এদিনৰ কথা। আকবৰে বীৰবলক সুধিলে – “সংসাৰত আটাইতকৈ কৃতজ্ঞ আৰু কৃতঘ্ন কোন?”
বীৰবলে ক’লে – “জাহাপনা, আজি উত্তৰ নিদিও। কাইলৈ দৰবাৰত সঠিক উত্তৰ দিম।”
আকবৰে সন্মতি দিলে।
পিছদিনা বীৰবলে নিজৰ পােহনীয়া কুকুৰটো আৰু জোঁৱায়েকক লগত লৈ আহি দৰবাৰৰ দুৱাৰ মুখত থৈ নিজে দৰবাৰৰ ভিতৰলৈ গৈ আসন গ্রহণ কৰিলে। আকবৰে দৰবাৰৰ আৰম্ভনিতে আগদিনা বীৰবলক সােধা প্রশ্নৰ উত্তৰ জানিব বিচাৰিলে। তেতিয়া বীৰবলে দৰবাৰলৈ কুকুৰটো আনি ক’লে – “জাহাপনা, ই আটাইতকৈ কৃতজ্ঞ। ইয়াক মাৰি কিলাই খেদি দি আকৌ অলপ পিছতে যদি মতা হয়, তেতিয়া মাৰ-কিল পাহৰি পুনৰ ওচৰলৈ লৰি আহিব। কুকুৰে খাব পাওক বা নাপাওক সকলাে সময়তে মালিকৰ আজ্ঞা পালন কৰে। সেইবাবে কুকুৰ সকলােতকৈ কৃতজ্ঞ মহাৰাজ।”
আকবৰে সুধিলে – “আৰু কৃতঘ্ন কোন?”
বীৰবলে তেতিয়া জোঁৱায়েকক দৰবাৰত উপস্থিত কৰাই ক’লে- “জাহাপনা, এই জোঁৱাই সকলােতকৈ কৃতঘ্ন। ছােৱালীজনীক সৰুৰে পৰা তুলি তালি ডাঙৰ-দীঘল কৰি ধন সম্পত্তি লগত দি এওঁলৈ বিয়া দিলাে। মই যে কন্যাদান কৰিলাে, তাৰ শলাগ এওঁ কোনােদিন লােৱা নাই। এওঁ নিজৰ চিন্তাহে কৰে। কিবা দোষ পালেই মােৰ ছােৱালীকো মাৰে। সেয়ে সংসাৰত জোঁৱাই কৃতঘ্ন।”
আকবৰে তেতিয়া লগে লগে কটোৱালক মাতি আনি বীৰবলৰ জোৱায়েকক কাটি পেলাবলৈ হুকুম দিলে। বীৰবলে দেখিলে কথা। বেয়াৰ ফালে গ’ল। তেতিয়া ক’লে – “জাহাপনা, মই কেবল মােৰ জোঁৱাইকে কৃতঘ্ন বুলি কোৱা নাই। সংসাৰৰ সকলাে জোঁৱাই কৃতঘ্ন। জাহাপনাও এজন জোঁৱাই। মই আৰু দৰবাৰৰ বহু কেইজনেই জোঁৱাই। গতিকে এজন জোঁৱাইক কাটিলেও অন্যবােৰ জোঁৱাই থাকিবই। কৃতঘ্ন শেষ কৰিব পৰা নাযাব।”
আকবৰে নিজৰ ভুল বুজিব পাৰিলে। বীৰবলৰ যুক্তিও মানি ললে। জোঁৱায়েকক মুক্তি দিলে। বীৰবলক দিলে পুৰস্কাৰ।