পঞ্চাং অনুসৰি, প্ৰতিবছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ধনন্তৰী ত্ৰয়োদশী উদযাপন কৰা হয়। প্ৰবাদ অনুসৰি, সেই দিনটোত ভগৱান ধনন্তৰী সমুদ্ৰ মন্থনৰ ফলত ওলাই আহিছিল। সেয়েহে, এই দিনটোত ভগৱান ধনন্তৰীৰ বিশেষ উপাসনা কৰা হয়। সমুদ্ৰ মন্থনৰ সময়ত ধনন্তৰিৰ সৈতে অন্যান্য ৰত্নৰো আৱিৰ্ভাৱ হৈছিল। ইয়াত সমুদ্ৰ মন্থনৰ কাহিনী আৰু ইয়াৰ পিছত লুকাই থকা জীৱন সম্পৰ্কীয় উৎসবোৰৰ বিষয়ে ক’বলৈ বিচৰা হৈছে-
ধৰ্ম শাস্ত্ৰ অনুসৰি, এবাৰ মহৰ্ষি দুৰ্বাসাৰ অভিশাপৰ বাবে স্বৰ্গ শ্ৰীহীন অৰ্থ্যাৎ মহিমা, সম্পদ, বৈভৱ ইত্যাদি নোহোৱা হৈ পৰিছিল। তেতিয়া সকলো দেৱতা লগ হৈ ভগৱান বিষ্ণুৰ ওচৰলৈ গ’ল। ভগৱান বিষ্ণুৱে তেওঁলোকক অসুৰ সকলৰ সৈতে একেলগে সাগৰ মন্থন কৰাৰ উপায়ৰ বিষয়ে ক’লে আৰু লগতে তেওঁলোকক ক’লে যে সাগৰ মন্থনত অমৃত ওলাব, যাক গ্ৰহণ কৰি দেৱতাসকল অমৰ হৈ পৰিব। যেতিয়া দেৱতাসকলে অসুৰৰ ৰজা বালিক এই কথা ক’লে, তেওঁলোকেও সাগৰ মন্থন কৰিবলৈ সন্মত হ’ল। বাসুকী নাগক ৰছী হিচাপে ব্যৱহাৰ কৰি মান্দ্ৰাচল পৰ্বতৰ সহায়ত সমুদ্ৰ মন্থন কাৰ্য আৰম্ভ হ’ল। সমুদ্ৰ মন্থনৰ পৰা অশ্বশ্ৰৱা ঘোঁৰা, ঐৰাবত হাতী, দেৱী লক্ষ্মী, ভগৱান ধনন্তৰীকে ধৰি ১৪ বিধ অমূল্য ৰত্ন ওলাই আহিছিল।
যদি সমুদ্ৰ মন্থনক জীৱন সম্পৰ্কীয় দৃষ্টিকোণৰ পৰা চোৱা হয় তেন্তে বুজিব পাৰি যে কোনেও অতি সহজতে অমৃত বা ইশ্বৰক লাভ কৰিব নোৱাৰে। ইয়াৰ বাবে প্ৰথমে মনৰ বিকাৰবোৰ দূৰ কৰিব লাগিব আৰু ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰিব শিকিব লাগিব। সমুদ্ৰ মন্থনত ১৪ নম্বৰত হে অমৃত ওলাইছিল। এই ১৪ সংখ্যাৰ অৰ্থ হৈছে- পঞ্চইন্দ্ৰিয়, ৫ প্ৰকাৰৰ জনেন্দ্ৰিয় আৰু আন ৪ টা হৈছে মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। এই সকলোবোৰ নিয়ন্ত্ৰণ কৰাৰ পিছতহে ঈশ্বৰপ্ৰাপ্ত হয় বা অমৃত লাভ কৰিব পাৰি।
১. কালকুট বিষঃ-
সমুদ্ৰ মন্থনত প্ৰথমে কালকুট বিষ ওলাইছিল, যাক ভগৱান শিৱই গ্ৰহণ কৰিলে। ইয়াৰ অৰ্থ হৈছে এয়ে যে, অমৃত বা পৰমাত্মা প্ৰতিজন মানুহৰ মনত অৱস্থিত থাকে। যদি আমি অমৃত লাভ কৰিব বিচাৰোঁ, আমি প্ৰথমে আমাৰ মনটোক মন্থন কৰিবই লাগিব। যেতিয়া আমি আমাৰ মনটোক মন্থন কৰোঁ তেতিয়া প্ৰথমে আমাৰ মনৰ বেয়া চিন্তাবোৰ ওলাই আহিব। এই বেয়া ধাৰণাই বিষ। আমি এই দুষ্ট চিন্তাবোৰ ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰা উচিত আৰু সেইবোৰৰ পৰা পৰিত্ৰাণ পোৱা উচিত।
২. কামধেনুঃ-
সমুদ্ৰ মন্থনৰ দ্বিতীয় পৰ্যায়ত কামধেনু প্ৰকট হৈছিল। কামধেনুই যজ্ঞৰ সামগ্ৰী প্ৰস্তুত কৰিব পাৰিছিল। গতিকে ব্ৰাহ্মণীয় ঋষিসকলে তেওঁক গ্ৰহণ কৰিছিল। কামধেনু মনৰ বিশুদ্ধতাৰ প্ৰতীক। কিয়নো বিষাক্ত পদাৰ্থ নাইকিয়া হোৱাৰ পিছত, মনটো শুদ্ধ হৈ পৰে। তেনে পৰিস্থিতিত ঈশ্বৰৰ ওচৰলৈ যোৱাটো আৰু সহজ হৈ পৰে।
৩. অশ্বশ্ৰৱা ঘোঁৰাঃ-
সমুদ্ৰ মন্থনৰ সময়ত অশ্বশ্ৰৱা ঘোঁৰাটো তিনি নম্বৰত ওলাইছিল। ইয়াৰ ৰং বগা আছিল। অসুৰৰ ৰজা বালিয়ে ঘোঁৰাটো তেওঁৰ লগত ৰাখিছিল। জীৱন সম্পৰ্কীয় দৃষ্টিকোণৰ পৰা, ঘোঁৰাটো মনৰ গতিশীলতাৰ প্ৰতীক। মনৰ গতি সৰ্বাধিক বুলি গণ্য কৰা হয়। যদি অমৃত বিচৰা হয়, তেন্তে নিজৰ মনৰ গতিত লেগাম লগাবই লাগিব। তেতিয়াহে ঈশ্বৰক লগ পোৱাটো সম্ভৱ।
৪. ঐৰাৱত হাতীঃ-
চাৰিটা ডাঙৰ দাঁত থকা ঐৰাৱত হাতীটো সমুদ্ৰ মন্থনত চাৰি নম্বৰত আৱিৰ্ভাৱ হৈছিল। হাতীটোৰ উজ্জ্বলতা কৈলাশ পৰ্বততকৈও বেছি আছিল। ঐৰাৱত হাতীটো দেৱৰাজ ইন্দ্ৰই ৰাখিছিল। ঐৰাৱত হাতী হৈছে জ্ঞানৰ প্ৰতীক আৰু ইয়াৰ চাৰিটা দাঁত হৈছে লোভ, মোহ, কামনা আৰু খঙৰ প্ৰতীক। অৰ্থ্যাৎ বিশুদ্ধ বুদ্ধিমত্তাৰ দ্বাৰাহে আমি এই বিকাৰবোৰক নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
৫. কৌস্তুভ মণিঃ-
কৌস্তুভ মণি সমুদ্ৰ মন্থনৰ পঞ্চম স্থানত ওলাই আহিছিল, যিটো ভগৱান বিষ্ণুৱে তেওঁৰ হৃদয়ত ধাৰণ কৰিছিল। কৌস্তুভ মণি ভক্তিৰ প্ৰতীক। যেতিয়া আমাৰ মনৰ পৰা সকলো বিকাৰ আঁতৰ কৰা হয়, তেতিয়া ভক্তিয়েহে বাকী থাকে। ঈশ্বৰে এই ভক্তিকেহে গ্ৰহণ কৰে।
৬. কল্পবৃক্ষঃ-
সমুদ্ৰ মন্থনত ষষ্ঠ ক্ৰমত ইচ্ছা পূৰণ কৰা কল্পবৃক্ষৰ আৱিৰ্ভাৱ হ’ল। দেৱতাসকলে এই কল্পবৃক্ষক স্বৰ্গত স্থাপন কৰিলে। কল্পবৃক্ষ প্ৰতীক হ’ল আকাংক্ষাৰ। কল্প বৃক্ষৰ সৈতে সম্পৰ্কিত জীৱন ব্যৱস্থাপনাৰ সূত্ৰটো হ’ল যে যদি আমি অমৃত বা ঐশ্বৰিকত্ব পাবলৈ চেষ্টা কৰি আছোঁ তেন্তে আমি আমাৰ সকলো আকাংক্ষা ত্যাগ কৰিব লাগিব। যদি মনত আকাংক্ষা থাকে, তেন্তে ঈশ্বৰপ্ৰাপ্তি অসম্ভৱ।
৭. ৰম্ভা অপেশ্বৰীঃ-
সমুদ্ৰ মন্থনৰ সপ্তম ক্ৰমত, ৰম্ভা নামৰ এগৰাকী অপেস্বৰী ওলাই আহিল। তাই ধুনীয়া কাপোৰ আৰু অলংকাৰ পিন্ধি আছিল। তাইৰ চাল চলন যিকোনো মানুহৰ মন ভুলাব পৰা ধৰণৰ। এয়াও দেৱতাৰ ফাললৈয়ে গৈছিল। অপেস্বৰী হৈছে- মনত লুকাই থকা কামনাৰ প্ৰতীক। যেতিয়া আপুনি কোনো নিৰ্দিষ্ট উদ্দেশ্যত ব্যস্ত থাকে, কামনাই আপোনাৰ মনক বিচলিত কৰিবলৈ চেষ্টা কৰে। তেনে ক্ষেত্ৰত, মনৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি গুৰুত্বপূৰ্ণ।
৮. দেৱী লক্ষ্মীঃ-
দেৱী লক্ষ্মী সমুদ্ৰ মন্থনত অষ্টম স্থানত ওলাই আহিছিল। অসুৰ, দেৱতা, ঋষি আদি সকলোৱে লক্ষ্মীক পোৱাটো বিচাৰিছিল, কিন্তু লক্ষ্মীয়ে ভগৱান বিষ্ণুক বাছনি কৰিছিল। জীৱন ব্যৱস্থাপনাৰ দৃষ্টিকোণৰ পৰা, লক্ষ্মী হৈছে সম্পদ, সৌন্দৰ্য, ঐশ্বৰ্য্য আৰু অন্যান্য সাংসাৰিক আনন্দৰ প্ৰতীক। যেতিয়া আমি অমৃত (ঈশ্বৰ) লাভ কৰিব বিচাৰো, তেতিয়া সাংসাৰিক আনন্দেও আমাক নিজৰ প্ৰতি আকৰ্ষিত কৰে, কিন্তু আমি সেইবোৰৰ প্ৰতি মনোযোগ দিয়া উচিত নহয় আৰু কেৱল ঈশ্বৰীয় ভক্তিত মনোযোগ দিয়া উচিত।
৯. বৰুণী দেৱীঃ-
নৱম ক্ৰমত সমুদ্ৰ মন্থনৰ পৰা ওলাই অহা বৰুণী দেৱীক ঈশ্বৰৰ অনুমতিত ৰাক্ষসসকলে অধিগ্ৰহণ কৰিছিল। বৰুণী মানে সুৰা অৰ্থাৎ নিচা। এইটোও এক প্ৰকাৰৰ দুষ্টতা। নিচা যেনেই নহওঁক কিয় ই শৰীৰ আৰু সমাজৰ বাবে বেয়া। যদি ঈশ্বৰক বিচাৰি উলিয়াব লাগে, তেন্তে প্ৰথমে আপুনি নিচা ত্যাগ কৰিবই লাগিব, তেতিয়াহে ঈশ্বৰৰ সৈতে সাক্ষাৎ সম্ভৱ।
১০. চন্দ্ৰঃ-
চন্দ্ৰ সমুদ্ৰ মন্থনত দশম ক্ৰমত ওলাই আহিছিল। চন্দ্ৰক ভগৱান শিৱই তেওঁৰ মূৰত ধাৰণ কৰি ল’লে। চন্দ্ৰ হৈছে শীতলতাৰ প্ৰতীক। যেতিয়া আপোনাৰ মন বেয়া চিন্তা, লোভ, কামনা, নিচা আদিৰ পৰা মুক্ত হয়, তেতিয়া ই চন্দ্ৰৰ দৰে ঠাণ্ডা হৈ পৰিব। ঈশ্বৰক পাবলৈ আপোনাক এনেকুৱা এটা মনৰে প্ৰয়োজন। কেৱল এনে মনৰ ভক্তইহে অমৃত লাভ কৰে।
১১. পাৰিজাত গছঃ-
ইয়াৰ পিছত, পৰিজাত গছ সমুদ্ৰ মন্থনত পৰা ওলাই আহিল। এই গছৰ বিশেষত্ব আছিল যে ইয়াক স্পৰ্শ কৰিলে, ভাগৰ আঁতৰি গৈছিল। ইও দেৱতাৰ অংশলৈয়ে গৈছিল। জীৱন ব্যৱস্থাপনাৰ দৃষ্টিকোণৰ পৰা, সমুদ্ৰ মন্থনত পৰিজাত গছ উদ্ভৱ হোৱাৰ অৰ্থ হৈছে সফলতা প্ৰাপ্ত কৰাৰ আগতে মনলৈ অহা শান্তি। যেতিয়া আপুনি অমৃত বা ভগৱানৰ ইমান কাষ চাপি যায় যে আপোনাৰ ভাগৰ নিজে নিজেই নোহোৱা হৈ যায় আৰু মনত শান্তিৰ অনুভূতি হয়।
১২. পাঞ্চজন্য শংখঃ-
সমুদ্ৰ মন্থনৰ দ্বাদশ ক্ৰমত পাঞ্চজন্য শংখ ওলাই আহিছিল। ইয়াক ভগৱান বিষ্ণুৱে অধিগ্ৰহণ কৰি লৈছিল। শংখটোক বিজয়ৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু লগতে ইয়াৰ শব্দকো অতি শুভ বুলি গণ্য কৰা হয়। যেতিয়া আপুনি অমৃত বা পৰমাত্মাৰ পৰা এখোজ আঁতৰত থাকে তেতিয়া মনৰ শূন্যতা ঐশ্বৰিক নাদ অৰ্থাৎ সুৰেৰে ভৰি পৰে। এই পৰিস্থিতিতে ঈশ্বৰৰ সাক্ষাৎ হয় অৰ্থ্যাৎ অমৃত প্ৰাপ্তি হয়।
১৩.ভগৱান ধনন্তৰীঃ-
সমুদ্ৰ মন্থনৰ শেষত ভগৱান ধনন্তৰীয়ে হাতত অমৃতৰ কলহ লৈ ওলাই আহিল। ভগৱান ধনন্তৰী হৈছে এক স্বাস্থ্যৱান শৰীৰ আৰু বিশুদ্ধ মনৰ প্ৰতীক। যেতিয়া আপোনাৰ শৰীৰ স্বাস্থ্যৱান হয় আৰু মন বিশুদ্ধ হয়, তেতিয়াহে ভগৱান প্ৰাপ্তি হয়।
১৪. অমৃতৰ কলহঃ–
সমুদ্ৰ মন্থনত ১৪ নম্বৰত আৱিৰ্ভাৱ হৈছিল অমৃতৰ কলহ। এই ১৪ সংখ্যাৰ অৰ্থ হৈছে পঞ্চ ইন্দ্ৰিয়, 5 টা জনেন্দ্ৰিয় আৰু আন ৪ টা হৈছে মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। এই সকলোবোৰ নিয়ন্ত্ৰণ কৰাৰ পিছত হে অমৃত পোৱা যায়।
(আশা কৰোঁ এই লিখনিটো পঢ়ি আপুনি ভাল পাইছে, যদি পঢ়ি ভাল পাইছে তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।)