এখন গাঁৱৰ প্রতিবেশী দুটা পৰিয়ালৰ এঘৰৰ মূৰব্বীজন আছিল অতি চালাক চতুৰ। অনটো পৰিয়ালৰ মুৰব্বীজন আছিল হিচাবী লােক। আজেবাজে খৰচ নকৰে। অলপ অলপকৈ সাঁচি ৰাখে। এনেদৰে সাঁচি ৰাখােতে ৰাখােতে তাৰ জমা হ’লগৈ দুই হাজাৰ টকা। মানুহজনে টকাখিনি এটা বাকচত ভৰাই ঘৰতে থৈ দিছিল। কিছুদিনৰ পিছত গাঁৱত চোৰ ডকাইতৰ উপদ্ৰৱ বাঢ়ি যােৱাত মানুহজনৰ চিন্তা হ’ল। ইমান টকা ঘৰত ৰখাটো উচিত নহ’ব বুলি ভাবি কথাটো প্রতিবেশী চতুৰ মানুহজনক জনালে। চতুৰ মানুহজনে তেতিয়া ক’লে– “সঁচাই ভাই, ইমান টকা ঘৰত ৰখাটো উচিত নহ’ব। ক’ৰবাত লুকাই থােৱা ভাল হ’ব। নদীৰ পাৰৰ গছ-গছনিৰে ভৰা জংঘলতে দেখােন তুমি টকাখিনি মাটিত পুতি থব পাৰা। এই কামত মই তােমাক সহায় কৰি দিম। ৰাতি টকাখিনি লৈ তুমি আহিবা। দুয়াে গৈ তাতে মাটিত পুতি থৈ আহিম।”
হিচাবী মানুহজন আছিল অতি সৰল-সহজ। সি প্রতিবেশী বুদ্ধিৰ মতলব বুজি নাপাই তাৰ কথাত ৰাজী হৈ গ’ল। সেইদিনাই ৰাতি দুয়াে গৈ সেই বননিৰ মাজৰ এডাল বট গছৰ তলত এটা মাটিৰ কলহৰ ভিতৰত টকাখিনি ভৰাই কলহৰ মুখখন গছ পাতেৰে বন্ধ কৰি মাটিত পুতি থলে। এই কাম কৰাৰ সময়ত সিহঁত দুয়ােজনৰ বাহিৰে তাত আন কোনাে মানুহ নাছিল।
টকা পুতি থৈ অহাৰ পিছদিনা। চতুৰ মানুহজনে লােভ সম্বৰণ কৰিব নােৱাৰিলে। সি গােপনে গৈ মাটি খান্দি টকা উলিয়াই আগৰ দৰে আকৌ কলহটো তাতে পুতি থলে।
তাৰপিছত আৰু কেইদিনমান পাৰ হৈ যােৱাৰ পিছতহে হিচাবী মানুহজনে ভাবি পালে যে সি উচিত কাম নকৰিলে। প্রতিবেশীক দেখুৱাই টকা পুতি থােৱা কামটো ভাল নহ’ল। সেই চিন্তা মনলৈ অহাৰ লগে লগে সি গৈ প্রতিবেশী মানুহজনক নজনােৱাকৈ গােপনে গৈ মাটি খালি কলহটো উলিয়াই দেখে তাৰ ভিতৰত এটাও টকা নাই। তেতিয়া তাৰ বুজিবলৈ বাকী নাথাকিল যে প্রতিবেশী চালাক মানুহজনেই এই কাম কৰিলে।
এইদৰে নিজ দোষতে টকা হেৰুৱাৰ বেদনাত মানুহজনে কান্দিব ধৰিলে। কিন্তু কান্দিলেতাে লাভ নাই। কিবা এটা উপায় চিন্তা কৰিব লাগিব। কিন্তু সি একো উপায় বিচাৰি নাপাই অৱশেষত শৰণাপন্ন হ’ল বীৰবলৰ ওচৰত। বীৰবলক সি সকলাে বিবৰি ক’লে। বীৰবলে সকলাে শুনি তাক এটা বুদ্ধি দিলে। সেই বুদ্ধি মতেই সি আগবাঢ়িল।
পিছদিনা সি প্রতিবেশীৰ ওচৰলৈ গৈ ক’লে– “হেৰা, এজন মহাজনৰ পৰা তিনি হাজাৰ টকা পাবলগীয়া আছিল। যােৱা কালিয়ে মহাজনৰ পৰা টকা আনিলোঁ। এতিয়া ভাবিছো এইখিনি টকাও আগৰ দৰে সেই কলহটোতে থৈ আহো। তেনেহলে কলহৰ ভিতৰত টকা হ’ব পাঁচ হাজাৰ। সেইবাবেই মই তােমাৰ ওচৰলৈ আহিলোঁ। মােৰ লগত তুমি যাব লাগে।”
চতুৰ মানুহজনে অলপ সময় চিন্তা কৰি ক’লে– তুমি ঠিক কথাই কৈছা। টকাবােৰ ঘৰত ৰখা ভাল নহ’ব। কিন্তু আজি মােৰ এটা জৰুৰী কাম আছে। সেয়ে আজি যাব নােৱাৰিম। কাইলৈ দুজনে গৈ টকাখিনি থৈ আহিম বাৰু।”
হিচাবী মানুহজনে ক’লে– “ঠিক আছে তেনেহলে কাইলৈকে যাম। তুমি পাহৰি নাযাবা।”
প্রতিবেশী মানুহজনে ভাবিলে– “আজিয়ে পুনৰ সেই দুই হাজাৰ টকা কলহৰ ভিতৰত থৈ আহিব লাগিব। নহলে কাইলৈ বুৰ্বকটোৱে গৈ কলহত টকা নেদেখিলে এই তিনি হাজাৰ টকা নথব। যদি এই দুই হাজাৰ টকা দেখে তেতিয়াহে তিনি হাজাৰ টকা কলহত থব। তেতিয়া মুঠতে হ’ব পাঁচ হাজাৰ টকা। তেতিয়া সম্পূর্ণ পাঁচ হাজাৰ টকাকে মই আনিব পাৰিম।”
কথাখিনি ভাবি সি নিজে নিজেই হাঁহিলে। সিদিনাই প্রতিবেশী চতুৰ মানুহজনে চুৰি কৰি অনা সেই দুই হাজাৰ টকা কলহৰ ভিতৰত ভৰাই থৈ আহিল। হিচাবী মানুহজনে আঁৰে আঁৰে থাকি সকলাে কথা লক্ষ্য কৰি আছিল। প্রতিবেশী মানুহজনে টকা থৈ যােৱাৰ পিছতে সি টকাখিনি তাৰপৰা উলিয়াই আনন্দমনে ঘৰলৈ গুচি গ’ল।
পিছদিনা চতুৰ মানুহজনে হিচাবী মানুহজনৰ ঘৰলৈ আহি ক’লে– “ব’লা ভাই, তােমাৰ টকাখিনি পুতি থৈ আহোঁ।”
উত্তৰত মানুহজনে ক’লে– “কথা এটা হ’ল ভাই। কালি তােমাৰ ঘৰৰ পৰা আহােতে বাটতে অন্য এজন মহাজনক লগ পালোঁ। এইজন মহাজনেও মােক দুই হাজাৰ টকা দিব লগীয়া আছিল আৰু দুই এদিনতে দিম বুলি কৈছে। সেইবাবে ভাবিছাে, এই দুই হেজাৰ টকা পালে মােৰ হাতত হ’বগৈ পাঁচ হাজাৰ টকা। তেতিয়াই একেলগে থৈ আহিলে কেনে হ’ব?”
চতুৰ মানুহজনে ক’লে- “তুমি ঠিকেই ভাবিছা। সেয়াই হ’ব বাৰু। কিন্তু কথাবােৰ অন্য মানুহক জানিব নিদিবা। এইবােৰ কথা বেছি মানুহে জনাটো উচিত নহয়। কাৰােবাৰ কিবা বেয়া মতলবো থাকিব পাৰে।”
“নাই, নাই এইবােৰ কথা মই কৈ মৰিলেহে হ’ব। তােমাৰ বাহিৰে আন কোনেও নাজানে।”
চতুৰ মানুহজন ঘৰলৈ গ’ল। ঘৰত সি সদায়ে হিচাবী মানুহজন আহিব আহিব বুলি অপেক্ষা কৰি ভাগৰি পৰিল। মানুহজন কিন্তু নাহিল। চাৰি-পাঁচ দিন সেইদৰে অতিবাহিত হােৱাৰ পিছত অধৈর্য হৈ এদিন চতুৰ মানুহজন হিচাপী মানুহজনৰ ঘৰলৈ আহি সুধিলে– “কি হ’ল ভাই, টকাখিনি মহাজনে নিদিলে নেকি?”
“নাই দিয়া। পিছে দিয়াৰ আশাও নাই। আৰু মই কাৰাে পৰা টকা পাবলগীয়াও নাই। তদুপৰি মই আৰু এইদৰে কলহত টকা ভৰাই মাটিত পুতি নথও। নিজৰ ঘৰতে ৰাখিম। তুমি এতিয়া ঘৰলৈ যােৱা। তােমাক মােৰ দৰকাৰ নাই।”
বীৰবলৰ বুদ্ধিয়ে কাম দিলে। হিচাবী মানুহজনে বীৰবলৰ বুদ্ধিতে চতুৰ মানুহজনে চুৰি কৰি নিয়া দুই হাজাৰ টকা পালে।