শিক্ষক দিৱস-Teachers Day

শিক্ষক দিৱস-Teachers Day

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “শিক্ষক দিৱস” ৰচনা খনৰ জৰিয়তে শিক্ষক দিৱসৰ আৰম্ভণি তথা ইয়াৰ মহত্ত্বৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, শিক্ষক দিৱসৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা:

শিক্ষা মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ। শিক্ষা অবিহনে মানৱ জীৱনৰ বিকাশৰ কথা এবাৰলৈ কল্পনা কৰিব নোৱাৰি। সৃষ্টিৰে পৰা মানৱ জীৱনৰ যি অভূতপূর্ব উত্তৰণ হৈ আছে তাৰ মূলতে আছে শিক্ষা। এই শিক্ষাৰ যিসকল গুৰিধৰোতা তেওঁলোকেই হ’ল শিক্ষক।

ইতিহাসৰ পাতত শিক্ষক দিৱস (Teachers Day):

ভাৰতত ৫ ছেপ্টেম্বৰৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে আজিৰ পৰা ১২৫ বছৰ পূৰ্বে ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। যিজনৰ শিক্ষাৰ প্ৰতি আছিল অপৰিসীম আগ্রহ আৰু শিক্ষকৰ প্রতি আছিল অতুলনীয় সন্মান। এইজনা ব্যক্তিয়েই নিজৰ জন্মদিনটো, অর্থাৎ, ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষকসকলৰ নামত উচৰ্গা কৰিছিল।

প্ৰতি বছৰৰ ৫ ছেপ্টেম্বৰৰ দিনটো ভাৰতত শিক্ষক দিৱসৰূপে পালন কৰা হয়। এই দিনটো ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। পাণ্ডিত্য আৰু বাগ্মিতাৰ বাবে ৰাধাকৃষ্ণনে আদর্শ শিক্ষক হিচাপে খ্যাতি অৰ্জন কৰিছিল। শিক্ষক হিচাপে ৰাধাকৃষ্ণনৰ কৃতিত্বৰ প্ৰতি সন্মান জনাই ১৯৬২ চনৰ পৰা তেওঁৰ জন্মদিন ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱসৰূপে পালন কৰি অহা হৈছে। ১৯৬২ চনত তেওঁ ভাৰতৰ ৰাষ্ট্রপতি হৈ থাকোতেই কিছু ছাত্ৰ আৰু বন্ধুৱে ৰাধাকৃষ্ণনৰ জন্মদিনটো পালন কৰিবৰ বাবে তেওঁৰ অনুমতি বিচাৰিলে। তেতিয়া ৰাধাকৃষ্ণনে ক’লে যে তেওঁৰ জন্মদিনটো বেলেগ হিচাপে পতাতকৈ সেই দিনটো শিক্ষক_দিৱস হিচাপে পালন কৰিলে তেওঁ নিজে গৌবৱান্বিত অনুভৱ কৰিব। তেতিয়াৰ পৰা ভাৰতত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ ছেপ্টেম্বৰক শিক্ষক_দিৱস হিচাপেই পালন কৰা হৈ আহিছে।

বিশ্বৰ বিভিন্ন দেশত বিভিন্ন তাৰিখত শিক্ষক_দিৱস উদযাপন কৰা হয়। বিশ্ব শিক্ষক_দিৱস উদ্যাপন কৰা হয় ৫ অক্টোবৰত। ইউনেস্কোৱে সমাজত শিক্ষকৰ স্থান সম্পৰ্কত এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত ১৯৯৪ চনৰ পৰা বিশ্বৰ শতাধিক দেশত বিশ্ব শিক্ষক_দিৱস উলহ-মালহেৰে আৰু উৎসাহেৰে পালন কৰা হৈ আহিছে। এই দিনটোত শিক্ষকসকলক বিভিন্ন সন্মান প্ৰদান কৰাৰ উপৰি তেওঁলোকৰ বাবে বিভিন্ন উন্নয়নমূলক কর্মসূচীও গ্রহণ কৰা হয়। তেতিয়াৰে পৰা ভাৰতত শিক্ষক_দিৱস ৫ ছেপ্টেম্বৰত পালন কৰি অহা হৈছে।

বিশ্বৰ বিভিন্ন দিনৰ শিক্ষক দিৱস:

বিশ্বৰ বিভিন্ন প্ৰান্তত শিক্ষক_দিৱস উদ্যাপনৰ দিন বেলেগে বেলেগ। ইয়াৰ ভিতৰত ৫ অক্টোবৰৰ দিনটোকে বিশ্ব শিক্ষক দিৱস হিচাপে ধৰা হয়। কিয়নো এই দিনটোতে বিশ্বৰ গৰিষ্ঠসংখ্যক দেশে শিক্ষক দিৱস পালন কৰে। কানাডা, জার্মান, নেডাৰলেণ্ডছ, পাকিস্তান, ৰাছিয়াকে ধৰি উনৈশখন দেশে ৫ অক্টোবৰত শিক্ষক_দিৱস পালন কৰে। আনহাতে মৰক্কো, আলজেৰিয়া, লিবিয়া, ইজিপ্ট, জর্ডান, ছৌডি আৰব, ওমানকে ধৰি প্ৰায় এঘাৰখন দেশে ২৮ ফেব্ৰুৱাৰীত শিক্ষক_দিৱস উদ্যাপন কৰে। ইয়াৰ উপৰি আফগানিস্তানে ১৫ অক্টোবৰত, আর্জেন্টিনাই ১১ ছেপ্টেম্বৰত, আর্মেনিয়াই অক্টোবৰৰ প্রথমটো দেওবাৰত, অষ্ট্ৰেলিয়াই অক্টোবৰৰ প্রথমটো শুকুৰবাৰত, বাংলাদেশে ৪ অক্টোবৰত, ভূটানে ৪ মে’ত, চীনে ১০ ছেপ্টেম্বৰত শিক্ষক_দিৱস উদ্যাপন কৰে।

শিক্ষক দিৱসৰ তাৎপর্য:

মনিষীসকলে কৈ গৈছে- শিক্ষকসকল একোজন মমবাতিৰ দৰে যিয়ে নিজে জ্বলি সমাজক পোহৰাই তোলে। শিক্ষকসকলৰ ওপৰতে সমাজৰ দিশ নিৰ্ধাৰণ কৰে। আমাৰ দেশৰ ভৱিষ্যৎ নাগৰিকসকলক গঢ় দিয়াৰ গধুৰ দায়িত্বও শিক্ষকসকলৰেই। সেয়েহে শিক্ষকসকলৰ পবিত্ৰ কৰ্তব্যৰ মাজতে আছে গধুৰ সামাজিক দায়িত্ব। শিক্ষক_দিৱসৰ এই দিনটোতে শিক্ষকসকলক আকৌ এবাৰ সমাজে শ্ৰদ্ধা জনাই, মনত পেলাই দিয়ে তেওঁলোকৰ সমাজ গঢ়াৰ গধুৰ দায়িত্বৰ কথা। সেয়েহে প্ৰতিগৰাকী শিক্ষক, শিক্ষার্থী আৰু সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে এই দিনটোৱে বিশেষ তাৎপর্য বহন কৰি আছে।

সামৰণি:

শিক্ষকসকলে দিয়া প্রকৃত শিক্ষাৰে আজিৰ সমাজখন এক সুস্থ ৰূপত বৰ্তি আছে। এওঁলোকৰ ত্যাগ স্বীকাৰ আৰু সন্মান প্ৰদৰ্শনৰ বাবে আমি সকলেৱে এই দিৱসটো পালন কৰা উচিত।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top