চতুর্দশ দিনাখন ৰজা ভােজে যেতিয়া সিংহাসনত বহিম বুলি আগবাঢ়িল। তেতিয়াই বিদ্যাৱতী নামৰ পুতলাটো জাগ্ৰত হৈ ৰজাক ক’লে- মহাৰাজ, সিংহাসনত বহাৰ পূর্বে মােৰ এই কাহিনীটো গুনক। তাৰ পিছতহে তাত বহিব। ইয়াকে কৈ সেই পুতলাটোই অন্য এটা নতুন কাহিনী আৰম্ভ কৰিলে—
দেশ ভ্ৰমণৰ প্রতি আগ্রহী বিক্রমাদিত্য ৰজাই এবাৰ আচৰিত বস্তু, বিভিন্ন তীর্থস্থান, তাত থকা দেৱী-দেৱতা আদি চোৱাৰ আশাৰে ৰাজ্যৰ ৰাজধানী নগৰৰ বাহিৰ হ’ল। ভ্ৰমণ কৰি কৰি তেওঁ এখন নগৰত উপস্থিত হৈছিল। সেই নগৰৰ ওচৰৰ এখন আশ্ৰমত এটি জগদ্ধাত্রী দেৱীৰ মন্দিৰ আছিল। মন্দিৰৰ কাষেৰে এখন নৈ বৈ গৈছিল। নদীত স্নান কৰি ৰজাই মন্দিৰত বহিল। সেই সময়তে এজন যােগী আহি সেই ঠাইত উপস্থিত হয়। এজন উপযুক্ত যােগীৰ আচৰণ দেখুৱাই যােগীজন ৰজাৰ ওচৰতে বহিল।
এইবাৰ যােগীয়ে ৰজাক সুধিলে, আপুনি ক’ৰ পৰা আহিছে?
উত্তৰত ৰজাই নিজকে তীর্থযাত্রী বুলি কলে।
যােগীয়ে ক’লে, আপুনি সাধাৰণ তীর্থযাত্রী নহয়। মই আপােনাক উজ্জয়িনীত দেখিছোঁ। আপুনি বিখ্যাত বিক্রমাদিত্য ৰজা। কিন্তু আপুনি ইয়াত অহাৰ উদ্দেশ্য কি?
ৰজাই ক’লে, “সাধুলােকক দর্শন, পৃথিৱীৰ আচৰিত বস্তু সমূহৰ দর্শন ইত্যাদিয়ে মােৰ বাসনা। আৰু সেই উদ্দেশ্যে মই ওলাই আহিছোঁ।” যােগীয়ে কলে; মহাৰাজ, আপুনি জ্ঞানী হৈও অজ্ঞানীৰ দৰে আচৰণ কৰিছে। যদি ৰাজ্যত কিবা কাৰণত বিদ্রোহ হয়, আপুনি কি কৰিব? ৰজাই উত্তৰ দিলে, মন্ত্ৰীৰ ওচৰত ৰাজ্যভাৰ গটাই আহিছাে। পুনৰ যােগীয়ে ক’লে, মহাৰাজ এয়া শাস্ত্র বিৰুদ্ধ আচৰণ। ৰাজ্য বা কোনাে অমূল্য ৰতন নিজৰ হাতত ৰখা উচিত। গতিকে ৰাজ্য এৰি দেশ ভ্রমণ কৰা উচিত নহয়।
যােগীৰ কথা শুনি ৰজাই ক’লে, দৈবৰ ওপৰত কোনাে নহয়। হ’ব লগাটো কোনেও ৰােধ কৰিব নােৱাৰে। আৰু হ’ব নালাগিলে কোনেও কৰিব নােৱাৰে। উদাহৰণ স্বৰূপে বৃহস্পতি যাৰ গুৰু, বজ্ৰ যাৰ অস্ত্র, দেৱতা সকল যাৰ সেনা, অমৰাপুৰী যাৰ দুৰ্গ আৰু হাতী যাৰ বাহন সেই বল সম্পন্ন ইন্দ্রও মাজে-মাজে যুদ্ধক্ষেত্র এৰি পলাব লগীয়া হয়। এতেকে আমিনাে কোন কুটা ?
পিছত ৰজাই যােগীক এটা কাহিনী ক’লে—
উত্তৰ দেশত নদী পর্বত বন্ধন নামৰ এখন নগৰ আছিল। তাত ৰজা শিখৰ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। এবাৰ এইজন ধার্মিক ৰজাই জ্ঞাতি সকলৰ বিবাদৰ ফলত নির্বাসন ভােগিব লগা হৈছিল। ৰজা শেখৰে মনৰ দুখতে পত্নী-পুত্ৰক লৈ ঘূৰি ফুৰিব লগা হৈছিল। ঘূৰি ঘূৰি এদিন এখন নগৰৰ ওচৰৰ এজোপা গছৰ তলত আশ্ৰয় লৈছিল। কিছু সময়ৰ পিছত সূর্য অস্ত গৈছিল। সেই গছজোপাত পাঁচটা চৰাই আছিল। নিশা সিহঁতে নিজৰ ভিতৰতে কথােপকথন আৰম্ভ কৰিছিল—
প্রথম চৰাইটোই ক’লে, এই নগৰৰ ৰজাৰ মৃত্যু ঘটিছে আৰু তেওঁৰ কোনাে সতি-সন্ততি নাই। গতিকে কোন ৰজা হ’ব? আন এটা চৰায়ে কলে; আমি থকা গছজোপাৰ তলত বহি থকা ৰজাজনেই এই ৰাজ্যৰ ৰজা হ’ব।
তৃতীয় চৰাইটোৱে ক’লে, সেয়ে হওঁক।
ৰাতি যেতিয়া পুৱাল, চৰাইবােৰ নিজৰ-নিজৰ কামত ব্যস্ত হৈ পৰিল। ৰজায়াে প্রাতঃকৃত্য সমাপণ কৰি নগৰ যাত্ৰা আৰম্ভ কৰিলে। সেইখন ৰাজ্যৰে মন্ত্রীসকলে ৰজাৰ সন্ধানত হাতী এটাক সাজ-সজ্জাৰে সজাই শুড়ত এডাল মালা দি পথত এৰি দিলে। সেই হাতী গৈ-গৈ পথৰ মাজেৰে আহি থকা ৰাজশেখৰৰ মুখামুখি হ’ল। হাতীটোৱে ৰাজশেখৰৰ ডিঙিত মালাডাল পিন্ধাই ৰাজধানীলৈ লৈ আহিল আৰু পাছত ৰাজ্যৰ মন্ত্রী মণ্ডলীয়ে তেওঁকে ৰাজসিংহাসন অৰ্পণ কৰিলে। কিছু বছৰ পিছত শক্ৰই ৰাজ শেখৰৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিল। সেই সময়ত ৰজাই ৰাণীৰ সৈতে পাশাখেলত ব্যস্ত আছিল। সাম্ভাব্য বিপদৰ আগজাননী তৎ মূহূৰ্তত ৰজাক দিয়া হ’ল। ৰজাই কিন্তু দৈৱৰ ওপৰত নিৰ্ভৰ কৰি অচল-অটল হৈ থাকিল। তেওঁ ক’লে, সকলাে বিধতাৰ বিধান। সি হ’ব লাগে তাকেই হ’ব। আমাৰ ৰােধ কৰাৰ ক্ষমতা নাই। ৰজাৰ এনে বচন শুনি সৈন্য-সামন্তবােৰ সাজু হ’ল আৰু প্ৰতি আক্রমণ কৰি শত্রু পক্ষক পৰাস্ত কৰিলে। পিছত ৰজাই নিষ্কন্টক হৈ ৰাজ্য শাসন কৰিব ধৰিলে। ৰজাৰ মুখত এই কাহিনী শুনি যােগীজন সন্তুষ্ট হ’ল। তেওঁ ৰজা বিক্রমাদিত্যক এটি কাশ্মীৰ লিংগ দান কৰি আশীর্বাদ দি ক’লে— এইটো চিন্তা মণিৰ দৰে। ইয়াৰ ওচৰত যি চিন্তা কৰা তাকেই পাবা। কেৱল ভক্তিভাবে ৰাখিবা। ৰজাইও যােগীজনক প্রণাম কৰি সেই নগৰৰ পথেৰে আগবাঢ়িল। পথত তেওঁ এজন ব্রাহ্মণ লগ পালে। ব্রাহ্মণে ৰজাক আশীর্বাদ দি ক’লে, হে মহাৰাজ, মই এজন শিৱভক্ত। শিৱ লিংগ পুজা নকৰাকৈ মই একো নাখাওঁ। কিন্তু আজি তিনিদিন হ’ল মােৰ এই শিৱ লিংগটো কৰবাত হেৰাল। সেয়ে আজি তিনিদিন মােৰ উপবাস। আপােনাৰ হাতত থকা সেই শিৱ লিংগটো মােক দিলে মােৰ পৰম উপকাৰ হ’লহেঁতেন।
ৰজা বিক্রমাদিত্যই ততালিকে সেই শিৱ লিংগটো ৰজাক দি দিলে আৰু অলপাে আক্ষেপ নকৰি নিজ ৰাজলৈ উভতিল। ভােজ ৰজাৰ আৰু বুজিবলৈ একো বাকী নাথাকিল। তেওঁ পুতলাৰ একো প্রশ্ন নুশুনাকৈ নিজৰ ঠাইলৈ গমন কৰিলে।