পিছ দিনাখন পুনৰ ৰজা ভােজে সিংহাখনত বহিম বুলি ভৰিখন আগবঢ়ালে। সেই দিনাও সপ্তমগৰাকী পুতলাই ৰজাক বাধা প্রদান কৰি ক’লে, হে মহাৰাজ, সিংহাসনত বহাৰ পূৰ্বে ৰজা বিক্রমাদিত্যৰ অন্য এটা কাহিনী গুনক— ৰজা বিক্রমাদিত্যৰ ৰাজত্বকাল আছিল প্রজা সাধাৰণৰ বাবে অতি উত্তম সময়। ৰজা, ৰাজবিষয়া, পুৰহিত, পণ্ডিত, ব্রাহ্মণ আদি সকলােৱে নিজ নিজ কর্তব্য পালন কৰিছিল। লােভৰ পৰা সকলােৱে মুক্ত আছিল। মানৱৰ সকলাে গুণ প্রজা সাধাৰণৰ মাজত দেখা গৈছিল। ৰাজ অনুগ্রহত প্রজা সাধাৰণৰ সুখ-সমৃদ্ধি অসীম আছিল।
ৰজা বিক্রমাদিত্যৰ সেইখন ৰাজ্যতে ধনদ নামৰ এজন সদাগৰ আছিল। তেওঁৰ অপাৰ ধন সােণ আছিল। অৱশ্যে হঠাৎ এইজন সদাগৰৰ বিষয় বাসনাৰ পৰা বৈৰাগ্য ভাব জন্মিছিল। তেওঁ বুজিছিল যে আকাশৰ মেঘৰ দৰে ধন, দৌলত, সা-সম্পদ আদি সকলাে অস্থায়ী, অসাৰ। কেৱল ধর্মহে জগতৰ সাৰ। ধর্মবহ মানৱৰ শ্ৰেষ্ঠ বন্ধু। তেওঁ ভাবিবলৈ ল’লে যে ধার্মিকতকৈ জগতত সুখী আৰু বিদ্বান লােক কোনাে হ’ব নােৱাৰে।
সেইভাবি তেওঁ ধর্ম সংগ্ৰহৰ বাবে বেদজ্ঞ ব্রাহ্মণ সকলক আহ্বান কৰি বিভিন্ন ধৰণৰ দান, যেনেঃ বিদ্যাদান, ভূমিদান, কন্যাদান আদিৰ দৰে দানবােৰ সুপাত্র দান কৰিবলৈ আৰম্ভ কৰিলে। এই সকলােবােৰ কৰাৰ পিছত তেওঁ ভাবিলে যে ইয়াৰ সুফল লাভ হ’ব যদিহে তেওঁ শ্রীকৃষ্ণক দর্শন কৰে। মনে মনে এই চিন্তা কৰি সদাগৰ দ্বাৰকা অভিমুখে ৰাওনা হল।
গৈ-গৈ তেওঁ সাগৰৰ পাৰত উপস্থিত হৈ বহুতকে প্রচুৰ অর্থ দান কৰিলে। সেই সকলৰ লগত ধর্ম সম্বন্ধেও আলােচনা কৰিলে। সেইখিনি সময়ৰ ভিতৰত তেওঁ সাগৰৰ মাজত পৰ্বতৰ ওপৰত এটা মন্দিৰ দেখা পালে। তেওঁ সেই মন্দিৰলৈ গৈ দেৱী ভূবনেশ্বৰীক ভক্তি চিত্তে পূজা-অর্চনা কৰিলে। এই পূজা-অৰ্চ্চনাৰ মাজতে তেওঁ দেখিলে যে তাত এহাল নৰ-নাৰীৰ দেহ পৰি আছে।
দুয়ােটা দেহৰ পৰা মূৰ দুটা বিচ্ছিন্ন আছিল। দেহ দুটাৰ ঠিক কাষতে থকা বেৰত লিখা আছিল, যিয়ে তেওঁৰ ডিঙিৰ পৰা ওলােৱা ৰক্তৰে দেৱীভূৱনেশ্বৰীৰ পূজা কৰিব পাৰে, তেতিয়াহে সেই পূজাৰ ফলত নৰ-নাৰীহাল পূনর্জীৱিত হ’ব।
বেৰৰ কথাখিনিয়ে সদাগৰক আচৰিত কৰিলে। তেওঁ অলপাে সময় নষ্ট নকৰি দ্বাৰকালৈ গ’ল আৰু তাত শ্ৰীকৃষ্ণক সাক্ষাৎ কৰি সাষ্টাংগে প্রণিপাত জনাই প্রার্থনা কৰিলে। তাৰ পিছত তেওঁ পুনৰ নগৰ অভিমুখে গতি কৰিলে। নগৰত উপস্থিত হৈ তেওঁ আত্মীয়-স্বজনক শ্ৰীকৃষ্ণৰ প্ৰসাদ, বিতৰণ কৰিলে। ইয়াৰ পিছত কিছু মূল্যবান উপহাৰ আৰু প্রসাদ লৈ ৰাজপ্রসাদত উপস্থিত হ’ল। ৰজাই সদাগৰৰ খা-খবৰ লৈ যাত্রা কালত ঘটা বিশেষ ঘটনা সম্পর্কে জানিব খুজিলে। সদাগৰে দেখি অহা মন্দিৰ, সেই মন্দিৰত পৰি থকা মূৰহীন নৰ-নাৰী দেহ দুটা আৰু লিখি থােৱা কথাখিনি কৈ শুনালে। ৰজাই কথাখিনি শুনাৰ অন্তত আচৰিত হৈ সদাগৰৰ লগত সেই মন্দিৰত উপস্থিত হ’ল। তাত তেওঁ ছিন্ন মূৰ দুটা আৰু নৰ-নাৰীহালক দেখিলে। বেৰত লেখি থােৱা কথাখিনি পঢ়ি ৰজাই দেৱীৰ নাম স্মৰণ কৰি হাতত তৰােৱাল লৈ ডিঙিত আঘাত কৰিবলৈ উদ্যত হ’ল। তেতিয়া তৎ মুহূর্ততে দেহ দুটা আগৰ অৱস্থালৈ আহি জীৱিত হ’ল। দেৱীয়ে ৰজাৰ হাতৰ পৰা তৰােৱালখন কাঢ়ি লৈ ক’লে, হে ৰাজন, তােমাৰ কৰ্মই মােক সন্তুষ্ট কৰিছে। তােমাক কি বৰ লাগে কোৱা? বিক্রমাদিত্যই ক’লে, “হে দেৱী, তুমি যদি সঁচাই মােৰ ওপৰত সন্তুষ্ট হৈছা তেন্তে এই দম্পতিক ৰাজ্যদান কৰা। দেৱীয়ে ৰজাৰ কথা ৰাখিলে। ৰজাই ধনদ মহাজনৰ সৈতে ৰাজ্যলৈ উভতিল। কাহিনীৰ অন্তত পুতলাই ৰজাক ক’লে, “আপুনি এনেকুৱা গুণৰ অধিকাৰী হ’ব পাৰিছে যদি সিংহাসন অধিকাৰ কৰক।”
ৰজাই উত্তৰ নিদি অহাবাটে উলটিল।