে স্থিৰ কৰিলোঁ। এতিয়া, লগত কোন্ কোন্ যাব সেইটো মাথোন স্থিৰ কৰাঁ।”

পামপুৰীয়া।—“বাৰু, তেন্তে কিনো-ৰূপ-সৈতে, এতিয়াই যাব লাগে। লগত আৰু, কিনো-ৰূপে-সৈতে, কোন্ যাব? সৰহকৈ মানুহৰ, কিনো-ৰূপে-সৈতে, কি সকাম? আপুনি যাব আৰু, কিনো-ৰূপে-সৈতে, মই যাম। আপুনি মুঠে, কিনো-ৰূপে-সৈতে, বহি থাকিব; যি কব লাগে, কিনো ৰূপে-সৈতে, সকলো কথা মই কম।”

ৰত্নেশ্বৰ।—“হয়, তেন্তে আলহী ভকত ! পলম নকৰিবাঁ আৰু; উঠাঁ উঠাঁ ৷ মোৰে শপত কাপোৰ-কানি পিন্ধাগৈ উঠাঁ।”

লৰালৰিকৈ সাজু হৈ দুয়ো ছোৱালী খুজিবলৈ খোজ ললে। বাটে-বাটে যে ৰত্নেশ্বৰৰ মন কি হৈছিল, ক’ত আছিলগৈ আমি বুজিম কি, তেওঁৱেই কব নোৱাৰে। যথা সময়ত ৰত্নেশ্বৰ আৰু পামপুৰীয়া কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰ পালেগৈ। বেটী ছোৱালী এজনী আহি ৰত্নেশ্বৰক, কঠ এটা আৰু পামপুৰীয়াক ঢাৰি এখন বহিৰলৈ পাৰি দিলেহি।

পামপুৰীয়াই বহিয়েই বেটী ছোৱালীজনীক সুধিলে, “হেৰ,আহিনী,ডাঙৰীয়া-দেউতা,কিনো-ৰূপে-সৈতে,ঘৰত আছে নে? আছে যদি, কগৈ যাচোন, বুলি, কিনো-ৰূপে-সৈতে, গুৱাহাটীৰপৰা ভাল মানুহ এজন, কিনো-ৰূপে-সৈতে, ডাঙৰীয়া-দেউতাক দেখা কৰিবলৈ আহিছে।” বেটী ছোৱালীজনীয়ে ভিতৰলৈ গৈ কীৰ্ত্তিনাথ গোহাঞিক এই কথা জনালেগৈ। কীৰ্ত্তিনাথ গোহাঞিয়ে ভিতৰত ঘৈণীৰে সৈতে লাহৰীৰ বিয়াৰ বিষয়ে আলচ পাতি আছিল।

অলপ পাচত ভাঙৰীয়া ওলাই আহি এখন মেৰচাৰিত বহিল। বহিয়েই, তেওঁ পামপুৰীয়াক সুধিলে, “এওঁনো কোন্? এওঁক মই আৰু এদিন কৰবাত দেখিছিলোঁ।” পামপুৰীয়াই ৰত্নেশ্বৰৰ আঁতি-গুৰি ভাঙ্গি সকলো কথা কবলৈ ধৰিলে। কথাপ্ৰসঙ্গত সুবিধা উলিয়াই পামপুৰীয়াই ৰত্নেশ্বৰলৈ আঙ্গুলিয়াই কলে, “এওঁ বোপা-দেউতা, কিনো-ৰূপে-সৈতে, ডাঙৰীয়া দেউতাৰ এখেত কিবা এটি সকামত হে আহিছে।” কীৰ্ত্তিনাথ গোহাঞিয়ে ৰত্নেশ্বৰৰ ফালে ঘূৰি সুধিলে, “বোপাৰ নো কি সকাম আছিল? মই তোমালোকৰ ঘৰৰ কথা জানোঁ; আমি গুৱাহাটীত থাকোঁতে তোমাৰ দেউতাৰৰে সৈতে মোৰ আলাপ-পৰিচয় আছিল।”

ৰত্নেশ্বৰ ।-“আমাৰ কব লগীয়া সকলো কথা ডাঙৰীয়াক এওঁ ককায়েই কওক।”

অনুমতিৰ সুবিধা পোৱা মাত্ৰকে পামপুৰীয়াই সকলো কথা ভাঙ্গি-পাতি কবলৈ ধৰিলে। অলপ পৰ থামি আকৌ কলে, “ডাঙৰীয়া-দেউতা, বোপা-দেউতাৰ ঘৰৰ ফালে, কিনো-ৰূপে-সৈতে, কবই নেলাগে; মই অলপতে গুৱাহাটীলৈ যাওঁতে, কিনো-ৰূপে-সৈতে, এওঁৰ ঘৰ-বাৰী সকলো নিজে দেখি আহিছোঁ। মোৰ কৰা নপতিয়ালেও, কিনে-ৰূপে-সৈতে, ডাঙৰীয়া দেউতাই মানুহ পঠিয়াই, কিনো-ৰূপে-সৈতে, চোৱাবও পাৰে।”

কীৰ্ত্তিনাথ ।—“তেওঁৰ ঘৰৰ কথা তুমি কব নালাগে; ময়ো নিজেই জানোঁ আৰু দেখিছোঁ ৷ কিন্তু, মাকক সুধিলে হে কব পাৰোঁ ৷ বাৰু, তোমালোক খন্তেকমান বঁহা; মই বেগতে ভিতৰত সুধি আহোঁগৈ ৷” এই বুলি কীৰ্ত্তিনাথ গোহাঞি ভিতৰলৈ উঠি গল। ঘৈণীৰ ওচৰলৈ গৈ তেওঁ এই বুলি কবলৈ ধৰিলে, “চোৱাঁ এতিয়া, মই নকৈছিলোঁ, বোলোঁ গুৱাহাটী বা আন ঠাইত স্থিৰ কৰিব লগীয়া হলে, ভাল মানুহৰ ভাল লৰাৰ বৰ অভাৱ নাই। সৌটি চোৱাঁ, আমাৰ, কি নাম বোলে পাহৰিছোঁ, ৰাজখোৱাৰ পুতেক, মই তেওঁৰ দেউতাকৰ নাম পাহৰিছোঁ, লাহৰীক খুজিবলৈ আহিছে। তুমি এতিয়া কি বোলাঁ ? মই হলে ভাল দেখিছোঁ।”

ঘৈণী ৷-(ৰত্নেশ্বৰক জুমি চাই } “লৰাটি হলে বেয়া নহয়। তথাপি,মই সিমান দূৰৈলৈ দিব নোৱাৰোঁ।”

কীৰ্ত্তিনাথ ।-“তোমাক আৰু এনে লৰালি কথাই নেৰিলে। জীয়াৰী ছোৱালী তুমি সদায় বুকুত লৈ থাকিবলৈ পাবা নেকি? নাই, তুমিয়েই হে ছোৱালী উলিয়াই দিব লগাত পৰিছে, আন কোনেও হোৱালী বিয়া দিয়াই নাই নে?”

ঘৈণী।—“ডাঙৰীয়া। মোক যেই বোলক, মই মোৰ একেটি পোনাক সিমান দূৰৈলৈ দিব নোৱাৰোঁ; ভাল হওক, বেয়া হওক, মই আপোনাৰ আগৰ কথাতে মান্তি হৈছোঁ ৷ যি হওক, ওচৰতে ধনবৰলৈকে দিব লাগে।”

কীৰ্ত্তিনাথ ।-“তুমি আৰু দিনে দিনে কেঁচুৱা হৈ হে আহিছাঁ। যেই সেই কথা—”

ঘৈণী।-“মোৰে শপত, ডাঙৰীয়, যোক আৰু সেইবোৰ কথা একো নুসুধিব। মই কেতিয়াও সিমান দূৰৈলৈ নিদিওঁ। লোকৰ মানুহ অনাহকত ৰখাই থোৱাৰ সকাম নাই; যাওক যাওক, সোনকালে বিদায় দিয়কগৈ।”

কীৰ্ত্তিনাথ ৷- “অলপ কথাতে ইমান ব্যাকুল হোৱাঁ কিয়; স্থিৰ হোৱাঁ ৷ মোৰ কথা শুনা-” ঘৈণী।-“মই আৰু স্থিৰ হবলৈ নাই; যি কৈছোঁ, মই স্থিৰ হৈয়ে কৈছোঁ। মোক নবধিব ডাঙৰীয়া! আপোনাৰ চৰণত ধৰি মাতিছোঁ।” এই বুলি তেওঁ কান্দিবলৈ ধৰিলে।

কীৰ্ত্তিনাথ গোহাঞি নিৰুপায়! তেওঁ মৰমৰ ভাৰ্য্যাক বেজাৰ দিয়া হে নালাগে, তেওঁক নোসোধাকৈ কোনো এটা কামকে নকৰে। অগত্যা,তেওঁ ৰত্নেশ্বৰক বিদায় দিবলৈকে ওলাই আহিল। ইফালে ৰত্নেশ্বৰৰ প্ৰাণত তৰণি নাই; কীৰ্ত্তিনাথ গোহাঞি ওলাই অহাত পলম হবৰ দেখি তেওঁ উগুল-থুগুল ভাবত ভিতৰি অস্থিৰ হৈ পৰিছিল। কীৰ্ত্তিনাথ গোহাঞি ওলাই অহাত, তেওঁৰ মুখ দেখিয়েই ৰত্নেশ্বৰে বুজিলে যে, তেওঁ যি আশঙ্কা কৰিছিল জানোবা ঠিক সেয়েই হল! কীৰ্ত্তিনাথ গোহাঞিয়ে বিমৰ্ষ ভাৱে থিয়ৈ-থিয়ৈ কবলৈ ধৰিলে, “বোপা! সকলো মিছা হল। মই তোমালোকক ৰখাই থৈ অনাহকত কষ্ট হে দিলোঁ। মাকৰ ইচ্ছা নাই, মই কি কৰিম!”

এই কথা শুনিয়েই ৰত্নেশ্বৰ একেবাৰে নিৰাশত সেই পোনেই শেঁতা পৰি গল। কিনো কব, কিনো নকব একো স্থিৰ কৰিব নোৱাৰা হৈ পৰিল। তাৰ পাচত, পামপুৰীয়াই মাত লগালে,“ডাঙৰীয়া-দেউতা, কিনো-ৰূপে-সৈতে, বহকচোন। আপুনি নো, কিনো ৰূপে সৈতে, কি কামটো কৰিলে। আকৌ ভালকৈ এবাৰ, কিনো ৰূপে সৈতে, ভাবি চাওক। মাকে আক, কিনো-ৰূপে সৈতে, ছোৱালী উলিয়াই দিবই নোখোজে; সেই বুলি, কিনো-ৰূপে-সৈতে, আপুনিও সেই কথাতে ভিৰ দিব নে? মই হলে কৈছোঁ, কিনে-ৰূপে-সৈতে, এনেটি দৰা পোৱা টান হব।”

কীৰ্ত্তিনাথ।-“সেইবোৰ কথা কলে আৰু কি হব? মাকৰ মন নহলে মই এনে কাম কৰিব নোৱাৰোঁ। বোপা, বেয়া নাপাবাঁ, যোৱাঁ আৰু ! মই কি কৰিম! এই সমিধান পোৱা মাত্ৰকে ৰত্নেশ্বৰে একেচাবে উঠি, পামপুৰীয়াক তাতে এৰি ভোঁ-ভোঁকৰে গুচি গল। তাৰ পাচত, পামপুৰীয়ো লাহেকৈ উঠি ঘৰৰ ফালে খোজ ললে। ঘৰত পামপুৰীয়াই দেখেগৈ দেখোন, ৰত্নেশ্বৰ তেওঁৰ ঘৰলৈ উলটিবলৈকে ওলাইছে।

পামপুৰীয়াই দেখিয়েই, ৰত্নেশ্বৰে ৰূপ তিন্ টকা বঁটা স্বৰুপে দি কলে, “পামপুৰীয়া, মোৰ আৰু ইয়াত সৰহ পৰ থাকিবৰ মন নাই। মই এতিয়াই যাওঁগৈ, তোমাক সৰহ দিব নোৱাৰিলোঁ। পাচে হে যি পাৰোঁ দিম; এতিয়াও তোমাৰ কাম আৰু আছে। মই এতিয়া ঘৰলৈ যাওঁ, তাৰ পাচত মোক কিছুমান কথাত তুমি সহায় কৰিব লাগিব।” টকা পাই পামপুৰীয়াৰ আনন্দত ঠাই নাইকিয়া হল। তেওঁ ভালৰি লগাই ৰত্নেশ্বৰক কবলৈ ধৰিলে, “বোপা-দৌতাই নো, কিনো-ৰূপে-সৈতে, মোক কব লাগিছে নে! এতিয়া, ভাত দুটামান খাই যোৱা হলে, কিনো ৰূপে-সৈতে, ভাল আছিল।”

ৰত্নেশ্বৰ।—”মোক আৰু নধৰিবাঁ ককাই। পামপুৰ পাৰ নহওঁমানে গাকে নোধোওঁ। বেয়া নাপাবাঁ, মই এতিয়া আহোঁ হে।”

ইয়াকে কৈ বেগাবেগিকৈ ৰত্নেশ্বৰে ঘৰৰ ফালে খোজ ললে। পামপুৰীয়ায়ো ভিতৰলৈ সোমাই গৈ ঘৈণীয়েকৰ আগত সাধুকথা কোৱাৰ দৰে ৰত্নেশ্বৰৰ ছোৱালী-খোজা কথা বৰ্ণাবলৈ ধৰিলে।

ইফালে কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ ভাৰ্য্যা দুয়ো বিয়াৰ নতুন যন্ত্ৰণাত বহিল,—

কীৰ্ত্তিনাথ।—“মই হলে কথা বৰ ভাল দেখা নাই। ৰত্নেশ্বৰে যেনেকৈ হে খং কৰি গৈছে, ইয়াৰপৰা বৰ অমঙ্গলৰ আশঙ্কা আছে।”

ঘৈণী ৷—“কিহৰ নো অমলঙ্গলৰ কথা কৈছে ? তাৰ খং উঠি গল বুলি আমাক কাটি-মাৰি উটুৱাই দিব পাৰিব নে কি? যি হওক, এতিয়া আৰু পলম কৰাৰ সকাম নাই; সোনকালে শুভকাম সমাধা কৰিব লাগে।” কীৰ্ত্তিনাথ।—“ক’তা, এতিয়াও শূলধৰ বৰগোহাঞিৰ ঘৰৰপৰা দেখোন খোজাবঢ়া একো হোৱাই নাই। যাছি দিব খুজিছাঁ নে কি?”

ঘৈণী।—“মই শুনিছোঁ, বোলে, অহা বিৰস্পতিবাৰে তামোল-পাণ কটাবহি হেনো।”

তাৰ পাচত দুদিন গল। বিৰস্পতি বাৰ পালেহি। শূলধৰ বৰগোহাঞিয়েও গাৱঁৰ বিষয়া জনচাৰেক আৰু পঢ়াশালিৰ পণ্ডিতৰে সৈতে কীৰ্ত্তিনাথ গোহাঞিৰ চ’ৰাঘৰত ছোৱালী খুজিবলৈ বহিলেহি। কীৰ্ত্তিনাথ গোহাঞি ওলাই আহি, আগেয়ে বুজ নোপোৱাৰ ভাও ধৰি সুধিলে, “আজি দেখোন তামোল-পাণে সৈতে সকলোটি ! সকাম বা কি?”

এজন বিষয়া।—“সকাম অলপ আছে। বাৰু, বহকচোন।”

২য়, বিষয়া।—“সকাম এই, আজি আমাৰ বৰগোহাঞি ডাঙৰীয়াৰ লৰাটিলৈ আপোনাৰ ছোৱালীটি খুজিবলৈ অহা হৈছে। আপুনি কি বোলে জানো ?”

কীৰ্ত্তিনাথ।—“এৰা, মই নো কি বুলিম। মোৰ ছোৱালী নহয় জানিবা আপোনাসকলৰে ছোৱালী। আপোনাসকলে যেনে ভাল দেখে তাত নো মোৰ কি আপত্তি আছে! তথাপি, মাকক সুধিলে হে কব পাৰোঁ ৷ মোৰ আৰু দেখিছেই, লৰা-ছোৱালী বুলিবলৈ একেটি ছোৱালী। যাতে ছোৱালীটিৰ আগলৈ সুখ হয়, সেয়ে হে বাঞ্ছনীয়।”

শূলধৰ।—“হয়, বিয়ৈদেউ, হয়। মোৰো একেটি লৰা দেখিছেই। মই জীয়াই থকাখিনিত আপোনাৰ ছোৱালীয়ে কেতিয়াও দুখ নাপায়।”

৩য়, বিষয়া—“অ, ছোৱালী খুজিবলৈ আহোঁতেই বৰগাহাঞিদেৱে সম্বন্ধ লগালেই। হোজা মানুহ দেহি!”

কীৰ্ত্তিনাথ ৷-“বাৰু, তেন্তে ভিতৰত সুধি আহোঁ” এই বুলি লাহেকৈ তেওঁ উঠি গল। সিফালে ভিতৰতো তিৰোতাৰ মেল চলিছে ! খোজা-বঢ়াৰ কখা পাতি থাকোঁতে, এগৰাকীয়ে মাত লগালে,“অঃ বৰগোহাঞি ডাঙৰীয়ানীয়ে ছোৱালী খুজিবলৈ আহিছে, এতিয়া ছোৱালী চাব লাগে নহয়।”

শূঃ ঘৈণী।—“এ, কিনো চাব লাগি দেও হে; মই নিজে কোলাত লৈ ডাঙৰ কৰা ছোৱালী সেই জনী।”

আন এগৰাকী।—“নহয়, নহয়, তেও নিয়মটো ৰাখিব পায়।*

সিফালে লাহৰীৰ চেষ্টাই নাই! ৰাতিপুৱাৰেপৰা কান্দোতে কান্দোতে চকুৰ পটাই কেহ্‌ৰাজৰ বৰণ ধৰিছে। খোজা-বঢ়া কৰিবলৈ মানুহ চাপিবৰপৰা যে তেওঁৰ গাত সংজ্ঞা নোহোৱাৰ দৰে হল। বাহিৰত দেখুৱাবলৈ আনোতে তেওঁ সেই পোনেই যেন পৰি যায়! চকুৰ আগে দি ভমক্ ভমক্ জুই-আঙনি ওলাইছে; চাৰিওফালে লাহৰীয়ে ধুঁৱলি-কুৱঁলী দেখিছে। বাজে-ভিতৰে মানুহৰ মেলত কি হৈছে, কি মেলিছে লাহৰীৰ গাত তাৰ একো বুজ নাই।

দুধাৰি চকু-লোত বাজে এই সময়ত লাহৰীৰ গাত আন একো নাই। তাৰ পাচত এগৰাকীয়ে বুজাবলৈ ধৰিলে, “নেকান্দিবি,অ, আই! এইখনো ঘৰ, সেইখনো ঘৰ, অই কিবা দেশ এৰি বিদেশলৈ যাব লাগিছে নে? কত মানুহৰ কপালেৰে তেনেও হয়।” এনে সময়তে কীৰ্ত্তিনাথ গোহাঞি সোমাই আহিল। তিৰোতাসকলে মূৰৰ ওৰণি টানি লৈ তললৈ মূৰ কৰিলে। কীৰ্ত্তিনাথ গোহাঞিয়ে ঘৈণীক ভিতৰলৈ মাতি নি কলেগৈ, “মই একেবাৰে মত দিয়া নাই। তোমাক সোধোঁগৈ বুলি হে আহিছোঁ।”

ঘৈণী৷—“আকৌ যাওক তেন্তে, যি হয় কওকগৈ ৷ আৰু নো কি সুধিবলৈ আছে।”

কীৰ্ত্তিনাথ৷—“মই যাওঁ বাৰু, ছোৱালীটি বৰকৈ বিহ্বল হৈছে; অলপ মন কৰিবাঁ।” এই বুলি তেওঁ আকৌ বাহিৰলৈ ওলাই আহিল।”

১ম, বিষয়া।—“কি হল ডাঙৰীয়া? কি মন্ত্ৰণা নো কৰিলে?”

কীৰ্ত্তিনাথ।—“এৰা, সিফালেও তিৰোতাসকলৰ মেল বহিছে। ভিতৰৰ ফালে ঠিকেই হল।”

২য়, বিষয়াঃ—“তেনেহলে কথাই নাই আৰু। ভাল, এতিয়া শৰাই ভাঙ্গক ৷”

কীৰ্ত্তিনাথ।(শৰাই চুই)— “মই বাৰু চুই দিছোঁ; আপোনাসকলেই ভাঙ্গকচোন।”

৩য়, বিষয়া। “বাৰু, তেন্তে বিয়াৰ দিন নো কেতিয়া স্থিৰ কৰা হৈছে? মোৰ মনেৰে হলে অহা বহাগতে হলেই ভাল।”

কীৰ্ত্তিনাথ।—“এৰা, শুভকাৰ্য্য শীঘ্ৰে হোৱাই ভাল। কিন্তু, বহাগ ছোৱালীটিৰ ওপজা-মাহ। সেই কাৰণে আহাৰ মাহত হলেই ভাল দেখোঁ? আহাৰ মাহতো দিন খাকিব পায়।”

পঢ়াশালিৰ পণ্ডিত।—“আছে, এই বাৰ আহাৰ মাহত হে বিয়াৰ বৰ ভাল দিন আছে।”

৪ৰ্থ বিষয়া। “বাৰু, তেন্তে সেয়ে হল। এতিয়া আৰু আমাৰ আন কাম নাই। আমি তেন্তে উঠিব হে লাগে।”

কীৰ্ত্তিনাথ—“বহক, বহক, তামোল খাই যাওক।”

তাৰ পাচত, আন-আন বাজে কথা দুটা-চাইটা পাতি তামোল-পাণ খাই সকলোৱে দিহাদিহি প্ৰস্থান কৰিলে।

*********************

দ্বাদশ আধ্যা- চিঠি-পত্ৰ

সেই দিনা লাহৰীক অকলশৰে পুখুৰীপাৰৰ ফুলনিত বাউলী অৱস্থাত এৰি অহাৰেপৰা সিদিনা আকৌ খোজা-বঢ়া কৰিবলৈ অহা তিৰোতাৰ মেলত ছয়াঁময়াকৈ দেখালৈকে ভালেখিনি কথা কব লগীয়া আছে। কমলে সেই দিনা লাহৰীক সঁচাকৈয়ে জিৰণিৰ ঔষধ হে দি আহিল। আমি সেই দিনাই কৈ আহিছোঁ যে, কমলে শেহত কোৱা কথা কেইষাৰি লাহৰীৰ মনত বৰকৈ লাগিল। লাহৰীয়ে লিখা-পঢ়া জানে বুলিও, চিঠিৰ মহিমা তেওঁ বুজা নাছিল। সেই দিনা কমলে কওঁতে হে তেওঁ এই নতুন উপায়ৰ মোল পালে।

লাহৰীয়ে সেই দিনাই আৰু এটি মহৌষধ লাভ কৰিলে। তেওঁ যদিও অনেক পুথি-পাঁজিত ঈশ্বৰৰ লীলা-খেলা আৰু মহিমাৰ কথা পঢ়িছে, যদিও দেউতাকৰ লগত তেওঁ সদায় পুজা-সেৱা আদিত লাগি থাকে, তথাপি ইমান দিনলৈকে সঙ্কটৰ সময়ত ‘ঈশ্বৰ’ সুমৰণৰ যে কি প্ৰতিকাৰ তেওঁ তাৰ মহিমা বুজা নাছিল। সেইদিনা কমলে নিচেই শেহত কৈ গৈছিল, “ঈশ্বৰ আছে, তেওঁ যি কৰে”। সেই মুহূৰ্ত্তৰেপৰা সেই কথাকিটি লাহৰীৰ কোমল হিয়াত দৃঢ়ৰূপে লিখা ৰল।

অহঃ, কমলৰ মুখৰ এই কথাই লাহৰীক কিমান শান্তি দিয়ে ! কমলে যি কথা কয়, সি লাহৰীৰ অন্তৰত কিমান দকৈ বহে! সেই দিনা ইমান বাউলী হৈছিল যে, তেওঁ ফুটাই কথা এষাৰিকে কব নোৱাৰিলে। কিন্তু, তেনে বাউলী অৱস্থাতো কমলৰ কথা কেইটিয়ে লাহৰীক কিমান গুণ দিলে! এই সংসাৰত যি যাক প্ৰাণে-প্ৰাণে ভাল পায়, তেওঁৰ প্ৰাণত তেওঁৰ কথা প্ৰাণে-প্ৰাণে লাগি যায়। প্ৰিয়জনৰ মুখৰ মধুৰ কথাই উতলা হিয়াক চেঁচা কৰে। ই স্বাভাৱিক নীতি। লাহৰীয়ে সেই দিনা তেওঁৰ প্ৰাণৰ প্ৰাণ কমলৰ মুখৰপৰা সেই দুষাৰি কথাতে দুটি মহৌষধ পাই আকৌ ভালেমান দিনলৈকে স্থিৰে ৰব পৰা হল।

আহিনীয়ে লাহৰীক কেঁচুৱাৰেপৰা কোলাত লৈ ডাঙৰ কৰিছিল। সৰুৰেপৰা লাহৰীক তাই বৰ মৰম কৰিছিল। আগেৰেপৰা লাহৰীয়ে যেনে কাম ভাল পায়, আহিনীয়ে তেনে কাম মৰি-পৰি কৰে। সেই দিনা পুখুৰীপাৰৰপৰা আহিয়েই লাহৰীয়ে মনে মনে আহিনীক লগত লৈ আকৌ পুখুৰীপাৰৰ ফুলনিলৈ গল। ফুলনিত গৈ লাহৰীয়ে আহিনীক লাহে-ধীৰে কবলৈ ধৰিলে, “আহিনী বাই,তোক আৰু মই ইমান দিনে কোনো কথা এই দৰে গুপুতে কব লগাত পৰা নাই। আজি তই মোৰ বৰ কাম এটা কৰি দিব লাগে। পাৰিবি নে নোৱাৰ আগেয়ে ক।”

আহিনী।—“আইদেউ! মই নো আপোনাৰ কথা কেতিয়া নুশুনোঁ ! আপোনাৰ কথাত যদি মই মৰিবলৈকো যাব লাগে, তেও আগ বাঢ়িম।”

লাহৰী।—“আহিনী। তই যে মোক বৰ ভাল পাৱ, মই আগৰেপৰা জানোঁ।। সেই দেখি হে তোক আজি মোৰ এনে গুপুত কথাৰো ভাগ দিবলৈ মাতি আনিছোঁ। এতিয়া কথা হৈছে কি, তই কোনেও নজনাকৈ মোৰ চিঠি কমললৈ আৰু কমলৰ চিঠি মোলৈ নিয়া-অনা কৰিব লাগিব। পাৰিবি নে নোৱাৰ, ক এতিয়া।”

আহিনী।—“বাৰু, আইদেউ, কৰিব লাগে।”

লাহৰী৷— “আহিনী। তই নো মোক কিমান ভাল পাৱ, আজি ভালকৈ বুজিলোঁ। বাৰু, এতিয়া যা। মই অলপ পাচে যাম।”  আহিনী অহাৰ পাচত লাহৰীয়ে গুণ্-গুণ্‌কৈ কৈ নাম গাই ফুলনিৰ মাজে-মাজে ফুৰিবলৈ ধৰিলে। লাহৰী এতিয়া এনে গহীন, কোনে কব পাৰে যে, এই লাহৰীয়েই এই পুখুৰীপাৰতে অলপৰ আগেয়ে বাউলীটি হৈছিল। পাচে, সন্ধ্যা হবৰ দেখি লাহৰী ঘৰলৈ আহিল। লাহৰীৰ আইতাকেও আজি লাহৰীক এনে স্থিৰ হোৱা দেখি মনে মনে বৰ ৰং পাইছিল।

তেওঁ ইটো-সিটোক ফুচ্‌ফুচাই কৈ ফুৰিছিল, “আজি আইদেউৰ মনটি ভাল দেখিছোঁ; তহঁত কোনো ওচৰলৈ নাযাবিহঁক।” আইতাকে আকৌ বাৰ জুমি চাই কলে, “মোৰ পোনাই আখৰ লিখিছে।” এই বুলি তেওঁ বুলনি-ঘৰলৈ ওলাই গল। ইফালে যে লাহৰীয়ে কি আখৰ লিখিছে তাক তেওঁ হে জানে। লাহৰীয়ে কিতাপ চাই আখৰ লিখা ভাওটিৰে আগতে কিতাপ এটি মেলি লৈ মনে মনে কমললৈ চিঠি লিখিবলৈ ধৰিছে। চিঠি লিখিবলৈ বুলি হাতত কাপ লোৱা লাহৰীৰ এয়ে প্ৰথম।

সেই দিনা চিঠিত অইন বিশেষ কথা একো লিখা নাই, কেৱল আগ-ৰাতি দেউতাক আৰু আইতাকে কি মন্ত্ৰণা কৰিছিল, তাকে হে লিখিলে। লিখিলে বুলি, কমলৰ উৎপত্তিৰ কথা যি শুনিলে, তাক একোকে নিলিখিলে। কিয়নো, লাহৰীয়ে তেনে কথা লিখি কমলৰ মনত দুখ দিয়ক অন্ত, নিজৰ মনৰ দুখৰ কথা লিখিও কমলৰ মনত দুখ দিব নোখোজে। কেতিয়াবা অগত্যা একেষাৰ লিখিব লগাত পৰিলেও, তাক আন সন্তোষৰ ভাবেৰে তেওঁ ঢাকি পঠিয়ায়।

পিচদিনা ৰাতিপুৱাই আহিনীয়ে চিঠি লৈ কমলক দিলেগৈ। কমলে তেতিয়াই উত্তৰ নিদি আহিনীক অলপ পাচত আহিবলৈ কৈ পঠিয়ালে। কমলেও, এনে চিঠি লিখিবলৈ কাপ লোৱা আজিয়েই প্ৰথম। তথাপি,কমল এতিয়া লৰা নহয়। সৰু কালতে কমলৰ তীক্ষ্ণ বুদ্ধিৰ বিশেষ চিনাকি পোৱা গৈছিল। চিঠিৰ উত্তৰ তেওঁ এনে মৌ-বৰষাকৈ লিখিলে যে লাহৰীয়ে পঢ়ি দুখ, বেজাৰ, বিপদ সকলো পাহৰি গল ৷ তাৰ পাচত, আৰু দুবাৰ-তিনিবাৰমান লিখা-লিখি কৰি লাহৰীয়ে চিঠিৰ মোল সুন্দৰকৈ বুজি উঠিলে।

বাস্তৱতে, চাবলৈ গলে, চিঠিয়ে পৱিত্ৰ প্ৰেমৰ ৰস যিমান উলিয়াব পাৰে, আন একোৱে সিমান নোৱাৰে। যাক প্ৰাণে-প্ৰাণে ভাল পোৱা যায়, তেনে জনলৈ চিঠি লিখি যে কেনে পবিত্ৰ সুখৰ অধিকাৰী হোৱা যায়, যি এবাৰ তেনে সুখৰ মোল পাইছে, তেওঁ হে বুজিছে। কিন্তু, সেই বুলি যেই সেই চিঠিয়েই তেনে সুখ টানিব নোৱাৰে। বৰঞ্চ, পৱিত্ৰ প্ৰেম আৰু পবিত্ৰ ভাবৰ চিঠি নহলে, প্ৰেম-পত্ৰই তাৰ বিপৰীত ফল হে জন্মায়। তেনে চিঠিয়ে বিপদৰ দুৱাৰ সোনকালে মুকলি কৰে।

কিন্তু, লাহৰীয়ে কমললৈ লিখা চিঠি! অহঃ, যি কমলৰ মুখৰ দুটি কথা একেলগ কৰি, তাৰপৰা পৱিত্ৰ ভাব লৈ আৰু সঙ্কটত নিৰুপায় হৈ অদৃষ্টক সাক্ষী কৰি চিঠি লিখিবলৈ বহে, তেওঁৰ কাপে মৌ-বৰষায়, তেওঁৰ কাপে বিপদ মাৰ নিয়ায়। ইয়াৰ পাচতো কেইবাখনো চিঠি-পত্ৰ চলোৱা হল; প্ৰত্যেক খনিতে একে পৱিত্ৰ ভাব, পৱিত্ৰ কথা। লাহৰী-কমলে আগত এটা ডাঙৰ ভেটা আৰু অসংখ্য বিপদলৈকো আওকাণ কৰিছিল বুলিও, কোনো এখন চিঠিত কোনো এটি কথা ভ্ৰম বা অজ্ঞান স্বৰূপে লিখা নাছিল।

লাহৰী-কমল যেন সেই সময়ত নৈতিক বলেৰে বলী আৰু দৈব জ্ঞানেৰে জ্ঞানী হৈছিল। কিয়নো, যি মুহূৰ্ত্তত কমলৰ মুখৰপৰা লাহৰীৰ আগত সেই শেহৰ কথা কেষাৰি ওলাইছিল, সেই মুহূৰ্ত্তৰেপৰা লাহৰী-কমলে আশা-ভৰসা, বেজাৰ-বিপদ সকলোকে অদৃষ্টৰ ওপৰ নিৰ্ভৰ কৰি নিশ্চিন্ত হল, সেই দিনাৰেপৰা লাহৰীয়ে বৰ্ত্তমান বিপদৰ কথা হে নালাগে, যেই-সেই কথাতে অলপ মন বেয়া লাগিলেই, অকলে অকলে পুখুৰীপাৰলৈ গৈ এটি জোপাৰ মাজত, বহি, চকু মুদি নিয়তিক ভাবিলৈ ধৰেগৈ; মনৰ শান্তি নোপোৱালৈকে লাহৰীৰ সেই আন্তৰিক উপাসনা নেভাগে। এই দৰে ভাবি ভাবি নিয়তিৰ নীতিত লাহৰীৰ বিশ্বাস এনে দৃঢ় হল যে, সেই বিশ্বাসেই তেওঁৰ সকলো বিপদ গুচোৱা অব্যৰ্থ মহৌষধ হৈ উঠিল।

স্বৰূপতে, এই সংসাৰ-সাগৰৰ মাজত অদৃষ্ট-নিৰ্ভৰ একেখনি মাথোন আশা-তৰি। এনে বিশ্বাসে যাৰ হৃদয়ত এবাৰ ঠাই পাইছে, যাৰ হৃদয় এবাৰ এনে নৈতিক পোহৰে উজ্জ্বল কৰিছে, তেওঁ আৰু এই ভয়ঙ্কৰ সংসাৰ-সাগৰৰ বিপদটোলৈ কেৰেপ্ নকৰে। নিলগৰপৰা অনেকে অনেক কব পাৰে, কিন্তু যি এবাৰ চকু মুদি সেই নিয়তিৰ মুৰ্ত্তি হিয়াত থাপনা কৰিছে, যাৰ হৃদয় সেই শিৱ মূৰ্তিয়ে এবাৰ মঙ্গলময় কৰিছে, সি আৰু ইহ-জনমত সেই পৱিত্ৰ নামৰ মহিমা পাহৰিব নোৱাৰে। লাহৰীৰ এই উপাসনা কৰিবলৈ কোনো ঠাইৰ ঠিকনা নাই, সময় নিৰ্দ্ধাৰিত নাই; য’তে যেতিয়াই সুবিধা ঘটে, ত’তে তেতিয়াই তেওঁ উপাসনাত ধৰে।

এই দৰে লাহৰী আকৌ বহুত দিনলৈকে নিশ্চিন্ত আছিল। কিন্তু হাঁয়, মানুহৰ মন। একেটি বিশ্বাসে কিমান স্থিৰ ৰাখিব। সেই দিনা ৰাতিপুৱাৰপৰা খোজ-বঢ়াৰ উলহ-মালহ লাগিবৰ দেখি, লাহৰী আকৌ নিৰাশাৰ সোঁতত উটি যাবলৈ ধৰিলে, লাহৰী আকৌ সেই চেঁচুকৰ সোঁঁতত পৰি ঠেৰেঙ্গা লাগিল; লাহৰীৰ হাত-ভৰি অৱশ হৈ পৰিল। লাহৰীৰ সেই দিনাৰ অবস্থা কোৱাতকৈ অনুমানত হে বেচিকৈ বুজা যায়। সেই দিনা তিৰোতা-সমাজত কোনেও লাহৰীৰ তেনে মৰ্ম্মান্তিক বেদনাৰ প্ৰকৃত কাৰণ বুজিব পৰা নাছিল। খোজ-বঢ়া শেষ হোৱাৰ পাচত সকলো ঘৰা-ঘৰি উঠি গল। লাহৰীয়েও লাহেকৈ উঠি তেওঁৰ মহৌষধ সেৱন কৰাৰ ঠাই পুখুৰীপাৰৰ ফালে খোজ ললে।

ফুলনিত গৈ এটি জোপাৰ মাজত বহি চকু মুদি সেই বিধানকাৰী বিধাতাক ভাবিবলৈ ধৰিলে। তিনিখনমান তামোল খাবৰ পৰ ধ্যানত বহি, লাহৰীয়ে চকু মেলি চাই দেখে, দেখোন সকলো মঙ্গলময় ৷ সম্পদৰ অমৃতময় আখ্যানে মন-প্ৰাণ যেন শীতল কৰি নিছে ৷ লাহৰীয়ে এই দুখ অনুভৱ কৰি অকলে অকলে হাঁহিবলৈ ধৰিলে ৷ অহঃ, ঔষধটিৰ কেনে গুণ! এপালিতে লাহৰীক সাংঘাতিক ৰোগৰপৰা নিস্তাৰ কৰিলে। তাৰপৰা উঠি আহি, লাহৰীয়ে ঘৰৰপৰা গোপনে লিখাৰ সঁজুলি লৈ, আকৌ সেই জোপাটিৰ মাজত বহি ললেগৈ। ইমান দিনে লাহৰী-কমলে যিবোৰ চিঠি-পত্ৰ চলাইছে, পুথিৰ কলেৱৰ বঢ়াৰ আশঙ্কাত আমি পাঠকক সেইবোৰৰ নকল দিব নোৱাৰিলোঁ। সেই কাৰণে, সিবিলাকে ইতিমধ্যত লিখা চিঠি কেখনিমানকে তাৰ আৰ্হি স্বৰুপে চাওক:-

“শ্ৰীশ্ৰীহৰি শৰণং ।”

কমল!

ইয়াৰ অলপৰ আগেয়ে মই আকৌ বাউলী হব লগাত পৰিছিলোঁ। মোক ক্ষন্তেকৰ নিমিত্তে তুমি দিয়া জীৱনীমন্ত্ৰৰ বল-শক্তিয়ে এৰি গৈছিল। কিন্তু, তোমাৰ মহামন্ত্ৰৰ কি যে গুণ!—তাক এবাৰ মুখত লৈয়ে মই এতিয়া আকৌ সুস্থিৰ হলোঁ; মই এতিয়া আকৌ আগৰ দৰে থিৰ; মোৰ এৰি যোৱা বল-শক্তিয়ে ঘূৰি আকৌ ভাগে ভাগে মোক বল দিছেহি। নহলে তো মই তোমালৈ ইমান সোনকালে চিঠি লিখিবকে নোৱাৰিলোহেঁতেন।

তুমি মোক যেনে শান্ত, ধীৰ আৰু ভাল অৱস্থাত দেখিবলৈ ভাল পোৱা, মই এতিয়া ঠিক তেনেই আছোঁ। এতেকে, মোৰ নিমিত্তে তুমি অকণো চিন্তা নকৰিবাঁ। এতিয়া, তুমিও মোৰ দৰেই সেই মহামন্ত্ৰ সুমৰি সুখে আছাঁ বুলি জানিলেই, তোমাৰ হৈ মোৰ যি এফেৰি চিন্তা আছে, তাকো পাহৰিব পাৰোঁ ৷

কমল! আজিৰ দিনত যি হৈ গৈছে, তাক মই চিঠিৰে জনাবৰ সকাম নাই, তুমি নিজেই সকলো বুজিছাঁ, আৰু সকলো জানিছাঁ। কিন্তু কমল ! সেই বুলি তুমি কিবা বেজাৰ বা অসন্তোষ কৰিবা নে? মই জানোঁ, তুমি কেতিয়াও বেজাৰ নকৰাঁ। মই জানোঁ, তুমি মোতকৈয়ো থিৰ ৷ কমল ! মই অলপ পৰ চকু মুদি ঈশ্বৰক চিন্তিলেই আকৌ সুস্থিৰ হওঁ। কোনোবাই যেন মোক কাণে কাণে কৈ যায়হি যে, আমি ভয় কৰাৰ সকাম নাই।

আমাৰ ঈশ্বৰ সহায়। সি যি হওক, কমল! মোৰ ই প্ৰাণে তোমাত বাজে আন কাকো নাজানে। এই জগতত মোৰ নিজৰ প্ৰাণতকৈয়ো ভাল পোৱা প্ৰাণীৰ ভিতৰত তুমিয়েই প্ৰথম। তোমাৰ পাচত হে মোৰ মৰমৰ আইতা আৰু দেউতা। কমল! এই পৃথিবীত মই যিমান দিন জীয়াই থাকোঁ, তোমাৰ প্ৰতি মোৰ ভালপোৱা অটল। মোন এই সময়ৰ জীৱনৰ ধৰণী সেই দীনবন্ধুৰ চৰণত খাটিছোঁ, যেন জন্মে-জন্মে মই তোমাৰেই হে সঙ্গিনী হবলৈ পাওঁ। এতিয়া, কমল! তুমিও যেন মোৰ দৰেই খিৰ থাকিবাঁ, ইয়াকে হে আশা কৰিলোঁ।

ইতি মৰমৰ,——লাহৰী।

• • • •

লাহৰি!

তোমাৰ চেনেহী চিঠিখনি পঢ়ি মোৰ হিয়াত আনন্দ উপচি পৰিছে, অন্তৰত ভাব নধৰা হৈছে। কিন্তু লাহৰি, কিনো কম, মোৰ ভাব আছে,ভাষা নাই, প্ৰকাশ কৰিবৰ উপায় নাপাওঁ। তোমাৰ দৰে খোৰতে এপাচী ভাব একঠা কথাৰে আখৈ-ফুটাবলৈ আই-সৰস্বতীয়ে মোৰ কাপ-কণ্ঠত খিত্ নিদিয়েচোন। মই অতি অভাজন, তাতে দুৰ্ভগীয়া। মোৰ সুখ-দুখলৈ মই নাভাবোঁ, কেনেবাকৈ মই হেতু হৈ তোমাৰ সুখ-শান্তি ভাঙ্গো বুলিহে সদায় ভয় কৰোঁ।

সি যি হওক, লাহৰি, তুমি সকলো আশা-ভাৰসা অন্তৰ্য্যামী পৰমেশ্বৰৰ চৰণত নিৰ্ভৰ কৰি নিশ্চিত আছাঁ বুলি জানি, ময়ো এফেৰি নিশ্চিন্ত আছে। আগন্তুক আপদ-সাগৰৰপৰা কোন্ পাকে কেতিয়া কিভাৱে আমি পাৰ পামহঁক,সেইটো নেদেখাজনেহে দেখিছে৷ আজিলৈ ইমানতে দেই,লাহৰি ৷

ইতি—

মৰমৰ,—কমল।

*********************

ত্ৰয়োদশ আধ্যা- ন-পমুৱা মান

সেই দিনা ৰত্নেশ্বৰ ৰাজখোৱাই সঁচাকৈয়ে পামপুৰ পাৰ নোহোৱালৈকে বাহী-গা নুধুলেই। তেওঁ ঘৰলৈ খোজ লওঁতেই বেলি ভাটি দিছিল; বৰনৈ পায়গৈমানে আবেলি হল। ৰত্নেশ্বৰে নৈ-দাঁতীয়া মিৰিগাঁৱত সোমাই গাখীৰ এপোৱামান আৰু কল দুটামান কিনি ললেগৈ; আৰু বৰনৈতে গা ধুই তাকে খাই মাথোন তেওঁ পেটৰ পোৰণি মাৰিলে। তাৰ পাচে কোবাকুবিকৈ খোজ ধৰি তেওঁ সেই দিনাই ঘৰ পালেগৈ। ঘৰত গৈয়ো, দিনদিয়েক তেওঁৰ মনত সমূলি সুখ-শান্তি নোহোৱাত পৰিল। অন্তত, প্ৰতিহিংসাৰ ভাবে মনত ঠাই ললেহি; আৰু দিনে দিনে সেই হিংসা-ভাব ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে।

সেই দৰেই মাহদিয়েক পাৰ হৈ গল; এদিন সেই প্ৰতিহিংসাৰ প্ৰেৰণাত ৰব নোৱাৰি, তেওঁ এইবুলি অঙ্গীকাৰ কৰিলে যে, যেনে-তেনে উপায়েৰে তেওঁৰ সেই হাবিয়াসৰ ধন লাহৰীক তেওঁ হাত কৰিবই কৰিব। ইয়াকে গুণা-গঁথা কৰি, সেই দিনাই, সিবাৰ তেওঁৰ ঘৰত আলহী থকা পামপুৰীয়া মানুহটিক আনিবলৈ ৰত্নেশ্বৰে মানুহ পাচিলে। বাতৰি পোৱা মাত্ৰকে যথা সময়ত পামপুৰীয়া গৈ উপস্থিত হলত, ৰত্নেশ্বৰে তেওঁক নিজৰ মনৰ কথা ভাঙ্গি কলে।

তেওঁ নিজৰ উদ্দেশ্য সিদ্ধিৰ অৰ্থে বৰ্ত্তমান যি যি উপায় পাঙ্গিছিল, তাক পামপুৰীয়াৰ আগত এইবুলি কবলৈ ধৰিলে, পামপুৰীয়া তোমাক আজি মই মোৰ মনৰ কথা এটা ভাঙ্গি কওঁ। আমাৰ দেশৰ অৱস্থা দুৰাচাৰ মানহঁতে তিনিবাৰে নিবাৰকৈ যি কৰি ৰৈ গৈছে, সেয়ে আটিছে। ইয়াৰ উপৰি, আমি জনা-শুনা মানুহ হৈ আকৌ তাহাঁতৰ আদিকা থাকি যোৱা উপদ্ৰৱী মানহঁতক উৎসাহ দিয়াটো যুগুত নহয়। কিন্তু, পামপুৰীয়া মোৰ বৰ্ত্তমান মনৰ উত্তেজনাত, মই সেই কীৰ্ত্তিনাথৰ জীয়েকক বলেৰে আনিব লগীয়া হয় যদিও, যেনে-তেনে উপায়েৰে আনিম বুলি ভীষ্ম-প্ৰতিজ্ঞা কৰিলোঁ।

এতিয়া মোৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ হলে, সেই মানহঁতৰ সহায় নললে নচলে। সেই কাৰণে, মই এতিয়া ন-পমুৱা মান কিছুমান গোটাবলৈ যাওঁ; তোমাকো লগতে লৈ যাব খোজোঁ ৷ তোমাক লগত নিয়াৰ আন কোনো অৰ্থ নাই, মাথোন তোমাক চিনাকি কৰি দি, সিহঁতক তোমাৰ লগ লগাই দিম। তুমি আন বিশেষ একো কৰিব নালাগে; মাথোন সিহঁতক কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ জীয়েক লাহৰীক চিনাই দিবাঁগৈ। আমি আজিয়েই ঘৰৰপৰা ওলাওঁ বুলিছোঁ; আশা কৰোঁ, ইয়াত তোমাৰ কোনো আপত্তি নাথাকিব।”

 পামপুৰীয়া—“নহয়, বোপা-দেউতা, মই কিনো-ৰূপে-সৈতে, নোৱাৰিম হবলা? সিহঁতে আকৌ আমাৰ গাওঁ ভাঙ্গি, কিনো-ৰূপে-সৈতে, খাস্তাং কৰিব।”

 ৰত্নেশ্বৰ।—“তুমি সেই কথালৈ একো ভয় নকৰিবাঁ; মই সিহঁতক ঠিক ৰাখিব পাৰিম।”

 পামপুৰীয়া ৷—“বাৰু তেন্তে, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, আপুনি হে জানে। গাওঁ ভাঙ্গিব খুজিলে কিন্তু কিনো-ৰূপে-সৈতে, মই আগধৰি ভাঙ্গিম ৷”

 পামপুৰীয়াক এই প্ৰস্তাৱত মান্তি কৰাই, ৰত্নেশ্বৰে লগত কিছুমান টকা আৰু লগুৱা এটা লৈ, সেই দিনাই দুয়ো ন-পমুৱা মানৰ গাঁৱলৈ যাত্ৰা কৰিলে ৷

 সেই ন-পমুৱা মানবিলাকৰ সম্বন্ধে বহলাই বৰ্ণনা নকৰিলেও হব; অসমত ইহঁতৰ বসতিৰ বিষয়ে ‘মানৰ দিন’ কাহিনী জনাসকলে ভালকৈ জানে। মানৰ সেই উপদ্ৰৱৰ পাচতো, অসমত ৰৈ যোৱা এই ন-পমুৱা মানহঁতে ছেগ বুজি উপদ্ৰৱ কৰে; সেই কাৰণে অনেকে ইহঁতৰ উপদ্ৰৱো মানৰ উপদ্ৰৱৰ লগতে ধৰি থয়। মানে লুট্‌-পাট্‌ কৰি জুৰুলা কৰি থৈ যোৱাৰ পাচতো, ৪|৫ বছৰলৈকে মাজে মাজে ইহঁতৰ উপদ্ৰৱ চলি আছিল।

আন কি, ইহঁতৰ উপদ্ৰৱ বাৰেওকালি হয় বুলিলেও বঢ়াই কোৱা নহয়; কিয়নো, ইহঁতে অসমীয়াক অত্যাচাৰ কৰিয়েই জীবিকা চলাইছিল। কোনো মানুহৰ উদগনি পালে যে কথাই নাই। এই দৰেই, অনেক দুষ্ট কুলাঙ্গাৰে দুখীয়া প্ৰজাৰ বয়-বস্তু লুট্‌-পাট্‌ কৰোৱাই সৰ্বনাশ কৰিছিল। আমি যি সময়ৰ কথা কৈছোঁ, সেই সময়ত এই ন-পমুৱা মানবিলাকক য’তে-ত’তে পোৱা গৈছিল। ইহঁতে য’তে জীবিকা উলিয়াবৰ সুবিধা দেখে, সেই ঠাইৰ ওচৰতে গুপ্তভাৱে বসতি কৰিছিল।

কিন্তু, ৰত্নেশ্বৰৰ বৰ্তমান উদ্দেশ্য সাধিবৰ নিমিত্তে যেই-সেই মানৰে সৈতে কাম নচলে; গতিকে তেওঁ একেবাৰে ভালেমানলৈ উজাই যাব লগীয়া হল। কিয়নো, আন ঠাইতো তেওঁৰ উদ্দেশ্যৰ উপযুক্ত মান পোৱা যায় নে নাযায়, ৰত্নেশ্বৰে নাজানে। দুবছৰমানৰ আগেয়ে ৰত্নেশ্বৰে ছোৱালী চাবৰ মনেৰে এবাৰ উজনিলৈ গৈছিল ; তেতিয়াই তেওঁ এখন ন-পমুৱা মানৰ গাওঁ দেখি যায়। সেই বাৰ তেওঁ উজাই যোৱাৰ বিষয়েও অলপ কব লগীয়া আছে। কিন্তু, সবিশেষ অলপ পাচে হে কোৱা যাব।

ৰত্নেশ্বৰে উজনিত আগেয়ে ছোৱালী খুজিবলৈ যাওঁতে চিনাকী হোৱা মানুহএঘৰতে এৰাতি কটালে। তাৰ পিচদিনা মান-গাঁৱলৈ গৈ চাৰিকুৰিমান মান গোটাই লৈ আনিবলৈ ঠিক কৰিলে। তাৰ পাচত, সিহঁতক ৰত্নেশ্বৰে নিজৰ উদ্দেশ্য ভালকৈ বুজাই দি সুধিলে, “তহঁতে পিচে গাৱঁৰ মানুহক আমনি নকৰ নহয়?”  মানহঁত।– (এজাকে একেবাৰে) “উঃ নকৰঙ্‌ অ, দৌটা, নকৰঙ্‌। তুই পাচে আমাক ধন নিদিলে হে বয়া হব।” ৰত্নেশ্বৰ।—“তহঁতে মোৰ কাম কৰি দিব পাৰিলে মই তিনিকুৰি টকা দিম বুলিছো নহয়।”

 মানহঁত।—“বাৰু, অ দৌটা, তোৰ কাম কৰি দিম দে, তই ভয় নকৰিবি।”

 ৰত্নেশ্বৰ।—“আৰু এটা কথা। মই তহঁতৰ লগত নাযাওঁ। (পামপুৰীয়াক দেখুৱাই) তহঁতে এই মানুটিয়ে যি কয়, তাকে শুনিব লাগিব। এওঁ হে সেই ছোৱালীজনী দেখুৱাই দিবগৈ।”

 মানহঁত।—“হুনিম দে অ, দৌটা, হুনিম। তই একো ভয় নকৰিবি দে। আমি জানোং, এওঁৰ কথা মতে চলিম।”

 ৰত্নেশ্বৰ।—“বাৰু তেন্তে, তহঁত কাইলৈ ৰাতিপুৱাই আটাইবোৰ ওলাই আহিবিহঁক। এতিয়া ঘৰাঘৰি যাগৈহঁক দেই।” যাবলৈ কোৱা মাত্ৰকে মানহঁত দিহাদিহি ঘৰলৈ গল। ৰত্নেশ্বৰেও পামপুৰীয়াৰে সৈতে আলহী থকা ঠাইলৈ উভতি আহিল।

 সেই দিন সেই আলহী-বহাতে শুদাই-নিকাই এমুঠি খাই লৈ, পামপুৰীয়াৰে সৈতে ৰত্নেশ্বৰে কোবাকুবিকৈ ঘৰলৈ ওলটা-যাত্ৰা কৰিলে। বাটে-বাটে দুইৰো মাজত অনেক কথা-বতৰা হল। মানহঁতক লগাই, কেনেকৈ ঘৰ-বেৰা দি, লাহৰীক ধৰি লৈ, একেদিনাই বৰনৈ পাৰ হৈ, ক’তো এখন্তেকে নোৰোৱা-নিজিৰোৱাকৈ ৰত্নেশ্বৰৰ ঘৰ পাবগৈ লাগিব; লাহৰীক নি পোনেই তেওঁৰ আগত থিয় কৰাব, মানহঁতক তাতে আৰু দিনদিয়েক ৰাখি, আগন্তুক খেদি অহা মানুহক কেনেকৈ ওফৰাই পঠিয়াব ইত্যাদি লানি-নিছিগা আলাপ-আলোচনাৰে সৈতে বাটকুৰি বাই সেই একেদিনাই দুয়ো ৰত্নেশ্বৰৰ ঘৰ পালেহি।

*********************

চতুৰ্দশ আধ্যা- জয়ন্তী

পিচদিনা ৰাতিপুৱাই ৰত্নেশ্বৰ আৰু পামপুৰীয়া আকৌ ন-পমুৱা মানৰ গাওঁ পালেগৈ। সিফালে সিহঁতে এওঁবিলাক নৌ যাওঁতেই খাই-বৈ, কাপোৰ-কানি বান্ধি সাজু হৈ ওলাই আছিল। এওঁবিলাকক দেখা মাত্ৰকে চাৰিওফালৰপৰা বিং-বিং বাং-বা কৰি তিনি কুৰি দহোটা মান আহি জুম্‌ বান্ধিলেহি। ৰত্নেশ্বৰে সিহঁতক আকৌ আগৰ কথালৈ মনত পেলাই দি, পামপুৰীয়াক কলে, তুমি এতিয়া বাজে-বাজেই যোৱাঁগৈ। ইয়াতে মোৰ আৰু এটি সকাম আছে; মই কাইলৈ হে ইয়াৰপৰা উলটি খোজ লম। তুমি এতিয়া পোনে-পোনেই ইহঁতক পামপুৰলৈ লৈ যোৱাঁগৈ। বিশেষ কথা তোমাক আৰু শিকাবৰ আৱশ্যক নকৰে।

বৰনৈ পাৰ হওঁতে,মানুহে নেদেখাকৈ আন এটা ঘাটে পাৰ হবাহঁক। তোমালোকে মোক ঠিক সময়ত মোৰ ঘৰতে পাবাহি। তুমি এতিয়া ইহঁতৰ দৰেই কাপোৰ-কানি পিন্ধি লোৱাঁ।” এই বুলি, আকৌ মানহঁতৰ ফালে ঘূৰি তেওঁ কবলৈ ধৰিলে, “তহঁতে এতিয়া এওঁকো তহঁতৰ দৰেই কাপোৰ-কানি পিন্ধাই সজাই লব লাগে। আৰু, এওঁ যি কব, তহঁতে তাকে শুনিব লাগিব।”

মানহঁত—“আমি জানোঙ্ অ, দৌটা, তয় হিকাব নেলাগে দে।”

মানহঁতে পামপুৰীয়াকো সিহঁতৰ দৰেই কাপোৰ-কানি পিন্ধাই লৈ পামপুৰৰ মুখে খোজ ললে। ৰত্নেশ্বৰে সিহঁতক আৰ নোহাৱালৈকে চালে, তাৰ পাচত তেওঁ আলহী থকা ঠাইলৈ উভতিল। ৰত্নেশ্বৰ সিহঁতৰ লগত নোযোৱাৰ আন একো কাৰণ নাই; কেৱল তেওঁ লোক-নিন্দালৈ অলপ ভয় কৰিছিল। জনা-বুজা মানুহ হৈ তেনেকুৱা গৰ্হিত কাম কৰিলে দহজনে বেয়া বুলিব, এই ভয়ত তেওঁ সিহঁতৰ লগত নগল ৷ তাৰ পাচে, বাটে বাটে নানা চিন্তাত বিভোল হৈ ৰত্নেশ্বৰ আলহী-থকা ঘৰ পালেগৈ।

ৰত্নেশ্বৰে এই যাত্ৰাত আলহী হোৱা ঘৰৰ কথা আমি ওপৰত অলপ উনুকিয়াই মাথোন আহিছোঁ। এতিয়া সেই মানুহঘৰৰ আঁতি-গুৰিৰ কথা বহলাই নকলেও, মুঠতে কৈ থওঁ যে, এইখন আগৰ এজন ডাঙৰ বিষয়াৰ ঘৰ আছিল। পাচতো, সেই বিষয়া জন নাই বুলিও, তেওৰ বিধৱা ভাৰ্য্যাৰ ঐশ্বৰ্য্য আৰু ক্ষমতা সামান্য নাছিল। এই ঠাই ডুখৰিৰ ভিতৰত তেওঁৰ ক্ষমতা ৰাণীৰ ক্ষমতাৰ দৰে আছিল। আগৰ ডাঙৰ বিষয়াৰ ভাৰ্য্যা বুলি আৰু বৰ্তমান অনেক ধন-সম্পত্তিৰ বলত তেওঁ এই ঠাইৰ সৰু-বৰ সকলোৰে ওচৰত সম্মান পাইছিল আৰু সকলোৱে তেওঁক খাতিৰ কৰিছিল।

তেওঁৰ জয়ন্তী নামেৰে ছোৱালী এটি আছিল। সেই ছোৱালীটিকে দুবছৰৰ আগেয়ে ৰত্নেশ্বৰে বিয়া কৰাবৰ মনেৰে চাবলৈ আহিছিল। তেতিয়া জয়ন্তীৰ বয়স চৈধ্য বছৰ মাথোন হৈছিল। ৰত্নেশ্বৰে সেই বাৰ ছোৱালী নিন্দাই বিয়া কৰাবলৈ অসম্মত হৈ উলটি গুচি গল। স্বৰূপতে কিন্তু ছোৱালীটি বৰ সুন্দৰী আছিল। তেতিয়া তেওঁ সৰু আছিল বুলিয়েই বা ৰত্নেশ্বৰে সেই সময়ত যাকে-তাকে বেয়া ভাবি ফুৰাৰ কাৰণেই, জয়ন্তী তেওঁৰ চকুত নালাগিল। এতিয়া জয়ন্তীৰ বয়স ষোল বছৰত সোমাইছেহি। বয়সৰ লগে লগে সুন্দৰী জয়ন্তী বৰ ৰুপহীটি হৈ উঠিল। ছোৱালীটিৰ হাত-ভৰি আদিৰ লাৱণ্যতাৰ বিষয়ে নকওঁৱেই, মুখখনি পূৰ্ণিমাৰ জোন যেন শুৱনি আছিল।

ৰত্নেশ্বৰে সেই বাৰ বেয়া বুলি এৰি যোৱাৰ পাচতে, যোৰহাটৰ এটি ৰাজ-কোৱঁৰলৈ জয়ন্তীক বিয়া দিয়াৰ দিন স্থিৰ কৰা হল ৷ লৰাটিৰ বিষয়েই মুঠকৈ কোৱা যায় যে, তেওঁ যেনে ঘৰৰ লৰা, ৰূপে-গুণেও ঠিক তেনেই আছিল। তেওঁক অচিনাকী মানুহে দেখিলেও, তেওঁ কেনে ঘৰৰ লৰা তাক অনুমানত বুজিব পাৰে। লৰাটিৰ নাম পূৰ্ণচন্দ্ৰ গোহাঞি। খোজা-বঢ়া হবৰো আজি ভালেমান দিন হলহি। খোজা-বঢ়া হোৱাৰ পাচত পূৰ্ণচন্দ্ৰ গোহাঞিদেৱে শাহুৱেকৰ ঘৰলৈ মাজে-সময়ে আহি থাকে; এতিয়া তেওঁ শাহুৱেকৰ ঘৰতে।

এই বাৰ তেওঁ ইয়াত থকা কেইবা মাহো হলহি। ইমান দিন জয়ন্তী আৰু পূৰ্ণগোহাঞিদেৱ দুইৰো ভিতৰত মাত-বোল নাই যদিও, ওলাওঁতে-সোমাওঁতে নিলগৰপৰা অনেক বাৰ দেখা-দেখি হৈছে।এতিয়া সিবিলাকৰ পৰস্পৰৰ প্ৰতি এনে মৰম, এনে চেনেহ, এনে আদৰৰ ভাব যে, কোনোৱে যদি পৱিত্ৰ প্ৰণয়ৰ চানেকি চাই সুখী হব খোজে, তেন্তে এই দুটি সুখীয়া প্ৰেমিক-প্ৰেমিকাৰ ফালে এবাৰ চকু দিব লাগে। সংসাৰত প্ৰেম আছে, প্ৰণয় আছে; তাৰ লগে লগে দুখো আছে, বেজাৰো আছে।দুখ আৰু বেজাৰে সেই প্ৰেম আৰু প্ৰণয়ৰ জেউতি অনেক গুণে চৰায় সঁচা, কিন্তু সেই বুলি যে বিনা-দুখ, বিনা-বেজাৰে লাভ কৰা প্ৰেম বা প্ৰণয়ত মোল নাই, এনেও নহয়।

ঈশ্বৰে যাক যেনে ভোগৰ ভাগী কৰিব খোজে, তাক সেই সম্ভোগ দিবলৈ তেনে প্ৰেম আৰু তেনে প্ৰণয়ত হে পেলায়। ঈশ্বৰ নিজে বহুৰূপী; গতিকে তেওঁ সদায় বহুৰূপৰ পক্ষপাতী। তেওঁৰ লীলা-খেলা, আমোদ-প্ৰমোদ, চকু-তৃপ্তি,—আমাৰ দুখ-সুখ, বেজাৰ-আনন্দ, অসুখ-অশান্তিও হব পাৰে। ঈশ্বৰ নিজে মহা-প্ৰেমিক। তেওঁৰ সৃষ্টি-লীলাত যে কত প্ৰকাৰৰ প্ৰেম-ৰস বিৰিঙ্গি পৰিছে, সহস্ৰ মুথে বখানিও তাক শেষ কৰিব নোৱাৰি।

ৰত্নেশ্বৰে জয়ন্তীহঁতৰ ঘৰত আলহী থকা আজি তিন দিন হলহি। আগৰ দুদিন তেওঁ পামপুৰলৈ মান পঠোৱাত অতি ব্যস্ত আছিল; তৃতীয় দিনা পুৱা তেওঁ শুই উঠি মুখ ধুবলৈ বহোঁতেই বুলনিত জয়ন্তীৰ মোহিনী ৰূপৰ চমকনি হঠাৎ তেওঁৰ চকুত পৰিল। ৰত্নেশ্বৰক গোঁসাই-ঘৰৰ টুপতে শুবলৈ দিয়া হৈছিল। গোঁসাই-ঘৰৰ আগত থিয় হলে, বুলনি-ঘৰৰ প্ৰায় সমানে এডোখৰ দেখা যায়। সেই সময়ত জয়ন্তীয়ে গা ধুই আহি বুলনিত বহি একোণ-পতীয়াকৈ মূৰ মেলাইছিল; তেওঁ ৰত্নেশ্বৰলৈ মন কৰা নাছিল। সেই ছেগতে জয়ন্তীৰ ৰূপ-লাৱণ্যতাৰ কথা আৰু বঢ়াই কবৰ সকাম নাই।

ৰত্নেশ্বৰে প্ৰথম দৃষ্টি ঘূৰাব নোৱাৰি মুখ আধা-ধোৱাকৈয়ে ঠৰ্ লাগি চাই ৰল।—চাই চাই, চায়ে ৰল। এই দৰে প্ৰায় এখনমান তামোল খাবৰ পৰলৈকে চাই আছে, এনেতে জয়ন্তীয়ে তেওঁক দেখা পাই, পিচলৈ মেঘ-নেজীয়া চুলিৰ ঢৌ মেলি চঁকিত হৰিণীৰ দৰে ভিতৰলৈ লৰ মাৰিলে। সেই মুহূৰ্ত্তৰেপৰা ৰত্নেশ্বৰক আন এটা নতুন কথা, নতুন ভাব আৰু নতুন চিন্তাই জোকাৰিলৈ ধৰিলেহি। জয়ন্তী যে বয়সত এনে ৰূপৱতী হৈ উঠিব, ৰত্বেশ্বৰে আগেয়ে সপোনতো ভবা নাছিল। ৰত্নেশ্বৰে এতিয়া জয়ন্তীৰ ৰূপত মোহ গৈ লাহৰীৰ সম্বন্ধীয় ভাবনালৈ সেই মুহূৰ্ত্তৰ নিমিত্তে পাহৰি গল; আৰু তেওঁৰ গুপ্ত আয়োজনৰ চিন্তালৈ তেওঁ একেবাৰে পিঠি দি বহিল।

ইমান দিনলৈকে ৰত্নেশ্বৰৰ হিয়া-পটত লাহৰীৰ মোহিনী মূৰ্তি অঙ্কিত আছিল, আজি ৰত্নেশ্বৰে সেই মূৰ্ত্তি ঢাকি তাৰ ওপৰত জয়ন্তীৰ মোহিনী চিত্ৰ আঁকিলে। ৰত্নেশ্বৰে তেওঁৰ পূৰ্বৰ ভ্ৰান্তি সুঁৱৰি অনুতাপ কৰিবলৈ ধৰিলে, আপোনাৰ চকুকে আপুনি নিন্দা কৰিবলৈ ধৰিলে; আৰু জয়ন্তীৰ মূৰ্ত্তি লাহৰীতকৈও মনমোহা বুলি আপোনা-আপুনি সহস্ৰবাৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ইফালে জয়ন্তীৰ বিয়া যে অন্যৰে সৈতে স্থিৰ হৈ গৈছে, সেই কথা ৰত্নেশ্বৰে তেতিয়ালৈকে কব নোৱাৰে। কিয়নো, আগৰ দুদিন নিজৰ পাপ-কাৰ্য্যত লাগি থাকোঁতেই তেওঁ এতিয়াও জয়ন্তী আইতাকৰে সৈতে কথা-বাৰ্ত্তা পাতিবলৈ সময় পোৱা নাছিল।

ভিতৰতে ভালেখিনি পৰলৈকে ৰত্নেশ্বৰে এইবোৰ কথাকে ভাবি-চিন্তি আছিল। তাৰ পাছত, তেওঁ ভিতৰ-চ’ৰালৈ আহি জয়ন্তীৰ আইতাকৰে সৈতে সাক্ষাৎ পাবৰ নিমিত্তে ভিতৰত কবলৈ এটা লিগিৰাক পাচিলেহি। অলপ পৰৰ পাচত, জয়ন্তীৰ আইতাক ওলাই আহি ৰত্নেশ্বৰৰে সৈতে কথা পাতিবলৈ বহিল। তেওঁ জয়ে-জয়ে জীয়েকৰ সম্বন্ধীয় কথাকেই জুৰিলে।

কথা-প্ৰসঙ্গত যেতিয়া ৰত্নেশ্বৰে জয়ন্তীৰ বিয়াৰ বিষয়ে আদ্যোপান্ত কথা বুজি উঠিল, তেতিয়া তেওঁ একেবাৰে নিৰাশ হল। সেই মুহূৰ্ত্ততে ৰত্নেশ্বৰৰ আনন্দত ফুলি পৰা মুখত বিষাদ ডাৱৰৰ ঢাকনি পৰিল। আৰু অলপ পাচৰপৰা জয়ন্তীৰ আইতাকে নো কি কৈছে, তাৰ ভাব বা অৰ্থ তেওঁ বুজিব নোৱাৰাই হল; এটা কথা সুধিলে আন এটাৰ উত্তৰ দিয়াত পৰিল। পূৰ্ণ গোহাঞিদেৱে সেইবোৰ কথালৈ মন কৰি আছিল। দেখি দেখি, তেওঁ আৰু হাঁহি সামৰিব নোৱাৰিলে! জয়ন্তীৰ আইতাকেও ৰত্নেশ্বৰৰ অৱস্থা বুজিব পাৰি তেওঁক একো সমিধান নিদিয়াকৈ ভিতৰলৈ সোমাই গল।

পূৰ্ণ গোহাঞিদেৱে ৰত্নেশ্বৰক নিতান্ত অপ্ৰস্তুত হবৰ দেখি, তেওঁৱেই কথা পাতিবলৈ বহিলহি। ইফালে ভিতৰত জয়ন্তীয়ে, সখীয়েক কাঞ্চনৰে সৈতে, বাৰ জুমি ধেমালি চাবলৈ ধৰিলে। এই দৰে আৰু অলপ পৰ আছে, এনেতে ৰত্নেশ্বৰে নিজৰ বৰ্ত্তমান অৱস্থা তৰ্কিব পাৰি, কাকো একো নোকাৱাকৈয়ে বাতুলৰ দৰে উচাট্ মাৰি তাৰপৰা উঠি গুচি আহিল। হাঁয়, আজি ৰত্নেশ্বৰ বিষমৰূপে অপ্ৰস্তুত। আজি ৰত্নেশ্বৰে পূৰ্ণ গোহাঞিদেৱ আৰু তেওঁৰ শাহুৱেকৰ আগত বান্দৰ-নচা দিলে! ৰত্নেশ্বৰে উঠি গৈ গোঁসাই-ঘৰত সোমাই, শোকে-বেজাৰে লাজে খুন্দা মাৰি ধৰাত,কান্দি পেলালে। তাৰ পাচত, লৰালৰিকৈ টালিটোপোলা বন্ধাই লগুৱাটোৰে সৈতে, পামপুৰৰপৰা আঁতৰ হোৱাৰ দৰে, কাকো মাত নলগোৱাকৈয়ে তেওঁ তাৰপৰা উধাতু খাই প্ৰস্থান কৰিলে !

*********************

পঞ্চদশ আধ্যা- বিয়া

খোজবঢ়া কৰাৰপৰা ভালেমান দিন পাৰ হৈ গল। ইমান দিনলৈকে লাহৰী-কমলে, দুইকো দুইয়ে চিঠিৰে সৈতে প্ৰবোধ দি মন পতিয়াই আছিল। কিন্তু, যিমানেই হওক, মানুহৰ মন !—একেটা বিশ্বাস আৰু একে প্ৰকাৰৰ অকল প্ৰবোধ বাক্যে কিমান স্থিৰেৰে ৰাখিব! যিমানেই হওক,বিপদ ওচৰ চাপিলে, মানুহ অলপ নহয় অলপ বিহ্বল হবই হব। এতিয়া আৰু বিয়াৰ দিন নিচেই ওচৰ চাপিলহি,- আৰু দই দিনমান মাখোন বাকী। দুয়ো কালৰ বিয়াঘৰীয়াই চাৰিওফালে গাখীৰ-গুৰ লগাই বিয়াৰ ধুমধাম লগাই দিছে।

কীৰ্ত্তিনাথ বুঢ়াগোহাঞি আৰু শূলধৰ বৰগোহাঞিৰ ঘৰত বটি-পদুলি অঁতোৱা আৰু ৰভা দিওৱাৰ খৰধৰ লাগিছে। গোটেই পামপুৰত ঘৰে ঘৰে ঘৈণী, বোৱাৰী, জীয়াৰী সকলোৰে মুখত কেৱল বিয়াৰ হে কথা। বিয়াঘৰীয়া দুঘৰত লিগিৰা-লিগিৰীবিলাক আনন্দত উৰুলীকৃত। দৰা-ঘৰত সকলোৰে মন আনন্দত উধাও হৈছে; কন্যা-ঘৰতো কেৱল এটি প্ৰাণীত বাজে সকলোৰে মন আনন্দ বুলিব পাৰি। স্বৰূপতে, ন-পমুৱা বিষয়াসকলৰ সুখৰ ঠাই, পামপুৰত আজি লাহৰী-কমল দুটি প্ৰাণীত বাজে সৰু-বৰ সকলো সুখী।

লাহৰী-কমলে এতিয়াও দুইকো দুয়ো বুজনি দিয়ে আছে হয়, কিন্তু ভিতৰি দুয়ো মাজে মাজে হতাশৰ খুন্দাত অস্থিৰ হৈ পৰিছে ৷ ইয়াৰ আগেয়ে জীৱনীযন্ত্ৰৰূপে মাজে মাজে ঈশ্বৰৰ নাম একোবাৰ লৈয়ে দুদিন-তিনদিনো সিবিলাক শান্ত থাকিব পাৰিছিল। এতিয়া দিনটোৰ ভিতৰত তিনি-চাৰিবাৰকৈয়ো সেই নাম স্মৰণ কৰিব লগাত পৰিছে। দিনে দিনে বিপদ যিমান ওচৰ চাপি আহিবলৈ ধৰিছে, তাৰ লগে লগে লাহৰী-কমলৰ সেই মন্ত্ৰোচ্চাৰণ সিমান ঘন হবলৈ ধৰিছে। ঘন হৈছে বুলি, কমললৈ সিমান অসুচল হোৱা নাই। কিয়নো, কমলে সকলো কথাকে নিৰলে পাইছে; যেতিয়াই যেনে অৱস্থাতে থাওক, কোনো তেওঁলৈ মন কৰোঁতা নাই।

কিন্তু, লাহৰীৰ ফালে ইয়ো এটা বিপদ; দিনটোত লাহৰীৰ মনৰ অৱস্থা যিমান ঘনাই সলনি হবলৈ ধৰিছে, মানুহে লাহৰীলৈ সিমান বেচিকৈ চকু দিবলৈ ধৰিছে। সময়ত এনেও হৈছে যে, মানুহৰ আগতে লাহৰীয়ে তৰ্কিব নোৱাৰাকৈ ঈশ্বৰৰ নাম লব লগাত পৰিছে। অৱশেষত নিৰুপায় হৈ লাহৰী পুখুৰীপাৰৰপৰা ঘৰলৈ আহিবকে নোৱাৰাত পৰে। ইফালে আকৌ বহুত পৰ ঘৰত নেদেখি আইতাকে পুখুৰীপাৰলৈকে লাহৰীক বিচাৰি যোৱা হল। কি হব। আৰুতো লাহৰীৰ উপায় নাই। লাহৰী মহা সঙ্কটত পৰিল।

ঘৰত থাকিলেও মতা, মাইকী মানুহৰ ঘিট্‌ঘিটনিত লাহৰীৰ মনোবদনাই ঘনাই উক্ দিয়ে; অথচ, ঘৰত সিমান ঘনাই জীবনী-মন্ত্ৰ লবলৈ তেওঁৰ সুবিধা নঘটে। হাঁয়, বিপদে যাক পায়, তাক একেবাৰে চাৰিওফালৰপৰা বেৰি ধৰি জলা-কলা কৰে ! লাহৰী বৰঞ্চ বাউলী অৱস্থাতে ইয়াতকৈ ভালেৰে আছিল। এতিয়া বিপদ-চিন্তাই তুঁহজুইৰ দৰে উমাই উমাই লাহৰীৰ কোমল কলিজা ধোঁৱাৰেই ফলা কৰিছে। আৰু নো লাহৰীয়ে কিমান সহিব। লাহৰীয়ে যে নিজৰ শক্তিৰ উপৰিও, ঐশ্বৰিক শক্তিৰে সহিলে। ইমানত আৰু লাহৰীয়ে কেনেকৈ ধৈৰ্য্য ধৰি ৰয়! এতিয়া আৰু লাহৰী আকৌ বাউলী হলে কোনোবা আচৰিত হব নে? এতিয়া আৰু লাহৰীয়ে মৰণত শৰণ দি, আন কোনো উপায়ৰ চিন্তা কৰিলে কোনোবাই দায় নিব নে?

লাহৰীয়ে কিন্তু আনে হঁহালৈ চকু নিদিয়ে, ইতিকিং কৰালৈ কাণ নিদিয়ে আৰু দায় ধৰালৈ কটাহি নকৰে। লাহৰীয়ে কেৱল নিজে অধৈৰ্য্য আৰু বাউলী হৈ তেওঁৰ প্ৰাণৰ প্ৰাণ মৰমৰ কমলৰ কোমল প্ৰাণত ব্যথাৰ উপৰি ব্যথা দিবলৈ এনে বেজাৰতকৈয়ে বেজাৰ পায়। সেই কাৰণে হে আজি লাহৰীয়ে এনে বিপদতো ইমান ফেৰাকে স্থিৰেৰে আছে। সেই দেখি হে লাহৰীয়ে আজিও তেওঁৰ এনে মৰ্ম্মান্তিক বেদনাৰ কথা কাকো নোকাৱাকৈ তাৰ তাপত নিজৰ কোমল কলিজা উতলাই টুল্‌টুলীয়া কৰিছে।

এই দৰেই আৰু চাৰি দিনমান পাৰ হৈ গল। বিয়া একেবাৰে ওচৰ চাপিলহি; টেকেলি দিয়াৰ দিনালৈকে মাজতে দুদিন মাথোন আছে। ইমানলৈকে কমলে লাহৰীৰ প্ৰবোধ মানি নিটাল মাৰি আছিল। ইমানলৈকে কলে নিজৰ মৰ্ম্মান্তিক বেদনাৰ কথা লাহৰীলৈ লিখি তেওঁক বেজাৰ নিদিওঁ বুলি আছিল। কিন্তু, আজি আৰু তাৰ সীমা পাৰ হল। আজি আৰু তেওঁ অন্তৰৰ শেষ কথা নিলিখি নোৱাৰাত পৰিল। সেই কাৰণে, কমলে আজি অগত্যা বেজাৰৰ কাপ হাতত ললে:-

“লাহৰি!

ইমান দিনে তোমাৰ মোহিনী লিখনীৰ মায়াত পৰি বিভোল হৈ, তোমাৰ চেনেহী কথাত মোহ গৈ, তোমাৰ অমৃতময় প্ৰবোধ বাক্যৰ ওপৰতে সকলো কখা নিৰ্ভৰ কৰি, মই নিটাল মাৰি আছিলোঁ। মোৰ দৃঢ়-বিশ্বাস যে, তুমি তোমাৰ আন্তৰিক বেদনা জানিবলৈ দি, মোক বেজাৰ দিবলৈ কেতিয়াও ভাল নোপোৱাঁ। ময়ো, আজিলৈকে তোমাৰ দৰেই অন্তৰৰ প্ৰকৃত বেজাৰৰ ভাব লুকাই, অলপ ভুৱা দি আছিলোঁ। কিন্তু, এতিয়া আৰু সঁচা কথা কোৱাৰ সময় পৰিলহি।

এতিয়া আৰু আগৰ দৰে তুমি বেজাৰ পোৱা বুলি গুপুত ভাৱ, ফুটাই নকলে, অলপ উপকাৰ কৰিবলৈ চাওঁতে, তোমাৰ মহৎ অপকাৰ কৰা হব; আৰু মই সেই পাপৰ ঘোৰ পাতকী হম! লাহৰি। মই নো কিমানলৈকে উচিত বিচাৰ কৰিছোঁ কব নোৱাৰে; যদি কিবা দোষ কৰি থাকোঁ, ক্ষমা কৰিবাঁ। তোমাৰ ওচৰত অপৰাধী থাকিলে, মই এই সংসাৰতে নৰক-যন্ত্ৰণা ভুগিব লাগিব।

লাহৰি! মোৰ প্ৰানে নো তোমাক কিমান ভাল পায়, মোৰ এই ভালপোৱাৰ নো প্ৰকৃত গৰাকিনী কোন্ তাক কথাৰে ফুটাই কবলৈ ভাষাৰ অভাব। তথাপি কওঁ, মোৰ অন্তৰজগতৰ সকলো কথা কেৱল তুমি— মোৰ জীৱনৰ জীৱন স্বৰূপ, একেটি মাথোন আদৰৰ সৰ্বস্ব-তুমি হে জানাঁ। কিন্তু লাহৰি! তোমাৰ প্ৰাণে নো মোক কিমান ভাল পায়, তোমাৰ মানত নো মই কেনে আদৰৰ বন্ধু, মই হেজাৰ বছৰ হেজাৰ মুখেৰে কৈয়ো শেষ কৰিব নোৱাৰিম।

তথাপি লাহৰি, মই এটা কথা কওঁ। আমি সংসাৰৰ ভাব-গতি বুজিবলৈ যদিও নিচেই সৰু, এনে সৰু বয়সতে আমি অনেক দেখিলোঁ, অনেক শুনিলোঁ, সংসাৰৰ গতিত ভালেমান ভটিয়ালোঁ। এতিয়া ভাবি চোৱাঁ, ইচ্ছাময়ৰ ইচ্ছা হকা-বধা কৰিবৰ কাৰ সাধ্য নাই। আমিও এদিন সংসাৰৰ স্বাভাৱিক গতিত ঢাল খাবই লাগিব। এতেকে, তুমি আৰু মোৰ কথা লৈ ব্যাকুল নহবলৈ মনক বুজনি দি ৰাখাঁ। মোৰ সাংসাৰিক সম্বন্ধৰ বান্ধন তোমাৰ দৰে নহয়।

মোৰ আঁতি-গুৰিৰ কথা তোক সবিশেষ কোৱা হৈছে। মোৰ বৰ্ত্তমান কোনো নাই বুলিলেও হয়। মই এতিয়া, বা ইয়াৰ পাচত, যেনে অৱস্থাত থাকিব লগাত পৰে, তেনে অৱস্থাতে থাকিব পাৰিম। গতিকে, মোৰ নিজৰ দুখ-বেজাৰ লৈ মোৰ চিন্তা নাই। মই যে মোৰ পৱিত্ৰ কোমল হিয়াত এনে দৃঢ়ৰূপে ঠাই পালোঁ, এয়ে মোৰ ভাগ্য। মই যে মোৰ জীৱনৰ জীৱন, সবাতকৈ আদৰৰ ধন— তোমাৰ ভালপোৱা পালোঁ, তাৰেই মই বৰ চহকী। তোমাৰ এই নিৰ্ম্মল ভালপোৱাকে লৈ মোৰ জীৱনৰ বাকী ছোৱাও সুখেৰে নিয়াম।

তুমি কিন্তু এতিয়া সংসাৰৰ গতিত ঢাল্ লব লগাত পৰিছে। গতিকে, তুমি তোমাৰ আগৰ ভাব-গতি সকলো সলাব লগীয়া হৈছে। এতিয়া আৰু তুমি যাতে সংসাৰৰ গতিত সুখেৰে চলিব পাৰা, তাৰ নিমিত্তে সাজু হোৱাঁ। ময়ো, যেন আগলৈ তোমাৰ সুখ দেখি,মোৰ এই পৱিত্ৰ সুখ ফেৰি বঢ়াব পাৰোঁ, ইয়াকে হে আশা কৰিলোঁ। লাহৰী ! মোৰ এই এটোপা চকু-লোৰে সৈতে গত জীৱনৰ সকলো বেজাৰ ধুই পেলালোঁ। এতিয়া তোমাৰ দেবীমূৰ্ত্তীলৈ নৱ জীৱনৰ নতুন চকুৰে হে চাইছোঁ। ইতি

মৰমৰ,———কমল।”

কমলে চিঠি লিখি সামৰি আকৌ মেলি দুবাৰ ঘূৰাই ঘূৰাই পঢ়ি চালে।তাৰ পাচত চিঠি হাতত লৈ তেওঁ বাহিৰলৈ ওলাই আহিল। আহিনীক লগ পাবৰ অৰ্থে, কীৰ্ত্তিনাথ গোহাঞিৰ পদূলিৰ আগে দি কমল দুবাৰ অহা যোৱা কৰিলেহি; তৃতীয় বাৰত, নিলগতে আহিনীক দেখা পাই,সঙ্কেতেৰে মাতি চিঠিখনি তাইৰ হাতত দিয়েই তেওঁ লৈ উলটি আহিল। আহিনীয়েও গুপুতে চিঠি লৈ ঘৰলৈ গল। চিঠিখনি লাহৰীক দিবলৈ বুলি তাই কতবাৰ চিপিয়াইছে, কিন্তু আনকালৰ দৰে দিবলৈ সুবিধা পোৱা নাই। এই দৰেই আবেলিলৈকে চিঠি আহিনীৰ আঁচলতে থাকিল।

সন্ধিয়া পৰত মাথোন লাহৰী পুখুৰীপাৰলৈ যোৱাত, সুবিধা বুজি আহিনীয়ে চিঠিখন তেওঁক দি আহিলগৈ। লাহৰীয়ে প্ৰথমে চিঠি পায়ে হাঁহি পেলালে। তাৰ পাচত তেওঁ চিঠি মেলি পঢ়িবলৈ একাণপতীয়াকৈ ধৰিলে। পঢ়োঁতে পঢ়োঁতে, চকুৰ পানীৰে ছাতি ধৰাত তেওঁ শেহৰ ডোখৰত পঢ়িবই নোৱাৰা হল। আকৌ, চাৰি-পাঁচবাৰ চেষ্টা কৰি তেওঁ কোনোনোতে পঢ়া এবাৰ শেষ কৰিলে। পঢ়ি অন্ত কৰি লাহৰী বিমোৰ হৈ সেই ফলেই ধাঁচ্ কৰে মাটিত পৰি মূছ্‌কঁছ্‌ গল।

তাৰ পাচত, লাহৰীৰ মুখৰ সৰিয়হ ফুল যেন বৰণে কেঁহেৰাজৰ বৰণ ধৰিলে। তেওঁ এবাৰ কলা পৰিছে, এবাৰ ৰঙ্গা পৰিছে, এবাৰ বা কান্দিয়েই পেলাইছে, এই দৰে লাহৰীয়ে মুহূৰ্ত্তে মুহূৰ্ত্তে মুখৰ বৰণ আৰু মনৰ ভাব-গতি সলাবলৈ ধৰিলে। সদৌশেহত তেওঁ অলপ সংজ্ঞা পাই, জোপাৰ মাজত বহি একান্তমনেৰে পৰমেশ্বৰক ধ্যান কৰিবলৈ ধৰিলে। অলপ পৰ সেই দৰে চকু মুদি ভাবিয়েই লাহৰী আকৌ শান্ত হল, আকৌ থিৰ হল, আকৌ তেওঁ চিঠিখনিৰ আদ্যোপান্ত ভাবিবলৈ ধৰিলে।

ভাবি ভাবি, তেওঁ সেই চিঠিৰ উত্তৰ ৰাতিকৈ লিখিবলৈ স্থিৰ কৰিলে। তাৰ পাচত, অলপ পৰ ইফাল সিফাল কৰি লাহৰী ঘৰলৈ আহিল। আজি আৰু লাহৰীৰ মূৰ্ত্তি সংসাৰৰ মানুহৰ আকৃতিৰে নিমিলে। লাহৰীৰ আজিৰ শান্ত, ধীৰ আৰু গহীন ভাব একেবাৰে অলৌকিক! আজি আৰু লাহৰীৰ মনত সাংসাৰিক দুখ, চিন্তা, ভয় একো নাই; আছে, কেৱল কমলৰ চিঠিখনিৰ উত্তৰ দিবলৈ। লাহে লাহে ৰাতিৰ আন্ধাৰে সকলোকে আবৰি ধৰিলেহি; লাহৰীৰ ভাব-গতিলৈকো কোনেও মন কৰিব নোৱাৰা হল। ভিতৰত কুঁঠৰীয়ে কুঁঠৰীয়ে বন্তি জ্বলিল; লাহৰীয়েও লাহেকৈ লিখা-সঁজুলী লৈ নিজান এটি কুঁঠৰীত কমলৰ চিঠিৰ উত্তৰ লিখিবলৈ বহিলেগৈ:-

“প্ৰাণনাথ!

ইমান দিন আপোনাক নাম ধৰি মাতিছিলোঁ, ইমান দিনে আপোনাক ‘তুমি’ বুলি সম্বোধন কৰিছিলোঁ, ইমান দিনলৈকে লৰাকালৰ ধেমালিৰেই উমলিছিলোঁ, ইমান দিন লৰালি প্ৰণয়-ডোলেৰেই বান্ধ খাই আছিলোঁহঁক।-আজি হে মোৰ আচল সংজ্ঞা লাভ হৈছে, আজি হে মই মোৰ বৰ্ত্তমান অৱস্থা বুজিব পাৰিছোঁ, আজি আপোনাৰ চিঠিয়ে হে সকলো কথা মোৰ চকুৰ আগত পোহৰাই ধৰিছে। প্ৰাণনাথ ! আজি আৰু মই আপোনাৰ সেই পুখুৰীপাৰত বহি নানা তৰহৰ কথা পাতি ধেমালি কৰা ‘লাহৰী’ নহয়; আজি মই আপোনাৰ অৰ্দ্ধাঙ্গিনী,—সহধৰ্ম্মিনী।

প্ৰাণেশ্বৰ। ইমান দিনে মই আপোনাৰ লগত কথা-বাৰ্ত্তা পাতি যি সুখ উপভোগ কৰিলোঁ, ইমান দিনে মই আপোনাৰ সঙ্গত যি লীলা-খেলা খেলিলোঁ, সকলো সাংসাৰিক সুখ আৰু সকলো সাংসাৰিক লীলা-খেলা ৷ আপোনাৰ সংসৰ্গ-সুখ সম্ভোগলৈ আৰু বহুত আশা কৰিছিলো, কিন্তু বাটতে বিখিপথালি হল। নাপালোঁ, নালাগে, যিখিনি পালোঁ সেইখিনি সোঁৱৰণীতে মোৰ অপাৰ আনন্দ ! আৰু, যি বাকী থাকিল সেইখিনি পৰকালত ভুগিমগৈ বুলি হৃদয়ত আশা সাঁচি থলোঁ।

প্ৰাণেশ্বৰ ! আপুনি যে ভুৱা দিয়াৰ কথা লিখিছিল, এতিয়া আৰু ভুৱা নিদিওঁ —সঁচা, সেই অপৰাধ অলপ কৰা হৈছিল। কিন্তু, প্ৰাণেশ্বৰ ! আপোনাৰ দৰে অৰ্দ্ধেক গা বঁচাই, বাকী অৰ্দ্ধেকলৈ পিঠি দিয়া নাই; আৰু নিদিওঁ। আপুনি মোৰ বৰ্ত্তমান ভাব-গতি সলাই, সংসাৰৰ বৰ্ত্তমান গতিত মোক ঢাল খাবলৈ উপদেশ দিছে।

বাৰু, এটি কথা সোধোঁ, মই নো কিহেৰে সংসাৰৰ গতি ধৰোঁ ? মোৰ যে সিমান দূৰণী বাট খেদিবলৈ বাটৰুৱাৰ সমল এফেৰিও নাই! মোৰ প্ৰেম, মোৰ ভক্তি, মোৰ ভালপোৱা যে আপোনাৰ চৰণত কেতিয়াবাই উবুৰিয়াই অৰ্পণ কৰিলোঁ। সেই সমল যে মোৰ হিয়াত আৰু লেশমানো আনলৈ নাই। সেই সমলত বাজে আপুনি কোৱা সংসাৰৰ গতি ধৰিবলৈ আন কিবা সম্বল আছে জানো? তথাপি, প্ৰাণনাথ, সেই বাবে মই আপোনাৰ গাত হাত দিয়া নাই, আৰু নিদিওঁ; মই জানোঁ, আপুনি নিৰুপায় হৈ হে তেনে কথা লিখিছিল।

যি হওক, আপুনি সুখে আছে বুলি জানি মোৰ অন্তৰত আনন্দে নধৰা হৈছে; পাচলৈকো এই অভাগিনীৰ প্ৰেম, ভক্তি আৰু ভালপোৱাকে লৈ সুখে থাকিব বুলি জানি মই নমৰি-জীয়াই থাকোঁমানে নিচিন্ত হলোঁ ৷ এই ৰাতি আৰু চিঠি দিয়া নহব। কাইলৈকো দুপৰীয়ামানে হে দিয়াম। কাইলৈৰপৰা মোৰ নামে পতা ভেঁকুলী-বিয়াৰ আৰম্ভণ ! এতেকে, এতিয়া আৰু আপোনাৰ শ্ৰীচৰণত মোৰ শেষ নিবেদন কৰোঁ। আজিৰ ৰাতিটো, কাইলৈৰ দিনটো আৰু ৰাতিৰ এছোৱালৈকে মাথোন আছোঁ ৷

ইহজনমৰ নিমিত্তে শ্ৰীচৰণত দাসীয়ে এই শেষ বিদায় ললো। মোৰ পাঙ্গি লোৱা কাৰ্য্যত বাধা জন্মাবলৈ বা আন উপায় কৰিবলৈ আপোনাৰ সময় নথকাকৈ হে চিঠি দিয়াম। গতিকে, আপোনাৰ তেনে চেষ্টা সফল নহব। আপুনি আপোনাৰ প্ৰতিজ্ঞা মতে সুখে থাকি, যেন আপোনাত এৰি যোৱা মোৰ অৰ্দ্ধ-আত্মাক সুখেৰে ৰাখিব, শ্ৰীচৰণত দাসীৰ এয়ে শেষ মিনতি।

ইতি- সেৱিকা,——লাহৰী।”

লাহৰীৰ চিঠি লিখা হল। চিঠি সামৰি লৈ অলপ পৰ তেওঁ কি ভাবিলে। ভাবি ভাবি কি মন হল, চিঠিখনি মেলি আকৌ পঢ়িবলৈ ধৰিলে। এবাৰ পঢ়া হল, লাহৰীয়ে আকৌ এবাৰ ঘূৰাই পঢ়িবলৈ ধৰিলে। এইবাৰ পঢ়ি গৈ মাজখিনিমান পাওঁতেই, লাহৰীৰ কেতেকীপাহী যেন দুগালে মুকুতাৰ পানী যেন দুধাৰি চকু-লো বৈ আহি চিঠিখনিৰ ওপৰত কেইবাটিও টোপাল পৰিলহি; লাহৰীয়ে চকু মোহাৰি থাকোঁতেই ইফালে চিঠিৰ ওপৰত পৰা চকু-লোৰ টোপাল কেইটি শুকাই গল।

টোপালৰ চিন্ কেইটি চিঠিখনিৰ ওপৰত অতৃপ্ত হেঁপাহৰ চিন্ স্বৰূপে ৰৈ গল। চিঠি নাসামৰালৈকে লাহৰীৰ চকুৰ জলক্-তবক্ নুগুচিল। গতিকে, তেওঁ সেই চিন্ কেইটিলৈ মন কৰিবলৈ নহল। সেই ৰাতিলৈ চিঠিখনি লাহৰীয়ে ৰিহাৰ আঁচলতে বান্ধি থলে। পিচদিনাও, বেলি ভাটী দিয়ালৈকে কমলক চিঠি দিয়া নহল। পিচ দিনা আবেলি— বিয়াৰ টেকেলি দিয়াৰ পিচদিনা—হে তেওঁ চিঠি পঠিয়াইছে। তাৰ পাচৰপৰা বিয়াঘৰীয়া মানুহৰ চাৰিওফালে উলহমালহ লাগিবলৈ ধৰিলে।

দৰা-ঘৰ আৰু কন্যা-ঘৰ নিচেই ওচৰ-উচৰি। দুয়ো ঘৰতে পানী তুলিবলৈ সষ্টম হল। ঢোলৰ গিৰ্-গিৰণিত চাৰিওফালে ক’তো কাৰো মাত শুনিবলৈ নোপোৱা হল। পাট-গাভৰু লিগিৰীবোৰে ধোলৰ চেৱে চেৱে বাটে-ঘাটে যেয়ে য’তে আছিল, ত’তে নাচোন ধৰিছে। পানী-তোলাৰ পাচত নোৱন-ধোৱন হৈ গল। লাহৰীক আকৌ আনি নোৱনী-ঘৰত বহুৱা হল। চাৰিওফালে তিৰোতাবিলাকে জাঁত জাঁত নাম উৰুৱাবলৈ ধৰিছে। কোনো কোনো জনীয়ে ধেমালিত যোৰা-নামৰ অৰিয়া-অৰি পাতিছে। লাহৰীয়ে কিন্তু এইবোৰ একো কব নোৱাৰে। লাহৰীক নো কেতিয়া নোৱালে, কেতিয়া ধুৱালে, তেওঁ একো কব নোৱাৰে।

তাৰ পিচদিনাও, দুপৰীয়াৰ নোৱন-ধোৱন হৈ গল। আকৌ আবেলি হলহি। পানী তুলিবলৈ অহা ঢুলীয়া-খুলীয়াই দুই ঘৰতে ঢোল খোল বজাই খলক লগালেহি। আজি টেকেলি দিয়াৰ দিনতকৈয়ো বেচি ধুম্‌ধাম্। আজি সেই বাহিৰৰ তোলপাৰৰ লগে লগে লাহৰীৰ অন্তৰৰ তোলপাৰ চৰ্তুগুণে চৰিছে। লাহৰীৰ অলৌকিক শান্ত, ধীৰ, গহীন, আপোন পাহৰা ভাব-গতি দেখি, যেয়ে-সেয়ে অলপ আচৰিত ভাৱে তেওঁলৈ চোৱা হল। বিশেষকৈ, আহিনীৰ মনত বৰকৈ উগুল-থুগুল লাগিবলৈ ধৰিলে।

আইতাক আৰু দেউতাকৰ গাত বিয়াৰ কাৰবাৰতে তত্ নাই; সিবিলাকে লাহৰীলৈ বিশেষ মন-কাণ দিবলৈ আজৰি পোৱা নাই। ইফালে বিভোল লাহৰীয়ে, গধুলি হৈ আহিছেমানে, কমললৈ লিখা চিঠি শেহৰ কথা কেফাঁকিলৈ বৰকৈ মনত কৰি আহিছে। তাৰ পাচত, ফটাকানিৰ অচেতন দৰা-কন্যাক নোৱন দিয়াৰ দৰে লাহৰীক আকৌ এবাৰ নোৱন দিয়া হৈ গল। এতিয়া আৰু লাহৰীৰ মনে-পতা অন্তিম সময় নিচেই ওচৰ চাপিলহি৷ লাহে লাহে সেই ভয়ঙ্কৰ কাৰ্য্যলৈ ভয়ঙ্কৰ ক্ষণে লাহৰীত থিত্ দিলেহি।

স্বামী-গুৰু কমল-চৰণ চিন্তি লাহৰীয়ে এহাতে লাহেকৈ আঁচলৰ গাঁথিত হাত দিছে, এনেতে চাৰিওফালে দুম্-দুম্-দাম্-দাম্ লাগি উঠিল। লাহৰীয়েও চঁক্ খাই হাতৰ আঁচল এৰি দি, কি হৈছে অলপ গম্ লওঁতেই “মান্ মান্ মান ! পালেহি, পলা, পলা, পলা” ইত্যাদি বিপদৰ আৰ্ত্তৰাৱ শুনা গল। পিচমুহূৰ্ত্ততে দেউতাক আৰু আইতাকে আহি লাহৰীক সাবটি ধৰিলে ৷ চাওঁতে চাওঁতে, বিয়ালৈ অহা মানুহ কোন্ কলৈ গল, চিন্ নেহোৱাত পৰিল।

কীৰ্ত্তিনাথ গোহাঞিয়ে য’ৰে বস্তু ত’তে এৰি, ভাৰ্য্যা আৰু জীয়েকক লৈ পলাবলৈ দিহা লগালে। মানহঁতে পোনে-পোনেই কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰকে বেৰি ধৰিলেহি। তাৰ পাচত, দহোটা মানে ভিতৰলৈ সোমাই দেখে যে মানুহ নাই, উদং ঘৰ। মানহঁতে খঙ্গত সুহুৰি-টকালি মাৰি সেই দিনা ৰাতিয়েই অলপ পৰলৈ বিচাৰি চালে; কিন্তু আন্ধাৰ ৰাতি নিজৰ মানুহকে চিনা টান দেখি সিহঁতে বেচি পৰ আৰু নিবিচাৰিলে। সিহঁতে, ৰত্নেশ্বৰৰ উপদেশ মতে, অন্যান্য মানুহক একো অত্যাচাৰে নকৰিলে।

পিচদিনা ৰাতিপুৱাই মানহঁতে আকৌ দিহাদিহি লাহৰীক বিচাৰিবলৈ ওলাইছে, এনেতে কমল আহি উপস্থিত। কমল লাহৰীৰ চিঠি পোৱাৰেপৰা ব্যাকুল হৈ আছিল। মানৰ কথা শুনি তেওঁ লাহৰীৰ নো কি হৈছে চাবলৈ আহিছিল। পামপুৰীয়াই মানহঁতক বুজাই দিলে যে, কমলক ধৰিলেই লাহৰীৰ সম্ভেদ্ পোৱাৰ সম্ভৱ। সেই কাৰণে, সিহঁতে কমলক ধৰি, লগতে লৈ, হাবিয়ে বননিয়ে লাহৰীক বিচাৰিবলৈ ধৰিলে।

সিহঁতে হাবি মহটিয়াই বিচাৰি যাওঁতে-যাওঁতে, জোপা এটাৰ মাজৰপৰা ওলাই মানুহ এটা লৰি পলোৱা দেখা পালে। মানুহটো শকত-আৱত দেখি, তেওঁকে কীৰ্ত্তিনাথ গোহাঞি ভাবি, মান দুটাই তেওঁক পিচে পিচে খেদি গল। পিচে, দুকুৰি নলমান বাট খেদা খাই, মানুহটো হুল-জোং থকা এটা পোতা-নাদত উফৰি পৰিলগৈ। হুল-জোঙ্গেৰে থকাসৰকা হৈ অন্তিম সময়ৰ আৰ্ত্তৰাৱ কাঢ়ি মানুহটো তেতিয়াই তাতে মৰিল।

মৰণৰ সময়ত ‘লাহৰী’ নামটি তেওঁৰ মুখত আধাফুটা হৈ আৰু নোলোৱা হল! পামপুৰীয়াই লৰি গৈ চাই দেখে, দেখোন সেইটি ধনবৰ হে! নিৰ্দ্দোষী লৰাটি অবাবত মৰা পৰিল বুলি পাচত সি হাঁয়-হাঁয় কৰিবলৈ ধৰিলে। তাৰ পাছত, মানহঁতে আকৌ ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। এই দৰে আৰু এপৰমান বেলি বিচাৰি বিচাৰি কীৰ্ত্তিনাথ গোহাঞি পলাই থকা জোপাটোৰ আগতে কমলে সৈতে মানহঁত থিয় হলগৈ। লাহৰীয়ে কমলক ধৰি লৈ যোৱা দেখিয়েই, জুইত ফৰিং উফৰি পৰাৰ দৰে, জাঁপ মাৰি আহি তেওঁক সাবটি ধৰিলেহি।

পামপুৰীয়াই “ধৰ, ধৰহঁক, কিনো-ৰূপে-সৈতে, এওঁৱেই লাহৰী” বুলি কোৱা মাত্ৰকে মানহঁতে কমলক এৰি লাহৰীক ধৰিলে। তাৰ পাচত, সিহঁতৰ উদ্দেশ্য সিদ্ধি হোৱাত, কমলক তাতে এৰি, লাহৰীক লৈ সিহঁত উলটিবলৈ সষ্টম হল। লাহৰীক ধৰি লৈ যোৱা দেখি কমল, লাহৰীৰ দেউতাক আৰু আইতাক তিনিও উৰি যোৱা দি গৈ লাহৰীৰ ওপৰতে পৰিলগৈ ! সেই খিনিতে বিপদৰ চিয়ঁৰ-বাখৰত তোলপাৰ লাগি উঠিল।

কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ ভাৰ্য্যাক গঁতা ঘোঁকোটাৰে অপমান কৰি গোটাচাৰেকে ধৰি নি বহু নিলগত আঁতৰাই থলেগৈ। কিন্তু, কমলক চৰ, লাঠি, গঁতা, ঘোঁকোটা একোৱেই লাহৰীৰ গাৰপৰা এৰুৱাব নোৱাৰা হল; কতবাৰ লগতে লাগি যায়, কতবাৰ পাষণ্ডহঁতে গতিয়াই থৈ যায়হি,-তথাপি, কমল লগতে লাগি যায়। সদৌশেহত মানহঁত নিৰুপায় হৈ, সিহঁতৰ দুটাই কমলক ধৰি থাকিল, বাকীবিলাকে লাহৰীক উৰুৱাই নিয়াদি লৈ গুচি গল। অলপৰ পাচতে, ইহঁতও কমলক তাতে আধা-মৰা কৰি হাত-ভৰি বান্ধি পেলাই গৈ লগৰীয়বিলাকৰ লগ ধৰিলেগৈ।

*********************

ষোড়শ আধ্যা- কমল

লাহৰীক ধৰি নিয়াৰ পাচতে দিনদহেক পামপুৰৰ পলোৱা মানুহবিলাক ঘৰলৈ উলটি অহা নাই। সকলোৰে ঘৰ-বাৰী একেবাৰে এৰা-পলৰীয়া ঘৰৰ দৰে হৈছে। নিজম পামপুৰ একেবাৰে নিজান নিমাত। মাজে মাজে ছেগ বুজি দুষ্ট মানুহবিলাকে যাৰ য’ত যি পাইছে, অবাধে লৈ গৈছেহি! ইফালে হাবিত মানুহবিলাকে পেটৰ ভোকত কল্‌মলাই ফুৰিছে। আজি পামপুৰৰ এনে শোক-লগা অৱস্থাত ভালৰ চৰাই-চিৰিকতিয়েও বিষাদৰ সুৰেৰে সমবেদনা জনাইছে।

ভাবিলে শোক লাগে, এসময়ত অসম দেশ অৰাজক পাই, নৰ-ৰাক্ষস কিছুমানে দুখীয়া-নিচলা অসমীয়াৰ এনে দুৰ্গতি কৰিছিল! এনেবিলাক দুখ-দুৰ্গতি নিজে দেখা বা ভোগ কৰাৰ কথাকে নকওঁ, এতিয়া লোকৰ মুখে শুনিলেও, চকুলো নুটুকি থাকিব নোৱাৰি! তৃতীয় দিনা জানিবা বিষয়া বিলাকে ঘৰলৈ উলটিবলৈ ধৰিলে। চতুৰ্থ দিনা বিষয়া জনচাৰেক আহি দেখে, দেখোন অন্য উৎপাত, একো নাই; মানে বিয়া ভাঙ্গি সেই দিনাই উলটিলে। সিবিলাকে হাবিয়ে-বননিয়ে মানুহ পঠিয়াই বাকী মানুহবিলাককো মতাই অনালে।

প্ৰথমে কীৰ্তিনাথ গোহাঞি কিম্বা আন কোনো বিষয়াই মানৰ হঠাৎ এই উৎপাতৰ কাৰণ একোকে বুজিব নোৱাৰিছিল। তাৰ পাচত, পাষণ্ড ৰত্নেশ্বৰৰ কথালৈ কীৰ্তিনাথ গোহাঞিৰ মনত পৰিল। তেতিয়া হে তেওঁ বুজি উঠিল যে, সেই পাষণ্ডয়ে এই প্ৰতিশোধ দিলে। এই ভাব মনত অহা মাত্ৰকে কীৰ্ত্তিনাথ গোহাঞিয়ে চিয়ঁৰি চিয়ঁৰি মূৰত ভুকুৱাই কান্দিবলৈ ধৰিলে। বিষয়াসকল সকলোৱে কীৰ্ত্তিনাথ গোহাঞি সান্ত্বনা দি ৰাখি, এই কথাৰ সম্ভেদ্ লবলৈ আৰু লাহৰী নো ৰত্নেশ্বৰৰ ঘৰত আছে নে নাই, তাৰ সন্ধান লবলৈ গুপ্তভাবে মানুহ পাচিলে।

কেইদিনমানৰ পাচত, সেই মানুহে গৈ ঘৰত ৰত্নেশ্বৰক নাপালে। গাৱঁৰ আন মানুহে কলে, বোলে দহ-বাৰ দিনমানৰপৰা তেওঁ ঘৰতেই নাই। ইফালে, লাহৰীৰ আইতাকে বিননিত গছৰ পাত কঁপাইছে। গাৱঁৰ বিষয়ানীসকলে কত নো বুজনি দিছেহি, লাহৰীৰ আইতাকৰ কাণত সি অলপো গুণ ধৰাব পৰা নাই। হিয়া ভুকুৱাই ভুকুৱাই তেওঁ বুক চামডলা যেন কৰিছে। আজি লাহৰীৰ আইতাকৰ বিলাই দেখি পানীতে হাঁহ নচৰা হৈছে। হাঁয় ! যি লাহৰীক আইতাকে বুকুৰপৰা এৰিবই নোখাজে, যি লাহৰীক তেওঁ চকুৰ আঁতৰ কৰিব নোৱাৰি ৰত্নেশ্বৰলৈ নিদিলে, আজি সেই লাহৰীক কোনে কলৈ নিলেগৈ তাৰ একো চিন্ নোহোৱাত পৰিল।

ইচ্ছাময়ৰ আচৰিত ইচ্ছা! তেওঁৰ আচৰিত লীলা-খেলাৰ উদ্দেশ্য আমি কি বুজিম ! পাঠক, ইফালে আকৌ শূলধৰ বৰগোহাঞিৰ ঘৰলৈ চকু দিয়ক। ভাল হওক, বেয়া হওক, দুষ্টই হওক, টেটোনেই হওক, একেটি মাথোন পুতেক আছিল, আজি তেওঁ তাকো হেৰুৱালে। বৰগোহাঞি একেই হোজা মানুহ, পুতেকৰ শোকত এতিয়া একেবাৰে আতুৰ হৈ পৰিল। দেহি, সৰহ কথাৰ মানুহ নহয়; তেওঁ সৰু লৰাৰ দৰে চিয়ঁৰি চিয়ঁৰি কান্দিবলৈ ধৰিছে। ইফালে, মাকে বিননিত গছৰ পাত খিলি খিলি কৰিছে। একো একোবাৰ বা তেওঁ পানীত পৰি মৰিবলৈকে ওলাইছে। একেবাৰে বাউলী হৈ তেওঁ যাকে-তাকে “মোৰ বোপাই” “মোৰ বোপাই” বুলি সাবটি ধৰিছেগৈ।

তেওঁৰ কান্দোন শুনি বাটৰ বাটৰুৱায়ো চকু-লো নুটুকি যাব পৰা নাই। শোকৰ বিননিৰে পুতেকৰ কত নো গুণ গাবলৈ ধৰিছে, তাৰ আদি-অন্ত নাই। স্বৰূপতে, ধনবৰ দুষ্ট আৰু অসৎ স্বভাৱৰ লৰা আছিল যদিও, সেই আপদীয়া বিয়াৰ সম্পৰ্কত তেওঁ একেবাৰে নিৰ্দ্দোষী। কিন্তু, অদৃষ্টত যাৰ য’ত যেনেকৈ মৰণ নিৰ্দ্দিষ্ট আছে তাক কোনে খণ্ডাব পাৰে? পুত্ৰ-শোকত বিমোৰ হৈ শূলধৰ বৰগোহাঞিৰ আৰু পামপুৰত তিষ্ঠিবলৈ ইচ্ছা নোহোৱা হল; সেই দুৰ্ঘটনাৰ পাচত এমাহমান থাকি, তেওঁ মাটি-বাৰী, বয়-বস্তু বেচি, বিষয়াসকলৰ ওচৰত বিদায় লৈ, পামপুৰ এৰি তেজপুৰৰ ফালে গলগৈ।

সিবিলাকক সিমানতে বিদায় দি, আমি আকৌ পাঠকসকলক কমলৰ বিলাই দেখুৱাবলৈ লৈ যাওঁ। আজি পাঠকসকলে পামপুৰৰ চাৰিওফালে বিলাই-বিপত্তিকে হে দেখিব। বাটে, ঘাটে, ঘৰে, বাহিৰে, মতা, মাইকী, লৰা, ছোৱালী সকলোৰে মুখত কেৱল এই দুৰ্ঘটনাৰ বেজাৰৰ কথা হে শুনিব; সকলোকে আজি শোকত বিমোৰ হোৱা দেখিব। হাঁয় ! যি পামপুৰ এবাৰ সুখৰ ঠাই, শান্তিধাম বুলি বৰ্ণোৱা হৈছিল, আজি সেই পামপুৰত এনে অশান্তি! কমলে সেই দিনা নো কিমান গঁতা খালে,কিমান কিল খালে, কিমান ককৰ্থনা সহিব লগীয়া হৈছিল, তথাপি তেওঁ প্ৰাণৰ প্ৰাণ মৰমৰ লাহৰীৰ লগত লগ লাগিবলৈ নাপালে!

পাচতো, কমলে লাহৰীৰ ছঁয়া চাই পিচত লৰিবলৈ ছেগ নাপালে। কমলক ধৰি নিবৰ দেখিয়েই হে যে লাহৰীয়ে ফৰিং-উফৰাদি আহি তেনে বিপদৰ জুইত পৰিলে সেই কথাৰ সোঁৱৰণীয়ে কমলৰ কোমল হিয়া অনুতাপত দগ্ধ কৰিবলৈ ধৰিলে। কমলে এটোপা চকু-পানীৰে সকলো বেজাৰ ধুই নিশ্চিন্ত থাকিব বুলি লাহৰীলৈ লিখিছিল; আজিচোন সাতখন সাগৰৰ পানী আনি ধুৱালেও কমলৰ একেটি বেজাৰৰ চিনকে ধুই গুচাব নোৱাৰা হল।

হাঁয় ! আগেয়ে লাহৰীক বাউলী হব দেখিলে, কমলে নিজে স্থিৰ থাকি তেওঁক সান্ত্বনা দিছিল; আজি নিজৰ তেনে অৱস্থাত কমলক শান্তি দিয়ে কোনে! কমলৰ মানত আজি সংসাৰ মৰুময়, সমূলি অসাৰ আৰু আন্ধাৰ ! কমলে লৰাকালতে মৰমৰ আইতাক আৰু দেউতাকক হেৰুৱায়ো ইমান বেজাৰ, এনে শোক পোৱা নাছিল। কমলে লাহৰীলৈ লিখা চিঠিত সকলো সঁচা কথাকে লিখিছিল। লাহৰীৰ যদি ধনবৰৰ লগতে বিয়া হলহেঁতেন, তেও কমল মহাসুখে থাকিলহেঁতেন; লাহৰীৰ সাংসাৰিক সুখ-দুখ তেওঁ চকুৰে চাই থাকিবলৈ পালেহেঁতেন।

আজি কমলে এই সংসাৰৰ ভিতৰত তেওঁৰ একেটি মাথোন শান্তিৰ প্ৰতিমা একেবাৰে হেৰুৱালে ! আজি কমলে নিজৰ জীৱনতকৈয়ো অধিক আদৰৰ বস্তুটিৰ এনে আলাই-আথানী দেখিলে! বুজন হৈছে বুলিও, কমলৰ প্ৰাণ নিচেই কোমল,কমলৰ হিয়া অতি আলসুৱা; আৰ্চীৰ দৰে সি ইফালে চালে সিফাল দেখা নিৰ্ম্মল। এতিয়া যে এনে বিপদ-ধুমুহাই পাই কমলৰ কোমল প্ৰাণ ক’ৰাবলৈ উৰুৱাই নিব! এতিয়া যে নিঠুৰ শোক-শেলে ভেদি কমলৰ কুমলীয়া হিয়া থকাসৰকা কৰিব ! লাহৰী-লতা সিফালে উৱঁলিয়েই গল নে কি, তাৰ চিন্ নাই; ইফালে কমল-গছ, সেই লতা-বান্ধনী এৰুৱাই নিয়াত, মৃদু মলয়াতে হলি পৰা হয়! এইহেন ভয়ঙ্কৰ বিপদৰ ধুমুহাত পৰি কোমল কমল গছ এতিয়া কেনেকৈ তিষ্ঠি থাকে?

ইফালে লাহৰী-কমলৰ প্ৰেম-বান্ধনীৰ প্ৰণয়-সূতা অনন্ত নোহোৱা হলে তো কথাই আহৰি, ইমান পৰ কমলক দেখিবলৈকে পোৱা নগলহেঁতেন কেতিয়াবাই টেঁটু-চেপা খাই তেওঁৰ প্ৰাণ অন্ত হলহেঁতেন। হাঁয়, আসন্ন বিপদতো ধৈৰ্য্য ধৰা কমল আজি সমূলি অধিৰ, একেবাৰে বাতুল ! কাৰ কি হৈছে, কোন্ ক′ত আছে, কমলে আজি একো কব নোৱাৰে। কব পাৰে, কেৱল লাহৰীৰ কথা; লাহৰীৰ গুণ সাত দিন সাত ৰাতি বিনালেও আজি তেওঁৰ ওৰ নপৰে।

তেওঁ দেখিছে মাথোন পাষণ্ডহঁতে লাহৰীক ধৰি নিয়া ৷ কৃষ্ণৰাম গোহাঞি কোন্,তেওঁৰ ঘৈণী নো কোন্,কীৰ্ত্তিনাথ গোহাঞি কোন্, লাহৰীৰ আইতাক নো কোন্, কমলে আজি কাৰো সম্বন্ধ-ভেদ নুবুজা হল। যেয়ে যি কথাকে সোধে, কমলে উত্তৰত কেৱল লাহৰীৰ কথা হে কয়। নাইবা, জীৱনী-শক্তি-শূন্য শেঁতা মুখখনি এফলীয়াকৈ কাঠৰ পুতলাটিৰ দৰে কমলে জলকা লাগি চাই থাকে। ইচ্ছাময়ৰ কি অলৌকিক মহিমা! মানুহক এই দৰেও তেওঁ পুতলা নচুৱায়!

যি কমল পামপুৰৰ ভিতৰত শান্ত, ধীৰ আৰু গহীন স্বভাৱৰ এটি পটন্তৰ আছিল, আজি সেই কমল এনে অস্থিৰ আৰু বাতুল! যি কমলে বুঢ়া বিষয়া আৰু চুবুৰীয়াৰ ওচৰত লাজতে মুছকঁছ যায়, আজি সেই কমলৰ লাজ নো কি, তাৰ বোধ নাই; যাৰে-তাৰে আগত তেওঁ “লাহৰী” “লাহৰী” বুলি চিয়ঁৰিব লাগিছে। কমলে যে লাহৰীক ইমান ভাল পায়, লাহৰী যে কমলৰ এনে হৃদয়ৰ গুপুত ধন আছিল, ইমান দিনে লাহৰীৰ আইতাক আৰু দেউতাকত বাজে আন কেৱে নাজানিছিল।

এই দৰে উন্মাদ অৱস্থাতে কমলৰ দহ-বাৰ দিনমান গল। সেই কেইদিনৰ ভিতৰত তেওঁ কৃষ্ণৰাম গোহাঞিৰ ঘৰত কেইদিন আছিল কব নোৱাৰে। তাৰ পাচত, লাহে লাহে কালৰ গতিত কমল আকৌ দিনে দিনে তিল পৰিমাণে ধীৰ হৈ আহিল। কিন্তু লগে লগে তেওঁৰ আন্তৰিক সন্তাপ ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। দিনে দিনে কমল শুকাই-ক্ষীণাই যাবলৈ ধৰিলে। কীৰ্ত্তিনাথ গোহাঞিয়ে কমল আৰু লাহৰীৰ এনে অকৃত্ৰিম প্ৰণয়ৰ কথা ভালেমান দিন ভাৰ্য্যাৰ মুখৰপৰা শুনিছিল যদিও, লাহৰী-কমলৰ প্ৰণয়-বান্ধ যে এনে অকৃত্ৰিম আৰু ইমান দৃঢ়তম আছিল, তাৰ সম্ভেদ্ তেওঁ আগেয়ে নাপাইছিল।

এতিয়া, কমলৰ এনে পৱিত্ৰ প্ৰেমৰ চিনাকি পাই কীৰ্ত্তিনাথ গোহাঞিয়ে আত্ম সম্মানৰ নিমিত্তে স্বাৰ্থপৰ কাৰ্য্য কৰাৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। স্বামী-ভাৰ্য্যা দুযো এতিয়া কমল-গছৰ গাত লাহৰী-লতাৰ সাঁচ চাই মন পতিয়াবলৈ ধৰিলে। সিবিলাকে কমলতে লাহৰী-কমলৰ যুগল-মূৰ্ত্তি দেখা পোৱা হল। লাহৰীৰ আইতাকে যে কমলক নেদেখিলে ক্ষন্তেকো থাকিব নোৱাৰা হৈ পৰিল। কমল আগত থাকিলে, ঘনে ঘনে তেওঁৰ লাহৰীলৈ মনত পৰে হয়, কিন্তু কমলৰ কোমল ভাব-গতি দেখি তেওঁ অন্তৰৰ জ্বলা-জুই বৰকৈ জ্বলি আকৌ নিমিষতে চেঁচনি পৰা যেন পায়।

কীৰ্ত্তিনাথ গোহাঞিয়েও কমলক দেখিলেই আঁকোৱালি চপাই ধৰি লৰাৰ দৰে কোলাত তুলি লয়। পাচলৈ তেৱোঁ কমলক নেদেখিলে থাকিব নোৱাৰা হল। বুদ্ধিমান কমলে এই কথা বুজিব পাৰি, পাচলৈ প্ৰায় সদায় কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰত হে থকাহি হল; কৃষ্ণৰাম গোহাঞিৰ ঘৰত কেৱল তেওঁ সময়মতে খাবলৈ হে যায়। কৃষ্ণৰাম গোহাঞি বৰ জ্ঞানী মানুহ, কমলৰ এনে জ্ঞান আৰু বুদ্ধিৰ পৰিচয় পাই তেওঁ সেই বাবে সন্তোষ হে পাইছিল। এই দৰে থাকি থাকি কমল পাচলৈ কীৰ্ত্তিনাথ গোহাঞি আৰু কৃষ্ণৰাম গোহাঞিৰ অতি আদৰৰ উমৈহতীয়া পুত্ৰৰ দৰে হৈ উঠিল।

*********************

সপ্তদশ আধ্যা- বুঢ়া-বুঢ়ীৰ বুকত লাহৰী

সেই দিনা লাহৰীয়েও কমলক আৰু এবাৰ সাৱটি ধৰিবলৈ কতবাৰ নো বাউলী হৈ হলি হলি পৰিছিল, তথাপি তেওঁ মনৰ সেই হাবিয়াস পূৰাবলৈ পাষণ্ডহঁতৰ হাতৰপৰা এৰাব নোৱাৰিলে। নিৰুপায় হৈ, লাহৰীয়ে মানহঁতৰ ভৰিত পৰি পৰি আৰু এবাৰ মাথোন ক্ষন্তেকমান এৰি দিবলৈ কাবৌ কৰিবলৈ ধৰিলে। কিন্তু পাষহঁতৰ অন্তৰত তো দয়া-মমতাৰ থানিকা নাই। ততালিকে সিহঁতৰ দুটা মানে লাহৰীক দুই বাউসিত ধৰি উৰুৱাই নিয়া দি আঁতৰাই লৈ গল!

সেই মুহূৰ্তৰেপৰা বৰনৈৰ দাঁতি নোপোৱালৈকে লাহৰীৰ গাত সংজ্ঞা নাছিল; পাষণ্ডহঁতে সেইছোৱা বাট লাহৰীক শৱ এটা নিয়াৰ দৰে দাঙ্গি লৈ গৈছিল। ওচৰে ওচৰে গা-লুকুৱাই পামপুৰীয়াও গৈ আছিল। মানহঁতে লাহৰীক ধৰোঁতেই বেলি ভাটী দিছিল। এতিয়া সন্ধিয়া হব লগা হলহি। তাৰ পাচত, বৰনৈ পাৰ হওঁ-হওঁ কৰোঁতেই গাৰ-নোম নেদেখা গধুলি হল। এনে অসময়ত মানহঁতে পাৰ হওঁ-নহওঁ কৰিছিল, কিন্তু পামপুৰীয়াই সিহঁতক বুজাই দিলে যে, ইপাৰে থকাৰ পৰা কাৰ্যত বিঘিনি লগাৰ আশঙ্কা। সেই কাৰণে, সিহঁতো সেই কথাতে মান্তি হল।

কিন্তু মানহঁতে অলপ উজাই আন এটা ঘাটে হে পাৰ হৈছিল; আৰু নাও কেৱল এখন হে আছিল। নাওখনত টানিমানি সাতোটা কি আঁঠোটা হে মানুহ ধৰে। গতিকে, প্ৰথম খেপত মুঠেই এটা মানে পামপুৰীয়াৰে সৈতে লাহৰীক লৈ সিপাৰ হৈ ললে। তাৰ পাচত, খেপেপতি আঁঠোটা নটাকৈ মানহঁতে পাৰ হবলৈ ধৰিলে। এই দৰে তিনিকুৰি-দহোটা মান বৰনৈ পাৰ হওঁতেই দুপৰনিশা হল।

লাহৰীয়ে সিপাৰ হবৰেপৰা বিপদৰ পূৰ্ণ গৰাহত পৰিল বুলি জানি, আকৌ শান্ত আৰু গহীন হৈ বহিলে। মনে মনে ধৈৰ্য্যতাৰ শৰণ লৈ তেওঁ টলকা মাৰি বহি গুণিবলৈ ধৰিলে। মানহঁতেও লাহৰীৰ মৰ্ম্মান্তিক বেজাৰত বিমোৰ হৈছে বুলি জানি, আন কোনো কথাকে নুসুধিলে। পামপুৰীয়া যে লাহৰীয়ে চিনি পায় বুলি কাষকে নচপা হল। আটাইবিলাক পাৰ হোৱাৰ পাচত, সিহঁতে ইয়াকে স্থিৰ কৰিলে যে, সেই ৰাতিলৈ বৰনৈৰ পাৰতে জিৰণি লোৱাই ভাল। পামপুৰীয়ায়ো তাতে সম্মত হল।

মানহঁতে সেই দিনা পলৰীয়া মানুহ বিচাৰোঁতেই আবেলি হৈছিল। ভাত-পানী খাবলৈ সিহঁতে আজৰি নাপালে। তাৰ আগৰ দিনাও দুদিনৰ বাট ডেৰদিনে আহি সিহঁত বৰ সুখে-ভাগৰে আহিল। গতিকে, আজি বৰনৈৰ পাৰত অতিপাত দুখ-ভাগৰত অৱশ হৈ পৰাত মাজনিশা ভাত-পানী খোৱাৰ কাৰবাৰলৈ সিহঁতে মন নকৰিলে; যেয়ে য’তে বহিল, সেয়ে ত’তে ঢাল খাই খাই পৰি গল। পামপুৰীয়া কিন্তু সবাতকৈ আগ। তাৰ পাছত, কুৰিটামান টনকিয়াল মান মাথোন সাৰে আছিল।

সিহঁতৰ ভিতৰত এনে নিয়ম বন্ধা হল যে, দুখন দুখন তামোল খোৱাৰ পৰলৈকে এটা-এটা মানুহে পহৰা দিব; তাৰ পাচত সি আকৌ আন এটাক তুলি দি শুব। এই দৰে স্থিৰ কৰি সকলোটি শুই পৰিল। লাহৰীয়েও ভাগৰত অস্থিৰ হোৱাৰ ভাও ধৰি, সিহঁতৰ দৰেই ঢাল খাই পৰি গল। কিন্তু, লাহৰীৰ চকুত টোপনি নাই; তেওঁ মনে মনে উদ্ধাৰৰ নানা উপায় চিন্তা কৰি সদ্যহতে পহৰীয়া কেইটাৰ গম্‌-গতিলৈ মন কৰি আছে।

এই দৰে দুটা কি তিনটা মানুহৰ পহৰা পাৰ হৈ গল; তাৰ পাচত এটা বুঢ়া কানীয়া মানুহৰ পাল পৰিল। বৰকৈ ভাগৰ লগাত বুঢ়াই সেই দিনা গধূলিতে কানি এফেৰা বেচিকৈ গিলিছিল। গতিকে, কানি আৰু টোপনিৰ জালত বুঢ়াই বহি থাকোঁতেই জপৰ্‌-জপৰ্‌ টোপনিয়াবলৈ ধৰিলে। লাহৰীয়েও সেই ফালেই নিটাল মাৰি ভৰ-টোপনিৰ ভাও জুৰিলে। বুঢ়াই লাহৰীক ফালে বাৰচাৰেক মন কৰি চাই আপোনা-আপুনি কবলৈ ধৰিলে, “এঃ, সৰু ছোৱালী, এনে ৰাতি নো কলৈ যাব ঐ! এতিয়াতো তাইৰ বৰ ভৰ টোপনি; ময়ো অলপ কাতি হৈ চাই থাকুং দে।” এই বুলি অলপ পৰ চাই থাকি, সেইফালেই বুঢ়া টোপনি গল।

গতিকে, তাৰ পাচৰ পহৰীয়াক তুলি দিওঁতাও নোহোৱা হল। লাহৰীয়ে পৰি থকাৰেপৰা কাণশাৰ দি ঘনে ঘনে গম লবলৈ ধৰিলে। তাৰ পাচত, এখনমান তামোল খোৱাৰ পৰলৈকে লাহৰীয়ে নিটাল মাৰি শোৱাৰ ভাও ধৰিয়েই আছে, এনেতে বুঢ়াটিৰ নাকে ঘঁট-ঘঁটকৈ ভৰ-টোপনিৰ তাল ধৰি শুনালে। লাহৰী এইবাৰ লাহেকৈ উঠি বহিল। ভয় আৰু উলাহত লাহৰীৰ গা ঘামিবলৈ ধৰিলে। তেওঁ ইফালে-সিফালে কাণ পাতি শুনিলে, চাৰিওফালে একে তালতে ডাৱৰীয়া ভেঁকুলীয়ে টোৰ্‌-টোৰোৱাৰ দৰে ঘঁৰত-ঘৰত শব্দ তুলি মানহঁতে শুই নিৰ্পালি দিয়া বুজাইছে। বহি থাকিবৰ আৰু সময় নাই; লাহৰীয়ে এইবাৰ মৰণত শৰণ দি থিয় দিলে। তাৰ পাচত, তেওঁ এখুজি-দুখুজিকৈ আহি ওচৰৰ হাবি এজোপা পাৰ হলহি।

লাহৰী আচল বাটে আৰু নগল; তেওঁ আওহতীয়াকৈ হাবিয়ে হাবিয়ে বৰনৈৰ উজনিৰ মুখে লৰালৰিকৈ উজাবলৈ ধৰিলে। এই দৰে দুখনমান তামোল খাবৰ পৰ গৈয়ে তেওঁ এখন পথাৰ ওলালগৈ। তাৰ পাচত আৰু লাহৰীয়ে উজাবলৈকো কাৰবাৰ নকৰিলে; সেই পথাৰখনৰ দক্ষিণমুৱাকৈ তেওঁ প্ৰাণকাতৰে লৰিবলৈ ধৰিলে; ⸺পথাৰখন পাৰ নোহোৱালৈকে লৰিলে। আৰু কিমান লৰিব, নিধাতু হৈ ভাগৰত লুটি খাই পৰি সেই ফালেই লাহৰী মূছকঁছ গল।

পৰিল বুলিও, জিৰাবলৈ সময় নাই; পিচ মুহূৰ্ত্ততে তেওঁ আকৌ উঠিল। আকৌ এখন হাবি। লাহৰীয়ে নো কলৈ লৰিছে তাৰ উৱাদিহ, পোৱা নাই; তেওঁ কেৱল মানহঁতৰপৰা আঁতৰ হবলৈ হে চাইছে। লাহৰী আকৌ হাবি সোমাল। হাবিৰ ভিতৰত তেওঁ যিমান বেগাই যাব পাৰে, গৈছে। এই দৰে কোবাকুবিকৈ সেই হাবিৰ ভিতৰে ভিতৰে দহ নলমান বাট গৈছে, এনেতে লাহৰীয়ে গছৰ পাতৰ ওলে দি দুটা তৰা জিলিকি থকা দেখিলে। দেখি যাওঁতেই লাহৰীয়ে অলপ চঁক্‌ খাইছিল কিন্তু তালৈ আৰু তেতিয়া তেওঁ কি মন কৰিব! লাহৰীয়ে গছ-লতা ভাঙ্গি আগুৱাবলৈ হে ধৰিলে।

কিন্তু, হাঁয়, সেইটো যে বাঘ! লাহৰীয়ে মন নকৰি ভালকে কৰিলে। এই ফুৰে যাওঁতে যাওঁতে তেওঁ আকৌ এখন পথাৰ ওলাল গৈ। মুকলি পাই লাহৰীয়ে আকৌ উধাতু খাই লৰিবলৈ ধৰিলে। লৰি লৰি পথাৰখন পাৰ হওঁ হওঁ হওঁতেই পেটৰ বিষ থমকা খাই পৰি, লাহৰী আকৌ সেই ফালেই মূৰ্ছা যোৱাৰ দৰে হল। এইবাৰ লাহৰী ভালেখিনি পৰলৈকে উঠি নোৱাৰা হৈ পৰি আছিল; কিন্তু মনৰ তেজে গাত বল দিয়াত তেওঁ আকৌ উঠি বাট খেদিবলৈ ধৰিলে। এইবাৰ হাবি নাই। বিৰিণাৰ জোপা গোটাচাৰেক পাৰ হৈয়ে তেওঁ এখন গাওঁ পালেগৈ।

সিমানতে লাহৰীৰ গা অলপ গহীন হল, তথাপি ভয় যোৱা নাই। তেতিয়াও বেগাবেগিকৈ তেওঁ উজনিৰ মুখে যাবলৈ ধৰিলে। এই দৰে যাওঁতে যাওঁতে লাহৰী দুখন পথাৰ আৰু তিনিখন গাওঁ পাৰ হৈ গল। তাৰ পাচত, লাহৰীৰ মনৰপৰা ধৰা-পৰাৰ ভয় আঁতৰ হবলৈ ধৰিলে। পাষণ্ডহঁতৰ হাত সাৰিলোঁ বুলি ভাবি লাহৰী এফেৰি উলাহিত হল; আৰু সকলো দুখ-ভাগৰ তেওঁ ক্ষন্তেকৰ নিমিত্তে পাহৰি গল।

এই দৰেই আৰু এখনমান তামোল খাবৰ পৰ যাওঁতেই ৰাতিপুৱাই আহিল। লাহৰীয়ে ভাবিলে, বহুত বাট আহিলোঁ। বাস্তৱতে, বহুত বাট যোৱাও হয়। এতিয়া আৰু পাষণ্ডহঁতে তেওঁক নাপায়হি। আৰু অলপ বাট গৈয়ে তেওঁ এখন মুকলি ঠাইত ওলালগৈ। লাহৰীয়ে তাতে এজোপা গছৰ তলত বহি, অলপ জিৰাবৰ মন কৰিলে। বহু ভাগৰেৰে বহি লাহৰীয়ে ভৰিলৈ চা্যচোন, একেবাৰে ৰাঙ্গলী হল! গোৰোৱা ফাটি তেজ ওলাইছে। ভৰিৰ তলুৱাৰ ছাল ছিগি পোৰণিত ভক্‌ভকাইছে। দুইটি ভৰি ভমভমাবলৈ ধৰিছে। এই দৰে লাহৰীয়ে গাৰ বেদনালৈ মন কৰা মাত্ৰকে বিষ দুগুণ হৈ উঠিল।

অন্তত, তৰণি নাপাই লাহৰীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। বেলি নুঠালৈকে সেই গছৰ তলতে কান্দি কান্দি তেওঁ বহিয়েই থাকিল। দেহিঐ, দেখিলেই হিয়া বিদৰি যায়। কোনো দিন এনে দুখ পোৱা হে নালাগে, বাহিৰলৈ নোলোৱা লাহৰীৰ সুকোমল শৰীৰত নো এনে কষ্ট সয় নে! ভৰিলৈ চায়মানে তেওঁৰ শোকৰ খুন্দা টান হবলৈ ধৰে; লাহৰীয়ে ফেঁকুৰি ফেঁকুৰি কান্দি উঠে। কিন্তু, এনে বিপদত গাৰ বেদনালৈ চালে হব নে? —তেওঁ আকৌ উঠি গাওঁ বিচাৰি যাব লগাত পৰিল। দেহিঐ, খোজ কঢ়া হে নালাগে, লাহৰীয়ে মাটিত ভৰি পেলাবই নোৱাৰা হল; আকৌ নো লাহৰী কেনেকৈ যায়।

কিন্তু নগলেওতো নহয়; অগত্যা আকৌ উঠি পেঙ্গুৰিয়াই-পেঙ্গুচিয়াই লাহৰীয়ে আগুৱাবলৈ ধৰিলে। হওঁতে সৰহ বাট যাব লগা নহল; সৰু পথাৰ এখনি পাৰ হৈয়ে লাহৰী আকৌ এখন গাৱঁত সোমাল গৈ। তিনি-চাৰি ঘৰমান মানুহৰ ঘৰলৈ গৈ বাহিৰত মানুহ নেদেখি তেওঁ উলটি গুচি গুচি যায়। এই দৰে কেঘৰমান এৰাই গৈ, তেওঁ আৰু এঘৰত বাহিৰৰ চ’ৰাত বহি থকা বুঢ়া এটিক দেখা পালে। লাহৰীয়ে লাহে লাহে বুঢ়াটিৰ ওচৰতে থিয় দিলেগৈ। বুঢ়াটিক দেখোঁতেই ভাল মানুহ বুলি চিনিব পাৰি।

তেওঁ লাহৰীক দেখিয়েই অলপ পৰ ঠৰ লাগি চাই থাকি সুধিলে, “আই! তই নো ক’ৰপৰা আহিছ, কি লাগে?” লাহৰীয়ে উত্তৰ দিলে, “বুঢ়া-দেউতা, মই বহুত দূৰৈৰপৰা বহুত ভাগৰত আহিছো। আচল কথা পাচে হে ভাঙ্গি কব পাৰিম; মই আজিলৈ আপোনাৰ ঘৰতে জিৰাব খোজোঁ।” এনেতে ভিতৰৰপৰা বুঢ়ী এটি ওলালহি। বুঢ়ীয়ে থিয় হৈয়েই লাহৰীক সুধিলে, “দেহিঐ, ক’ৰপৰা আহিছ আই, তই?” লাহৰীয়ে বুঢ়াক দিয়া উত্তৰকে তেওঁক শুনালে। লাহৰীৰ কথা শুনি বুঢ়ীৰ বৰ বেথা লাগিল। তেওঁ অতি চেনেহেৰে সমিধান দিলে, “থাক্‌হি আই, আজি হে নালাগে ৷ দহ দিনো থাক্‌হি।” এই বুলি, বুঢ়ীয়ে লাহৰীক লগত লৈ ভিতৰ সোমালেগৈ।

ইফালে ৰাতিপুৱা এডাঁৰ বেলি উঠালৈকে মানহঁত আটাইবিলাক শুয়ে আছে। তাৰ পাচত, পামপুৰীয়াই উঠি চকু-মূৰ মোহাৰি চায়, দেখোন লাহৰী নাই ! তেওঁ মান গোটাচেৰেকক জগোৱাই দি এই কথা কোৱা মাত্ৰকে আটাইবিলাকে কোঢ়াল কৰি হুল-স্থুল লগাবলৈ ধৰিলে। কিছুমান পৰ ইটোৱে-সিটোক দায় দিয়া-দিয়ি কৰি, আটাইবিলাকে চাৰিওফালে পিঁয়াপি দি আকৌ বিচাৰিবলৈ ধৰিলে। ধোদ পাষণ্ডহঁতে এতিয়া আৰু লাহৰীক ক’ত পায়! লাহৰী যে এতিয়া বুঢ়া-বুঢ়ীৰ বুকুত! চাৰিওফালে বিয়াকুল হৈ দুপৰীয়ালৈকে বিচাৰি নাপাই, আকৌ আটাইবিলাক আগৰ ঠাইতে গোট খালেহি।

তাৰ পাচত, সিহঁতে কি কৰিব কি নকৰিব বিবুদ্ধি হৈ পামপুৰীয়াক বুধি সুধিলে। পামপুৰীয়াই আৰু আন উপায় কি দিব! ৰত্নেশ্বৰক এই ঘটনাৰ কথা জনাবলৈকে তেওঁ স্থিৰ কৰিলে। সদৌশেহত পামপুৰীয়াৰ কথা মতেই মানহঁত লঘোনে-ভোকে ৰত্নেশ্বৰৰ ঘৰলৈ যাবলৈকে ওলাল। ৰত্নেশ্বৰৰ ঘৰৰ ওচৰ পাই, পামপুৰীয়াই মানহঁতক জোপা এটাৰ ওচৰতে থাকিবলৈ দি, তেওঁ ৰত্নেশ্বৰক মাতি আনিবলৈ গল।

কিন্তু পামপুৰীয়াই ঘৰ পাই দেখেগৈ দেখোন ৰত্নেশ্বৰৰ ঘৰ-দুৱাৰ বন্ধা। ওচৰ-চুবুৰীয়াক সোধাত জনা গল যে, দহ দিনমানৰেপৰা তেওঁ ঘৰত নাই। পামপুৰীয়াই ভাবিলে যে, ৰত্নেশ্বৰে টকা দিয়াৰ ভয়ত হে পলাইছে ৷ এই ভাবি, ভয়ত তেৱোঁ পলাবৰ উপায় ভাবিবলৈ ধৰিলে ৷ কিন্তু, মানহঁত সেই পাকত সিমান অজলা নহয় ৷ সিহঁতে পামপুৰীয়াৰ পিচে পিচে তিনটা মানুহৰ চোৰাংকৈ পঠিয়াই দিছিল ৷ পামপুৰীয়াই ইফালে-সিফালে চাই বেগাবেগিকৈ পলাবৰ উপক্ৰম কৰোঁতেই, মানহঁতে বুজিব পাৰিলে ৷

সিহঁতে একে খেদাই গৈ তেওঁক ধৰি আনি সিহঁতৰ লগৰীয়াবিলাকৰ ওচৰলৈ লৈ আহিলে। আৰু, পামপুৰীয়াৰ মুখে ৰত্নেশ্বৰ পলোৱাৰ কথা শুনা মাত্ৰকে লঘোনীয়া মানহঁতৰ খং মূৰত উঠিলগৈ। তিনদিনীয়া লঘোনত আবৰীহঁত একেবাৰে খাওঁ খাওঁ মূৰ্ত্তি হৈ আছিল; পামপুৰীয়াৰ মুখৰ কথা শুনা মাত্ৰকে সোধ-পোছ নাই, সিহঁতে কপি দা উলিয়াই তাক টুকুৰা-টুকুৰকৈ কাটি পেলালে। সদৌশেহত, মানহঁতে দুখ, ভাগৰ আৰু বেজাৰকে বঁটা স্বৰূপে লৈ ঘৰলৈ উলটি ভাগৰুৱা খোজ ধৰিলে।

এই ছেগতে আমিও লাহেকৈ লাহৰীৰ নতুন চিনাকী বুঢ়া-বুঢ়ীৰ ঘৰলৈ ওলটোঁ। এই বুঢ়া-বুঢ়ী দুটি সতি-সন্তানশূন্য, একেবাৰে নিচুৰীয়া;সংসাৰৰ বিষময় ফল ভোগ কৰি, উজনি নগৰৰপৰা ভাগি আহি, আজি ভালেমান বছৰ এওঁবিলাক এই ঠাইতে বসতি কৰি আছেহি। সন্তান বুলিবলৈ একেটি মাথোন পুত্ৰ আছিল; তাকো যি বিধাতাই দিছিল, সেই বিধাতায়ে অকালতে হৰি নিলে। এতিয়া আৰু ঘৰৰ বন-বাৰি কৰা গোটাচাৰেক লগুৱাত বাজে বুঢ়া-বুঢ়ীৰ কোনো নাই।

লাহৰীকে যেন তোলনীয়া সন্তান কৰি সিবিলাকে বুকু জুৰাবলৈ পাব, দুইৰো অন্তৰত স্বভাৱতে এনে এটি কৰুণ ভাবে থিত্ ললে। কিন্তু অন্তৰৰ গুপুত ভাব গুপুতেই আছে; তাক ফুটাই কবলৈ সিবিলাকে এতিয়াও ছেগ পোৱা নাই। ইচ্ছাময়ৰ ইচ্ছাত যেন বুঢ়া-বুঢ়ীৰ সৰল কামনা পূৰ্ণ হওক। লাহৰীৰপৰাই যেন সিবিলাকৰ শুকান হিয়াত অপত্য স্নেহ পুনৰ সঞ্চাৰ হওক। সেই দিনা ঘৰৰ কথা সোধোঁতে লাহৰীয়ে পামপুৰত বুলি কলে হয়, কিন্তু বিশেষ কথা ভাঙ্গি নকলে। লাহৰীৰ আতুৰ অৱস্থা দেখি সিবিলাকেও কোনো কথা পিটিকি নুসুধিলে।

আলহী ভাৱেই লাহৰী কুৰি দিনমান থকাৰ পাচত, বুঢ়ীয়ে তেওঁক এদিন সুধিলে, “আই, তই নো মোৰ বুকু জুৰাই ইয়াত কিমান দিনলৈ থাকিবি?” সেই কথাৰ উত্তৰত লাহৰীয়ে কলে যে, যেতিয়ালৈকে আকৌ ঘৰলৈ যাবলৈ সুবিধা নোলায়, তেতিয়ালৈকে তেওঁ বুঢ়া-বুঢ়ীৰ বুকুৰ মাজতে থাকিব। সেই কথা শুনি বুঢ়ীৰ মনত আনন্দে নধৰা হল; তেওঁ মনে মনে চিন্তিলে, যেন লাহৰীৰ সেই সুবিধা কোনো কালে নোলাওক ! তাৰ পাচতো লাহৰীয়ে সেই বুঢ়া-বুঢ়ীৰ তোলনীয়া জীয়েকৰ দৰে ভালেমান দিন আছে, তথাপি তেওঁ নিজৰ আচল চিনাকি দিয়া নাই।

কীৰ্ত্তিনাথ গোহাঞিৰ নাম লোৱা হলেই, বুঢ়া-বুঢ়ীয়ে সকলো কথা জানি উঠিলহেঁতেন। লাহৰীয়ে ইমান দিনে তাকে কোৱা নাই। কিন্তু হাঁয়, চিনাকি দিয়াৰপৰা সোনকালে তেওঁৰ উদ্ধাৰ হোৱা যেন গম্ পোৱা হলে, লাহৰীয়ে কেতিয়াবাই দেউতাকৰ নাম কৈ দিলেহেঁতেন। তেওঁৰ দুখময় জীৱনৰ প্ৰকৃত কাহিনী কোৱাৰপৰা তেওঁৰ প্ৰাণৰ প্ৰাণ কমলক পুনৰ লগ পোৱাৰ অলপো সঙ্কেত্ পোৱা হলেই, লাহৰীয়ে সকলো কথা ভাঙ্গি কবলৈ কেতিয়াও পলম নকৰিলেহেঁতেন। লাহৰীয়ে নাজানি মাথোন নিজৰ উপকাৰ কৰোঁ বুলি অপকাৰ কৰিছে।

ইমান দিনে লাহৰীয়ে মনৰ বেজাৰত তৰণি নাপায় যদিও,নিজৰ বেজাৰৰ কথা কাকো নকয় আৰু ভাব-ভঙ্গী আকাৰে-ইঙ্গিতেও অন্তৰৰ ভাব আনক জানিবলৈ নিদিয়ে। এতিয়া আৰু লাহৰী ঘাই ঘৰত থকাৰ দৰে নহয়; এতিয়া লাহৰী খোজেপতি সাৱধান। তথাপি, কেতিয়ান অকলে অকলে থাকোঁতে, লাহৰীয়ে তেওঁৰ প্ৰাণৰ প্ৰাণ কমল আৰু মৰমৰ আইতাক-দেউতাকলৈ মনত কৰি উচুপি উচুপি কান্দিবলৈ ধৰে। ইফালে বুঢ়ীয়ে আকৌ লাহৰীৰ লগ নেৰেই; সদায় আগৰ দিনৰ মান-ভগনীয়া কথা পাতি তেওঁ লাহৰীক ভোল নিয়াই থয়।

এই দৰেই আৰু ভালেমান দিন পাৰ হৈ গল। এদিন সেই গাঁৱতে এখন বিয়া হৈছিল। তালৈকে আমাৰ বুঢ়া-বুঢ়ীৰ ঘৰতো নিমন্ত্ৰণ পৰিলহি। বুঢ়ীয়ে ভাবিলে, তেওঁ নো কি যাব, লাহৰী ঘৰৰ জীয়াৰী, লাহৰীয়েই যাওক ৷ এনে ভাবি বুঢ়ীয়ে অলঙ্কাৰ-পাতি উলিয়াই দি, লাহৰীক মাতি আনি পিন্ধি উৰি বিয়ালৈ যাবলৈ কলে। লাহৰীয়ে বিয়াৰ নাম শুনা মাত্ৰকে তৰ্কিব নোৱাৰাকৈ জিকাৰ খাই উঠিল। তাৰ পাচত, নিজৰ অন্তৰৰ ভাব প্ৰকাশ পোৱা যেন গম্ ধৰি বুঢ়ীৰ ফালে অলপ পৰ্ ঠৰ্ হৈ চাই থাকোঁতেই, কেতেকী ফুলৰ পাহী যেন লাহৰীৰ দুগালে মুকুতাৰ পানী যেন দুধাৰি চকু-লো বৈ পৰিল।

লাহৰীৰ মনত যে কিবা মৰ্মান্তিক বেদনা আছে, বুঢ়ীয়ে ইমান দিনলৈকে জনা নাছিল। আজি লাহৰীৰ মনৰ গতি গম্ ধৰি কৰুণ ভাবত বুঢ়ী বিগলিত হল। বুঢ়ীয়ে লাহৰীৰ হাত দুখনিত ধৰি আতুৰ ভাৱে, শপত দি, কন্দাৰ কাৰণ সুধিবলৈ ধৰিলে। কিন্তু, লাহৰীক সিমানতো নিটাল মাৰি থাকিব দেখি, বুঢ়ীয়ে হুমুনিয়াহ কাঢ়ি মনটি আমোলাই পেলালে। অতি কোমল অন্তৰা লাহৰীৰ কোমল হিয়া বুঢ়ীৰ মুখ-আমোলনিয়ে পমাই নিলে। বুঢ়ীয়েও আকৌ এবাৰ কাবৌ কৰি লাহৰীক নিজৰ আঁতিগুৰিৰ কথা ভাঙ্গি কবলৈ বৰকৈ ধৰিলে। এইবাৰ আৰু লাহৰীৰ কোমল প্ৰাণে সহিব নোৱাৰিলে।

লাহৰীৰ মনত পৰাৰেপৰা বৰ্তমানলৈকে নিজৰ অৱস্থাৰ বিষয়ে তেওঁ ভাঙ্গি-পাতি কৈ, অলপ পৰ ৰৈ থাকি আকৌ হুমুনিয়াহ এটি কাঢ়ি কান্দিবলৈ ধৰিলে। ইফালে বুঢ়ীয়েও কিবা কথা বাকী ৰল বুলি ভাবি আকৌ বেচিকৈ পেৰিবলৈ ধৰিলে। লাহৰীয়ে আগ ডোখৰত কেৱল দেউতাক, আইতাক আৰু তেওঁৰ নিজৰ কথা হে কৈছিল। তেওঁৰ বেজাৰৰ ঘাই কাৰণ তেওঁ তেতিয়াও উনুকিৱা নাছিল। বুঢ়ীয়ে বৰকৈ টানি ধৰিবৰ দেখি, তেওঁ জয়ে-জয়ে কমল নামেৰে এটি লৰাৰে সৈতে তেওঁৰ কি সূত্ৰে চিনাকি হল, ক্ৰমাৎ দুইকো দুয়ো নো কিমান ভাল পোৱা হল, এইখিনি কথা বৰ্ণাবলৈ ধৰিলে।

লাহৰীৰ কথা শুনি শুনি ইফালে বুঢ়ীৰ চকু চল্‌চলীয়া হৈ আহিল। তাৰ পাচত, লাহৰীয়ে কমলৰ আঁতি-গুৰি ভাঙ্গি-পাতি কবলৈ আৰম্ভ কৰিলে। লাহৰীয়ে কমলৰ মুখৰপৰা তেওঁৰ উৎপত্তিৰ কথা যি শুনিছিল, সকলো ভাঙ্গি-পাতি কবলৈ ধৰিলে। শুনি শুনি বুঢ়ীৰ আৰু সহ্য নহল; লাহৰীয়ে কমলৰ লৰাকালৰ কথা বৰ্ণাই শেষ কৰিবলৈ নৌ পাওঁতেই বুঢ়ীয়ে “,ঔ, ডাঙৰীয়া, এই ফালে চাপি আহক ঔ, লাহৰীয়ে কি শুনায়ঔ!” এই বুলি সেই ফালেই পৰি বুঢ়ী মূছ্কঁছ্ গল! বুঢ়ীৰ চিয়ঁৰ শুনি উধাতু খাই বুঢ়া আহি উপস্থিত।

বুঢ়াই লৰালৰিকৈ “কি হল, কি হল” বুলি সোধাত, লাহৰীয়ে বুঢ়ীক কমলৰ বিষয়ে কোৱা কথাখিনি বেগাবেগিকৈ যি পাৰে অলপ কৈছে, এনেতে বুঢ়ায়ো “আঐ, মোৰ আই, কি শুনালিঐ!” বুলি লাহৰীক গবা মাৰি ধৰি কান্দিবলৈ ধৰিলে। হঠাৎ হিতে-বিপৰীত ঘটিবৰ দেখি, লাহৰী বিচুৰ্ত্তি হৈ মনৰ উগুল-খুগুল ভাবত মমৰ পুতলাটিৰ দৰে ঠৰ্ লাগি ৰল!

*********************

অষ্টাদশ আধ্যা- জয়ন্তীৰ বিয়া

ৰত্নেশ্বৰ সেই দিনা খঙ্গৰ বেগত জয়ন্তীহঁতৰ ঘৰৰপৰা ওলাই আহিল; আধা মাইলমান সেই একেটা কোবেৰেই ফোঁ-ফোঁকৈ তেওঁ ঘৰমুৱা হৈ আঁতৰ হল। সেই ছোৱা বাট ৰত্নেশ্বৰক এটা অৰ্থশূন্য খঙ্গে ওফৰাই লৈ গল। তাৰ পাচৰপৰা দেখোন পিচ ফালৰ পৰা ৰত্নেশ্বৰৰ চুলিত ধৰি কিবা এটি আকৰ্ষণী ভাবে লাহে লাহে টানিবলৈ ধৰিলে। লাহে লাহে ৰত্নেশ্বৰৰ ঘৰ্-চিৰিকায়া থোজে ৰাজহংসীয়া গতি ধৰিলে। পিচত যোৱা ভাৰীটোৱে কানত মেট্‌মৰা ভাৰখন লৈ কন্যা-খোজ ধৰিব লগাত পৰিল। তাৰ পাচত আকৌ ৰত্নেশ্বৰ দুপৰীয়া, গুন্দা হাতীৰ দৰে, যাওঁ নাযাওঁকৈ অগা- পিচা খোজ ধৰা হল;

একো-একোবাৰ আলহী হৈ থকা ঠাইত কিবা এটা এৰি অহাৰ ভাৱে পিচলৈ উভতি সুঁৱৰি চাই ৰত্নেশ্বৰ মাজবাটতে টলকা মাৰি ৰয়। লাহে লাহে ৰত্নেশ্বৰৰ এই ৰোগ প্ৰৱল হৈ উঠিল; এনল বাট যাওঁতেই তিনি-চাৰি বাৰকৈ ৰোগৰ বিকাৰ উঠা হল। শেহান্তত, লগুৱাটোৱে কানৰ ভাৰ সহিব নোৱাৰি পিচৰপৰা মাত লগালে, “দৌতাই নো এইখন কি আওপকীয়া খোজ ধৰিছেঐ! সঁচা কৈছোঁ, এনে ধেমালি মোৰ কানে নসহে, মই ভাৰ ইয়াতে পেলাম হে এতিয়া!”

ৰত্নেশ্বৰে অলপ হুঁচ্ পাই সমিধান দিলে, “অ, হয়, তোৰ ফালে টান পৰিছে; তই তেন্তে আগ হ, ব’ল, মই পিচে পিচে গৈ থাকোঁ।” সেই অনুমতি ৰত্নেশ্বৰৰ মুখৰপৰা আধা হে বাজ হবলৈ পালে, লগুৱাই ততালিকে আগ হৈ দুখুজীয়া গতিৰে আগুৱাৰলৈ ধৰিলে। ৰত্নেশ্বৰেও আকৌ এখনমান তামোল খাবৰ পৰলৈ লগুৱাৰ পিচে পিচে খৰ খোজেৰে যাবলৈ ধৰিলে। কিন্তু, উদ্‌ফাই ৰোগৰ দৰে পিচফালৰ সোঁৱৰণীয়ে ৰত্নেশ্বৰৰ প্ৰাণৰ ভিতৰত আকৌ উজনি-ভাটী লগাবলৈ ধৰিলে; ৰত্নেশ্বৰে পূৰ্ব্বৱত আকৌ মৰাল গতি ধৰিলে।

এইবাৰ আলহী হৈ থকা ঘৰত কিবা এৰি অহালৈ বৰকৈ মনত পৰা হল। ৰত্নেশ্বৰে ঘনে ঘনে উলটি-উভতি চায় আৰু মূৰ খজুৱায়; তাৰ পাচত তেওঁ দোখোজমান ওভতনি-খোজ ধৰে। এই দৰে ভালেখিনি পৰলৈকে উজনি-ভাটী কৰি থাকোঁতে সিফালে লগুৱা-ভাৰীৰ গা নেদেখাই হল ! ৰত্নেশ্বৰে আকৌ অলপ হুঁচ্ পাই মূৰ দাঙ্গি চায়, দেখোন লগুৱাক মনিব নোৱাৰাই হল। বহু দুৰণিত কোনোবা এটাক ৰিণিকি ৰিণিকি দেখা গৈছে; সি বা কোন্ আহিছে, নে গৈছেই তাৰ চিন্ নাই। লগুৱাৰ লেঠাৰ হাত সাৰি এইবাৰ ৰত্নেশ্বৰ বহিয়েই পৰিল।

লগুৱাৰ ভাবনা এৰি ৰত্নেশ্বৰে উপস্থিত ৰোগত আসন্ন বিপদ গুচোৱা ঔষধিৰ ভাবনাত লাগিল। বহি জিৰোৱা গছৰ তলতে ৰত্নেশ্বৰ ভালেমান পৰ বহিল, তেওঁ ভালেমান ভাবিলে; কোনো উপায়ন্তৰ নেদেখি, উঃ আঃ কৰি, তেওঁ চাটিফুটি কৰিৰলৈ ধৰিলে। এই দৰেই এডাঁৰমন বেলি গল, এনেতে ৰত্নেশ্বৰৰ চকু ৰঙা হৈ উঠিল, মুখত তেজ বিৰিঙ্গি পৰিল, বুকু ফিন্দ খাই উঠিল;

তাৰ পাচত দাঁত-কৰচনি মাৰি ৰত্নেশ্বৰ গিৰিপ্‌কৰে উঠিল! উঠিল, আৰু তাত থিয় নহল; উলটি বেলি ভাটী দিয়াৰ পৰত জয়ন্তীহঁতৰ ঘৰৰ ওচৰৰ গাঁৱৰ এজনী বাঁৰী-দুখুনী তিৰোতাৰ ঘৰত আলহী হৈ নচপালৈকে, ৰত্নেশ্বৰে উভতি আকৌ ঘৰ্-চিৰিকীয়া খোজ ধৰিলে। সিফালে ঘৰমুৱা লগুৱাই কোবাকুবিকৈ বাট খেদিবলৈ ধৰিলে; গৈ গৈ সি গাওঁ সোমাৱা দেখা গল; কিন্তু তাক ৰত্নেশ্বৰৰ চোতালত ভৰি দিয়া দেখা নগল।

এমুৰীয়া অকলশৰীয়া বাঁৰীৰ ঘৰতে ৰত্নেশ্বৰ আজি ভালেমান দিনো আছে। তাৰ পাছত দেখা যায় যে, তেজ, মাংস, দস্তুৰ আৰু কাৰ্য্যৰে ৰত্নেশ্বৰেই; কিন্তু সাজ-পাৰ, চলন-ফুৰণ, আও-ভাও ইত্যাদিলৈ চাই তেওঁ যেন এটা হজুৱা গাঁৱলীয়া, যেন সেই বাঁৰীৰে চপনীয়া-মতা। কি অৰ্থে,কি কাৰ্য্যেৰে ৰত্নেশ্বৰে এই দৰে প্ৰবাস খাটিছে বুজা নাযায়। ঘৰৰপৰা তেওঁ বৰকৈ নোলায়। কিন্তু, বাঁৰী-বাইক হলে কেদিনমানৰপৰা জয়ন্তীহঁতৰ ঘৰলৈ ঘনাই যোৱা-অহা কৰা দেখিছোঁ। তাইৰ নো কি উদ্দেশ্য, কি কাৰ্য্য কোনেও বুজিব পৰা নাই।

তাই মুঠেই বিষয়ানীৰ ওচৰত ছালি খাবলৈ পাণ এবিৰা, চুণ অকণ, খুদ্‌চাউল এমুঠি, শাক এডাল, লোণ এজেবা, ইয়াকে বিচাৰেহি; তাই উলটিবৰ বেলিকা এবাৰ জয়ন্তী আইদেউৰ ওচৰত সোমাই দুটা-চাইটা কথা পাতেগৈ আৰু তেওঁ লিখি পেলাই দিয়া কাকত পত্ৰ কিবা-কিবি বান্ধিবলৈ বুলি বুটলি লৈ যায়। জয়ন্তী আইদেৱো বৰ ধেমেলীয়া গাভৰু; তেওঁ গাঁৱৰ তিৰোতাৰে সৈতে ধেমেলীয়া কথাবাৰ্ত্তা পাতি বৰ ভাল পায়। বাঁৰী-বাই দেখাত হে এলাইজাঁপৰী, তাইৰ কথাবিলাক বৰ ৰং-লগা। সেই কাৰণে, তাই সোনকালে জয়ন্তী আইদেউৰ ওচৰত লাগী হৈ উঠিল।

বাঁৰী-বাই সদায় যায়, সদায় আহিবৰ সময়ত জয়ন্তীৰ মুখৰপৰা “কাইলৈকো আহিবাঁ দেই বাই,” এই আষাৰি মিঠা মাত পাই আহে। পাচলৈ বাঁৰী বায়ে জয়ন্তীৰ অতি গুপুত প্ৰেমৰ কথাবাৰ্ত্তাৰো ভাগ পোৱা হল। পূৰ্ণ গোহাঞিদেৱ ঘৰলৈ উভতি যোৱা আজি কুৰি দিনমান হৈছে। তেওঁ থাকোঁতে দুইৰো ভিতৰত গুপুতে কেনেকৈ পত্ৰ চলিছিল, এতিয়াও তেওঁ নাম-ধাম-ঠিকনা লিখি দি যোৱা লেফাফাত ভৰাই মানুহৰ হাতত কেনেকৈ চিঠি চলাচল কৰা হয়, তাৰো বাঁৰী বায়ে সম্ভেদ্ পোৱা হল। মাজে মাজে পূৰ্ণ গোহাঞিদেৱহঁতৰ ঘৰৰ ফালে কোনো কামত যাবলৈ ওলোৱা মানুহৰ সম্ভেদ্ দি সেই মানুহৰ হাতত দি পঠিয়াবলৈ জয়ন্তী আইদেউৰ চিঠিও বাঁৰী-বায়ে গোপনে নিয়াহি হল।

বাঁৰী-বাই চাপিবৰপৰা জয়ন্তী আইদেৱে চিঠি পঠিওৱাত বৰ সস্তা পাইছে; কিন্তু পূৰ্ণ গোহাঞিদেৱৰপৰা তাৰ উত্তৰত চিঠি-পত্ৰ অহাত হে বিসঙ্গতি ঘটিবলৈ ধৰিছে। বাঁৰীৰ গাত আৰ লৈ ৰত্নেশ্বৰ একেদৰেই আৰু তাত কিছুমান দিন আছে। এনে সময়তে, যোৰহাটৰপৰা পূৰ্ণ গোহাঞিদেৱ বৰ খং-বেজাৰেৰে হঠাৎ জয়ন্তীহঁতৰ ঘৰত ওলালহি। তেওঁ থিয় হৈয়েই জয়ন্তীৰ আইতাকক লগ পাবৰ নিমিত্তে লিগিৰাক ভিতৰলৈ পাচিলেহি। আন দিনাৰ দৰে তেওঁ মুখ, হাত, ভৰি ধুই নিজৰ ঘৰৰ দৰে আসন লৈ নবহি, অচিনাকী আলহীৰ দৰে পাৰি থোৱা চালপিৰা এখনতে বহিল।

পুৰ্ণ গোহাঞিদেৱ অহা শুনিয়েই জয়ন্তীৰ মন আনন্দত নাচি উঠিল। তেওঁ পিচ-চোতালৰপৰা লৰালৰিকৈ আহি জুমিবলৈ ধৰিলে। কিন্তু গোহাঞিদেৱৰ ৰঙা চকু-পকোৱা আৰু কপালৰ গাঁঠি থোপা হোৱা দেখি তেওঁৰ সেই আনন্দ মনতে মাৰ গল ! আৰু, উগুল-খুগুল ভাবত তেওঁ তাৰপৰা অলপ আঁতৰ হল। আইতাকে ওলাই আহি লৰালৰিকৈ ভাবী-জোৱাঁয়েকক অভ্যৰ্থনা কৰিবলৈ খৰধৰ কৰিলে।

কিন্তু, পূৰ্ণ গোহাঞিদেৱে তেওঁক সেইবোৰ কাৰবাৰৰ প্ৰয়োজন নাই বুলি কৈ, বেজাৰ মনেৰে কলে যে, আজি তেওঁ আন কিবা বৰ টান কথা এটা কব লগীয়া থকাত যে অসময়ত ওলাইছেহি; আৰু তেওঁ ততালিকে আকৌ ঘৰলৈ উলটিব। এই কথা কৈয়েই পূৰ্ণ গোহাঞিদেৱে চোলাৰ জেপত হাত ভৰাই কবলৈ ধৰিলে, “মই জানিছিলোঁ, আপুনি যেনে সাধ্বী, সতী আৰু অশেষ গুণৰ গৰাকিনী , আপোনাৰ মৰমৰ জীয়েকো তেনে চৰিত্ৰৱতী হব। এনে ভাবি হে মই আপোনাৰ প্ৰস্তাবিত বিয়াত সন্মতি দিছিলোঁ। এতিয়া চাওক, আপোনাৰ জীয়েকে তলে তলে এইবোৰ কি কাম কৰিছে !” এই বুলি এজাপ চিঠি উলিয়াই জয়ন্তীৰ আইতাকৰ আগত থৈয়েই, তেওঁ আকৌ কবলৈ ধৰিলে,“সেই দিনা আমি বান্দৰ-নচুৱা সেই ৰত্নেশ্বৰ নে কি, তালৈকে জীয়েকে এইবোৰ চিঠি চলাইছে।

সি মোলৈ বহুত লাজ্ দি এখন চিঠিৰে সৈতে এইবোৰ প্ৰমাণ স্বৰূপে পঠিয়াইছে ৷ সি আছে ক’ত, ক’ৰপৰা এই চিঠি দিছে, তাৰো একো ঠিকনা দিয়া নাই। মানুহৰ মুখে শুনিছোঁ, বোলে সেই পাষণ্ড ইয়াতে কাৰোবাৰ ঘৰত আছে। মই আৰু কি কম, মই এতিয়া বৰ দুখেৰে পূৰ্ব্বৰ প্ৰস্তাৱত অমান্তি হলোঁ। সেই কাৰণে, মই আৰু ইয়াত এৰাতিও নাথাকোঁ; আজিয়েই ঘৰলৈ উলটিম।” জয়ন্তীৰ আইতাক অবাক্ হৈ সেই পোনেই ঢাল খাই পৰিল ! পূৰ্ণই ততালিকে দাঙ্গি ধৰি গাৰ ধূলি-মাটি গুচাই দি অলপ তেওঁক শাঁত কৰিবলৈ চেষ্টা কৰিলে।

সিফালে, বুলনীৰপৰা জুমি আৰু শুনি থকা জয়ন্তী বজ্ৰাহত হোৱাৰ দৰে মুছকঁছ গৈ পৰিল। ঘৰৰ লিগিৰীহঁতে পানী-দুনি দিয়াত অলপ সংজ্ঞা পাই আৰ্ত্তৰাৱ কাঢ়ি, “আই, মাজতে মোক এই দৰে কোনে খালেঔ?” বুলি হিয়া-ভূকু মাৰি জয়ন্তী আকৌ মূছকঁছ গৈ পৰিল। পুৰ্ণ গোহাঞিদেৱ বৰ খং আৰু বেজাৰত আহিছিল বুলিও, তেওঁ বৰ কোমল অন্তৰৰ মানুহ; জয়ন্তী আৰু আইতাকৰ মনোদুখ বুজিব পাৰি তেওঁ নিজে অলপ ৰংমুৱা হৈ বহিল। তেওঁ মনে মনে ইয়াকো ভাবিলে যে, জয়ন্তীয়ে আৰ্ত্তৰাৱত কোৱা কথা ফাঁকিৰ কিবা অৰ্থ থাকিব পায়; এতেকে ইবিলাকক শান্ত কৰাৰ লগে লগে সেই কথাৰো অলপ সম্ভেদ্ লবলৈ চেষ্টা কৰা যাওক। এই ভাবি তেওঁ মনে মনে গুণিবলৈ ধৰিলে।

জয়ন্তীৰ আইতাক সেই যে নিমাত হৈ বাগৰি পৰিল, তেওঁ সেই দৰে নিমাতী হৈয়ে ৰল। ভিতৰৰপৰা আহি লিগিৰীহঁতে ধৰাধৰিকৈ নি বিছনাত শোৱাই তেওঁক শুশ্ৰূষা কৰিবলৈ ধৰিলে। জয়ন্তীৰ ফালেও পৰ-পালি দিয়াৰ তুল্যই হব লাগিছিল; কিন্তু আসন্ন বিপদত ধৈৰ্য্য ধৰি উপস্থিত বুদ্ধি নখটালে মুহূৰ্ত্তৰ ভুল-বুজনিয়ে সাংঘাতিক বিপদ ঘটাব পাৰে; সেই কাৰণে, তেনে সময়ত মানুহ অলৌকিক বলেৰে বলী হয়। জয়ন্তীয়েও আজি সেই বলেৰেই ধৈৰ্য্য ধৰি, পূৰ্ণ গোহাঞিদেৱৰ ভুল সংশোধনৰ উপায় চিন্তিবলৈ ধৰিলে।

গোহাঞিদেৱলৈ যে তেওঁ গুপুতে চিঠি চলাইছিল, সেইটো এতিয়াও সকলোৰে আগত প্ৰকাশ্যে কবলৈ তেওঁ লাজ কৰি আছে। এনেতেে, বুঢ়ী লিগিৰীৰ সাহায্য আহি আপোনা-আপুনি উপস্থিত। তাই ভাবিলে যে, জয়ন্তীয়ে নিজে গৈ গোহাঞিদেৱক নুবুজালে আৰু সেই বিষয়ৰ কোনেও জেঙ্গা ভাঙ্গিব নোৱাৰে। এনে ভাবি,তাই শুশ্ৰূষাৰ অৰ্থে মাতি নিয়াৰ ভাৱে গোহাঞিদেৱক তেওঁ আগেয়ে থকা কুঁঠৰীলৈ মাতি নি বহুৱালেগৈ। সেই ছেগতে সুবিধা পাই জয়ন্তীয়ে উৰি যোৱা দি গৈ গোহাঞিদেৱৰ পাৱত পৰি কান্দিবলৈ ধৰিলে; আৰু প্ৰকৃত ঘটনা জানি লৈ তেওঁৰ ভুল-বিশ্বাস এৰিবলৈ কাকৃতি কৰিবলৈ ধৰিলে।

পূৰ্ণ গোহাঞিদেৱ বৰ ধীৰ; ধৈৰ্যটো যেন তেওঁৰ আজ্ঞাধীন গুণ। তেওঁ তেতিয়াই স্থিৰ ভাৱে জুয়ন্তীৰ মুখে আদ্যোপান্ত বৰ্ণনা শুনিবলৈ ধৰিলে। কওঁতে কওঁতে, জয়ন্তীয়ে সৰস্বতী যেন মুখেৰে চিঠিৰ কথাবোৰ বৰ্ণাই আৰু অকৃত্ৰিম প্ৰেম বুজাই উঠিল ৷ শুনি শুনি,গোহাঞিদেৱৰ দৃঢ় বিশ্বাস হল যে,সেইবোৰ চিঠিৰ প্ৰকৃত গৰাকী তেওঁৱেই হে; জয়ন্তীয়ে চিঠি তেওঁলৈকে হে লিখছিল, মাজত কু-চক্ৰীয়ে পাই হে এনে দুৰ্ঘটনা ঘটাইছে।

ইয়াকে স্থিৰ কৰি, তেওঁ জয়ন্তীক আশ্বাস দি ভিতৰলৈ পঠিয়াই, গাঁও ফুৰিবলৈ ওলাই গল। তেও ধীৰে ধীৰে গৈ বাঁৰী-বাইৰ ভগা-বহাৰ দুৱাৰমুখত থিয়দি ৰল। তাৰেপৰা তেওঁ সঁহাৰি লৈ জানিলে যে, বাঁৰীয়ে এটা মানুহৰে সৈতে কিবা গুপুত আলচ পাতিছে। তেওঁ লাহেকৈ পিছফালে ঘূৰি গৈ ঘৰৰ চুকত কাণ পাতি সিহঁতৰ ভিতৰত হোৱা কথা-বাৰ্ত্তা শুনিবলৈ ধৰিলে।—

বাঁৰী ।— “এ, সেয়া নহয়, মই অমুকী লাগিলে নো কেই দিনৰ বন! আজি আহি ধমধমনি লগাই দি আজিয়েই গুচি গলগৈ নহয়।”

ৰত্ন ।— “পিচে,পিচে পূৰ্ণ গোহাঞিয়ে বিয়া নকৰাওঁ বুলি গৈছে নে? ইহঁতে কি কয় পিচে ? নকৈছিলোঁ, ময়ো উভতি বান্দৰ-নচুৱাম্‌হি বুলি !”

বাঁৰী।—“সেয়ে নহয় নো কি? যি বলেৰে হে পূৰ্ণলৈ লিখা চিঠিবোৰকে তোমালৈ লিখা চিঠি বুলি জয়ন্তীক অবিশ্বাসী কৰালোঁ! এতিয়া আৰু কোন্‌টো লাজেৰে নো সি বিয়া কৰায়? মিছা যদিও, সেই কথা পতিৱাব কেনেকৈ?”

পূৰ্ণ গোহাঞিদেৱে আৰু সহিব নোৱাৰিলে। তেওঁ ইয়াতকৈ আৰু নিজ কাণে শুনা প্ৰমাণ অধিক নিবিচাৰিলে। তেওঁ তেতিয়াই উলটি আহি সকলো বৃত্তান্ত জয়ন্তীৰ আইতাকত জনালে। জয়ন্তীৰ আইতাক বিধবা বুলিও, সেই চুবুৰিৰ ভিতৰত এগৰাকী ক্ষমতা থকা ভগা-বিষয়ানী আছিল। সেই গুপ্ত চক্ৰান্তৰ সম্ভেদ্ পোৱা মাত্ৰকে তেওঁ পাঁচোটামান মানুহ পাচি বাঁৰীক আৰু বাঁৰীত চাপি থকা মানুহটোক ধৰাই অনালে।

মানুহটোক তিনটা লগুৱাই বাহিৰতে ধৰি ৰাখিলে; বাঁৰীক পোনেই নি বিষয়ানীৰ আগত থিয় কৰোৱা হল। কাৰ্য্যৰ গতি-গোত্ৰলৈ মন কৰিয়েই চতুৰা বাঁৰী বাইৰ গা বাজিল! তাই, কোনেও একো সুধিবলৈ নৌ পাওঁতেই, নিজে নিজে ঘটনাটোৰ আদ্যোপান্ত বৰ্ণাবলৈ ধৰিলে।

তাই বিষয়ানীৰে পাৱত পৰি কান্দি কান্দি এই বুলি সৈ ললে যে, এই বিষয়ত তাই নথৈ অপৰাধ কৰিছে সঁচা, কিন্তু যাৰ উদগনিত তাই এনে কাম কৰিবলৈ আগ বাঢ়িছিল, সি তাতোকৈ অপৰাধী নহয় জানো? তাই আৰু কলে যে, সি তাইত চাপি সদায় পোহ-পাল কৰি থাকিবলৈ বুলি আজি ইমান দিন তাইৰে সৈতে গৃহবাস কৰি আছে; সেই কাৰণে হে তাৰ গুপুত উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে, জয়ন্তীয়ে পূৰ্ণ গোহাঞিদেৱলৈ লিখা চিঠিবোৰ যোৰহাটলৈ যোৱা মানুহৰ হাতত দিবলৈ নিওঁ বুলি তাই চপনীয়া মতাটোক দিছিল গৈ;

বাৰীৰ কথা শুনি চাৰিওফালৰপৰ ডেকা, বুঢ়া সকলোটি চাপিলহি। সেই সকলোৰে মাজে দি বাট লৈ পূৰ্ণ গোহাঞিদেৱে শাহুৱেকত সেৱা জনাই ক্ষমা মাগিলে গৈ। বিষয়ানীয়েও অতি সন্তোষেৰে ভাবী-জোঁৱায়েকক আশ্বাস দি শান্ত কৰিলে। ইফালে, বাহিৰত ডবা-চৰ, গেমেহা-ভুকু, কাণ-মোচৰা, নাক-টনা, শিলৰ খুন্দা ইত্যাদিৰে সৈতে চুবুৰীয়াই সেই চপনীয়া মতাক আধামৰা কৰিব লাগিছে।

শেহত, তাৰ চিয়ঁৰ সহিব নোৱাৰি হাতত বন্তি লৈ গোহাঞিদেৱ আৰু জনচাৰেক মানুহে বাহিৰলৈ আহি দেখেচোন, সেইটো ৰত্নেশ্বৰ বৰমতা ! ছোৱালী বাছোঁতে বাছোঁতে এঙ্গাৰ-কলী, নাক-খাঁৰী, ফেঁচামুই, এলাইজাঁপৰী বাঁৰীত চপনীয়া চাপি লোকৰ পৱিত্ৰ প্ৰেমত বিঘিনি ঘটাবলৈ ৰত্নেশ্বৰ ধুনীয়া ডেকাই বাঁৰী-বাইৰ এৰাবাৰী ৰখীয়া হৈছেহি ! গোহাঞিদেৱ বৰ মৰমিয়াল মানুহ; তেওঁ ৰত্নেশ্বৰক সিমান জলপানেৰেই তুষ্ট হবলৈ দি,তাৰপৰা মুক্তি দিয়ালে।

আগেয়ে জয়ন্তীৰ বিয়াৰ আয়োজন লাহে লাহে হে চলিছিল। বিয়াৰ দিন ফাগুণ বা বহাগত হে স্থিৰ হৈছিল। কিন্তু, ৰত্নেশ্বৰৰ ধূৰ্ত্তালিয়ে জয়ন্তী আৰু পূৰ্ণ গোহাঞিদেৱৰ বাহ্যিক আৰু আন্তৰিক সম্বন্ধ আগতকৈও দৃঢ়তৰ কৰিলে। পূৰ্ণ গোহাঞিদেৱ তাত থাকোঁতেই, ইফালে বিষয়ানীয়ে গাঁৱৰ জনচাৰেক ভদ্ৰলোকক যোৰহাটলৈ পঠিয়াই আঘোণতে বিয়া পাতিবলৈ বুলি গোহাঞিদেৱৰ ঘৰৰপৰা সম্মতি অনালে।

অদৃষ্টৰ গুণত বিধবা বুলিও বিয়ানীৰ অৱস্থা বৰ টনকিয়াল আছিল। তেওঁ নিজে সকলো খৰছ-পাটি দি ছোৱালী বিয়া দিবলৈ সাজু হোৱাত, যথাসমত দৰা-ঘৰীয়া সকলোটি চাপিকুচি বিষয়ানীৰ ঘৰৰ কাষত যুগুত কৰি থোৱা বাহৰত উপস্থিত হলহি। মহা আড়ম্বৰেৰে বিয়াৰ কাৰ্য্য আৰম্ভ হ’ল ৷ওচৰ-চুবুৰীয়া ভাল-ভদ্ৰ, সৰু-বৰ অলেখ মানুহে বিয়াত যোগ দিলেহি;নানা তৰহৰ গান-বাজনা, নাচ-ধেমালিৰে সৈতে পূৰ্ণ গোহাঞিদেৱৰে সৈতে জয়ন্তী আইদেউৰ সাদিনীয়া গুভবিবাহ সম্পাদিত হৈ গল। তাৰ পাচত, এগষমান মিতিৰৰ ঘৰতে মহা সন্তোষেৰে থাকি, দৰাঘৰীয়াসকল বৰ-কন্যাৰে সৈতে মহা ধুম্‌ধামেৰে ঘৰলৈ উলটিল। ৰত্নেশ্বৰ ধুনীয়া ডেকা বাঁৰী-বাইৰ ভগা-বহাতে ঘুনীয়া হৈ পৰি থাকিল ৷

*********************

ঊনবিংশ আধ্যা- পাপৰ পৰিণাম

মানহঁতে খঙ্গৰ জালত গায়পতি একো ঘাপ্‌কৈ ঘপিয়াই পামপুৰীয়াক তাতে টুকুৰাটুকুৰ কৰি, তাৰ পাচত সিহঁত ঘৰলৈ উলটিল। উলটিল, কিন্তু শুদা হাতে ঘৰলৈ ওলটা চিকাৰীৰ দৰে সিহঁতৰ পেটৰ ভোক, গাৰ ভাগৰ অসহনীয় হৈ উঠিল। আধা মাইলমান বাট গৈয়ে এজোপা ডাঙৰ বৰগছৰ তলত আটাইবিলাক মৰা-শ পৰা দি পৰিলগৈ।

সেই অৱস্থাৰেই মূৰ্খ পাষণ্ডহঁতে আধা ঘণ্টামান চাটিফুটি কৰি আছে, এনেতে এটা বুকুবহল ডেকাই এই বুলি মাত লগালে, “কাকাহাঁতঐ, আমিচোন ৰত্নেশ্বৰক একো কৰিবা নোৱাৰিলুঙঐ! হি আমাক ভুৱা দি হাৰিলচোন ঐ। আমি তাৰ ঘৰ আৰু গাঙকে ভাঙ্গিবলৈ নোৱাৰুঙ না?” ডেকাৰ কথা শুনা মাত্ৰকে খঙ্গত উতলি থকা মানহঁত আকৌ মতলীয়া হৈ উঠিল; ক্ষন্তেকৰ নিমিত্তে পাপ-তেজৰ বলত ভোক, পিয়াহ, ভাগৰ সকলো পাহৰি আটাইবিলাক উত্ৰাৱল হৈ আকৌ উভতিল।

আটাইবিলাক আহি পোনেই ৰত্নেশ্বৰৰ ঘৰৰ বাহিৰে, ভিতৰে, ছালে, বাৰে মৌ-গুটী ওলমি পৰাদি পৰিল। ভিতৰ সোমোৱাবিলাকে হুঁটা চাউল আৰু ধোঁৱাছাঙ্গৰ গুৰৰ সোৱাদত মজি বাহিৰৰ বিলাকলৈ পাহৰিলেই; বাহিৰৰ বিলাকে ঘৰ-দুৱাৰ ভাঙ্গি নিজৰ খং সৰাৰ সুখতে মগ্ন হল; ছালৰ ওপৰত থকাবিলাকে ঘৰটোকে চৰাই-পখিৱা দি, খঙ্গত উন্মত্ত হৈ আছে। তাৰ পাচত, গোটাচাৰেকৰ মনত এনে বুদ্ধি ওলাল যে, ফাঁকিদাৰ ৰত্নেশ্বৰৰ ঘৰকে পুৰি ছাই কৰা যাওক। এই বুলি, এটাই থুনুপাকৰপৰা টিঙ্গিৰি-তুলা উলিয়াই লৈ ঘৰৰ ছালৰ চুকে চুকে জুই দিবলৈ ধৰিলে।

দুপৰীয়া ৰ’দত শুকাই থকা ঘৰৰ ছালত কেইওফালৰপৰা জুই লগোৱা মাত্ৰকে জুই অভ্ৰংদেহী জিভা মেলি গগণ ভেদি জ্বলি উঠিল। তিনদিনীয়া লঘোনত ভিতৰ সোমাই লালিগুৰেৰে সনা হুঁতা চাউলৰ লাৰু চোবোৱাবিলাক ভিতৰতে ৰল! ছালৰ ওপৰত থকা বৰতীয়াবিলাক পাখিভগা শালিকীৰ দৰে অলপ পৰ ধপ্‌ধপাই তললৈ সৰি সৰি পৰিল। বাৰে-ছালে মৌ-গুটীৰ দৰে ওলমি থকাবিলাকৰ কিছুমানে বাহিৰলৈ ওলাবৰ বাট বিচাৰি, অচিনাকী দুৱাৰেদি ভিতৰলৈ হে সোমাই গৈ লগৰীয়া ভাইসকলৰ লগতে জাহ গল।

তাৰে গোটাচাৰেকে আধা-পোৰা হৈ ওলাই আহি চোতালৰ বননিত বাগৰ দি আধা-পোৰা বৰালি মাছৰ দৰে হল! বাহিৰত চিয়ঁৰ-বাখৰ কৰি ধপচালি কোবাই থকা তিনটা মাখোন মান নিঘুনি হৈ ৰল; সিহঁতেও লগৰ দুকুৰি-তেৰটাক একেবাৰে হেৰুৱাই আৰু চৈধ্যটাক আধা-পোৰা আধা-মৰা অৱস্থাত দেখি বৰ ব্যাকুল হৈ পৰিল। এনে সুযোগতে গাৱঁৰ ডেকা, বুঢ়া সকলোটি চাপি আহি সেইপৰীয়া পৰি থকা নৰ-পাষণ্ড মান কেইটাক নানা শাস্তি দি বন্দী কৰি ৰাখিলে ৷

বাঁৰী তেঙৰ আৰু খাঁৰী তেৰঙ ৷ মহা চতুৰা সেই লাহদৈগৰীয়ানী বাঁৰী বায়েও, গাঁৱত জয়ন্তী আইদেউৰ বিয়াৰ ধুম্‌ধাম মাৰ যাবলৈ হে বাট চাই আছিল। জয়ন্তী আইদেৱক লৈ দৰা-ঘৰীয়া ঘৰলৈ ওলটাৰ কেইদিনমানৰ পাচত, বাঁৰীয়ে বিষয়ানীৰ চ’ৰাত গাঁৱৰ বৰমূৰীয়াসকলক চপাই এখন চালিচ পাতিলে। ৰত্নেশ্বৰে প্ৰথমে সেই চালিচ অমান্য কৰি তাত উপস্থিত হবলৈ অমান্তি হৈছিল। কিন্তু, অলপ টানমুখীয়া হুকুম পোৱা মাত্ৰকে তেওঁ পূৰ্ব্বৰ পিটনলৈ মনত কৰি, আকৌ সেও হৈ কলে যে,তেওঁ গাৰ বিষত উঠিবই নোৱাৰে।

চালিচৰপৰা আদেশ পৰিল যে, গোটাচাৰেক ডেকা লৰা গৈ তাক মাটি-অনা চাঙ্গীত তুলি দাং-দোলাকৈ আনকগৈ। ৰত্নেশ্বৰক সিমানলৈকে পোৱা অপমানৰ জলপানেই আঁটিছিল; গতিকে তেওঁ মাটি-অনা চাঙ্গীত উঠি বহুৱা ওলোৱাতকৈ কেঁকাই-গেঁঠাই নিজে যোৱাটোকে উচিত দেখিলে।

যথা সময়ত মেলৰ বিচাৰ আৰম্ভ হল। গুচৰীয়ানীয়ে তাইৰ কবলগীয়া কৈ অন্ত কৰি, সামৰণিত কলে, “মই চাওঁতে সিটোৱেও আৰু ইফাল-সিফাল কৰিব নাপায় দেখোন; এবেলি আপোন ইচ্ছাৰে চাপি আকৌ নো ঘটংমটং লগাব নে? তথাপি, ‘নেজানি দৈবৰ গতি’। পাচত কাৰ মন কি হয়, কোনে জানে? সেই দেখি ৰাইজৰ আগতে এটা পকাকৈ বন্ধা-ছতা হৈ গলে যেনিবা ভাল।” চালিচে বাঁৰীৰ কথাত হয় দি, তাত ৰত্নেশ্বৰৰ মত কি জানিবলৈ ইচ্ছা কৰিলে।

ৰত্নেশ্বৰে সিমান পৰলৈকে বাঁৰীৰ মলিয়ন বৰকাপোৰেৰে ঘুম্ মাৰি আঁঠুৰ তলত মূৰ সুমাই শুনি শুনি কান্দি আছিল। চালিচৰ প্ৰশ্ন শুনি অতি কাতৰ ভাৱে কিবা এটি উত্তৰ দিব খুজিছিল, কিন্তু ৰত্নেশ্বৰৰ জিভাই দোৰোল্ নেখালে; তেওঁ আপোনাৰ মূৰত আপুনি ভূকুৱাই ধাৰাসাৰে চকু-লো বোৱাবলৈ ধৰিলে। ৰত্নেশ্বৰৰ তেনে অৱস্থা দেখি এজন সমজুৱাই পুতৌ কৰি কবলৈ ধৰিলে, “এৰা, দেহি, আগৰ ভাল অৱস্থাৰ মানুহ, এতিয়া দুখত পৰি শোক কৰিছে ! তেওঁ নো আৰু কব কি? বাঁৰীয়ে যি কলে, তাতে তেওঁ মান্তি; সিহঁতে ঘৰত কথা-বাৰ্ত্তা স্থিৰ নকৰাকৈ নো আহিছে নে?” তেওঁৰ কথাতে আনবিলাক সমজুৱায়ো হয় দি উঠিল।

সদৌশেহত এয়ে স্থিৰ হল যে, সেই বাঁৰীৰ ঘৰতে এতিয়া থকাৰ দৰেই ৰত্নেশ্বৰ চপনীয়া মতা হৈ গৃহবাস কৰি থাকিব। নাইবা, এৰি যাব লগীয়া হলে, বাঁৰীয়ে সেই সময়ত গৰ্ভত ভাৰ বোৱা ভাবী-সন্তানৰ পোহ-পালৰ নিমিত্তে ৰত্নেশ্বৰে ১০০ এশ টকা দি যাব লাগিব। এই সিদ্ধান্ত দি মেলুৱইসকল ঘৰাঘৰি গ’ল। লাখ-টকীয়া ৰত্নেশ্বৰে আজি শ-টকীয়া লেঠা মাৰিব নোৱাৰি বাঁৰী-বাইৰ পিচে পিচে এমুৰীয়া ভগা-বহালৈ উভতিলে !

পকা বন্দবস্তৰে সৈতে ৰত্নেশ্বৰে বাঁৰী-বাইৰ লগত গৃহবাস কৰি থকা ভালেমান দিন হল ৷ ৰত্নেশ্বৰৰ হাতত যি দুই-চাৰি টকা বাকী আছিল, তাক কুমন্ত্ৰণাৰ কৌশলেই অন্ত কৰিলে। পাচলৈ ৰত্নেশ্বৰে বাঁৰীক খুৱাওক ছাৰি নিজৰ দুসন্ধ্যা ভাতৰ নিমিত্তেই আৰ্জ্জন কৰিব নোৱাৰি তেওঁ মেমেৰা আৰু ৰুগীয়া হৈ পৰিল। ভালত হে ভাল; ৰত্নেশ্বৰৰ মন্দকাল চপাৰ লগে লগে তেওঁৰ ওপৰত বাঁৰী-বাইৰ চট্‌চটনি গালি-বৰষণিৰ কোবো চৰি আহিল। ওলাওঁতে চপনীয়া, সোমাওঁতে বগৰা, উঠোঁতে এলেহুৱা, বহোঁতে চুৱাখোৱা ইত্যাদি বাঁৰী-বাইৰ চোকা মাতৰ ধোঁৱাই ৰত্নেশ্বৰৰ কলিজা কলা কৰিলে।

সদৌশেহত, তেওঁ নিজৰ প্ৰাণকে অসহনীয় বোধ কৰি, এদিন য’তে-ত’তে মৰোঁগৈ বুলি নিজানে নিজানে ৰত্নেশ্বৰ বাঁৰীৰ ঘৰৰপৰা বাজ হল৷ লাহদৈগড়ৰপৰ দুমাইলমান বাট আহি ৰত্নেশ্বৰৰ মনত সাহ হ’ল; প্ৰাণত নতুন বলৰ সঞ্চাৰ হল। তেওঁ নিজৰ গাঁৱলৈ, নিজৰ ঘৰলৈ যোৱা বাট ধৰাৰ লগে লগে, নিজৰ-ঘৰ-বাঁৰীৰ সোঁৱৰণীয়ে আহি তেওঁৰ মনত থিত্ ললে ৷ তেওঁ মনতে পাঙ্গিলে যে, সকলো কথা এৰি দি, এইবাৰ তেওঁ ভালকৈ ঘৰখন চপাই টনকিয়াল ভাৱে দিন নিয়াবগৈ ৷

এনে সুখৰ ভাবনাত উলাহিত হৈ ৰত্নেশ্বৰে যিমান বেগাই পাৰে ঘৰমুৱাকৈ খোজ ধৰিলে। এইদৰে দিনে-ৰাতিয়ে বাটকুৰি বাই দুদিনৰ মূৰত ৰত্নেশ্বৰ নিজৰ গাঁৱত সোমালগৈ। দিন-দুপৰত চাৰিসঁজীয়া লঘোনত ৰত্নেশ্বৰে নিজৰ ঘৰৰ ভেঁটিৰ ওপৰত আধাপোৰা খুঁটা-চতি আদি চাই তেওঁৰ ভোক-পিয়াহ গুচাবলগীয়া হ’ল ৷ এখনমান তামোল খাবৰ পৰ চোতালতে চৰগ্-পৰা মানুহৰ দৰে ঠৰ্ লাগি থাকি, ৰত্নেশ্বৰে উদাস ভাবত এটি উন্মাদী হাঁহি মাৰিলে ৷ হাঁহিল, ৰত্নেশ্বৰে আৰু সেই হাঁহিৰ ৰাগী মাৰ নিয়াব নোৱাৰিলে ৷ পোৰা-ঘৰৰ ভেঁটিটোতে চাৰি পাকমান ঘূৰি ৰত্নেশ্বৰে এটা অৰ্থশূন্য ঢেক্‌ঢেকনি মাৰি উত্তৰমুৱাকৈ ঘোঁৰাচুটি মেলি কলৈ গৈছেগৈ কেৱে কব নোৱাৰে, নিজেও নাজানে গৈছে কলৈ!

*********************

বিংশ আধ্যা- মহামিলন, —বাঞ্ছাসিদ্ধি

সেই দিনা লাহৰী আৰু বুঢ়া-বুঢ়ীক বিগত ঘটনাৰ বিস্ময়জনক উদঘাটন হেন্দোলনিৰ মাজত এৰি অহাৰ পাচত, সিবিলাকৰ বিষয়ে জানিবলৈ পাঠকৰ মনত উগুল-থুগুল লাগি আছে চাগৈ। লাহৰীয়ে সেই দিনা পোনেই একে তত্ ধৰিব নোৱাৰি অলপ পৰ তধা লাগি চাই আছিল। কিন্তু, স্বৰূপ কথা আৰু বেচি পৰ ঢাক খাই নাথাকিল; লাহৰীয়ে বেচ্‌কৈ বুজি উঠিলে যে, তেতিয়া তেওঁ প্ৰাণৰ প্ৰাণ কমলৰ অতি চেনেহৰ আইতাক আৰু দেউতাকৰ বুকুত! সেই ভাব অনুভৱ কৰা মাত্ৰকে আনন্দ-বেজাৰৰ উগুল-থুগুলনিয়ে লাহৰীক কঁপাবলৈ ধৰিলে।

শান্তিৰাম গোহাঞি-বৰুৱাই চেনেহী লাহৰীক আচৰিত ভাৱে চাই থাকি, কঁপিবৰ দেখি, যেতিয়া আঁকোৱাল মাৰি বুকুত লবলৈ হাত মেলিলে, তেতিয়া লাহৰীৰ আনন্দৰ লগত মিহলি হৈ থকা বেজাৰৰ ঠাইত লাজে থিত্ ললেহি; তেওঁ মাহি-মুহাকৈ পিচ হোঁহকা মাৰি আঁতৰ হৈ ভিতৰ সোমালগৈ। ইফালে কমলৰ আইতাকে অলপ ধৈৰ্য্য ধৰি লাহৰীৰ মুখে শুনা সমুদায় বৃত্তান্ত তেওঁৰ স্বামী ডাঙৰীয়াক ভাঙ্গি কলে। শুনি শুনি শান্তিৰাম গোহাঞি-বৰুৱাই লাহৰী হেন বোৱাৰী লাভৰ সুখ অনুভৱ কৰি এটি মিচিকিয়া হাঁহি মাৰি গুণিবলৈ ধৰিলে।

তাৰ পাচৰপৰা লাহৰীয়ে বুঢ়ীৰ আগতো আগৰ দৰে মুকলিমূৰীয়াকৈ কথা পাতিবলৈ লাজ কৰিবলৈ ধৰিলে। এই দৰেই কেদিনমান গল। বুঢ়া-বুঢ়ীৰে সৈতে লাহৰীৰ আন্তৰিক সম্বন্ধ স্বভাৱতে দৃঢ়তৰ হৈ আহিবলৈ ধৰিলে। বুঢ়া-বুঢ়ীয়েও লাহৰীক পাই যেন হাততে মৰমৰ হেৰোৱা পুতেকক আকৌ পালে, এনে ভাবিলে; আৰু দিনক-দিনে লাহৰীৰ প্ৰতি সিবিলাকৰ আন্তৰিক মায়া-মোহ বাঢ়িবলৈ ধৰিলে।

এনে অপাৰ আনন্দত বিভোল হৈ বুঢ়া-বুঢ়ী আৰু লীলাময়ী লাহৰীয়ে পৃথিবীতে স্বৰ্গ-সুখ ভুঞ্জি আৰু এমাহ কটালে। সেই আনন্দ অপ্ৰতুল কৰিছিল মাথোন কমল আৰু লাহৰীৰ আইতাক-দেউতাক সকলোটিৰ সন্মিলনৰ অভাৱে। সেই কাৰণে, তিনিওৰে ইচ্ছাসোঁতে একে সোঁতা হৈ সিবিলাকৰ মহানন্দ অপূৰ্ণ কৰা বাকী তিনি প্ৰাণীক বিচাৰি যাবলৈ ঢাল খালে। কমলৰ আইতাকে পোন-প্ৰথমেই প্ৰস্তাৱটি আগ বঢ়ালে; আৰু কমলৰ দেউতাকে ততালিকে সমৰ্থন কৰিলে; শেহত লাহৰীৰ অনুমোদনৰে সৈতে সেই প্ৰস্তাৱ গৃহীত হল।

যথাসময়ত সকলো আয়োজন কৰি লৈ, ঘৰৰ লগুৱা দুটা, লিগিৰী এজনী আৰু গাঁৱৰ চুবুৰীয়া দুজন মান মানুহ লগত লৈ সিবিলাকে পামপুৰলৈ যাত্ৰা কৰিলে। আহিবৰ সময়ত ঘৰত লৰা-তিৰোতা-লগা লগুৱা এটাক বয়-বস্তু ভালকৈ গতাই দি অহা হল৷ সিবাৰৰ দুৰ্ঘটনা ঘটিবৰেপৰা বুঢ়া-বুঢ়ীয়ে আজি হে আকৌ নাৱত উঠিবলগীয়া হৈছে ৷

এইবাৰ গোহাঞি-বৰুৱা ডাঙৰীয়াই বৰনৈ পাৰ হবলৈ বুলি নাৱত ভৰি দিয়াৰ আগতে সকলোকে সতৰ্ক কৰি দিছিল; আৰু নিজেও বিশেষ সাৱধানে আছিল; বিশেষকৈ লাহৰীৰ ওপৰত তেওঁ বৰকৈ চকু ৰাখিছিল। তথাপি, বৰনৈৰ মাজ পাওঁতে বৰুৱানীৰ গা কঁপি উঠিল, বৰুৱাৰো মন-প্ৰাণ অস্থিৰ হৈ পৰিছিল ৷ নাৱৰীয়াহঁতে সিবিলাকৰ মনৰ অৱস্থা বুজিব পাৰি, কোবাকুবিকৈ নাও মাৰি, সকলোটিকে নিৰ্বিঘ্নে সিপাৰত তুলি দিলেগৈ ৷

আগবঢ়াই থবলৈ যোৱা চুবুৰীয়া মানুহ সকলোটি বৰনৈৰ ইপাৰৰপৰাই উভতিল ৷ লাহৰী আৰু বুঢ়া-বুঢ়ী প্ৰমুখ্যে উত্তৰপৰীয়া হোৱা দলে মানুহক সুধি সুধি উজনিৰ ন-ভগনীয়া বিষয়াসকলে ন-কৈ পতা পামপুৰলৈ বাট ললে ৷ বাটে বাটে আনন্দৰ কথা-বাৰ্ত্তা পাতি যাওঁতে যাওঁতে সিবিলাক পামপুৰ সোমালগৈ। আৰু দুঘৰ-তিনিঘৰ পাৰ হৈ অলপ বাট যাওঁতেই কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ ফালে ঘূৰিবলগীয়া বাটৰ পাকটো পোৱা গল।

সেই খিনিত ভৰি দিওঁতে লাহৰীৰ গোটেই গাত কি যে এক হৰ্ষ-বিষাদৰ পিৰ্‌পিৰণি উঠিছিল, তাক কথাৰে ফুটাই কবলৈ টান। লাহৰীয়ে মাটিত ভৰি পেলাইছে আৰু কিবা এক শক্তিয়ে যেন লাচতে তেওঁৰ খোজ তুলি তুলি দিছে! বাস্তৱতে, আজি কীৰ্ত্তিনাথ গোহাঞিৰ পদূলিৰ শোভা দেখিলে বেজাৰত জঠৰ হোৱা মানুহৰ গাতো আনন্দৰ পিৰ্‌পিৰণি উঠে! সবাৱৰে আগত বাট দেখুৱা মানুহ এটি, তাৰ পাচত শান্তিৰাম গোহাঞি-বৰুৱা, তেওঁৰ পাচত তেওঁৰ ভাৰ্য্যা, তেওঁৰ পাচতে তেওঁবিলাকৰ ভাবী-বোৱাৰী লাহৰী, তেওঁৰ পাচত লিগিৰীজনী, সকলোৰে পাচত লগৰীয়া লগুৱা আৰু ভাৰী দুটাই লানী পাতি পদূলি শুৱনি কৰি সোমাইছেগৈ।

কীৰ্ত্তিনাথ গোহাঞি বাজ-চ’ৰাতে কমলক কাষত বহুৱাই লৈ বহি কথা পাতি আছিল;এনেতে আলহীসকল চাপি আগতে থিয় দিলেগৈ। কীৰ্ত্তিনাথ গোহাঞি-ফুকনে তধা লাগি চিনোঁ চিনোঁ ভাৱেৰে শান্তিৰাম গোহাঞিবৰুৱাৰ মুখলৈ চায়ে ৰল; কমলেও সপোনেই নে দিঠকেই তত ধৰিব নোৱাৰি বিস্ময় মানি চাবলৈ ধৰিলে। কিন্তু, পিচ মুহূৰ্ত্ততে “ঔ, আইতাঔ, মোৰ দেউতাঔ, লাহৰীঔ” বুলি কমলে আইতাক আৰু দেউতাকৰ পাৱত আকোঁৱাল মাৰি ধৰিলে গৈ; ইফালে উভলি-পৰা কল-পুলিটিৰ দৰে আকুল হৈ লাহৰী নিজৰ দেউতাকৰ পাৱত পৰিলহি ! এই দৰে দুই ঘোৰাৰে হেঁপাহৰ আন্দোলনিত কোঢ়াল লাগি উঠিল;

এনেতে ভিতৰত লাহৰীৰ আইতাকে তাৰ গম্ পালে। ‘লাহৰী’ নাম তেওঁৰ কাণত পৰা মাত্ৰকে তেওঁ সকলো পাহৰি হাতৰ কাম হাততে লৈ অলপ পৰ তধা মানি ৰল। তাৰ পাচত, “ঔ, সঁচাকৈয়ে মোৰ আই ওলাইছেহি নে ঔ?” বুলি উৰি যোৱা দি গৈ, তেওঁ লাহৰী আৰু দেউতাকৰ মাজত সোমাই বিস্ময়জনক আনন্দৰ চিয়ঁৰেৰে খলক্ লগাবলৈ ধৰিলে। তাৰ পাচত, কীৰ্ত্তিনাথ গোহাঞি-ফুকন আৰু শান্তিৰাম গোহাঞি-বৰুৱাই ধৈৰ্য্য ধৰি,মাক-জীয়েক আৰু মাক-পুতেকক আলিঙ্গনৰ হেঁপাহ গুচাবলৈ এৰি দি, দুয়ো সাদৰৰ আলিঙ্গন দিয়াদিয়িত ধৰিলে।

এই মহা আনন্দৰ ঢৌ অলপ মাৰ নিয়াই লাহৰী আইতাকেও কমলৰ আইতাকক আকোঁৱাল মাৰি ধৰি আদৰৰে সৈতে ভিতৰলৈ লৈ গ’ল। ইতিমধ্যেত লাহৰী কমলেও চকুৱে-চকুৱে পুনৰ্ম্মিলনৰ আন্তৰিক আলিঙ্গন জনাই লাজৰ ঢাকনি পিন্ধি মুহূৰ্তৰ ভিতৰতে দুয়ো দুফালে ছঁয়াকাটিলে। কীৰ্ত্তিনাথ গোহাঞি-ফুকনে আগৰ পুৰণি বন্ধু শান্তিৰাম গোহাঞিবৰুৱাক লগ পাই পৰম প্ৰীতি লাভ কৰিলে। তেওঁ অতি আদৰেৰে গোহাঞি-বৰুৱাক একাষতে বহুৱাই লৈ আনন্দৰ আলাপ কৰিবলৈ ধৰিলে।

ভিতৰত সিফালে দুই আইতাকৰ আনন্দৰ সীমা নোহাৱা হল। এগৰাকীয়ে কয়,“মোৰ নহয়, আপোনাৰ হে জীয়েক”, ইগৰাকীয়ে সমিধান দিয়ে, “মোৰ নহয়, আপোনাৰ হে পুতেক”। এই দৰেই দুইৰ সঘন আলিঙ্গনত বুলনী ঘৰ আনন্দৰ চমকনিত চক‌্মকাই জলি উঠিল; এই ভাৱে বহুপৰৰ পাচত, দুয়ো মহা আনন্দৰ মেল পাতিবলৈ বহিলে; ইফালে লাহৰীয়ে ইবিলাকক আনন্দৰ উতলনিতে এৰি, তেওঁৰ মৰমৰ আহিনী বাইক বিচাৰি পালেগৈ। আহিনীৰ মুখত কথা নুফুটে।

এহাতে আনন্দৰ চকু-লো মছে, ইহাতেৰে লাহৰীক আকোঁৱাল মাৰি ধৰি, তাই এতিয়া নেৰে! লাহৰীয়ে মৰমৰ বুজনিয়ে আহিনীৰ চেনেহৰ বান্ধনী ক্ষন্তেকলৈ এৰাই, একেলগে তেওঁৰ হেঁপাহৰ ফুলনিত সোমালে গৈ ৷ সোমাই,প্ৰত্যেক জুপি ফুলৰ ওচৰলৈকে গৈ তেওঁ দেখে,দেখোন এজুপি ফুলৰো এপাহীও ফুলা নাই ৷ কমলৰ যত্ন-পানীত ফুল আটাইকেইওজুপি জীয়াই আছে হয়,কিন্তু লাহৰীৰ বিয়োগ-বেজাৰত যেন আটাইটি ম্লান পৰি নুফুলাকৈ আছে ! লাহৰীয়ে মৰমৰ লৰা-ছোৱালীক মৰম-বুলনি দিয়াৰ দৰে প্ৰত্যেক জুপি ফুলকে লাৰি-চাৰি আদৰ কৰিবলৈ ধৰিলে।

এনে সময়তে, পুনৰোদয়ত সূৰ্য্যৰ ভুমুকনিৰ দৰে ফুলনিৰ পূব চুকেদি কমলে দেখা দিলেহি। সেই ছেগতে, লাহৰীয়ে লৰি গৈ কমলক সাবটি ধৰি, মিলনৰ এটি হেঁপাহ-ভৰা চেপা দি তেওঁৰ মুখলৈ চাই আধাভঙ্গা মাতেৰে সম্বোধন কৰিলে “প্ৰাণনাথ!”—কমলেও লাহৰীৰ জেটুলীপকা যেন ৰঙ্গা ওঁঠটিত দুটি আঙ্গুলিৰে চেনেহৰ চেপা এটি দি সমিধান দিলে,“প্ৰিয়া”। এনে অৱস্থাতে, লাহৰীক ক্ষন্তেকলৈ নেদেখি আতুৰা হোৱা আহিনী বাই আহি উপস্থিত!

কমলে তাইক দেখা মাত্ৰকে লাহৰীক তাতে এৰি তাৰপৰা বিজুলী-চমকনিৰে ছঁয়া কাটিলে। লাহৰীয়ে “কি বাই, কি লাগে?” এই বুলি মিচিকি মিচিকি হাঁহিবলৈ ধৰিলে। এইবাৰ কমলে লোকে দেখাৰ ভয়ত চঁকি পলোৱা নাই,—তেওঁক লাজৰ টানে হে নিলগাই নিলে। এইবাৰ লাহৰীয়েও শোকৰ খুন্দাত ভগা-ভগা মাতেৰে কমলক সম্বোধন ধৰা নাছিল,—আনন্দৰ ওপচনিয়ে হে তেওঁৰ হিয়া-ভৰা ভাবক ভেটি ধৰি মাত ভগা-ভগা কৰিছিল!

“লাহৰী আকৌ ঘৰত ওলাইছেহি” এই সুখৰ বাতৰি ক্ষন্তেকৰ ভিতৰতে পামপুৰৰ ইমূৰৰপৰা সিমূৰলৈকে বিয়াপি পৰিল। যেয়ে যতে যি কৰিছিল, সেয়ে হাতৰ কাম-বন তাতে পেলাই থৈ কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ মুখে পখিলা-উৰা দি উৰিবলৈ ধৰিলে; ডেৰঘণ্টামানৰ ভিতৰতে গোটেই পামপুৰৰ গঞা উবুৰি খাই পৰিলহি। কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰত বাজে-ভিতৰে মানুহৰ মাজত বিৰ দি বাট পাবলৈ নোহোৱা হল।

তাৰ পাচত বিষয়াসকল আহি উপস্থিত। সিবিলাকে শান্তিৰাম গোহাঞি-বৰুৱাক বহু দিনৰ হেৰোৱা আদৰৰ ধন পোৱা দি পাই আনন্দত সকলোটিয়ে তেওঁৰে সৈতে আলিঙ্গন সলনাসলনি কৰিবলৈ ধৰিলে। ক্ষন্তেকৰ নিমিত্তে পামপুৰ আকৌ আনন্দৰ ৰম্যপুৰি আৰু শান্তিধাম যেন হৈ উঠিল। বিষয়াসকলৰ মাজত কমলৰ ধৰ্ম্মপিতৃ কৃষ্ণৰাম গোহাঞি-ফুকনো আছিল ৷ কীৰ্ত্তিনাথ গোহাঞি ফুকনে আদ্যোপান্ত ভাঙ্গি কৈ, কৃষ্ণৰাম গোহাঞি-ফুকনক ভেঁটাই দিয়াত, শান্তিৰাম গোহাঞি-বৰুৱাই অতি কৃতজ্ঞ অন্তৰেৰে তেওঁক আলিঙ্গন কৰিলে।

কৃষ্ণৰাম গোহাঞি ফুকনেও সেই আনন্দত উতলি আজি হে তেওঁৰ প্ৰকৃত চিনাকি দিলে, তেওঁ খাৰঘৰীয়া গোহাঞি ফুকনৰ ঘৰৰ বংশধৰ বুলি। পোন্-প্ৰথম মান-ভগনৰ দিনতে তেওঁ সপৰিয়ালে ভাগি আহি, ন-পমুৱা বিষয়াবৰ্গৰ আগেয়েই, সেই ঠাইত থিতাপি হৈ আছিল। বিষয়াসকলে তেওঁৰ আঁতিগুৰিৰ প্ৰকৃত কথা জানিবলৈ পাই আকৌ এক নতুন আনন্দৰ ঢৌ তুলি দিলে। একে দৰেই ভিতৰতো বিষয়ানীসকলৰে সৈতে দুই আইতাকৰ আলাপ-পৰিচয়ত আনন্দৰ সীমা নোহোৱা হল।

সেই একে দৰেই সকলোৱে নিজ নিজ কামলৈ পাহৰি কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰতে সন্ধিয়ালৈকে বিভোল হৈ থাকি, ৰাতি হে ঘৰাঘৰি হল। কীৰ্ত্তিনাথ গোহাঞি ফুকনে তাৰ পাচত মহা আয়োজনেৰে মিত্ৰ-ভোজন কৰাই পৰম সন্তোষ লাভ কৰিলে; আৰু ৰাতিটোৰ নিমিত্তে সকলোটিয়ে সপোনত স্বৰ্গসুখ ভুঞ্জি নিদ্ৰাদেৱীৰ কোলাত বিশ্ৰাম ললেগৈ।

এপষমানলৈকে এই মিলনৰ আনন্দৰ ঢৌ মাৰ যোৱা নাই। প্ৰত্যেক দিনে বিষয়াসকল চাপি কীৰ্ত্তিনাথ গোহাঞি ফুকনৰ চ’ৰাত বহি মেল পাতেহি। শান্তিৰাম গোহাঞি-বৰুৱাই নিজৰ জীৱনৰ ঘটনাৱলী দিনৌ বৰ্ণাবলৈ ধৰিলে। ভিতৰৰ ফালৰ বিষয়ে নকলেও হয়; যি তিৰোতা সমাজৰ মেলৰ গম্-গতি কেতিয়াবা পাই থৈছে, তেওঁ কমলৰ আইতাক আৰু দেউতাকে বৰনৈৰ বুকুৰপৰা কেনে আচৰিতভাৱে উদ্ধাৰ পালে তাৰ বৰ্ণনা অনুভৱতে উপভোগ কৰিব পাৰিব৷ তাকে পাবলৈ তিৰোতাসকলে একাণপতীয়া মনোযোগ দি শুনিবলৈ ধৰিলে ৷

এই দৰেই আৰু এপৰমান যাব লগা হলহি ৷ সিমানতে,বিষয়াসকলে পুৰণি মিত্ৰ শান্তিৰাম গোহাঞি-বৰুৱাক সিবিলাকৰ পামপুৰতে থিতাপিত হবৰ কাৰণে প্ৰস্তাৱ কৰিলে ৷ গোহাঞি-বৰুৱা ডাঙৰীয়াই, বুঢা কালত পতা সিখন ঘৰৰ মোহ এৰিব নোৱাৰি পোনতে মান্তি হবলৈ টান পাইছিল। কিন্তু, সমান মিত্ৰ আৰু জ্ঞাতি-কুটুম্বৰ লগ-সঙ্গৰ আশাই তেওঁৰ সেই মায়া-মোহ জিনি পেলালে। বিষয়াসকলে, বিশেষকৈ কীৰ্ত্তিনাথ আৰু কৃষ্ণৰাম গোহাঞি ফুকনদ্বয়ে টানি ধৰাত তেওঁ নতুনকৈ পতা ঘৰ তুলি আনি পামপুৰতে নিগাজীকৈ ঘৰ পাতিবলৈ স্থিৰ কৰিলে।

অহঃ, সেই সুখৰ সিদ্ধান্তটিয়ে লাহৰী-কমলৰ অন্তৰত কি যে মৌ-বৰষাইছিল ! ঘৰ নো কি তুলি আনিব, বিষয়াসকলে গোহাঞি বৰুৱাৰ সেই ন-পমুৱা ঘৰত এৰি অহা লৰা-তিৰোতা-লগা লগুৱাটোৰে সৈতে বয়-বস্তু অনাই সিবিলাকৰ মাজতে এখন আহল-বহল বাৰীত তেওঁক নিয়মীয়াকৈ বিষয়াৰ যোগ্য ঘৰ-বাৰী যুগুত কৰি দিলে। শান্তিৰাম গোহাঞি-বৰুৱায়ো পুত্ৰ-পৰিয়ালৰে সৈতে মহাসুখে নতুন ঘৰ-বাৰীত বাস কৰিবলৈ ধৰিলে। কিন্তু, কমলৰ হলে তেতিয়াও দুখন ঘৰ; তেওঁ, যেতিয়াই মন যায়, কৃষ্ণৰাম গোহাঞি-ফুকনৰ ঘৰতো আগৰ দৰেই থাকেগৈ ৷

শান্তিৰাম গোহাঞি-বৰুৱাই নতুন ঘৰ-বাৰী পাতি সুখেৰে বাস কৰি থকাও ভালেমান দিন হল। ইয়াৰ ভিতৰত লাহৰী-কমলৰ বিয়া সম্বন্ধীয় কথা ঘৰে-ঘৰে সদায় কোৱা-মেলা হৈয়ে থাকে; তথাপি দেশাচাৰ মতে খোজা-বঢ়া আদি হোৱা নাই এথোন। পিচে, এদিন কৃষ্ণৰাম গোহাঞি-ফুকনে শান্তিৰাম গোহাঞি-বৰুৱাৰ চ’ৰাত জনচাৰেক বিষয়াৰে সৈতে বহি থাকোঁতে ছেগ বুজি লাহেকৈ প্ৰস্তাৱটি তুলিলে; বিষয়া কেইজনেও পাহৰি থকা কথা মনত পেলাই দিয়াৰ দৰে হে ভাবিলে।

সিবিলাকে তেতিয়াই স্থিৰ কৰিলে যে, দুই-চাৰি দিনৰ ভিতৰতে কন্যাৰ ঘৰত শৰাই পেলোৱাগৈ হওক; আৰু, অহা ফাগুণ মাহতে বিয়াৰ শুভদিন স্থিৰ কৰা যাওক। তালৈকো সৰহ দিন নাই, মাজতে মাঘ মাহটো মাথোন আছে ৷ পিচে, যথাসময়ত কৃষ্ণৰাম গোহাঞিফুকন আৰু শান্তিৰাম গোহাঞিবৰুৱাই বিষয়াসকলক চপাই লৈ কীৰ্ত্তিনাথ গোহাঞিৰ চ’ৰাত ছোৱালী খুজিবলৈ বহিলহি। বাহিৰে-ভিতৰে আনন্দত ঠাই নাই; কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ মৰমৰ ভাৰ্য্যাই আনন্দৰ মিচিকিয়া হাঁহি সামৰিব পৰা নাই। মানুহক বন দিহাই ফুৰোঁতেও মাজে-সময়ে অৰ্থশূন্য হাঁহি মাৰি সিবিলাক ধৰা পৰিছে।

কিন্তু পাঠক, সেই সময়ত সেই আনন্দৰ ঢৌ আমাৰ লাহৰী-কমলৰ হিয়াত কি দৰে খেলাইছিল, অনুমানত এবাৰ অনুভৱ কৰি চাওক। হাঁয়, সেইদিন আৰু এইদিন! সেইবাৰ ছোৱালী খুজিবলৈ অহাত লাহৰীৰ অৱস্থা; আৰু আজি তিৰোতাৰ সমাজত লাহৰী!—আন্ধাৰ আৰু পোহৰৰ ৰিজনি! খোজা-বঢ়াৰ ফল কি ধৰিল, আমি নৌ কওঁতেই পাঠকসকলে বুজিলেই; এতেকে তাক বৰ্ণাবৰ সকাম নাই।

ফাগুণ মাহ পালেহি। বসন্তৰ উলাহত প্ৰকৃতি দেবীয়ে মোহিনী সাজেৰে গা দেখা দিলেহি। ৰিব্‌ৰিব্‌কৈ মলয়া বতাহে প্ৰেমিক-প্ৰেমিকাৰ কাণে কাণে মধু-মিলনৰ শুভ বাতৰি বিলাবলৈ ধৰিলে। গতিকে, আমাৰ পুৰণি চিনাকী প্ৰেমিক-প্ৰেমিকাৰো হিয়াৰ ভাব মলয়-কটকীৰ জৰীয়তেই দিয়া-দিয়ি হল। ঘৰে-বাহিৰে সকলোৰে মন-প্ৰাণ বিয়াৰ বতাহে অলপ অচৰপকৈ নচুৱাবলৈ ধৰিলে।

‘লাহৰী আইদেউৰ বিয়া চাপিছে’ এই ভাবত ঘৰে ঘৰে লৰা, ডেকা, বুঢ়া, মুনিহ, তিৰোতা, জীয়াৰী, বোৱাৰী, দুখীয়া, সুখীয়া, সৰু, বিষয়া, বিষয়ানী সকলোৰে মন উলাহত নাচিবলৈ ধৰিলে। বহু দূৰণিৰপৰাও গঞা বন্ধুসকলে সুখী-দুখী অৱস্থাৰে যেয়ে যি পাৰিছিল একোখন বিয়া-ভাৰ-ভেঁটীৰেসৈতে বিয়াৰ যো-জা কৰি দি, বিয়াঘৰীয়া দুঘৰক উপযাচি সহায় কৰিবলৈ ধৰিলে। বিষয়াসকলে বিশেষকৈ দৰাৰ ঘৰত সহায় কৰিবলৈ মন কৰিলে।

এনেতে, এথোকা তামোল, এনুৰা পাণ, একাষি মালভোগ কল, এযোৰ কেৰিগুৰ, এটেকেলি দৈ, এটোম কোমল চাউলৰ ভাৰ এখনৰে সৈতে আদহীয়া গঞা এটি দৰাঘৰত উপস্থিত হ’লহি; কাষৰপৰা ভাৰখন নমোৱা মাত্ৰকে কমলে উধাতু খাই লৰি লৈ মানুহটিক গবামাৰি ধৰিলে।

শান্তিৰাম গোহাঞি বৰুৱা তধা লাগিল। গোহাঞি-বৰুৱানীয়েও বুলনীৰপৰাই চাই বিস্ময় মানিলে ৷ কিয়? সেইটি নো কোন্?—সেইটি আন নহয়, সেই নাও বুৰি তল যোৱা ভোগৰাম লিগিৰা। সি এতিয়া এটি গহপুৰীয়া গঞা। এই দৰেই বিয়াৰ চাৰি-পাঁচ দিনৰ আগতে দুয়ো ঘৰত সকলো আয়োজন যুগুত হৈ উঠিল। বিয়াৰ দিন যিমানেই চাপি আহিল, গাৱৰ মানুহৰ গা-মন উলাহত সিমান বেচিকৈ উৰুলীকৃত হবলৈ ধৰিলে।

যথাসময়ত শুভ-বিয়াৰ উৎসৱ আৰম্ভ হল। মহা আড়ম্বৰ আৰু ধুম্‌ধামেৰে পামপুৰৰ মানুহৰ অতি হেঁপাহৰ সাদিনীয়া বিয়াৰ শুভকাৰ্য্য নিৰাপদে সম্পাদিত হল। আজি ইমান দিনে অনেক লীলা-খেলা দেখুৱাই লীলাময় পৰমেশ্বৰে লাহৰী-কমলৰো বহুদিনৰ মনোবাঞ্ছা সিদ্ধি কৰিলে। লাহৰী-কমলেও সেই দীনবন্ধু দয়াময় পৰমেশ্বৰৰ অভয়-চৰণত তেওঁবিলাকৰ একান্ত ভক্তি গাঢ়তৰ কৰি মহাসুখেৰে দিন নিয়াবলৈ ধৰিলে।

পামপুৰৰ সেই মহোৎসৱৰ আনন্দৰ ঢৌ লাহৰী-কমলৰ শুভ-বিয়া সম্পাদন হৈ যোৱাৰ বছেৰেকৰ পাচলৈকো পামপুৰীয়া সুখী-দুখী আৰু বিষয়াসকলৰ হিয়াত মাৰ যোৱা নাছিল। এনে আনন্দৰ বুৰ্‌বুৰণিৰ মাজে দি লাহৰী-কমলৰ পৱিত্ৰ দাম্পত্য সুখৰ সোঁত নিৰুদ্বেগে ববলৈ ধৰিলে।দুপৰ-সুৰুজৰ দক্‌মকীয়া কিৰণৰ দৰে সিবিলাকৰ নৱ সংসাৰৰ পুণ্যপ্ৰভা জক্‌মকাই উঠিল। লাহৰী-কমল এতিয়া মিলন-মালা পিন্ধি আপোন-পাহৰা পৱিত্ৰ ভাবত বিভোল।

মাজে মাজে মাখোন লাজে সেই সৰল প্ৰাণী দুটিক মনমোহা সাজেৰে সজাই সিবিলাকৰ মিলন-জ্যোতিৰ জেউতি চৰায়; পৰৰ সুখত অনুপম সুখ অনুভৱ কৰিব জনা পামপুৰৰ সৰল মানুহবিলাকে তাকে চাই অতুল সুখৰ অধিকাৰী হয় ৷ সৰুৰেপৰা হাতত ধৰাধৰিকৈ উঠা, মনত পৰাৰেপৰা দুয়ো মুকলি মনেৰে মনোভাৱ সলনা-সলনি কৰি পৃথিৱীতে স্বৰ্গৰাজ্য পতা, সৰল ভাবত ভিজি ধৰাধৰিকৈ কৰুণ দৃষ্টিৰে লাজৰ পাখি কাটি মুকলিমুৰীয়াকৈ ফুৰা লাহৰী-কমলৰ এতিয়া মানুহে দেখাকৈ দেখা দেখি হলেও চকুত চাঁট্ মাৰে; মানুহৰ আগতে দুয়ো মনৰ ভাব সলাব লগা হলে চকু মুদ খাই যায়; হঠাৎ ওচৰা-উচৰি বা ভেঁটা-ভেঁটী হওঁতে কাপোৰৰ বা-লাগি যোৱা ধৰা পৰিলেও দুয়ো লাজত জঁয় পৰে ৷

লাহৰীৰ আগত “দেউতাৰাৰ ঘৰ” বুলিলে, তেওঁক কি যে এক আনন্দ-বেজাৰে ভেটি ধৰেহি তেওঁ কব নোৱাৰে, কিন্তু তেওঁৰ মুখৰ সঘন বৰণ-সলনিয়ে তাৰ চিনাকি দিয়ে ৷ লাহৰীয়ে এতিয়াও তেওঁৰ মৰমৰ ফুলনি বাৰীলৈ পাহৰিব পৰা নাই, এতিয়াও তেওঁ মাজে মাজে ছেগ বুজি একোপাকত চাই প্ৰাণ জুৰ কৰি আহেগৈ ! কিন্তু, ঘৰৰ বা পৰৰ কোনোবাই তাত ধৰা পেলালে হে তেওঁ নিলাজী জুপিৰ দৰে সেই পোনেই জঁয় পৰি যায় ! বিশেষকৈ, কেতিয়াবা তেনে অৱস্থাত কমলৰে সৈতে দেখা-দেখি হব লগাত পৰিলে, তেওঁ ওলমি-পৰা গোলাপৰ পাহীটিৰ দৰে লাজভৰা লাহৰী মুখখনি ওলমাই শুৱনি ফুলনিৰ চতুৰ্গুণে শোভ বঢ়ায় ৷ তাকে চাই চাই সৰল প্ৰাণী ডালৰ কপৌ-কপৌৱনীয়েও প্ৰেমৰ ৰাগীত চকু পিৰিকিয়াই উঠে !

বিষয়াসকলৰ কোনোবা এঘৰৰ পোহনীয়া হৰিণাযুৰিৰে ডিঙ্গি ভঙ্গা বেঁকা দৃষ্টিৰে তাকে চাই যেন অনুপম সুখত পমিয়েই যায় ৷ পামৰ চালুকীয়া লৰা-ছোৱালীয়ে লাহৰীক সেই অৱস্থাত লগ পাই সৰলভাৱে আনন্দত উধাও হৈ জঁপিয়াবলৈ ধৰে ৷ দেহি! লাহৰী-কমল দেখোন কেনিও ওলাবই নোৱাৰা হল ! যেনিয়েই চকু মেলে, সেই ফালৰেপৰা কিবা অৰ্থশূন্য মিহলি ভাবৰ চমকনিয়ে লাহৰী-কমলৰ চকুত চাঁট মাৰেহি ৷ কিন্তু, সেই বুলি লাহৰী-কমলৰ অশান্তি নে ? সেই বুলি ৰং-চোৱা কপৌ-কপৌৱনী, হৰিণা-হৰিণী, লৰা-ছোৱালীৰ প্ৰতি সিবিলাকৰ অন্তৰত বিৰক্তি ভাব ওপজে নে ? লাহৰী-কমলে দেখোন বাহিৰত চকু মেলিৰ নোৱাৰে যদিও, ভিতৰি দুয়ো সেই অজলা সৰল প্ৰাণীবোৰক ধৰি আনি বুকুত সুমাই লবলৈ হে মন কৰে।

বাহিৰৰ জঞ্জালৰপৰা গা সৰাই লাহৰী-কমল যেতিয়া নিজান কুঁঠৰীৰ মিলনপীৰাত বহি প্ৰেমালাপত মগ্ন হয়, তেতিয়া সিবিলাকে সেই সৰল প্ৰাণীবোৰৰ কথা, ফুলি ফুলি শলাগ লোৱা ফুল কেইপাহীৰ কথা, কেঁৰাকেঁৰিকৈ চকু দি সিবিলাকৰ লাজ বঢ়োৱা বোৱাৰী-জীয়াৰীসকলৰ কথাৰেই হে পৱিত্ৰ প্ৰেমালাপৰ পকনি তোলে! পুৰণি সোৱঁৰণীৰে সৈতে দুয়ো নিতৌ নতুন প্ৰেমভাবৰ নৱ ৰস ওপচাই লয়। ইটিয়ে সিটিক তাহানিৰ চিঠিৰ কথা সোৱঁৰাই চেনেহৰ লাজ দিয়া-দিয়ি কৰে! যতনেৰে সাঁচি থোৱা চিঠিৰ একোখনি উলিয়াই ইটিয়ে সিটিক ধৰা পেলোৱা-পেলুই কৰে।

বিপদৰ সময়ত দুইকো দুয়ো বুজনি দিয়া-দিয়ি কৰা কথা উলিয়াই আনন্দৰ ৰাগী চৰায়! কমলক ধৰি নিয়া দেখি লাহৰীয়ে বিপদত জাঁপ দিয়া আৰু লাহৰীৰ নিমিত্তেই কমলে মানহঁতৰ গঁতা-ঘোঁকটা খাই আধামৰা হোৱাৰ সোৱঁৰণীয়ে মাথোন ক্ষন্তেকৰ নিমিত্তে অন্তৰৰ তপত ভাব জেকা কৰে; মান হাত এৰাই পলাওঁতে বাটত লাহৰীৰ গাৰ দুৰ্গতিৰ বৰ্ণনা আৰু ইফালে ধৈৰ্য্যতাৰ আধাৰ স্বৰূপ কমলৰ বাতুল অৱস্থাৰ বিষয় উনুকিয়নিৰ বেজাৰ-সোৱঁৰণীৰ প্ৰেমালাপত উতলি তৰল হোৱা প্ৰেমৰস আগতকৈও ডাঠ্‌ হয়। এই দৰেই লাহৰী-কমলৰ সুদিনৰ সোঁত গম্ ধৰিব নোৱাৰাকৈ ৰৈ ৰৈ যাবলৈ ধৰিলে।

পামপুৰৰ সেই শুভ-বিয়া সম্পাদন হৈ যোৱাৰ পাঁচ বছৰ পাৰ হৈ গল। ইয়াৰ ভিতৰত নৱ দম্পতীৰ সুখ-সম্ভোগ আৰু পৱিত্ৰ মিলনত বিৰিঙ্গি উঠা প্ৰেম-পৰিচয়ৰ বিষয়ে অনেক, অলেখ কথা কবলৈ থাকিল। থাকিল থাওক, তাক অনুমান লবলৈকে থোৱা হল। এই দম্পতীৰ পুৰ্ব্বৰাগৰ চিত্ৰৰে ৰিজাই, এই ছোৱাৰ মনে-পতা এটি চিত্ৰ চায়ে পাঠকে মন পতিয়াওক। যোৱা পাঁচ বছৰৰ আনন্দময় সংসাৰৰ শুভ-ফল ভুঞ্জি লাহৰী-কমল বা সিবিলাকৰ মৰমৰ পিতৃ-মাতৃ সদায় আনন্দত আপোন-পাহৰা। আৰু, তাৰ ফল স্বৰূপ, তেতিয়া লাহৰীৰ কোলাত এটি বছেৰেকীয়া চালুকীয়া পুত্ৰধন আৰু কমলৰ কোলাত তিনি-বছৰীয়া এটি কন্যাৰত্ন।

ছোৱালীটি লৰি ফুৰে, কথা কব পৰাও হৈছে। ঘৰৰ সকলোৱে ছোৱালীটিক ‘মইনি’ বুলি মাতে। মইনিয়ে বাহিৰত উমলি থাকোতে যি দেখে, যি শুনে সকলো আইতাৰ আগত বৰ্ণায়হি। এই দৰে সুখৰ দিন ৰৈ-বৈ গৈছে। এনেতে, এদিন শান্তিৰাম গোহাঞি-বৰুৱাৰ চোতালত এটা চেৰাবলিয়া জঁটীয়া বৰাগীয়ে লাউ-টোকাৰি বাই হাঁহি-কিৰিলিৰে নাচোন ধৰিলেহি। মইনিয়ে দেখিয়েই ভিতৰলৈ লৰি সোমাই আনন্দত উধাও হৈ, এহাতে দেউতাক আৰু ইহাতে আইতাকক আঙ্গুলিত ধৰি বাহিৰলৈ টানি আনিলেগৈ। বলিয়া বৰাগীয়ে মূৰ জোকাৰি টোকাৰি বায় আৰু ঘোঁৰাৰ দৰে ঢেক্‌ঢেকাই অৰ্থশূন্য হাঁহি মাৰে। লাহৰী-কমলে অলপ পৰ মন পাৰি চাই চিনিলে, দেহি, সেইটি তাহানিৰ ৰত্নেশ্বৰ ধুনীয়া ডেকা! তাৰ পিচমুহূৰ্ত্তৰপৰা সেই বলিয়া বৰাগী কোন্‌ফালে কলৈ গলগৈ কেৱে কব নোৱাৰে।

*********************

একবিংশ আধ্যা- শান্তিপুৰ

লাহৰী-হৰণ আপদীয়া ঘটনাই পামপুৰৰ শ্ৰী হঠাৎ বিশ্ৰী কৰি পেলাইছিল। সদৌ গঞাৰ মনত আকৌ ‘মানৰ দিনৰ’ ভয়াবহ ভাবে অযাচিতে থিত লৈছিল। মানুহৰ মনত উলাহ নাই, কাম-বনত ৰাপ নাই, কোনমতে পেটে-ভাতে জীবিকা লৈ জীৱন ধৰিছিল। ফলত, পামপুৰৰ বাহ্যিক দৃশ্যও ক্ৰমাৎ মৰামুৱা হৈ আহিছিল। সেইদৰেই বিষাদী পামপুৰৰ ভালেমান দিন পাৰ হৈছিল।

কিন্তু, পামপুৰৰ জেউতি জঁয় পৰিছিল বুলিও, সি সমূলে নাশ পাবলৈ নহল, লাহৰীৰ পুনৰুদ্ধাৰৰ ফলস্বৰূপ সেই অদ্ভুত মহামিলনে পামপুৰৰ পূৰ্ব্বৰ জেউতি পুনৰপি বাহিৰে-ভিতৰে চৰাই আনিলে। গঞাৰ মনত আকৌ উলাহ আৰু কাম-বনলৈ ৰাপ বাঢ়ি আহিল। ফলত, ন-পমুৱা বিষয়াসকলৰ পামপুৰ নগৰ সুখ-শান্তি আৰু ঐশ্বৰ্য-বিভূতিৰে সৈতে আগতকৈও টনকিয়াল হৈ উঠিবলৈ ধৰিলে। দৈহিক, নৈতিক, আৰ্থিক, সামাজিক, শিক্ষা, শিল্প, বাণিজ্যাদিৰ উন্নতিয়ে ৰাইজৰ সুখ-সমৃদ্ধি বঢ়াই পামপুৰৰ ক্ৰমাৎ শ্ৰীবৃদ্ধি কৰি আনিলে।

 শান্তিৰাম গোহাঞি বৰুৱা এজন বৰ শিক্ষা-অনুৰাগী পুৰুষ আছিল। উচ্চশিক্ষা বিস্তাৰলৈ তেওঁৰ বৰ ধাউতি। বিয়ৈক কীৰ্ত্তিনাথ গোহাঞিফুকনো এজন বিদ্যোৎসাহী লোক; পামপুৰ নগৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে তেওঁ পোন্‌-প্ৰথমতে এটি পঢ়াশালি পাতি দি, লৰা-ছোৱালীৰ লিখা-পঢ়া শিক্ষাৰ বাট মোকলাই দিয়াৰ কথা ইতিপূৰ্ব্বতে উনুকিয়াই অহা হৈছে। এতিয়া, গোহাঞি-বৰুৱাই তাতে খোপনি পিটি লৈ এই নগৰত উচ্চশিক্ষা বিস্তাৰ কৰিবলৈ মন মেলিলে।

তেওঁ লগৰীয়া বিষয়াবৰ্গৰে সৈতে আলোচনা কৰি আগৰ সেই পঢ়াশালিটিকে উচ্চখাপলৈ তুলিবলৈ দিহা লগালে। তদৰ্থে তেওঁ দক্ষিণপাৰৰপৰা বীৰেশ্বৰ শৰ্ম্মা-বৰুৱা নামেৰে আহোম ৰজাদিনীয়া বিষয়া-বংশধৰ উচ্চশিক্ষিত সংস্কৃত সুপণ্ডিত এজন অনাই সেই পঢ়াশালিৰ প্ৰধান শিক্ষক পাতি, তেওঁৰ তলে আৰু দুজন শিক্ষক নিযুক্ত কৰি দি পামপুৰ ন-নগৰত উচ্চশিক্ষা বিস্তাৰৰ পথ প্ৰশস্ত কৰি দিলে।

সেই ক্ৰমে সেই ন পাম নগৰখন অনতিপলমে লিখা পঢ়া শিক্ষা-শিল্প-অনুশীলন, সাহিত্য-চৰ্চ্চা, বাণিজ্যবিস্তাৰ আদি উন্নত অনুষ্ঠানৰ কেন্দ্ৰস্থল হৈ উঠিল। ফলিতাৰ্থত, সৰ্ব্বতোভাৱে সৰ্ব্ববিষয়ত উন্নতি লাভ কৰি নগৰখন শান্তিধাম যেন হৈ জিলিকি উঠিল; আৰু সেই আলমতে, সদৌশেষত, ‘পামপুৰ’ নগৰ ‘শান্তিপুৰ’ নামে খ্যাত হল। এনে হেন শান্তিময় ধৰাধামত নৱ-দম্পতী লাহৰী-কমলে মহা সুখ-শান্তিৰে সংসাৰ যাপন কৰিবলৈ ধৰিলে।

*********************

দ্বাবিংশ আধ্যা- ঘৈণী লাহৰী—আদৰ্শ দম্পতী

নাৰী-জীৱনকাল ঘাইকৈ তিনি ছোৱা;—জীয়াৰী, বোৱাৰী আৰু ঘৈণী। প্ৰেমিকা লাহৰীৰ প্ৰেমময় জীয়াৰী কালৰ কথা আগতে বহলাই কোৱা হৈছে; লাজুকী লাহৰীৰ বোৱাৰী কালৰ বিষয়ে মাজতে উনুকিয়াই অহা হৈছে; পতিপ্ৰাণা লাহৰীৰ আদৰ্শ ঘৈনীকালৰ অতৃপ্ত বিবৃতিৰ এতিয়া আভাস মাথোন দিয়া যায়।

লাহৰী পাচোঁটি সন্তানৰ মাক হওঁতেই, লাহৰী-কমলৰ পিতৃ-মাতৃ আৰু শাহু-শহুৰ বিয়োগ হয়। সেই অৱধি লাহৰী-কমলে খৰতকীয়াকৈ ঘৰ-গৃহস্থী কৰিব লগাত পৰে। তেতিয়াৰপৰাই লাহৰীয়ে ভিতৰত ঘৰ-ঘৈণীৰ কৰ্ত্তব্য পালনত আৰু কমলে বাহিৰত বিবিধ বিষয়ক সাংসাৰিক কাৰ্য্য চম্ভালনত একাণপতীয়াকৈ লাগি যায়। কিন্তু, বাজ-ভিতৰ দুয়োবিধ ঘৰুৱা কাম-বনত দুয়ো দুইকো সততে সোধা-পোছা কৰি হে গৃহস্থালী ধৰ্ম্ম পালন কৰে।

লাহৰীৰ মানত স্বামী-গুৰু কমল সাক্ষাৎ আৰাধ্য দেৱতা;—স্বামী-সেৱা, স্বামী-পূজা লাহৰীৰ দৈননন্দিত−কৰ্ত্তব্য। কমলৰ মানত প্ৰিয়তমা ভাৰ্য্যা লাহৰী সবাতোপৰি সাদৰী সম্ভাৰ; চেনেহৰ ভাৰ্য্যাৰ প্ৰতি অসূয়া-অপ্ৰীতি নকৰিবলৈ কমল সততে সতৰ্ক। সন্তান-পালন, সন্তানৰ চৰিত্ৰ গঠন, সন্তানক শিক্ষা-জ্ঞান-দান এই কেইটা ঘৈণীৰ ঘাই ঘাই কৰ্ত্তব্য বুলি জানি লাহৰীয়ে তাক নিয়াৰিকৈ পালন কৰাত পাৰিতপক্ষে কাচিতো অন্যথা নকৰে।

কমলনাথ গোহাঞি-বৰুৱাই পৰিয়াল পালনৰ উপৰঞ্চিকৈ জ্ঞাতি-জাতি আৰু সমূহ গঞা-ৰাইজৰ মঙ্গল চিন্তা আৰু নিজ নগৰ পামপুৰৰ সৰ্ব্বাঙ্গীন উন্নতি সাধনত তেওঁৰ পূজনীয় পিতৃদেৱতা ৺শান্তিৰাম গোহাঞি বৰুৱাৰ জ্বলন্ত জুইকুৰা সততে আগত লৈ, সফলাৰ−যাত্ৰাত কৃতকৃত্য হৈ আগুৱাবলৈ ধৰিলে। সেই অনুক্ৰমে, লাহৰী-কমল আদৰ্শ দম্পতীয়ে আপোন চৰিত্ৰৰ মোহেৰে গঞা-ৰাইজক বিমোহিত কৰি, পামপুৰত মুকুটিবিহীন ৰজা-ৰাণী সদৃশ্ মান-সৎকাৰ উপভোগ কৰি, সিবিলাকৰ সোণাময় সংসাৰৰ জেউতি চৰাবলৈ ধৰিলে।

*********************

(Source: https://as.wikisource.org/)

(আশা কৰোঁ আপুনি উপন্যাসখন পঢ়ি ভাল পাইছে। যদি আপুনি উপন্যাসখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই উপন্যাসখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top