সুখৰ আৰ্হি

পুহমাহৰ ভৰ জাৰ৷ ইফালে ৰাতি প্ৰায় এঘাৰটা, তেও জাহাজৰ দেখাদেখি নাই৷ নিয়ম মতে হলে দহ বজাতেই জাহাজ আহি ঘাট পাব লাগে কিন্তু আমাৰ দুৰ্কপালৰ গুণত এঘাৰ বজাতো জাহাজ আহি নাপালে৷ জাহাজ আহিব বুলি পুহমহীয়া জাৰত, ব্ৰহ্মপুত্ৰৰ বালিত বহি পৰ দিছোঁ৷ নৈৰ ফেৰফেৰীয়া বতাহে ইফালে হাড়লৈকে ভেদিছে; জাৰত লৰা মানুহৰ নিচিনা ওঁঠৰ কাঁপনি উঠিছে৷ যদিও মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিলাতী কাচনে কাচিছিলোঁ, তেও ব্ৰহ্মপুত্ৰৰ মাজনিশাৰ বতাহৰ আগত সি আমাক একো সহায় কৰিব নোৱাৰিলে৷ মুকলিত আৰু বহুত পৰ থাকিব নোৱাৰি দূৰৈত থকা এটা ঘৰলৈ গলোঁ৷ ঘৰটো নকৈ সাজিজে মাথোঁন৷ চাল চাইছে, আৰু বেৰ চাৰি৷খন দিছে, কিন্তু বেৰ লিপা হোৱা নাই৷ মোৰ লগত লগৰীয়া আৰু দুজন আছিল আমি এটাইবিলাকে ব্ৰহ্মপুত্ৰৰ হাড়ভেদী বতাহৰ পৰা সেই ঘৰটোত আশ্ৰয় ললোঁ৷ মুকলিত থকাতকৈ ঘৰৰ ভিতৰত অলপ সুযোগ হৈছিল যদিও, আমাৰ ওঁঠৰ কঁপনি, আৰু বুকুৰ কঁপনি গোটেই গুচা নাছিল৷ সি যেইবা নহওক, ঘৰটোৰ ভিতৰত আৰু এঘণ্টা অপেক্ষা কৰিলোঁ; তেও জহাজ আহি নাপালে গতিকে, নিশা সেই জাহাজ পাবৰ আশাত জলাঞ্জলি দি নিশাটো কত থাকি কটোৱা যাব তাৰ মীমাংসা কৰিবলৈ ধৰিলোঁ৷ যি ঠাইত আমাৰ এই বিপদ, সেই ঠাইত আমাৰ চিনাকি লোক এজনো নাই৷ যেই সেই মানুহৰ ঘৰলৈ গলে, বিশেষতঃ ইমান বেচি নিশাত, থাকিবলৈ নিদিব পাৰে৷ এই নানা কাৰণে জাহাজ ঘাটৰ জাহাজ বাবুৰ ঘৰতে এবাৰ টুকুৰিয়াই চাবলৈ প্ৰস্তাৱ কৰা হল৷ মোৰ বন্ধু দুজন এই প্ৰস্তাবত মান্তি হোৱাত আমি কেউজন ঘৰটিৰ পৰা ওলাই জাহাজ বাবুৰ অফিচলৈ ৰাওণা হলোঁ৷ তাত দেখোঁ যে চাকি জ্বলি আছে৷ বাবুজনে কিবা লিখিবলৈ লাগিছে৷ আমি গৈ প্ৰথমে জাহাজৰ বাতৰি সুধিলোঁ৷ বাবুৱে কলে যে জাহাজ দহবজাতে সেইখিনি পাবৰ কথা, কিন্তু ইমান নিশালৈকে যেতিয়া আহি নাপালে, আৰু আহিবৰ বৰ ভৰষা নাই, বিশেষতঃ নৈত এতিয়া লাহে লাহে কুঁৱলি উঠিবলৈ লাগিছে৷ বাবুজনক কথাবাৰ্ত্তাত বৰ ভাল পালোঁ৷ নিশাটো আমি তেওঁৰ অফিচত পৰি থাকিব পাৰিমনে নোৱাৰিম বুলি তেওঁক সুধিলোঁ৷ তেওঁ দেখোঁ খপ কৰে সম্মত হল আৰু আমি শুবলৈ এটা ঘৰ দেখুৱাই দিলে৷ ঘৰটোত সোমাই চালোঁ, তাত এখন খাট আছে, খাটত এখন দলিচা পৰা আছে৷ এনে ব্যবস্থা দেখি আমাৰ মনত বৰ ৰং লাগিল৷ ৷ আমি তিনিও জনে সেই খাটতে বাগৰ দিলোঁ৷ মোৰ লগৰীয়া দুজন বয়সত মোতকৈ সৰু, মই বুঢ়া মানুহ৷ খাটত বাগৰ দিয়া মাত্ৰেই তেওঁলোক দুজনে নিতত হল৷ মোৰ হলে টোপনি অহা নাই, জানোচা ৰাতি কেতিয়াবা জাহাজ ওলায় হি আৰু আমাক এৰি যায়৷ এই বোৰ ভাবি চিন্তি পৰি আছোঁ৷ 

 আমি শোৱা কোঠালিৰ দক্ষিণে ঘৰটোৰ আৰু এটা কোঠাঠি আছে৷ তাত জুই ধৰি কোনোবা এজনে পুঁৱাই আছে, আৰ নিজে নিজে কিবা কিবি বকি আছে এনেতে আৰু এজন মানুহ আহি সোমাল৷ সিহঁত দুইৰো ভিতৰত যি কথাবাৰ্তা হল তাৰ পৰা বুজিলোঁ যে আগৰজন মানুহ সেই জাহাজ অফিচৰেই চাকৰ আৰু দ্বিতীয়জন দেওৱানী আদালতৰ টেকেলা৷ টেকেলা জনে কৰবাত মাল ক্ৰোকী পৰোৱানা জাৰি কৰি সেই নিশা জাৰত কঁপি কঁপি ওলাইছেহি৷ টেকেলা আহি পোৱাৰ কিছুমান পৰৰ পাচত দুয়োজনে বহি জলপান খাবৰ দিহা কৰিলে৷ সেই নিশা, জুইৰ ওচৰত বহি জলপানৰ বাটি আগত লৈ সিহঁত দুই জনে যিবিলাক মন্তব্য প্ৰকাশ কৰিলে, তাৰ সংক্ষিপ্ত বিবৰণ অলপ কোৱা যাব৷
জাহাজৰ চাকৰ—তুমি এই ৰাতি ইমান হাবিৰ মাজেদি৷ কেনেকৈ আহিলা?
দেওৱানী টেকেলা—এই ৰাতি! এই ৰাতি নাহিলে হয় নে? কালিলৈ মোকৰ্দ্দমাৰ দিন, পৰোৱানা জাৰিৰ ৰিপোৰ্ট নিদিলে নচলে৷ সেই দেখি মৰণত শৰণ দি কথমপি এইখিনি ললোহি৷
জা চা—মই ভাবিছিলোঁ মোৰ হে সুখ নাই, দুপৰ নিশালৈ জাহাজ আহিব জাহাজ আহিব বুলি ৰৈ থাকিব লাগে৷ কোনবা দিনা জাহাজ আহে, কোনবা দিনা বা নাহেই, তেও মই ৰাতি তিনি বজালৈ জপৰ জপৰ মাৰি থাকিব লাগে৷ এতিয়া দেখো টেকেলা বিলাকৰো সেই দুখ৷ 

 এই দৰে সিহঁতে কথা পাতি ক্ৰমে গৈ সুখীয়া কোন, দুখীয়া কোন, ভোগ কি, কোনে ভোগ কৰিবলৈ পায়, এই বোৰ বিষয়ৰ আলোচনাত পৰিল, মই মনে মনে সিহঁতৰ কথা শুনি আছিলোঁ৷ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top