ৰজাভােজে আশা বাদ দিয়া নাছিল। তেওঁ পুনৰ সিংহাসন অধিগ্রহণ কৰাৰ উদ্দেশ্যে উপস্থিত হ’ল আৰু এখোঁজ আগবঢ়াই দিলে। লগে-লগে ৰতিলীলা নামৰ পুতলা গৰাকী জীৱন্ত হৈ ৰজাক ক’লে, হে মহাৰাজ, সিংহাসনত বহাৰ পূর্বে মােৰ এটা কাহিনী শুনক। ৰজা ভােজে যি ইচ্ছা বুলি কোৱাত পুতলাটোৱে কাহিনী আৰম্ভ কৰিলে।
ৰজা বিক্রমাদিত্যৰ এগৰাকী মন্ত্ৰীৰ নাম হ’ল বুদ্ধিসিন্ধু। এই গৰাকী মন্ত্ৰীৰ অনর্গল নামৰ এক পুত্র আছিল। অনর্গল পঢ়া-শুনাতকৈ খােৱা বােৱা, খেলা-ধুলাৰ প্ৰতিহে বেছি আগ্রহী আছিল।
এদিন মন্ত্রী বুদ্ধি সিন্ধুই পুত্র অনর্গলক কাষলৈ মাতি আনি ক’লে, হে বৎস, তুমি মােৰ পুত্র হৈও মূৰ্খ হৈ থাকিলা। যি মূৰ্খ তাৰ হৃদয় নাই। যি পুত্র অবিদ্ধান, অধর্মী তাৰ প্ৰয়ােজন নাথাকে। যি মূৰ্খ সি পিতৃ-মাতৃৰ দুখৰ কাৰণ। পুত্র অনৰ্গলে পিতৃৰ তেনে কথাত বৰ অনুতপ্ত হ’ল আৰু সেই কাৰণে দেশ এৰি এদিন বিদেশ গ’ল। দেশে-দেশে ঘূৰি এদিন তেওঁ এখন নগৰত উপস্থিত হ’ল। সেই নগৰত থকা এজন গুৰুৰ অধীনত সকলাে ধৰণৰ শাস্ত্ৰত সুনিপুণ হৈ তেওঁ এখন অৰণ্যৰ মাজত সােমাব লগা হ’ল। সেই অৰণ্যৰ মাজত তেওঁ এখন দেৱালয় দেখা পালে। দেৱালয়ৰ কাষতে আছিল পদুম ফুলেৰে পৰিপূর্ণ সৰােবৰ। সেই সৰােবৰটোত অনেক পক্ষীয়ে সাঁতুৰি হলস্থূল কৰি আছিল। সৰােবৰটোৰ এফালৰ পানী আছিল তপত। সন্ধিয়া সময়ত আঠ গৰাকী সুন্দৰী যুৱতী আৱিভূত হৈ তাত স্নান কৰি দেৱতাৰ পূজা আদি কৰি নৃত্য গীতেৰে দেৱতাক সন্তুষ্ট কৰিলে। দেৱতা সন্তুষ্ট হৈ সিহঁতক প্রসাদ যাচিলে।
ৰাতিপুৱা নাৰী কেইগৰাকীয়ে অনর্গলক দেখিলে। সিহঁতৰ মাজৰে এজনীয়ে ক’লে, হে যুৱক, তুমি আমাৰ লগত আমাৰ নগৰলৈ ব’লা। দিব্য নাৰীকেইজনীৰ লগত অনর্গলৰ যাবৰ ইচ্ছা আছিল যদিও তেওঁ নগ’ল। কাৰণ তেওঁ সেই তপ্ত পানীত নামিব নােৱাৰে। তাৰপৰা তেওঁ পােনে পােনে নিজৰ নগৰলৈ গ’ল।
নগৰত গৈ তেওঁ মহাৰাজ বিক্রমাদিত্যক লগ ধৰিলে। ৰজাই অনর্গলক ইমান দিনে কত আছিল আৰু তাত কি কি দেখিলে সকলাে ভাঙি পাতি ক’লে। ৰজাৰ কৌতুহল বশত তাত যােৱাৰ ইচ্ছা উপজিল আৰু অনর্গলৰ লগত সেইনগৰৰ অৰণ্যৰ মাজৰ মন্দিৰ, তাত থকা পদুমভর্তি সৰােবৰ, সৰােবৰৰ তপ্ত পানী আৰু আঠ গৰাকী-যুৱতীৰ ৰহস্য আদি জানিবলৈ উদ্বাউল হৈ থাকিল। ৰজায়ো অনৰ্গলে কোৱা কথাবিলাকৰ মুখা মুখি হ’ল। সিহঁতেও ৰজাক লগত নিব বিচাৰিলে। সাহসী ৰজাই সিহঁতৰ প্ৰস্তাৱ মানি সিহঁতক অনুসৰণ কৰিলে। সেই দিব্য নাৰী কেইগৰাকীৰ দৰে ৰজায়ো তপত পানীৰ সৰােবৰত জঁপিয়াই পাতালত প্রবেশ কৰিলে। ৰজাৰ সাহস দেখি দিব্য নাৰী কেইগৰাকীয়ে আচৰিত হৈ ক’লে। হে মহাসত্ব, আপােনাৰ দৰে বীৰ আৰু সাহসী কোনাে নাই; আপুনিয়ে আমাৰ ৰাজ্যৰ ৰজা হওঁক। আমি আটায়ে আপােনাক সেৱা কৰিম।
ৰজাই ক’লে, মােৰ ৰাজ্যৰ আৱশ্যক নাই। মাত্র কৌতূহলৰ বশৱালী হৈয়ে ইয়াত আহিছাে।
দিব্য নাৰীকেইগৰাকীয়ে ক’লে; হে পুৰুষ শ্রেষ্ঠ, আমি আপােনাৰ ওচৰত সুপ্রসন্ন হৈছোঁ। আপােনাক কি বৰ লাগে আমাক কওক।
ৰজাই ক’লে, আপােনালােকৰ পৰিচয় দিয়ক।
দিব্য নাৰী কেইগৰাকীয়ে তেতিয়া ৰজাক আঠটা অষ্ট গুণ বিশিষ্ট ৰত্নদান কৰিলে।
এই ৰত্নকেইটা লৈ ৰজাই নিজৰ ৰাজ্যৰ অভিমুখে ৰাওনা হ’ল। এনেতে তেওঁ বাটত এজন ব্রাহ্মণৰ মুখামুখি হ’ল। ব্রাহ্মণে ৰজাক হৃদয় উজাৰি আশীর্বাদ দি উঠি নিজৰ পৰিচয়ত কলে যে তেওঁ চম্পাপুৰ নিবাসী দৰিদ্র ব্ৰাহ্মণ। তেওঁৰ পাে পৰিয়াল বহুত। তেওঁলােকক ভৰণ পােষণ দিব নােৱাৰি পত্নীৰ ভৎর্সনাত গৃহ ত্যাগ কৰি ওলাই আহিছে। ব্রাহ্মণৰ দুখ দেখি ৰজাই হাতত থকা অষ্ট সিদ্ধ ৰত্ন আঠটি ব্রাহ্মণক দি দিলে। ইয়াৰ পিছত ৰজাই নিজ ৰাজ্য অভিমুখে অগ্ৰসৰ হয়।
এই কাহিনীৰ অন্তত পুতলাটোৱে ৰজা ভােজক ক’লে, ৰজা বিক্রমাদিত্যৰ দৰে যদি আপুনিও ত্যাগী, বীৰ আৰু সাহসী তেতিয়া হ’লে সিংহাসনত বহক।
পুতলাৰ কথা শুনি ৰজা নিৰুত্তৰ হৈ আঁতৰি গ’ল।