ৱীলহেল্ম কনৰাড ৰৱেণ্টজেন

ঊনৈশ শতিকাৰ মাজভাগ মানৰ পৰা য়ুৰােপৰ পৰীক্ষাগাৰবিলাকত এটা বিষয়ৰ গভীৰ গৱেষণা চলিছিল। বিষয়টোৰ নাম আছিল ‘গেছৰ মাজেদি বিদ্যুৎ পৰিবহণ’। এই গৱেষণাই পদার্থবিজ্ঞানৰ কেইবাটাও দিশ মুকলি কৰিলে। ক’বলৈ গ’লে, আধুনিক পৰমাণু বিজ্ঞানৰ সূচনা হ’ল এই গৱেষণাবিলাকৰ পৰাই। এই গৱেষণাৰ উঁহ বিচাৰিবলৈ হ’লে আমি ডেভি-ফেৰাডেৰ দিনলৈ পিছুৱাই যাব লাগিব। জুলীয়া পদাৰ্থৰ মাজেদি বিদ্যুৎ পঠিওৱাৰ উপৰিও ফেৰাডেই গেছৰ মাজেদিও বিদ্যুৎ পঠিয়াই চাইছিল। তেওঁ দেখিছিল যে এটা নলীৰ ভিতৰত গেছ ভৰাই তাৰ মাজেদি বিদ্যুৎ পঠিয়াই দিলে নলীটোৰ ভিতৰত এবিধ চিকমিকনিৰ উদ্ভৱ হয়। ফেৰাডেৰ সন্মানার্থে এনে ধৰণে নলীৰ পৰা ওলােৱা পােহৰৰ এটা অংশৰ নাম আজিও ‘ফেৰাডেৰ অন্ধকাৰ স্থান’ (Faraday’s dark space) নামে জনাজাত। কিন্তু এই বিষয়ে বিতংকৈ গৱেষণা কৰাৰ সুবিধা ফেৰাডেৰ নাছিল। ফেৰাডেৰ মৃত্যুৰ পিছত উইলিয়াম ক্রুক্স, ফিলিপ লেনার্ড, ৱীলহেল্ম হিটৰ্ফ, হাইনৰিখ জেইচলাৰ আদি ইংলেণ্ড আৰু জার্মানীৰ কেইবাজনাে লােকে পুনৰ এই কাম হাতত ল’লে। এই আচহুৱা প্ৰকৃতিৰ পােহৰটো ভালদৰে পর্যবেক্ষণ কৰিবৰ সুবিধাৰ বাবে তেওঁলােকে কেইবাটাও উন্নত ধৰণৰ নলী তৈয়াৰ কৰি উলিয়ালে। এই নলীবিলাকক ‘মােক্ষণ নলী’ (discharge tube) বুলি কোৱা হয়। এই উন্নত মােক্ষণ নলীবিলাকৰ সহায়ত গেছৰ মাজেদি বিদ্যুৎ পৰিবহনৰ গৱেষণা আগতকৈ বহুতাে সুবিধাজনক হৈ পৰিল, আৰু ফলস্বৰূপে ইয়াৰ কেইবাটাও নতুন তথ্যৰ উদ্ভৱ হ’ল। ১৮৫৯ চনত প্লুৱেকাৰ নামে এজন লােকে দেখিলে যে এটা মােক্ষণ নলীত খুব কম চাপযুক্ত গেছ ভৰাই তাৰ মাজেদি বিদ্যুৎ পঠিয়াই দিলে ‘কেথ’ড বা ঋণাত্মক ফলিখনৰ পৰা এবিধ ৰশ্মি ‘এন’ড বা ধনাত্মক ফলিখনৰ ফালে ওলাই যায়। কেথ’ডৰ পৰা ওলােৱা বাবে এইবিধ ৰশ্মিৰ নাম থােৱা হ’ল ‘কেথ’ড ৰশ্মি’। ইউৰােপৰ কেইবাখনাে দেশৰ বহুতাে বিজ্ঞানীৰ আশাশুধীয়া চেষ্টাৰ ফলত কেথ’ড ৰশ্মিৰ ধর্মবিলাক এটাৰ পিছত এটাকৈ আৱিষ্কাৰ হৈ যাবলৈ ধৰিলে।

আন বহুতাে বিজ্ঞানীৰ দৰে জার্মানীৰ উৰ্জবার্গ বিশ্ববিদ্যালয়তাে পদার্থবিজ্ঞানৰ আঢ়ৈ কুৰি বছৰীয়া এজন অধ্যাপকে কেথ’ড ৰশ্মিৰ বিষয়ে গৱেষণা কৰি আছিল। বিজ্ঞান সমাজত তেওঁ খুব নামী লােক নাছিল; জার্মানীৰ বাহিৰত তেওঁৰ নাম শুনা নগৈছিলেই বুলিব লাগে। কিন্তু উৰ্জবার্গ বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰৰ এন্ধাৰ চুকত বহি এই গৱেষণাত লাগি থাকোঁতে ১৮৯৫ চনত তেওঁ হঠাতে এনে এটা আৱিষ্কাৰৰ অধিকাৰী হ’ল যে পৃথিৱীৰ প্ৰতিখন বাতৰি কাকতে বহুদিনলৈকে প্রথম পৃষ্ঠাতে তেওঁৰ নাম আৰু কার্যাৱলী শ্রদ্ধা আৰু বিস্ময়েৰে প্ৰকাশ কৰি থাকিবলৈ ধৰিলে। ক’ব লাগিলে, একে ৰাতিৰ ভিতৰতে তেওঁ বিখ্যাত হৈ পৰিল। এই বিজ্ঞানী গৰাকীৰ নাম হ’ল ৱীলহেল্ম কনৰাড ৰ’ৱেণ্টজেন আৰু তেওঁ কৰা আৱিষ্কাৰটো হ’ল বিখ্যাত ‘এক্স ৰে’ বা ‘ৰৱেন্টজেন ৰশ্মি, অথবা ‘ৰন্টজেন ৰশ্মি’।

ৰন্টজেন ৰশ্মিৰ অৱিষ্কাৰৰ ইতিহাস অতি চমকপ্রদ। কেথ’ড ৰশ্মিৰ নতুন কিবা ধর্ম উলিওৱাৰ আশাত ৰৱেন্টজেনে উইলিয়াম ক্রুক্স আৱিষ্কৃত এটা মােক্ষণ নলী লৈ গৱেষণা কৰি আছিল৷ নিজৰ পৰীক্ষাত মগ্ন হৈ থাকোঁতে তেওঁ এদিন দেখিলে যে নলীটোৰ প্ৰায় চাৰিফুট মান আঁতৰত এটা সেউজীয়া ধৰণৰ পােহৰে চিকমিকাবলৈ ধৰিছে। নলীটোৰ বাহিৰত এনে পােহৰ ওলােৱাৰ কোনাে কাৰণ নাছিল। গতিকে স্বাভাৱিকতে তেওঁ এই ঘটনাত খুব আচৰিত হ’ল আৰু এই পােহৰৰ উৎস বিচাৰিবলৈ ধৰিলে। অৱশেষত তেওঁ দেখা পাল যে বেৰিয়াম প্লেটিন’ চায়েনাইড নামৰ এটা পদাৰ্থৰে লেও দিয়া এখন সৰু ঢাকনিৰ পৰা এই পােহৰটো ওলাইছে। পূর্বে কেইবাবাৰাে ব্যৱহাৰ কৰা এই ঢাকনিখন তেওঁ নিয়মমতে কেইবাদিনাে আগেয়ে এৰুৱাই পেলাব লাগিছিল; কিন্তু এলাহতে তেওঁ এই কাম কৰা নাছিল। তেওঁ অনুমান কৰিলে যে ঢাকনিখনে হয়তাে কোনাে অদৃশ্য ৰশ্মি শােষণ কৰি তাক দৃশ্যমান পােহৰৰূপে বিকিৰণ কৰিছে। পিছলৈ এই অনুমান সত্য বুলি প্রমাণিত হ’ল।

এয়ে ৰণ্টজেন ৰশ্মিৰ আৱিষ্কাৰৰ কাহিনী। ১৮৯৬ চনৰ চাৰি জানুৱাৰীৰ দিনা তেওঁ পােনপ্ৰথমবাৰৰ বাবে ‘বার্লিন ফিজিকেল ছ’চাইটি’ৰ আগত এই ৰশ্মি আৱিষ্কাৰৰ কথা প্রকাশ কৰে। অদৃশ্য ৰশ্মিটোৰ প্রকৃতি তেওঁৰ মনত সম্পূর্ণ আচহুৱা আছিল বাবে তেওঁ ইয়াৰ নাম থৈছিল ‘এক্স ৰে’ (সাধাৰণভাৱে অসমীয়াত যাৰ অর্থ হ’ব ‘অচিন ৰশ্মি’)। ৰন্টজেন ৰশ্মি পদার্থবিজ্ঞানত দৈৱক্রমে হােৱা বিখ্যাত আৱিষ্কাৰবিলাকৰ এটা। নলীটোৰ ঢাকনিখন এলাহতে এৰুৱাবলৈ থাকি যােৱা বাবেই এই ৰশ্মিৰ আৱিৰ্ভাৱ হ’ল বুলিব পাৰি। সেইবুলি এক্স ৰে দৈৱক্রমে আৱিষ্কাৰ হােৱা বুলি ভাবি আমি ৰন্টজেনৰ প্ৰতিভাক অৱহেলা কৰা অনুচিত। পৃথিৱীৰ হেজাৰ-বিজাৰ পৰীক্ষাগাৰত এনে ধৰণৰ কিমান দুর্ঘটনা হয়তাে অনবৰতে ঘটি আছে, তাৰ লেখ-জোখ নাই; কিন্তু এই দুর্ঘটনাবিলাকৰ উঁহ বিচাৰি উলিয়াব পাৰিছে কেইজনে?

এক্স- ৰে আৱিষ্কাৰ কৰি ৰৱেন্টজেনে ইয়াৰ ধর্মবিলাক বিচাৰিবলৈ লাগি গ’ল। তেওঁৰ গৱেষণা ইমান নিখুঁত আছিল যে তেওঁৰ সােতৰ বছৰৰ পিছলৈকে কোনাে বিজ্ঞানীয়ে এই ৰশ্মিৰ নতুন একো ধর্ম আৱিষ্কাৰ কৰিব পৰা নাছিল। এই ৰশ্মিৰ আটাইতকৈ উল্লেখযােগ্য ধর্ম হ’ল পদার্থক ই ভেদ কৰিব পৰা ক্ষমতা। (ৰ’ণ্টজেন ৰশ্মিৰ এই ধর্মটোৱে সেই সময়ৰ সমাজত ভীষণ চাঞ্চল্য সৃষ্টি কৰিছিল। তিৰােতা মানুহবােৰে পুৰুষৰ আগত এই ৰশ্মিৰ নাম পর্যন্ত উল্লেখ কৰিবলৈ সঙ্কোচ কৰিছিল, কিয়নাে সমাজত এনে ধৰণৰ এটা জনৰব প্ৰচাৰ হৈছিল যে এই ৰশ্মিৰ সহায়েৰে হেনাে মানুহক, নাঙঠ কৰি চাব পাৰি!)।

কম ঘনত্বৰ পদাৰ্থৰ মাজেদি এই ৰশ্মি সহজে পাৰ হৈ যায়, কিন্তু লােহা, জন্তুৰ বা মানুহৰ হাড় আদি বেছি ঘনত্বৰ পদাৰ্থৰ মাজেদি ই পাৰ হ’ব নােৱাৰে। সেইবাবে হাড় ভঙা, ফটা আদি পৰীক্ষা কৰিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। উল্লেখযােগ্য যে ৰ’ণ্টজেন ৰশ্মিৰ আৱিষ্কাৰৰ তিনি মাহৰ ভিতৰতে চিকিৎসাবিজ্ঞানত ইয়াক ব্যৱহাৰ কৰা হৈছিল। অকল চিকিৎসা জগততেই নহয়, পদার্থ জগতৰ ৰহস্য ভেদ কৰা কামতাে ই অতি গুৰুত্বপূৰ্ণ; বিশেষকৈ স্ফটিকবিলাকৰ পাৰমাণৱিক গঠন জনাত ই আমাক বহুতাে সহায় কৰে।

আচৰিত কথা, পদার্থবিজ্ঞানৰ এজন গুৰুত্বপূর্ণ আৱিষ্কাৰক হ’লেও ডেকা বয়সলৈকে ৰৱেন্টজেনে তেওঁৰ ভৱিষ্যৎ জীৱনৰ কোনাে ঈঙ্গিত দিয়া নাছিল। তেওঁৰ জন্ম হয় ১৮৪৫ চনৰ সাতাইশ মার্চৰ দিনা জার্মানীৰ লেনেপ নামে এখন চহৰত। ব্যৱসায়ী দেউতাকৰ তেওঁ একমাত্র সন্তান আছিল।

ৰৱেন্টজেনৰ তিনি বছৰ বয়সত তেওঁলােকৰ পৰিয়ালটো হলেণ্ডলৈ উঠি যায় আৰু উট্রেখ্ট নামে এখন ঠাইত বাস কৰিবলৈ লয়। পুতেকক ইঞ্জিনিয়াৰ কৰাৰ উদ্দেশ্যে দেউতাকে তেওঁক উট্রেখ্টৰে এখন কাৰিকৰী স্কুলত নাম লগাই দিয়ে। কিন্তু ইয়াত কিছুদিন পঢ়াৰ পিছত হঠাতে তেওঁ এদিন পঢ়া-শুনা সাং কৰিবলগীয়া হ’ল। এজন শিক্ষকক উপলুঙা কৰাৰ অপৰাধত স্কুল কর্তৃপক্ষই হাজিৰা বহীৰ পৰা তেওঁৰ নাম কাটি পেলায়। গতিকে প্রাইভেটকৈ পৰীক্ষা দিবলৈ মনস্থ কৰি তেওঁ এজন ঘৰুৱা শিক্ষকৰ অধীনত ঘৰতে পঢ়াশুনা আৰম্ভ কৰিলে। কিন্তু দুর্ভাগ্যবশতঃ তেওঁৰ পৰীক্ষাৰ বহী চাবলৈ পালে তেওঁক স্কুলৰপৰা বৰ্খাস্ত কৰিবলৈ জোৰ দিয়া শিক্ষকসকলৰ এজনেই। শুনা যায় যে তেওঁ নিয়মিতভাৱে পাছ কৰা সত্ত্বেও পৰীক্ষকজনে ইচ্ছা কৰিয়েই তেওঁক পৰীক্ষাত উত্তীর্ণ হ’বলৈ নিদিলে।

এনেবিলাক কথাত বিৰক্ত হৈ ৰৱেন্টজেনে স্বদেশ এৰি বাহিৰলৈ যােৱাটোকে স্থিৰ কৰিল। সেই সময়ত ছুইজাৰলেণ্ডত ‘জুৰিখ স্কুল অৱ পলিটেকনিক’ নামে এটা বিখ্যাত কাৰিকৰী অনুষ্ঠান আছিল। তাত ভর্তি হ’বলৈ ইচ্ছা কৰি তেওঁ তালৈ এখন আবেদন পত্র পঠিয়াই দিলে আৰু সৌভাগ্যক্রমে তেওঁৰ আবেদন মঞ্জুৰো হ’ল। গতিকে তেওঁ উট্রেখ্ট ত্যাগ কৰি জুৰিক চহৰলৈ যায়গৈ। কিন্তু ইঞ্জিনিয়াৰিং শিক্ষাই তেওঁৰ মন অকণাে আকর্ষণ কৰিব পৰা নাছিল। পঢ়াশুনাত তেওঁৰ একেবাৰে মন-কাণ নাছিল; নাও বােৱা, বনভােজ আয়ােজন কৰা, পাহাৰ বগােৱা আদি কামবিলাকতহে তেওঁক আগৰণুৱা হােৱা দেখা গৈছিল। শিক্ষকসকলে তেওঁ পাছ কৰা আশা একেবাৰে এৰি পেলাইছিল বুলিব লাগে। এনেতে তেওঁৰ জীৱনত এটা সুবর্ণ ক্ষণ উপস্থিত হয়; আগষ্ট কুণ্ডট নামে এজন লােক পদার্থবিজ্ঞানৰ শিক্ষকৰূপে সেই স্কুলখনত সােমায়। কুণ্ডটৰ সান্নিধ্য ৰন্টজেনৰ জীৱনৰ এটা স্মৰণীয় ঘটনা। কুণ্ডটক লগ পােৱাৰ পিছৰ পৰাই তেওঁৰ জীৱনৰ গতি সলনি হৈ গ’ল। কুণ্ডট আছিল এজন পদার্থবিজ্ঞানী (শব্দবিজ্ঞানৰ পাঠ্যপুথিত আজিও তেওঁৰ নাম পােৱা যায়।) গৱেষণাগাৰৰ সহকাৰীৰূপে কুণ্ডটে তেওঁক নিয়ােগ কৰি পদার্থবিজ্ঞানৰ প্ৰতি তেওঁক অনুৰাগী কৰি তুলিলে। জীৱনত ৰৱেন্টজেনে যেন এতিয়াহে এটা উদ্দেশ্য বিচাৰি পালে। আচৰিতভাৱে কম সময়ৰ ভিতৰত তেওঁ পদার্থবিজ্ঞানৰ শেহতীয়া কথাবিলাককো আয়ত্ত কৰিলে আৰু পদার্থবিজ্ঞানৰ সাধনাতে ভৱিষ্যৎ জীৱন উছৰ্গা কৰিব বুলি মনে মনে প্রতিজ্ঞাবদ্ধ হ’ল। ইতিমধ্যে কুণ্ডটে ষ্ট্ৰাছবুর্গ নামে এখন বিশ্ববিদ্যালয়ত প্রফেছাৰৰ কাম পােৱাত তেওঁ ৰৱেন্টজেনকো লগত তালৈ লৈ যায়। ৰৱেন্টজেনে ইয়াত পদার্থবিজ্ঞানৰ কিছুমান উচ্চখাপৰ কাম সমাধা কৰিলে। গেছীয় পদাৰ্থৰ আপেক্ষিক তাপ, স্ফটিকৰ মাজেদি বিদ্যুতৰ পৰিবহণ, সমবর্তন আদিৰ ওপৰত কৰা গৱেষণাবিলাকে তেওঁক এজন ওখখাপৰ পৰীক্ষামূলক বিজ্ঞানীৰ শাৰীলৈ তুলি লৈ গ’ল।

১৮৭৫ চনত ৰৱেন্টজেনে হহেইনহেইম নামে ঠাইত অৱস্থিত জার্মানীৰ কৃষি বিশ্ববিদ্যালয়খনৰ গণিত আৰু পদার্থবিজ্ঞান বিভাগত এটা অধ্যাপকৰ কাম পায়। ইয়াত তেওঁ প্রায় তিনিবছৰ আছিল। ইতিমধ্যে তেওঁৰ বৈজ্ঞানিক মেধাত মুগ্ধ হৈ লাডৱীগ ফন হেল্মহল্টচ্ প্ৰমুখ্যে জার্মানীৰ খ্যাতনামা বিজ্ঞানী কেইজনমানে গেছিয়েন নামে ঠাইত অৱস্থিত ‘ফিজিকেল ইনষ্টিটিউট’ নামৰ অনুষ্ঠানটোৰ অধিকর্তা আৰু পদার্থবিজ্ঞান বিভাগৰ অধ্যাপক বাবে তেওঁৰ নামটো অনুমােদন কৰে। ফলত চৌত্রিশ বছৰ বয়সত ৰৱেণ্টজেন এই গুৰুত্বপূর্ণ পদটোৰ অধিকাৰী হয়। ১৮৮৫ চনত ঠিক একে কামৰ বাবে উৰ্জবার্গ বিশ্ববিদ্যালয়ে তেওঁক আমন্ত্রণ কৰাত তেওঁ গেছিয়েন এৰি উৰ্জবাৰ্গলৈ যায়গৈ। জীৱনৰ আটাইতকৈ উল্লেখযােগ্য কামটো তেওঁ সমাধা কৰিছিল উৰ্জবার্গ বিশ্ববিদ্যালয়ত থকা কালছােৱাতে। এই আৱিষ্কাৰৰ বাবে ১৮৯৬ চনত ব্রিটেইনৰ ৰয়েল ছ’চাইটিয়ে তেওঁক ‘ৰুমফ’র্ড মেডেল’ প্রদান কৰে। ১৯০১ চনত তেওঁ সুবিখ্যাত ন’বেল বঁটাৰ অধিকাৰী হয়। উল্লেখযােগ্য যে পদার্থবিজ্ঞানত ন’বেল বঁটা পােৱা ৰৱেন্টজেনেই প্রথম লােক। উর্জবার্গত থকা সময়ত ৰৱেন্টজেনে এক্স ৰে’ৰ উপৰিও প্রেষ-বিদ্যুৎ, স্থিতিস্থাপকতা, কৈশিকতা আদিৰ বিষয়েও কিছুমান গৱেষণা কৰিছিল।

সকলােবিলাক প্রকৃত সাধকৰ নিচিনাকৈ ৰৱেণ্টজেনাে অর্থ আৰু যশস্যাৰ ভিখাৰী নাছিল। ইচ্ছা কৰা হ’লে তেওঁ এক্স ৰে’ৰ আৱিষ্কাৰ পেটেন্ট কৰি কোটিপতি হ’ব পাৰিলেহেঁতেন, কিন্তু বৈজ্ঞানিক আৱিষ্কাৰক তেওঁ কেতিয়াও অর্থ সমাগমৰ বাট হিচাপে লােৱা নাছিল। যশস্যাও তেওঁ বিচৰা নাছিল। আনকি তেওঁ আৱিষ্কাৰ কৰা ৰশ্মিবিধক ‘ৰণ্টজেন ৰশ্মি’ বুলি ক’লেও তেওঁ বেয়া পাইছিল। ১৯০০ চনত তেওঁ এজন সন্মানীয় অধ্যাপক হিচাপে মিউনিখ বিশ্ববিদ্যালয়ত যােগ দিয়ে। ইয়াত কুৰি বছৰ থকাৰ পিছত ১৯২০ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ লয়। কিন্তু অৱসৰ জীৱন তেওঁ বেছি দিন ভােগ কৰিবলৈ নাপালে। ১৯২৩ চনৰ দহ ফেব্ৰুৱাৰীৰ দিনা দুৰাৰোগ্য কেন্সাৰ ৰােগত তেওঁৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top