ৰামায়ণ
ৰামায়ণ হ’ল – আদিকবি বাল্মীকিয়ে ৰচনা কৰা এখন মহাকাব্য। প্ৰাচ্য সাহিত্যত ৰামায়ণক আদিকাব্য বুলি জনাজাত। অযােধ্যাপতি দশৰথৰ পুত্ৰ ৰামচন্দ্ৰৰ আদ্যোপান্ত, জীৱন লীলা সম্পূৰ্ণভাবে বাল্মীকিয়ে এই কাব্যত সন্নিৱিষ্ট কৰিছে। এই অমৰ মহাকাব্য ৰামায়ণৰ উৎপত্তি কেনেকৈ হ’ল, এই কথা ৰামায়ণতে আছে। তপঃ পৰায়ণ বাল্মীকিয়ে মুনিপুঙ্গৱ নাৰদক এদিনাখন সুধিলে – পৃথিৱীত এনেকুৱা কোন লােক আছে, যিজন নেকি গুণৱান, বীৰ্য্যবান, ধৰ্মজ্ঞ, সত্যবাদী, সুচৰিত্ৰবান, পৰহিতৈষী, বিদ্বান, সকলাে বিষয়তে দক্ষ, অদ্বিতীয় প্ৰিয়দৰ্শন, সংযত চিত্ত, দীপ্তিমান, অসুৱাৰহিত আৰু সমৰক্ষেত্ৰত যাৰ ক্ৰোধত দেৱ সমাজৰ অন্তৰতাে ভয়ৰ সঞ্চাৰ হয়।
Table of Contents
নাৰদ মুনি ত্ৰিকালজ্ঞ। বাল্মীকিৰ প্ৰশ্ন শুনি তেওঁৰ মনত পৰিল সেইসকলাে গুণবিশিষ্ট এজন মাত্ৰ ব্যক্তি আছে; তেৱেঁই হৈছে ইক্ষাকু বংশত জন্ম গ্ৰহণ কৰা ৰামচন্দ্ৰ। এই প্ৰসঙ্গত নাৰদে ৰামচন্দ্ৰৰ অতুল গুণৰাশিৰ বৰ্ণনা দিয়াৰ উপৰিও, তেওঁৰ দৈহিক ৰূপ ৰাশিৰাে বিস্তৃত বৰ্ণনা দাঙি ধৰে। নাৰদ মুনিয়ে বাল্মীকিৰ আগত ৰামৰ বিষয়ে যি বিৱৰণ দিলে, তাৰ মূল কথা এই: ৰামচন্দ্ৰৰ নিচিনা প্ৰিয় দৰ্শন, সমুদ্ৰৰ নিচিনা গম্ভীৰ, হিমালয়ৰ নিচিনা ধৈৰ্যশীল, বিষ্ণুৰ নিচিনা পৰাক্ৰমী, কালাগ্নিৰ নিচিনা খঙাল, পৃথিৱীৰ নিচিনা ক্ষমাশালী আৰু ধৰ্মৰ নিচিনা সত্যৱান।
উপযুক্ত বয়সত প্ৰজাৰঞ্জক ৰামক ৰজা দশৰথে ৰাজপাটত বহুৱাবলৈ ঠিক কৰে। প্ৰেয়সী ৰাণী কৈকেয়ীৰ ৰজাৰ ওচৰত পাব লগা দুটা বৰ আছিল। এই সময়ত তেওঁ ৰজাৰ ওচৰত বৰ দুটা মাগিলে। প্ৰথম বৰ মতে ৰামক দিব লাগে বনবাস আৰু দ্বিতীয় বৰ মতে ভৰতক দিব লাগে অযােধ্যাৰ ৰাজপাট। ৰজা দশৰথ ধৰ্মপাশত আবদ্ধ; সেয়েহে ৰাম বনবাসলৈ গ’ল, লগত গ’ল সহধৰ্মিনী সীতা আৰু সুমিত্ৰা নন্দন লক্ষ্মণ। অৰণ্যৰ মাজত তেওঁলােকে শৃঙ্গবেৰপুৰ পাৰ হৈ কিছুদিন পাছত চিত্ৰকুট পৰ্বত পালেগৈ।
ইপিনে পুত্ৰ শােকত ৰজা দশৰথৰ প্ৰাণ গ’ল। ভৰতেও ৰাজপাট ল’বলৈ অমান্তি হৈ ৰামচন্দ্ৰক ওভতাই আনিবলৈ বনলৈ যাত্ৰা কৰে। ৰামচন্দ্ৰ উভতি আহিবলৈ অমান্তি হােৱাত তেওঁৰ খৰমযােৰকে লৈ আহে আৰু খৰমযোৰকে (পাদুকা) ৰজাস্বৰূপ জ্ঞান কৰি ৰাজকাৰ্য চলাবলৈ আৰম্ভ কৰে ইয়াৰ পাছত ৰাম, লক্ষ্মণ, সীতা দণ্ডকাৰণ্যলৈ যায় আৰু তাৰ পৰা লঙ্কেশ্বৰ ৰাৱণে সীতাক হৰণ কৰে। সুগ্ৰীৱ, হনুমান আদি বানৰবােৰৰ সহায়ত ৰামে ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰে। সম্পূৰ্ণ চৈধ্যবছৰ অতিবাহিত হােৱাৰ অন্তত ৰাম, লক্ষ্মণ, সীতা অযােধ্যালৈ ঘূৰি আহে আৰু পিতৃ সিংহাসনত বহি ৰামে ৰাজকাৰ্যলৈ মনােনিবেশ কৰে।
ৰামায়ণ মহাকাব্য সাতটা কাণ্ডত বিভক্ত। যেনে—আদি বা বালকাণ্ড, অযােধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধ্যা কাণ্ড, সুন্দৰা কাণ্ড, লংকাকাণ্ড বা যুদ্ধ কাণ্ড আৰু উত্তৰ কাণ্ড। ৰামায়ণত ২৪, ০০০ শ্লোক পােৱা যায়।
ৰামায়ণৰ মূল কেন্দ্ৰীয় চৰিত্ৰ ৰামচন্দ্ৰৰ বিষয়ে কিছু কথা-
ত্ৰেতাযুগৰ শেষত দশৰথৰ পুত্ৰৰূপে অৱতীৰ্ণ হােৱা ৰামচন্দ্ৰ হ’ল বিষ্ণুৰ সপ্তম অৱতাৰ। অপুত্ৰক ৰজা দশৰথে পুত্ৰ লাভৰ কাৰণে এসময়ত যজ্ঞ কৰিছিল। সেই সময়ত ব্ৰহ্মাৰ বৰত শক্তিশালী হৈ উঠা লঙ্কেশ্বৰ ৰাৱণৰ ভয়ত কম্পমান হৈ দেৱতাসকলে বিষ্ণুক ৰাৱণ বধৰ উপায় কৰিবলৈ কয়। বিষ্ণুৱে, তেতিয়া ক’লে ৰাৱণ বধৰ কাৰণে দশৰথৰ পুত্ৰৰূপে তেওঁ অৱতীৰ্ণ হ’ব।
সেই মৰ্মে দশৰথৰ যজ্ঞকুণ্ডত তেওঁ দিব্য পুৰুষৰূপে এটা পায়সৰ পাত্ৰ হাতত লৈ আবিৰ্ভাৱ হয় আৰু তাক ৰজাৰ হাতত দি কয় – সেই পায়স তেওঁৰ ৰাণী কেইগৰাকীক খাবলৈ দিব লাগে। ৰজা দশৰথে তেতিয়া তাৰ আধা অংশ পায়স কৌশল্যাক, এক চতুৰ্থাংশ কৈকেয়ীক আৰু বাকী চতুৰ্থাংশ সুমিত্ৰাক খাবলৈ দিয়ে। তাৰ ফল স্বৰূপে যথাসময়ত বিষ্ণুৰ অৰ্ধ শক্তি আৰু গুণ লৈ কৌশল্যাৰ গৰ্ভত ৰামচন্দ্ৰ, চতুৰ্থাংশ শক্তি আৰু গুণ লৈ কৈকেয়ীৰ গৰ্ভত ভৰত আৰু এক অষ্টাংশকৈ সেই দুবিধক লৈ সুমিত্ৰাৰ গৰ্ভত লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়।
বিশ্বামিত্ৰ ঋষিয়ে এদিনাখন ৰাক্ষকৰ হাতৰপৰা যজ্ঞ ৰক্ষাৰ কাৰণে ল’ৰা কালতে ৰাম-লক্ষ্মণক তেওঁৰ আশ্ৰমলৈ নিয়ে। যাওঁতে বাটতে সেই সময়ত ৰামচন্দ্ৰই তাড়কা ৰাক্ষসীক বধ কৰে। আশ্ৰমৰ পৰা বিশ্বামিত্ৰই আকৌ ৰাম, লক্ষ্মণক মিথিলাৰ ৰজা জনকৰ ৰাজধানীলৈ লৈ যায়। যাওঁতে গৌতমৰ শাপত অদৃশ্য হৈ পৰি থকা অহল্যাক ৰামচন্দ্ৰই শাপমুক্ত কৰে। মিথিলাত জনকনন্দিনী সীতাৰ স্বয়ম্বৰ সভাত ৰামে হৰধনু ভাঙে আৰু সীতাৰ পাণিগ্ৰহণ কৰে।
তাৰ পাছত, অযােধ্যালৈ ফিৰি আহােতে বাটতে বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ লগত ৰামচন্দ্ৰৰ যুদ্ধ হয় আৰু সেই যুদ্ধত পৰশুৰামৰ দৰ্প চূৰ্ণ হয়। উপযুক্ত সময়ত ৰজা দশৰথে ৰামচন্দ্ৰক অযােধ্যাৰ ৰাজপাট দিবলৈ যাে-জা কৰে। এনেতে মন্থৰাৰ প্ৰৰােচনাত কৈকেয়ীয়ে দশৰথৰ ওচৰত পূৰ্বৰ পাব লগা বৰ অনুসৰি ৰামৰ চৈধ্য বছৰ বনবাস আৰু ভৰতৰ ৰাজপাট বিচাৰিলে। পিতৃসত্য ৰক্ষাৰ কাৰণে ৰাম তেতিয়া বনলৈ গ’ল, সীতা আৰু লক্ষ্মণাে তেওঁৰ অনুগামী হ’ল, ইফালে দশৰথো পুত্ৰ শােকত স্বৰ্গী হ’ল।
ভৰতে ৰামক বনৰ পৰা ফিৰাই আনিবলৈ যত্ন কৰি ব্যৰ্থ হয়, আৰু শেষত বাধ্য হৈ অগ্ৰজৰ পাদুকা যােৰকে ৰাজ সন্মান দি অগত্যা ৰাজকাৰ্য চলালে। লক্ষ্মণ আৰু সীতাৰ সৈতে ৰামচন্দ্ৰ গৈ প্ৰথমতে দণ্ডকাৰণ্যৰ চিত্ৰকূট পৰ্বতত বাস কৰে। ইয়াতেই ভৰতে আহি ৰামক লগ ধৰিছিল। ইয়াৰ পাছত আৰু নানা ঠাই ভ্ৰমণ কৰি বনবাসৰ দহবছৰ অতিক্ৰম কৰাৰ পাছত ভাৰ্যা আৰু অনুজৰ সৈতে ৰামচন্দ্ৰ গৈ অগস্ত্য মুনিৰ আশ্ৰমত উপস্থিত হয়। অগস্ত্য মুনিৰ আদৰ — অভ্যৰ্থনা লাভ কৰাৰ লগতে ৰামে তেওঁৰ পৰা বৈষ্ণৱ ধনু, ব্ৰহ্মাস্ত্ৰ আৰু অক্ষয় তৃণ পায়। পাছত মহৰ্ষি অগস্ত্যৰ উপদেশ অনুসৰি গােদাবৰী তীৰস্থ পঞ্চৱতী বনত কুটীৰ সাজি ৰামচন্দ্ৰই বাস কৰে।
পঞ্চৱতী বন আছিল ৰাক্ষসেৰে পৰিপূৰ্ণ। লঙ্কেশ্বৰ ৰাৱণৰ বিধৱা ভগিনী শূৰ্পনখাই ইয়াত স্বেচ্ছাই ভ্ৰমণ কৰিছিল। লক্ষ্মণে শূৰ্পনখাৰ নাক-কাণ কটাৰ অপৰাধত পঞ্চৱতীৰ পৰা মাৰীচৰ সহায়ত লঙ্কেশ্বৰ ৰাৱণে সন্ন্যাসীৰ বেশ লৈ সীতাক হৰণ কৰি লঙ্কালৈ নিয়ে। ইয়াৰ পিছত আচল কাহিনী আৰম্ভ হয়। ৰামচন্দ্ৰই বীৰ হনুমানৰ সহায়ত যি বানৰ সৈন্য লাভ কৰিলে, তাৰ দ্বাৰা ৰাক্ষসকুল নিধন কৰাৰ লগতে সােণৰ লংকা ছাৰখাৰ কৰে আৰু সীতাক উদ্ধাৰ কৰে।
পিছত সীতা সহিতে ৰাম-লক্ষ্মণ অযােধ্যালৈ উভতি আহে আৰু ৰাজসিংহাখনত বহি ৰাজকাৰ্যত মনােনিৱেশ কৰে। পিছত সীতাৰ সতীত্ব সম্বন্ধে অযােধ্যাৰ প্ৰজাগণে সন্দেহ কৰা দেখি গৰ্ভৱতী সীতাক তেওঁ বনবাস দিয়ে। সীতাই যথাসময়ত বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম দিয়ে। সীতাক পুনৰাই অযােধ্যালৈ নিয়াৰ চেষ্টা কৰিলেও ৰামচন্দ্ৰ বিফল হয়। মনৰ দুখত সীতাই মাতৃ বসুমতীৰ বুকুত আশ্ৰয় বিচাৰি “ফাট মেলা বসুমতী পাতালে আশ্ৰয় লও” বুলি কয়। বসুমতীয়ে ফাটমেলাত সীতা পাতালত প্ৰৱেশ কৰে। ক্ৰমে-ক্ৰমে সীতা আৰু লক্ষ্মণক হেৰুৱাই ৰামচন্দ্ৰ ম্ৰিয়মাণ হৈ উঠে। শেষত পুত্ৰদ্বয়ক ৰজা পাতি নিজে সৰযুঁজলত প্ৰৱেশ কৰি যােগবলৰ দ্বাৰা দেহ ত্যাগ কৰে।
(আশা কৰোঁ আপুনি “ৰামায়ণৰ পৰিচয়” সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “ৰামায়ণৰ পৰিচয়” সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)