শিশু শ্রমিকঃ এটা জ্বলন্ত সামাজিক সমস্যা

শিশু শ্রমিক

ফুল কুমলীয়া শিশুসকলে যিটো সময়ত হাঁহি-মাতি, ৰং-ধেমালিৰ মাজেদি মাটিৰ পৃথিৱীক স্বৰ্গৰ নন্দন-কানন সদৃশ আনন্দময় কৰি তােলাটো হ’ব লাগিছিল অনিবার্য, সেই সময়ছােৱাতে একাংশ শিশুৱে জীৱনৰ সােণাময় অমূল্য শিশুকালছােৱা নিজৰ জীৱন ধাৰণৰ ভূমিকাত অৱতীৰ্ণ হৈ ব্যক্তি জীৱনলৈ যি দৰে অন্ধকাৰ নমাই আনিবলগা হৈছে সেইদৰে দেশ বা জাতিৰ জীৱনলৈও অন্ধকাৰ নমাই আনিবলগা হৈছে।

এই ঘটনা যি দৰে অত্যন্ত হৃদয় বিদাৰক, সেইদৰে লজ্জাজনকো, হ’লেও এয়াই বাস্তৱ, এয়াই সত্য। অথচ এই কথা সকলােৰে জ্ঞাত, অৱনতি সম্পূর্ণ শিশুসকলৰ ওপৰতে নিৰ্ভৰশীল। সেয়ে কোনাে দেশ বা জাতিৰ শিশুসকলৰ জীৱন-ধাৰণৰ মানদণ্ডলৈ লক্ষ্য কৰি সেই দেশ বা জাতিৰ ভৱিষ্যৎ উন্নতি, অৱনতি সম্পর্কে সমাজ-বিজ্ঞানীসকলে এটি সম্যক ধাৰণা কৰিব পাৰে। এই সময়ছােৱাতে শিশুসকলৰ বাবে আৱশ্যকীয় সেৱাসমূহ যেনে–সুস্থ পৰিৱেশযুক্ত বাসস্থান, উপযুক্ত খাদ্য, চিকিৎসা, শাৰীৰিক আৰু মানসিক শিক্ষা, যথােচিত আদৰ-যত্ন আদিৰ ব্যৱস্থা কৰিব লাগে। এনে ব্যৱস্থাৰ জৰিয়তেহে শিশুসকলৰ শাৰীৰিক আৰু মানসিকভাৱে উন্নত মানদণ্ডৰ অধিকাৰী হৈ দেশ বা জাতিৰ উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ দেশ বা জাতিৰ উন্নয়নত অংশ গ্রহণ কৰিব পৰা উপযুক্ততা অর্জন কৰিবলৈ সক্ষম হৈ উঠে।

শিশু শ্রমিক

যি দেশ বা জাতিয়ে শিশুসকলৰ বাবে আৱশ্যকীয় সেৱাসমূহৰ কাৰ্য্যসূচী সঠিকভাৱে ৰূপায়ণ কৰিব পাৰে সেই দেশ বা জাতিৰ শিশুসকলাে ভৱিষ্যতে সেই দেশ বা জাতিৰ উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ উঠিব পাৰে আৰু যি দেশ বা জাতিৰ শিশুসকল উল্লেখিত সেৱাসমূহৰপৰা বঞ্চিত হ’ব লগাত পৰে সেই দেশ জাতিৰ ভৱিষ্যৎ নাগৰিক সকলাে উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ উঠিব পৰা গুণৰ অধিকাৰী হােৱাটো আশা কৰিব নােৱাৰি। মানৱ জীৱনৰ বাবে অত্যাধিক গুৰুত্বপূর্ণ এই শিশু কালছােৱাৰ সৎব্যৱহাৰৰ ওপৰতে মানৱ জীৱনৰ পৰৱৰ্তী কালছােৱাই জীৱনক সার্থক বা অসার্থক ৰূপত গঢ় দিয়ে।

শিশু শ্রমিক উদ্ভৱৰ কাৰণ:

বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ন-ন আৱিষ্কাৰ আৰু প্ৰয়ােগেৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বিভিন্ন দিশত বিশ্ববাসীক চমকৃত কৰি তুলিছে যদিও বিশ্ববাসীৰ মৌলিক প্রয়ােজনসমূহ, যেনে—সুস্থ পৰিৱেশযুক্ত বাসস্থান, শিক্ষা, চিকিৎসা আৰু ভাত কাপােৰৰ সমস্যাটো বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই আজিও সমাধান কৰিব পৰা নাই। ইয়াৰ ফলত বিশ্বৰ উন্নত দেশকেইখন বাদ দি বিশেষকৈ তৃতীয় বিশ্বৰ গৰীব দেশসমূহত চৰম দৰিদ্ৰ অৱস্থা বিৰাজমান। খাবলৈ এমুঠি ভাত আৰু পিন্ধিবলৈ এডোখৰ সাধাৰণ বস্ত্র এইটোৱে এইবােৰ দেশৰ ঘাই সমস্যা। এইবােৰ দেশ দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা লােকৰ সংখ্যাই সৰহ। এইসকল লােকৰ গৰীব অৱস্থাৰ সুযােগ লৈয়ে সামান্যতম পাৰিশ্ৰমিকৰ বিনিময়ত লাভখােৰ ব্যৱসায়ী, সুযােগ-সন্ধানী মধ্যবিত্ত শ্ৰেণীৰ তথাকথিত ভদ্রলােকসকলে নিজ স্বার্থ পূৰণ কৰিবলৈ গৈ শিশু শ্ৰমিকৰ সৃষ্টি কৰে। গতিকে দৰিদ্ৰতাই হ’ল শিশু শ্ৰমিকৰ উৎপত্তি স্থল।

যি দেশত দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা লােকৰ সংখ্যা সৰহ সেই দেশত শিশু শ্ৰমিকৰ সংখ্যাও নিম্নগামী হ’বলৈ বাধ্য। ফলত অজ্ঞতা হেতু, পৰিয়াল পৰিকল্পনা আঁচনিও এইবােৰ দেশত ব্যর্থ হৈ পৰে বাবে জনসংখ্যাৰ বিস্ফোৰণ ঘটে আৰু জনসংখ্যা বিস্ফোৰণ ঘটাৰ সৈতে সংগতি ৰক্ষা কৰি দৰিদ্ৰ অৱস্থাও অধিক শােচনীয় হৈ পৰে আৰু শিশু শ্ৰমিকৰ সংখ্যাও দিনে দিনে বৃদ্ধি পাবলৈ ধৰে। গতিকে শিশু-শ্রমিক এই জ্বলন্ত সমস্যাটো এই হঠাৎ উদ্ভৱ হােৱা বিচ্ছিন্ন ঘটনা নহয়। দেশ বা সমাজৰ আৰ্থ সামাজিক দুর্বলতাৰ সুৰুঙাৰে প্ৰৱেশ কৰা এই শিশু-শ্রমিকৰ সমস্যাটোৱে জনসংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাই গৈ আছে আৰু দিনে দিনে এই সমস্যাটো জটিলৰপৰা জটিলতৰ অৱস্থালৈ গতি কৰি এই সমস্যাটো বিশ্ববাসীৰ বাবে এক অভিশাপত পৰিণত হৈছে।

কর্মক্ষেত্র

শিশু-শ্রমিকৰ কর্মস্থল থাউকতে নির্ণয় কৰা টান। থােৰতে ক’বলৈ হ’লে সেয়ে এনেদৰে হে কোৱা সুসংগত যে শিশুৱে কৰিব পৰা এনে কোনাে কর্মস্থল নাই, যত শিশু-শ্রমিক জড়িত নহয়। তথাপি কেইটামান নির্দিষ্ট স্থলত শিশু-শ্রমিক সততে জড়িত হৈ থকা দেখা যায়। এই স্থলসমূহ হ’ল ৰেল-বাছ সেৱাৰ যাত্ৰীৰ মাল পৰিবহণ, কয়লা বােটলা, খাদ পৰিষ্কাৰ কৰা, চিমেন্ট-শিল্প, ঘৰ নির্মাণ, বস্ত্র-শিল্প, কার্পেট তৈয়াৰী শিল্প, কাপােৰত ছাপ মৰা, ৰং কৰা, বিড়ি বন্ধা, অভ্রশিল্প, হােটেল আৰু ৰেষ্টোৰেণ্ট, মুদ্রণ-শিল্প, ইলেকট্রনিক-উদ্যোগ, দিয়াশলাই আৰু আতচবাজী তৈয়াৰী কাৰখানা, গ্রন্থ-বন্ধা কাৰখানা, খাদ্য-সম্ভাৰ পেকেটত ভৰােৱা কাৰখানা আদি। এইবােৰত হাজাৰ হাজাৰ শিশু-শ্রমিকে শ্ৰমিকৰূপে কাম কৰে।

শিশু শ্রমিক

ইয়াৰ বাহিৰেও উচ্চ আৰু মধ্যবিত্ত পৰিয়ালৰ গৃহসহায়কাৰী হিচাপেও অসংখ্য শিশুৱে শ্ৰমদান কৰে। প্রত্যেক দেশতে শিশুসকলৰ ৰক্ষণাবেক্ষণৰ বাবে আইন আছে যদিও আইনী ব্যৱস্থাই শিশু-শ্রমিক নিয়ােগকৰাটো বন্ধ কৰিব পৰা নাই। বৰ হৃদয়বিদাৰক ঘটনা যে এইশিশু শ্ৰমিকসকলে সামান্য বেতনতে কাম কৰিব লগা হয়। তাতে আকৌ কর্মস্থানসমূহত সামান্য কথাতে শিশুসকলৰ ওপৰত শাৰীৰিক নির্যাতনাে কৰা হয়। তেওঁলােকক অস্বাস্থ্যকৰ অৱস্থাত ৰখা হয়। তেওঁলােকৰ মানসিক বা শাৰীৰিক উন্নতিৰ প্রতি কোনাে ধৰণৰ লক্ষ্য ৰখা নহয়। থােৰতে ক’বলৈ হ’লে অত্যন্ত বেয়া পৰিৱেশৰ মাজত এই শিশু শ্ৰমিকসকলে জীৱন-যাপন কৰিব লগা হয়। দেশীয় চৰকাৰ, পুলিচ বা প্রশাসনেও এই ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰা দেখা নাযায়। এই বিষয়ে যেন সকলাে উদাসীন।

ভাৰতত শিশু শ্ৰমিকৰ সমস্যা

ভাৰতবৰ্ষ এখনি দুখীয়া দেশ। দুখীয়া দেশ হিচাপে এই দেশতাে শিশু-শ্ৰমিকৰ সমস্যাটো এটা ঘাই সমস্যা হৈ উঠিছে। শিশু-শ্রমিক আইন ১৯৮৬ৰ আধাৰত শিশু-শ্রমিক সম্পর্কে এটা সমীক্ষা যুগুতাই এই সমস্যাটোৰ ওপৰত আলােকপাত কৰিছিল। এই সমীক্ষাৰ মূল লক্ষ্য আছিল শিশু-শ্ৰমিকৰ কার্যস্থলসমূহৰ চিনাক্তকৰণ। দেশীয় আইনী ব্যৱস্থাত শিশু-শ্রমিক নিয়ােগ সম্পর্কে নিষেধাজ্ঞাও নথকা নহয়। তথাপিও আইনক ফাঁকি দি নিয়ােগকর্তাসকলে শিশু-শ্রমিক নিয়ােগ কৰি পূর্বৎ নিজ খুচিমতে নিজ স্বার্থ সিদ্ধি কৰি থকা অৱস্থাই এতিয়াও বিৰাজমান।

শিশু শ্রমিক

শিশু-শ্ৰমিকৰ বিলােপ সাধন কৰাৰ উদ্দেশ্যে চৰকাৰে প্রকল্প হাতত লৈছে যদিও এইপ্রকল্পই যথার্থ কার্যকৰী ভূমিকা পালনত ব্যর্থ হােৱা হেতু এই দেশত শিশু শ্ৰমিকৰ সমস্যাটো আজিও এটা জটিল সমস্যা হৈয়ে আছে। এই দেশত স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ জন্মদিন ১৪নৱেম্বৰ তাৰিখটো “শিশু দিৱস” হিচাপে পালন কৰি দেশবাসীক শিশু সম্পর্কে সচেতন হ’বলৈ সকীয়াই দিয়া হয় যদিও ভাৰতৰ দৰে গৰীব আৰু অশিক্ষিত জনসংখ্যাৰে ভৰপূৰ দেশ এখনত এনে ব্যৱস্থাই বৃহৎ জনগণৰ কিমান সংখ্যকক শিশু সম্পর্কে সচেতন কৰে সেয়া সন্দেহজনক। সেয়েহে এই দেশত এতিয়াও ল’ৰা-ছােৱালীক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱর্তে ল’ৰা-ছােৱালীয়ে কাম বনত লাগি দুপইচা উপার্জন কৰাটোহে একাংশ অভিভাৱকে অধিক মনােযােগ দিয়ে। এনে পটভূমিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে শিশু-শ্রমিক নিয়ােগ সম্পর্কে কঠোৰ আইনীব্যৱস্থা কার্যকৰী কৰি তােলাৰ লগতে দেশৰ আর্থ-সামাজিক অৱস্থাৰাে যথােচিত উন্নয়ন ঘটাব লাগিব।

আর্থ-সামাজিক উন্নয়ন অবিহনে শিশু শ্ৰমিকৰ সমস্যাৰ ওৰ পৰা কোনােপধ্যে সম্ভৱপৰ নহয়। তৃতীয় বিশ্বৰ গৰীব দেশসমূহতে শিশু-শ্ৰমিকৰ সমস্যাটো অধিক ব্যাপক। গতিকে তৃতীয় বিশ্বৰ সমগ্ৰ দেশসমূহৰ উন্নতি-অৱনতিৰ সৈতে শিশু শ্ৰমিকৰ সমস্যটোও ওতপ্রােতভাৱে জড়িত। সেয়ে এই দেশসমূহৰ আর্থ-সামাজিক অৱস্থাৰ উন্নতি নঘটিলে এইবােৰ দেশৰপৰা শিশু শ্ৰমিকৰ জটিল সমস্যাটো কিছু পৰিমাণে হ’লেও লাঘৱ কৰাত সহায় কৰিব পাৰে। সমাজকর্মী, সমাজ সেৱা-প্রতিষ্ঠান, সংগঠন, ৰাজনৈতিক নেতা, শিল্পী-সাহিত্যিক, সমাজবিজ্ঞানী আৰু প্ৰধানকৈ চৰকাৰেও সেই সমস্যাটোৰ ওপৰত গুৰুত্ব প্রদান কৰি ইয়াৰ নিৰাময়ৰ বাবে যথােচিত প্রচেষ্টা অব্যাহত ৰাখিলে সমস্যাটো একেবাৰে নিৰ্মুল কৰা কঠিন হলেও অন্ততঃ সমস্যাটো কিছু লাঘৱ কৰিব পৰা যাব।

গতিকে এই সমস্যা ওৰ পেলাবলৈ অধিক চিন্তা-চৰ্চা কৰা বাঞ্ছনীয়। এই ক্ষেত্ৰত সকলােৱে এনে লক্ষ্য লােৱা উচিত যাতে ফুল কুমলীয় শিশুসকলক আমি ফুলৰ দৰে ফুটি উঠা বা বিকশিত হােৱাৰ সুযােগ-সুবিধা প্রদান কৰিব পাৰো। আজিৰ শিশু-কাইলৈ দেশৰ নাগৰিক। আমাৰ কাইলৈৰ নাগৰিকসকলেই হ’ল আমাৰ দেশৰ ধৰণী।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top