শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

আৰম্ভণিঃ

ক্ৰিকেট জগতৰ পথাৰত খদমদম লগাই অতি কম বয়সতে যাদুলগা হাতৰ খেল প্ৰদৰ্শনেৰে পৃথিৱীৰ জনতাক বিমােহিত কৰি দেশ-বিদেশৰ উপহাৰ কঢ়িয়াই স্বদেশৰ গৌৰৱ অটুট ৰখা ‘ভাৰত ৰত্ন’ সন্মানৰ অধিকাৰী শচীন তেণ্ডুলকাৰ (Sachin Tendulkar) প্ৰকৃতাৰ্থতেই ভাৰতৰ মাণিক অৰ্থাৎ দুৰ্লভ মণি।

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

জন্ম, শিক্ষা আৰু বিবাহঃ

শচীন ৰমেশ তেণ্ডুলকাৰে ১৯৭৩ চনৰ ২৪ এপ্ৰিল তাৰিখে মুম্বাইত জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাক বিখ্যাত মাৰাঠী (নভেলিষ্ট) ঔপন্যাসিক ৰমেশ তৈণ্ডুলকাৰ আৰু মাক ৰজনী তেণ্ডুলকাৰ। মাক-বাপেকৰ সুযােগ্য সন্তান শচীনৰ জন্মই ভাৰতবৰ্ষত নৱ সূৰুযৰ আলােক সিঁচি ক্ৰিকেটৰ পৃথিৱীভূমি পােহৰাই তুলিলে। শচীনে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল দাদৰ সাৰদাশ্ৰম বিদ্যামন্দিৰত। ১৯৯৫ চনৰ ২৪ মে তাৰিখে অঞ্জলি তেণ্ডুলকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলােকৰ প্ৰথম সন্তান চাৰাৰ জন্ম হয় ১৯৯৭ চনৰ ১২ অক্টোবৰত আৰু দ্বিতীয় সন্তান অৰ্জুনৰ জন্ম হয়। ১৯৯৯ চনৰ ২৪ ছেপ্টেম্বৰত।

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

খেলুৱৈ প্ৰতিভাঃ

শচীনে সৰ্বপ্ৰথম খেলিছিল ইণ্টাৰস্কুল টুৰ্ণামেণ্ট। ১৯৮৯ চনৰ ১৫ ডিচেম্বৰত ১৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভৰি দি মহাকাব্যিক যাত্ৰা আৰম্ভ কৰিছিল তেওঁ। ২৪ বছৰীয়া ক্ৰিকেটৰ কেৰিয়াৰ সামৰা শচীন ৰমেশ তেণ্ডুলকাৰে ২০০খন টেষ্টত ১৫, ৯২১ ৰাণ আৰু ৪৬৩খন এদিনীয়াত ১৮, ৪২৬ ৰাণ, টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত শতৰাণ কৰিবলৈ সক্ষম হয়। কিংবদন্তি শচীন তেণ্ডুলকাৰক কেৰিয়াৰৰ অন্তিমখন টেষ্টত শৃংখলা জয়ৰ উপহাৰ দিয়ে দলীয় সতীৰ্থই।

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

টেষ্টত তেওঁ আটাইতকৈ বেছি শতক কৰে ৫১টা আৰু টেষ্ট খেলি সকলাে দেশৰ বিৰুদ্ধেই শতক কৰে। বিদেশৰ মাটিত আটাইতকৈ বেছি টেষ্ট শতক কৰে ২৯টা। টেষ্টত ২০ বাৰ ১৫০ ৰাণ বা তাতকৈও বেছি কৰে। টেষ্টত এক কেলেণ্ডাৰবৰ্ষত এক হাজাৰ বা তাৰ বেছি ৰাণ ৬ বাৰ কৰে। এদিনীয়া মেচত আটাইতকৈ বেছি ১৮, ৪২৬ ৰাণ, শতক ৪৯টা আৰু প্ৰথম ডবল শতকৰ লগতে আটাইতকৈ বেছি অৰ্ধ শতক ৯৬টা, ৫ বাৰ ১৫০ ৰাণ বা তাতােকৈ বেছি ৰাণ কৰে।

এদিনীয়া মেচত এক কেলেণ্ডাৰ বৰ্ষ ১৯৯৮ চনত সৰ্বাধিক ১৮৯৪ ৰাণ আৰু আটাইতকৈ বেছি শতক কৰে ৯টা। এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছি ৪৬৩ বাৰ মেচ খেলে। এদিনীয়া মেচত আটাইতকৈ বেছি ৬২ বাৰ মেচ আৰু ১৫টা উৎকৃষ্ট ছিৰিজ আৰু এক কেলেণ্ডাৰ বৰ্ষত এক হাজাৰৰ বেছি ৰাণ আটাইতকৈ বেছি ৭ বাৰ কৰে। টেষ্ট ওৱান ডে’ মিলি আটাইতকৈ বেছি ৩৪, ৩৪৭ ৰাণ কৰে।

শচীনে আটাইতকৈ বেছি আন্তৰ্জাতিক মেচ ৯০খন ষ্টেডিয়ামত খেলে আৰু বিশ্বকাপত সৰ্বাধিক মুঠ ৰাণ কৰে ২৫৬০। ২০০৩ চনৰ বিশ্বকাপত আটাইতকৈ বেছি ৬৭৩ ৰাণ কৰে। শচীন তেণ্ডুলকাৰে ২৪ বছৰত ৯৮৯জন আন্তৰ্জাতিক ক্ৰিকেটাৰৰ মুখামুখি হয়। তেওঁ ইয়ৰ্কছায়াৰৰ হৈ খেলা প্ৰথম বিদেশী ক্ৰিকেটাৰ।

পুৰস্কাৰ আৰু সন্মানঃ

শচীন ৰমেশ তেণ্ডুলকাৰে ১৯৯৪ চনত অৰ্জুন বঁটা লাভ কৰে। তাৰ পাছত ক্ৰমে ১৯৯৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ১৯৯৯ চনত পদ্মশ্ৰী, ২০০৮ চনত পদ্মবিভূষণ বঁটা লাভ কৰে। ২০১০ চনত চাৰ গাৰফিল্ড চ’বাৰ টফী আৰু ২০১২ চনত ৰাজ্য সভালৈ মনােনীত আৰু ইণ্ডিয়ান এয়াৰ ফ’ৰ্চৰ দ্বাৰা গ্ৰুপ কেপ্টেইনৰ সন্মান লাভ কৰে। ২০১৩ চনত ভাৰত ৰত্ন ডিভিচনৰ পৰা এনাউন্স দ্য হাইয়েষ্ট চিভিলিয়ান বঁটা লাভ কৰে। ইয়াৰ বাহিৰেও ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা ভাৰতৰ কনিষ্ঠতম আৰু একমাত্ৰ খেলুৱৈ হিচাপে ভাৰত ৰত্ন বঁটা সগৌৰৱেৰে গ্ৰহণ কৰে।

শচীন তেণ্ডুলকাৰ-Sachin Tendulkar

অন্যান্য ক্ৰিয়াকলাপঃ

শচীন ৰমেশ তেণ্ডুলকাৰৰ খেলৰ গুৰু হ’ল ৰমাকান্ত আচেৰকাৰ। তেওঁৰ মেজৰ টীম হ’ল ইণ্ডিয়া টীম। বেটিং ষ্টাইল- ৰাইট হেণ্ড বেটচমেন, বলিং- ৰাইট আৰ্ম স্পিনাৰ। ৰাজ্যদল হ’ল মুম্বাই। তেওঁ প্ৰথম খেল, এদিনীয়া খেল আৰু টেষ্ট খেলিছিল কৰাচীত পাকিস্তানৰ লগত। তেওঁৰ উচ্চতা পাঁচফুট পাঁচ ইঞ্চি। শচীনক অষ্টেলিয়ান ক্ৰিকেটাৰ কিংবদন্তি ডন ব্ৰেডমেনৰ লগত ৰিজাব পাৰি। সমালােচকসকলে কয় ব্ৰেডমেন আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ঠিক একেস্থানৰ বুলি। ব্ৰেডমেনে শচীনৰ বিষয়ে কয়- ল’ৰাটোৱে প্ৰায় মােৰ দৰেই খেলে। শচীনৰ দীৰ্ঘস্থায়ী স্মৃতি বুলি ক’বলৈ গ’লে তেওঁৰ চেন্নাইৰ ইনিংচটো। তাৰ পাছতেই ১৯৯২ ৰ চিডনী টেষ্টত শতক। অষ্ট্ৰেলিয়াত সেইটোৱেই আছিল বিদেশী দলৰ পক্ষত আটাইতকৈ কম বয়সীয়া টেষ্ট শতক।

শচীন কিছুমান গুণৰ বাবেই মহান ক্ৰিকেটাৰ হৈ উঠে। যেনে- শচীনে বেছি ৰাণ কৰিলে তিমান ৰােমাঞ্চিত নহয়। আকৌ ৰাণ নাপালে হতাশাত ভাঙিও নপৰে। তেওঁৰ দীৰ্ঘ চৌবিছ বছৰৰ টেষ্ট জীৱনত কাৰ্যতঃ কেতিয়াও পশ্চাদগামী নােহােৱাৰ এইটোৱেই অন্যতম কাৰণ। থােৰতে ক’ব পাৰি সাফল্যত মতলীয়া নােহােৱা আৰু ব্যৰ্থতাত ভাঙি নপৰাটোৱেই শচীনৰ গ্ৰেট ক্ৰিকেটাৰ হােৱাৰ আঁৰৰ আটাইতকৈ ডাঙৰ গুণ। ক্ৰিকেটাৰ মনিন্দৰ সিঙে শচীনৰ খেলত আপ্লুত হৈ কৈছিল— ‘পােন্ধৰ বছৰ বয়সতে ক্ৰিকেটত মােক চেৰ পেলােৱা দেখি তেওঁৰ জাত বুজি উঠিছিলোঁ’।

সামৰণিঃ

ভাৰতীয় কনিষ্ঠতম আৰু প্ৰথম খেলুৱৈ ভাৰতৰত্ন মাষ্টাৰ ব্লাষ্টাৰ শচীন ৰমেশ তেণ্ডুলকাৰৰ ‘ক্ৰিকেট বিদায়ী পৰ্ব’ ভাৰতবাসীৰ লগতে পৃথিৱীবাসীৰ বাবে এক মৰ্মান্তিক মুহূৰ্ত। এনে মুহূৰ্তৰ কথা কল্পনা কৰি হৰভজন সিঙে কৈছিল— নাজানাে, শচীনৰ ক্ৰিকেট বিদায়ৰ পাছত ক্ৰিকেট কেনে হ’ব! মােৰ মতে ক্ৰিকেট মানেই শচীন। যুৱৰাজ সিঙে কৈছিল— শচীনৰ এই বিশেষ সময়ত তেওঁৰ লগত ড্ৰেচিংৰূমত অংশ ল’বলৈ নােপােৱাটো এক নিৰাশাৰ কথা। তথাপি আশা কৰিছোঁ তেওঁক বিদায় জনাবলৈ খেলপথাৰত থাকিব পাৰিম।

এজন ক্ৰিকেটাৰৰ জীৱনত পঁচিছ বছৰ এটা অবিশ্বাস্য দীঘলীয়া সময়। শচীন তেণ্ডুলকাৰে কিন্তু চৌবিশটা বছৰ অনায়াসে অতিক্ৰম কৰিলে। তেওঁ প্ৰথম ৰঞ্জী খেলে ১৯৮৮ চনত। পাছৰ বছৰত টেষ্ট মেচ। ২০১২ চনত এদিনীয়া ক্ৰিকেটৰ পৰা আৰু ২০১৩ চনত টি-টুৱেণ্টিৰ পৰা তেওঁৰ অৱসৰৰ ঘােষণা। ওৱাংখেড়েত ভাৰত-ওৱেষ্টইণ্ডিজ টেষ্টৰ পাঁচদিন অতিক্ৰম কৰি ২০১৩ চনৰ ১৬ নৱেম্বৰত আন্তৰ্জাতিক ক্ৰিকেট তথা সমগ্ৰ ক্ৰিকেটজগতৰ চূড়ান্ত বিদায়ক্ষণটি আঁকোৱালি ল’লে ক্ৰিকেট ঈশ্বৰ শচীন ৰমেশ তেণ্ডুলকাৰে। তেওঁ ক্ৰিকেটৰ পৰা বিদায় ল’লেও তেওঁ ক্ৰিকেটখেলৰ প্ৰতিভাৰে গৌৰৱােজ্জ্বল হৈ ৰ’ব আজীৱন।

দেশে ‘শচীনক কিয় ভাল পায়? প্ৰথম কথা, শচীন মানেই এক নিষ্পাপ সৰু ল’ৰা, যাক অসুৰবােৰৰ বিৰুদ্ধে যুঁজিবলৈ ৰিঙৰ ভিতৰলৈ দলিয়াই দিয়া হৈছে। শচীন ভাৰতবাসীৰ বাবে ডেভিড বনাম গােলিয়াথৰ গল্প। দ্বিতীয়তে, শচীন হ’ল মহাশক্তিশালী প্ৰতিপক্ষক আঘাত হানিবলৈ নমা কাষৰ ঘৰৰ সেই প্ৰচণ্ড প্ৰতিভাৱান ল’ৰা; যাক সকলােৱে সন্মুখত ৰাখিব বিচাৰে। তৃতীয়তে, শচীন এতিয়াও অসাধাৰণ বিনয়ী। আজিকালিৰ বহু তৰুণ ক্ৰিকেটাৰৰ দৰে তেওঁ নিজক জাহিৰ নকৰে। চতুৰ্থত, শচীনেই দেশবাসীক শিকাইছে যে, নিজৰ কামত উৎকৃষ্ট হ’লে গােটেই বিশ্ব তােমাৰ ভৰিত লুটি খাই পৰিব। পঞ্চমতে, শচীন এনে এজন মানুহ, যাৰ মূল্যবোধ প্ৰখৰ।

তেওঁ সকলাে সময়তে নিজৰ বন্ধুসকলৰ কাষত থাকিব। ভাৰতবাসীৰ লগতে পৃথিৱীবাসীৰ চকুৰ আগত ভাহি থাকিব ক্ৰিকেট খেলৰ কৃতিত্ব। সমূহ ক্ৰিকেটপ্ৰেমীৰ বাবে হৈ ৰ’ব অনুপ্ৰেৰণাৰ উৎস আৰু উদীয়মান ক্ৰিকেটপ্ৰেমী আৰু ক্ৰিকেট খেলুৱৈৰ বাবে হৈ ৰ’ব পৰােক্ষ চিৰগুৰু।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top