ইয়াৰ পিছত পুনৰ ৰজাভােজে ৰাজসিংহাসন অধিগ্রহণৰ উদ্দেশ্যে সিংহাসনৰ ওচৰত উপস্থিত হৈ প্রথম খােজটো আগবঢ়াই দিলে। লগে-লগে সুৰত গহ্বৰা নামৰ পুতলাটো জাগ্ৰিত হৈ ৰজাক ক’লে, হে ৰজা, প্ৰথমতে মােৰ কাহিনীটো শুনি লওক, পিছত সিংহাসনত বহিব। এই বুলি কৈ পুতলাটোৱে কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে—
বিক্রমাদিত্য ৰজাৰ ৰাজত্ব কালত তেওঁৰ ৰাজ্যত পুৰন্দৰ পুৰী নামৰ এখন নগৰ আছিল। সেই নগৰত এজন ধনী সদাগৰ আছিল। এদিন সদাগৰ জনে তেওঁৰ চাৰিপুত্ৰক মাতি আনি ক’লে, মােৰ বােপাইহঁত, মােৰ মৃত্যুৰ পিছত যে তােমালােক একেলগে থাকিবা সেইটো মােৰ মনে নধৰে। সেয়ে মােৰ সমষ্ট সমষ্টিৰ চাৰিভাগ কৰিছোঁ। মােৰ মৃত্যুৰ পিছত সেই সম্পত্তি মােৰ নিৰ্দেশ মতে গ্ৰহণ কৰিবা।
সদাগৰৰ কথা পুতেকহঁতে মানিলে।
এদিন সদাগৰৰ মৃত্যু হ’ল। মৃত্যুৰ পিছত পুতেকহত বহুদিন একেলগে থাকিব নােৱাৰি পিতৃৰ ভাগ-বতৰা মতে লাভ কৰা সম্পত্তি লৈ বেলেগে বেলেগে থকাৰ চিন্তা কৰিব ধৰিলে। এই চিন্তা মনত অহাত সিহঁতে দেউতাকৰ শােৱা বিছনাখনৰ তলত মাটি খান্দি চাৰিটা কলহ পালে। সেই কলহ চাৰিটাত আছিল মাটি, এঙাৰ, হাড় আৰু আনটোত খেৰ।
সেইবােৰ দেখি পুতেক চাৰিজন হতবাক হ’ল। তেওঁলােকে এইবােৰৰ অর্থ বুজি নাপাই এজন বিজ্ঞ ব্যক্তিৰ ওচৰলৈ যােৱাটোকে স্থিৰ কৰিলে।
সিদ্ধান্ত মর্মে সিহঁতে গৈ ৰাজসভাত উপস্থিত হ’ল। ৰাজসভাত ভালেমান পণ্ডিত আৰু সাধুলােক আছিল যদিও কোনেও কলহ কেইটাৰ সঠিক উত্তৰ দিবলৈ সক্ষম নহ’ল।
ইয়াৰ পিছত চাৰিওজন ভায়েক উজ্জয়িনীৰ ৰজা বিক্রমাদিত্যৰ ৰাজসভাত উপস্থিত হৈ দেউতাকে দিয়া ভাগ-বতৰা আৰু কলহত পােৱা বস্তু কেইপদৰ বিষয়ে কলে যদিও ৰজাৰ ৰাজসভাত কোনেও এই সমস্যাৰ সমাধান উলিয়াব নােৱাৰিলে।
এইবাৰ তেওঁলােক গৈ প্রতিষ্ঠা নগৰত উপস্থিত হৈ সমাধান বিচাৰিলে যদিও সমাধান উলিয়াব নােৱৰিলে। আলােচনাৰ মাজতে সেই নগৰত নগৰৰে এজন কুমাৰৰ ঘৰত শালিবাহন নামৰ লােক এজন আছিল। তেওঁ পণ্ডিত সকলৰ ওচৰত আহি সেই বিষয়টো কোনাে টান বিষয় নহয় বুলি কৈছিল।
পণ্ডিত সকলে শালি বাহনকে সেই কথাৰ মীমাংসা কবিবলৈ অনুৰােধ জনালে।
শালিবাহনে ক’লে, এওঁলােক ধনী সদাগৰৰ পুত্র। সদাগৰে ডাঙৰ পুত্ৰক দিছে মাটি, অর্থাৎ কলহত থকা মাটিয়ে তেওঁক সমষ্ট ভূ-সম্পত্তি দিয়াটোকে বুজাইছে। দ্বিতীয়জনৰ ভাগত পৰিছিল ধানখেৰ থকা কলহ। অর্থাৎ সি গৰাকী হ’ব ধানৰ সকলো ক্ষেত্ৰৰ। তৃতীয়জনৰ ভাগত পৰিছিল হাঁড়। অর্থাৎ সি সকলাে পােহনীয় জীৱ-জন্তুৰ গৰাকী হ’ব। শালিবাহনৰ যুক্তিপূর্ণ মন্তব্যই সকলােকে সনন্তু কৰাত চাৰিওজন নিজ গৃহলৈ উভতিছিল। ৰজা বিক্রমাদিত্যই শালিবাহনৰ কথা শুনি আচৰিত হ’ল আৰু ততালিকে তেওঁক ৰাজসভালৈ মাতি পঠিয়ালে। ৰজাৰ নিৰ্দেশ অৱমাননা কৰি দুতৰ হাতত পত্র দি পঠিয়ালে। ৰজাই পত্র পঢ়ি খঙত অগ্নি শর্মা হৈ অপমানৰ যােগ্য প্রত্যুত্তৰ দিবলৈ ওঠৰ অক্ষৌহিনী সৈন্য লৈ শালিবাহনৰ নগৰত উপস্থিত হ’ল। ইয়াৰ পিছত ৰজা বিক্রমাদিত্যই পুনৰ দূত পঠিয়াই শালিবাহনক মাতি পঠিয়ালে। শালিবাহনে ৰজাক দেখা কবিলৈ অস্বীকাৰ কৰিলে আৰু প্রয়ােজন হলে যুদ্ধ ক্ষেত্ৰত দেখা কৰিম বুলি কঠোৰ ভাবে সকিয়াই দিলে। অৱশেষত ৰজা বিক্রমাদিত্যই শালিবাহনৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰি সসৈন্যে আগবাঢ়ি আহিল। শালিবাহন নামৰ কুমাৰ জনেও পূর্বে তৈয়াৰ কৰি ৰখা হাতী ঘোঁৰা, সৈন্য সকলােকে জীৱিত কৰি চতুৰংগ শক্তিৰে আহি যুদ্ধ ক্ষেত্ৰত উপস্থিত হ’ল।
এই যুদ্ধ বহুত সময় ধৰি চলিল আৰু অৱশেষত ৰজা বিক্রমাদিত্যৰ হাতত শালিবাহনৰ সৈন্য পৰাস্ত হ’ল। পৰাজিত শালিবাহনে এইবাৰ তেওঁৰ পিতৃ শেষ নাগক স্মৰণ কৰি এক বৃহৎ সৰ্পবাহিনী লাভ কৰিলে। সেই সৰ্পবাহিনীৰ সৰ্পৰ হাতত বিক্রমাদিত্যৰ ভালেমান সৈন্য মৃত্যু মুখত পৰিল। পিছত ৰজা পিছ হুহুকি আহিবলৈ বাধ্য হ’ল। তেওঁ সর্প দংশনত নিহত সৈন্য সকলক জীয়াই তুলিবলৈ বাসুকী মন্ত্র জপ কৰিলে। সৰ্পৰাজ বাসুকী তেওঁৰ প্রতি প্রসন্ন হৈ অমৃতকুম্ভ প্রদান কৰিলে। অমৃতকুম্ভ লৈ ওভতাৰ পথত ৰজাই এক ব্রাহ্মণৰ মুখামুখি হ’ল। ব্রাহ্মণে ৰজাক বিভিন্ন প্রতিজ্ঞা কৰিলে যে তেওঁ বিচৰা বস্তু ৰজাই বিনা দ্বিধাই প্ৰদান কৰিব। ব্রাহ্মণে তেতিয়া ৰজাৰ পৰা অমৃতকুম্ভ বিচাৰিলে। অমৃতকুম্ভ বিচৰা ব্ৰাহ্মণৰ প্রতি ৰজাৰ সন্দেহ হােৱাত ৰজাই ব্রাহ্মণৰ মুখৰ পৰা কাৰণ জানিব বিচাৰিলে। তেতিয়া ব্রাহ্মণে শালিবাহনৰ নির্দেশ বুলি স্বীকাৰ কৰিলে। অৱশেষত ৰজাই প্রতিজ্ঞা ৰক্ষাৰ বাবে ব্রাহ্মণক অমৃতকুম্ভ প্রদান কৰিলে আৰু নিজৰ ৰাজ্যলৈ উভতিল।
কাহিনীটো অন্তপৰাৰ পিছত পুতলাটোৱে ৰজা ভােজক ক’লে, মহাৰাজ আপুনি ৰজা বিক্রমাদিত্যৰ দৰে ইমান ত্যাগী হ’ব পাৰিবনে?
ৰজাই মৌন হৈ আঁতৰি গ’ল।