বাৰ দিনৰ মূৰত পুনৰ ৰজা ভােজ সিংহাসনৰ ওচৰলৈ আহি প্ৰজ্ঞাৱতী নামৰ পুতলাটোৰ বাধাৰ সন্মুখিন হ’ল। পুতলাটোৱে ৰজাক ক’লে, মহাৰাজ, সিংহাসনত বহাৰ আগতে এই কাহিনীটো গুনক। ৰজাৰ ইচ্ছাক সন্মান জনাই পুতলাটোৱে কাহিনীটো আৰম্ভ কৰিলে-
ৰজা বিক্রমাদিত্যৰ ৰাজ্যত এজন অতি ধনী অথচ কৃপণ সদাগৰ বাস কৰিছিল। ভদ্রসেন নামৰ সদাগৰজনৰ পিছত মৃত্যু হয়।
পিতৃৰ সম্পূর্ণ ওলােটা আছিল পুত্ৰ পুৰন্দৰ। তেওঁ পিতৃৰ ইমান দিনৰ সঞ্চিত ধন ভােগ বিলাসত খৰচ কৰিবলৈ আৰম্ভ কৰে।
পুৰন্দৰৰ এজন প্রিয় বন্ধু ধনদে পুৰন্দৰক এই কার্য যে অনিষ্টকৰ আৰু অনুচিত তাক বুজাই ক’লে। পুৰন্দৰৰ যুক্তি আছিল অন্য ধৰণৰ। সি বন্ধু ধনদক ক’লে, “ভৱিষ্যতৰ বাবে এই কথা ভাবি যিজনে ধন সাঁচে তেওঁ মূৰ্খ আৰু অবিবেচক। কাৰণ বিপদ আহিলে ধনাে বিনষ্ট হয়। এতেকে বুদ্ধিমান জনে অতীতৰ বাবে শােক আৰু ভৱিষ্যতৰ বাবে চিন্তা কেতিয়াও নকৰে।
ইয়াৰ পিছত ধনদে কোনাে উত্তৰ নিদি গুচি গৈছিল। ইফালে পুৰন্দৰে সমষ্ট ধন উৰুৱাবলৈ আৰম্ভ কৰে। ফলত পিতৃ আর্জিত ধন খুব কম দিনৰ ভিতৰতে খৰচ হৈ তেওঁৰ অৱস্থা শােচনীয় হৈ পৰে। ধনহীন পুৰন্দৰ এটা সময়ত অকলশৰীয়া হৈ পৰে।
এনে অৱস্থাত পুৰন্দৰৰ অনুভৱ হ’ল যে ধন নথকা বাবে তাৰ সকলাে বন্ধু-বান্ধৱ আঁতৰিল। অর্থাৎ ধন যাৰ থাকে তাৰহে সকলাে থাকে।
পিছত মনৰ দুখত সি দেশ এৰি গুচি গ’ল আৰু ঘূৰি-ঘূৰি অৱশেষত হিমালয়ৰ পাদদেশৰ এখন নগৰত উপস্থিত হয়। সেই নগৰৰ এঠাইত থকা এডৰা বাঁহনিৰ ওচৰৰে এখন ঘৰৰ চোতালত শুই থাকে। মাজনিশা যেতিয়া টোপনিৰ পৰা সাৰ পাই তেতিয়া বাহনিৰ মাজৰ পৰা কোনােবা নাৰীৰ কণ্ঠস্বৰ ভাহি অহা যেন পালে। তাত কৈছিল, “হে ডাঙৰীয়সকল, মােক ৰক্ষা কৰক। মােক এটা ৰাক্ষসে কোবাইছে। কিন্তু নিশা বাঁহনি ডৰাত সােমাবলৈ সি সাহস নকৰিলে।
পিছদিনা কথাটো গাঁওবাসীক কওঁতে গাঁৱৰ লােকে ক’লে যে এই ধৰণৰ কথা এটা প্রায়ে নিশা ঘটে। কোনেও তাত যাবলৈ সাহস নকৰে।
পিছত পুৰন্দৰ নিজ ৰাজ্যলৈ উভতি আহি ৰজা বিক্রমাদিত্যক লগ ধৰি সকলাে কথা বিৱৰি ক’লে। ৰজাই পুৰন্দৰৰ লগত সেই নগৰলৈ গৈ ৰহস্য কি জানিব বিচাৰে।
ৰজাই পুৰন্দৰৰ নির্দেশ মতে নিশালৈ অপেক্ষা কৰে। নিশা যেতিয়া একেখিনি ক্রন্দন শুনিবলৈ পাই তেতিয়া ৰজাই তৰােৱাল লৈ বাঁহনিডৰাত সােমাই যায়। বাহনিডৰাৰ মাজত দেখিলে যে প্রচণ্ড চেহেৰাৰ ৰাক্ষস এজনে এজনী নাৰীক ভীষণ অত্যাচাৰ কৰিছে। কোবত থাকিব নােৱাৰি নাৰী গৰাকীয়ে আর্তনাদ কৰিছে।
ৰাক্ষসলৈ চাই বিক্রমাদিত্য ৰজাই গৰজি উঠিল। ৰাক্ষসে ওলােটাই ক’লে, “মৰিবলৈ যদি ভয় আছে, এই ঠাই এতিয়াই ত্যাগ কৰ।”
পিছত ৰাক্ষস আৰু ৰজাৰ মাজত প্রচণ্ড যুদ্ধ আৰম্ভ হ’ল আৰু যুদ্ধত ৰাক্ষসৰ মৃত্যু হয়। তাৰ পিছত নাৰী গৰাকীয়ে ৰজাৰ ভৰিত পৰি ক’লে, হে প্রভু আপুনি মােক শাপ মুক্ত কৰিলে। মােৰ অসহ্য দুখ-যন্ত্রণাৰ পৰা মােক উদ্ধাৰ কৰিলে।
ৰজাই তেতিয়া তিৰােতাগৰাকীৰ পৰিচয় জানিব বিচাৰিলে।
নাৰীগৰাকীয়ে তাইৰ পৰিচয়ত ক’লে, মই এগৰাকী শাপভ্রষ্ট নাৰী। মই মােৰ ৰূপক লৈ গর্ব কৰিছিলোঁ আৰু স্বামীক শাস্তি দিছিলোঁ। মােৰ ব্রাহ্মণ স্বামীয়ে শেষত অভিশাপ দিছিল, যিটো মই আজিলৈকে ভােগ কৰিলোঁ। অভিশাপৰ পৰা মুক্তি লাভৰ উপায় বিচৰাত স্বামীয়ে মৃত্যুৰ আগমুহূর্তত আপােনাৰ দৰে পৰােপকাৰী, সাহসী বীৰ পুৰুষৰ কথা কৈছিল। আপােনাৰ হাততে মােৰ শাপ মুক্তি থকা বুলি কৈ স্বামীৰ সমষ্ট ধন শেষত আপােনাক অৰ্পণ কৰিবলৈ কৈছে। আজি মই শাপ মুক্ত হলোঁ, মােৰ ধন সােণবােৰ আজি মােৰ নহয়, আপােনাৰ। পিছত ৰজাই ধনসােণবােৰ আৰু ব্রাহ্মণ পত্নীক পুৰন্দৰক অর্পণ কৰি নিজ ৰাজ্যলৈ উভতি গৈছিল।
কাহিনীৰ অন্তত পুতলাটোৱে ভােজ ৰজাক কৈছিল, এনে সাহস আৰু বীৰত্ব যদি আপােনাৰ আছে, সিংহাসনত বহক।
কোনাে উত্তৰ নিদি ৰজাই পুনৰ আগৰ ঠাইলৈ গুচি গৈছিল।