ৰবাৰ্ট অপেনহেইমাৰ

কুৰি শতিকাত জন্ম গ্রহণ কৰা আমেৰিকাৰ পদার্থবিজ্ঞানীসকলৰ ভিতৰত ৰবাৰ্ট অ’পেনহেইমাৰ অন্যতম। পৰমাণুবােমাৰ লগত জড়িত লােক বুলিয়েই তেওঁ জনসাধাৰণৰ মাজত পৰিচিত যদিও সেয়েই তেওঁৰ একমাত্ৰ পৰিচয় নহয়। আধুনিক পদার্থবিজ্ঞানৰ প্ৰায় সকলাে শাখাতে তেওঁ নিজৰ বহুমুখী প্রতিভাৰ চিন ৰাখি থৈ গৈছে। ১৯০৪ চনৰ বাইশ এপ্ৰিলৰ দিনা নিউইয়র্ক চহৰত অ’পেনহেইমাৰৰ জন্ম হয়। তেওঁৰ দেউতাক এজন ধনী আৰু সম্ভ্রান্ত ইহুদী আছিল। অপেনহেইমাৰৰ চোকা বুদ্ধিৰ পৰিচয় পােৱা গৈছিল সৰুৰেপৰাই। সাত বছৰ বয়সতে তেওঁ ইংৰাজীৰ উপৰিও গ্রীক, ফৰাচী, স্পেনিছ আৰু ইটালীয় ভাষাত কথা ক’ব পৰা হৈছিল। ভূ-বিদ্যাত তেওঁ ইমান পাৰ্গত হৈ উঠিছিল যে মাত্র এঘাৰ বছৰ বয়সতে তেওঁ নিউইয়র্ক ‘মিনাৰ’ল’জিকেল ক্লাব’ নামৰ বিখ্যাত সংস্থাটোৰ সভ্যপদ লাভ কৰিছিল। ক্লাবটো ষাঠি বছৰৰ তলৰ সভ্য মাত্র তেৱেঁইহে আছিল। ৰসায়নবিজ্ঞানৰ এবছৰীয়া পাঠ্যক্রম তেওঁ শেষ কৰিছিল মাত্র ছসপ্তাহৰ ভিতৰতে। পুতেকৰ প্ৰতিভা দেখা পাই দেউতাকে তেওঁক ঘৰতে এটা গৱেষণাগাৰ সাজি দিছিল। তাত অপেনহেইমাৰে নানা ধৰণৰ পৰীক্ষা-পাতি কৰি আনন্দ লভিছিল।

‘এথিকেল কালচাৰ স্কুল’ নামে নিউইয়র্কৰ এখন বিখ্যাত পঢ়াশালিত অপেনহেইমাৰে শিক্ষা আৰম্ভ কৰে। প্রথম স্থান অধিকাৰ কৰি স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত দেউতাকে তেওঁক ভ্ৰমণৰ বাবে য়ুৰােপলৈ লৈ যায়। য়ুৰােপত কিছুদিন থকাৰ পিছত তেওঁ পুনৰ আমেৰিকালৈ ঘূৰি আহি হার্ভার্ড বিশ্ববিদ্যালয়ত নাম লগায় আৰু ১৯২৫ চনত তাৰপৰাই স্নাতক উপাধি লয়। ইয়াৰ পিছত তেওঁ ইংলেণ্ডৰ সুবিখ্যাত কেভেণ্ডিচ গৱেষণাগাৰত কিছুদিন থাকেগৈ। সেই সময়ত লর্ড ৰাডাৰফ’ৰ্ডৰ চেষ্টাত কেভেণ্ডিচ গৱেষণাগাৰ পৰমাণুবিজ্ঞানৰ কেন্দ্রস্বৰূপ হৈ পৰিছিল। ইতিমধ্যে তাত্ত্বিক পদার্থবিজ্ঞানৰ এটা সুবিখ্যাত কেন্দ্র জার্মানীৰ গটিংগেন বিশ্ববিদ্যালয়ে তেওঁক আকর্ষণ কৰে। প্রসিদ্ধ তাত্ত্বিক পদার্থবিদ মেক্স বর্ন সেই সময়ত গটিংগেনত আছিল। গটিংগেনত তেওঁ ৱলফগেং পাওলি, পল ডিৰাক, ৱাৰ্নাৰ হাইজেনবার্গ আদি পৰৱর্তী যুগৰ বিখ্যাত পদার্থবিদসকলক সহপাঠী হিচাপে লগ পােৱাৰ সুবিধা পাইছিল। ভৱিষ্যৎ জীৱন গঢ়ি তােলাত এই সান্নিধ্যই তেওঁক সহায়তা কৰিছিল প্ৰচুৰ। ১৯২৭ চনত অপেনহেইমাৰে গটিংগেনৰ পৰাই ডক্টৰেট উপাধি লাভ কৰে।

গটিংগেনৰপৰা আহি দুবছৰমান অপেনহেইমাৰে লে’ডেন, জুৰিখ আদি য়ুৰােপৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়বােৰ ভ্ৰমণ কৰিলে। পদার্থবিজ্ঞানৰ সর্বাধুনিক শাখাবােৰ এইদৰে খৰচি মাৰি শিকি লােৱাৰ পিছত তেওঁ আমেৰিকালৈ উভতি যায়। পদার্থবিজ্ঞানৰ শেহতীয়া শাখাবিলাকত অপেনহেইমাৰে ইমান দক্ষতা লাভ কৰিছিল যে আধুনিক পদার্থবিজ্ঞানক তেওঁ অকলে য়ুৰােপৰপৰা আমেৰিকালৈ লৈ গৈছিল বুলি কোৱা হয়। ১৯২৯ চনত মাত্র একুৰি পাঁচবছৰ বয়সত তেওঁ কেলিফর্নিয়া ইনষ্টিটিউট অব্ টে’কন’লজি’ আৰু কেলিফর্নিয়া বিশ্ববিদ্যালয়’ এই দুয়ােটা অনুষ্ঠানতে একেলগে অধ্যাপকৰ পদবী গ্ৰহণ কৰিলে। একেলগে দুঠাইত কাম কৰা কথাটো আচহুৱা আৰু কঠিন যেন লাগিলেও তেওঁ দুয়ােটা কামকে বাৰ বছৰকাল ধৰি সুচাৰুৰূপে সম্পন্ন কৰিছিল। মাত্ৰ এজন ছাত্ৰৰ সৈতে কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰি তেওঁ অতি কম সময়ৰ ভিতৰতে ইয়াক পৃথিৱীৰ এটা প্রসিদ্ধ পদার্থবিজ্ঞান কেন্দ্র ৰূপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল। অপেনহেইমাৰ আছিল এজন আদর্শ শিক্ষক। মনােমােহা ভঙ্গীৰে বিজ্ঞানৰ জটিল তত্ত্ববিলাক নিৰহ-নিপানীকৈ বুজাই দিয়াৰ বিৰল ক্ষমতা তেওঁৰ আছিল।

অপেনহেইমাৰ ন’বেল বঁটা বিজয়ী বিজ্ঞানী নাছিল বা পদার্থবিজ্ঞানৰ কোনাে বিখ্যাত মৌলিক তত্ত্বও তেওঁ আৱিষ্কাৰ কৰা নাছিল। কিন্তু তেওঁ প্ৰকাশ কৰা বিভিন্ন বৈজ্ঞানিক নিবন্ধসমূহে পদার্থ বিজ্ঞানৰ প্ৰগতিত যথেষ্ট সহায় কৰিছিল। গটিংগেনত থাকোঁতেই মেক্সবর্নৰ সৈতে লগ লাগি অণুবিলাকৰ ক্ষেত্ৰত কোৱান্টাম বলবিজ্ঞান কেনেকৈ প্ৰয়ােগ কৰিব পাৰি তাৰ তেওঁ আলােচনা কৰিছিল। ইলেক্ট্রন আৰু পজিট্রন নামৰ কণিকা দুটা লগ লাগি কেনেকৈ শক্তিলৈ ৰূপান্তৰিত হয় তাৰ এটা ব্যাখ্যাও তেওঁ আগবঢ়াইছিল। বিখ্যাত ব্রিটিছ পদার্থবিদ ডিৰাকৰ সহযােগী হৈ তেওঁ ‘মেচন’ নামৰ কণিকাবিলাকৰ বিষয়েও আলােচনা কৰিছিল। পৰমাণুগৰ্ভৰ ভিতৰত ইলেক্ট্রন থকা অসম্ভৱ বুলি অপেনহেইমাৰেই প্রথমে অনুমান কৰে। মেলাবৰ ফিলিপ্স নামে এগৰাকী বিজ্ঞানীৰ সহযােগিতাত তেওঁ ডইটাৰিয়ামক হাইড্রজেন ১ লৈ ৰূপান্তৰিত কৰাৰ বিষয়ে এটা তত্ত্ব আগবঢ়াইছিল; বর্তমান ই ‘অপেনহেইমাৰ ফিলিপ্স প্ৰক্ৰিয়া (Oppenheimer-Phillips Effect) নামে জনাজাত। ইয়াৰ উপৰিও মহাজাগতিক ৰশ্মিৰ, পৰমাণুগর্ভীয় পৰিসংখ্যাবিজ্ঞান, সাধাৰণ আপেক্ষিকতাবাদৰ আৰু কোৱান্টাম ক্ষেত্র তত্ত্বৰ প্রতিও অপেনহেইমাৰৰ অৱদান কম নহয়। অৱশ্যে অপেনহেইমাৰলৈ বিশ্বজোৰা খ্যাতি আহিল পৰমাণু বােমাৰ জৰিয়তেহে।

পৰমাণু বােমাৰ সৃষ্টিৰ কাহিনী চমকপ্রদ। দ্বিতীয় মহাযুদ্ধৰ সময়ত হিটলাৰে জার্মান বিজ্ঞানীসকলক পৰমাণুবােমা তৈয়াৰ কৰিবলৈ বাধ্য কৰাই শত্রুপক্ষক ধ্বংস কৰিব বুলি আমেৰিকাৰ বহুতাে পদার্থবিদে খুব আশংকা কৰিছিল আৰু তাৰ প্ৰতিকাৰ স্বৰূপে আমেৰিকাতাে তেনে বােমা তৈয়াৰ কৰি ৰখা উচিত বুলি তেওঁলােকে গণ্য কৰিছিল। ইয়াত আটাইতকৈ বেছি উদ্যোগ দেখুৱাইছিল ইউজিন ৱীগনাৰ আৰু লিঅ’ৎচ্ছিলার্ড নামে দুজন বিজ্ঞানীয়ে। এইবিষয়ে চৰকাৰক জনাবলৈ তেওঁলােকে আইনষ্টাইনক অনুৰােধ কৰিলে; কিয়নাে তেওঁলােকে জানিছিল যে আইনষ্টাইনৰ নিচিনা মানুহৰ অনুৰােধ চৰকাৰে সহজে উপেক্ষা নকৰে। বিজ্ঞানীদুজনাৰ অনুৰােধ এৰাব নােৱাৰিয়েই হওক বা জার্মানীত তেওঁ পােৱা তিক্ত অভিজ্ঞতাবিলাকৰ কথা সুঁৱৰিয়েই হওক, আইনষ্টাইনে প্রেচিডেন্ট ৰুজভেল্টলৈ এই বিষয়ে এখন চিঠি দিবলৈ মান্তি হ’ল। ১৯৩৯ চনৰ দুই আগষ্টৰ দিনা তেওঁ চিঠিখনত চহী কৰিলে। ইয়াকেই পৰমাণু বােমাৰ সূত্রপাত বুলিব পাৰি। আমেৰিকা চৰকাৰে অৱশেষত পৰমাণু বােমা তৈয়াৰ কৰাৰ সিদ্ধান্ত ল’লে আৰু এই উদ্দেশ্যে ‘মানহাটান প্রজেক্ট’ নামে এটা গােপন প্রকল্প প্রতিষ্ঠা কৰিলে। অপেনহেইমাৰ ইয়াৰ অধিকর্তা নিযুক্ত হ’ল, পূর্বৰ কোনাে প্রশাসনীয় অভিজ্ঞতা নথকা সত্ত্বেও তেওঁক এই পদ দিয়া হয়। অনভিজ্ঞ ডেকা এজনৰ বাবেই ই সহজ কাম নাছিল, কিয়নাে গােটেই প্ৰকল্পটোৰ আঁচনি আছিল দুশ কোটি ডলাৰৰ আৰু ইয়াত নিযুক্ত হােৱা সৰ্বমুঠ কর্মীৰ সংখ্যা আছিল আশীহেজাৰতকৈয়াে অধিক। আমেৰিকাৰ পদার্থবিদসকলৰ উপৰিও মিত্রদেশসমূহৰ পৰাও বহুতাে পদার্থবিদে এই প্রকল্পত যােগ দিছিলহি। অ’পেনহেইমাৰে এই কামত নিজৰ উপযুক্ততাৰ যথাযােগ্য প্রমাণ দিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰকল্পৰ সকলােৰে মাজত সৰবৰহী হৈ উঠিছিল আৰু সকলােৱে মৰমতে তেওঁক ‘অপি’ বুলিহে সম্বােধন কৰিছিল। প্রায় চাৰি বছৰীয়া যত্নৰ ফলত ১৯৪৫ চনৰ ষােল্ল জুলাইৰ দিনা পুৱা ৫-৩০ বজাত নিউ মেক্সিকোৰ ‘জিৰো-হিল’ নামে এটুকুৰা নির্জন ঠাইত পৰমাণু বােমাৰ প্ৰথম পৰীক্ষাটো কৰা হয় আৰু ই সফলতা লাভ কৰে।

পৰমাণু বােমা যে মানুহৰ ধ্বংসৰ কাৰণে চৰকাৰে সঁচাকৈয়ে ব্যৱহাৰ কৰিব সেই কথা তেতিয়ালৈকে কোনেও জনা নাছিল। জাপানত বােমা পেলোঁৱাৰ মাত্ৰ কেইদিনমানৰ আগতে কেইবাজনাে প্রসিদ্ধ মার্কিন বিজ্ঞানীয়ে তেওঁলােকৰ যুদ্ধমন্ত্ৰীলৈ লিখিছিল যে আমেৰিকাই ইংলেণ্ড, ৰাচিয়া, ফ্রান্স আৰু চীনদেশক অনুৰােধ জনােৱা উচিত যাতে আন্তর্জাতিক সম্পর্ক গঢ়ি তােলাৰ ক্ষেত্ৰতহে সকলােৰে পৰমাণু শক্তি ব্যৱহাৰ কৰে। কিন্তু ৰাজনীতিয়ে ঘটনাৰ সোঁত আনফালেহে বােৱাই নিলে। উল্লেখযােগ্য যে বােমা বিস্ফোৰণ হােৱা তিনিমাহৰ ভিতৰতে অপেনহেইমাৰে প্ৰকল্পটোৰ অধিকর্তাৰ পদ ইস্তফা দিছিল। ইয়াৰ কাৰণ দর্শাই তেওঁ কৈছিল যে তেওঁ বিজ্ঞানীহে, অস্ত্র উৎপাদনকাৰী নহয়।

জীৱনৰ প্ৰথমছােৱাত ৰাজনীতিৰ প্ৰতি অপেনহেইমাৰ সম্পূর্ণ উদাসীন আছিল। তেওঁ কোনাে বাতৰি কাকত বা সমসাময়িক আলােচনী পর্যন্ত নপঢ়িছিল আৰু ৰেডিঅ’ও নুশুনিছিল। কিন্তু দ্বিতীয় মহাযুদ্ধৰ সময়ত জার্মানীৰ ইহুদীবিলাকৰ ওপৰত নাৎচী দলৰ অত্যাচাৰে তেওঁক ৰাজনীতিৰ প্ৰতি আগ্রহান্বিত কৰি তুলিলে। পিছলৈ তেওঁ সমাজৰ উপকাৰত অহা বহুতাে ৰাজনৈতিক সন্থাত যােগ দিছিল। তেওঁৰ কার্যকলাপ অনেক সময়ত কমিউনিষ্ট ভাবগন্ধী আছিল আৰু চৰকাৰৰ আগত সেই মনােভাৱ প্ৰকাশ কৰাত কুণ্ঠাবােধ নকৰিছিল। জাপানত পৰমাণু বােমাৰ ধ্বংসাত্মক কার্যই তেওঁক খুব আঘাত দিছিল। গতিকে ১৯৪৯ চনত আমেৰিকা চৰকাৰে এইবাৰ হাইড্রজেন বােমা তৈয়াৰ কৰিবলৈ মনস্থ কৰি অ’পেনহেইমাৰৰ পৰামৰ্শ বিচাৰত তেওঁ ইয়াত কোনাে উৎসাহ নেদেখুৱালে। ফলত তেওঁ চৰকাৰৰ অপ্রিয়ভাজন হৈ পৰিল। তদুপৰি কমিউনিষ্ট-গন্ধী মনােভাৱৰ বাবে চৰকাৰে তেওঁক আগৰেপৰাই কিছু সন্দেহ কৰি আহিছিল৷ এনেবিলাক নানা কাৰণত ১৯৫৪ চনত অপেনহেইমাৰক ‘দেশৰক্ষাৰ বাবে বিপদজনক লােক’ বুলি ঘােষণা কৰা হ’ল। আমেৰিকাৰ পাৰমাণৱিক শক্তি আয়ােগৰ গােপনীয় খবৰবিলাকৰ পৰা তেওঁক বঞ্চিত কৰি ৰখা হ’ল। (যদিও এসময়ত এওঁৰ উদ্যোগতেই এই আয়ােগ প্রতিষ্ঠা হৈছিল।) প্রায় দহ বছৰৰ পিছত ১৯৬৩ চনতহে তেওঁৰ ওপৰত অনা সকলােবােৰ অভিযােগ উঠাই লােৱা হয় আৰু দেশৰ সর্বোচ্চ বৈজ্ঞানিক সন্মান ‘এনৰিক’ ফার্মি পুৰস্কাৰ’ তেওঁক প্ৰদান কৰা হয়। বিচাৰৰ কালছােৱাত ইমান অন্যায় সহি থকাতকৈ অইন দেশলৈ গুচি যাবলৈ বহুতে তেওঁক পৰামর্শ দিছিল; কিন্তু দেশপ্রেমিক অপেনহেইমাৰে মাতৃভূমি এৰি বিদেশলৈ যাবলৈ মান্তি হােৱা নাছিল।

জীৱনৰ তিক্ততাপূর্ণ কালছােৱাত অপেনহেইমাৰে বিজ্ঞানজগতলৈ বিশেষ একো অৱদান আগবঢ়াব পৰা নাছিল। তথাপি প্রিন্সটনৰ ইনষ্টিটিউট অব এডভান্সড ষ্টাডিজ’-ৰ অধিকর্তা হিচাপে উদীয়মান ডেকা বিজ্ঞানীসকলৰ তেওঁ প্ৰেৰণাৰ উৎস আছিল। ১৯৪৭ চনৰ পৰা মৃত্যুৰ আগলৈকে কুৰি বছৰ কাল তেওঁ এই পদত অধিষ্ঠিত আছিল। ১৯৬৭ চনৰ ওঠৰ ফেব্ৰুৱাৰীৰ দিনা এইজনা বিজ্ঞানীৰ মৃত্যু হয়। অপেনহেইমাৰ অকল এজন বিজ্ঞানসাধকেই নাছিল; সাহিত্য-সঙ্গীত আদি কলাসুলভ বিষয়সমূহৰ প্ৰতিও তেওঁৰ গভীৰ অনুৰাগ আছিল। তেওঁ সৰ্বমুঠ আঠোটা ভাষাত লিখিব আৰু পঢ়িব পাৰিছিল। সংস্কৃত ভাষাও তেওঁ জানিছিল আৰু গীতা তেওঁৰ প্রিয় গ্রন্থ আছিল। পৰমাণু বােমাৰ প্ৰথম পৰীক্ষাটো তেওঁ আৰম্ভ কৰিছিল গীতাৰ এটা শ্লোকেৰে। তেওঁ কবিতা, নাটক, উপন্যাস আদি নিয়মিতভাৱে পঢ়িছিল আৰু এসময়ত আনকি কবিতাও লিখিছিল। দৰ্শনৰ প্ৰতি অ’পেনহেইমাৰৰ গভীৰ ৰাপ আছিল আৰু জীৱনৰ শেষ কালছােৱা বিজ্ঞানৰ দৰ্শন অধ্যয়ন কৰি কটাবলৈ মনস্থ কৰিছিল; কিন্তু নিয়তিয়ে তাৰ আগেয়ে তেওঁক আমাৰ মাজৰপৰা কাঢ়ি লৈ যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top