চিলনীৰ জীয়েকৰ সাধু

এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈনীয়েকক ক’লে, ”যদি এইবাৰো তই ছোৱালীকেহে পাৱ, তেন্তে মই ঠিক কৈছো তোক নগাত বেচিম।’ গিৰীয়েকৰ কথা শুনি ঘৈনীয়েকে বৰ ভয় খালে। ল’ৰা পাবৰ ওচৰা-উচৰি হ’লত কুমাৰৰ ঘৈণীয়েকে মাকৰ ঘৰলৈ গ’ল। কিন্তু কি দুৰ্কপাল, এইবাৰো তাইৰ ছোৱালী এজনীহে উপজিল। ছোৱালী ওপজা দেখি ভয়ত কুমাৰণীৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। সেইদেখি তাইৰ গিৰীয়েকে বুজ পোৱাৰ আগেয়েই তাই তেতিয়া লৰা লৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি-ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাঁফৰ দি নৈত উটাই দিলে।

চৰুটো নৈত উটি গৈ আছে, এনেতে নৈৰ পাৰত কাপোৰ ধুই থকা ধোবা এটাই চৰুটো দেখি তাত কি আছে চাওঁ বুলি সাঁতুৰি গৈ সাঁফৰটো মেলি দেখিলে, নকৈ হোৱা কেঁচুৱা ছোৱালী এজনী তাতে ভৰাই কোনোবাই উটাই দিছে। ধোবাটোৱে ছোৱালীজনী তুলি ল’বৰ মনেৰে সাঁফৰটো গুচাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোতেই , হঠাত্‌ এজনী চিলনীয়ে থাপমাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গুচি গ’ল। এজোপা আঁহত গছৰ আগত চিলনীজনীৰ বাহ আছিল। তাই ছোৱালীজনী সেই বাহতে থ’লেগৈ। কণমান ৰূপহ ছোৱালীটি দেখি চিলনীৰ বৰ মৰম লাগিল। সেইদেখি তাই ছোৱালীজনী তুলি-তালি ডাঙৰ-দীঘল কৰিবলৈ মনতে ঠিক কৰিলে।

দিনৌ চিলনীয়ে য’ৰেপৰা যি ভাল খোৱা-বস্তু পায় থাপ্‌ মাৰি লৈ আহি ছোৱালীজনীক খুৱায়। এইদৰে চিলনীয়ে লাহে লাহে তাইক ডাঙৰ-দীঘল কৰিলে। কাৰবাৰ ঘৰত ভাল ৰিহা-মেখেলা ৰ’দত শুকাবলৈ মেলি দিয়া দেখিলে চিলনীয়ে সেইবোৰ থাপ্‌মাৰি লৈ আহি জীয়েকক পিন্ধিবলৈ দিয়ে। এদিন ৰজাৰ জীয়েক এজনীয়ে নৈৰ ঘাটতে গাৰ অলঙ্কাৰ-পাতিবোৰ সোলোকাই থৈ নৈত গা ধুবলৈ নামিছিল, এনেতে চিলনীয়ে থাপ্‌মাৰি সেই অলঙ্কাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে। এইদৰে ফণি, আৰ্চী, সেন্দুৰৰ টেমা, তেলৰ বাটি চিলনীয়ে য’তে যি পায় তাকে নি জীয়েকক দিয়ে।

ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ’ল, আৰু ৰূপত অপেশ্বৰী যেন হ’ল। এদিন চিলনীয়ে জীয়েকক ক’লে, ”আই, তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ, সেইদেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে। আজিৰপৰা মই গ’লে তোৰ ভয়-চয় লাগিলে বা থিতাতে লগা হ’লে তই মোক এইদৰে মাতিবি, মই ততালিকে উৰি আহি তোৰ আগতে পৰিম-

”আঁহতৰ পাত লৰে কি চৰে।

চিলনী আই মোৰ আগতে পৰে।”

এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আচুঁৰিছে। এনেতে এটা সদাগৰ সেইপিনেই ক’ৰবালৈ যাওঁতে ৰ’দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল। সেইডোখৰ ঠাইত জনপ্ৰাণী নাই। ক’ৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল। সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ বৰ দীঘল যেন দেখি জুখি চালে। চুলিডাল সাত হাত দীঘল। সদাগৰে ক’ৰপৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে। এনেতে গছৰ ওপৰলৈ সদাগৰৰ চকু গ’ল। তেওঁ দেখিলে এজনী দীপ্‌-লিপ্‌ ছোৱালীয়ে ডালতে বহি চুলি আঁচুৰিব লাগিছে। সদাগৰে আচৰিত মানি ছোৱালীজনীৰ ফাললৈ চাই মাত লগালে, ”তুমি কোন? দেৱতা নে মানুহ? নে অপেশ্বৰী? নে যখিনী, কোন কোৱা? তুমি এই ভৰ-দুপৰীয়া গছৰ ডালত কিয় বহি আছা?” ইয়াৰ আগেয়ে ছোৱালীজনীয়ে মানুহ কেতিয়াও দেখা নাছিল; সেইদেখি ভয় খাই কি উত্তৰ দিব একোকে থিৰ কৰিব নোৱাৰি মাকক বিনাই মাতিলে,

”আঁহতৰ পাত লৰে কি চৰে।

চিলনী আই মোৰ আগতে পৰে।”

এইদৰে মতা মাত্ৰকতে চিলনী ক’ৰবাৰ পৰা উৰি আহি জীয়েকৰ আগতে পৰিল। ” আই মোক কিয় মাতিছ?” বুলি চিলনীয়ে সুধিলত জীয়েকে গছৰ তলত থকা সেই মানুহটোলৈ মাকক আঙুলিয়াই দেখুৱালে। চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰক দেখিয়েই মনে মনে ভাবিলে, যদি এই মানুহটি ভাল হয়, তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ’ব। ইয়াকে ভাবি তললৈ আহি চলনীয়ে সদাগৰ্ক আগৰে পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি-পাতি ক’লে। সদাগৰে চিলনীক ক’লে যে, ”মোৰ অনেক ধন-বস্তু আছে, মই চহকী মানুহ। কিন্তু মোৰ এতিয়া সাতজনী ঘৈণী আছে, তুমি যদি সেইবাবে কোনো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া তেনেহ’লে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে-সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ।’ সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি-চিন্তি জীয়েকক সদাগৰলৈকে দিবলৈ মান্তি হ’ল আৰু জীয়কক ভালেমান বুজাই-বঢ়াই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে। চিলনীয়ে কান্দি-কাটি কাকূতি মিনতি কৰি সদাগৰক ক’লে, যেন ছোৱালীটিক তেওঁ দুখ নিদিয়ে। আৰু জীয়েককো ক’লে, ”আই, মোক তোৰ লগা হ’লে শিকাই দিয়াৰ দৰেই মাতিলেই মই তোৰ আগত পৰিমগৈ।”

ইয়াৰ পিছত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনি বৰ মৰম-চেনেহ কৰি ৰাখিলে। কিন্তু সদাগৰৰ আগৰ সাতজনী ঘৈণীয়েকে চিলনীৰ জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনে ৰূপহী ঘৈণীয়েককে পাইছে যেতিয়া সিহঁতক আৰু দেখিব নোৱাৰা হ’ব। ইয়াকে ভাবি সাতোজনীয়ে চিলনীৰ জীয়েকক হিংসা-খিয়াল কৰি দুখ দিবলৈ ধৰিলে।

এদিন সাতোজনীয়ে লগ লাগি চিলনীৰ জীয়েকক ক’লে, ”তই বৰ অপেশ্বৰী হৈ আহিছ, আমি ঘৰৰ বন-বাৰী কৰি ৰান্ধি-বাঢ়ি দিম, তই বহি বহি খাবি? যা আজি তই ভাত ৰান্ধগৈ।” চিলনীৰ জীয়েকে তাইৰ জীৱনত কেতিয়াও ভাত ৰন্ধা নাই; সেইদেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপাই কান্দি কান্দি বাৰীৰ পিছফালে কল’নিৰ মাজত বহি বিনাই মাকক মাতিলে-”আগলি কলপাত লৰে কি চৰে। চিলনী আই মোৰ আগতে পৰে।”

এনেদৰে মতা মাত্ৰকতে চিলনী আহি তাইৰ আগতে পৰিল। ”কি হ’ল, মোক কিয় মাতিছ?” বুলি জীয়েকক চিলনীয়ে সুধিলত জীয়েকে ক’লে, ”আই, মোক সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে, মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানো। নাৰন্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱায় ঠিক নাই।” মাকে জীয়েকৰ কথা শুনি ক’লে, ”আই তই একো ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন। এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু আন এচৰু পানীত এডাল শাক পেলাই দিবি, দি চৰু দুটাৰ তলত এডোখন কাঠখৰি দি থৈ তই আখলঘৰৰ পৰা ওলাই বাহিৰতে বহি থাকিবি; দেখিবি চৰুত অক্ষয় ভাত আৰু আঞ্জা হৈ আছে।” ইয়াকে জীয়েকক বুধি দি চিলনী উৰি গুচি গ’ল আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰেই কৰিলে। ভাত খাবৰ সময়ত সতিনীয়েকহঁতে ভাতৰ পাতৰ তলত একোটা গাঁত খানি লৈছিল, যেই চিলনীৰ জীয়েকে সিহঁতৰ পাতত ভাত দি যায়, তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি ”ভাত ঢুকাল, লৈ আহ” বুলি আকৌ ভাত খোজে। এইদৰে সতিনীয়েকহঁতে য’তবাৰ ভাত খোজে ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে। শেহত সিহঁত হাৰি লাজ পাই উঠি গ’ল

এদিন সতিনীয়েকহঁতে চিলনীৰ জীয়েকক গোহালি ঘৰ অঁতাবলৈ ক’লে। চিলনীৰ জীয়েকে গোহালি ঘৰহ ভিতৰ সোমায়েই মাকক মাতিলে- ”আগলি কলপাত লৰে কি চৰে। চিলনী আই মোৰ আগতে পৰে।”

জীয়েকে এইদৰে বিনাই মতা মাত্ৰকতে চিলনী আহি আগতে পৰি, ”কিয় মাতিছ” বুলি জীয়কক সুধিলত, জীয়েকে ক’লে,”আই, সতিনীহঁতে মোক গোহালি অঁতাবলৈ কৈচে, কেনেকৈ অঁতাম তোমাক সুধিবলৈ মাতিছোঁ।” মাকে ক’লে, ”গোহালিঘৰৰ ইফালৰ পৰা সিফাললৈ বাঢ়নীৰ কাঠী এডাল বুলাই যা, দেখিবি ঘৰটো চিকণ হৈ পৰিব।” এইবুলি কৈ মাক উতি গ’লত চিলনীৰ জীয়েকে তাকে কৰিলে আৰু সেইদিনা গোহালি ঘৰ আগতকৈ বেছি চাফ হৈ জক্‌মকীয়া হৈ পৰিল। চিনলীৰ জীয়েকৰ এনে সুন্দৰ বন-বাৰী দেখি সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে।

চ’তৰ বিহুৰ ওচৰ চাপিলত সদাগৰে আঠোজনী ঘৈণীয়েকক গাইপতি পাঁচ সেৰকৈ কপাহ দি ক’লে, ”তহঁতে মই বিহুত পিন্ধিবলৈ চোলা, চুৰিয়া কাপোৰ, গামোচা বৈ দে। আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম।” সাতোজনী ঘৈনীয়েকে গাইপতি লৰালৰিকৈ কপাহবোৰ লৈ চন্দিয়াই নেওঠি, পাঁজি বাটি, সূতা উলিয়াই কাপোৰ ববলৈ লাগি গ’ল; কিন্তু চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন-জিমনকৈ বহি থাকিল। সতিনীয়েকহঁতে ভাবিলে, এইবাৰ চিলনীৰ জীয়েক ঠেকত পৰিল। তাইতো একোকে নাজানে, কেনেকৈ গিৰীয়েকক কাপোৰ বৈ দিয়ে দেখিম। চিলনীৰ জীয়েকে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে বিনাই মাতিলত মাক আহি আগতে পৰি জীয়েকক সুধিলে, ”কি কথা, কিয় মাতিছ?” জীয়েকে কাপোৰ বোৱাৰ কথা ক’লত, চিলনীয়ে জীয়েকক ক’লে, ”আই, তই চিন্তা নকৰিবি, তই তোৰ গিৰীয়েৰক কাপোৰ দিব পাৰিবি। চাইটা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমুৱাই চুঙাকেইটাৰ মুখত সোপা দি থৈ দে, বিহুৰ দিনা যেতিয়া তোৰ গিৰীয়েৰে কাপোৰ খুজিব, তেতিয়া তই চুঙা চাৰিটা আনি গিৰীয়েৰৰ হতত দিবি।” এইবুলি চিলনী উৰি গুচি গ’লত জীয়েকে চাৰিটা চুঙা আনি চাৰি জোলা কপাহ মাকে কোৱাৰ দৰে সোপা দি থৈ দিলে। সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে আৰু চিলনীৰ জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে, ”এইবাৰ বান্ধৈ পৰিল ফান্দত। এইবাৰ চিলনীৰ জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে।”

বিহুৰ দিনা সাতোজনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ গামোচা, চোলা, চুৰিয়া উলিয়াই গিৰীয়েকৰ হাতত দিলে আৰু চিলনীৰ জীয়েকে মাথোন চুঙা চাৰিটা দিলে। সতিনীয়েকহঁতে চিলনীৰ জীয়েকে চুঙা চাইটা গিৰীয়েকৰ হাতত দিয়া দেখি, ঢেক্‌-ঢেক্‌ কৰে হাঁহিবলৈ ধৰিলে। সদাগৰেও খঙত চকু ৰঙা কৰি চিলনীৰ জীয়েকক সুধিলে, ”এইবোৰ কি দিছ? তোৰ কাপোৰ ক’তা?” তাই ক’লে, ”চুঙাকেইটা মেলি চাওক।” সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাঁফৰ মেলিলত সুন্দৰ চোলা চুৰিয়া পাটকাপোৰ আৰু গামোচা ওলাই পৰিল। আৰু সেইবোৰ ইমান বঢ়িয়া আৰু মিহি যে সেইবোৰৰ আগত সতিনীয়েকহঁতৰ শোটা-কানি বুলিলেই হয়। সদাগৰে সেইদেখি খঙত সাতোজনীয়ে দিয়া কাপোৰবোৰ ডোখৰ ডোখৰ কৰি কাটি দলিয়াই পেলাই দি চিলনীৰ জীয়েকে দিয়াবোৰ পিন্ধিলে।

লাহে লাহে সতিনীয়েকহঁতে গম পালে যে এজনী চিলনী আহি তাইক এনেদৰে বুধি দি যায়। ইয়াকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুলি বুধি আলচিলে। তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰত এজনী চোপা দি লুকাই থাকি শিকি লৈ এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলত, চিলনীজনী আহি তাইৰ আগত পৰিল। তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ বাঢ়নীৰে কোন মাৰি, মাৰি পেলাই গোবৰৰ তলত পুতি থ’লে। চিলনীৰ জীয়েকে এই কথাৰ শুংসূত্ৰকে নাপালে। ইয়াৰ পিছত চিলনীৰ জীয়েকে মাকক বিনাই বিনাই ক’তবাৰ মাতিলে, কিন্তু মাক আৰু ক’ৰপৰা আহিব! সতিনীয়েকহঁতে কিবা বুধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।

ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল। যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই ক’লে, সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে। এদিন মুদৈ এটাই ফণি, আৰ্চী, সেন্দুৰ, খুৰীবাটি, গোন্ধতেল আদি বেচিবলৈ বুলি সদগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি। সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতে চকুৰ কুটা দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি মুদৈটোৰপৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাকি এজনী ৰূপহী ছোৱালী দিম বুলি ক’লে। এই ছোৱালীজনীৰ ৰূপ-গুণ মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মৰি ছোৱালী-জনীকে লৈ যাবলৈ সি মান্তি হ’ল। চিলনীৰ জীয়েকক সতিনীয়েকহঁতে ক’লে, ”আমাৰ ঘাটত এটা মুদৈয়ে এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি। আমি চাই-মেলি তাৰ পৰা কিছুমান বস্তু কিনি আনোগৈ আহ।” চিলনীৰ জীয়েকে ক’লে, ”বাইহঁত, কোম একো নালাগে। তোমালোকেই যোৱা, মই নাযাওঁ। মোক তেখেতে ক’লৈকো যাবলৈ হাক দি গৈছে।” সিহঁতে তাই নানাৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত শেহত তাই থেৰোগেৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ। সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত, মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচ থোৱামতে খপ্‌ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ’ল। মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ। তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে। নৈৰ পাৰত মুদৈটোৰ ঘৰ। চিলনীৰ জীয়েকে ৰ’দত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল,

“কুমাৰণী আয়ে মোক উটুৱাই দিলে,

চিলনী আয়ে মোক দাঙি ধৰিলে।

সাউদৰ কোঁৱৰে মোক বিয়া কৰালে।

সাত সতিনীয়ে মোক ডোমত বেচিলে,

ডোমে মোক শুকান মাছ ৰখীয়া কৰিলে!”

চিলনীৰ জীয়েকে এইদৰে বিনাই শুকান মাছ ৰখি থাকোঁতে সেইপিনে সদাগৰ নাৱেৰে উজাই ঘৰলৈ আহিছিল। দূৰৰপৰা এই বিননি শুনি সদাগৰে সেইখিনিতে নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ, তাইৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলত, সকলো কথা ভাঙি তাই সদাগৰক ক’লে। তেতিয়া সদাগৰে তাইৰ আগত নিজৰ চিনাকি দি তাইক নাৱত তুলি গা-পা ধুৱাই ন ৰিহা-মেখেলা পিন্ধাই লৈ গুচি আহিল। নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সুমুৱাই থৈ তাই উশাৰ ল’বলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল। সদাগৰে ঘৰ পাই তেওঁ আনবোৰ বয়-বস্তুৰে সৈতে পেৰাটোও তেওঁৰ শোৱনি-ঘৰত সুমাই থ’লে। সাতোজনী ঘৈণীয়েকক আগত দেখি সদাগৰে সুধিলে, ”তহঁত এটাইকেউজনীক দেখিবলৈ পাইছোঁ, কিন্তু চলনীৰ জীয়েকেক নাই পোৱা কিয়?” সিহঁতে উত্তৰ দিলে, ”তাই আজি ভালেমানদিন হ’ল, মাকৰ ঘৰলৈ গ’ল, উভতি অহাই নাই।” এই কথা শুনি সদাগৰে সিহঁতক ক’লে, ”মোৰ মনে ধৰিছে তহঁতে তাইক কিবা এটা কৰিলি। বাৰু তহঁতে সঁচা কথা কৈছ নে মিছা কথা কৈছ মই তেহঁতক এতিয়াই পৰীক্ষা কৰিম।” এইবুলি এটা দ গাঁত খনাই তাত জেং আৰু কাঁইট পুতি এডাল এৱাঁসূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি, ঘৈণীয়েকহঁতক ক’লে, ”যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি, সিয়েই নিদোৰ্ষী বুলি জানিম।” এজনী এজনীকৈ ছজনী ঘৈণীয়েকে এৱাঁসূতাৰ ওপৰেদি গৈ সূতা ছিগি গাঁতত পৰি মৰিল, কিন্তু সপ্তম-জনী নপৰিল। সেইজনীয়ে সেই সূতাইদি সাতবাৰ অহা-যোৱা কৰিলে তথাপি সূতাডাল নিছিগিল, কাৰণ তাই সঁচাকৈয়ে চিলনীৰ জীয়েকক বেচাৰ কথা একো নাজানিছিল।

ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই ছজনী ঘৈণীয়েকক গাঁততে মাটি দি পুতি থ’লে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে। তাৰ পিছত চিলনীৰ জীয়েক আৰু সপ্তমজনী ঘৈণীয়েকৰে সৈতে সদাগৰে গৃহবাস কৰি সুখত কটাবলৈ ধৰিলে। আমাৰ কাপোৰ-কানি ক’লা হ’ল, আমি গুচি আহিলোঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top