বুঢ়া বুঢ়ী আৰু শিয়াল

এহাল বুঢ়া বুঢী আছিল। এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কেইটামান শিয়ালে আহি বুঢ়াক মাত লগালে, ”ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই উত্তৰ দিলে, ”বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ।” শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক’লে, ”ককা, আপুনি কচু ৰুব জনা নাই; কচুবোৰ আগেয়ে সিজাই লওক। আৰু য’ত ৰুব গাঁত একোটা দি ঢাকি থৈ যাওক, দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে।” সিহঁতৰ কথা শুনি বুঢ়াই ক’লে, ”বাৰু মোৰ বোপাহঁত, তহঁতৰ কথামতেই মই কচু ৰুম।”

গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুধিমতেই ৰুই থলে। ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ’ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তল-মূৰকৈ বহিল।

ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুধি সাজি বুঢ়ীক ক’লে, ”বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালী-গুড় ঢালি থ। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই-বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে টাঙোন এডাল লুকাই থ’বি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি, দিলেই মই গিৰিস্‌ কৰে উঠি টাঙোনডাল লৈ সিহঁতক কোবাই মাৰিম।” বুঢ়াৰ কথামতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, ”আই কান্দিছ কিয়? কি হৈছে?” বুঢ়ীয়ে ক’লে, ”বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল সেইবাবে কান্দিছো। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একেচাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে; মাত্ৰ সিহঁতৰ ভিতৰত চাৰিটা শিয়াল কেনেবাকৈ পলাই সাৰিল।

কেইদিনমানৰ মূৰত এদিন বুঢ়ীয়ে ক’লে, ”মই ভালেমান দিন শিয়ালৰ ভয়ত ক’লৈকো ওলোৱা নাই; জী-জনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ; মনটো বেয়া লাগি আছে।” বুঢ়াই ক’লে, ”বুঢ়ী, তই গ’লে বাটাত শিয়ালবোৰে তোক অকলৈ পাই খাই পেলাব।” বুঢ়ীয়ে ক’লে, ”নোৱাৰে খাব, যাম কোনো মতে।” এইবুলি জীয়েকৰ ঘৰলৈ গ’ল। বাটত শিয়ালবোৰে বুঢ়ীক অকলৈ পাই বেঢ়ি ধৰি ক’লে, ”বুঢ়ী, তোক আজি আমি নেৰো, খাম।” বুঢ়ীয়ে উত্তৰ দিলে, ”খাব খুজিছ খাবি, কিন্তু আহি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই, মনটো কেনেবা লাগি আছে। সেইদেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছো। মই উভতি আহোঁতে তহঁতে মোক খাবি।” শিয়ালে ক’লে, ”যদি উভতি নাহ তেন্তে?’ বুঢ়ীয়ে উত্তৰ দিলে, ”বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম, মোৰ বোপাহঁত। মই সইত খাই কৈছোঁ, এই বাটেদিয়ে মই সোনকালে উভতি আহিম। আৰু তহঁতে মোক যি কৰ কৰিবি।’’ বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত, বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক’লত জীয়েকে মাকক ক’লে, ”আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে। তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ; শিয়ালে তোমাক নেদেখে।’ বুঢ়ীয়ে জীয়েকৰ বুধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ আছে, এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে, ”এইটো বৰ আচৰিত কথা, লাওৰ খোলাটো কেনেকৈ বাগৰি যাব লাগিছে। ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে।” এইবুলি সিহঁতে লথিয়াই লাওৰ খোলাটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত ”খেক্‌ খেক্‌ হোৱা-হোৱা” কৰিবলৈ ধৰি ক’লে, ”বুঢ়ী তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি। এতিয়া কি হ’ব? আমি তোক এতিয়া খামহঁক।” বুঢ়ীয়ে উত্তৰ দিলে, ”কি কৰিম, খাব খুজিছ খাবি; কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ। মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব; সেইদেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ। তাৰ পিছত তহঁতে মোক খাবি।” বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ’লত বুঢ়ীয়ে ক’লে, “মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব।” এইখিনিতে কওঁ যে বুঢ়ী লাওৰ খোলাটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল। এটাৰ নাম আছিল ৰঙা, আনটোৰ নাম ক’লা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে, ”ৰঙা ঔচ! ক’লা ঔচ!” শিয়ালবোৰে মাতিলে, ”হয় হয়।” এইদৰে বাৰচেৰেক বুঢ়ীয় ”ৰঙা ঔচ! ক’লা ঔচ!” বুলিলত ৰঙা আৰু ক’লা কুকুৰ দুটা তাত লৰি ওলালহি। কুকুৰ দুটা দেখিয়েই শিয়ালবোৰে পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল। আমাৰো কাপোৰ-কানি ক’লা হ’লত আমিও গুচি আহিলোঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top