আকবৰৰ দৰবাৰত দুজন গায়ক আছিল। এজনৰ নাম লাভ, আনজনৰ নাম কাপুৰ। এদিন দৰবাৰ চলি থাকোতে সামান্য কথাত বাদছাহে লাভ আৰু কাপুৰক খং কৰি সেই মুহূৰ্ততে তেওঁৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাবলৈ হুকুম দিলে। সেই হুকুম শুনি দৰবাৰ কাঁহ পৰি জীন গ’ল। বাদছাহৰ হুকুমৰ ওপৰত কোনেও কথা কোৱাৰ সাহস নকৰিলে। বীৰবলেও কোনাে প্রতিবাদ নকৰিলে।
লাভ আৰু কাপুৰ দৰবাৰৰ পৰা বিষন্ন মনেৰে ওলাই গ’ল।
দৰবাৰৰ কাম শেষ কৰি ঘৰলৈ যাওঁতে বীৰবলৰ সন্ধ্যা হ’ল। বীৰবলে ঘৰত সােমাব ধৰােতেই দুজন মানুহ আন্ধাৰত ৰৈ থকা দেখিলে। আন্ধাৰত মানুহ দুজনক চিনিব নােৱাৰি বীৰবলে কঠিন সুৰত সুধিলে – “কোন?”
মানুহ দুজনে ক’লে– “আমি লাভ আৰু কাপুৰ।”
বীৰবলে সুধিলে– “তােমালােকে এতিয়াও দেশ এৰি যােৱা নাই কিয়? জাহাপনাৰ হুকুম অমান্য কৰাৰ ইমান সাহস? ইয়াৰ শাস্তি কি হ’ব জানানে?”
লাভ আৰু কাপুৰে বীৰবলৰ ভৰিত ধৰি কান্দি কান্দি ক’লে – “আপুনি আমাক ৰক্ষা কৰক। আমি ক’লৈ যাম? আপােনাৰ বাহিৰে আমাক কোনে ৰক্ষা কৰিব?”
বীৰবলে ক’লে– “অসম্ভৱ। মই তােমালােকক ৰক্ষা কৰিবলৈ একো উপায় নাই।”
“বুদ্ধিৰ ভঁৰাল বীৰবলৰ বুদ্ধি নাই বুলি ক’লে কোনে শুনিব? আপুনি আমাক ৰক্ষা কৰিব বুলি বৰ আশাৰে আহিছাে।” দুয়াে কান্দি কান্দি কলে।
বীৰবল বিপাঙত পৰিল। লাভ আৰু কাপুৰৰ প্রতি দয়া উপজিল। আনহাতে দুজন নিৰপৰাধী লােকে শাস্তি পােৱাটোও বীৰবলে বিচৰা নাছিল। বহু সময় চিন্তা কৰি বীৰবলে ক’লে– “তােমালােকে এটা কাম কৰা। কাইলৈ ৰাতিপুৱাৰ আগতে তােমালােকে ৰাজধানীৰ পৰা কিছু দূৰৈৰ পূব দিশত থকা ডাঙৰ গছ জোপাত উঠি থাকিবা। কিন্তু সাবধান– তােমালােকক যাতে কোনেও দেখা নাপায়। প্রাতঃ ভ্ৰমণত মই আৰু বাদছাহ গৈ সেই ঠাই পালে মই তােমালােকক নামি আহিবলৈ ক’লেহে নামি আহিবা। এতিয়া দুয়াে ঘৰলৈ যােৱা।”
লাভ আৰু কাপুৰ চিন্তিত মনেৰে ঘৰলৈ গ’ল। সিহঁতে ভাবি নাপালে গছত উঠি থাকিলে কেনেকৈ ৰক্ষা পৰিব? তথাপি সিহঁতে বীৰবলক একো নুসুধিলে আৰু বীৰবলে কোৱাৰ দৰেই ৰাতিপুৱাৰ আগতে গৈ গছত উঠি থাকিল।
পিছদিনা প্রাতঃ ভ্ৰমণত বাদছাহ আৰু বীৰবল গৈ গছজোপাৰ তল পালেগৈ। বাদছাহে গছৰ ওপৰলৈ চাই দেখিলে দুজন মানুহ ভৰি ওলমাই গছৰ ডালত বহি আছে। তাকে দেখি বাদছাহে সুধিলে- “বীৰবল, গছৰ ওপৰত সেই দুজন কোন?”
বীৰবলে উত্তৰ দিলে– “জাহাপনা, সেই দুজন অন্য কোনাে নহয়- লাভ আৰু কাপুৰ।”
আকবৰে খঙেৰে ক’লে– “সিহঁত এতিয়াও মােৰ ৰাজ্যত আছে কিয়? মােৰ হুকুম অমান্য কৰিবলৈ ইমান সাহস কৰিছে?”
বীৰবলে ক’লে– “জাহাপনা, আপােনাৰ হুকুম অমান্য কৰাৰ সাহস কাৰ আছে? আপােনাৰ হুকুম মতে সিহঁত দুয়াে কালিয়েই আপােনাৰ ৰাজ্যৰ বাহিৰ হৈ যাবলৈ আহি আপােনাৰ বিশাল সম্রাজ্য অতিক্ৰম কৰিব নােৱাৰিলে। সেইবাবেই এই গছজোপাৰ ওপৰত উঠি আছে। জাহাপনাৰ হুকুম অমান্য কৰা নাই।”
বীৰবলৰ আওপকীয়া কথা বুজি নাপাই আকবৰে সুধিলে — “বীৰবল, তুমি কৈছা সিঁহতে মােৰ হুকুম অমান্য কৰা নাই। অথচ এতিয়াও মােৰ ৰাজ্যৰ ভিতৰতে আছে। তুমি কি কৈছা মই একো বুজা নাই।” | তেতিয়া বীৰবলে ক’লে – “জাহাপনা, সিহঁতে আপােনাৰ হুকমমতে ৰাজ্যৰ বাহিৰ হৈ যাব নােৱাৰিলে সঁচা– কিন্তু আপােনাৰ ৰাজ্যৰ মাটিত ভৰি দিয়া নাই। এতিয়াৰ পৰা সিহঁত গছৰ ওপৰতে থাকিব। সিহঁত নামি আহিলেই আপােনাৰ ৰাজ্যত ভৰি দিব লাগিব। সেই সাহস সিহঁতে নকৰে। ইয়াত বুজিবলৈ আৰু একো নাই।”
আকবৰে আচৰিত হৈ সুধিলে- “গছৰ ওপৰত সিহঁত কিমান দিন থাকিব? খাব কি? সিহঁত দেখােন মৰি যাব।”
বীৰবলে ক’লে– “সিহঁত মৃত্যু পর্যন্ত গছতে থাকিব। মৃত্যুক আকোৱালিও সিহঁতে আপােনাৰ আদেশ পালন কৰিব। বলক জাহাপনা, আমি আগবাঢ়ি যাওঁ।”
আকবৰ চিন্তাত পৰিল। বীৰবলক ক’লে– “সিহঁতক গছৰ পৰা নামি আহিবলৈ কোৱা বীৰবল। মােৰ ৰাজ্যত এইদৰে গছৰ ওপৰত মানুহ মৰিব নােৱাৰে। মই মােৰ হুকুম উঠাই ললোঁ।”
বীৰবলে লাভ আৰু কাপুৰক গছৰ পৰা নামি আহিবলৈ ক’লে। সিহঁত দুয়ােজনে নামি আহি বীৰবল আৰু বাদছাহক প্রণাম জনালে।
আকবৰে বীৰবলৰ বুদ্ধিৰ কথা গমকে নাপালে।