এক মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল। তাই সেই গছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে-”অ’ গছ, অ’ গছ ফুল নুফুল কিয়?” গছে উত্তৰ দিলে-”মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খায় কিয়?” তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে-”অ’ গৰু, অ’ গৰু ফুলগছৰ আগ খাৱ কিয়?”
গৰু: “গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়?”
মালিনী : “অ’ গৰখীয়া, অ’ গৰখীয়া গৰু নাৰাখ কিয়?”
গৰখীয়া: “ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়?”
ৰান্ধনী : “খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?”
মালিনী : “অ’ খৰিকটীয়া, অ’ খৰিকটীয়া খৰি নিদিয় কিয়?”
খৰিকটীয়া: “কমাৰে যে কুঠাৰ নিদিয় মইনো দিম কিয়?”
মালিনী : “অ’ কমাৰ, অ’ কমাৰ, কুঠাৰ নিদিয় কিয়?”
কমাৰ : “এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয়?”
মালিনী : “অ’ এঙাৰীয়া, অ’ এঙাৰীয়া এঙাৰ নিদিয় কিয়?”
এঙাৰীয়া: “মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়?”
মালিনী : “অ’ মেঘ অ’মেঘ বৰষুণ দিয় কিয়?”
মেঘ: “ভেকুলীয়ে যে টোৰ্টোৰায় মইনো নিদিম কিয়?”
মালিনী : “অ’ ভেকুলী অ’ভেকুলী টোৰ্টোৰাৱ কিয়?”
ভেকুলী : “বোপা-ককাৰ ৰীতিটো মইনো এৰিম কিয়? মই কৰোঁ টোৰ্ টোৰ্, মেঘ গাজে ঘোৰ ঘোৰ, বৰষুণ আহে আহে হোৰ্ হোৰ।”