ৰামনাথ কোৱিন্দ-Ramnath Kovind

ৰামনাথ কোৱিন্দ-Ramnath Kovind

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “ৰামনাথ কোৱিন্দ-Ramnath Kovind” ৰচনা খনৰ জৰিয়তে ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, ৰামনাথ কোৱিন্দৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

ৰামনাথ কোৱিন্দ ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি। ২০১৭ চনৰ ২৫ জুলাইত তেওঁ ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰে।

জন্ম-শৈশৱ-শিক্ষা:

১৯৪৫ চনৰ ১ অক্টোবৰত কোৱিন্দৰ জন্ম হয়। বর্তমান উত্তৰ প্ৰদেশৰ অন্তৰ্গত কানপুৰৰ দেহাত জিলাৰ পৰাওঁখ গাঁৱত তেওঁৰ জন্ম। পিতৃ মাইকু লাল (Maiku Lal) এজন খেতিয়ক আৰু ক্ষুদ্র ব্যৱসায়ী আছিল। পৰিয়ালটোৰ পাঁচটা ল’ৰা আৰু দুজনী ছোৱালীৰ মাজত কোৱিন্দ হ’ল আটাইতকৈ সৰু। কোৱিন্দৰ পাঁচ বয়সত মাক কালাৱাতি (Kalawati) অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

ৰামনাথ কোৱিন্দ-Ramnath Kovind

ৰামনাথ কোৱিন্দ-Ramnath Kovind

প্রাথমিক বিদ্যালয় উত্তীৰ্ণ হৈ কোৱিন্দে প্রায় ৮ কিলেমিটাৰ দূৰৰ বিদ্যালয়লৈ সদায় খোজকাঢ়ি গৈ অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁ কানপুৰৰ দয়ানন্দ এংলো বৈদিক মহাবিদ্যালয়ৰ পৰা বাণিজ্য আৰু আইনৰ স্নাতক ডিগ্রী অর্জন কৰে। সেই মহাবিদ্যালয় তেতিয়া কানপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আছিল, যিখন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ নাম ছত্রপতি চাহুজী মহাৰাজ বিশ্ববিদ্যালয়।

কৰ্মজীৱন:

আইনৰ স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত কোবিন্দে অসামৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ যায় আৰু তিনিবাৰৰ মূৰত পৰীক্ষাত কৃতকার্য হয়। কিন্তু তেওঁ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্তি নোপোৱাত অন্য চাকৰি বাদ দি ওকালতি আৰম্ভ কৰে। ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাৰূপে তেওঁ কার্যনির্বাহ কৰে।

১৯৭৭ চনৰ পৰা ১৯৭৮ চনলৈ তেওঁ তেতিয়াৰ প্ৰধানমন্ত্রী মোৰাৰজী দেশাইৰ ব্যক্তিগত সচিবৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৮ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰূপে স্বীকৃতি পায় আৰু ১৯৯৩ চনলৈকে তেওঁ দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰে। এই কর্মজীৱনত তেওঁ দুখীয়া, পিছপৰা শ্ৰেণী আৰু সাধাৰণ মহিলাসকলক বিনামূলীয়া আইনী পৰামৰ্শ আগবঢ়াইছিল।

ৰামনাথ কোৱিন্দ-Ramnath Kovind

 

ৰাজনীতি:

১৯৯১ চনত কোৱিন্দে ভাৰতীয় জনতা পার্টি (বিজেপি) ত যোগদান কৰে। ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আৰু সৰ্বভাৰতীয় কুলী সমাজৰ সভাপতি আছিল। তেওঁ দলটোৰ ৰাষ্ট্ৰীয় বক্তাও আছিল। কোবিন্দে উত্তৰ প্ৰদেশৰ ঘটামপুৰ লোকসভা সমষ্টি আৰু ভগ্নীপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও দুয়োবাৰ পৰাজিত হয়। ১৯৯৪ চনৰ ৩ এপ্ৰিলত তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ২০০৬ চনৰ ২ এপ্ৰিললৈ মুঠ ১২ বছৰ কাল সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

২০১৫ চনৰ ৮ আগষ্ট তাৰিখে কোৱিন্দ বিহাৰৰ ৩৫তম ৰাজ্যপালৰূপে নিযুক্ত হয়। ৰাজ্যপালৰূপে তেওঁৰ শপতগ্রহণ হয় ২০১৫ চনৰ ১৬ আগষ্টত। ২০১৫ চনৰ ১৬ আগষ্টৰ পৰা ২০১৭ চনৰ ২০ জুনলৈ তেওঁ বিহাৰৰ ৰাজ্যপাল আছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই (এন ডি এ) ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে কোৱিন্দক মনোনীত কৰাত তেওঁ বিহাৰৰ ৰাজ্যপালৰ পদ ইস্তফা দিয়ে আৰু ২০ জুলাইত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হয়।

ব্যক্তিগত জীৱন:

১৯৭৪ চনৰ ৩০ মে’ত সবিতা কোৱিন্দৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এটি পুত্র সন্তান আৰু এটি কন্যা সন্তান আছে।

সামৰণি:

দলিত সম্প্ৰদায়ৰ এইগৰাকী নেতা ৰাষ্ট্ৰপতিৰ দৰে পদত অধিষ্ঠিত হোৱাটো ভাৰতৰ ৰাজনীতিত এক তাৎপর্যপূর্ণ সংঘটন বুলি ইতিমধ্যে বিবেচিত হৈছে। দীৰ্ঘদিনৰ ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট ৰামনাথ কোবিন্দৰ নেতৃত্বত ভাৰতে অধিক সমৃদ্ধ ৰূপত বিশ্বৰ সম্মুখত আত্মপ্ৰকাশ কৰিব বুলি আশা কৰা হৈছে।

(আশা কৰোঁ আপুনি “ৰামনাথ কোৱিন্দ-Ramnath Kovind” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “ৰামনাথ কোৱিন্দ-Ramnath Kovind” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top