5 খন প্ৰখ্যাত স্থান- ৰাৱণৰ জীৱনৰ ঘটনাৰ সৈতে জড়িত

ৰাৱণ ৰজা

ৰাৱণক তেওঁৰ সময়ৰ শ্ৰেষ্ঠ পণ্ডিত আৰু তপস্বী বুলি গণ্য কৰা হয়। তেওঁৰ কু-কৰ্মৰ বাবে তেওঁৰ পাণ্ডিত্যয়ো তেওঁক ৰক্ষা কৰিব পৰা নাছিল সেয়া বেলেগ কথা। ৰাৱণৰ বিষয়ে বহুতো গ্ৰন্থত বৰ্ণনা পোৱা যায়। এনে কিছুমান ঠাই ৰামায়ণত বৰ্ণনা কৰা হৈছে, য’ত ৰাৱণৰ জীৱনৰ ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈছে। আজি মই আপোনালোকক ৫ খন প্ৰখ্যাত স্থান আৰু সেইবোৰৰ সৈতে জড়িত ঘটনাৰ বিষয়ে কম।

মহিষ্মতী নগৰ-প্ৰখ্যাত স্থান (বৰ্তমান- মধ্যপ্ৰদেশৰ মহেশ্বৰ)

ৰাৱণ ৰজা

বাল্মীকিৰ ৰামায়ণৰ মতে যেতিয়া ৰাৱণ ৰজাই সকলো ৰজাক জয় কৰিছিল, তেতিয়া তেওঁ মহিষ্মতী নগৰৰ (বৰ্তমানৰ মহেশ্বৰ) ৰজা সহস্ৰবাহু অৰ্জুনক জয় কৰাৰ ইচ্ছাৰে তেওঁৰ নগৰলৈ গ’ল। সেই সময়ত সহস্ৰবাহু অৰ্জুনে পত্নীসকলৰ সৈতে নৰ্মদা নদীত জল-ক্ৰীড়া খেলি আছিল। ৰাৱণে যেতিয়া গম পালে যে সহস্ৰবাহু নাই, তেতিয়া তেওঁ যুদ্ধৰ আশাত তাতেই ৰৈ গ’ল। নৰ্মদাৰ পানী দেখি ৰাৱণে তাত ভগৱান শিৱক পূজা কৰাৰ কথা ভাবিলে।

ৰাৱণে ভগৱান শিৱক পূজা কৰা ঠাইৰ পৰা অলপ দূৰৈত সহস্ৰবাহু অৰ্জুনে পত্নীসকলৰ সৈতে জল ক্ৰীড়া খেলি আছিল। সহস্ৰবাহু অৰ্জুনৰ হাজাৰ বাহু আছিল। তেওঁ খেলৰ মাজতেই নৰ্মদাৰ প্ৰবাহ বন্ধ কৰি দিলে, যাৰ বাবে নৰ্মদাৰ পানী পাৰৰ ওপৰেৰে ববলৈ আৰম্ভ কৰিলে। ৰাৱণে পূজা কৰি থকা ঠাইখনো নৰ্মদাৰ পানীত ডুব গ’ল। নৰ্মদাত হঠাতে হোৱা এই বানপানীৰ কাৰণ জানিবলৈ ৰাৱণে নিজৰ সৈন্য কিছুমানক পঠিয়ালে।

সৈন্য সকলে গোটেই কথাখিনি ৰাৱণক ক’লে। ৰাৱনে সহস্ৰবাহু অৰ্জুনক যুদ্ধৰ বাবে আহ্বান জনালে। নৰ্মদাৰ পাৰত ৰাৱণ আৰু সহস্ৰবাহু অৰ্জুনৰ মাজত তীব্ৰ যুদ্ধ সংঘটিত হ’ল। শেষত সহস্ৰবাহু অৰ্জুনে ৰাৱণক বন্দী বনালে। যেতিয়া ৰাৱণৰ পিতামহ পুলস্ত্য মুনীয়ে এই বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁ অৰ্জুনৰ ওচৰলৈ আহি ৰাৱণক মুকলি কৰি দিবলৈ অনুৰোধ কৰিলে। সহস্ৰবাহু অৰ্জুনে ৰাৱণক মুকলি কৰি দিলে আৰু তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিলে।

বৈদ্যনাথ (বৰ্তমান ঝাৰখণ্ড)

ৰাৱণ ৰজা

শিৱপুৰাণৰ মতে ৰাৱণ ভগৱান শিৱৰ ভক্ত আছিল। তেওঁ অতি কঠিন তপস্যা কৰি এটা এটাকৈ তেওঁৰ মূৰবোৰ ভগৱান শিৱৰ ওচৰত অৰ্পণ কৰিছিল। ভগৱান শংকৰ তেওঁৰ তপস্যাত অতি সন্তুষ্ট হ’ল। ভগৱানে পুনৰ তেওঁৰ দহটা মূৰ জোৰা লগায় দিলে। ৰাৱণে ভগৱান শিৱক বৰদান হিচাপে লংকালৈ লগত যাবলৈ অনুৰোধ কৰিলে। ভগৱান শিৱই ৰাৱণৰ অনুৰোধ মানি ললে, কিন্তু তেওঁ ৰাৱণৰ সন্মুখত এটা চৰ্ত ৰাখিলে। চৰ্ত আছিল যে ৰাৱণে যদি বাটত যিকোনো ঠাইতে ভগৱানৰ শিৱলিংগক মাটিত থৈ দিয়ে, তেন্তে সেই ঠাইত ভগৱান শিৱক প্ৰতিষ্ঠা কৰা হ’ব। ৰাৱণে ভগৱান শিৱৰ চৰ্ত মানি লৈ শিৱলিংগক লৈ লংকা অভিমুখে ৰাওনা হ’ল।

এই তথ্য লাভ কৰাৰ লগে লগে দেৱতাসকলৰ মাজত আতংকৰ সৃষ্টি হ’ল। যদি ভগৱান শিৱক লংকাত প্ৰতিষ্ঠা কৰা হয় তেতিয়া লংকাক পৰাস্ত কৰাটো সকলোৰে বাবে অসম্ভৱ হব। এনে অৱস্থাত ৰাৱণক কোনেও পৰাস্ত কৰিব নোৱাৰে। এই সমস্যাৰ সমাধানৰ বাবে সকলোৱে ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ। সকলো দেৱতাই ভগৱান বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে ৰাৱণক শিৱলিংগ লংকালৈ লৈ যোৱাত কেনেবাকৈ বাধা দিব লাগে।

দেৱতাসকলৰ অনুৰোধত ব্ৰাহ্মণৰ বেশত ভগৱান বিষ্ণু পৃথিৱীলৈ নামি আহিল। লগতে বৰুণ দেৱ ৰাৱণৰ পেটত প্ৰৱেশ কৰিলে। বৰুণ দেৱ ৰাৱণৰ পেটত সোমোৱাৰ লগে লগে ৰাৱণে অতি তীব্ৰ শৌচ অনুভৱ কৰিলে। শৌচ কৰাৰ আগতে ৰাৱণে কাৰোবাৰ হাতত শিৱলিংগ দিব লগা হ’ল। তেতিয়া ব্ৰাহ্মণৰ বেশত ভগৱান বিষ্ণুৱে সেইফালেদি পাৰ হৈ গ’ল, ৰাৱণে তেওঁক কিছু সময়ৰ বাবে শিৱলিংগ ধৰিবলৈ অনুৰোধ কৰিলে। ৰাৱণ শৌচ কৰিবলৈ গ’ল, কিন্তু তেওঁৰ পেটত বৰুণ দেৱহে সোমাই আছিল। যেতিয়া ৰাৱণ বহুদেৰিলৈ উভতি নাহিল, তেতিয়া ব্ৰাহ্মণে শিৱলিংগটো মাটিত ৰাখিলে। যেতিয়াই মাটিত শিৱলিংগ স্থাপন কৰা হ’ল লগে লগে বৰুণ দেৱ ৰাৱণৰ পেটৰ পৰা ওলাই গ’ল।

ৰাৱণে যেতিয়া ব্ৰাহ্মণক চাবলৈ আহিল, তেতিয়া তেওঁ দেখিলে যে শিৱলিংগ মাটিত ৰখা হৈছে আৰু ব্ৰাহ্মণ গুচি গৈছে। তেওঁ শিৱলিংগ তুলিবলৈ চেষ্টা কৰিলে, কিন্তু চৰ্ত অনুসৰি, সেই ঠাইতেই ভগৱান শিৱ স্থাপন হৈ গৈছিল। শেষত ক্ষোভত ৰাৱণে শিৱলিংগক হাতৰ মুঠিৰে আঘাত কৰিলে, যাৰ বাবে শিৱলিংগটো মাটিত পোত খাই গ’ল। পিছত ৰাৱণে ইয়াৰ বাবে ক্ষমা খুজিলে। কোৱা হয় যে তেওঁ প্ৰতিদিনে লংকাৰ পৰা বৈদ্যনাথলৈ শিৱ পূজাৰ বাবে আহিছিল। ব্ৰাহ্মণে যি ঠাইত শিৱলিংগ ৰাখিছিল, তাত ভগৱান শংকৰৰ এটা মন্দিৰ আছে, যাক বৈদ্যনাথ ধাম বুলি কোৱা হয়।

পঞ্চাৱতী (বৰ্তমান- নাছিক)

ৰাৱণ ৰজা

মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ গোদাবৰী নৈৰ কাষত অৱস্থিত পঞ্চাৱতী এখন বিখ্যাত পৌৰাণিক স্থান। ভগৱান শ্ৰীৰাম, লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাসৰ সময়ত বহুদিন ইয়াত আছিল। বাল্মীকি ৰামায়ণৰ মতে ইয়াৰ পৰাই লংকাৰ ৰজা ৰাৱণে সীতাক অপহৰণ কৰিছিল।

সীতাক অপহৰণ কৰাৰ পৰিকল্পনাত ৰাৱণে মৰিচা নামৰ এজন ৰাক্ষসক জড়িত কৰিছিল। তেওঁ সোণৰ হৰিণৰ ৰূপ লৈছিল। সীতা তেওঁৰ ওপৰত মুগ্ধ হৈ পৰিছিল। সীতাই ৰামক সেই হৰিণটো আনিবলৈ ক’লে। পিছত যেতিয়া ৰাম ঘূৰি নাহিল, তেতিয়া লক্ষ্মণে তেওঁক বিচাৰিবলৈ অৰণ্যলৈ গ’ল। ৰাৱণে ঋষিৰ বেশত আহি সীতাক অপহৰণ কৰি লৈ গ’ল। ইয়াত শ্ৰীৰামে নিৰ্মাণ কৰা এটা মন্দিৰ ধ্বংসাৱশেষৰ ৰূপত আছে।

কিষ্কিন্ধাপুৰী (বৰ্তমান-কৰ্ণাটক)

ৰাৱণ ৰজা

এবাৰ ৰাৱনে শুনিলে যে কিষ্কিন্ধাপুৰীৰ ৰজা বালি অতি বলবান আৰু পৰাক্ৰমী, সেয়ে তেওঁ তেওঁৰ লগত যুদ্ধ কৰিবলৈ গ’ল। বালিৰ পত্নী তাৰা, তাৰাৰ পিতৃ সুশেন, যুৱৰাজ অংগদ আৰু তেওঁৰ ভাতৃ সুগ্ৰীৱে ৰাৱণক বুজালে যে এই সময়ত বালি সন্ধ্যা ওপসনাৰ বাবে নগৰৰ বাহিৰলৈ গৈছে। কেৱল তেওঁহে আপোনাৰ লগত যুঁজ দিব পাৰে। ইমান শক্তিশালী আন কোনো বান্দৰ নাই, যিয়ে আপোনাৰ লগত যুঁজিব পাৰে। গতিকে, আপুনি তেওঁৰ বাবে অলপ সময় অপেক্ষা কৰক। একে সময়তে সুগ্ৰীৱে ৰাৱণক বালিৰ শক্তি আৰু সামৰ্থ্যৰ কথা ক’লে আৰু দক্ষিণৰ সাগৰ পাৰলৈ যাবলৈ ক’লে, কিয়নো বালি তাতেই আছিল।

সুগ্ৰীৱৰ কথা শুনি ৰাৱণ ৰথত উঠি লগে লগে দক্ষিণ সাগৰৰ সেই স্থান পালেগৈ। য’ত বালিয়ে সন্ধিয়াৰ ওপসনা কৰি আছিল। ৰাৱণে ভাবিলে যে মই মনে মনে বালিক আক্ৰমণ কৰিম। বালিয়ে ৰাৱণ অহা দেখিলে, কিন্তু তেওঁ একেবাৰেই বিচলিত নহৈ বৈদিক মন্ত্ৰ জপ কৰি থাকিল। কিন্তু ৰাৱণে যেতিয়াই বালিক ধৰিবলৈ পিছফালৰ পৰা হাত আগবঢ়াই দিলে লগে লগে বালিয়ে তাক কাষলটিৰ তলত হেঁচা মাৰি ধৰি আকাশলৈ উৰি গ’ল। ৰাৱণে বাৰে বাৰে নখৰে বালিক আঘাত কৰিবলৈ ধৰিলে যদিও বালিয়ে তাক একো ভ্ৰূক্ষেপেই নকৰিলে। তেতিয়া ৰাৱণৰ মন্ত্ৰী আৰু সৈন্যসকলে তেওঁক উদ্ধাৰ কৰিবলৈ চিঞৰি তেওঁৰ পিছে পিছে দৌৰি গ’ল, কিন্তু তেওঁলোকে বালিৰ কাষলৈয়ে যাব নোৱাৰিলে। এইদৰে বালি ৰাৱণক লৈ পশ্চিম সাগৰৰ পাৰত উপস্থিত হ’ল। তাতে তেওঁ নিজৰ সন্ধ্যাৰ উপসনা সম্পূৰ্ণ কৰিলে।

তাৰ পিছত তেওঁ ৰাৱণক লৈ কিষ্কিন্ধালৈ উভতি আহিল। নিজৰ উপৱনত এখন আসনত বহি তেওঁ ৰাৱণক মুক্ত কৰি দি সুধিলে যে, কোৱা এতিয়া তুমি কোন আৰু কিয় আহিছা? ৰাৱণে উত্তৰ দিলে যে মই লংকাৰ ৰজা ৰাৱণ আৰু আপোনাৰ লগত যুদ্ধ কৰিবলৈ আহিছো। আপোনাৰ আচৰিত শক্তি মই দেখিলো। এতিয়া জুইৰ সাক্ষী কৰি আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰো। তাৰ পিছত দুয়োজনে জুইক সাক্ষী কৰি ইজনে সিজনৰ লগত বন্ধুত্ব গঢ়িলে।

কৈলাশ মানসৰোবৰ (বৰ্তমান- চীন)

কৈলাশ প্ৰখ্যাত স্থান

কোৱা হয় যে এবাৰ ৰাৱণে ঘোৰ তপস্যা কৰি উঠাৰ পিছত কৈলাশ পৰ্বতখন হাতেৰে তুলি লৈছিল। তেওঁ গোটেই পৰ্বতখন লংকালৈ লৈ যাব বিচাৰিছিল। সেই সময়ত শিৱই যেতিয়া বুঢ়া আঙুলিৰে পৰ্বতখনত হেঁচা মাৰি ধৰিলে, তেতিয়া কৈলাশ পুনৰ য’ত আছিল তাতেই অৱস্থিত হ’ল। শিৱৰ একান্ত ভক্ত ৰাৱণৰ হাত যেতিয়া পৰ্বতৰ তলত সোমাই গ’ল, তেতিয়া তেওঁ ভগৱান শিৱৰ ওচৰত তেওঁৰ ভুলৰ বাবে ক্ষমা খুজিবলৈ ধৰিলে আৰু তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে। একেটাই স্তুতি পৰৱৰ্তী সময়ত শিৱ-তাণ্ডৱৰ উৎস বুলি অভিহিত কৰা হ’ল। কৈলাশ মানসৰোবৰত ৰাৱণে বহু বছৰ ধৰি তপস্যা কৰাৰ বৰ্ণনাও গ্ৰন্থসমূহত পোৱা যায়।

(আশা কৰোঁ আপুনি  “ৰাৱণৰ জীৱনৰ ঘটনাৰ সৈতে জড়িত ভাৰতৰ 5 খন প্ৰখ্যাত স্থান।” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “ৰাৱণৰ জীৱনৰ ঘটনাৰ সৈতে জড়িত ভাৰতৰ 5 খন প্ৰখ্যাত স্থান।” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top