সৰস্বতী পূজা | saraswati puja in assamese

সৰস্বতী পূজা | saraswati puja in assamese

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “Saraswati puja in assamese” ৰচনা খনৰ জৰিয়তে সৰস্বতী পূজাৰ আৰম্ভণি তথা ইয়াৰ মহত্ত্বৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, সৰস্বতী পূজাৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

ভূমিকা- saraswati puja in assamese

আদিম কালত মানুহে প্রাকৃতিক শক্তি সমূহৰ মাজত আচৰিত গুণ বিচাৰি পাইছিল। তাৰে কিছুমানৰ বাবে তেওঁলােকে আতংকিত হৈছিল আৰু আন কিছুমানৰ বাবে মােহিত হৈছিল। এই দুয়ােটা দিশৰ প্ৰতি উদয় হােৱা মনােভাৱ প্ৰকাশৰ বাবে তেওঁলােকে কিছুমান কর্ম কৰিবলৈ লৈছিল। সেইবােৰৰ পৰাই পূজা-সেৱা বা আধ্যাত্মিক মনােভাৱৰ সৃষ্টি। 

এটা সময়ত এই আধ্যাত্মিক মনােভাৱ প্ৰকাশৰ মাধ্যম সমুহ উৎসৱলৈ পৰিৱর্তিত হ’ল। সময়ৰ পৰিৱর্তনে ইয়াত সহায় কৰিলে। মানুহে বিভিন্ন দেৱ-দেৱীৰ কল্পনা কৰি তেওঁলােকক আৰাধনাৰ বাবে কিছুমান বিশেষ দিন আৰু ৰীতি-নীতি বাছি ল’লে। তেনেদৰেই প্রচলিত হােৱা এটা উৎসৱ হ’ল সৰস্বতী পূজা। সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্রী দেৱী বুলি কোৱা হয়। প্রতি বছৰে মাঘ মাহৰ পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয়। এই উৎসৱ ঘাইকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধিক আকর্ষণীয়।

বাগদেবী সতী আৰাধনা:

বিদ্যা শিক্ষা হ’ল মানুহৰ এটা শ্রেষ্ঠ গুণ। বিদ্যা শিক্ষা গ্রহণে মানৱ মনৰ কু-ভাৱ আঁতৰ কৰি স্বচ্ছতা আনি দিয়ে। জ্ঞানী মানুহৰ অন্তৰ সদায় পৱিত্ৰ হৈ থাকে। এনে এক মহান গুণৰ অধিকাৰীৰূপে মানুহে এগৰাকী দেৱীক কল্পনা কৰিছে মােহনীয় ৰূপত। শুকুলা বস্ত্র পৰিধান কৰা সৰস্বতী দেৱীক এক পৱিত্ৰ ৰূপ প্ৰদান কৰা হৈছে। হাতত বীণা লৈ থকা আৰু পদুম ফুলৰ আসনেৰে সৰস্বতী দেৱীৰ বাহন হংস পক্ষী।

সৰস্বতী পূজা | saraswati puja in assamese

বাগদেৱী, বীণাপাণি, শ্রীপঞ্চমী আদি কেইবাটাও নামেৰে সৰস্বতী দেৱীৰ নামকৰণ কৰা হৈছে। কিতাপ আৰু পুথি সৰস্বতী দেৱীৰ কাষতে কল্পনা কৰা হয়। ইয়াৰ পৰা এক গভীৰ মহত্ব বুজা যায়। সৰস্বতী দেৱীৰ লগত থকা বীণা আৰু কিতাপে সংগীত আৰু বিদ্যা শিক্ষাৰ মাজত থকা যােগসূত্র বুজাইছে। প্রকৃততে সুকুমাৰ কলাৰ প্ৰতিটো ক্ষেত্ৰতে সৰস্বতী দেৱী আৰাধ্য গােসানী।

সৰস্বতী পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত পালন কৰা হয়। সৰস্বতী_পূজাৰ দিনটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি আকাংক্ষিত দিন। পূজাৰ আগদিনাৰ পৰা সকলাে ব্যস্ত হৈ পৰে। মণ্ডপ সজাই তাত দেৱী প্রতিমাক প্রতিষ্ঠা কৰে। পূজাৰ দিনা উপাবাসেৰে নিয়ম-নীতিৰ মাজেৰে শিক্ষা গ্রহণকাৰীসকলে দেৱীৰ চৰণত আৰাধনা কৰে। ফুল তুলসী-বেলপাতেৰে শুদ্ধি কৰি মন্ত্র পাঠেৰে পুস্পাঞ্জলি অর্পণ কৰে। বিদ্যার্থীসকলে স-ভক্তিৰে জ্ঞান বৃদ্ধিৰ বাবে সৰস্বতী মাতৃৰ আশীর্বাদ কামনা কৰে। মাহ-প্ৰসাদ-ভােগ খাই উপবাসৰ অন্ত পেলায়।

সুন্দৰ সাজপাৰ পৰিধান কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেই দিনটো বিশেষ গুৰুত্বপূর্ণ। পৰিষ্কাৰভাৱে নিজকে সুন্দৰ ৰূপত সজাই মনৰ আনন্দেৰে দিনটো পাৰ কৰি ছাত্র-ছাত্রীসকলে ভাল পায়। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে আন আন অনুষ্ঠানৰ পূজা থলী দর্শন কৰি আন্তৰিকতাৰ ভাব বৃদ্ধি কৰে। প্রীতিভােজনৰ দৰে কার্যসূচীৰ আয়ােজন কৰি আতিথ্য প্রদান কৰা হয়।

সৰস্বতী পূজা | saraswati puja in assamese

পূজাৰ দিনটোৰ কাৰ্যসূচীৰ অন্তত বহুতে সন্ধ্যা দেৱীৰ আৰতি, সাংস্কৃতিক অনুষ্ঠান আদিৰাে আয়োজন কৰে। পাছৰ দিনটো দেৱীৰ বিসর্জন দিন। প্রতিমা লৈ শােভাযাত্রা কৰি নদ-নদী বা জলাশয়ত প্রতিমা বিসর্জন দিয়া হয়। অৱশ্যে কিছুসংখ্যকে বিদ্যাৰ অধিষ্ঠাত্রী দেৱীক বিসর্জন নিদি সযতনে শিক্ষানুষ্ঠানত ৰাখি থয়। বহুতে আকৌ ডাঙৰ গছৰ তল বা নদীৰ পাৰ আদিত থৈ অহাও দেখা যায়। ই পৰিৱেশত বেয়া প্ৰভাৱ পেলায়।

অনুষ্টুপীয়াকৈ পালন কৰা হয় যদিও সৰস্বতী পূজাৰ মাজত এক অনাবিল আনন্দ আছে। শিক্ষাৰ প্ৰতি ধাউতি বঢ়াই ছাত্ৰ-ছাত্ৰীসকলক ‘ছাত্ৰা নং অধ্যয়নং তপঃ’ মন্ত্ৰৰে দীক্ষিত কৰােৱাই সৰস্বতী পূজাৰ উদ্দেশ্য। বিভিন্ন কাৰিকৰী শিক্ষানুষ্ঠান, বেংক, বাতৰিকাকতৰ কার্যালয় আদিতে সৰস্বতী পূজা পালন কৰা দেখা যায়।

সামৰণি:- সৰস্বতী পূজা

বর্তমান ইলেকট্রনিক মাধ্যমৰ যুগত আমাৰ দেশত সৰস্বতী পূজাৰ প্ৰতি থকা ধাউতিৰ বিষয়টোত যে বিতর্কৰ সূত্রপাত হােৱা নাই এনে নহয়। অন্যহাতে ধৰ্মনিৰপেক্ষতাক সংবিধানে স্বীকৃতি দিয়াৰ পাছত আমাৰ শিক্ষানুষ্ঠানসমূহত বিনাবাধাই সৰস্বতী পূজা পালন কৰা হয়। ধৰ্মৰ ভিন্নতা পাহৰি সকলাে ছাত্র-ছাত্রী এক ধৰ্মৰ হৈ এনে উৎসৱ পালন কৰা কাৰ্যক মহানুভাৱতাৰ পৰিচয় পােৱা যায়। সৰস্বতী পূজাত সকলাে ছাত্র-ছাত্রী এক ছাত্র ছায়াৰ তললৈ আহি জ্ঞান আহৰণৰ পথ প্রশস্ত হােৱা কামনা কৰে। ছাত্র-ছাত্রীসকলে মনত লাভ কৰা প্ৰশান্তিয়ে সৰস্বতী পুজাৰ তাৎপর্য বৃদ্ধি কৰিছে। 

 

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top