মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ || Sankardev essay in assamese

শংকৰদেৱ

পৃথিৱীত এনে একোজন লােকৰ জন্ম হয়, যি কৰ্মৰ দ্বাৰা জীৱনটো মহিমামণ্ডিত কৰি তােলে। তেনে লােকৰ ওচৰত মৃত্যুৱে হাৰ মানে, পাহৰণিয়ে পৰাজয় স্বীকাৰ কৰে। প্ৰত্যেক দেশ বা জাতিৰ জাতীয় জীৱনৰ সংকট কালত পৰিত্ৰাণৰ উপায় লৈ একোজন মহাপুৰুষ বা ধৰ্মপ্ৰৱক্তাৰ আৱিৰ্ভাৱ হয। ই কোনাে অলৌকিক বা দৈৱ ঘটনা নহয়, ইতিহাসৰ পুনৰাবৃত্তি মাত্ৰ।

শংকৰৰ আৱিৰ্ভাৱঃ নতুন যুগৰ সূচনা

পঞ্চদশ শতাব্দীৰ অসমত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তেনে এটা অনিবাৰ্য ঐতিহাসিক ঘটনা। অসমৰ জন-জীৱনত শংকৰদেৱৰ আৱিৰ্ভাৱে নৱজাগৰণৰ সূচনা কৰিছিল। চতুৰ্দশ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত অসমত ধৰ্ম বিপৰ্যয় ঘটিছিল। ধৰ্মৰ নামত হিংসা, বিদ্বেষ, ৰক্তপাতেৰে সমাজ পংকিল হৈ পৰিছিল। ইতিহাসৰ এই কলংকিত অধ্যায়তে জন্ম লৈ শংকৰদেৱে অসমবাসীক জীৱনৰ নতুন পথৰ ফালে বাট দেখুৱাই আগবঢ়াই নিলে।

১৪৪৯ খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে গাঁৱত মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা। কুসুম্বৰ ভূঞাই শংকৰ, অৰ্থাৎ, শিৱক আৰাধনা কৰি পুত্ৰ সন্তানটি লাভ কৰা বাবে তেওঁৰ নামকৰণ কৰিছিল শংকৰ। শংকৰৰ জন্মৰ সময়ত নানা মংগলসূচক অলৌকিক ঘটনা সংঘটিত হৈছিল। নিচেই কম বয়সতে শংকৰে পিতৃ-মাতৃ দুয়ােকে হেৰুৱালে।

ঘাট মাউৰা শংকৰক তুলি-তালি ডাঙৰ কৰে আইতাক খেৰসূতীয়ে। আইতাকৰ অপত্য স্নেহৰ মাজত থাকি শংকৰে শৈশৱৰ দিনবোৰ কেৱল ৰং-ধেমালিৰ মাজতে পাৰ কৰিলে। শংকৰৰ শাৰীৰিক সৌন্দৰ্য অতি মনােমােহা হােৱাৰ লগতে তেওঁ আছিল শক্তিশালী আৰু অত্যন্ত সাহসী। শিশু শংকৰৰ বলৰ পৰিচয় দিয়া অনেক ঘটনাৰ উদাহৰণ আছে। তাৰ ভিতৰত উদণ্ড ষাঁড় গৰুৰ শিঙত ধৰি বগৰাই পেলােৱা, ভৰ বাৰিষাৰ বিশাল ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ-সিপাৰ হােৱা ঘটনা অন্যতম।

শংকৰদেৱ

পলমকৈ আৰম্ভ হ’ল শিক্ষা

বাৰ বছৰ বয়সলৈকে শংকৰে সমনীয়াৰ দলপতি হৈ ধিতিঙালি কৰিয়েই পাৰ কৰিছিল। এই সময়ত শিক্ষা গ্ৰহণৰ প্ৰতি ধাউতি নথকা শংকৰক লৈ আইতাক বৰ বিপাঙত পৰিছিল। বহু বুজনি আৰু চেষ্টাৰ শেষত ভাদ মাহৰ এটা শুভ বৃহস্পতিবাৰত শংকৰক মহেন্দ্ৰ কন্দলীৰ টোলত ভৰ্তি কৰােৱা হয়। বাৰ বছৰ বযসত শংকৰৰ বিদ্যা শিক্ষা আৰম্ভ হয়। অতি কম দিনৰ ভিতৰতে শংকৰে নিজৰ পাণ্ডিত্যৰ পৰিচয় দিয়ে। ক ফলা শিকি বাৰেমতৰা জোঁটোৱাৰ আগতেই শংকৰে লিখি পেলালে এটা সুন্দৰ কবিতা,

কতল কমল      কমল দল নয়ন।
ভৱদৱ দহন       গহন বন শয়ন।
খৰতৰ বৰশৰ      হতদশ বদন।
খগচৰ নগধৰ        ফণধৰ শয়ন।

ইয়াত লুকাই আছে ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য। কেইবছৰমানৰ ভিতৰতে তেওঁ চাৰিবেদ, চৈধ্যশাস্ত্ৰ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰিলে। অফুৰন্ত মেধা আৰু প্ৰজ্ঞাৰ পৰিচয় দিয়া শংকৰক গুৰু মহেন্দ্ৰ কন্দলীয়ে ‘দেৱ’ উপাধি প্ৰদান কৰি ওজা ছাত্ৰ পাতিলে। টোলত থকা সময়ত যােগশাস্ত্ৰ অধ্যয়ন কৰি যােগাভ্যাসৰ দ্বাৰা তেওঁৰ পাৰদৰ্শিতা আৰু বৃদ্ধি কৰিলে।

শিক্ষা জীৱনৰ অন্তত শংকৰদেৱ নিজ গৃহলৈ ঘূৰি আহি শিৰােমণি ভূঞাৰ বিষয় বাব ল’বলগা হয়। সেই সময়ত তেওঁৰ বয়স কম হৈ থকা বাবে ‘ডেকাগিৰি নামেৰে জনাজাত হয়। কিন্তু কম দিনৰ ভিতৰতে তেওঁ এই বিষয়বাব ত্যাগ কৰে।

সেই সময়ত ২১-২২ বছৰীয়া শংকৰে হৰিবৰ গিৰিৰ ছােৱালী সূৰ্যাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তিনি বছৰ পাছত মনু নামৰ এটি কন্যা সন্তান জন্ম দি সূৰ্যাৱতী মৃত্যু মুখত পৰে। ১৪২৫ শকত তেওঁ দ্বিতীয়বাৰ বিবাহ পাশত আৱদ্ধ হয় ৰাম ভূঞাৰ কন্যা কালিন্দীৰ লগত। ৰামানন্দ ঠাকুৰ, কমল লােচন আৰু হৰিচৰণ তেওঁৰ পুত্ৰ আৰু ৰুক্মিণী তেওঁৰ কন্যা সন্তান।

তীৰ্থ ভ্ৰমণে দিলে মহাজ্ঞান

প্ৰথম পত্নীৰ মৃত্যুৰ পাছত কন্যা মনুক বিয়া দি শংকৰদেৱ তীৰ্থ ভ্ৰমণত ওলায়। বাৰ বছৰ কাল সােতৰজন লগৰীয়াৰ সৈতে শংকৰদেৱে ভাৰতৰ বিভিন্ন তীৰ্থস্থান দৰ্শন কৰে। এই ভ্ৰমণে শংকৰদেৱৰ মনত বিভিন্ন ধৰ্মৰ সাৰমৰ্ম উপলব্ধি কৰােৱায়। প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ পৰা আহিয়েই জ্ঞাতি কুটুম্বৰ অনুৰােধত শংকৰদেৱে দ্বিতীবাৰ বিবাহ পাশত আৱদ্ধ হয়। লগতে পুনৰ বাৰ শিৰােমণি ভূঞাৰ বাব ল’বলৈ বাধ্য হয়। তীৰ্থ ভ্ৰমণৰ সময়ত উত্তৰ ভাৰতত ধৰ্ম আন্দোলন দেখি শংকৰৰ মনত ধৰ্মভাৱ প্ৰবলভাৱে উদ্বেলিত হয়।

অসমৰ সংকটপূৰ্ণ সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ উন্নয়নৰ বাবে শংকৰদেৱে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছিল। প্ৰথমবাৰ তীৰ্থৰ পৰা ঘূৰি আহি তেওঁ বন্ধু বান্ধৱৰ অনুৰােধত ‘চিহ্ন যাত্ৰা’ নাট ৰচনা কৰি ভাওনা কৰে। বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰি অসমৰ চিত্ৰকলাৰ জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ যায়। ভক্ত বৈষ্ণৱসকলৰ মনত ধৰ্মৰ ভাৱ জগাবলৈ সাত বৈকুণ্ঠৰ পট অংকন কৰি নৃত্য-গীত বাদ্যৰ সহায়ত ভাওনা প্ৰদৰ্শন কৰােৱায়।

শংকৰদেৱ

১২০ হাত দৈৰ্ঘ্য আৰু ৬ হাত প্ৰস্থৰ কাপােত বৈকুণ্ঠৰ চিত্ৰ অংকন কৰাৰ উপৰিও বৈকুণ্ঠৰ বিশেষ ছয় ভক্ত, বাৰ বৈষ্ণৱ, চৈধ্য পাৰিষদ, বহু সিদ্ধ পুৰুষকে আদি কৰি ভকত-ভকতনী, পৰিষদবৰ্গৰ তনু আৰু বৈকুণ্ঠত থকা গছ-গছনি, ফুল-ফল, চৰাই চিৰিকতি আদি অংকিত কৰি চোমুখা, হেঙুল-হাইতালেৰে ৰং বােলায়। চিহ্ন যাত্ৰাৰ নাটৰ ভাওনা দেখি সকলাে ৰাইজৰ তেওঁৰ প্ৰতি প্ৰগাঢ় ভক্তি জন্মিলে। তেতিয়াৰে পৰা শংকৰ ভূঞা ভক্তি ধৰ্ম সংস্থাপক শংকৰ গুৰুত পৰিণত হ’ল। অসংখ্য শিষ্যৰ মাজত বৈষ্ণৱ ধৰ্মৰ জোৱাৰ উঠিল। তাল, খােল, মৃদঙ্গৰ শব্দই আকাশ বতাহ মুখৰিত কৰিলে।

শংকৰদেৱৰ ধৰ্ম আছিল হৰিনাম ধৰ্ম। তেওঁৰ ধৰ্মমত সাংখ্য, বেদান্ত আৰু ভাগৱত-পুৰাণৰ সাৰমৰ্মৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ মতে ধৰ্মৰ মূল বিষয়বস্তু ঈশ্বৰৰ নাম। সৃষ্টি, স্থিতি প্ৰলয়ৰ একমাত্ৰ অধিকাৰী এজনেই ভগৱান। সেই অধিপতিৰ চৰণত নিষ্কামভাৱে উপাসনা কৰিলে কেনেকৈ সকলাে কামনাৰ নিবৃত্তি সাধন কৰি মুক্তিৰ পথত আগবাঢ়িব পাৰি তাৰেই সন্ধান পােৱা যায় একশৰণ ভগৱতী বৈষ্ণৱ ধৰ্ম বা হৰিনাম ধৰ্মত। মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা এই ধৰ্মক মহাপুৰুষীয়া ধৰ্ম বা বৈষ্ণৱ ধৰ্ম বুলিও জনা যায। একান্ত ভক্তিভাৱে হৰিত শৰণ লৈ তেওঁৰ নাম শ্ৰৱণ, কীৰ্তন কৰি সংসাৰৰ পাপ-তাপ, জৰা-ব্যাধিৰ পৰা মুক্ত হৈ পৰমপদ লাভ কৰিব পাৰি। ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’ এয়ে বৈষ্ণৱ ধৰ্মৰ সাৰমৰ্ম।

শংকৰদেৱ

অসীম প্ৰতিভাৰ অধিকাৰী শংকৰদেৱ

কছাৰী ৰজাৰ লগত বাৰে বাৰে মনোমালিন্য হােৱাত শংকৰদেৱে বংশ-পৰিয়াল সমন্বিতে বৰদোৱা ত্যাগ কৰি মাজুলীৰ বেলগুৰিত নতুনকৈ সংস্থাপিত হয়। ইয়াতেই মাধৱদেৱৰ লগত শংকৰদেৱৰ মিলন হয়। পূৰ্বতে মাধৱদেৱ শাক্তধৰ্মী আছিল। কিন্তু শংকৰৰ লগত তৰ্ক যুদ্ধত পৰাস্ত হৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। শংকৰ-মাধৱৰ এই মিলনক ‘মণিকাঞ্চন’ সংযােগ বুলি কোৱা হয়। পৰৱৰ্তী সময়ত দুয়ােজন একত্ৰিত হৈ অসমত ভক্তিৰ নিজৰা বােৱায়।

শংকৰদেৱৰ পূৰ্বে অসমত সাম্য, সৌম্য, সমতা, সভ্যতা, সংস্কৃতিপূৰ্ণ কোনাে প্ৰগতিশীল সমাজৰ প্ৰমাণ পােৱা নাযায়। শংকৰদেৱে আধ্যাত্মিক শিক্ষাৰে যে গণতান্ত্ৰিক সমাজবাদৰ মৰ্যাদা দিব পাৰি তাৰ সন্ধান দি গৈছে। গণতান্ত্ৰিক সমাজবাদৰ ভেটি নিৰ্মাণ কৰাত বিশ্বৰ ভিতৰত সৰ্বপ্ৰথম, সৰ্বশ্ৰেষ্ঠ আদৰ্শ শংকৰদেৱ। তেওঁ গাৰােৰ গােৱিন্দ, মিৰিৰ পৰমানন্দ, নগাৰ নৰােত্তম, আহােমৰ নৰহৰি ইত্যাদি বিভিন্ন জাতি, বৰ্ণ, গােষ্ঠী নিৰ্বিশেষে সকলােকে শিষ্যত্ব প্ৰদান কৰিছিল। তেওঁৰ মতে,

কুকুৰ শৃগাল, গৰ্দভৰো আত্মাৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।

অস্পৃশ্যতা আৰু কু-সংস্কাৰ মুক্ত সমাজ এখনৰ লাইখুটা স্থাপন কৰিছিল মহাপুৰুষ শংকৰদেৱে। সমাজৰ সামূহিক কেন্দ্ৰৰূপে ধৰ্ম চৰ্চা, সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শংকৰদেৱে বৰদোৱাত নামঘৰ সাজি ভক্তিৰ প্ৰথম খুঁটি মাৰে। বেলগুৰি, পাটবাউসী আদি ঠাইত সত্ৰ, নামঘৰ স্থাপন কৰে। নামঘৰৰ মজিয়াত পুনৰবাৰ গঢ়ি উঠিছিল অসমীয়া সংস্কৃতিৰ ৰংঘৰ।

শ্ৰীমন্ত শংকৰদেৱে গীত আৰু নাট এই দুটি মাধ্যমৰ জৰিয়তে ধৰ্ম প্ৰচাৰত মন দিছিল। বৰগীত আৰু অংকীয়া নাট গুৰুজনাৰ আপুৰুগীয়া অৱদান। তীৰ্থ ভ্ৰমণৰ সময়ত শংকৰদেৱে ‘মন মেৰি ৰাম চৰণেহি লাগু, তঞি দেখনা অস্তক আগু’ বুলি সংসাৰৰ প্ৰতি বৈৰাগ্য আৰু ৰামভক্তিৰ মহিমাৰে গীত ৰচনা কৰে। মহাপুৰুষজনে ছকুৰি সুমধুৰ বৰগীত ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অংকীয়া নাটসমূহৰ ভিতৰত আছে: চিহ্ন যাত্ৰা, কালীয় দমন, কেলি গােপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, পত্নী প্ৰসাদ ইত্যাদি। গীতনাট পৰিৱেশনৰ অংগ স্বৰূপে খােল, তাল, ডবা, কাহ, শংখ, মৃদংগ আদি বাদ্য সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰাল মেটমৰা কৰে।

শংকৰদেৱ অসমীয়া ভাষা-সাহিত্যৰ জনক। মহাপুৰুষজনাৰ সাহিত্যৰ বিজয় স্তম্ভ হ’ল কীৰ্তন পুথি। কীৰ্তনক অসমীয়া জাতিৰ বেদ বুলি ক’ব পাৰি। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা গ্ৰন্থখনত ভগৱানক লাভ কৰাৰ পথ দেখুওৱা হৈছে হৰি নামৰ দ্বাৰা। ভাগৱতৰ ১ম, ২য়, ৩য় স্কন্ধ, ৬ষ্ঠ স্কন্ধৰ প্ৰথমছােৱা ৮ম স্কন্ধৰ কিছু অধ্যায়, দশমৰ প্ৰথম অংশ, একাদশ আৰু দ্বাদশ স্কন্ধ গুৰুজনাই অসমীয়ালৈ ভাঙনি কৰে। ভাগৱতৰ কাহিনীক লৈ হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, বলিছলন ইত্যাদি আৰু অন্যান্য গ্ৰন্থৰ ভিতৰত ভক্তি প্ৰদীপ, অনাদি পাতন, ভক্তি ৰত্নাকৰ গুণমালা, নিমিনৱ সিদ্ধ সংবাদ, ৰামায়ণৰ উত্তৰাকাণ্ড ইত্যাদি বহুমূলীযা গ্ৰন্থ সম্ভাৰেৰে সাহিত্যৰ জগত উভৈনদী কৰি গৈছে।

শ্ৰীমন্ত শংকৰ         হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনাই          নাহি নাহি আৰ
আমাৰ পৰম গুৰু।

ধৰ্মপ্ৰচাৰৰ সময়খিনিত শংকৰদেৱে বাৰে বাৰে ৰজাঘৰীয়াৰ ৰােষত পৰিবলগীয়া হৈছিল। তাৰ বাবে স্থান পৰিৱৰ্তন কৰি এছােৱা কাল নৰনাৰায়ণৰ ৰাজ্যতাে বাস কৰিছিল।

সামৰণি: Sankardev essay in assamese

শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতীয় জীৱনৰ পিতৃ। ১৫৫৮ খ্ৰীষ্টাব্দত মহাপুৰুষজনাই ছকুৰি বছৰীয়া মানৱ জীৱনৰ অৱসান ঘটায়। অসমীয়া জাতি আজি স্বকীয় ৰূপত বিশ্বৰ দৰবাৰত এক সুকীয়া আসনত বহিব পাৰিছে ইয়াৰ মূলতে আছে শংকৰদেৱৰ সমৃদ্ধিশালী অৱদান। গীতবাদ্য, নাট্য-চিত্ৰ-সাহিত্য প্ৰতিটো দিশ সামৰি ধৰ্মৰ মাজেদি গণতান্ত্ৰিক সমাজবাদ প্ৰতিষ্ঠা কৰা শংকৰদেৱৰ দৰে ব্যক্তিত্ব পৃথিৱীৰ বুকুত বিৰল। অসমৰ পৱিত্ৰ ভূমিক ভক্তি ৰসৰ সোঁতেৰে ঢৌৱাই মানৱতাৰ ভেটি বন্ধা শ্ৰীমন্ত শংকৰদেৱ যুগ যুগান্তৰৰ বাবে নমস্য পুৰুষ।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ || Sankardev essay in assamese” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top