বনবাসৰ অন্তত এদিন পঞ্চপাণ্ডৱে বহুদূৰ খােজ কাঢ়ি গৈ পিয়াহত জর্জৰিত হৈ এজোপা গছৰ তলত আশ্রয় ল’লে। বৰকৈ পিয়াহ লগাত যুধিষ্ঠিৰে ভীমক অলপ পানী আনিবলৈ পঠিয়ালে। ওচৰতে পানীৰ সুব্যৱস্থা নথকাত ভীমে এজোপা গছৰ ওপৰত উঠি বহু দূৰলৈ দৃষ্টি নিক্ষেপ কৰিলে। কিছু দূৰত তেওঁ এটা সৰােবৰ দেখা পালে। ভীমে পানী বিচাৰি সৰােবৰৰ কাষ পালে। পানী দেখিয়েই এচলু পানী খাওঁ বুলি ভীমে সৰােবৰৰ ওচৰ চাপি গ’ল। হঠাৎ সৰােবৰৰ পৰা এটা বগলীৰ আবিৰ্ভাৱ হ’ল। বগলীটোৱে ভীমক জলগ্ৰহণ কৰাৰ পূর্বে কেইটামান প্রশ্নৰ উত্তৰ দিব লাগিব বুলি ক’লে। পানী স্পর্শ কৰা মাত্রেই ভীম সৰােবৰৰ পাৰত অচেতন হৈ পৰি গ’ল। বহুত সময় ভীমৰ খা-খবৰ নােপােৱাত যুধিষ্ঠিৰে অৰ্জ্জুনক পঠিয়ালে। অৰ্জুনৰ সেই একেই দশা হ’ল। ঠিক একেদৰে নকুল, সহদেৱ আদিৰো একেই দশা হ’ল। সিহঁতেও বগলীৰ হাকবচন নামানি পানীত হাত দিলে। ফলত সিহঁতেও ভীম, অর্জুন আদিৰ দৰে অচেতন হৈ সৰােবৰৰ পাৰত পৰি ৰ’ল। ভীম, অর্জুন, নকুল, সহদেৱ আদি ভায়েকহঁতৰ কোনাে খবৰ বাতৰি নােহােৱা বাবে শেষত ধৰ্মৰাজ যুধিষ্ঠিৰে ভায়েকহঁতক বিচাৰি বিচাৰি গৈ সৰােবৰৰ কাষ পালে। সৰােবৰৰ পাৰত ভায়েকহঁতৰ অচেতন অৱস্থা দেখি যুধিষ্ঠিৰ চিন্তাত পৰিল। তেওঁ ইফালে-সিফালে চাই দেখিলে যে সৰােবৰৰ মাজত এটা প্রকাণ্ড বগলী। বগলীটোৱে যুধিষ্ঠিৰক ক’লে – হে ধৰ্মৰাজ, আপােনাৰ ভাতৃসবে মােৰ হাক-বচন নামানি জলত হাত দিছিল, গতিকে চাওক সিহঁতৰ কি দশা হ’ল। যদি আপুনি পানী খাব বিচাৰে আৰু ভাতৃসবৰ জীৱন বিচাৰে তেতিয়া হ’লে মােৰ চাৰিটা প্রশ্নৰ শুদ্ধ-শুদ্ধ উত্তৰ দিব লাগিব।” বগলীৰ কথাত যুধিষ্ঠিৰ মান্তি হ’ল। প্রথম প্রশ্নত বগলীয়ে। যুধিষ্ঠিৰক সুধিলে, “সুখী কোন?” যুধিষ্ঠিৰে উত্তৰ দিলে -“যি জনে শাকে-পাতে খাই আপােন গৃহত থাকে, যিজনে ঋণত ঋণী নহয়। প্রবাসতে যিজনে কষ্ট ভােগ কৰিবলগীয়া নহয়, তেঁৱেই সুখী।”
সেইবাৰ বগলীয়ে যুধিষ্ঠিৰক দ্বিতীয়টো প্রশ্ন সুধিলে, “আচৰিত কি?”
যুধিষ্ঠিৰে উত্তৰ দিলে – “মানুহে মৃত্যুক চিৰসত্য বুলি জানিও আশা নেৰে, ইয়াতকৈ বাৰু আচৰিত কি থাকিব পাৰে।”
তেতিয়া বগলীটোৱে যুধিষ্ঠিৰক তৃতীয়টো প্রশ্ন কৰিলে, “পথ কি?”
ধৰ্মৰাজ যুধিষ্ঠিৰে উত্তৰ দিলে — “সকলাে কথাই বেলেগ বেলেগ; কিন্তু সজ্জনে যি পথত চলে সেয়াই আচল পথ।”
চতুর্থ প্রশ্নত বগলীটোৱে যুধিষ্ঠিৰক সুধিলে – “বার্তা কি?”
যুধিষ্ঠিৰে উত্তৰত ক’লে– “সংসাৰখন এখন কেৰাহি, সুর্যটো হৈছে জুই, দিন-ৰাতি হৈছে খৰি, মাহ-ঋতু হৈছে পাগ মাৰি। তাৰে লৰাই খালে প্রাণী বিলাকক। এয়ে হৈছে বার্তা”। বগলীয়ে যুধিষ্ঠিৰৰ উত্তৰত সন্তুষ্ট হ’ল আৰু ক’লে – “তুমি যিকোনাে এজন ভাতৃক জীয়াই দিবলৈ ক’ব পাৰা।” যুধিষ্ঠিৰে তেতিয়া সৰু ভায়েক সহদেৱক জীৱন দান দিবলৈ ক’লে। তেতিয়া বগলীয়ে ক’লে, “হে যুধিষ্ঠিৰ, তুমি ভীম-অর্জুন আদিক বাদ দি কিয় সৰু ভায়েক সহদেৱৰ জীৱন বিচাৰিলা?”
যুধিষ্ঠিৰে নম্রভাবে ক’লে – “আমি পাঁচজন দুগৰাকী মাতৃৰ সন্তান। সহদেৱ মােৰ মাহী আইৰ সন্তান। সহদেৱক নিবিচাৰিলে মাহী আইৰ বুকু শূন্য হ’ব। এই কথা শুনি বগলীৰূপী ধর্মই নিজৰ পৰিচয় দি ক’লে– “হে যুধিষ্ঠিৰ! মই ধর্ম। তােমাৰ জ্ঞানবুদ্ধিত মই অতিকৈ সন্তুষ্ট হলো। তােমাৰ মই ধর্ম পৰীক্ষাহে কৰিলোঁ। তােমাৰ সকলাে মংগলময় হ’ব। এতিয়া তুমি তােমাৰ ইচ্ছাৰে জল গ্ৰহণ কৰিব পাৰিবা আৰু ভাতৃহঁতৰো প্ৰাণ ৰক্ষা কৰিব পাৰিবা।” ইয়াকে কৈ ধর্ম অন্তর্ধান হ’ল। ইয়াৰ পিছত সকলোকে আগৰ অৱস্থাত লাভ কৰি যুধিষ্ঠিৰে পৰম সন্তোষ পালে। প্রতিজনে হেঁপাহ পলুৱাই সৰােবৰৰ পানীৰে তৃষ্ণা দূৰ কৰি তাৰ পৰা আঁতৰি গ’ল।