সেই বিখ্যাত ভাষাণটো

“Stay Hungry Stay Foolish“

বন্ধুসকল আপোনালোকৰ বহুতেই হয়তো Steve Jobs ৰ নাম শুনিছে৷ যিসকলে শুনা নাই তেওঁলোকক জনাও, Steve Jobs হ’ল বিশ্বৰ বৃহৎ “Apple” কোম্পানীৰ প্ৰতিষ্ঠাতা। তেওঁ এজন ভাল ব্যৱসায়ী আৰু লগতে আৱিষ্কাৰক। ইয়াৰ উপৰিও তেওঁক পৃথিৱীৰ আগশাৰীৰ Motivator আৰু বক্তা হিচাপেও জনা যায়। এই ভাষণটো তেওঁ Stanford University ৰ দীক্ষান্ত সমাৰোহত 12 June 2005 ত দিছিল। ভাষণটোত তেওঁ তেওঁৰ জীৱনৰ তিনিটা কাহিনী উল্লেখ কৰিছে যিয়ে আপোনাৰো জীৱনৰ গতিপথ সলনি কৰি দিব পাৰে।

ধন্যবাদ! আজি বিশ্বৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয়ৰ মাজৰ এখনৰ দীক্ষান্ত সমাৰোহত উপস্থিত হৈ মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আজি মই আপোনালোকক এটা সঁচা কথা কওঁ; মই কেতিয়াও কোনো কলেজৰ পৰা উত্তীৰ্ণ হোৱা নাই। কিন্তু আজি মই এখন কলেজৰ দীক্ষান্ত সমাৰোহত উপস্থিত আছো। আজি মই আপোনালোকক মোৰ নিজৰ জীৱনৰ তিনিটা কাহিনী শুনাব বিচাৰিছো, বেছি একো নহয় মাত্ৰ তিনিটা কাহিনী।

মোৰ প্ৰথম কাহিনী Dots connect কৰাৰ বিষয়ে (ইয়াত Dots(.) অৰ্থ হ’ল সৰু সৰু ঘটনা):

Read কলেজত নামভৰ্তি লোৱাৰ ছমাহৰ ভিতৰতে মই পঢ়া এৰিলো, কিন্তু তাৰপিছতো মই ১৮ মাহ লৈকে তালৈ কেনেবাকৈ অহা যোৱা কৰিলো। এতিয়া প্ৰশ্ন হ’ল মই কলেজ কিয় এৰিলো? আচলতে, ইয়াৰ আৰম্ভণি মোৰ জন্মৰো আগৰ। মোৰ Biological Mother এগৰাকী ডেকা অবিবাহিত গ্ৰেজুৱেত ষ্টুডেণ্ট আছিল। গতিকে তেওঁ মোক কোনো গ্ৰেজুৱেত দম্পতীয়ে তুলি লোৱাটো বিচাৰিছিল। সকলোবিলাক একদম ঠিকেই আছিল আৰু মই এজন উকীল আৰু তেওঁৰ পত্নীৰ দ্বাৰা তুলি ল’বলগীয়া আছিলোঁ। কিন্তু হঠাৎ তেওঁলোকে মন সলনি কৰিলে আৰু সিদ্ধান্ত ল’লে যে তেওঁলোকক এজনী ছোৱালী হে লাগে। সেইবাবে তেতিয়া মাজনিশা মোৰ মা দেউতাক, যিয়ে তেতিয়ালৈ অপেক্ষাৰ তালিকাত আছিল, ফোন কৰি সুধিলে যে, “আমাৰ তাত এটা Baby Boy আছে, আপুনি তাক তুলি লব বিচাৰে নেকি?” প্ৰতুত্তৰত তেওঁলোকে তৎক্ষণাৎ সন্মতি দি দিলে।

পিছত মোৰ জন্মদাতৃ মাতৃয়ে গম পালে যে মোৰ মা কলেজ পাছ নহয় আৰু মোৰ দেউতাতো হাইস্কুল পাছো নহয়। এইকাৰণে তেওঁ তুলি লোৱাৰ কাগজত চহী কৰিবলৈ মানা কৰি দিলে। কিন্তু কিছুমাহ পিছত মোৰ হব লগা মা দেউতাই মোক কলেজত পথোৱাৰ আশ্বাস দিয়াত তেওঁ মান্তি হ’ল। মোৰ জীৱনৰ আৰম্ভণি এনেদৰেই হ’ল আৰু ১৭ বছৰ পিছত মই কলেজ গলো। কিন্তু ভুলতে মই Stanford ৰ দৰে দামী কলেজ এখন বাছনি কৰিলোঁ। মোৰ মা-দেউতাৰ সমগ্ৰ জমা পুঁজি মোৰ পঢ়াত খৰচ হ’ব ধৰিলে।

ছমাহ পিছত মই এই পঢ়াৰ কোনো মূল্য নেদেখিলো। মোৰ কোনো ধাৰণা নাছিল যে মই নিজৰ জীৱনত কি কৰিব বিচাৰিছো আৰু কলেজে মোক এই বিষয়ত কেনেদৰে সহায় কৰিব৷ তদুপৰি মই মোৰ মা দেউতাৰ জীৱন ভৰৰ উপাৰ্জন খৰচ কৰি আছিলো। এইকাৰণে মই কলেজ বাদ দিবলৈ নিৰ্ণ‌য় কৰিলো আৰু ভাবিলো যি হব ভালেই হব। সেই সময়ত এইবোৰ বৰ ভয়ানক কথা আছিল কিন্তু যেতিয়াই মই পিছফালে ঘূৰি চাও মই ভাবো যে এইতো মোৰ জীৱনৰ আটাইতকৈ ভাল সিদ্ধান্ত আছিল।

যেতিয়াই মই কলেজ এৰিলো মোৰ ওপৰৰ পৰা লাগতিয়াল ক্লাছ কৰাৰ বাধ্যতা শেষ হৈ গ’ল। মই মনে মনে কেৱল নিজৰ ভাল লগা ক্লাছবোৰহে কৰিবলৈ ধৰিলো। এই সকলোবোৰ ইমান সহজ নাছিল। মোৰ থাকিবলৈ কোনো ৰুম নাছিল, এইকাৰণে মোৰ বন্ধুৰ ৰুমৰ মজিয়াত শুব লগা হৈছিল। মই ক’কৰ বটল উভতাই পোৱা টকাৰে খাদ্য খাইছিলো। মই প্ৰত্যেক ৰবিবাৰে ৭ মাইল খোজ কাঢ়ি হৰে কৃষ্ণ মন্দিৰলৈ গৈছিলো, যাতে কমেও সপ্তাহত এদিন পেটভৰাই খাদ্য খাবলৈ পাওঁ। অৱশ্যে এই কাৰ্য মই বৰ ভাল পাইছিলো।

মই মোৰ জীৱনত যিবোৰ নিজৰ হাবিয়াস আৰু মনোশান্তিৰ বাবে কৰিছিলো পিছত সেইবোৰ মোৰ কাৰণে মুল্যহীন প্ৰমাণিত হ’ল। মই এটা উদাহৰণ দিও, সেই সময়ত Read college চাগে পৃথিবীৰ সকলোতকৈ ভাল স্থানত আছিল য’ত লিপিবিদ্যা (Calligraphy) শিকোৱা হৈছিল। গোটেই চৌহদৰ প্ৰতিখন পোষ্টাৰ, প্ৰতিখন বেনাৰ বৰ ধুনীয়াকৈ হাতেৰে লিপিবদ্ধ কৰা হৈছিল।

যিহেতু মই কলেজ বাদ দিছিলো এইকাৰণে মোৰ সাধাৰণ ক্লাছ কৰাৰ কোনো প্ৰয়োজন নাছিল। মই নিশ্চিত কৰিলো যে মই লিপিবিদ্যাৰ ক্লাছবোৰ কৰিম আৰু ইয়াক ভালদৰে শিকিম। মই serif আৰু sans-serif type-faces ৰ বিষয়ে শিকিলো; বেলেগ বেলেগ letter combination ৰ মাজত space vary কৰা আৰু কোনো উৎকৃষ্ট লিপিবিদ্যাক কি উপাদানে ভাল বনায়, এইটোও শিকিলো। এই বিদ্যা অতি সুন্দৰ আৰু ইমান ৰুচিসম্পন্ন আছিল যে ইয়াক বিজ্ঞানৰ দ্বাৰা প্ৰকাশ কৰিব পৰা নগৈছিল৷ ইয়াক মোৰ বহুত ভাল লাগিছিল।

আচলতে, যেতিয়া মই কলেজত আছিলো তেতিয়া ভবিষ্যতৰ কথা ভাবি এই Dots (.) বোৰ সংযোগ কৰাতো অসম্ভৱ আছিল৷ কিন্তু ১০ বছৰ পিছত যেতিয়া মই পিছফালে ঘূৰি চাওঁ তেতিয়া সকলোবোৰ একদম শুদ্ধ দেখা গৈছিল। আপুনি কেতিয়াও ভৱিষ্যতত চাই Dots connect কৰিব নোৱাৰে। আপুনি কেবল অতীত চাইহে Dots connect কৰিব পাৰে, এইকাৰণে আপুনি বিশ্বাস কৰিব লাগিব যে এতিয়া যি হৈ আছে সেয়া আগলৈ গৈ কেনেবাকৈ হ’লেও আপোনাৰ ভৱিষ্যতৰ লগত যুক্ত হৈ যাব। আপুনি কোনোবা নহয় কোনোবা বস্তুত বিশ্বাস কৰিবই লাগিব-নিজৰ সাহসত, নিজৰ লক্ষ্যত, নিজৰ জীৱন নতুবা নিজৰ কৰ্মত, কোনোবা নহয় কোনোবা বস্তুত বিশ্বাস কৰিবই লাগিব, কাৰণ এই কথাত বিশ্বাস কৰাতো যে আগলৈ গৈ Dots connect হব আপোনাক আপোনাৰ হৃদয়ৰ শব্দ শুনাত সাহস দিব, তেতিয়া যেতিয়া আপুনি একেবাৰে বেলেগ পথত চলি থাকিব…and that will make the difference.

মোৰ দ্বিতীয় কাহিনী, প্ৰেম আৰু লোকচানৰ বিষয়ে:

মই যি বস্তু বিচাৰিছিলো সেইটো মই সোনকালে পাই গলো। ৱোজ্ (Woz) আৰু মই নিজৰ মা দেউতাৰ গেৰাজৰ পৰা Apple আৰম্ভ কৰিলো৷ তেতিয়া মই ২০ বছৰীয়া আছিলো। আমি বহুত পৰিশ্ৰম কৰিলো আৰু ১০ বছৰত Apple দুইজন ব্যক্তিৰ পৰা বাঢ়ি $২ Billion আৰু ৪০০০জন ব্যক্তিৰ কোম্পানীলৈ পৰিবৰ্তন হ’ল। আমি এতিয়া এবছৰ আগেয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি Macintosh মুকলি কৰিছো। মই ৩০ বছৰীয়া হোৱাত মোক কোম্পানীৰ পৰা বাহিৰ কৰি দিয়া হ’ল।

আপুনি নিজে বনোৱা কোম্পানীৰ পৰা বাহিৰ কেনেদৰে হব পাৰে? well, যেতিয়া কোম্পানীটো আগবাঢ়িল, আমি এনে এজন প্ৰতিভাশালী মানুহক নিযুক্ত কৰিলো, যাক মই ভাবিছিলো সি মোৰ লগত লগ লাগি কোম্পানী আগবঢ়াব৷ প্ৰথম ১ বছৰ সকলোবোৰ ঠিকে চলিল, কিন্তু পিছত কোম্পানীৰ ভৱিষ্যত পৰিকল্পনাক লৈ আমাৰ দুয়োৰে মাজত মতভেদ হবলৈ ধৰিলে। কথাতো পৰিচালক মণ্ডলীৰ মাজলৈ গ’ল আৰু তেওঁলোকে তাৰ সংগ দিলে৷ গতিকে ত্ৰিশ বছৰ বয়সত মোক উলিয়াই দিলে… মোক ৰাজহুৱা ভাবে উলিয়াই দিয়া হ’ল। মোৰ জীৱনৰ লক্ষ্য এতিয়া শেষ হৈ গৈছিল৷ এইটো মোক সম্পূৰ্ণ ৰূপে ধ্বংস কৰিবলগীয়া ঘটনা আছিল। মই আগন্তুক কিছু মাহলৈকে ভাবিবয়ে পৰা নাছিলো যে মই কি কৰিম।

মোৰ অনুভৱ হ’ল যে এই সকলোবোৰ ইমান সহজে গ্ৰহণ কৰি মই প্ৰথম প্ৰজন্মৰ উদ্যোক্তাক অপমানিত কৰিছো। মই David Packard আৰু Bob Noyce ক লগ ধৰিলো আৰু তেওঁলোকক সকলোবোৰ এনেদৰে হোৱাৰ বাবে ক্ষমা বিচাৰিলোঁ। মই এজন চূড়ান্ত ভাৱে অসফল ব্যক্তি হৈ পৰিছিলোঁ৷ এবাৰতো মই সেই ঠাইৰ এৰি যোৱাৰ কথাও ভাবিলো। কিন্তু লাহে লাহে মোৰ অনুভৱ হ’ল যে মই যি কাম কৰো, তাৰ কাৰণে মই এতিয়াও যোগ্য। Apple ত যিবোৰ হ’ল তাৰ কাৰণে মোৰ কৰ্মদক্ষতাত অকনো প্ৰভাৱ পৰা নাই৷ মোক নাকচ কৰি দিয়া হৈছিল, কিন্তু মই এতিয়াও নিজৰ কামটোক ভাল পাওঁ। এইকাৰণে মই আৰু এবাৰ আৰম্ভ কৰা কথা ভাবিলো। মই তেতিয়া নাভাবিলেও এতিয়া ভাবো যে Apple ৰ পৰা উলিয়াই দিয়াৰ দৰে ভাল কাম মোৰ কাৰণে একোৱে নাছিল। সফল হোৱাৰ বোজা এতিয়া প্ৰৱৰ্তক হোৱাৰ বোজাহীনতালৈ সলনি হৈ গৈছিল৷ মই পুনৰ নিজকে বহুত মুক্ত অনুভৱ কৰিছিলো। এই স্বাধীনতাৰ বাবে মই জীৱনৰ আটাইতকৈ ক্ৰিয়াশীল ভাগত গৈ পাইছিলো।

আগন্তুক ৫ বছৰত মই এটা কোম্পানী NeXT আৰু দ্বিতীয়টো কোম্পানী Pixar আৰম্ভ কৰিলো আৰু সেই সময়তে মোৰ চিনাকি এগৰাকী আমোদজনক মহিলাৰ সৈতে হ’ল যিগৰাকী আগলৈ গৈ মোৰ পত্নী হ’ল। Pixar য়ে বিশ্বৰ প্ৰথমখন কম্পিউটাৰ এনিমেটেড ফিল্ম, ”Toy Story” বনালে আৰু বৰ্তমান ই বিশ্বৰ আটাইতকৈ সফল animation studio. Apple এ এটা অপ্ৰত্যাশিত খোজ লৈ NeXT ক কিনি ল’লে আৰু মই পুনৰ Apple লৈ উভতি গ’লো। আজি Apple য়ে NeXT ৰ দ্বাৰা বিকশিত হোৱা প্ৰযুক্তি ব্যৱহাৰ কৰে।

এতিয়া Lorene আৰু মোৰ এটা সুন্দৰ পৰিয়াল আছে। মই একেবাৰে নিশ্চয়তাৰে কব পাৰো যে যদি মোক Apple ৰ পৰা নুলিয়ালে হেতেন তেতিয়া হয়টো মোৰ লগত এইবোৰ ঘটনা নঘটিল হেতেন। এইটো এটা তিতা ঔষধ আছিল কিন্তু বেমাৰীক হয়তো ইয়াৰ প্ৰয়োজন আছিল। কেতিয়াবা কেতিয়াবা জীৱনে আমাক এনেধৰণৰ ঠেকা খুৱাই। নিজৰ বিশ্বাস নেহেৰুৱাব। মই বিশ্বাসেৰে কব পাৰো যে মই কেবল এইকাৰণে আগবাঢ়ি গৈ থাকিলো কাৰণ মই নিজৰ কামক ভাল পাইছিলোঁ… I love my work.

আচলতে আপুনি কি কৰিব বিচাৰে সেয়া জনাৰ দৰকাৰ৷ যিমানে নিজৰ প্ৰেমক বিচাৰি উলিওৱাটো দৰকাৰ সিমানেই সেই কামটোক বিচৰাটোও দৰকাৰ যাক আপুনি সঁচাকৈয়ে উপভোগ কৰে৷ আপোনাৰ কাম আপোনাৰ জীৱনৰ এটা ডাঙৰ অংশ হব আৰু সঁচাকৈয়ে সন্তুষ্ট হোৱাৰ এটাই উপায় আছে যে আপুনি সেইটো কৰক যিটোক আপুনি সঁচাকৈয়ে ডাঙৰ কাম বুলি ভাবে আৰু ডাঙৰ কাম কৰাৰ এটায়ে উপায় আছে যে আপুনি সেইটো কৰক যিটো কৰি আপুনি উপভোগ কৰে। যদি আপুনি এতিয়ালৈ সেই কামতো পোৱা নাই আপুনি ৰৈ নাযাব; তাক বিচাৰি থাকক যেনেকুৱা হৃদয়ৰ লগত জড়িত প্ৰত্যেক বস্তুৰ লগত হয়৷ যেতিয়া আপুনি তাক পাব তেতিয়া আপুনি গম পাব আৰু যেনেকুৱা এটা ভাল সম্পৰ্কৰ লগত হয় সি সময়ৰ লগত আৰু ভাল হৈ যাব, এইকাৰণে বিচাৰি থাকক…ৰৈ নাযাব।

মোৰ তৃতীয় কাহিনী মৃত্যুৰ বিষয়ে:

যেতিয়া মই ১৭ বছৰৰ আছিলো তেতিয়া মই এটা প্ৰবাদ পঢ়িলো, যিটো এনে ধৰণৰ আছিল, ”যদি আপুনি প্ৰতিটো দিন এনেদৰে ভাবি চলে যে এইতো আপোনাৰ অন্তিম দিন, তেনেহ’লে কোনোবাদিনা আপুনি শুদ্ধ প্ৰমাণিত হৈ যাব।” এইতোও মোৰ মগজুত এটা চাপ বহাই দিলে আৰু তেতিয়াৰ পৰা যোৱা ৩৩ বছৰ ধৰি, মই প্ৰতিদিনে পুৱা উঠি আইনাত চাওঁ আৰু নিজকে এটা প্ৰশ্ন কৰো, – যদি এই দিনটো মোৰ জীৱনৰ শেষ দিন হয় তেনেহ’লে মই এই কামতো কৰিম নে যিটো মই কৰিবলৈ ওলাইছো? আৰু যেতিয়াই একেৰাহে বহুত দিনলৈ উত্তৰ “No” হয়, মই বুজি পাওঁ যে কিছু সলনিৰ দৰকাৰ আছে।

যেতিয়া এই কথা মনত ৰখা হয় যে মই অতি সোনকাল মৰি যাম তেতিয়া মোৰ নিজৰ জীৱনৰ ডাঙৰ সিদ্ধান্ত লোৱাত সকলোতকৈ বেছি সহায়ক হয়৷ কাৰণ যেতিয়া এক বাৰ মৃত্যুৰ কথা ভাবো তেতিয়া সকলো আশা, সকলো সাহস, অসফল হোৱাৰ ভয়, সকলোবোৰ নোহোৱা হৈ যায় আৰু কেৱল সেইটোহে বাকী ৰয় যিটো আচলতে প্ৰয়োজনীয়। এই কথা ভবাটো যে এক দিন মৰিবই লাগিব, যিকোনো বস্তু হেৰুওৱাৰ ভয় দূৰ কৰাৰ সকলোতকৈ ভাল উপাই। আপুনি আগৰ পৰাই কঙাল। গতিকে আন কোনো কাৰণ নাই নিজৰ হৃদয়ৰ কথা নুশুনাৰ।

প্ৰায় ১ বছৰ আগতে গম পালো যে মোৰ কেঞ্চাৰ হৈছে। ৰাতিপুৱা ৭-৩০ বজাত মোৰ স্কেন হ’ল, যত পৰিষ্কাৰ কৈ দেখা পোৱা গৈছিল যে মোৰ অগ্নাশয়ত টিউমাৰ আছে। মইটো জনায়ে নাছিলো যে অগ্নাশয় কি। ডাক্তৰে প্ৰায় বিশ্বাসেৰেই কলে যে মোৰ এটা এনেকুৱা কেঞ্চাৰ হৈছে যাৰ চিকিৎসা সম্ভব নহয় আৰু এতিয়া মই মাত্ৰ তিনিৰ পৰা ছমাহৰ আলহী। ডাক্তৰে পৰামৰ্শ দিলে যে মই ঘৰলৈ যাওঁ আৰু সকলোবোৰ বস্তু থিক কৰি লওঁ, যাৰ অপ্ৰত্যক্ষ অৰ্থ হ’ল, ”আপুনি মৰিবলৈ সাজু হৈ লওক।” ইয়াৰ অৰ্থ হ’ল আপুনি চেষ্টা কৰক যাতে আপুনি নিজৰ ল’ৰা ছোৱালীৰ লগত যিবোৰ কথা অহা ১০ বছৰত পাতিব বুলি ভাবিছিল, সেইবোৰ অহা কিছু মাহতে পাতি লওক। ইয়াৰ মানে হ’ল আপুনি সকলোবোৰ সু-ব্যৱস্থা কৰি লওক যাতে আপুনি যোৱাৰ পিছত আপোনাৰ পৰিয়ালৰ বেছি সমস্যা নহয়। ইয়াৰ মানে হ’ল আপুনি সকলোকে Good-bye কৰি লওক।

মই গোটেই দিনটো এই লক্ষণবোৰৰ সৈতে কটাইছিলো পিছত গধূলি মোৰ biopsy হ’ল য’ত মোৰ গলৰ ৰাস্তাৰে পেতেৰে হৈ মোৰ অন্ত্ৰত এটা endoscope ভৰাই দিলে আৰু এটা বেজিৰে টিউমাৰৰ পৰা কিছু cell উলিয়াই অনা হ’ল। মই মুৰ্ছিত অৱস্থাত আছিলো৷ কিন্তু মোৰ পত্নী, যি তাত উপস্থিত আছিল তেওঁ ক’লে যে যেতিয়া ডাক্তৰে অণুবীক্ষণ যন্ত্ৰৰে মোৰ Cells চাইছিল তেওঁ কান্দি পৰিছিল৷ আচলতে cells দেখি ডাক্তৰে গম পাইছিল যে মোৰ এক বহুত দুৰ্লভ প্ৰকাৰৰ Pancreatic কেঞ্চাৰ হৈছে যিটো অস্ত্ৰোপচাৰৰ দ্বাৰা থিক হব পাৰে। মোৰ অস্ত্ৰোপচাৰ হ’ল আৰু সোভাগ্যৰ ফলত মই এতিয়া থিকে আছো।

মৃত্যুৰ ইমান ওচৰলৈ মই ইয়াৰ আগতে কেতিয়াও গৈ পোৱা নাছিলো আৰু আশা কৰো অহা কিছু দশকলৈ যাতে নাযাওঁ। এই সকলোবোৰ হোৱাৰ পিছত মই আত্মবিশ্বাসেৰে ক’ব পাৰোঁ যে মৃত্যু এটা উপযোগী কিন্তু এটা বৌদ্ধিক ধাৰণা। কোনোৱে মৰিব নিবিচাৰে, যিবিলাক মানুহে স্বৰ্গক যাবলৈ বিচাৰে আনকি তেওঁলোকেও মৰিব নিবিচাৰে। তথাপিও মৃত্যু এনে এক পথ যিটো আমি সকলোৱে অনুভৱ কৰো। আজিলৈকে ইয়াৰ পৰা কোনেও বাচিব পৰা নাই৷ এনেকুৱাই হব লাগে কাৰণ মৃত্যুৱে এই জীৱনৰ সকলোতকৈ ডাঙৰ আৱিষ্কাৰ। ইয়ে জীৱনক সলনি কৰে, পুৰণিক গুচাই নতুনৰ পথ খুলি দিয়ে। এই সময়ত নতুন আপুনি। কিন্তু বেছি দিন নহয়, কিছু দিনৰ পিছত আপুনিও পুৰণি হৈ যাব আৰু ৰাস্তাৰ পৰা আঁতৰ হৈ যাব। ইমান নাটকীয় হোৱাৰ বাবে ক্ষমা বিচাৰিছো কিন্তু এইটো সত্য।

আপোনাৰ সময় সীমিত, গতিকে আন কাৰোবাৰ জীৱন যাপন কৰি ইয়াক অপচয় নকৰিব। বেকাৰ চিন্তাত আবদ্ধ নহব৷ নিজৰ জীৱনটোক আনৰ হিচাপেৰে নচলাব। আনৰ মনোভাবৰ কোলাহলত নিজৰ অনুভূতিক ডুবিবলৈ নিদিব। তেওঁলোকে আগৰ পৰাই জানে যে আপুনি আচলতে কি হব বিচাৰে। বাকী সকলোবোৰ গৌণ।

যেতিয়া মই সৰু আছিলো তেতিয়া এক অদ্ভুৎ প্ৰকাশন “The whole earth catalogue” আছিল, যিটো মোৰ প্ৰজন্মৰ বাইবেলৰ ভিতৰৰ এখন আছিল। ইয়াক Stuart brand নামৰ এজন ব্যক্তি, যিজন ইয়াৰ Melon park ত কৈ বেছি দুৰত থকা নাছিল৷ তেখেতে ইয়াক নিজৰ কাব্যিক স্পৰ্শৰে জীৱন্ত কৰি তুলিছিল। এইটো ষাঠিৰ দশকৰ কথা, যেতিয়া কম্পিউটাৰ আৰু desktop Publishing বিকশিত হোৱা নাছিল। সকলোবোৰ catalogue… typewriters, scissors আৰু Polaroid camera ৰ সহায়ত বনোৱা হৈছিল। সেইটো কিছুসময়ত এনেকুৱা আছিল যেন Google ক এখন কিতাপৰ ৰূপ দিয়া হৈছিল…সেইটোও Google অহাৰ ৩৫ বছৰ আগতে। সেইটো এটা আদৰ্শ আছিল ভাল সঁজুলি আৰু মহান বিচাৰেৰে ভৰপূৰ।

Stuart আৰু তেওঁলোকৰ গ্ৰুপটোৱে “The whole earth catalogue” ৰ বহুটো সংস্কৰণ উলিয়ালে আৰু শেষত এটা অন্তিম সংস্কৰণ উলিয়ালে। এইটো সত্তৰ দশকৰ মধ্যভাগত আছিল৷ তেতিয়া মই আপনালোকৰ নিচিনা আছিলো। অন্তিম সংস্কৰণৰ শেষৰ পৃষ্ঠাত প্ৰাত: কালৰ গাঁও এখনৰ ৰাস্তাৰ দৃশ্য আছিল, সেইটো এনেকুৱা ৰাস্তা আছিল য’ত যদি আপুনি সাহসীও হয় তথাপিও কাৰোবাৰ সহায় খুজিব বিচাৰিব। সেই চিত্ৰটোৰ তলত লিখা আছিল, “Stay Hungry, Stay Foolish“. এইটো তেখেতৰ বিদায় বাৰ্তা আছিল যেতিয়া তেখেতে বিদায় লৈছিল, “Stay hungry stay foolish” আৰু মই নিজৰ কাৰণে সদায় এইটোৱে আশা কৰিছো৷ এতিয়া যেতিয়া আপোনালোক ইয়াৰ পৰা গ্ৰেজুৱেট হবলৈ ওলাইছে মই আপোনালোকৰ বাবেও এয়ে আশা কৰো, Stay Hungry, Stay Foolish. Thank you all very much.“

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top