কালিলৈ কৰিম এইকথা বহুত অনৰ্থক মূল। নকৰো বুলি বহি থকা এক কথা আৰু পাচত কৰিম বুলি কাম সাঁচি থৈ দিয়া এক কথা। প্ৰথমটো এটা সমস্যাৰ সিদ্ধান্ত, তাৰ পৰা এটা বিষয়ৰ ওচৰলৈ অহা হয়, আন এটা বিষয়ত হাত দিবলৈ আজৰি পোৱা যায়। দ্বিতীয়টো ঢুলনিৰ ডোল, তাৰ অহা যোৱাৰ ওৰ খয় নাই। কালিলৈ কৰিম বোলা মানুহে নিতৌ কামত ধৰে আৰু নিতৌ কালিলৈ থয়। তাৰ মনটো এবাৰ আগুৱায়, এবাৰ পাচুৱায়, এবাৰ কামৰ ওচৰ চাপে, এবাৰ কাম দেখি কোঁচ খাই আহে। এইদৰে ঢুলনি খেলাঁওতেই তাৰ দিন যায়, কাম কৰা নহয়। কৰিব লগীয়া কাম নকৰিলে মানুহৰ মনত এটা খুদুৱনি লাগে সেই খুদুৱনি গুচাবলৈ কিছুমানে পাচে কৰিম, কালিলৈ কৰিম এই বুলি মনক বোধাই থয়। দীৰ্ঘসূত্ৰতা এলাহৰ ফল, মনত এলাহ ৰাখি তাক ঢাকিবলৈ দীৰ্ঘসূত্ৰীয়ে মুখেৰে নানা আসোঁৱাহ দেখুৱায়; কোনো এবিধ সম্ভাৰৰ নাটনি দীৰ্ঘসূত্ৰীৰ সাধাৰণ ওজৰ, এই ওজৰৰ ঘৰ নাথাকিলে গা বেয়া মন বেয়া লাগিছে বুলি কাম নকৰে। কিন্তু খৰচীয়া মাৰি ওজৰবোৰ বিচাৰি নিলে গুৰিত গৈ এলাহহে পোৱা যায়। এইদৰে মিছায় সঁচায় ওজৰ উলিয়াই হাতত লোৱা কাম পাচুৱাই নিলে সেই কামটোতো নহয়েই তদুপৰি কামটো কৰিম বুলি ৰাখি থোৱা বাবে আন কামতো হাত দিব নোৱাৰি।
সময়ৰ মূল্য নুবুজা মানুহ দীৰ্ঘসূত্ৰী হয়। এক মূহুৰ্তকৰ ভিতৰত সংসাৰ লয়খয় হ’ব পাৰে, এই কথাৰ বোধ যাৰ আছে সি কেতিয়াও ভৱিষ্যৎ নিধিয়ায়, কেতিয়াও কালিলৈ কৰিব বুলি কাম থৈ নিদিয়ে। আলচা কৰ্ম্ম নহয় সিদ্ধি, বাটত আছে কমা বিধি, এই বচন মানুহ নিৰন্তৰে গায়, আৰু ইবাৰ অৰ্থও সকলোৱে বুজে তেও যে কিছুমান মানুহে আলচা কাম পাচলৈ সাঁচি থয়, ই বৰ আচৰিত কথা। ইয়াৰ কাৰণ অৱশ্যে এলাহ। এলাহৰ দণ্ডিত মানুহে কৰিব লগীয়া কাম সুচল পাইও নকৰি আগলৈ থৈ দিয়ে। কিন্তু সকলো কামত এলাহে বাধা দিব নোৱাৰে। যি কাম নকৰিলে গা নৰয় তাত মানুহে এলাহ নকৰে। নামাগিলে মগনীয়াৰ গা নৰয়, সেই দেখি মাগনত মগনীয়াৰ এলাহ নাই। ই অৱশ্যে অন্নজলৰ কথা, উদ্গতিৰ কথাতো তেনেকুৱা নাটনি বোধ হ’লে হামাহিৰ বা দীৰ্ঘসূত্ৰতাৰ মূৰ মৰে। দীৰ্ঘসূত্ৰীৰ মনত সদায় অশান্তি, হাতত লোৱা কাম নকৰা বাবে তাৰ মনত সদায় উগুল থুগুল লাগি থাকে। দীৰ্ঘসূত্ৰতা সঞ্চিত ব্যাধিৰ নিচিনা, দিনে নিশায় সি মানুহক দুখ দিয়ে, এতেকে কৰিবলগীয়া কাম ততালিকে কৰি তাৰ হাতৰ পৰা মুক্ত হোৱা শ্ৰেয়স।
দীৰ্ঘসূত্ৰীয়ে তাৰ কামৰ জোখাৰে ফল নাপায়। যি কামটো আগলৈ কৰিম বুলি আলচি থাকোঁতেই আন এজনে তাক কৰি উলিয়ায় আৰু তাৰ বাবে ধন যশস্যা যি পাব লাগে সি পায়। সংসাৰত আগত যোৱাই ডাঙৰ ভাগ পায়। যেনে কি কাম নহওক সবাতকৈ আগে কৰিব পাৰিলে, সৰহ লাভ কৰিব পাৰি। লোৱৰ কাপ ওলাবৰ আগে দুইজন মানুহে কথাটো আলচি আছিল। এজন দীৰ্ঘসূত্ৰী; সি আঁলচোঁতে থাকিল, আন এজনে কাপ উলিয়াই দি অচিৰে আঢ্যৱন্ত হ’ল। কৰ্ম্ম ক্ষেত্ৰত অৰিয়া-অৰি বৰ ডাঙৰ, তাত আগবাঢ়িব নোৱাৰিলে উদ্গতি নহয়। নতুন কামত যেনে, পুৰণি প্ৰচলিত কামটো তেনে পটন্তৰ। দীৰ্ঘসূত্ৰীয়ে ছেগাচোৰোকাকৈ কৰি বহুত দিনৰ মূৰত এটা কাম শেষ কৰে। আনে সেই সময়ৰ ভিতৰত কেইবাটাও কৰি অঁতায় আৰু সেই পৰিমাণে ফল লাভ কৰে।
দীৰ্ঘসূত্ৰীয়ে কালৰ ছেগ হেৰুৱায়। হাঁয়। আগে নকৰিলোঁ কিয়? এই অনুতাপ বচন সকলো দীৰ্ঘসূত্ৰীৰ মুখত শুনা যায়। এনে অনুতাপ যেন কৰিব লগীয়া নহয়, তাৰ কাৰবাৰ সকলোৱে কৰা যুগুত। এলাহ এৰি ছেগ মতে কাম কৰিলে তেনে হুমুনিয়াহৰ কাৰণ নাথাকে। ছেগ পৰিবৰ আগন্তুক দেখিলে তালৈ কাম সাঁচি থোৱা বেয়া নহয়, তাক দীৰ্ঘসূত্ৰতা বুলিব নোৱাৰি। ছেগলৈ কাম সাঁচি থোৱা এক কথা আৰু এলাহত পেলাই থোৱা এক কথা প্ৰথমটোৱে মানুহৰ চতুৰালিৰ চিনাকি দিয়ে, দ্বিতীয়টোৱে সৰপালিৰ চিনাকি দিয়ে।
দীৰ্ঘসূত্ৰীয়ে কামত সময়ৰ নিয়ম ৰাখিব নোৱাৰে। সি এটা কামৰ এভাগ কৰি বাকি ভাগ পেলাই থয়, পাচে যেতিয়া আকৌ ধৰে, তেতিয়া দেখে যে কৰি থোৱা ভাগো বেয়া হৈ আছে। ফলত এবাৰৰ কাম দুবাৰ কৰিব লগীয়া হয়। দীৰ্ঘসূত্ৰীয়ে ঘৰ সাজিবলৈ সজুলি গোটাই থয়, পাচে সাজিম বুলি আলচি থাকোঁতে ঘুণে বা ৰদে বৰষুণে তাক আধানাৰ্জ্জি কৰে। কোনোৱে খুটা চতি থিয় কৰি বাকী কাম আলচি থাকোঁতেই খুটা চতি নষ্ট হৈ যায়।
দীৰ্ঘকাল জীয়াই থাকিলে মানুহক দীৰ্ঘজীবী বোলে, কিন্তু দৰাচলতে তেনে মানুহক দীৰ্ঘজীবী নুবুলি, যি সংসাৰত সৰহ কাম কৰে তাৰেহে দীৰ্ঘজীবী বোলা উচিত। সময় জীৱনৰ জোখ নহয়, জীৱনৰ আচল জোখ কাম, এশ বছৰৰ কাম যদি কোনোৱে কুৰি বছৰত কৰি থৈ মৰে, তেনেহ’লে তাক এশ বছৰ জীয়াই থকা বুলি ধৰিব পাৰি। কিন্তু এশ বছৰ জীয়াই থাকিলেও দীৰ্ঘসূত্ৰীক দীৰ্ঘজীবী বুলিব নোৱাৰি, কিয়নো সি এশ বছৰেও কুৰি বছৰৰ কাম কৰিব নোৱাৰে কামে জীৱন সাম্ফল কৰে। যি কাম নকৰে সি জীয়াই থকা নথকা সমান কথা।