এসময়ত হৰিশ্চন্দ্ৰ নামৰ এজন বৰ ধার্মিক আৰু সত্যবাদী ৰজা আছিল। এদিনাখনৰ কথা, ৰজা হৰিশ্চন্দ্রই ঋষি বিশ্বামিত্ৰৰ আশ্ৰমৰ দিশে মৃগয়া কৰিবলৈ গৈছিল। সেইসময়তে ঋষিয়ে তেওঁৰ উদ্যানত ফুল আনিবলৈ গৈছিল। কিন্তু তেওঁ গৈ দেখে যে উদ্যানত এটাও ফুল নাই। তেতিয়া বিশ্বামিত্ৰৰ বৰ খং উঠিল আৰু শাপ দিলে যে যিজনে ইয়াত ফুল ছিঙিবলৈ আহিব তেৱেঁই ইয়াত ফুলৰ সৈতে বান্ধ খাই থাকিব। এইবুলি কৈ তেওঁ তাৰ পৰা গুচি গ’ল। এই ঘটনাৰ কিছু সময়ৰ পাছত উর্বশী, তিলােত্তমা, মেনকা আদি অপেশ্বৰীগণে তাত ফুল ছিঙিব আহি ফুল গছৰ লগত বান্ধ খাই যায়। তেতিয়া সিহঁতে ভয়ত চিঞৰিবলৈ ধৰে। ৰজা হৰিশ্চন্দ্র সেইসময়ত তাৰ ওচৰে-পাঁজৰে আছিল। তেওঁ সকলাে দৃশ্য দেখি আছিল। তেওঁ নাৰীগণক উদ্ধাৰৰ কাৰণে দৌৰি আহে আৰু নির্ভয় প্রদান কৰি ক’লে– “মােৰ ৰাজ্যত নাৰীক অত্যাচাৰ কৰাজন অপৰাধী। তেওঁক মই নিশ্চয় শাস্তি দিম।” ইয়াকে কৈ তেওঁ অপেশ্বৰীগণক মুক্ত কৰি দিলে। মুক্ত হৈ তেওঁলােক স্বৰ্গলৈ গুচি গ’ল। ইফালে উদ্যানত চিঞৰ বাখৰ শুনি বিশ্বামিত্র উদ্যানৰ দিশে ধাৱমান হয়। তেওঁ আহি তাত দেখে যে তাত কেৱল ৰজা হৰিশ্চন্দ্রহে আছে। ঋষিয়ে সুধিলে –“মই ইয়াত কোনােবা নাৰীৰ চিঞৰ শুনিছিলোঁ। সিহঁত ক’লৈ গ’ল?” ৰজাই ক’লে– “ইয়াত কেইজনমান স্বৰ্গৰ অপেশ্বৰী বান্ধ খাই আছিল। মই তেওঁলােকক মুক্ত কৰি দিছো। তেওঁলােক স্বৰ্গলৈ গুচি গ’ল।” এই কথা শুনি বিশ্বামিত্র অতি ক্রোধান্বিত হ’ল আৰু ৰজাক অভিশাপ দিবলৈ উদ্যত হ’ল। তেতিয়া ৰজা হৰিশ্চন্দ্ৰই ক’লে– “ঋষিৰাজ আপুনি মােক শাপ নিদিব। তাৰ বিনিময়ত আপােনাক যি লাগে মই তাকে দিম।” তেতিয়া ঋষিয়ে ক’লে– “মােক তােমাৰ ৰাজ্য আৰু দক্ষিণা হিচাপে এশ এটা সােণৰ মুদ্ৰা দি এইমাত্র ইয়াৰ পৰা গুচি যােৱা।” ৰজা হৰিশ্চন্দ্ৰই তেওঁৰ ৰাজ্য ঋষিৰাজক অর্পণ কৰি তেওঁৰ পুত্র আৰু ৰাণী সব্যা সতীৰ সৈতে ঘৰৰ পৰা গুচি যায়। বহুদিন . ঋষিক দিব লগা দক্ষিণা নিদিয়াত ঋষিয়ে তেওঁক ক’লে –“ৰজা হৰিশ্চন্দ্ৰ তুমি নাজানানে দান দিলে যে দক্ষিণা দিব লাগে? তুমি মােৰ প্ৰাপ্য দক্ষিণা এইমাত্র পৰিশােধ কৰা।” হৰিশ্চন্দ্ৰ ৰজাই এই কথা শুনি সেই দক্ষিণা তেওঁ ৰাজ ভাণ্ডাৰৰ পৰা দিয়া হ’ব বুলি ক’লে। তেতিয়া ঋষিয়ে ক’লে– “এতিয়া আৰু তুমি এইখন ৰাজ্যৰ ৰজা হৈ থকা নাই। গতিকে ৰাজ্যৰ ৰাজ ভাণ্ডাৰ মােৰ হৈ গৈছে। ইয়াক তুমি মােক দান কৰিছা। তুমি যেনেকৈয়ে নহওঁক মােক মােৰ দক্ষিণা অতি শীঘ্ৰে দিয়া।” ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্র ঋষিক এমাহৰ ভিতৰত সেই দক্ষিণা পৰিশােধ কৰা হ’ব বুলি কৈ ৰাণীৰ হাতত ধৰি কান্দি কান্দি সেই ৰাজ্য ত্যাগ কৰিলে। তেওঁলােক গৈ গৈ আন এখন ৰাজ্য পালে আৰু সেই ৰাজ্যত ধনী মানুহৰ সন্ধান কৰিলে। তেওঁৰ আশা – কোনােবাই ৰাণীক দাসী ৰূপত নিব আৰু নিজেও ক’ৰবাত দাসৰূপে থাকিব। এজন ধনী বামুণৰ সন্ধান ওলাল। বামুণে ৰজাক ক’লে– “মােক এজনী দাসীৰ আৱশ্যক আছে।” তেতিয়া ৰজাই সুধিলে, “কি কাম কৰিব লাগিব?” তেতিয়া বামুণে ক’লে– “মােৰ গােসাঁই ঘৰ মচিব লাগিব আৰু তাৰ বিনিময়ত দুকুৰি এটা সােণৰ মুদ্রা দিম।” তেতিয়া ৰজা হৰিশ্চন্দ্ৰই তেওঁৰ ৰাণীক পুত্ৰ ৰােহিত দাসৰ সৈতে থ’ব বিচৰাত বামুণে ক’লে– “সব্যা, তােমালােকৰ পুত্ৰ ৰােহিতক মােৰ আৱশ্যক নাই। তাক মই ভৰণ-পােষণ দিব নােৱাৰিম।” তেতিয়া ৰাণীয়ে কান্দি কান্দি ক’লে– “মােৰ অবিহনে পুত্ৰৰ অৱস্থা কি হ’ব? আপুনি মােৰ সন্তানক লৈ ভাবিব নালাগে। সি আপােনাৰ একো ক্ষতি নকৰে! মােৰ ভাগৰ আধাখিনি দি হলেও তাক মই ৰাখিম।” এনেকৈয়ে তেওঁ পত্নী-পুত্রক বামুণৰ ওচৰত গতাই মুদ্রাখিনি লৈ গুচি আহিল। আহি-আহি তেওঁ গােহক ছান্দা নামে এটুকুৰা ঠাই পালে। তাত এজন চণ্ডাল আছিল। উক্ত চণ্ডালৰ লগত ৰজা হৰিশ্চন্দ্ৰয়ো চণ্ডাল ৰূপত থাকিল। তাৰ বিনিময়ত তেওঁ লাভ কৰিলে। ষাঠিটা সােণৰ মুদ্রা। এইসকলােখিনি ঋষি বিশ্বামিত্ৰক দি তেওঁ ঋণমুক্ত হ’ল। সময় দ্রুতগতিত গৈ থাকিল। এনেতে এদিন বামুনে সব্যাক ক’লে- “তােমৰ পুত্ৰ ৰােহিতক গােসাঁই পূজাৰ বাবে ফুল আনিবলৈ কোৱা; আজিৰ পৰা মই তাক ভাত দিম। তােমাৰ ভাগৰ পৰা দিব নালাগে।” তেতিয়া ৰােহিত দাসে আনন্দমনে ফুল ছিঙিব গ’ল। কিন্তু হায়! সেই ফুলৰ মাজতে আছিল বিষাক্ত সাপ, সেই সৰ্পই দংশন কৰাত ৰােহিত দাসৰ মৃত্যু হ’ল। বহুত সময় ঘূৰি নহাত মাক সব্যাই পুত্রক বিচাৰি গ’ল। ফুলনিৰ মাজত পুত্ৰক মৃত অৱস্থাত পাই মাতৃ শােকত ভাঙি পৰিল। কিন্তু কি কৰিব? দুৰ্ভগীয়া মাতৃয়ে মৃত পুত্রক কান্ধত লৈ গােহক ছান্দাৰ শ্মশন পালেগৈ। তাত গৈ জানিলে যে তাত শৱ দাহন কৰিলে দহটা সােণৰ মুদ্রা আদায় দিব লাগে। তেতিয়া সব্যা মহা বিপদত পৰে আৰু কান্দিবলৈ ধৰিলে। তেওঁ কান্দি কান্দি স্বামীক স্মৰণ কৰি ক’বলৈ ধৰিলে –“স্বামী হৰিশ্চন্দ্ৰ আজি তুমি ক’ত আছা? তােমাৰ দুৰ্ভগীয়া পত্নীয়ে আপােন পুত্ৰক নিজ হাতেৰে দাহন কৰিবলৈ শ্মশানলৈ আনিছে। এবাৰ পিতৃ হিচাপে তুমি পুত্ৰৰ মুখখন চোৱা।” এই কথা শুনি চণ্ডালৰূপী ৰজা হৰিশ্চন্দ্র দৌৰি ওলাই আহিল। তেওঁ পত্নী আৰু পুত্ৰক চিনি পালে আৰু শােকত ভাঙি পৰিল। তেওঁলােকে পুত্ৰৰ বিয়ােগ সহ্য কৰিব নােৱাৰিলে আৰু জীয়াই থকাৰ অর্থ বিচাৰি নাপালে। সেইকাৰণে ডাঙৰকৈ এখন চিতা সাজি তাত একেলগে পুৰি মৰিবলৈ সিদ্ধান্ত ল’লে। যথা সময়ত ঋষি বিশ্বামিত্ৰই তাত উপস্থিত হৈ ৰজা ৰাণীক তেনে ভুল সিদ্ধান্ত ল’ব নিদিলে। ঋষিয়ে ৰজাক ক’লে–“ৰজা হৰিশ্চন্দ্র মই তােমাৰ পৰীক্ষা লৈছিলোঁ। তুমি মােৰ এই পৰীক্ষাত কৃতকার্য
তমি সঁচাই মহান।” ইয়াকে কৈ তেওঁ সকলােকে নিজৰ ৰাজ্যলৈ উভতাই পঠিয়ালে। পুত্ৰ ৰােহিত দাসক পুনৰ জীৱিত অৱস্থাত দেখি ৰজা ৰাণীৰ প্রাণ ঘূৰি আহিল। ইয়াৰ পিছত ৰজা নিজ ৰাজ্যলৈ আনন্দমনে উভতি গ’ল।