Table of Contents
বন্ধুসকল, আমাৰ পৃথিৱীত এনে কিছুমান মহান বিজ্ঞানী আছে যিয়ে কেৱল মানৱতাৰ সেৱাতেই নিজৰ সম্পূৰ্ণ জীৱন উৎসৰ্গা কৰে। তেওঁলোকে কৰা আৱিষ্কাৰবোৰ আমাৰ বাবে আশীৰ্বাদতকৈ কম নহয়। কৰবাত নহয় কৰবাত আমি সদায় তেওঁলোকৰ দ্বাৰা কৰা আৱিষ্কাৰবোৰ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। তেনে এজন মহান বিজ্ঞানী হৈছে Louis Pasteur. আজিৰ পোষ্টত, আমি তেওঁৰ জীৱন আৰু তেওঁৰ দ্বাৰা কৰা আৱিষ্কাৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে তেওঁৰ বিষয়ে জানিবলৈ এই পোষ্টটো শেষলৈকে সম্পূৰ্ণ পঢ়ক।
Louis Pasteur, এনেকুৱা এজন বিজ্ঞানী আছিল যাৰ বিষয়ে অতি কম সংখ্যক লোকে হয়তো জানিব, কিন্তু তেওঁ কৰা উদ্ভাৱনক সকলোৱে আজি সাধাৰণ উদ্ভাৱন বুলি গণ্য কৰি ব্যৱহাৰ কৰি আহিছে। কিন্তু আপোনালোকক কওঁ যে Louis Pasteur এ কৰা আৱিষ্কাৰৰ অবিহনে পৃথিৱীখন এতিয়াও বহু ৰোগৰ সৈতে যুঁজি থাকিলহেঁতেন। যদিও Louis Pasteur এ বহু ঔষধ উদ্ভাৱন কৰিছিল, তথাপি তেওঁৰ আটাইতকৈ ডাঙৰ সফলতা আছিল জলাতংকৰ (ৰেবিজ) ভেকচিন আৱিষ্কাৰ।
ৰেবিজ ৰোগ
ৰেবিজ এবিধ প্ৰাচীন ৰোগ। এই ৰোগ ৰেবিজ নামৰ ভাইৰাছৰ দ্বাৰা হয়। ই প্ৰধানকৈ জীৱ-জন্তুৰ ৰোগ যদিও প্ৰায়ে আক্ৰান্ত জীৱ-জন্তুৰ যোগেদি ই মানুহলৈ বিয়পে। এই ভাইৰাছ আক্ৰান্ত জীৱ-জন্তুৰ লালটিত বাস কৰে, আৰু যেতিয়া কোনো জন্তুৱে মানুহক কামোৰে তেতিয়া এই ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰি তেওঁকো অসুস্থ কৰি তোলে।
প্ৰাচীন গুহাবোৰতো প্ৰত্নতত্ত্ববিদসকলে এনে ছবি বিচাৰি পাইছে যিবোৰৰ পৰা দেখা যায় যে সেই সময়তো জীৱ-জন্তুৰ কামোৰৰ ফলত হোৱা ভয়াৱহ ৰেবিজ ৰোগত মানুহ অতিশয় আক্ৰান্ত হৈছিল।
Louis Pasteur এ ১৮৮৫ চনত ৰেবিজৰ ভেকচিন আৱিষ্কাৰ কৰিছিল আৰু সেই সময়ত বিশ্বৰ জনসংখ্যা আছিল প্ৰায় ১৫০ কোটি, ইয়াৰে প্ৰায় এক কোটি লোকৰ মৃত্যু হৈছিল প্ৰতি বছৰে ৰেবিজ ৰোগত, যিটো ৰোগ কুকুৰ, শিয়াল, বাদুলি আদিৰ কামোৰৰ ফলত হয়। ইয়াৰ পৰাই আপুনি কল্পনা কৰিব পাৰে যে ৰেবিজৰ ভেকচিনৰ আৱিষ্কাৰ কিমান ডাঙৰ আৱিষ্কাৰ আছিল। কাৰণ প্ৰাচীন কালৰ পৰা ঊনবিংশ শতিকাৰ শেষলৈকে এই ৰোগ প্ৰতিৰোধৰ কোনো উপায় নাছিল। গতিকে, এতিয়া জানো আহক Louis Pasteur এ কেনেকৈ ৰেবিজৰ ভেকচিন আৱিষ্কাৰ কৰিলে আৰু তেওঁৰ এই উদ্ভাৱনে কেনেকৈ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিলে।
Louis Pasteur ৰ প্ৰাৰম্ভিক জীৱন
Louis Pasteur ৰ জন্ম হৈছিল ১৮২২ চনৰ ২৭ ডিচেম্বৰত ফ্ৰান্সৰ ড’ল নামৰ এখন চহৰত। তেওঁক মাক-দেউতাকে ডাঙৰ-দীঘল কৰিছিল। দেউতাক আছিল এজন সাধাৰণ চামৰাৰ ব্যৱসায়ী। অৱশ্যে লেতেৰা কামবোৰ কৰি তেওঁ ভাগৰি পৰিছিল আৰু সেই কামৰ পৰা পুত্ৰক আঁতৰাই ৰাখিব বিচাৰিছিল। পুত্ৰই পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱাটো দেউতাকে কামনা কৰিছিল। সেয়ে লুইচৰ পঢ়া-শুনাৰ বাবে ঋণ লৈ ভাল স্কুলত নামভৰ্তি কৰাইছিল।
কিন্তু লুইচ পঢ়া-শুনাত ভাল নাছিল। শিক্ষকসকলে শিকোৱা কথাবোৰ তেওঁ একেবাৰেই বুজি পোৱা নাছিল। মানুহে তেওঁক ভোটাবুদ্ধি আৰু মূৰ্খ বুলি ক’বলৈ আৰম্ভ কৰিছিল। স্কুলৰ শিক্ষকসকলৰ অৱহেলাত দুখী louis Pasteur এ আনকি স্কুলো এৰি দিছিল। কিন্তু এদিন তেওঁৰ গাঁৱত ঘটা এটা ঘটনাই তেওঁৰ সমগ্ৰ জীৱন সলনি কৰি পেলালে।
জীৱন সলনি কৰি পেলোৱা ঘটনাটো
লুইচ আৰু তেওঁৰ দেউতাক বাস কৰা গাঁওখন হাবিৰ একেবাৰে ওচৰত আছিল। সেইখন হাবিত বহুতো কুকুৰনেচিয়া বাঘ আছিল, আৰু এদিন হাবিৰ পৰা অহা এটা পাগল কুকুৰনেচিয়া বাঘে গাঁৱত প্ৰৱেশ কৰি এদিনতে গাঁৱৰ আঠটা ল’ৰা-ছোৱালীক কামুৰিলে। এই বাঘটোৱে কামোৰাৰ বাবেই পিছৰ তিনি সপ্তাহৰ ভিতৰত আঠটা শিশুৰ ভিতৰত পাঁচটা জলাতংক ৰোগৰ বলি হৈ পাগলৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত পিছৰ কেইমাহমানৰ ভিতৰত তেওঁলোকে যন্ত্ৰণাত মৃত্যুবৰণ কৰিছিল।
এনেদৰে সময় পাৰ হৈ গ’ল আৰু মানুহে এই ঘটনাটো পাহৰি গ’ল কাৰণ সেই সময়ত এইটো গাঁৱৰ মানুহৰ বাবে অতি সাধাৰণ কথা আছিল। প্ৰায়ে বাঘ, কুকুৰ, শিয়াল আদিৰ দৰে কোনোবা জন্তু হাবিৰ পৰা আহি যিকোনো ব্যক্তিক কামুৰিছিল আৰু তাৰ পিছত কেইমাহমানৰ ভিতৰতে সেই ব্যক্তিজন জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। এই ল’ৰা-ছোৱালীবোৰৰ মৃত্যুত লুইচ বৰ দুখী হৈছিল কাৰণ প্ৰায়ে সেই ল’ৰা-ছোৱালীবোৰৰ যান্ত্ৰনাত ছটফটাই থকা মুখবোৰ তেওঁৰ সন্মুখত ভাহি উঠিছিল। সৰু হৈ থকাৰ পিছতো তেওঁ এনে মানুহক সহায় কৰিব বিচাৰিছিল। কিন্তু তেওঁ একো কৰিব পৰা নাছিল কাৰণ সেই সময়ত ৰেবিজ সাধাৰণ ৰোগ নাছিল। সেই সময়ত ইয়াৰ চিকিৎসা ক’তো পোৱা নাছিল।
তেওঁ প্ৰায়ে দেউতাকক সুধিছিল যে সেই ল’ৰা-ছোৱালীবোৰক কিয় ৰক্ষা কৰিব পৰা নগ’ল? ইমানবোৰ ডাক্তৰেও কিয় সিহঁতক বচাব নোৱাৰিলে? তাৰ পাছত এদিন দেউতাকে ক’লে যে- ইয়াত কোনো ভাল ডাক্তৰ নাই। ইয়াত কোনেও নাজানে এই ৰোগ কেনেকৈ ঠিক কৰিব লাগে। তাৰ পাছত অলপ চিন্তা কৰি দেউতাকে ক’লে- তুমি এই ৰোগৰ ঔষধ কিয় বনাব নোৱাৰা, তেওঁ ক’লে যে তুমি ভলদৰে পঢ়া-শুনা কৰি এই ৰোগৰ ঔষধ বিচাৰি উলিয়াব পাৰা আৰু লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰিব পাৰা। এই কথাখিনিয়ে লুইচৰ মনত সোমাই গ’ল। তেওঁ ভাবিলে যে যদি অধ্যয়নৰ জৰিয়তে এই ৰোগৰ ঔষধ বিচাৰি পোৱা যায়, তেন্তে তেওঁ দিনে নিশাই অধ্যয়ন কৰি এই ৰোগৰ ঔষধ বিচাৰি উলিয়াব। আৰু তাৰ পিছত তেওঁ একাগ্ৰতাৰে পঢ়া-শুনা কৰিবলৈ ধৰিলে।
এইখিনি দেখি দেউতাকে বৰ সুখী হৈ পৰিল আৰু তাৰ কিছুদিনৰ পাছত তেওঁ অধিক শিক্ষা লাভ কৰিবলৈ পেৰিছলৈ গ’ল আৰু তাতেই এখন কলেজত পঢ়িবলৈ আৰম্ভ কৰিলে। তেওঁৰ আগ্ৰহ বিশেষভাৱে ৰসায়ন বিজ্ঞানৰ প্ৰতি আছিল কাৰণ তেওঁ ৰসায়ন বিজ্ঞানৰ পণ্ডিত ড° জিন ডুমাছৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল। কলেজীয়া পঢ়া-শুনা সমাপ্ত কৰি লক্ষ্যত উপনীত হ’বলৈ তেওঁ ৰসায়ন বিজ্ঞানৰ লেবত কাম কৰিবলৈ আৰম্ভ কৰে। কিছুদিন পিছত তেওঁক তাত থকা বিজ্ঞান বিভাগৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয় আৰু পদ গ্ৰহণ কৰাৰ পিছত তেওঁ বিভিন্ন ধৰণৰ গৱেষণা কৰিবলৈ আৰম্ভ কৰে।
এই সময়ছোৱাত তেওঁৰ চিনাকি কোনোবাই তেওঁক ক’লে যে তেওঁৰ সুৰাৰ ব্যৱসায় আছে যদিও তেওঁৰ সুৰা প্ৰায়ে টেঙা হৈ পৰে যাৰ বাবে তেওঁৰ বৃহৎ লোকচান হয়। ঠিক তেতিয়াই লুইছে ৱাইনৰ ওপৰত মনোযোগ দিবলৈ ধৰিলে আৰু তেওঁ নিজৰ লেবত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৱাইন পৰীক্ষা কৰিবলৈ ধৰিলে। ইয়াৰ বাবে তেওঁ নিজৰ মাইক্ৰস্কোপৰ সহায়ত বহু গৱেষণা আৰু পৰীক্ষাও কৰিছিল। পৰীক্ষা কৰাৰ সময়ত তেওঁ দেখিলে যে ৱাইনৰ ভিতৰত বহুতো অণুজীৱ থাকে যিবোৰে ৱাইনক টেঙা কৰি দিয়ে। লুইছে আৱিষ্কাৰ কৰিলে যে ৱাইনখিনি ৬০ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ ২০-৩০ মিনিট গৰম কৰিলে ইয়াত থকা বেক্টেৰিয়াবোৰ ধ্বংস হৈ যায়। ইয়াৰ লগতে ৱাইনৰ টেষ্টতো কোনো পাৰ্থক্য দেখা নাযায়।
পিছলৈ তেওঁ গাখীৰক মিঠা আৰু বিশুদ্ধ কৰিবলৈ যি তত্ত্ব ব্যৱহাৰ কৰিছিল পিছলৈ সেই তত্ত্বক লুইছৰ নামেৰে Pasteurization milk বুলি কোৱা হ’ল। এইবোৰ পৰীক্ষাৰ সময়ত লুইছৰ মনলৈ এই চিন্তা আহিল যে যদি এই সৰু সৰু বেক্টেৰিয়াবোৰ খাদ্য সামগ্ৰীত পোৱা যায়, তেন্তে এইবোৰ জীৱিত জীৱ-জন্তু আৰু মানুহৰ তেজতো থাকিব পাৰে, যিয়ে হয়তো আমাক অসুস্থ কৰি তোলে আৰু সম্ভৱ যে ৰেবিজো এই সূক্ষ্ম জীৱবোৰৰ কাৰণেই হব পাৰে।
ভবা মাত্ৰেই কাম। তেওঁ ইফালে সিফালে ৰেবিজ ৰোগত আক্ৰান্ত হোৱা জীৱ-জন্তু বোৰ বিচাৰিবলৈ ধৰিলে। তাৰ পিছত তেওঁ ৰেবিজ ৰোগত আক্ৰান্ত যি কুকুৰ, বাঘ আদি পালে সেইবোৰৰ ওপৰত বিভিন্ন ধৰণৰ অধ্যয়ন কৰিবলৈ ধৰিলে। তাৰ পিছত কেইদিনমান কষ্টৰ অন্তত তেওঁ ৰেবিজ ভাইৰাছ চিনাক্ত কৰিলে। তেওঁ আৱিষ্কাৰ কৰিলে যে এই ভাইৰাছ পাগল জন্তুবোৰৰ শৰীৰৰ লগতে ইহঁতৰ লালটিতো থাকে আৰু ইহঁতে কোনো মানুহ বা জন্তুক কামুৰিলে এই ভাইৰাছ ইহঁতৰ লালটিৰ জৰিয়তে আনলৈ বিয়পি পৰে আৰু সিওঁ জলাতংক ৰোগৰ বলি হয়।
Louis Pasteur এ এই ৰোগটো বুজি পাইছিল যদিও তেওঁ বুজিব পৰা নাছিল যে মানুহৰ শৰীৰত উপস্থিত থকা ৰোগ প্ৰতিৰোধ ক্ষমতাই (immune system) কিয় এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পৰা নাই আৰু তেওঁ ইয়াৰ চিকিৎসা কেনেকৈ বিচাৰি উলিয়াব? তাৰ পাছত সেই সময়ত পোহৰলৈ আহিল যে ফ্ৰান্সৰ কুকুৰাবোৰৰ মাজত কলেৰা নামৰ ৰোগ এটা বিয়পি পৰিছে, যাৰ বাবে বহু কুকুৰা এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছিল। যাৰ বাবে কুকুৰা পালন কৰা লোকসকলে Louis Pasteur ক তেওঁলোকক সহায় কৰিবলৈ আৰু কুকুৰাবোৰক বচাবলৈ ঔষধ তৈয়াৰ কৰিবলৈ অনুৰোধ কৰিলে।
তাৰ পিছত Louis Pasteur এ কুকুৰাৰ জাকত কলেৰা ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াটো আৱিষ্কাৰ কৰিলে। তেওঁ দেখিলে যে কিছুমান বেক্টেৰিয়া বা ভাইৰাছ আছে যিয়ে যিকোনো জীৱৰ প্ৰতিৰোধ ক্ষমতাক Bypass কৰিব পাৰে। অৰ্থাৎ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পাৰে আনকি ধ্বংসও কৰিব পাৰে, কিন্তু এই ভাইৰাছে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা লুকাই নিজৰ কাম কৰে।
গতিকে এতিয়া Louis Pasteur এ ইমান বুদ্ধিমান হৈ পৰা ভাইৰাছটোক ইমিউন চিষ্টেমৰ দ্বাৰা কেনেকৈ চিনাক্ত কৰিব পাৰি, সেইটো বিচাৰি উলিয়াব লগা হ’ল, কাৰণ এবাৰ আমাৰ শৰীৰৰ ইমিউন চিষ্টেমে সেই ভাইৰাছটো চিনি পালে, তেতিয়া নিশ্চিতভাৱে ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পাৰিব।
অৱশেষত লুই পেষ্টুৰে সফলতা লাভ কৰিলে। তেওঁ কুকুৰাৰ তেজৰ পৰা ৰোগ সৃষ্টিকাৰী ভাইৰাছ উলিয়াই সেই ভাইৰাছবোৰ বিশেষ ধৰণৰ দ্ৰব্যত মিহলি কৰিলে। এই দ্ৰব্যৰ প্ৰভাৱৰ বাবে ভাইৰাছটো নিষ্ক্ৰিয় হৈ পৰিল, তাৰ পিছত তেওঁ এই দ্ৰব্য যিবোৰ কুকুৰা ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা নাছিল সেই কুকুৰাবোৰত বেজীৰ দ্বাৰা দিবলৈ আৰম্ভ কৰিলে। তেওঁ দেখিলে যে বেজী দিয়া কুকুৰাবোৰৰ পিছত কোনো ৰোগ হোৱা নাছিল, আনহাতে বেজী নিদিয়া বাকী কুকুৰাবোৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।
আচলতে দ্ৰব্যৰ দ্বাৰা নিষ্ক্ৰিয় কৰা ভাইৰাছবোৰ যেতিয়া কুকুৰাৰ শৰীৰত প্ৰৱেশ কৰিলে, তেতিয়া ভাইৰাছবোৰ নিষ্ক্ৰিয় হোৱাৰ বাবে কুকুৰাৰ কোনো ক্ষতি কৰিব নোৱাৰিলে, আৰু সক্ৰিয় ভাইৰাছৰ দৰে নিজকে লুকুৱাবও নাজানিলে। যাৰ বাবে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ৰোগ চিনাক্তকৰণ আৰু ধ্বংস কৰাৰ শক্তি গঢ়ি তুলিলে আৰু একে শক্তিয়ে নিষ্ক্ৰিয় আৰু সক্ৰিয় ভাইৰাছ উভয়কে ধ্বংস কৰিলে। যাৰ ফলত কুকুৰাৰ শৰীৰত কলেৰাৰ দৰে ৰোগৰ ভাইৰাছ অকাৰ্যকৰী হৈ পৰিল।
ৰেবিজ ৰোগৰ ভেকচিন (Rabies vaccine) আৱিষ্কাৰ
এই আৱিষ্কাৰত উৎসাহিত হৈ যেতিয়া Louis Pasteur এ নিজৰ পৰীক্ষা-নিৰীক্ষা সমূহ আগবঢ়াই নিলে, তেতিয়া তেওঁ জলাতংক ৰোগৰ চিকিৎসা বিচাৰি উলিয়াবলৈ সক্ষম হয়। তেওঁ ৰেবিজ ভাইৰাছটো নিষ্ক্ৰিয় কৰি এটা সুস্থ কুকুৰত বেজীৰ দ্বাৰা সুমুৱাই দি পৰ্যবেক্ষণ কৰিলে যে ইয়াৰ শৰীৰত উপস্থিত ৰোগ প্ৰতিৰোধ ক্ষমতাই ভাইৰাছটোক চিনাক্ত কৰি নিষ্ক্ৰিয় কৰাৰ শক্তি বিকশিত কৰিলে। যেতিয়া কুকুৰটোৰ শৰীৰত সক্ৰিয় ৰেবিজ ভাইৰাছ Inject কৰা হৈছিল তেতিয়া কুকুৰটোৱে ৰেবিজ ৰোগত আক্ৰান্ত হোৱা নাছিল আৰু সম্পূৰ্ণ সুস্থ হৈ আছিল, কাৰণ কুকুৰটোৰ শৰীৰে ৰেবিজ ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ নিজকে বিকশিত কৰি লৈছিল।
এই পৰীক্ষা জীৱ-জন্তুৰ ওপৰত সফল হৈছিল যদিও এই পৰীক্ষাই মানুহৰ শৰীৰত ইতিবাচক প্ৰভাৱ দেখুৱাব বুলি কোনো নিশ্চয়তা নাছিল। লুইছে এই বিষয়ত গৱেষণা কৰি থকাৰ সময়তে এগৰাকী মহিলাই নিজৰ সন্তানৰ সৈতে কান্দি কান্দি তেওঁৰ ওচৰলৈ আহিল। মহিলাগৰাকীয়ে ক’লে যে মাত্ৰ দুদিন আগতে তেওঁৰ সন্তানক এটা পাগল কুকুৰে কামুৰিছিল আৰু এতিয়া তেওঁৰ অৱস্থা লাহে লাহে বেয়া হৈ আহিছে। লুইছে যেতিয়া শিশুটিক পৰীক্ষা কৰিলে, তেতিয়া তেওঁ দেখিলে যে শিশুটিক কুকুৰটোৱে সম্পূৰ্ণৰূপে কামুৰিছে। Louis Pasteur এ কেনেবাকৈ শিশুটিক কামোৰা কুকুৰটোক ধৰি আনি পৰীক্ষা কৰি দেখিলে যে কুকুৰটো জলাতংক ৰোগৰ বলি হৈছে। কেৱল এয়াই নহয়, এতিয়া সেই শিশুটিও জলাতংক ৰোগৰ বলি হ’ব।
যদিও Louis Pasteur এ কুকুৰৰ ওপৰত ৰেবিজৰ চিকিৎসা সফলতাৰে কৰিছিল, তথাপি মানুহৰ ওপৰত এই চিকিৎসা Try কৰাটো বিপদজনক হ’ব পাৰিলেহেঁতেন। কাৰণ শৰীৰত ৰেবিজৰ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিবলৈ ৰেবিজ ভাইৰাছ শিশুৰ শৰীৰত Inject কৰিবলগীয়া হৈছিল। ভাইৰাছটো নিষ্ক্ৰিয় হ’লেও মানুহৰ শৰীৰত ইয়াৰ কি প্ৰভাৱ পৰিব, তাৰ কোনো ধাৰণা নাছিল।
কিন্তু ভাইৰাছৰ ভেকচিন চেষ্টা নকৰিলেও শিশুটিৰ মৃত্যু নিশ্চিত আছিল, সেয়েহে Louis Pasteur এ ভেকচিনটো Try কৰাৰ সিদ্ধান্ত লয়। তেওঁ প্ৰথমে শিশুটিৰ শৰীৰত সামান্য পৰিমাণৰ নিষ্ক্ৰিয় জলাতংক ভাইৰাছৰ বেজী দিলে। তাৰ পিছত প্ৰতিদিনে ড’জ বঢ়াই থাকিল। এই কাম কৰি থাকোঁতে তেওঁ সেই শিশুটিক একেৰাহে ২১ দিন বেজী দিলে আৰু অৱশেষত তেওঁ সমগ্ৰ মানৱতাক ৰক্ষা কৰা এক বৃহৎ আচৰিত সফলতা লাভ কৰিলে। এই ভেকচিনৰ বাবেই সেই শিশুটি ৰেবিজ ৰোগ হোৱাৰ পৰা ৰক্ষা পৰিল।
Louis Pasteur ৰ এই আৱিষ্কাৰে চিকিৎসা জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনি মানৱজাতিক এক বৃহৎ সংকটৰ পৰা ৰক্ষা কৰিলে। আপুনি কল্পনাও কৰিব নোৱাৰে যে লুইছে উদ্ভাৱন কৰা ৰেবিজ ভেকচিনে আজিলৈকে কিমান কোটি মানুহৰ জীৱন ৰক্ষা কৰিছে। যদিও জলাতংক ৰোগ হোৱাৰ পিছত কোনো চিকিৎসা সম্ভৱ নহয় তথপি যদি ৰেবিজ ৰোগৰ প্ৰতিষেধক (Rabies vaccine) এটা পাগল জন্তুৱে কামোৰাৰ লগে লগে বা তিনিদিনৰ ভিতৰত দিয়া হয়, তেন্তে প্ৰায় ১০০ শতাংশ লোকেই ৰেবিজ ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পৰিব। এই মহান সাফল্যৰ পিছত লুইছক ফ্ৰান্স চৰকাৰে সন্মানিত কৰে আৰু তেওঁৰ নামত Pasteur Institute স্থাপন কৰে।
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)