Wednesday, April 15, 2026
0 Shares

এটা শিঙৰা মাছৰ কথা

এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধঁৰোতে শিঙৰাই মাত লগালে, ”ককাই, মই শিঙৰাৰ ৰজা, তই মোক নেখাবি; মই তোক সদায় গৰুটো ৰখি দিম।’’ মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই, পিছদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে। শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি-খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’লে’ ”হেৰ ৰাক্ষস ৰ, ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ, তেহে মোৰ গৰু চুৰি নহ’লে তোৰ ফালে আজি আধ্যা।’’ ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মট্‌মটনি দেখি হাঁহি, তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধঁৰোতেই শিঙৰাই তাৰ হাতত বিহ-কাঁইটেৰে বিন্ধি দিলে। তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভক্‌ভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি, ”তোক যিহকে লাগে তাকে মই দিম, তেও মোক তই এৰি দে ঔ।” এইবুলি কোৱাত শিঙৰাই ক’লে, ”যদি তোক এৰি দিব লাগে তেনেহ’লে মোক কি দিবি আগেয়েই দে।” ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি উলিয়াই দি ক’লে, ”এই আঙঠিটো কলপাত এখনত থৈ ভালমতে সেৱা-শুশ্ৰষা কৰিলেই আঙঠিটোৰ গুণত তো ঘৰ দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰূপেৰে ঠাহ খাব।” শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি। ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙঠিটো দি সকলো কথা ভাঙি-পাতি ক’লত গিৰিহঁতে ৰং মনেৰে, শিঙৰাই কোৱামতে আঙঠিটো কলপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ-বাৰী সকলোবোৰ সোণৰ হৈ পৰিল। আৰু সোণ-ৰূপেৰে ঘ উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল কাটি বিয়া দিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধঁৰোতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থূলন্তৰ পুৰুষ হৈ পৰিল। তেতিয়া সকলোৱে মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment